বাট

লেখক- হেমেন নাথ

এবাৰ এজন লৰাৰ বিদ্যালয়লৈ বিদ্যালয় পৰিদৰ্শক আহিল।

বিদ্যালয় পৰিদৰ্শক মানে?’

এহ্, এচ আই আক’, তহঁতৰ বিদ্যালয়লৈ নাহে জানো?’

অঁ আহে, কিবাকিবি প্ৰশ্ন কৰে।

অঁ সেয়াই। আহিয়েই ছাত্ৰবোৰক শব্দৰ বানান ভাঙিবলৈ দিলে। সেই লৰাজনকো এটা শব্দৰ বানান ভাঙিবলৈ দিলে। পিছে বেচেৰাই নোৱাৰিলে। শ্ৰেণী শিক্ষকে মনে মনে বানানটো লৰাজনক ইঙ্গিতেৰে কৈ দিলে৷

দেউতা, অভিধানত বোলে সকলো শব্দ থাকে? ‘

এহ্, ইয়াত অভিধান কৰপৰা আহিল আক’?’

নহয়, সিদিনা চাৰে কৈ আছিল। আচ্ছা, বানানটো লৰাজনক শিক্ষকে কৈ দিলে। তাৰপিছত?’

তাৰপিছতো ছাত্ৰজনে পৰিদৰ্শকক উত্তৰ নিদিলে। পৰিদৰ্শক গলগৈ। পিছত শ্ৰেণী শিক্ষকে লৰাজনক খং কৰিলে বোলে কৈ দিয়াৰ পিছতো উত্তৰ নিদিলি!’

কিয় নকলে দেউতা, শিক্ষকৰ কথাতো শুনিব লাগে!’

নাই, তেওঁ সত্যবাদী আছিল, নকল নকৰিছিল। আৰু তেওঁ সিদিনা নকল নকৰা বাবেই আজি আমি তেওঁৰ বিষয়ে কথা পাতি আছোঁ। ছাত্ৰ জনৰ নাম আছিল মোহন দাস কৰম চাঁদ গান্ধী।’

মানে গান্ধীজী!’

অঁ গান্ধীজী।’

দেউতাকৰ মাতটো থোকাথুকি হল। 

আৱেগিক হৈ গল গোবিন্দ। 

ইমান সত্যবাদী আছিল নে গান্ধীজী! এই কাহিনীটো চাৰে অৱশ্যে এদিনো কোৱা নাই। কথাটো ভাবিয়েই গোবিন্দৰ গোটেই শৰীৰ শিহৰিত হল। এইবাবেই চাগৈতেওঁক মহাত্মা বুলি কয়, নাজানে অৱশ্যে গোবিন্দই। 

বিদ্যালয়ৰ কথা ওলাওঁতেই তাৰ মনটোত ভয় সোমাল। সি যে গৃহকৰ্ম কৰাই নাই! তাকো ভট্ট চাৰে দিয়া গৃহকৰ্ম। গোটেই গৰমৰ বন্ধটো সিতো অনাই বনাই ঘূৰিয়েই কটাই দিলে। তেন্তে পৰহি যে বিদ্যালয় খুলিব, গৃহকৰ্ম তুলি দিব লাগিব ভট্ট চাৰৰ হাতত, কি কৰিব সি! আশংকাতে তাৰ অকমানি বুকুখন কঁপিবলৈ ধৰিলে। মনে মনে সি ভট্ট চাৰক খঙো কৰিলে। ইমান কঠিন গৃহকৰ্ম সম্ভৱ জানো! গ্ৰীষ্মবন্ধটো কি কৰি কটালে সেই বিষয়ে এখন ৰচনা, অথবা সেয়া বৰ্ণনা কৰি কাৰোবালৈ এখন চিঠি লিখি লৈ যাবলৈ দিছে ভট্ট চাৰে। 

