মই এজন পুৰুষে কৈ আছোঁ
লেখক- ধীৰেন শইকীয়া
“কাৰো জীৱন কাৰো বাবে সৰল হৈ থকা নাই“
জয়ন্ত ৰাজবংশীৰ কাব্যগ্ৰন্থ ‘মই এজন পুৰুষে কৈ আছোঁ‘ ৰ এক আলোচনা
জয়ন্ত ৰাজবংশী এগৰাকী সাম্প্ৰতিক সময়ত মানৱীয় মূল্যবোধৰ স্খলনৰ বিপৰীতে জীৱন সম্বন্ধে বাস্তৱিক অভিজ্ঞতালব্ধ ভাব অনুভূতিৰে কাব্য সাধনা কৰা স্বভাৱ কবি। তেওঁৰ শেহতীয়া কাব্যগ্ৰন্থ ‘মই এজন পুৰুষে কৈ আছোঁ‘ অলপতে পঢ়িলোোঁ। বাৱন্নটা অৰ্থবহ কবিতাৰ এই সংকলনখনত কবি জয়ন্ত ৰাজবংশীয়ে সাম্প্ৰতিক সময়ৰ বহু সমস্যা, মানৱীয় ভাব–অনুভূতিক চিন্তন আৰু মননেৰে বৰ্ণনা কৰাৰ লগতে বহুকেইটা কবিতাত আনে বৰ্তমানলৈ ব্যৱহাৰ নকৰা চিত্ৰকল্প, ৰূপক কিম্বা প্ৰতীক ব্যৱহাৰ কৰা বাবে কবিতা কেইটি পাগত উঠি পঢ়ুৱৈৰ মন আকৰ্ষণ কৰিব পাৰিছে। দেউতাৰ সুখী ওঠত দুখৰ ৰং, দুচকুৰ উত্তাপৰ পঢ়াশালি, মেখেলাৰ থাকে ফুলি উঠাৰ সুখ, মেটেকা ফুলৰ হাঁহি, যমুনাৰ গোপিনী উঠা ঘাট, সন্দেহত ঘূৰে বতাহৰ নাচ, বাউসীত সিংহ অঁকা ছোৱালীজনী, কুঠাৰৰ কামোৰত বৈ পৰা দেহ, ৰ‘দৰ পিয়লাত জোনৰ মুখ, ৰাইজমেলৰ দীঘলীয়া শিয়াল দৌৰ আদিয়েই ইয়াৰ জ্বলন্ত প্ৰমান। ‘আই‘ আৰু ‘পিতাই‘ শব্দ দুটা জয়ন্ত ৰাজবংশীৰ কবিতাত অনুপম ৰূপেৰে ব্যৱহৃত হৈ কবিতাবোৰ হৃদয়গ্ৰাহী কৰি তুলিছে। ‘আই আৰু পিতাইৰ বাবে প্ৰেমৰ দিন‘ জয়ন্ত ৰাজবংশীৰ এটি অন্যতম শ্ৰেষ্ঠ কবিতা। কবি ৰাজবংশীয়ে লিখিছে–
“পিতাইৰ ভাগৰত আইৰ দুচকুৰ উত্তাপ
আইৰ দুখত কোঁচ খাই পিতাইৰ দুয়ো কান্ধ
পিতাইৰ দুচকুত আৰু ৰোমান্তিক হৈ আহে আইৰ চুলিৰ ভাজত খহা
মেঘৰ বৈ অহা বৰষুণৰ থলথল চাৱনি
———–
সেয়ে আজিও আইয়ে গৌৰৱেৰে কঢ়িয়াই ফুৰিছে পিতাইক
…………..
আৰু পিতায়ে
পিতায়েই গুঠি আছে আইৰ দুচকুত প্ৰেমৰ ঠিকনা।“
কবিতাটোৰ যোগেদি কবিয়ে সহজ সৰল পৰিশ্ৰমী মাক–দেউতাকৰ আশাসুধীয়া শ্ৰম আৰু পাৰস্পৰিক বুজাবুজি আৰু সহৃদয়তা সুন্দৰকৈ ফুটাই তুলিছে। জীৱনৰ হেজাৰ সমস্যা আৰু সংঘাটৰ দিনতো সদায় আই–পিতাইৰ বুজাবুজিক যেন কবি ৰাজবংশীয়ে সদায় গাৰ্হস্থ্য জীৱনৰো অন্যতম সুখৰ আধাৰ তথা আদৰ্শ হিচাপেই লৈছে।
এয়া পিতৃ–মাতৃপ্ৰেমৰ পৰা উঠাই গৈ আদৰ্শ চৰিত্ৰ(model character) হিচাপেই প্ৰতীয়মান কৰিছে। কাব্যগ্ৰন্থখনৰ আন এটি জনপ্ৰিয় কবিতা ‘তিৰোতা হোৱাৰ কথাৰে‘। নাৰী অধিকাৰ, নাৰী স্বাধীনতা আদিৰ কথাকে প্ৰকাশ কৰি কবিয়ে লিখিছে—
“তুমি তিৰোতা হোৱাৰ পিছত নিশাবোৰ উদযাপিত হৈছিল
আপোনজনৰ সুখৰ বাউসীৰে
আৰু তুমি তিয়াইছিলা শিতানৰ গাৰু
তিৰোতা হোৱাৰ পিছত অসুখী হলেও সদায় সুখী“
জয়ন্ত ৰাজবংশী কবিতাৰে সুন্দৰ চিত্ৰ অঁকাত সিদ্ধহস্ত‘। সমাজ জীৱনতো তেওঁৰ কবিতা অতন্দ্ৰ প্ৰহৰী যেন লাগে আমাৰ। অতিমাৰী ক‘ৰোনা কালত আমাক ‘ভেকচিন‘ৰ অতিব প্ৰয়োজন আছিল পিছে এই ‘ভেকচিন‘ক ৰোগ প্ৰতিৰোধক বুলি সকলোৱে জনাৰ প্ৰসংগটোক তেওঁ আৰু এঢাপ ওপৰলৈ নি সমাজতাত্বিক দৃষ্টিৰে ৰাজনীতিৰ পৰা সমাজনীতিলৈ চৌদিশে গড়াখহনীয়া দেখি মানৱীয় প্ৰমূল্যবোধ ৰক্ষাৰ বাব ‘ভেকচিন‘ৰ প্ৰয়োজনীয়তা খুবেই প্ৰয়োজন বুলিছে। তেওঁ ‘ভেকচিন‘ কবিতাটোত
লিখিছেঃ
“ৰাজনীতিৰ পৰা সমাজনীতিলৈ এটা ভেকচিন লাগে
যি ভেকচিনৰ বাবে মানুহবোৰৰ
অমানুহ হোৱাৰ নাথাকে এখন খোলা দৰ্জা
……………………
…………………..
অ মোৰ দেশৰ মানুহ,
আপুনি যে আপোনাৰ বাবে ডাঙৰ ভেকচিন
এই কথাৰে ৰোপন কৰা সেউজীয়া কঠীয়া নহ‘লে আইৰ আঁচলেও হেৰুৱাব মাটিৰ গোন্ধ“।
জয়ন্ত ৰাজবংশীৰ কবিতাত ঐতিহ্য চেতনাই প্ৰায়ে ভুমুকি মৰা দেখা দেখা যায়। কাব্য সংকলনখনৰ কেইবাটাও কবিতাত (চোতাল, দাপোন, মোনা আদি) ইয়াৰ ছাঁ পৰিছে।
উদাহৰণ–
“পিতাইয়ে সম্ৰাট হৈ পিন্ধাইছিল
আইৰ কপালত সেন্দুৰীয়া আলি
পিতাই আৰু আইৰ চোতালখন
আজিকালি তিতি থাকে
পিচল হৈ উঠে চোতালৰ পিঠি
তথাপি চোতালৰ মুখত নাই হাচনাহানাৰ হাঁহি“
(চোতাল)
কবিৰ কবিতাসমূহত গ্ৰাম্য পৰিৱেশ এটাই অনবৰতে দোলা দি থাকে বাবে সঘনাই পথাৰ, চোতাল, উৰুখা পজা, জোনাকৰ সুগন্ধ আদি শব্দৰ উপলব্ধতা দেখা যায়, এনে সংযোজনো কাব্য সুন্দৰতাৰেই অনন্য ৰূপ। কবি ৰাজবংশীৰ অনুভৱ বিশাল, এই অনুভৱৰ বৰ্হিপ্ৰকাশ ঘটি তেওঁ লিখিছে– ‘আজিকালি চোতালত বহি চৰায়ে নাপাতে কথা‘… ‘আজিকালি মৰণাৰ চোতালখনো শুই পৰিল‘ আদি বাস্তৱিক ৰূপসৰ্বস্ব কথা।
কবি ৰাজবংশীক বহু সামাজিক ৰাজনৈতিক কথাবাৰ্তায়ো আমুৱাইছে। শাসকৰ ফিটাহি মৰা কথাবাৰ্তা, অবিশ্বাসী নীতি নিৰ্দেশনা আদিক সুন্দৰভাৱে ভ্ৰুকুটি দেখুৱাই কবিয়ে ‘মুখা পিন্ধা মুখত পৃথিৱীৰ হাঁহি‘ কবিতাত লিখিছে
…………………..
“বুকুৰ ভিতৰত একো নোহোৱা হ‘ল
ৰজাই ৰজাৰ পথ বিচাৰি আকাশত পাতে চাং
প্ৰজাই উৰুখা চালিৰ তলত বুটলি লয়
ৰাতিৰ আন্ধাৰত খহি পৰা তৰাৰ দেহ“।
চৌদিশে অবিশ্বাসৰ কথা–বতৰা আৰু স্বাৰ্থান্বেসী মন মানসিকতাই বেয়াকৈ ছানি ধৰিছে। গেলি যোৱা সময় তথা এনে অশুভ চিন্তন মননত জনসাধাৰণ প্ৰভাৱিত হোৱা দেখি কবি ৰাজবংশীয়ে একেটা কবিতাতে লিখিছে…….
“সভা পাতি ভোজৰ বাবে সকলোৰে জিভা দীঘল
তথাপি আজি জিভা উলিয়াই কথকতা নাই
বাহিৰত যি আছে ভিতৰতচোন সেয়া নাই
যাৰ বাবে আমি আমাৰ জীৱনক ওখ কৰাও
পাহাৰৰ পৰা বৈ অহা বতাহত ওখ হ‘ব“
…………..
নিজক নিজৰ বাবে গেলাই ৰাখিছোঁ
বুকুৰ যন্ত্ৰনাক পিন্ধাইছোঁ মুখাৰ আঁৰৰ শৰীৰ
যি শৰীৰত ভৰ নাই পৃথিৱীৰ হাঁহি।“
ব্যক্তিগত হা–হুমুনিয়াহ, প্ৰাত্যহিক জীৱনেও কবি ৰাজবংশীৰ মনত আঁচোৰ নেপেলোৱা নহয়, সন্দেহ মনৰ ঘূনপোক। এই ঘূনপোকটো সাগৰতকৈও বিশাল বুলি অভিহিত কৰি এই সন্দেহৰ বাবে টচনচকৈ কাচৰ দৰে ভাঙে সংসাৰো এয়া তেওঁৰ অভিজ্ঞতা। কবি ৰাজবংশীয়ে কৈছে ই ইমানেই পাতল, দুচকুৰে ইয়াক পাতলাব নোৱাৰি। হৃদয়ত এবাৰ বহুৱাই ললে ই গোজেই গজালি হৈ এফালৰ পৰা বখলাই লয় দেহৰ সকলো।
কবিৰ ভাষাত………. …….
“সন্দেহত ঘূৰে বতাহৰ নাচ
যি নাচৰ নাম থাকে ঘূৰ্ণী, ফনী ইত্যাদি।
সেয়েহে বোলো কথাতে কয়
যদিহে ওপজিছে সন্দেহ
হয়তো ভাঙিব জোৰোণ গাঁঠিৰ পাক
নাইবা সৃষ্টিৰ প্ৰগলভ মথাউৰি।
……….
………
সন্দেহৰ বাবে কাকো সুখী হোৱা দেখা নাই সন্দেহ ইমান ডাঙৰ মহামাৰী
মাখিবাহী চৰাইৰ দৰে ক‘ত জন্মি ক‘ত হেৰায় কোনো ঠিকনাই ৰাখি মুকলি নাৰাখে পদূলি“
(সন্দেহ)
প্ৰগলভ কবি জয়ন্ত ৰাজবংশীৰ দৃষ্টিত আজিকালি জীৱনটো বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ অতি জটিল হৈ পৰিছে, ই যেন হৈ পৰিছে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰা প্ৰাৰ্থী এজনৰ ইস্তাহাৰৰ লেখিয়া, মোক ভোট দিলে মই অমুক কৰিম, এইটো দিম সেইবোৰ সমস্যা আঁতৰাই সুখৰ বন্যাৰে সুখী কৰিম যেন অৱস্থা সৰ্বত্ৰে এতিয়া বিৰাজমান। অৰ্থাৎ সমাজত সকলোবোৰ যেন ইস্তাহাৰ সদৃশ জীৱন, প্ৰতিশ্ৰুতিৰ ফুলজাৰি, যাক বুকুত আজুৰি মানুহবোৰে সুখী হোৱাৰ কচৰৎ কৰে।
তেওঁ ‘ইস্তাহাৰ‘ কবিতাটোত লিখিছে………………….. .
“আচলতে জীৱন এতিয়া ইস্তাহাৰৰ পৃষ্ঠা নে!
ৰাজআলিটো ৰাংকুকুৰে চিঞৰে
ঘৰৰ মজিয়াতো চিৰাল ফাঁট মেলে
ইস্তাহাৰত থকা প্ৰতিশ্ৰুতি ক্ৰমে
এতিয়া কাৰো জীৱন কাৰো বাবে সৰল হৈ থকা নাই“
কবি ৰাজবংশীৰ বহু কবিতাত সমাজত ইতিপূৰ্বে প্ৰতিষ্ঠিত হৈ অহা পৰম্পৰাগত বিশ্বাস আৰু আধ্যাত্মিক কাহিনীবোৰৰ প্ৰভাৱো দেখা যায়, তেওঁৰ কবিতাত আঁচোৰ পৰে তেনে অলেখ কাহিনীৰ পুৰাণকথাই, হয়তো সেইবাবেই তেওঁৰ কবিতাসমূহতো তাৰ ছাঁ পৰি তাৰ প্ৰতীক –ৰূপকেৰে বহু কথা কব খোজে। তেওঁ লিখিছে…
“নেদেখা পৃথিৱী এখনিৰ অনুসন্ধান লাগে
য‘ত সূৰ্যৰ প্ৰেমেৰে
কুন্তী হৈছিল গৰ্ভৱতী
কৰ্ণৰ প্ৰসৱ যন্ত্ৰনাৰ চিঞৰে বহলাইছিল
কুন্তীৰ আবেগময় প্ৰেমেৰে আকাংক্ষাৰ পৃথিৱী যিখনি পৃথিৱীৰ মাটি খহিছিল কৰ্ণৰ উচুপনিত।“
মুঠতে ‘মাইথলজিকেল কেৰেক্টাৰ‘ৰ দ্বাৰাও জয়ন্ত ৰাজবংশীয়ে কবিতাৰ সুন্দৰ তামিঘৰা সাজিব জানে তাকে পালোঁ তেওঁৰ ‘লুঠুং–ঠুঙীয়া‘ কবিতাটোত।
বিভিন্ন দৃষ্টিকোণেৰে কাব্যগ্ৰন্থ ‘মই এজন পুৰুষে কৈ আছোঁ‘ পঢ়ি ই এখন উৎকৃষ্ট পঠনীয় সুখপাঠ্য বুলি অভিহিত কৰিলোঁ। গ্ৰন্থখনৰ ভাষা কাব্যসুষমাযুক্ত, বেটুপাত অৰ্থবহ, মই এজন পুৰুষে কৈ আছোঁ‘ সংকলনখন প্ৰকাশ কৰিছে সম্ভ্ৰান্ত প্ৰকাশন সংস্থা গুৱাহাটীৰ ‘মেজাংকৰী প্ৰকাশনে‘।কবি জয়ন্ত ৰাজবংশীৰ পৰা এনে আৰু অধিক কবিতা সংকলনৰ আশা কৰিলোঁ।