ভক্তি, ভক্তিৰ বিভক্তি আৰু অতিভক্তি
লেখক- আৰমান হাজৰিকা
আজি ‘গণেশ চতুৰ্থী’! মই নিজে কোনো পূজা–পাতল নকৰোঁ, কিন্তু পূজা–পাতলৰ আঁৰৰ কাহিনীবোৰ শুনি বা পূজাৰ নামত সমাজত বা ৰাইজৰ ঘৰত যি আড়ম্বৰ হয়, সেইটো পূৰামাত্ৰাই উপভোগ কৰি ভাল পাওঁ। হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ কৰা বিভিন্ন দেৱ–দেৱীৰ ভিতৰত দুৰ্গা গোসাঁনীৰ লগতে থকা বাকী মূৰ্তিকেইটা আমাৰ শৈশৱৰে চিনাকি যেন! সৰুৰে পৰাই সানমিহলি সমাজ এখনত ডাঙৰ হোৱা বাবেই, লগতে বিভিন্ন ‘সাধু কিতাপ’ আদিত পঢ়া ধৰ্মমূলক কাহিনীবোৰৰ বাবেই হিন্দুসমাজত প্ৰচলিত প্ৰায় প্ৰতিজন দেৱ–দেৱীৰ কথাবোৰ বেচ খৰচি মাৰি জানিছিলোঁ। আনকি এনেহে হৈছিলগৈ যে, সৰুতে খেল–ধেমালিৰ মাজত, লগৰবোৰৰ লগত এই পূজা–পাতলৰ কথাবোৰ আলোচনা কৰোঁতে মোৰ মন্তব্যই সদায়েই বিশিষ্ট স্থান পাইছিল। আনকি চয়–নিচয় কৰিবলৈ ডাঙৰৰ ৰায় লবলৈ যাওঁতেও ডাঙৰে প্ৰায়েই কয়, “ই মৃদুলে কোৱাটোৱেই হয়!”
দুৰ্গাপূজাৰ মণ্ডপত ‘দহ–হতীয়া’ গোসাঁনী গৰাকীয়েই আমাৰ মূল আকৰ্ষণ যদিও, লগতে কেটোৰা–কেটোৰ চুলি, উঠঙা দাঁত, টেলেকা চকু, লগতে হাতত ‘মাৰি যাম, কাটি যাম’ কৈ লৈ থকা খৰ্গ খনেৰে ‘মহিষাসুৰ’, ডিঙিত কেশৰ লগা সিংহটো, পেটুৱা গণেশ, আৰু ৰাজহাঁহৰ ওপৰত হাতত বীণা লৈ বহি থকা সৰস্বতী, এই চাৰিটা মূৰ্তিয়ে আমাৰ মনোযোগ বিশেষকৈ আকৰ্ষণ কৰে। তাতে গণেশৰ ডিঙিৰ ওপৰত লাগি থকা, এটা দাঁত ভঙা হাতীৰ মূৰটো, আৰু সেইহেন পেটুৱা দেৱতাজন উঠি ফুৰিবলৈ অকণমানি এন্দুৰটো দেখি আমাৰ বিশেষ কৌতূহল জাগে! সৰস্বতী বা লক্ষ্মী দুয়ো আমাৰ বাবে একেই! কিন্তু তাৰমাজতো সৰস্বতীয়ে বিশেষকৈ গুৰুত্ব পায় যে, আমি দুৰ্গাপূজাৰ আঠমাহমানৰ আগতেই স্কুলত গাইপতি দেৰটকাকৈ পইচা তুলি, আমাক পৰীক্ষাত পাহৰাখিনি সোঁৱৰাই দিবলৈ তুতি–নাতি কৰি, লুচি–ভাজি খাই পূজা পাতি থৈছিলোঁ। গতিকে সৰস্বতী আমাৰ চিনাকি। বাকী লক্ষ্মীৰ ফটো এখন দুখন কাগজৰ ফুল–মালা দি সজাই চাকি–বাতি জ্বলাই সন্ধিয়া পৰত পূজা কৰা, মাৰোৱাৰীৰ গোলাত দেখোঁ। কিন্তু, দুৰ্গাপূজাৰ পাঁচদিনমান পিছতেই পৰা পূৰ্ণিমাৰ দিনা ‘লক্ষ্মীপূজা’ বুলি আমাক মাহ–চাউল, বুটমাহ আৰু বুন্দিয়া–ভূজিয়া খাবলৈ কেবা ঘৰৰ পৰাও মাতে! কিন্তু, সেই দেৱ–দেৱী সকলৰ মাজত, এনেকৈ একেলগে থকা সত্ত্বেও কোনেও পিছে ধূন–পেচ কৰি চালি ধৰিব পৰা ম’ৰাৰ পিঠিত উঠি ফুৰা কাৰ্তিককহে কোনেও সুকীয়াকৈ বেলপাত এটাও নিদিয়ে।