দেউতাকে যুধিষ্ঠিৰৰ সাধু কৈ আছে, সেইবোৰ তাৰ কাণত সোমোৱা নাই। ভট্টচাৰৰ চেকনিৰ কোবকেইটাহে সি কল্পনা কৰি আছে। কল্পনা কৰি কৰি এটা সময়ত বৰ নিঃসংগ অনুভৱ কৰিবলৈ ধৰে সি। 

পৰহিলৈ বিদ্যালয় খুলিব নহয়?’- মাছৰ মূৰটো চুপি চুপি মাকে সুধিলে গোবিন্দক। 

ৰাতিৰ সাঁজ মাকে সদায় সকলোৱে খাই উঠাৰ পিছত খায়। সেইখিনি সময়ত দেউতাকে চোতালত পায়চাৰি কৰে। আইতাকে বিছনাত পৰি কাহি থাকে আৰু ভনীয়েক পুতু লালকাল দি শুই থাকে। মাকপুতেকৰ সময় বুলিবলৈ সেইকণেই। 

মাকে ভাত খাই থকা সময়ত সি এনেই ওচৰত বহি থাকে। সি সদায় লক্ষ্য কৰেমাকে এখন কাঁহীতে ভাতদাইলভাজি একেলগে লয়। দাইলৰ নামত মাকলৈ ৰয়গৈ পানী, মাছমাংসৰ নামত হাড় অথবা মাছৰ মূৰটো থাকেগৈ। তাৰ বেয়া লাগে; সি কিবা কলে মাকে কয়– ‘তহঁতে ভালকৈ খালেই মই খোৱা যেন পাওঁ।

মাকৰ প্ৰশ্নটোত থতমত খালে সি। সেপ ঢুকি উত্তৰ দিলে– ‘অঁ খুলিব।

কিবা যে লিখি নিবলৈ দিছিল, লিখিলি জানো? গোটেই মাহটোচোন ধিতিঙালি কৰিয়েই কটালি!’ – শুকান ভাতগৰাহ মুখত সুমুৱাই মাকে কৈ থাকে। 

চাকিৰ পোহৰত মজিয়াত গোবিন্দই কিবা অঁকাৰ দৰে কৰে। মাকৰ কথাবোৰক সাধাৰণতে সি বৰ এটা পৰোৱাই নকৰে, কিন্তু এতিয়া তাৰ মুখৰ মাত হেৰাল; কাৰণ মাকেতো সঁচা কথাই কৈছে! 

সদায় শুবৰ পৰত দেউতাকে কীৰ্তনৰ পদ গায়, এতিয়াও গাই আছে, কিন্তু গোবিন্দই টোপনিৰ ভাও জুৰিছে। বহু ৰাতিলৈ তাক আমনি কৰি থাকিল ভট্ট চাৰৰ মুখখনে। সি সপোন দেখিলেলিহলিহীয়া চেকনীৰে চাৰে তাক খুব কোবাইছে আৰু বিদ্যালয়ৰ খেলপথাৰখনৰ মাজত আঁঠু কঢ়াই থৈছে। মাকে আউলীবাউলী হৈ দৌৰি গৈ তাক সাবটি লৈছে। দেউতাকে যেনিবা খঙতে তাৰ সকলো কিতাপ বহী বাৰীৰ পিছৰ খালটোত পেলাই দিছে। 

****

ৰাতিপুৱা সদায় এটা সময়ত গোবিন্দহঁতৰ পদূলিৰে ভৰালী দদাই পথাৰলৈ যায়। যাওঁতে সিহঁতৰ পদূলিৰ পৰাই চিঞৰ মাৰে – ‘গোবিন্দ, পঢ়ি আছনে? ‘ সি উত্তৰ দিয়ে মানে অৱশ্যে ভৰালী দদাই কিছুদূৰ পায়গৈ। 

