সম্পাদকীয়
লেখক- কৰবী দত্ত
অতীজৰ প্ৰাগজ্যোতিষপুৰ; কালক্ৰমত গুৱাহাটী। চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ মতে; তামোল গছৰ প্ৰচুৰতাৰ বাবে, বিশিষ্ট সাহিত্যিক গুণাভিৰাম বৰুৱাৰ মতে চাৰিওফালে পাহাৰে আবৰা, গুহাসদৃশ অৱস্থানৰ বাবেই গুৱাহাটী নামটোৰ উৎপত্তি হৈছে। ১৭ শতিকা মানৰ পৰা গুৱাহাটী শব্দটো প্ৰচলিত হোৱা বুলি বিশেষজ্ঞসকলে ধাৰণা কৰে। পৰৱৰ্তী কালত বৃটিছসকলে গুৱাহাটীক গৌহাটী (Gauhati, Gowhatti, Gohati) বুলি উচ্চাৰণ কৰিছিল আৰু লিখিবলৈ হ’লে উচ্চাৰণ কৰা ধৰণেই বানানটো লিখিছিল। অৱশ্যে ১৯৮০ চন মানৰ পৰাহে গুৱাহাটী (Guwahati) বানানটো সৰ্বজনগৃহীত হয়।
আহোম ৰজাৰ নামনিৰ সদৰ হোৱাৰে পৰা বৃদ্ধি পোৱা গুৱাহাটীৰ গুৰুত্ব বৃটিছৰ শাসনকালতো অক্ষুণ্ণ হৈ আছিল। অৱশেষত শ্বিলঙৰ পৰা ৰাজধানী নামি অহাৰ লগে লগে গুৱাহাটী শিক্ষা, বাণিজ্য, পৰিবহণ–সকলোৰে কেন্দ্ৰবিন্দু হৈ পৰিল, লগতে হৈ পৰিল বহু মানুহৰে জীৱন–যাপন আৰু জীৱিকা সন্ধানৰ বাবে হেঁপাহৰ ঠাই।
আৰু তাৰ লগে লগেই ৰূপ সলনি হ’বলৈ ল’লে গুৱাহাটীৰ। এসময়ত গছে–বনে সেউজীয়া হৈ থকা মহানগৰীৰ পাহাৰবোৰৰ অধিকাংশই বেদখলৰ কৱলত পৰিল, মহানগৰীৰ বুকুৱেদি বৈ যোৱা, একালত মাছ–কাছৰে ভৰি থকা ভৰলু নৈয়ে পূৰ্বৰ সুন্দৰ ৰূপ হেৰুৱাই নলালৈ পৰিবৰ্তিত হ’ল। আনকি ব্ৰহ্মপুত্ৰ নৈকো প্ৰদূষণে কলুষিত কৰিলে। আজিৰ পৰা মাত্ৰ ত্ৰিশ–পয়ত্ৰিশ বছৰ আগলৈকে ব্ৰহ্মপুত্ৰত দেখিবলৈ পোৱা শিহুবোৰ এতিয়া দেখিবলৈ নাই। দীপৰ, শিলসাঁকোকে ধৰি বিলকেইখনে কদৰ্য ৰূপ ধাৰণ কৰিলে। বিভিন্ন অঞ্চলৰ দ জলাশয়সমূহ পুতি তাত নানা ধৰণৰ ব্যৱসায়িক আৰু বাসোপযোগী বৃহৎ বৃহৎ, জাকজমক অট্টালিকা নিৰ্মাণ কৰা হ’ল যদিও সমান্তৰালভাবে মহানগৰীখনৰ নলা–নৰ্দমাৰ ব্যৱস্থাটোৰ বিশেষ উন্নতি নঘটিল। একেদৰে জাৱৰ নিষ্কাশনৰো বিশেষ সুব্যৱস্থা কৰা নহ’ল। অপৰিকল্পিতভাৱে মহানগৰীখনৰ সম্প্ৰসাৰণ ঘটাই থকা হ’ল, অথচ বাট–পথ, পানীযোগান ব্যৱস্থা আদিৰ উন্নতি সাধনৰ বাবে কোনো ধৰণৰ সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰা নহ’ল।