আগতে, আমি জনাত অসমত গণেশকো ধূম–ধূপালকৈ পূজা নিদিছিল! দুৰ্গাপূজাতে লগে–ভাগে পূজা এভাগ দিলে, লেঠা ছিগিল! মাৰোৱাৰীৰ গোলাত বেৰৰ পৰা ওলমি থকা তৰহে তৰহে ভগৱানৰ ফটোবোৰৰ মাজত, গণেশৰ ফটো এখনো ওলমি থাকে। সেই মাৰোৱাৰীয়েও ডাঙৰকৈ গণেশ পূজা পতা আমি মনত পেলাব পৰা নাই! আমি মাৰোৱাৰী গোলাৰ পৰা আলু, পিয়াঁজ, চেনি আনিবলৈ গৈ গোমস্তাই মাল জুখি দিয়া পলম কৰিলে, সেইখিনি সময়ত হাতত মাল ভৰাই আনিবলৈ নিয়া চ’টি কাপোৰৰ মোনাটোকে মোহাৰি–সামৰি মাৰোৱাৰীৰ দোকানৰ বেৰত ওলোমাই থোৱা ভগৱানৰ ফটোবোৰকে তন্ময় হৈ চাই থাকোঁ। লগতে, সাধু কিতাপত পঢ়া ভগৱানৰ কাহিনীৰ লগত ফটো কেইখন ৰিজাই ৰিজাই চাই তাৰ পিছৰ কাহিনীখিনিও মনতে পাগুলি থাকোঁ।
আমি বোধহয় নৱম শ্ৰেণী মানত পঢ়ি থাকোঁতে, স্বৰ্গীয় পদ্ম বৰকটকী দেৱৰ দুখনমান ব্যতিক্ৰমী উপন্যাস পঢ়িবলৈ পাইছিলোঁ। হয়তো চাৰ্বাক দৰ্শনৰ দৰেই এক অগতানুগতিক চিন্তা চৰ্চাৰে লেখা সেই উপন্যাস কেইখনৰ কথাবোৰে মোকো যথেষ্ট প্ৰভাৱাম্বিত কৰিছিল! প্ৰথমে প্ৰথমে জন্মৰে পৰা পঢ়ি অহা বা সমাজত দেখি অহা পূজা–পাতল বা পূজ্য দেৱ–দেৱী সকলৰ প্ৰতি থকা বিশ্বাসটোৰ বেৰখন ভাঙি ওলাই আহিব লগীয়া কথাটোত অলপ আচহুৱা লাগিছিল যদিও, কিছুমান কিতাপ বা আলোচনীত নতুন ধৰণে সমাজখন চাবলৈ শিকোৱা মতামতে বৰকটকীদেৱৰ উপন্যাস কেইখন সজাতত লবলৈ মনটোক উচাহো দিছিল! তাৰে বিশেষ উল্লেখযোগ্য উপন্যাস দুখন হৈছে, ‘ৰঙা ৰঙা ৰঙ’ আৰু ‘খড়গহস্তে কাটিলেক তপস্বীৰ মুণ্ড’! সেইখিনি সময়তে, বহুত দিনৰ পৰাই নাম শুনি থকা আন দুখন কিতাপেও ধৰ্মৰ বিষয়টোক পৰ্যালোচনাৰ মাজেৰে গ্ৰহণ কৰিব লগীয়া বিধৰ মানসিকতা এটা মগজুত সুমুৱাই দিলে। তাৰে এখন হৈছে, বিখ্যাত সংস্কৃত আৰু বৌদ্ধধৰ্মীয় পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ ‘ভল্গা চে গঙ্গা!’ আনখন হৈছে, ফৰাচী বিপ্লৱৰ জন্মদিয়া কিন্তু বিপ্লৱৰ আগৰ দাৰ্শনিক ভল্টায়াৰৰ ‘কাণ্ডীড’! তাৰ আগলৈকে কিন্তু ‘নাস্তিক’ দৰ্শন বুলিলে, “নেপায় দেই এনেকৈ কব’ বুলি মনতে ‘তৌবাহ’ কৰিছিলোঁ!