ভৰালী দদাই এই অঞ্চলৰ একমাত্ৰবেছি পঢ়ামানুহ, মানে তেওঁ চহৰৰ কলেজত পঢ়িছিল। তেওঁ হেনো চাকৰিও কৰিছিল, পিছত কিবা কাৰণত চাকৰি এৰি আহি খেতিত ধৰিলে। খেতিত ভৰালী দদাই এনেকৈ লাগিল যে এই অঞ্চলৰ নামকৰা খেতিয়ক হলগৈ। তেওঁ কিবা ৰাজ্যিক বঁটাও পাইছে। 

পদূলিত থিয় হৈ থাকোঁতে গোবিন্দই দেখিলে ভৰালী দদাই আহি আছে। পিঠিত কিবা এটা আছে, বোধহয় ঔষধ ছটিওৱা মেছিন, আৰু হাতত মোনা। তাৰমানে আজি আবেলি হাটলৈ ভৰালী দদায়ে পাচলি লৈ যাব। চাই থাকোঁতেই দদাই ওচৰ পালেহিয়েই। 

কি অগোবিন্দ, কাইলৈতো বিদ্যালয় খুলিবই?’

অঁ দদাই, কাইলৈ খুলিব।’ 

উত্তৰ সম্পূৰ্ণ হয় মানে ভৰালী দদাই কিছুদূৰ আগুৱাই গলেই। কি জানো ভাবি সি দদায়েকৰ‌ পিছে পিছে দৌৰ দিলে। 

কি হ, ত যাৱ?’ – দদায়েকে সুধিলে। 

তোৰ লগত এনেয়ে পথাৰলৈ যাওঁ।

অঁ, ল।

দদাই, তই বোলে চাকৰি কৰিছিলি?’

অঁতো। এৰি গুছি আহিলোঁ।

কিয়?’

মই কামত পাল মাৰিব নোৱাৰোঁ।

পাল মৰা মানে?’

তাত কৰিবলগীয়া একোৱেই নাই। দিনৰ দিনটো এনেই হামিয়েই থাকিব লাগে। বিনা পৰিশ্ৰমৰ আৰ্জন হজম নহয় বোপাই।’

ইতিমধ্যে দুয়োটাই গৈ পাচলি বাৰী পাইছেগৈ। বাৰীখনত ঘূৰিপকি গোবিন্দই জিকাবোৰ চাবলৈ ধৰিলে। গোটেই বাৰীখনত জিকা, ভোল, ভাত কেৰেলা, তিতা কেৰেলামুঠতে গোটেইখন সেউজীয়া। ঠায়ে ঠা‌য়ে গাঁতত পচন সাৰ। বাৰী এখন যে ইমান চাফ চিকুণ হব পাৰে ভাবিবই নোৱাৰি। গোবিন্দহঁতৰ বাৰিষা পাচলি খেতি কৰিবপৰা ব্যৱস্থা নাই, সেয়ে সি এই খেতিৰ বিষয়ে বৰ বিশেষ নাজানে। দদায়েকে ইতিমধ্যে জিকা চিঙিবলৈ ধৰিছে। ওলমি থকা জিকাবোৰ চুই চুই গোবিন্দই সুধিলে– ‘দদাই, জিকাবোৰ চোন বৰ বেছি ডাঙৰ হোৱা নাই।

মই ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ নহয়।’

কিন্তু ডাঙৰ নহলেচোন‌‌ তোৰ লাভেই নহব। ওজন নকমিব জানো!’ 

লাভেই জীৱনৰ উদ্দেশ্য নহয় অবোপাই। মোৰ কিন্তু তথাপি লাভ হয়। কম হয়, কিন্তু হয়।’    

ৰাসায়নিক সাৰ দিলেতো বেছি ডাঙৰ হলহেঁতেন!’     

লহেঁতেন, কিন্তু তেতিয়া খাওঁতাৰ অপকাৰ হলহেঁতেন।’    

কিন্তু খাওঁতাই জানো গম পালেহেঁতেন, যে তই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছ?’   

মই নিজেতো গম পালোঁহেঁতেন যে মই গ্ৰাহকজনৰ অপকাৰ কৰিছোঁ। মোৰ পৰা মই কথাটো কেনেকৈ লুকালোঁহেঁতেন?’    

