মহাকাব্যিক মহানগৰৰ জীৱন গাথা: গুৱাহাটীৰ প্ৰীতিৰ সমাজখন
লেখক- মছদ্দৰ হুছেইন
অসমৰ ইতিহাস, সমাজ, অৰ্থনীতি, ৰাজনীতি, সংস্কৃতি সকলো ক্ষেত্ৰতে গুৱাহাটীৰ এক সুকীয়া বৈশিষ্ট্য সদায় লক্ষ্য কৰা যায়। অসমৰ ৰাজনৈতিক চেতনাক গঢ় দিয়া, অসমৰ বৰ্তমানৰ সংস্কৃতিৰ ৰূপৰেখা তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি অসমীয়া জাতি গঠনলৈকে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে গুৱাহাটীয়ে মুখ্য ৰূপকাৰৰ ভূমিকা গ্ৰহণ কৰি আহিছে। গুৱাহাটীৰ এই ভূমিকাৰ মূলতে আছে গুৱাহাটীৰ ভৌগোলিক বৈশিষ্ট্য, বৰ্তমানৰ অসম ভূমিখণ্ডৰ ইতিহাসৰ বিভিন্ন ঘটনা প্ৰৱাহত গুৱাহাটীয়ে পালন কৰা দিশনিৰ্ণয়কাৰী ভূমিকা, বিশেষকৈ স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ সংগ্ৰামৰ কেন্দ্ৰবিন্দু হৈ উঠাৰ ঐতিহাসিক প্ৰক্ৰিয়া। ইতিহাসৰ বিভিন্ন সময়ত গুৰুত্বহীন হৈয়ো গুৱাহাটীয়ে শেষত গৈ অপৰিহাৰ্য হৈ আহিছে বাৰে বাৰে। শেষৰ দুশ বছৰৰ অসমৰ ইতিহাস গুৱাহাটীক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত হৈ আহিছে। এই সময়ছোৱাৰ গুৱাহাটীৰ ইতিহাস মানে অসমৰো ইতিহাস বুলি ক’লে নিশ্চয় ভুল কোৱা নহ’ব। সুদীৰ্ঘ ৮০০ বছৰৰ উজনি–নামনিৰ নাটকীয় ৰাজনৈতিক উত্থান–পতনৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন ক্ষমতা হস্তগত কৰিছিল। তাৰ পিছৰে পৰা এক নতুন ধৰণৰ ৰাজনৈতিক ব্যৱস্থা, ভূমি বন্দোৱস্তি, প্ৰশাসনিক আৰু নাগৰিক ব্যৱস্থা, সাংস্কৃতিক পৰিচয় লাভ কৰিবলৈ আৰম্ভ কৰে অসমে; স্বাভাৱিকতে ইয়াৰ প্ৰথম সোৱাদ লাভ কৰাৰ সুযোগ পায় গুৱাহাটীয়ে।
কেবা শতিকা ধৰি অৱহেলিত, অতি পাতল জনসংখ্যাৰ গুৱাহাটীৰ গুৰুত্ব হঠাৎ বাঢ়িবলৈ আৰম্ভ কৰে ইষ্ট ইণ্ডিয়া কোম্পানিয়ে প্ৰশাসনীয় কেন্দ্ৰ হিচাপে ইয়াক গঢ়ি তোলাৰ সময়ৰ পৰা। প্ৰশাসনীয় কেন্দ্ৰ হিচাপে গঢ় লোৱাৰ পিছে পিছে গুৱাহাটী শিক্ষা আৰু বাণিজ্যৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। ফলত উজনি–নামনি, উত্তৰকুল–দক্ষিণকুল — এই সকলোৰে পৰা মানুহ আহি গুৱাহাটীত বসতি বিস্তাৰ কৰিবলৈ ল’লে। অসমৰ বাহিৰৰ, বিশেষকৈ বঙ্গ, বিহাৰ, ৰাজস্থান আদিৰ পৰাও বিভিন্ন, বিচিত্ৰ জীৱিকা আৰু বৃত্তিসূত্ৰে গুৱাহাটীলৈ মানুহৰ সোঁত ববলৈ আৰম্ভ কৰিলে। কোম্পানীৰ ইউৰোপীয় মূলৰ মানুহখিনি আছিলেই। সংখ্যাত মুষ্টিমেয় হৈয়ো এওলোকেই আছিল আধুনিক ‘গুৱাহাটী’ গঢ়ি উঠাৰ মূল উপলক্ষ। এক মিশ্ৰিত জনগাঁথনি গঢ়ি উঠে গুৱাহাটীত। নতুন ভূমি বন্দোৱস্তিৰ সৈতে অফিচ, আদালত, স্কুল কলেজ আদিয়ে মিশ্ৰিত জনগাঁথনিটোলৈ কঢ়িয়াই আনিছিল পূৰ্ব পৰিচয়হীন নতুন অভিজ্ঞতা, নতুন পৰিচয়, সুকীয়া চেতনা। কোম্পানীৰ বিদেশী আমোলাসকলৰ প্ৰয়োজনত গঢ়ি উঠা ষ্টেছনাৰী সামগ্ৰী, বেকাৰী, মিঠাইৰ দোকানবোৰে সুকীয়া ভোগী জীৱন প্ৰণালী আৰু খাদ্যাভাস গঢ়ি তুলিলে গুৱাহাটীবাসীৰ। স্বাভাৱিকতে এই সকলোখিনি আছিল সম্প্ৰদায়, ধৰ্ম–বৰ্ণ নিৰপেক্ষ, এক কস্মপলিটান সৌধ। পাছলৈ থিয়েটাৰ, চিনেমা, ক্ৰীড়া, স্থানীয় ক্লাৱ আদিয়ে কস্মপলিটান সংস্কৃতিক দিলে আন এক মাত্ৰা। ইয়াৰ মাজেৰে নতুনকৈ সৃষ্টি হোৱা নাগৰিক সমাজখনক পৰাধীনতাৰ অৰ্থ বুজাই দিলে নতুনকৈ গঢ় লৈ উঠা জাতীয় চেতনাই। স্বাধীনতা সংগ্ৰামে বৰ্ণ–সম্প্ৰদায়ৰ সংকীৰ্ণতা ভাঙি এক ভাৰতীয় ৰূপে অসমীয়া আৰু অসমবাসীৰ মানসিকতা গঢ়ি তুলিলে।
ইতিহাসৰ নিৰাকাৰ চেতনাই গঢ় দিয়া গুৱাহাটীৰ জনজীৱনৰ পাতে পাতে সোমাই আছে কস্মপলিটান অনুভৱ। তাকেই চিত্ৰিত কৰিব বিচাৰিছোঁ ইতিহাসত বিলীন হৈ যোৱা কিছুমান জীৱন্ত চৰিত্ৰৰ জৰিয়তে যাৰ চেতনা আমাৰ অৱচেতন মনত ৰৈ গৈছে, আমাৰ আচাৰ–আচৰণৰ ৰূপত।
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষা ব্যৱস্থাৰে শিক্ষিত আমি। বহুতে ভবাৰ দৰে ‘গৌহাটী চেমিনাৰী’ (বৰ্তমানৰ কটন কলেজিয়েট স্কুল)খন গুৱাহাটীৰ ইংৰাজী শিক্ষাৰ প্ৰথম বিদ্যালয় নহয়। ইংৰাজী শিক্ষাৰ প্ৰথমখন বিদ্যালয় আছিল বৰ্তমানৰ পানবজাৰ থানাৰ উত্তৰে এটা টিলাৰ ওপৰত। [১] এজন খৃষ্টান পাদুৰীয়ে ব্যক্তিগত উদ্যোগত বিদ্যালয়খন স্থাপন কৰিছিল। বিদ্যালয়খন বেছিদিন নচলিল। এইখন বন্ধ হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্যোগত গৌহাটী চেমীনাৰী প্ৰতিষ্ঠা হয়।