কৰ্মসংস্থাপনৰ বাবেই হওক বা মহানগৰীৰ নাগৰিক হোৱাৰ হেঁপাহৰ বাবেই হওক, গুৱাহাটীত জনসমাগম দিনক দিনে বৃদ্ধি পাই আহিছে, সমান্তৰালভাৱে বৃদ্ধি পাইছে যানবাহন। এই বৰ্দ্ধিত হেঁচাৰ মোকাবিলা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষয়ো চেষ্টা চলাইছে যদিও যদিও যানজঁট লাহে লাহে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিল।
পানীৰ সমস্যায়ো মহানগৰবাসীক জোলোকা–জোলোকে পানী খুৱাইছে। বাৰিষাৰ সঘন কৃত্ৰিম বানপানীৰ বিপৰীতে বিশাল বৰলুইতখন গাতে লাগি থকা সত্ত্বেও মহানগৰবাসীৰ খাবলৈ পানী নাই। পানবজাৰ, সাতপুখুৰীকে ধৰি দুটামান পানীযোগান প্ৰকল্প তথা প্ৰান্তীয় অঞ্চলৰ সৰু–সুৰা পানীযোগান আঁচনিৰে মহানগৰবাসীৰ খোৱাপানীৰ চাহিদা পূৰণ কৰাটো আজিৰ তাৰিখত সম্ভৱপৰ হৈ নুঠিল। আনহাতে, বৰ্দ্ধিত জনসংখ্যাৰ হেঁচাৰ ফলত মহানগৰীৰ প্ৰায়বোৰ দ অঞ্চল পুতি সেইবোৰ বাসোপযোগী কৰা হ’ল যদিও নলা–নৰ্দমাৰ সুব্যৱস্থা কৰা নহ’ল। কোনো কোনো অঞ্চলত নলা–নৰ্দমাৰ ব্যৱস্থা আছে যদিও সেইবোৰৰ নিয়মীয়া নিষ্কাষণৰ বিশেষ কোনো ব্যৱস্থা আজিকোপতি সম্ভৱপৰ হৈ নুঠিল। এজাক বৰষুণতেই মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখা গ’ল। আনকি এনে কৃত্ৰিম বানপানীৰ ঢলত উটি গৈ ইতিমধ্যে ভালেকেইজন লোকৰ মৃত্যুও ঘটিছে।
মহানগৰীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অৱস্থাও অতি শোচনীয়। চিটীবাছ, অটো, ৰিক্সা তথা কিছুমান পথত চলা মেজিক বা টেম্প’ৰ চালক–পৰিচালকৰ দৌৰাত্ম্যৰ কথা নকৈ ক’বলগীয়া নাই। বাট–পথৰ নীতি–নিয়ম উলংঘা কৰা, আৰোহীক দুৰ্ব্যৱহাৰ কৰা, অযুক্তিকৰ ভাড়া দাবী কৰা আদিকে ধৰি যাত্ৰীসকলৰ এশ এবুৰি সমস্যা। প্ৰয়োজনীয় পদক্ষেপৰ অভাৱৰ বাবেই গুৱাহাটীত আজিকোপতি এটা সুচল ৰাজহুৱা পৰিবহণ ব্যৱস্থা গঢ় লৈ নুঠিল। তাৰেই সুযোগ লৈ যাত্ৰীসকলক নানা প্ৰকাৰে হাৰাশাস্তি কৰি থকা হৈছে। মহানগৰীৰ কোনো কোনো অঞ্চলত চলা একাংশ মেজিক আৰু তিনিচকীয়া টেম্পবোৰৰ হেনো পাৰ্মিটেই নাই, কোনো কোনো ঠাইত মাহিলী হিচাপত নিয়মীয়াকৈ ধন আদায় দিহে সেইবোৰ ৰাষ্টাত চলি থাকে। সেইবাবেই কেতিয়াবা পৰিবহণ বিভাগ বা যানবাহন আৰক্ষীয়ে তালাচী চলালে তেনে বাহনসমূহ হঠাতে অন্তৰ্দ্ধান হয়, জীয়াতু ভুগিবলগীয়া হয় সেইবোৰৰ ওপৰত নিৰ্ভৰশীল মহানগৰবাসীয়ে। নিৰ্দ্ধাৰিত লক্ষ্যস্থান পোৱাৰ পূৰ্বেই “আৰু আগলৈ নাযায়” বুলি ঘোষণা কৰা চিটীবাছৰ কথা নকলোৱেইবা!
মহানগৰীৰ পাহাৰ অঞ্চলৰ বেদখলৰ সমস্যাটোৰ সমান্তৰালভাৱে মনলৈ অহা সমস্যাটোৱেই হৈছে ভূমিস্খলনৰ সমস্যা। প্ৰতি বছৰেই বাৰিষা কালত হোৱা নেৰানেপেৰা বৰষুণত মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলন হৈ ধন–জনৰ হানি হয়। ১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত ২০০২ চনৰ জুন–জুলাই মাহত গুৱাহাটীৰ পাহাৰ অঞ্চলত হোৱা বেদখল উচ্ছেদ কৰাৰ বাবে বন বিভাগে প্ৰচেষ্টা চলাইছিল যদিও সেই প্ৰচেষ্টাৰো বিশেষ সুফল দেখা পোৱা নগ’ল।
সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে ভৰপূৰ মহানগৰীখনক এনেকুৱা অজস্ৰ সমস্যাই এখন বসবাসৰ প্ৰায় অনুপযোগী, বিশৃংখল আৰু কদৰ্য মহানগৰীলৈ ৰূপান্তৰিত কৰিলে। তাৰবাবে গুৱাহাটীৰ সৈতে জড়িত প্ৰশাসনীয় ব্যৱস্থাৰ লগতে মহানগৰীখনৰ বাসিন্দা সকলো কম–বেছি পৰিমাণে জগৰীয়া। নাগৰিকসকলৰ অধিকাংশৰ মাজতে কোনো ধৰণৰ সামাজিক দায়বদ্ধতা দেখা নাযায়। এওঁলোকে ঘৰৰ পোহনীয়া কুকুৰ–মেকুৰীক প্ৰাতঃ আৰু সান্ধ্যভ্ৰমণলৈ নি নিঃসংকোচে আনৰ পদূলিমুখত শৌচ–প্ৰস্ৰাৱ কৰাব পাৰে, পথৰ দাঁতিৰ নলালৈ ঘৰৰ পাইখানাৰ টেংকিৰ পানী বোৱাই দিবলৈ দ্বিধাবোধ নকৰে, ঘৰৰ জাবৰ–জোথৰবোৰ ডাষ্টবিনৰ সলনি পথৰ দাঁতিতে নাইবা নলা–নৰ্দমা অথবা নৈ–বিলত পেলাই দিবলৈ এওঁলোকে তিলমাত্ৰও সংকোচ নকৰে, নতুনকৈ ঘৰ সাজিবলৈ লোৱাসকলে “সকলো মগনীয়া মৰক, মোৰহে পেটটো ভৰক” নীতি অৱলম্বন কৰি চুবুৰীয়াৰ ঘৰৰ ভেটিতকৈ ওখকৈ নিজৰ ঘৰৰ ভেটি নিৰ্মাণ কৰে। আনৰ সুবিধা–অসুবিধাৰ প্ৰতি মনকাণ নকৰা আপোনপেটীয়া মনোভাৱৰ এই শ্ৰেণীৰ নাগৰিকসকলেও মহানগৰীখনৰ বাবে ভালেমান জটিল সমস্যাৰ সৃষ্টি কৰিছে।
অৱশ্যে পৰিকল্পিত আঁচনি গ্ৰহণ কৰি, প্ৰয়োজনসাপেক্ষে কঠোৰ ব্যৱস্থা হাতত লৈ প্ৰশাসনে গুৱাহাটীৰ বৰ্তমানৰ কদৰ্য্যময় পৰিৱেশ হ্ৰাস কৰি মহানগৰীখন পূৰ্বৰ দৰেই আটকধুনীয়া কৰি তুলিব পৰাৰ সুবিধা এতিয়াও আছে। মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰ, আজাৰা, চাংসাৰী, পানীখাইতী আদি অঞ্চললৈ মহানগৰখন সম্প্ৰসাৰিত কৰি কিছুমান কাৰ্যালয় সেই অঞ্চলবোৰলৈ স্থানান্তৰিত কৰি অথবা নতুনকৈ প্ৰতিষ্ঠা কৰিবলগীয়া কাৰ্যালয়, উদ্যোগ–প্ৰতিষ্ঠান আদি সেই অঞ্চলসমূহত প্ৰতিষ্ঠা কৰি মহানগৰীৰ ভীৰ হ্ৰাস কৰিব পৰা যায়। গুৱাহাটী ৰেলৱে ষ্টেচনটো পাৰ্শ্বৱৰ্তী কোনো অঞ্চললৈ স্থানান্তৰ কৰাটোও এই ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব পাৰে। আনহাতে, প্লাষ্টিকৰ পেকেট আৰু লগতে গুটখা আদিৰ পেকেট নিষিদ্ধ কৰা, জাবৰ নিষ্কাষণৰ উপযুক্ত ব্যৱস্থা কৰা, নৈ, বিল, নলা–নৰ্দমাত জাবৰ–জোথৰ আদি পেলালে জৰিমনা বা আন কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা, বাট–পথ লেতেৰা কৰা, পোহনীয়া জীৱ–জন্তুক বাটৰ দাঁতিত শৌচ–প্ৰস্ৰাৱ কৰোৱা আদি দুষ্কাৰ্য ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় আইন বিধিবদ্ধ কৰাৰ লগতে কঠোৰভাৱে বলৱৎ কৰি মহানগৰীৰ সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। এই ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে পৌৰ নিগমে এক বিশেষ ‘টাস্ক ফোৰ্চ’ গঠন কৰি তোলাটোও সময়োপযোগী হ’ব। বাছ, অটো, মেজিক, ট্ৰেকাৰ আদিৰ লগতে অন্যান্য বাণিজ্যিক বাহনৰ চালক–পৰিচালকৰ বাবে সময়ে সময়ে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থাৰ জৰিয়তে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ কিছু উন্নতি সাধন কৰিব পৰা যায়। নতুনকৈ যাতে ক’তো বেদখল নহয় তাৰ প্ৰতি প্ৰশাসনে তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য ৰাখিব লাগে। তদুপৰি, নতুনকৈ বাট–পথ নিৰ্মাণ আৰু মেৰামতি কৰাৰ সময়ত সেইবোৰ কিমান ওখ কৰা হ’ব সেই সম্পৰ্কীয় নিৰ্দ্ধাৰিত নীতি–নিয়ম বান্ধি দিয়া উচিত। একেদৰেই গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰতো সংশ্লিষ্ট কৰ্ত্তৃপক্ষই এই দিশত উপযুক্ত গুৰুত্ব প্ৰদান কৰিব লাগে।
অৱশ্যে এটা কথা সঁচা যে যুগ যুগ ধৰি চূড়ান্ত অবিবেচক কিছুমান পদক্ষেপেৰে তিলতিলকৈ কদৰ্যতাৰ ফালে ঠেলি দিয়া মহানগৰখন টিলিকতে আকৌ আটকধুনীয়া কৰি দিব পৰা যাদুদণ্ড কাৰো হাততেই নাই। চৰকাৰ, প্ৰশাসন আৰু সৰ্বসাধাৰণৰ সামূহিক আৰু সৰ্বাত্মক প্ৰচেষ্টাৰেহে মহানগৰীৰ জটিল সমস্যাসমূহ সমাধান কৰাৰ দিশত আগবঢ়াটো সম্ভৱপৰ হ’ব। এনে এক সৰ্বাত্মক প্ৰচেষ্টাৰে মহানগৰীখনক এখন আটকধুনীয়া মহানগৰলৈ সলনি কৰিব পৰা যায় য’ত সুনিশ্চিত হব আমাৰ আৰু আমাৰ উত্তৰ পুৰুষৰ বৰ্তমান আৰু ভবিষ্যত।
এই সংখ্যাটোৰ আঁৰত-
‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ দশম সংখ্যাটিৰ (জেঠ, ১৯৪৪ শকাব্দ) আঁৰত থাকি বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱা সকলো সদাশয় ব্যক্তিকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷
লেখাসমূহৰ বৰ্ণাশুদ্ধি কৰি সহযোগিতা আগবঢ়ালে কলচুম বিবি, উৎপলা কৌৰ, মণ্টু কুমাৰ বৰঠাকুৰ, মাধুৰ্য্য গোস্বামী, অভিজিত কুমাৰ দত্ত, মৃণাল জ্যোতি গোস্বামী আৰু মৃদুল কুমাৰ শৰ্মাই।
কাৰিকৰী দিশত সহায়-সহযোগিতা আগবঢ়ালে ক্ৰমে মনোজ মন কলিতা, বিকাশ দত্ত, দীপজ্যোতি বৰা আৰু মৃদুল কুমাৰ শৰ্মাই।
‘অসমীয়াত কথা বতৰা’ গোটৰ শ্ৰদ্ধেয় লেখক-লেখিকাসকল আৰু সদস্য-সদস্যাসকললৈও আমি বিশেষ কৃতজ্ঞতা জনালোঁ।
আন্তৰিক ধন্যবাদেৰে,
কৰবী দত্ত
সম্পাদক
সাহিত্য ডট অৰ্গ
একাদশ বৰ্ষ, দশম সংখ্যা
(জেঠ, ১৯৪৪ শকাব্দ)