সমাজ এখন যেনেকৈ চলি আছে, সেইটো নিশাটোৰ ভিতৰতে সলাই দিব নোৱাৰি! বিশেষকৈ ধৰ্মীয় মতবাদবোৰ! এইবোৰ কথাৰ ভিত্তিতেই লোকমান্য তিলকৰ দৰে বিপ্লবী সকলে, ইংৰাজৰ বিৰুদ্ধে, মাৰাঠা সমাজখন একগোট কৰিবলৈ গণেশ বা গণপতিৰ পূজাৰ সহায় লৈছিল! এই গনপতিৰ পূজাৰ আলমতে সেই তেতিয়াই একগোট হোৱা মাৰাঠা সকলে আজিও এই উৎসৱ নিজৰ জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে! লগতে লোকমান্য তিলককো এই উৎসৱৰ মণ্ডপত শ্ৰদ্ধাৰে সোঁৱৰে। এইটো অচিলাৰেই স্বাধীনতা আন্দোলনত মাৰাঠা সকলক একগোট কৰাৰ সুন্দৰ সমল হৈছিল!
অসমত গুৰু দুজনাই নৱ–বৈষ্ণব ধৰ্মৰ পাতনিৰে সকলো ধৰ্মৰ সাৰখিনি কীৰ্তন–দশমতে একমুঠকৈ ৰাখি, মূৰ্তিপূজাৰ প্ৰাসঙ্গিকতা নুই কৰিছিল! নামঘৰৰ আলমতে একো একোখন গাওঁ, তেনেকৈয়ে সমাজখন এক কৰি ৰখাৰ উপায় সেই তেতিয়াৰ দিনতেই প্ৰচলন কৰিছিল। সমাজৰ এই ঐক্যৰ ফল দেখিবলৈ পোৱা গৈছিল, বুৰঞ্জীত পোৱা ‘মোৱামৰীয়া বিদ্ৰোহ’ৰ সময়ত। মূলতঃ ৰজাঘৰীয়া অত্যাচাৰৰ প্ৰতিবাদতে মোৱামৰীয়া বিদ্ৰোহ যদিও, সমাজৰ এক বিশাল অংশই ৰাজতন্ত্ৰকে কিছু দিনলৈ উৎখাত পৰ্য্যন্ত কৰিবলৈ সক্ষম হৈছিল! মই ইয়াত বিদ্ৰোহৰ সপক্ষে বা বিপক্ষে একো নকওঁ। মই মাত্ৰ তেতিয়াৰ অসমীয়া ৰাইজৰ নিজৰ আত্মমৰ্য্যাদা আৰু বিশ্বাসৰ সততাৰ প্ৰতিহে শ্ৰদ্ধা জনাইছোঁ। নিজৰ ধৰ্মীয় মতামতৰ আলমতে ৰাইজখন মাউখে উটিছিল!