গুৱাহাটীৰ তৃতীয়খন স্কুল প্ৰতিষ্ঠা কৰিছিল কেফায়ৎ উল্লা মুন্সীয়ে মাছখোৱাত ১৮৭০ চনত। স্কুলখনৰ নাম দিছিল ‘হাজী কেফায়ৎ উল্লা পাৰ্চী–সংস্কৃত বিদ্যালয়’। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আছিল তৰুণৰাম ফুকনৰ পিতৃ বলোৰাম ফুকন আৰু সম্পাদক আছিল মৌলৱী হাফিজ হেফাজৎ উল্লা। পৰৱৰ্তী সময়ত কামাখ্যাৰাম বৰুৱা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়ত্ব বহন কৰে। এই বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিল তৰুণ ফুকন, ছাৰ ছাদুল্লা আদিয়ে।
সদৰ আমিন কেফায়াৎ উল্লা শিৱসাগৰত কৰ্মৰত থকা সময়ত সেই সময়ত এৰাপৰলীয়া হৈ পৰা গড়গাৱৰ কাৰেং ঘৰৰ জংঘল পৰিষ্কাৰ কৰি ৰাইজৰ সভা–সমিতিৰ বাবে মুকলি কৰি দিছিল। গুৱাহাটী টাউন কমিটি (মিউনিচিপালিটি)ৰ এটা সদস্য পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত কেফায়ৎ উল্লা মুঞ্চী আৰু আনন্দৰাম বৰুৱাৰ দেউতাক গৰ্গৰাম বৰুৱা প্ৰাৰ্থী আছিল। সেই সময়ত উত্তৰ গুৱাহাটীও গুৱাহাটী নগৰৰ অংশ আছিল। গৰ্গৰাম বৰুৱা আছিল উত্তৰ গুৱাহাটীৰ লোক। দুয়ো সমান সংখ্যক ভোট লাভ কৰাত দুয়োকে বৰ্ডৰ সদস্য কৰি লোৱা হৈছিল।
কেফায়ৎ উল্লা আৰু বলোৰাম ফুকনৰ পৰিয়ালৰ মাজত গঢ়ি উঠা বন্ধুত্ব পাছৰ দুটা প্ৰজন্মৰ মাজতো অব্যাহত আছিল। দুয়োটা পৰিয়ালেই স্বাধীনতাৰ সংগ্ৰামৰ আগশাৰীত আছিল। কেফায়ৎ উল্লাৰ পুত্ৰ নেচাৰ আহমেদৰ বন্ধুত্ব আছিল তৰুণ ফুকনৰ ককায়েক জীৱনৰাম ফুকন আৰু নবীন বৰদলৈৰ দেউতাক মাধৱ চন্দ্ৰ বৰদলৈৰ লগত। নেছাৰ আহমেদ টান নৰীয়াত পৰি মৃত্যু শয্যাত থকাৰ সময়ত জীৱন ৰাম বৰুৱাও যথেষ্ট অসুস্থ আছিল। নেছাৰ আহমেদৰ মৃত্যুত জীৱন ৰামে নৰীয়াৰ গাৰে বন্ধুক শেষবাৰৰ বাবে চাবলৈ আহি চকুলো টুকি কৈছিল, “মিতা, তুমি গলাগৈ, বাৰু যোৱা, ময়ো যাব ধৰিছোঁ।” সঁচাকৈয়ে তাৰ পোন্ধৰ দিনৰ পিছত জীৱন ৰামৰো মৃত্যু হয়।
পিতৃ নেছাৰ আহমেদৰ মৃত্যুৰ পিছত কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছত পঢ়ি থকা তেওঁৰ পুত্ৰ ফৈয়াজ আহমেদ আৰ্থিক অসুবিধাত পঢ়ি কলেজ ত্যাগ কৰিবলগীয়া পৰিস্থিতিত পৰিছিল। নবীন বৰদলৈ আছিল একেখন কলেজৰ সহপাঠী বন্ধু। ফৈয়াজ আহমেদে কলেজ ত্যাগ কৰিব বিচৰা কথা অৱগত কৰাত মাধৱ চন্দ্ৰ বৰদলৈয়ে পুত্ৰ নবীন চন্দ্ৰ বৰদলৈৰ লগত হোষ্টেলৰ একেটা কোঠাতে ফৈয়াজ আহমেদৰ থকা খোৱাৰ ব্যৱস্থা কৰি দিছিল। ফলত আহমেদে এফ এ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল। ফৈয়াজ আহেমেদে লোভনীয় চৰকাৰী পদৰ প্ৰলোভন হেলাৰঙে বিসৰ্জন দি স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। ফৈয়াজ আহমেদ টান নৰীয়াত পৰি ঢুকুৱাৰ সময়ত সেই সময়ৰ প্ৰখ্যাত চিকিৎসক ডা: ভুৱনেশ্বৰ বৰুৱাই তেখেতক বচাবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল, আনকি দুৰ্গা পূজাত শ্বিলং ভ্ৰমণৰত কলিকতাৰ ডা: বিধান চন্দ্ৰ ৰায়ক আনিবলৈ যোঁজা চলাইছিল। ডা: ভুৱনেশ্বৰ বৰুৱাই কৈছিল যে কোনো ৰোগীৰ বাবে তেওঁ এনেদৰে খটা নাছিল।
মাছখোৱাৰ পাৰ্চী–সংস্কৃত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আছিল কামাখ্যাৰাম বৰুৱা। তৎকালীন সময়ত কামাখ্যাৰাম বৰুৱা কেৱল গুৱাহাটীৰে নহয়, অসমৰে এগৰাকী খ্যাতনামা পুৰুষ আছিল। মাছখোৱা আৰু ভৰলুমুখৰ মাজৰ সীমাতে কামাখ্যাৰাম বৰুৱাৰ ঘৰ। মাছখোৱাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ লগত তেখেতৰ পৰিয়াল সম্পৰ্ক অতি নিবিড় আছিল আৰু এই সম্পৰ্ক আজিৰ প্ৰজন্মৰ সময়তো অক্ষুণ্ণ আছে।
কামাখ্যাৰাম বৰুৱাৰ সততা আৰু সেইসময়ৰ মনুহখিনিৰ মাজৰ সম্পৰ্কৰ বিষয়ে ঘটনা এটা কব বিচাৰিছো। ওচৰৰ মুছলমান পৰিয়ালৰ লোকে পালা এটা হাঁহ বৰুৱাৰ বাৰীত সোমাল। বৰুৱাৰ ৰান্ধনীজনে ফৰ্মুটি মাৰি খেদাওতে হাঁহটো মৰি থাকিল। ৰান্ধনীজন আৰু লগুৱাকেইটাই মনে মনে হাঁহটো ৰান্ধি খালে। বৰুৱাৰ পত্নীয়ে কথাটো জানিব পাৰি বিমৰ্ষ হ’ল আৰু বৰুৱাক জনালে। বৰুৱাই বিচাৰ কৰাত ৰান্ধনীয়ে সৈ কাঢ়িলে। কামাখ্যাৰাম বৰুৱাই মানুহ কেইটাক ধমকি দিলে অৰু এখন কাগজ লিখি লগত হাঁহটোৰ দামৰ সৈতে ওচৰৰ মানুহ কেইঘৰলৈ পযঠিয়াই দিলে। কাগজত লিখিছিল যে তেওঁৰ ৰান্ধনীজনে হাঁহ এটা মাৰিলে, হাঁহটো কাৰ হয় ক’ব নোৱাৰো, যাৰে হাঁহ তেওঁলৈ দামটো দি পঠালো। কেবাঘৰক কাগজখন দেখুৱাৰ পিছত হাঁহটোৰ গৰাকীজন পোৱা গল, কিন্তু গৰাকীজনে এইটো সৰু কথা বুলি দামটো নাৰাখিলে আৰু পত্ৰবাহক ৰান্ধনীজনক ওভতই পঠিয়ালে।