গোবিন্দৰ কথাষাৰ বুজোঁতে অলপ সময় লাগিল। হয়তো, নিজৰ পৰাচোন একো লুকাব নোৱাৰি। সি এইবাৰ ঔষধ চটিওৱা মেছিনটোৰ ওচৰলৈ আহি সেইটো ডাঙিবলৈ চেষ্টা কৰিলে, বৰ গধূৰ।     

ইয়াত ঔষধ আছেনে দদাই?’     

অঁ। জিকাবোৰত পোকে ধৰিছে। আবেলিলৈ অলপ ঔষধ চটিয়াব লাগিব।     

কিন্তু ঔষধবোৰে হেনো অপকাৰ কৰে, আমাক বিজ্ঞানৰ চাৰে কৈছে।     

কৃত্ৰিম ঔষধ, মানে কৃত্ৰিম কীটনাশকবোৰেহে অপকাৰ কৰে। এয়া মোৰ ঘৰুৱা কীটনাশক।   

মানে পচন সাৰৰ দৰে? এয়াও জানো ঘৰতে তৈয়াৰ কৰিব পাৰি?’     

অঁ তো। নিমপাত, নহৰুৰ ৰস আদি মিহলাই তৈয়াৰ কৰি লৈছোঁ। এনেই আৰু দদায়েৰে বঁটা পাইছেনে?’ – কৈ দদায়েকে নিৰ্মল হাঁহি মাৰি আগৰদৰেই জিকা চিঙাত ব্যস্ত হৈ থাকিল। 

মেছিনটোৰ কাষত বহি গোবিন্দই দদায়েকৰ ফালে চাই থাকিল। যেনেকৈ নহওক বেপাৰত হেনো লাভ কৰিব লাগে, পিছে ভৰালী দদায়েকৰ কথাটো দেখোন তেনে নহয়! জিকা চিঙি থকা সৰুফুটীয়া দদায়েকক তাৰ অচিনাকি যেন লাগি গল। বহুসময় পথৰুৱা গোন্ধটো নাকত লৈ গোবিন্দ তাতেই বহি থাকিল। 

 ****

ক্যা য়াৰ, তই এতিয়ালৈ ভট্টচাৰৰ কাম কৰা নাই! ভট্ট চাৰৰ!’

জয়দেৱৰ মুখত মাজে মাজে দুই এটা হিন্দী শব্দ ফুটে। আচলতে সিহঁতৰ ঘৰত টিভি আছে। টিভি চাই চাই জয়দেৱে অলপ হিন্দী জনা হৈছে। 

নাই অ’, কি হব এতিয়া?’

কি হবলৈ আছে? খা পিটন।’

গোবিন্দৰ মুখৰ মাত হৰিল। সঁচাই তাৰমানে পিটন খাব সি! তাৰ বুকুখন ধপ্‌ধপাবলৈ ধৰিলে। 

ডৰপোক কহীকা। মোৰ পৰা চাই লিখিবি আকৌ; মই লিখিছোঁ নহয়।’- হাঁহি কলে জয়দেৱে। 

একেই হৈ যাব চোন?’

নহয়। মোৰখন আৰু ৰচনা সমগ্ৰখনৰ পৰা মিলাই লিখিবি।’

তই চিঠি লিখিছ নে ৰচনা?’