আজিকালি অসমত আগে পিছে নুশুনাবিধৰ ধৰ্মীয় মতামতবোৰৰ প্ৰাদুৰ্ভাব দেখি, তাৰ মাজত আমাৰ শৈশৱৰ অসমীয়া সমাজখন বিচাৰি ফুৰিব লগীয়া হয়! আমি সৰু থাকোঁতে অসমৰ মুছলমান সমাজত ‘মহৰম’ৰ পৰ্বৰ দিনা তাজিয়া খেলাৰ কথা চেগাচোৰোকাকৈ শুনো। আমাৰ দাদাজানহঁতে আমাক তাজিয়া চাবলৈ হাক দিয়ে। দাদাজানহঁতে কয়, “এইটো চিয়া মুছলমান সকলৰ হে কাম! চুন্নী মুছলমানে এইবোৰ চাব নেপায়!” তথাপিও লুকাই–চুৰকৈ চাবলৈ মন যায়। তাজিয়াৰ সমদল ওলায়, এডোখৰ মুকলি ঠাইত ঢোল–নাগাৰা বজাই তাৰ তালে তালে বিভিন্ন ধৰণে তৰোৱালৰ খেল দেখুৱায়। তাজিয়াৰ সামৰণি পৰে। কিন্তু, এইবোৰ গোজেই গজালি হৈ, দুবছৰৰ আগতে অসমৰ ঠাইয়ে ঠাইয়ে বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে!
আমাৰ সৰুকালৰ ঘৰখনৰ ওচৰতে ৰজাদিনীয়া শিৱমন্দিৰ এটা আছে! আমি ‘বাবাথান’ বুলি কওঁ। শিৱৰাত্ৰিৰ দিনা অলপ ডাঙৰ মেলা হয়। তাৰ বাদে কোনো হৈ হাল্লা নাই! কোনো কোনো লোকে কিবা মানস কৰি শিৱদৌললৈ পূজা আগবঢ়ায়। কোনোৱে হাঁহ, কোনোৱে পাৰ, কোনোৱে ছাগলী আগবঢ়ায়! আমি এল পি স্কুললৈ যোৱাৰ বাটত দেখোঁ, বাবাথানলৈ যোৱা মানুহ কেইজনে এৰাল লগাই টানি নিয়া ছাগলীটোৱে বেবাই বেবাই গৈ থাকে! ছাগলীটোৰ প্ৰতি আমাৰ অন্তৰখন ভাগি যায়! আমি স্কুলৰ পৰা উভতিবৰ সময়ত কেতিয়াবা দেখোঁ, মূৰ নাইকিয়া ছাগলীটোৰ ভৰি দুখন দুখনকৈ বান্ধি চাইকেলৰ ফ্ৰেমটোত ওলোমাই আনে! আমাৰ অন্তৰ ভাগে! এই একেটা দুখতে মই নিজে উপাৰ্জন কৰিব পৰা হোৱাৰ পিছতো কেতিয়াও আমাৰ ঘৰত কোৰ্বানী দিবলৈ দিয়া নাই। আমি সৰু থাকোঁতে দুই চাৰিঘৰ মানতহে কোৰ্বানী দিছিল! আজিকালি ঘৰলৈ বকৰিদত ফোন কৰিলে শুনোঁ, ‘কোৰ্বানী দিয়াটো ষ্টেটাচ চিম্বলৰ দৰে হ’ল। আগতে অসমীয়া মুছলমান মহিলা সকল পিন্ধনে–উৰণে মুকলিমূৰীয়া আছিল! আবুৰকৈ শাৰী বা মেখেলা–চাদৰ পিন্ধিছিল৷ আজিকালি দেখোন বাটে–ঘাটে অজস্ৰ বোৰ্খা পিন্ধা মহিলা দেখোঁ! আগৰ সকলোফালৰ পৰাই মনেৰে বা পিন্ধনেৰে আবুৰ অথচ স্বাধীনচিতিয়া মুছলমান মহিলা সকলে নিজৰ পূৰ্বপুৰুষ সকলৰ অভিজ্ঞতা তথা ধৰ্মীয় বুজত কৈ নিজে বেছি বুজ লৈ মহিলা সকলে পিন্ধনত অনাৱশ্যককৈ আবুৰ কৰি কৌটি–কলীয়া অসমীয়া সমাজত নিজকে শালৰ মাজত শিঙি সজালে!
আমাৰ ঘৰৰ ওচৰৰ সেই ৰজাদিনীয়া বাবাথান খনত শিৱৰাত্ৰিৰ বাদে অইন কেতিয়াও কোনো লেখত লবলগীয়া হেম–গেম নাছিল। দুবছৰৰ আগতে ঘৰলৈ গৈ বোকাখাতত সন্ধিয়া পৰত এপাক ওলাই আহোঁতে দেখিলোঁ, ট্ৰাক এখনৰ ওপৰত ডাঙৰ চাউণ্ডবক্স লগাই কাণঘোলা হোৱাকৈ মিউজিক বজাইছে! লগতে সৰু বাছ এখনত এজাকমান অসমীয়া, অনাঅসমীয়া পুৰুষ–মহিলা। ট্ৰাকখনত গেৰুৱা হাফপেণ্ট আৰু বনিয়ন পিন্ধা লগতে মূৰত ৰঙাফিতা মৰা কেইটামান ডেকাল’ৰা! মই এজনক সুধিলত তেওঁ উত্তৰ দিলে, “এহ নকবা! ইহঁতে বাবাথানত ব’লবম কৰিবলৈ গৈছিল! ৰাতিপুৱা যাওঁতেও মগজটো ঘোলা কৰি থৈ গৈছে! এতিয়াও ইয়াত চাহটোপা খাই নোযোৱালৈকে মগজটো ঘোলা কৰিবই! তাতে অকল এটা পাৰ্টি নহয়! ইজাকৰ পিছত সিজাক!”
আগতে আমি সৰু থাকোঁতে ‘চ’ঠ পূজা’ত এল পি স্কুলো বন্ধ নিদিছিল! এতিয়া বোলে ৰাজ্যিক বন্ধৰ কথা চলিছে। আমি তেতিয়া জানো যে, চ’ঠ পূজাটো বিহাৰী বিলাকে নৈৰ পাৰত পতা সূৰ্যপূজা। আজিকালি বোলে বিহাৰীতকৈ অসমীয়াহে সৰহ! ফেচবুকত দেখোঁ, ‘কৰৱা চ’ঠ, তীজ আদি উৎসৱত সাজিকাচি অসমীয়া মহিলা সকলে ফটো দিয়াৰ দৃশ্য! কালিৰে পৰা কেবাজনৰো মুখত শুনিলোঁ, তেওঁলোকৰ ঘৰৰ ওচৰত বোলে ৰাজহুৱাকৈ গণেশ চতুৰ্থী পাতিছে! “গনপতি বাপ্পা মৌৰিয়া’ বুলি মাইকত তালফাল লগাই আহিছে!
খাৰঘৰতো অসমীয়া ৰাইজে ভাদমহীয়া নামভাগৰ আয়োজন কৰিছে! তাৰমাজতো খাৰঘৰতেই কেবাঘৰো অসমীয়া লোকে গণেশ পূজা পাতিছে! আমাক নিমন্ত্ৰণো কৰিছে। ‘নেমাতিলে ভোজলৈও নেযাবা’ বুলিহে কয়! মাতিছে যেতিয়া যাম! তথাপিও বন্ধু এজনক ফোনতে সুধিলোঁ, “এইযে আজিকালি আমাৰ অসমীয়া সমাজৰ নামঘৰলৈ যোৱা ৰাইজে বিভিন্ন পূজা–পাতল বোৰযে কৰে, এইটো কি পন্থা বুলি কব পাৰি?”
তেওঁ অলপ পৰ গুণা–গথা কৰি ক’লে, “জানো সিহঁতক কি পন্থাৰ বুলি কব, সেইটো ময়ো নেজানো!”