কটনত গণিত বিভাগত আছিল অধ্যাপক ফনীধৰ দত্ত আৰু অধ্যাপক নুৰুল ইছলাম। সেই সময়ৰ শিক্ষামন্ত্ৰীগৰাকীৰ ভুলৰ বাবে নুৰুল ইছলাম চাকৰিত জ্যেষ্ঠতা লাভ কৰিছিল। ফলত ফণীধৰ দত্তই বিভাগীয় মুৰব্বী পদৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছিল। সেই সময়ত কটন কলেজৰ অধ্যক্ষৰ দায়িত্বত আছি চৈয়দ মুহিবুল্লা। তেখেতে অনুভৱ কৰিলে যে অধ্যাপক ফণীধৰ দত্তৰ প্ৰতি ন্যায় কৰা হোৱা নাই। অধ্যক্ষৰ বিশেষ ক্ষমতা ব্যৱহাৰ কৰি ফণীধৰ দত্তক গণিতৰ মুৰব্বী পদত নিযুক্তি দিয়ে আৰু কোনো অৱস্থাতে যাতে দত্তক উক্ত পদৰ পৰা আঁতৰাব নোৱাৰে তাৰ ব্যৱস্থা কৰে। আনহাতে অধ্যাপক নুৰুল ইছলামেও বিভাগীয় মন্ত্ৰীয়ে কৰা ভুলৰ বিষয়ে অৱগত আছিল আৰু তেখেতেও ফণীধৰ দত্তই মুৰব্বী হোৱাটো কামনা কৰিছিল আৰু সেয়ে বিষয়টোক লৈ বিতৰ্ক সৃষ্টি কৰাৰ পৰা আঁতৰি আছিল। গণিত বিভাগত ফণীধৰ দত্ত আৰু নুৰুল ইছলামৰ মাজতো বিশেষ বন্ধুত্ব আছিল আৰু এই বন্ধুত্ব আজীৱন অক্ষুণ্ণ আছিল। [২]
দীঘলী পুখুৰীপাৰৰ হেৰাছৎ উল্লা আছিল প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী তৈয়বুল্লাৰ ককায়েক। হেৰাছৎ উলা নিজেও এগৰাকী স্বাধীনতাৰ সেনানী আছিল। প্ৰবল জাতীয়তাবাদী মনোভাবৰ হেৰাছৎ উল্লা আছিল অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গঢ়া অসম সংৰক্ষণী সভাৰ সভাপতি। ১৯৪৭ চনত যোৰহাটত অনুষ্ঠিত অসম জাতীয় মহাসভা সন্মিলনীত সভাপতিত্ব কৰিছিল হেৰাছৎ উল্লাই। হেৰাছৎ উল্লা আৰু ভাতৃ তৈয়বুল্লাৰ লগত অম্বিকাগিৰী ৰায়চৌধুৰীৰ সম্পৰ্ক ভাতৃসম আছিল। বৃটিছৰ উচ্চ পদস্থ বিষয়াৰ পুত্ৰ তৈয়বুল্লা আছিল অত্যন্ত মেধাৱী ছাত্ৰ। আই এছ চি পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম, কলিকতাৰ প্ৰেছিডেন্সী কলেজত পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈছিল। ছাৰ জগদীশ চন্দ্ৰ বসুৰ ছাত্ৰ তৈয়বুল্লা স্বাধীনতা সংগ্ৰামত যোগদান কৰি সৰ্বস্ব ত্যাগ কৰিছিল। তৈয়বুল্লা কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ৰ ঘটনা। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তেতিয়া ‘ডেকা অসম’ চলাই আছিল। তৈয়বুল্লাৰ ঘৰত অভাৱ, অম্বিকাগিৰীক আহি ক’লে যে ঘৰত ৰান্ধিবলৈ একো নাই। অম্বিকাগিৰীয়ে ডেকা অসম বিক্ৰী কৰি পোৱা তিনি টকাৰ আধা তৈয়বুল্লাক দি দিছিল।
১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত আয়োজিত কংগ্ৰেছৰ মহা অধিৱেশনৰ পেণ্ডেল আৰু সমস্ত আয়োজন অধিৱেশনৰ দুদিনমান আগেত এক প্ৰচণ্ড ধুমুহা, শিল বৰষুণত বিধ্বস্ত হৈ গৈছিল। ততাতৈয়াকৈ পেণ্ডেল থিয় কৰাবলৈ গৈ কংগ্ৰেছ নেতৃবৃন্দ আৰ্থিক সংকটত ভুগিছিল। সৰ্বভাৰতীয় নেতাসকলে সহায় কৰা সত্ত্বেও খৰচৰ জোৰা মাৰিবলৈ বহু বাকী আছিল। গোপীনাথ বৰদলৈ, তৰুণ ৰাম ফুকন, সিদ্ধিনাথ শৰ্মা আদিয়েও ধন সংগ্ৰহ কৰিবলৈ উঠি পৰি লাগে। সেই সময়তে তৈয়বুল্লাই দীঘলী পুখুৰীৰ পূব পাৰৰ নিজ সম্পত্তিৰ এক ডাঙৰ অংশ এগৰাকী বাঙালী ধনী ভদ্ৰলোকক অতি কম মূল্যত বিক্ৰী কৰি অধিৱেশনৰ বাবে প্ৰয়োজনীয় ধনৰ যোগাৰ কৰে। তৈয়বুল্লাই বিক্ৰী কৰা সেই মাটিতেই পাছলৈ কটন কলেজৰ অধ্যাপক আৱাসস্থলী গঢ়ি উঠে। দীঘলীপুখুৰীৰ পশ্চিমপাৰত থকা কটন কলেজৰ ব’টানী বিভাগৰ মাটিখিনিও তৈয়বুল্লা পৰিয়ালৰ আছিল। তৈয়বুল্লাৰ জন্মও উক্ত ভেটিতে হৈছিল। ১৯০৫ চনত উক্ত মাটি বৃটিছ চৰকাৰে কটন কলেজৰ বাবে অধিগ্ৰহণ কৰে। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰাত গুৱাহাটিত স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰিছিল মহম্মদ তৈয়বুল্লাই।
একেখন কংগ্ৰেছ অধিৱেশনৰে কথা। গুৱাহাটীৰ ফাঁচীবজাৰৰ মাতৃভাণ্ডাৰক অধিৱেশনৰ বাবে প্ৰয়োজনীয় খাদ্যসামগ্ৰী যোগান ধৰাৰ দায়িত্ব দিলে। মাতৃ ভাণ্ডাৰৰ মালিক নবীন চৌধুৰী নিজেও এজন মুক্তি যুঁজাৰু আছিল। নবীন চৌধুৰীক কোৱা হৈছিল যে ধনৰ খুবেই নাটনি চলিছে, সেয়ে যোগান ধৰা খাদ্য সামগ্ৰীৰ মূল্য আদায়ত পলম হ’ব। দেশে স্বাধীনতা লাভ কৰিবলৈ বেছিদিন নাই, তেতিয়া সম্পূৰ্ণ ধাৰ দিব পাৰিব। সৰলচিতীয়া, নিষ্ঠাবান কৰ্মী নবীন চৌধুৰী তেতিয়াৰ দিনত পঞ্চাশ হাজাৰ টকাৰ খাদ্য সামগ্ৰীৰ যোগান ধৰিছিল। দেশ স্বাধীন হ’ল, কিন্তু ধাৰ মাৰিবলৈ কাৰো খবৰ নাই। মাতৃভাণ্ডাৰৰ এখন দোকান শ্বিলঙতো আছিল। সেই সময়তে ডাঙৰ ল’ৰা সত্য নাৰায়ণ ঢুকায়। বেংকৰ পৰা ঋণ লোৱা হ’ল, কিন্তু কিস্তি পৰিশোধ কৰিব নোৱাৰা হ’ল। সম্পত্তি ক্ৰোকত যাও যাও অৱস্থা। সমস্ত সা–সম্পত্তি আনৰ নামত হস্তান্তৰ কৰিবলৈ উকীলে পৰামৰ্শ দিলে। লাখটকীয়া দীদাৰ ডাক্তৰ নবীন চৌধুৰীৰ অতি বিশ্বাসী বন্ধু আছিল। দীদাৰ ডাক্তৰৰ নামত সমস্ত সম্পত্তি আইনগতভাৱে হস্তান্তৰ কৰা হ’ল। নবীন চৌধুৰীয়ে অশেষ কষ্ট কৰি ফাঁচীবজাৰৰ দোকানৰ ব্যৱসায় ভাললৈ আনিলে। শ্বিলঙৰ দোকানখনো ইয়াৰ মাজতে বিক্ৰী কৰিলে। এনেদৰে বেঙ্কৰ সকলো ঋণ শোধ কৰা হ’ল। দীদাৰ ডাক্তৰে সকলো খবৰ সময়মতে পাই আছিল। বেঙ্কৰ ধাৰ মৰাৰ পিছত এদিন দীদাৰ ডাক্তৰে সমস্ত সম্পত্তি পুনৰ আইনী ব্যৱস্থাৰে নবীন চৌধুৰীক ঘূৰাই দিলে। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে মাতৃ ভাণ্ডাৰ চলি থকাৰ পিছত কেইবছৰমান অগতে এক নতুন সংকটৰ মাজত মাতৃ ভাণ্ডাৰ সাময়িকভাৱে বন্ধ হৈ আছে। [৩]
মহম্মদ তৈয়বুল্লাৰ দৰে ৪২ৰ স্বাধীনতা আন্দোলনৰ সময়তো কংগ্ৰেছৰ বাবে ধনৰ প্ৰয়োজন হোৱাত নিজৰ মাটি বন্ধকত থৈ ধন সংগ্ৰহ কৰা এজন ব্যক্তি আছিল মাছখোৱাৰ এ টি ৰোডৰ নুৰল হক। কুমাৰপাৰাৰ প্ৰখ্যাত ব্যৱসায়ী কালিচৰণ ভৰালীৰ তাত ২০ হাজাৰ টকাৰ বাবে নুৰল হকে বন্ধকত থৈছিল প্ৰায় ৮ বিঘামান মাটি। বন্ধকত ৰখা মাটি ডোখৰ মুকলাবলৈ নুৰল হক সক্ষম হোৱা নাছিল আৰু তেনেকৈয়ে তেখেতৰ মৃত্যু হয়। নুৰল হকৰ চাৰিজন পুত্ৰ আছিল। দেশে স্বাধীনতা লাভৰ পিছত নুৰল হকৰ মৃত্যুৰ পিছত এদিন কালিচৰন ভৰালীৰ পুত্ৰ পদ্ম ভৰালীয়ে নুৰল হকৰ বৰপুত্ৰ মাতিনুল হকক মাতি আনি কথাটো জনায়। চাৰিও পুত্ৰই তেতিয়ালৈকে মাটি বন্ধকত ৰখাৰ কথাটো জনা নাছিল। পদ্ম ভৰালীয়ে তেতিয়া মাতিন হকক ক’লে যে যিহেতু নুৰল হকে দেশৰ স্বাৰ্থতে নিজৰ মাটি বন্ধকত ৰাখিছিল, সেয়ে সন্তানসকলক বিপদত পেলাব নিবিচাৰে। চাৰিওজন পুত্ৰৰ মাজত দুই বিঘামান মাটি এৰি দি বাকী প্ৰায় ছয় বিঘামান মাটি নিজৰ লগত ৰাখি থলে। পদ্ম ভৰালি সেই মাটি পিছত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহক বিক্ৰী কৰে। কিছুদিন আগতে উক্ত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে সেই অঞ্চলৰ পথটোৰ নাম তেখেতসকলৰ এজন গুৰুজীৰ নামত নামকৰণ কৰিবলৈ বিচৰাত অঞ্চলৰ পুৰণি বাসিন্দাসকলে আপত্তি কৰে। নুৰল হকে দেশৰ বাবে ত্যাগ কৰা সেই কাহিনী তেতিয়া উত্থাপিত হৈছিল। অৱশ্যে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে আলাপ–আলোচনাৰ মাজেৰে তেওঁলোকৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছিল।
ফকৰুদ্দিন আলী আহমেদৰ দেউতাক কৰ্ণেল জালনুৰ আলী আহমেদ আৰু আনন্দৰাম বৰুৱা খুব ভাল বন্ধু আছিল। এসময়ত দুয়ো শিৱসাগৰ জিলাত কৰ্মৰত আছিল। কৰ্ণেল জালনুৰ আলী আহমেদ আছিল ছাৰ্জন পদত আৰু আনন্দৰাম বৰুৱা এছিষ্টেণ্ট কমিছনাৰ। এদিন বৃটিছ চাহাবে দুয়োকে এক নৈশ ভোজলৈ নিমন্ত্ৰণ কৰিছিল। আপ্যায়নৰ সময়ত দুয়োকে আন নিমন্ত্ৰিত অতিথিসকলৰ লগত বহিবলৈ নিদি আন এটা কোঠালিত সুকীয়াকৈ খাবলৈ দিলে। এনে অপমানজনক ব্যৱস্থা মানি নলৈ দুয়ো ভোজসভা ত্যাগ কৰে। বিদেশী চৰকাৰে দুয়োকো শাস্তিমূলকভাৱে বদলি কৰে। আনন্দৰাম বৰুৱাক বঙ্গ দেশলৈ আৰু জালনুৰ আলী আহমেদক সুদূৰ নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰলৈ পঠিওৱা হয়। জালনুৰ আলীয়ে লণ্ডনলৈ গৈ বৃটেইনৰ ৰাণীকো উক্ত ঘটনাৰ অভিযোগ দিছিল বুলি শুনা যায়। পিছত স্বেচ্ছা অৱসৰ লৈ দিল্লীত ব্যক্তিগত চিকিৎসা সেৱাৰ পেছা গ্ৰহণ কৰে।
প্ৰাক্–স্বাধীনতা কালৰ ফাঁচীবজাৰৰ বিখ্যাত অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান কালিচৰণ বুল চেলাৰ্ছৰ স্বত্বাধিকাৰী কালিচৰণ ভৰালীৰ বৰপুত্ৰ আছিল ললিত ভৰালী। কামৰূপ জিলাৰ পুথিমাৰীৰ ওচৰৰ ঘাহকুঁছিৰ পৰা সোণাৰাম ভৰালী আহি গুৱাহাটীৰ কুমাৰপাৰাৰ পাঁচআলিৰ নিগাজি বাসিন্দা হৈছিলহি। কুমাৰপাৰা পাঁচআলি সেইসময়ত কদমতল নামেৰেহে পৰিচিত আছিল। তাৰ বহু আগৰে পৰা কুমাৰপাৰাত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ এখন মিশ্ৰিত সমাজ গঢ়ি উঠিছিল। কদম তলিৰ খলিল ডাক্টৰ, হেলিম, উবেদুল্লাৰ পৰিয়ালৰ লগত ভৰালীৰ পৰিয়ালৰ সকলো সময়তে একেলগে উঠা–বহা আছিল। নিজা নিজা ধৰ্মীয় আচাৰ অনুষ্ঠান পালন কৰাৰ বাহিৰে সেইখন সমাজত আন কোনো পাৰ্থক্য নাছিল। আনকি ধৰ্মীয় অনুষ্ঠানসমূহতো দুয়ো সম্প্ৰদায় পৰস্পৰে পৰস্পৰৰ পৰিপূৰক আছিল। এই ব্যৱস্থা আজিও কুমাৰ পাৰাত চলি আছে। সোণাৰাম ভৰালীৰ পুত্ৰ কালিচৰণ ভৰালী গুৱাহাটীৰ এক বিশিষ্ট ব্যৱসায়ী হৈ পৰিছিল। কালিচৰণ ভৰালীৰ ঘৰলৈ টিয়কৰ পৰা তিলক বাবা নামৰ সাধু পুৰুষ এগৰাকী প্ৰায়ে আহিছিল। তিলক বাবা আহিলে তেওঁলোকৰ চোতালত ধৰ্মানুষ্ঠানৰ আয়োজন হৈছিল। উক্ত ধৰ্মানুষ্ঠানত হিন্দু–মুছলমান নিৰ্বিশেষে প্ৰায় সকলো সম্প্ৰদায়ৰ মানুহ সমৱেত হৈছিল।
ললিত ভৰালীক উবেদুল্লাৰ মাতৃয়ে পুত্ৰ জ্ঞান কৰিছিল। ইয়াৰ আঁৰত এটা কাহিনী আছে। ভৰালীৰ ঘৰত এটা সময়ত সন্তানসমূহ বেছিদিন নাবাচিছিল। এজন সাধু পুৰুষে পৰামৰ্শ দিছিল সন্তান জন্মৰ পিছতেই আন ধৰ্মাৱলম্বীৰ ওচৰত বিক্ৰী কৰি দিবলৈ। সেইমতেই ভৰালীৰ পৰিয়ালৰ এক নতুন সন্তান জন্ম লাভ কৰাত সন্তানটোক উবেদুল্লাৰ মাতৃৰ ওচৰত বিক্ৰী কৰি দিয়া হৈছিল। কলগছ এজোপাৰ তললৈ নৱজাত সন্তানটোক লৈ যোৱা হয় আৰু তাতেই এপইচা আদায় দি সন্তানটোক বিক্ৰী কৰা হয়। [৪]
প্ৰখ্যাত অভিনেতা, নটসম্ৰাট গিৰিশ চৌধুৰীৰ বাল্যকাল কুমাৰপাৰাত কাটিছিল। কেপ্তেইন ডা: উবেদুল্লাৰ পৰিয়ালৰ লগত তেওঁলোকৰ সম্পৰ্ক একেখন ঘৰৰ দৰে আছিল। ললিত ভৰালীৰ দৰে গিৰিশ চৌধুৰীও পৰিয়ালটোৰ পুত্ৰহীন হৈ পৰিছিল। গিৰিশ চৌধুৰীৰ নিজ মুখে সেই কাহিনী শুনো আহক, “…আমাৰ ঘৰখনত হেনো পুত্ৰ–সন্তান নাথাকিছিল, জন্ম নহৈছিল? ছগৰাকী বাইদেউৰ পাছত মই একমাত্ৰ পুত্ৰ হৈ জন্ম লাভ কৰিলো –মই হেনো আছিলো অষ্টম গৰ্ভৰ সন্তান। মানুহৰ বিশ্বাস আছিল যদি পুত্ৰ সন্তনটিক কোনোবা ‘অজাতি’ৰ তাত বিক্ৰী কৰি দিয়া হয় –তেনেহ’লে সেই সন্তান দীৰ্ঘ জীৱন লাভ কৰাৰ উপৰিও জ্ঞানী নামজ্বলা ব্যক্তি হয়। সেই কথা সৰোগত কৰি মোৰ জন্মৰ পাছত যেতিয়া মই মাত্ৰ নমহীয়া নে দহমহীয়া –অন্নপ্ৰাসনৰ পাছতে মোক আন জাতিৰ মানুহৰ তাত বিক্ৰী কৰাৰ কথা চিন্তা কৰা হ’ল। বিক্ৰী মানে সেই বিক্ৰী নহয় –এটা আনুষ্ঠানিক অনুষ্ঠানহে –যিটোৱে কুগ্ৰহ বিনাশ কৰিব। –সেই ব্যৱস্থা মতেই এটি শুভ দিনত মোক তেওঁলোকৰ ঘৰলৈ লৈ গ’ল। তেওঁলোকৰ –মই যিমানদূৰ মনত পেলাব পাৰিছো চাৰিজন ককাই–ভাই। বাই–ভনী আছিলনে নাই একোই মনত পেলাব পৰা নাই। ডাঙৰজনৰ নাম সৈফুল্লা (বড়দা), দ্বিতীয়জন মুহিবুল্লা, তৃতীয়জন ক’লামইনা, চতুৰ্তজন উবেদুল্লা (ককিলা)। আৰু আছিল তেওঁলোকৰ মাতৃ মই যাক আই বুলি মাতিছিলো। আই আছিল এগৰাকী মাতৃ স্বৰূপিনী –অভিজাত মহিলা সদায় বগা কাপোৰকে পিন্ধা দেখিছিলো –ভব্যগব্য এজনী মহীয়সী ৰূপৰ মাতৃ। অনুষ্ঠান আৰম্ভ কৰিলে তেৱেঁই, তেওঁ মোৰ মাৰ হাতত এটা কড়ি আৰু এটা তামৰ পইচা দিলে– আৰু এধাৰি মালা –সেখিনিয়েই মোৰ মূল্য। তাৰ পাছত সেইখিনি আইৰ পৰা মোৰ মায়ে সাদৰেৰে লৈ মোক তেওঁৰ কোলাত হেনো দি দিলে। তেওঁ কোলাত লৈয়েই এজোৰ নতুন কাপোৰ পিন্ধালে আৰু কিবা কিবি দি মোক চুমা খাই সেৱা কৰিলে –অৰ্থাৎ আশীৰ্বাদ দিলে –ই দীৰ্ঘজীৱী হ’ব, বিদ্বান হ’ব –আৰু এই দুনীয়াত নাম থৈ যাব –সৎ পুৰুষ, পৰোপকাৰী হ’ব। এনে ধৰণে হেনো আশীৰ্বাদেৰে মোক আপ্লুত কৰি আকৌ মোৰ মাৰ কোলাত দি দিলে। তাৰ পাছত গোটেই ঘৰখনেই চাহ–মিঠাই খালে –যিসকল তাত উপস্থিত আছিল তেওঁলোককো আপ্যায়িত কৰিলে। বৰ পুৰণি ই ইতিহাস –১৯২১ৰ কথা –ক’তো লিখি থোৱা নাই, মা–বাইদেউহঁতৰ মুখেহে শুনিছিলো।
এইটো কথা কিন্তু মোৰ খুব ভালকৈ মনত আছে যে আই জীৱিত থকালৈকে –এনেকুৱা এটা ‘ঈদ’ পাৰ হোৱা নাছিল –যেতিয়া আয়ে মোলৈ কাপোৰ–কানি, মিঠাই পঠোৱা নাছিল। আনকি আয়ে দুৰ্গা পূজাৰ সময়তো মোলৈ কাপোৰ আৰু কেইটামান টকা পঠাই দিছিল। এইবোৰ সদায়েই লৈ আহিছিল ডাঙৰজনে অৰ্থাৎ বড়দাই। বাকী আটাইকেইজনৰ পৰাও মই হিয়া ভৰা স্নেহ পাইছিলো। আইক মই ১৬/১৭ বছৰলৈকে পোৱা কথা মোৰ মনত পৰে –তাৰ পাছত অৰু মোৰ স্নেহময়ী অইজনী এই সংসাৰএৰি গুছি গ’ল। যি হওক, এইখিনিতে এটা কথা হ’ল, নিয়ম অনুসৰি মোক হেনো মোকলাব লাগে মোৰ বিয়াৰ সময়ত –কিন্তু মোৰ বিয়াৰ সময়লৈ মোৰ মাও জীৱিত নাথাকিল –আয়ো মাৰ আগতে গুচি গ’ল। গতিকে এইবোৰ লৌকিকতা কোনে কৰিব? সেয়েই হয়তো সুস্থিৰ সমাজৰ মতে মোৰ সম্পৰ্ক অটুট হৈ ৰ’ল।’’(৫)
এটা সময়ত গিৰিশ চৌধুৰীৰ দেউতাক পৰিয়ালসহ কুমাৰপাৰা ত্যাগ কৰি উলুবাৰীৰ স্থায়ী বাসিন্দা হৈছিল। মঞ্চ, চিনেমা, চাকৰি, সংসাৰ লৈ ব্যস্ত হৈ পৰিছিল। এদিনৰ কথা, –আকৌ গিৰিশ চৌধুৰীৰ মুখতে শুনোছোন বাৰু, “কিন্তু ভগৱানৰ কি অদ্ভুত লীলা –এটা অধ্যায় শেষ হ’লেও সম্পূৰ্ণকৈ এই অধ্যায় শেষ নহ’ল। বোধকৰো ১৯৯৫ চন, ‘ধোঁৱা’ নামেৰে এখন কথাছবিত অভিনয় কৰিবলৈ গৈছিলো। তাত দৃশ্যগ্ৰহণ ক্ষেত্ৰত লগ পালো এজনী অকণমানী ছোৱালী, তাই নায়িকা হৈছে –নাম জেৰিফা। লগে লগে পৰিচয় দিবলৈ আগবাঢ়ি আহিল জেৰিফাৰ দেউতাক –ৱাহেদ– ঘৰত মতা নাম বাদল। বদালে ক’লে, ‘খুৰা আপুনি মোক চিনি পোৱা নাই – মই ডা: উবেদুল্লা, আপোনালোকৰ ককিলা দাদাৰ ল’ৰা আৰু জেৰিফা মোৰেই ছোৱালী।’ আচৰিত হ’লো তবধ মানিলো। ছোৱালীজনীক ওচৰলৈ টানি আনিলো। ……সিদিনাৰ পৰাই বিচাৰি পালো –মোৰ পুৰণি পৰিয়াল এটাক। … …এতিয়া বাদল মোৰ ভতিজা ইনু মোৰ ভতিজা বোৱাৰী আৰু জেৰিফা মোৰ নাতিনী। ঠিক মোৰ নিজৰ পৰিয়ালৰ দৰেই সিহঁত সকলো সময়তেই মোৰ খবৰ কৰি থাকে –মোৰ ঘৰৰ খবৰ –স্বাস্থ্যৰ খবৰ। জেৰিফাৰ ঘৰত মতা নাম ‘ছায়া’ বাইদেৱকৰ নাম ‘জয়া’ –মাক ইনু দেউতাক বাদল –ঠিক এটা হিন্দু পৰিয়ালৰ দৰেই নামবোৰ। ’’ (৬)
গিৰশ চৌধুৰীৰ কুমাৰপাৰা, মাছখোৱা, ভৰলুমুখৰ অসংখ্য বাল্য বন্ধুৰ ভিতৰত কেইজনমান আছিল মোৱাজ্জিন আলী, জামালুদ্দিন আহমেদ (গাইন), ইছা হক (বাপকন)। ডেকা বয়সতে জামালুদ্দিন ঢুকায়। গিৰিশ চৌধুৰীৰ জীৱনৰ ডাঙৰ আঘাত আছিল সেয়া। মোৱাজ্জিন আলীৰ লগত ওৰেটো জীৱন নাটক, চিনেমা কৰি কটাই দিলে। গুৱাহাটীত ৰাজহুৱা মঞ্চত সহ–অভিনয়ৰ পতনি মেলিবলৈ গৈ গিৰিশ চৌধুৰী ভাতৃ অনিল চৌধুৰী আৰু মোৱাজ্জিন আলীয়ে কম নগুৰ–নাকতি ভোগা নাছিল! ইছা হক আছিল অভিন্ন হৃদয়। গিৰিশ চৌধুৰীয়ে ইছা হকৰ কথা লিখিছে এনেদৰে, “১৯৪০ চনৰ পৰা ১৯৭২ চনলৈ দিনত (ঈদৰ দিনা) মই কাহিনীও ঘৰত ভাত খোৱা নাছিলো –কিন্তু ১৯৭২ চনত বাপকনৰ মৃত্যুৱে মোক সম্পূৰ্ণ অকলশৰীয়া কৰি ইহ সংসাৰ ত্যাগ কৰিলে। … …তাৰ মৃত্যু শয্যাৰ ওচৰত বহুত সময় থিয় হৈ ৰ’লো। সি মোক ধেমালিতে এদিন কৈছিল, ‘ঐ আমাৰ মানুহ মৰিলে তেওঁৰ ওচৰত ‘কলিমা’ দিব লাগে। তইতো সদায় এই সমাজতে থাক –তই কলিমাটো শিকি ৰাখ –মই মৰিলেতো তই দিবই লাগিব। ‘–অত্যন্ত ধেমালিৰ কথা –মই তাক গালী পাৰিছিলো –মই কৈছিলো –তয়ো মোৰ ‘চিতা’ত খৰি এডোখৰ দিবি। সি কৈছিল, -‘তোৰ চিতাৰ ওচৰলৈ মোক যাব দিব জানো?’ মই কৈছিলো –‘দিব দিব –মই কৈ যাম, তোক নিশ্চয় দিবলৈ দিব।’ সি হাঁহি কৈছিল –‘আচ্ছা দেখা যাব কোন আগেয়ে যায়।’ সঁচা, তাৰ কথাই সঁচা হ’ল –সি মোতকৈ আগেয়ে গুচি গ’ল। কিয়? মোৰ বুকুখন হাহাকাৰ কৰি উঠিল। তালৈ চাই চাই চকুপানী নিগৰি আহোঁতে সি মোক দুবছৰ আগতে শিকাই দিয়া কলিমা ফাঁকি মনত কৰি ভুলে–ভ্ৰান্তিয়ে মনে মনে গাই গ’লো –‘লা ইলাহা ইল্লাললাহা মহম্দ ৰচুলুল্লাহ আচহাদু আল্লা, লাইল্লাললাহু, আচহাঁদু আল্লা মহম্মদন আদহুত ৱ ৰচুলো। আটমন আমিন।’’ (৭)
এইজন গিৰিশ চৌধুৰীয়েই মিৰেল কুদ্দুছৰ নামটো দিছিল। চৌধুৰীয়ে মিৰেল কুদ্দুছৰ মাকক ৰাণী বাইটি আৰু দেউতাকক ভিনিটি বুলি মাতিছিল। মিৰেল কুদ্দুছৰ বায়েক জুৱেলৰ টাইফয়েদ হওঁতে একেৰাহে তিনিসপ্তাহ নিশা উজাগৰে থাকি গিৰিশ চৌধুৰী, মোৱাজ্জিন আলী আৰু জামালুদ্দিন আহমেদে পৰ দিছিল। মিৰেল কুদ্দুছৰ এগৰাকী বায়েকৰ লগত মহম্মদ তৈয়বুল্লাৰ ডাঙৰ পুত্ৰৰ বিবাহ ঠিক কৰি দিছিল গিৰিশ চৌধুৰীয়েই।
পেৰডি গায়ক দোস্ত হবিবুৰ ৰহমান আছিল জয়ন্ত হাজৰিকাৰ প্ৰিয়তম বন্ধু আৰু ড° ভূপেন হাজৰিকাৰ ভাতৃসম। দোস্তৰ ‘গুহেটিক নমস্কাৰ’ আৰু ‘গুৱাহাটী চিটি হ’ল’ শীৰ্ষক গীত দুটা আজিও প্ৰাসঙ্গিক। ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ কাৰ্যসূচী মানে দোস্তৰো কাৰ্যসূচী। ভূপেন হাজৰিকাৰ পৰিয়াল বহুদিন ভৰলুমুখত আছিল। তেওঁলোকৰ মোমায়েকৰ পৰিয়াল ভৰলুমুখৰ। জয়ন্ত হাজৰিকা দিনটো থাকেহি দোস্তৰ ঘৰত। দুয়োকে লৈ মাছখোৱা–কুমাৰপাৰা–ভৰলুমুখত এক ডাঙৰ সাংস্কৃতিক দল গঢ়ি উঠিছিল। জয়ন্ত হাজৰিকা আৰু দোস্ত আছিল সুদক্ষ গীতাৰ বাদক। ভূপেন হাজৰিকাৰ প্ৰায়বোৰ সংগীতৰ কাৰ্যসূচীৰ প্ৰধান গীতাৰ বাদক আছিল দুয়ো। ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ তেতিয়ালৈকে সৃষ্টি লাভ কৰা সকলো অমৰ গীতৰ সৃষ্টিৰ সাক্ষী আছিল দোস্ত। ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতসমূহৰ পেৰডি কৰি ভূপেন হাজৰিকাৰ কাৰ্যসূচীতেই পৰিৱেশন কৰিছিল দোস্তে। তিনিও যেন আপোন ভ্ৰাতৃ। বিষ্ণু ৰাভাৰ আহ্বানত ভূপেন হাজৰিকাই নাওবৈচা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামোতে প্ৰধান সহযোগী আছিল ভাতৃ জয়ন্ত হাজৰিকা আৰু দোস্ত হবিবুৰ ৰহমান। পিছপৰা সমষ্টিটোৰ দুৰ্গম পথত চাইকেলত হাৰমণিয়ম কঢ়িয়াই তিনিও গীত গাই গাই ৰাইজৰ পৰা ভোট বিচাৰি ঘূৰি ফুৰিছিল। সেইবাৰ ভূপেন হাজৰিকা জয়ী হৈছিল। অকালতে মৃত্যু হৈছিল দোস্ত আৰু জয়ন্তৰ। ‘চিকমিক বিজুলী’ৰ বাবে ভুপেন হাজৰিকাই লিখিছিল এটি গীত, ‘মৃত্যু সাৱটি সমাধি তলত…’। গীতটিৰ সুৰ দিবলৈ ভায়েক ৰাণা ভাইটি (জয়ন্ত হাজৰিকা)ক পাচিছিল। ভুপেন হাজৰিকাই লিখি থৈ গৈছে, “সি গোটেই নিশা তাৰ দোস্ত দোস্ত হবিবুৰ ৰহমানৰ সৈতে বহি গীততোৰ সুৰ দিলে। পিছদিনা গাই শুনালত মই বৰ ভাল পালোঁ। মইতো নাজানিছিলো যে ‘মৃত্য সাৱটি’ গীতটি তাৰ গাত ইমান সোনকালে ফলিয়াব বুলি। মইতো নাজানিছিলো দোস্ত হবিবুৰ ৰহমানৰ গাতো সেই গীতটো ফলিয়াব। জনা হ’লে সেই গীতটো ময়েই গালোহেতেন। আমি থাকি গলো –আশাৰ বৃক্ষ ৰুই আৰু ৰাণা আৰু দোস্তহত? ডেকা ডেকা বয়সতে গ’লগৈ, ”
দেশ স্বাধীন হোৱাৰ ঠিক পাছতে অসমে এটা ৰেডিঅ’ চেণ্টাৰ লাভ কৰিছিল ‘আকাশবাণী গুৱাহাটী’ৰ ৰূপত। আকাশবাণী গুৱাহাটীয়ে অসমীয়া সংস্কৃতি জগতলৈ নতুন জোৱাৰ আনিছিল। গীত–মাতকথা–নাটকেৰে এক সংহত অসমীয়া সংস্কৃতি গঢ়ি উঠাত অনবদ্য ভূমিকা পালন কৰিছিল আকাশবাণী গুৱাহাটীয়ে। সেই সময়খিনি অসমীয়া সংস্কৃতিৰ আকাশবাণী বা ৰেডিঅ’ যুগ বুলি কলেও ভুল কোৱা নহ’ব। প্ৰথিতযশা গীতিকাৰ তফজ্জুল আলীৰ ভাষাত, “১৯৪৮ চনৰ পহিলা জুলাই তাৰিখে অসমৰ শিল্পী, সাহিত্যিক আৰু জনসাধাৰণৰ কাৰণে এক নতুন সম্ভাৱনাময় বহল দুৱাৰ মুকলি কৰি দিলে। তাৰ এবছৰমান আগতে লাভ কৰা স্বাধীনতাই সমগ্ৰ ভাৰতবৰ্ষতে এটি উদ্দীপনাময় নৱ জাগৰণ বা ৰেণেছাঁৰ জোৱাৰ তুলিছিল। অসমৰ ক্ষেত্ৰত এটি সৃষ্টিশীল কৰ্মময় ৰেনেছাঁৰ জাগৰণ অনাত অন্যতম প্ৰধান উত্তেজক বা অনুপ্ৰেৰণা আছিল আকাশবাণী। ’’ আকাশবাণী গুৱাহাটীত লগ লাগিছিল অসমৰ গীত–নাটক–সাংস্কৃতি জগতৰ বচা বচা লোকসকল। বিষ্ণু ৰাভা, চৈয়দ আব্দুল মালিক, ড° মহেশ্বৰ নেওগ, ভূপেন হাজৰিকা, আনন্দিৰাম দাস, বীৰেন্দ্ৰনাথ ফুকন, পুৰুষোত্তম দাস, ৰুদ্ৰ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, দিলীপ শৰ্মা, ড° বীৰেন্দ্ৰ নাথ দত্ত, ইক্ৰামুল মজিদ, তাৰিকুদ্দিন আহমেদ, দেৱেন শৰ্মা, লক্ষ্যহীৰা দাস, তফজ্জুল আলী, দীপালি বৰঠাকুৰ, নিৰুপমা হাজৰিকা (পিছলৈ সুদক্ষিণা শৰ্মা), গিৰিশ চৌধুৰী, মোৱাজীন আলী, মহেন্দ্ৰ বৰঠাকুৰ, খগেন মহন্ত, আৰু অনেক প্ৰতিভাধৰ ব্যক্তি। দুৰ্ভাগ্যজনকভাৱে “চৈয়দ আব্দুল মালিক আৰু ভূপেন হাজৰিকাই কামত সোমোৱাৰ দুমাহৰ পিছতে চাকৰি এৰিব লগীয়া হৈছিল। কাৰণ হ’ল Police Verification Report অনুযায়ী তেওঁলোক দুয়োজনকে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰসৈতে যোগাযোগ থকা বুলি জনা গৈছিল। সেই সময়ত কমিউনিষ্ট পাৰ্টি ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ আছিল।’’ (৮)
সেই সময়ত ৰেকৰ্ড কৰি গীত, নাটক সম্প্ৰচাৰ কৰাৰ সুবিধা নাছিল। চলন্ত অৱস্থাত সকলো সম্প্ৰচাৰ কৰিব লগীয়া হৈছিল। তেনেকুৱা দিনত ভূপেন হাজৰিকাই গীত গোৱাবলৈ উলিয়াই আনিছিল গুণদা দাস কৌৰ, মেৰী খাতুন, হালিমা বখত, ৰৌচান আৰা বেগম, শ্বাহজাদী বেগমক আৰু আহিছিল অমিয় মোহন দাস, গিৰিজা দাস, নুৰনাহাৰ বেগম, জাহানাৰা ৰহমান, গিৰিজা বৰদলৈ, নিজামুদ্দিন আহমেদ। গিৰিশ চৌধুৰীয়ে নাটক কৰিবলৈ লৈ আনিছিল ৰৌশানাৰা বেগম, চাজিদ খালিদা বেগমক। (শিল্পী সকলৰ এই তালিকা বহু দীঘল, সেয়ে ইমানতে সামৰিলো। এই বিষয়ে অনুসন্ধিৎসু সকলে কীৰ্তি কমল ভূঞা দেৱৰ ‘অসমীয়া আধুনিক গীতৰ বিকাশত আকাশবাণীৰ ভূমিুকা’ শীৰ্ষক গ্ৰন্থ আৰু অৰুণ শৰ্মাৰ ‘শিপাৰ চিনাকি’ গ্ৰন্থৰ আকাশবাণীৰ চাকৰিয়াল শীৰ্ষক অধ্যায় পঢ়িবলৈ অনুৰোধ কৰিলোঁ)। এই সকলোকে নেতৃত্ব দি আকাশবাণী গুৱাহাটীক সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছিল সঞ্চালক উবেদুল লতিফ বৰুৱাই। এই ক্ষেত্ৰত উবেদুল লটিফ বৰুৱাৰ বিশেষ সহযোগী আছিল পুৰুষোত্তম দাস, বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু ভূপেন হাজৰিকা। মাটিৰ গোন্ধ থকা সাংস্কৃতিক, ঐতিহ্যক প্ৰতিষ্ঠা কৰিছিল আকাশবাণী গুৱাহাটীয়ে।
দিনকাল সলনি হৈছে। আজিকালি একাংশই সকলো ঘটনাৰ সাম্প্ৰদায়িক দিশ খুচৰি ফুৰে। সেই ‘একাংশ’ ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱা সূত্ৰে তেওঁলোকৰ দুষ্ট আচৰণে সমগ্ৰ সমাজখনকে অস্থিৰ কৰি তোলে। আগতে তেনে নাছিল। হিন্দু–মুছলমানৰ আচাৰ–আচৰণৰ পাৰ্থক্যবোৰকলৈ মানুহে মূৰ ঘমোৱা নাছিল – বিভেদ নহয়, ব্যক্তিগত বিশ্বাস, উদাৰতা আৰু ৰুচিবোধ অনুযায়ী অধ্যাত্মিকতা আৰু কেতিয়াবা বিমল আনন্দৰ খোৰাক হৈ পৰিছিল ধৰ্ম। দুটা বেলেগ সময়ৰ দুগৰাকী ব্যক্তি ড° সূৰ্য কুমাৰ ভূঞা আৰু ছৈফুল্লা খনিকৰৰ লিখনিৰ পৰা দুটা ঘটনা টানি আনি এই লিখনিৰ সামৰণি মাৰিম। ধৰ্ম যে একান্ত ব্যক্তিগত আৰু অন্তৰ্জগতৰ বিষয়, নিজে পালন কৰা ধৰ্মটোৰ লগত আন ধৰ্মৰ অমিলখিনি বাহ্যিকতাহে মাত্ৰ, সেয়াই প্ৰকাশ পাইছে ড° সূৰ্য কুমাৰ ভূঞা আৰু ছৈফুল্লা খনিকৰৰ স্মৃতিচাৰণত।
অসমৰ বিদ্বত জগতৰ ভোটাতৰা ড° সূৰ্য কুমাৰ ভূঞাদেৱৰ এখন গ্ৰন্থ Men I Have Metত তেখেতে লগ পোৱা আৰু তেখেতৰ জীৱনক প্ৰভাৱিত কৰা ১৫২ গৰাকী ব্যক্তিৰ বিষয়ে লিখি থৈ গৈছে। উক্ত বিশিষ্ট চৰিত্ৰৰ ব্যক্তিসকলৰ ভিতৰত এক বিশেষ চৰিত্ৰ আছিল, তেখেতৰ নিজৰ ভাষাত ‘এজন নিৰক্ষৰ দাৰ্শনিক’। গুৱাহাটীৰ গাড়ীগাঁৱত বাস কৰা জাহাঙ্গীৰ ফকিৰে সেই সময়ত কান্ধত ভাৰ বান্ধি গুৱাহাটীত বাঁহ বেতৰ সামগ্ৰী বিক্ৰী কৰি ফুৰিছিল। মানুহজনে সকলো সময়তে মুখত আল্লাৰ নাম বিৰবিৰাই থাকিছিল। ড° ভূঞাই অন্তৰেৰে শ্ৰদ্ধা কৰা জাহাঙ্গীৰ ফকিৰ যেতিয়াই তেখেতৰ ঘৰলৈ সামগ্ৰী বিক্ৰী কৰিবলৈ আহিছিল, তেখেতে মানুহজনৰ সঙ্গত কিছু সময় কটাইছিল, ধৰ্মীয় দৰ্শনৰ বিষয়ে কথা পাতিছিল। ড° ভূঞাৰ দৰে বিশাল পাণ্ডিত্যৰ ব্যক্তি এগৰাকীয়ে একেবাৰে সাধাৰণ জীৱন কটোৱা ভিন্ন ধৰ্মী লোকজনৰ বিষয়ে লিখিছে, “দেহতত্ত্ব আৰু মনোজগত সম্পৰ্কীয় গূঢ়াৰ্থ থকা বহু কথাই এই গৰাকী গুণী ব্যক্তিৰ লগত হোৱা আলাপ আলোচনাৰ মাজেৰে মই জানিব পাৰিছিলোঁ যিয়ে ‘মানৱ আস্তিত্বৰ আন এখন দুৱাৰ’ মোৰ বাবে মুকলি কৰি দিছিল।’’ ড° ভূঞাই আৰু কৈছে যে যেতিয়াই সৃষ্টিকৰ্তাৰ অপাৰ মহিমা আৰু কৰুণাৰ কথা ক’বলৈ লৈছিল, লক্ষ্য কৰিছিলোঁ যেন তেওঁৰ চকু পানীৰে বাট নেদেখা অৱস্থা হয় আৰু ওপৰলৈ হাত ডাঙি প্ৰাৰ্থনা কৰিবলৈ ধৰে। … …নিজৰ বংশ পৰিয়ালৰ উপৰিও দেশ, জাতি, বিশ্বমানৱৰ শান্তি আৰু উন্নতিৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰয়াত ছৈফুল্লাহ খনিকৰৰ নিজৰ ভাষাতে শুনক আন এক ভিন্নধৰ্মী ডুখৰীয়া স্মৃতি – “জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১ নং ছাত্ৰাবাসৰ বন্ধু জগন্নাথ গোস্বামী এদিন হুৰমূৰকৈ মোৰ কোঠালৈ সোমাই আহি ক’লে— ঐ, তহতৰ জোনাবসকলে কোনফালে মুখ কৰি নামাজ পঢ়ে অ’, পূবে নে পশ্চিমে? মই ক’লো –পশ্চিমে। গোস্বামীয়ে লগে লগে ‘আমাৰ তেনে পূব, আমাৰ তেনে পূব’ বুলি ততাতৈয়াকে ওলাই গ’ল। পিছত লগ পাই মই সুধিলোঁ কথাটোনো কি? গোস্বামীয়ে ক’লে – নহয় অ’, সৰস্বতী পূজাৰ মণ্ডপ সাজিবলৈ লৈ কমিটিৰ সদস্যকেইজন অলপ বিপাঙত পৰিল। মূৰ্ত্তি কোন দিশে স্থাপন হ’ব? পূজাৰীয়ে কোন ফালে মুখ কৰি বহিব? পূবে নে পশ্চিমে? কাৰণ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব মণ্ডপ আৰু প্ৰৱেশপথ ইত্যাদিৰ নিৰ্মাণ। কমিটিত এজনো বামুণ–গোসাই নোহোৱা বাবে বিচাৰি বিচাৰি মোকে পালেহি। হওঁতে মই উত্তৰটো জানোৱেই। কিন্তু যিহেতু এইটো ৰাজহুৱা কাম, সেয়েহে নিশ্চিত হ’বৰ বাবে তোক সুধি ল’লোঁ। চা, মুছলমানৰ ৰীতি–নীতিবোৰ বেছিভাগেই হিন্দুৰ বিপৰীত। হিন্দুৱে মূৰৰ ফালে টিকনি ৰাখে, মুছলমানে তাৰ ওলোটা ফালে অৰ্থাৎ তলফালে ডাঢ়ি ৰাখে। তহত পশ্চিম বা উত্তৰ দিশে মূৰ দি শোৱ, আমি পূব বা দক্ষিণৰ ফালে মূৰ দি শোওঁ। গতিকে তহঁতৰ জোনাবে যদি পশ্চিমফালে মুখ কৰি নামাজ পঢ়ে, তেন্তে আমাৰ পুৰোহিতে পূব ফালে মুখ কৰিবই। খাটাং। ল’ৰাকেইটাক তাকেই ক’লোগৈ। ’’ (৯)
তথ্যসূত্ৰ
১৷ যুগ যুগ গুৱাহাটী–মেদিনী চৌধুৰী
২৷ খান বাহাদুৰ চৈয়দ মুহিবুল্লাহ–আকদাচ আলী মীৰ
৩৷ নবীন চৌধুৰীৰ নাতি, যোৰপুখুৰীপাৰ নিবাসী অৰূপ চৌধুৰীৰ লিখকৰ আগত ব্যক্তিগত কথোপকথন
৪৷ স্মৃতিৰ পটত মহানগৰৰ কুমাৰপাৰা –ম: হেদায়েৎ উল্লা
৫৷ মোৰ জীৱন নাটৰ স্মৃতিকথা –গিৰিশ চৌধুৰী
৬৷ মোৰ জীৱন নাটৰ স্মৃতিকথা –গিৰিশ চৌধুৰী
৭৷ মোৰ জীৱন নাটৰ স্মৃতিকথা –গিৰিশ চৌধুৰী
৮৷ শিপাৰ চিনাকি –অৰুণ শৰ্মা
৯৷ স্মৃতিৰ ৰহঘৰা –ছফিউল্লাহ খনিকৰ