এহ্ চিঠি কোনে লিখিব? ৰচনা লিখিছোঁ। লিখিছোঁ এনেকৈ যে পুৰস্কাৰ পাম।’তাৰ মাতত কৌতুক। 

ইমান ভালকৈ লিখিছ নে?’- গোবিন্দৰ সন্দেহ হয়। 

ধেই, মহাই লিখি দিছে অ আমাৰ যে ভাওৰাগুৰিৰ মহা, তেওঁ আহিছিল নহয়, লিখাই লৈছোঁ।

বাহ, তোৰ কাম হৈয়েই গলচোন।

অঁ তো। এতিয়া এটা কাম কৰ। মোৰ বহীখন আৰু ৰচনা সমগ্ৰখন লৈ যা। মিলাই লিখিবি। কাইলৈ কিন্তু মোৰ বহীখন লৈ আহিবি। যা। মই এতিয়া নামঘৰলৈ যাওঁ। ভাগৱত পাঠ আছে, এতিয়া নগলে লাৰু ভাগতে নাপাম।

গধূলি লেমৰ পোহৰত জয়দেৱৰ পৰা অনা বহী কিতাপ লৈ বহিল গোবিন্দ। জয়দেৱে লিখিছে– ‘গৰমৰ বন্ধ বুলিলেই মনলৈ আনন্দৰ ভাৱ আহে। কাৰণ এমাহৰ বাবে বন্ধ পোৱা যায়। গৰমৰ বন্ধত অনাই বনাই নুঘূৰি আমি এই সময়খিনিৰ সদ্ব্যৱহাৰ কৰিব পাৰোঁ। 

মই এইবাৰ গৰমৰ বন্ধত চিৰিয়াখানা চাবলৈ গৈছিলোঁ৷ তাত থকা জন্তুবোৰ!

গোবিন্দৰ মুখখন মেলা হৈ গল। জয়দেৱেচোন গোটেই মাহটো তাৰ দৰেই বৰশী বাই, আম খাই, নৈত সাঁতুৰিয়েই কটালে। কতনো সি চিৰিয়াখানা চাবলৈ গ! মানে মিছাও লিখিব পাৰি! এইবাৰ সি ৰচনাখন মেলি ললে কিন্তু কিয় জানো তাৰ সেইখনলৈ ৰাপ নোহোৱা হল। মিছাতেনো কেনেকৈ লিখিব পাৰি! 

কি কৰা যাব! নে চিঠি লিখিব? চিঠি লিখিবলৈ শিকাইছিলহে মাথোঁ ভট্টচাৰে। আৰু লিখিলেও কালৈনো লিখিব! যালৈকেই নিলিখক সেয়াইতো লিখিব লাগিবগৰমৰ বন্ধত কি কৰিলে! 

কলমটো মুখত লৈ ঢৰাৰ ওপৰতে মূৰটো পেলাই দিলে গোবিন্দই। চকু জাপ খাই আহিল তাৰ। সিখন চোতালৰ পৰা বৰদেউতাকৰ বৰগীতৰ শব্দ ভাঁহি আহিছে– ‘গোপালে কি গতি কৈলে গোবিন্দে…’ সপোনৰ জগতত প্ৰৱেশ কৰিলে গোবিন্দই। শ্ৰেণীকোঠাত গান্ধীজী বহি আছে, পৰিদৰ্শকৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। মাকে শুকান ভাতৰ গৰাহ মুখলৈ নি দুখ কৰিছে সি নপঢ়ে বুলি। দেউতাকৰ এন্ধাৰ মুখ, ভৰালী দদায়েকৰ সন্তুষ্টি

খকমককৈ সাৰ পায় গোবিন্দই। চকুকেইটা মোহাৰি সি লেমটোৰ শিখাডাললৈ চায়। চকু জলক তবক লাগে তাৰ। চকুকেইটা মোহাৰি ঘটীটোৰ পৰা দুঢোক পানী খায়। তাৰপিছত সকলো স্পষ্ট হয়। সকলো। আনকি সি কি লিখিব, সেয়াও। গান্ধীজীৰ কাহিনীটো মনত পেলাই ভট্টচাৰৰ প্ৰতি থকা সহজাত ভয়টোও নোহোৱা‌ হয় তাৰ। 

চিঠি লিখাৰ নতুন বিদ্যাক সাৰোগত কৰি বহীখন মেলি লৈ সি লিখিবলৈ লয়– ‘শ্ৰদ্ধাৰ চাৰ, সেৱা ল….’

****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments