অটিজম – শিশুৰ এক জটিল মানসিক ৰোগ
লেখক- চিত্তৰঞ্জন ওজা
২০০৭ চনত আমিৰ খানৰ পৰিচালনাত ‘তাৰে জমিন পৰ’ কথাছবিখনে মুক্তি লাভ কৰিছিল। শিশু অভিনেতা দৰ্শীলে অভিনয় কৰিছিল ডিছলেক্সিয়া ৰোগত আক্ৰান্ত শিশু এটিৰ চৰিত্ৰ। মুক্তি লাভৰ পাছতে ছবিখনে বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ডিছলেক্সিয়াত আক্ৰান্ত শিশুটিয়ে ভুগি থকা সমস্যা, তাৰ বিপৰীতে পিতৃৰ শিশুটিৰ প্ৰতি থকা উচ্চাকাঙ্ক্ষাৰ ফলস্বৰূপে শিশুটিৰ যি মনোবেদনা তাৰ সুন্দৰ প্ৰকাশ ঘটিছিল এই ছবিখনত। বহুতো অভিভাৱকে ডিছলেক্সিয়া বেমাৰৰ বিষয়ে ছবিখনৰ জৰিয়তে প্ৰথম শুনিবলৈ পাইছিল। তেনে বহু শৰীৰিক আৰু মানসিক ৰোগ শিশুৰ মাজত থাকে যাৰ বিষয়ে পিতৃ–মাতৃ অৱগত নহয় আৰু যাৰ ফলত সন্তানটি মানসিকভাৱে ভাগি পৰে আৰু বেছিকৈ সমস্যাৰ মাজত সোমাই পৰে। তেনে এক মানসিক ৰোগ হ’ল অটিজম।
মগজুৰ গঠনত ঘটা জটিলতাৰ বাবে শিশুৰ ব্যৱহাৰত বৰ্হি প্ৰকাশ হোৱা এবিধ ৰোগ হ’ল অটিজম। সাধাৰণতে অটিজমত ভোগা শিশু, জন্মৰ ডেৰ–দুবছৰলৈ সাধাৰণ শিশুৰ দৰেই ডাঙৰ–দীঘল হয়। ৰোগৰ লক্ষণ দেখা পোৱা নাযায়। তাৰ পিছত লাহে লাহে শিশুটিৰ লক্ষণসমূহ চকুত পৰা হয়। অটিজম ৰোগত ভোগা শিশুৰ প্ৰধান সমস্যা হৈছে সামাজিক সম্পৰ্ক ৰক্ষা কৰাত অসমৰ্থ হোৱা। চাৰিওফালৰ পৰিৱেশ লগত সহজে খাপ খাব নোৱাৰে। ঘৰৰ দুই–এজনৰ বাহিৰে আন মানুহৰ লগত কথা–বতৰা পাতিবলৈ নোখোজাটো অটিজমৰ লক্ষণ। আন আন লক্ষণসমূহৰ ভিতৰত আছে— একেটা কামকে বাৰে বাৰে কৰি থকা বা একেটা শব্দকে বাৰে বাৰে কৈ থকা (ৰিপিটিটিভ ৱৰ্ক), অস্বাভাৱিক সামাজিক আচৰণ, কিছুমান শব্দ বা গোন্ধৰ প্ৰতি অতিমাত্ৰা সংবেদনশীল, মনৰ কথা প্ৰকাশ কৰাত অসুবিধা বা কথা ক’বলৈ অসুবিধা, অস্থিৰ হৈ থকা (হাইপাৰ এক্টিভ), সমনীয়াৰ লগত খেলাধূলা কৰিবলৈ ইচ্ছা নকৰা, সকলো সময়তে উদ্বিগ্নতাত ভোগা ইত্যাদি। এই ৰোগত আক্ৰান্ত শিশুৱে আনৰ লগত চকুৰে সম্পৰ্ক (আই কণ্টেক্ট) ৰক্ষা কৰিব নোৱাৰে। কিছুমান শিশুৰ দেহত মৃগীৰোগ বা নিদ্ৰাহীনতা আৰু বেছিভাগ শিশুৱেই বৌদ্ধিক অক্ষমতাত ভোগা দেখা যায়। প্ৰতিটো শিশুৰ ক্ষেত্ৰতে ৰোগৰ লক্ষণ বেলেগ বেলেগ হোৱা দেখা যায়।
অটিজম ৰোগত ভোগা শিশুৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰা দেখা গৈছে। অলপতে প্ৰকাশ পোৱা সমীক্ষা অনুযায়ী ভাৰতবৰ্ষৰ প্ৰতি ১০০জন শিশুৰ ১জন অটিজম ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। ইয়ে প্ৰমাণ কৰে এই ৰোগৰ ব্যপকতা। প্ৰায়ভাগ পিতৃ–মাতৃয়ে শিশুৰ এই ৰোগ আগবয়সত লক্ষ্য নকৰে। বয়স বঢ়াৰ পিছত হে পিতৃ–মাতৃৰ চকুত ধৰা পৰে। বহুতে লক্ষণসমূহ দেখাৰ পিছতো অবজ্ঞা কৰে বা বাস্তৱক মানি ল’ব নোখোজে। নিজৰ সন্তান নিৰোগী বুলি ভাবি আন শিশুৰ দৰে ব্যৱহাৰ কৰে, যাৰ ফলত ৰুগীয়া শিশুটি বেছিকৈ সমস্যাৰ সন্মুখীন হয়। অটিজম আজি আমাৰ সন্মুখত বিশেষ সমস্যা ৰূপে দেখা দিছে। ভাৰত চৰকাৰে ২০১৬ চনত এই ৰোগক ‘‘শাৰীৰিকভাৱে অক্ষম’’ বা ‘‘বিশেষভাৱে সক্ষম’’ ৰোগ হিচাপে স্বীকৃতি দিছে।
অটিজম ৰোগ পোনপ্ৰথমে পোহৰলৈ আনে ১৯১১ চনত, জাৰ্মান মনোৰোগ চিকিৎসক অয়গেন ব্লয়লাৰে। কিন্তু ১৯৬০ চনৰ পৰা ব্ৰিটিছ মনোৰোগ বিশেষজ্ঞসকলৰ দ্বাৰাহে এই ৰোগৰ বিষয়ে বিজ্ঞানসন্মতভাৱে গৱেষণা আৰম্ভ হয় । অটিজম ৰোগৰ মূল কাৰণ বিশেষজ্ঞসকলে এতিয়াও থিৰাংকৈ ক’ব পৰা নাই যদিও মস্তিস্কৰ অস্বাভাৱিক গঠনে এই ৰোগৰ মূল কাৰণ বুলি স্বীকৃতি দিছে। এই ৰোগ কিছু পৰিমাণে বংশগত। কিন্তু কোনটো জিন এই ৰোগৰ বাবে দায়ী তাক এতিয়াও নিৰূপণ কৰিব পৰা নাই। অটিজম আক্ৰান্ত শিশুৰ ডি. এন. এ.ত কপি নম্বৰ ভেৰিয়েণ্ট নামৰ দোষ পোৱা যায়। গৰ্ভৱতী মাতৃ আৰু শিশুৰ চাৰিওফালৰ পৰিৱেশৰ বাবেও এই ৰোগ হ’ব পাৰে। পৰিৱেশ বিশাক্ত কৰা ৰাসায়নিক দ্ৰৱ্য, যেনে— পাৰা, সীহ, কিট–পতংগ নিধন কৰা দ্ৰৱ্য, খাদ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ, সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ব্যৱহৃত কৃত্ৰিম ৰঙ আদি এই ৰোগৰ বাবে কিছু পৰিমাণে দায়ী।
অটিজম ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা ফলপ্ৰসূ চিকিৎসা এতিয়াও আৱিষ্কাৰ হোৱা নাই। কিন্তু কম বয়সতে এই ৰোগ নিৰ্ণয় কৰি শিশুৰ ৰোগৰ লক্ষণ অনুযায়ী চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায়। এই চিকিৎসাৰ ভিতৰত আছে স্পীছ থেৰাপী, বিহেভিয়াৰেল থেৰাপী, অকুপেচনেল থেৰাপী ইত্যাদি। শিশুটিক সম্পূৰ্ণ সুস্থ কৰিব পৰা নাযায় যদিও শিশুটি নিজৰ কাম নিজে কৰিব পৰা, পঢ়া–শুনা কৰি বা ভকেচনেল শিক্ষাৰে কিবা এটা কাম কৰি আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ভৰিত থিয় দিব পৰা অৱস্থালৈ বহু পৰিমাণে আনিব পৰা যায়। বিশ্বৰ শ্ৰেষ্ঠ বৈজ্ঞানিকসকলৰ ভিতৰত এলবাৰ্ট আইনষ্টাইন, চাৰ্লচ ডাৰউইন, জনপ্ৰিয় কবি এমিলি জনচন, চিত্ৰশিল্পী মাইকেলএঞ্জেলো ল’ৰালি কালত অটিজম ৰোগী আছিল বুলি কোৱা হয়। ছাহৰুখ খান অভিনিত ‘মাই নেম ইজ খান’ চিনেমাখন এজন অটিষ্টিক ৰোগীৰ জীৱনৰ ভিত্তিত নিৰ্মিত।
অটিষ্টিক শিশু এটিৰ পিতৃ–মাতৃ শিশুটিৰ ৰোগৰ বাবে নিৰাশ হৈ ভাগ্যক ধিয়াই থাকিব নালাগে। বহুতো অটিষ্টিক শিশু উপযুক্ত চিকিৎসাৰ দ্বাৰা আৰু পৰিয়ালৰ সদস্যৰ সহযোগত বহু পৰিমাণে সুস্থ হৈ সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে। শিশুটিৰ যোগাত্মক দিশবোৰ উলিয়াই তাৰ ওপৰত মনোযোগ দিয়া উচিত। শিশুটি যি কাম ভাল পায় বা যি কামত বুৎপত্তি দেখুৱাব পাৰিছে সেই কামত গুৰুত্ব দিব লাগে। কিছুমান অটিষ্টিক শিশু ছবি অঁকাত, কিছুমানে কম্পিউটাৰত বিশেষ ৰাপ দেখুৱায়। তেওঁলোকক সেই দিশত আগুৱাই নিব লাগে।
গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত অটিজম ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব লাগে। সমাজে অটিষ্টিক শিশুক নিজৰ বুলি আঁকোৱালি লৈ শিশুটিৰ সৰ্বাঙ্গীণ উন্নয়নত সহায়–সহযোগ আগবঢ়াব লাগে। চৰকাৰে উপযুক্ত চিকিৎসালয়ৰ ব্যৱস্থা কৰিব লাগে। বাঙ্গালোৰত প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ আৰ্হিত আমাৰ ৰাজ্যতো শিশুৰ মানসিক ৰোগৰ চিকিৎসালয় প্ৰতিষ্ঠা কৰিব লাগে। বেচৰকাৰী সংগঠনসমূহেও এইক্ষেত্ৰত আগুৱাই আহিব পাৰে। ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে বহুতো বেচৰকাৰী সংগঠন বা চিকিৎসা প্ৰতিষ্ঠানে মানসিক ৰোগত আক্ৰান্ত শিশুৰ অভিভাৱকৰ পৰা অনাহকতে বহু টকা লুণ্ঠন কৰা দেখা গৈছে। এনে কিছুমান থেৰাপীৰ কথা কৈ অভিভাৱকৰ পৰা টকা আদায় কৰে যি থেৰাপীৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। শিশুটি ভালৰ পিনে যোৱাতকৈ বেয়ালৈ যোৱা হে দেখা গৈছে। অভিভাৱকসকল সেয়েহে অধিক সতৰ্ক হোৱা উচিত। অটিষ্টিক শিশুৰ পৰিয়ালৰ বাবে বহুতো সংগঠনে জন্ম লাভ কৰিছে। ‘‘পেৰেণ্ট এছোছিয়েচন অফ অটিষ্টিক চাইল্ড’’, ‘‘ইণ্ডিয়ান অটিজম ছোছাইটি’’ ইয়াৰ ভিতৰত অন্যতম। সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ২ এপ্ৰিলৰ দিনা বিশ্ব অটিজম দিৱস হিচাপে পালন কৰা হয়। আজিৰ সমাজৰ একক পৰিয়ালবোৰত পিতৃ–মাতৃৰ অৱৰ্তমানত অটিষ্টিক শিশুক লালন–পালন কৰাৰ কিবা উপায় সমাজে উদ্ভাৱন কৰিব লাগিব, কাৰণ সেই শিশুটিও সমাজৰ এক অংগ।
এটা কথা সাদয় মনত ৰাখিব লাগে যে প্ৰতিটো অটিষ্টিক শিশু বিশেষভাৱে সক্ষম, তেওঁলোক শাৰীৰিক বা মানসিকভাৱে অক্ষম নহয়। উপযুক্ত চিকিৎসা আৰু পৰিৱেশত এই শিশুবোৰে এদিন নিজৰ ভৰিত থিয় দিব পৰা হ’ব। তাৰ বাবে একান্ত প্ৰয়োজন আমাৰ সকলোৰে সহায় আৰু সহযোগৰ। আমি আশা কৰোঁ অদূৰ ভৱিষ্যতে ‘তাৰে জমিন পৰ’ চিনেমাৰ দৰে প্ৰতিটো গাঁও বা নগৰত একো একোজন আমিৰ খানৰ আবিৰ্ভাৱ হ’ব যিয়ে বিশেষভাৱে সক্ষম শিশুসকলক সঠিক পথেৰে আগুৱাই নিব পাৰিব।
লেখনিটো খুব ভাল হৈছে।