মৰণ যন্ত্ৰণাৰ শেষ চিঞৰ

লেখক-প্ৰণবেন্দ্ৰ শৰ্মা

চিত্ত যেথা ভয়শূন্য, উচ্চ যেথা শির

জ্ঞান যেথা মুক্ত, যেথা গৃহের প্রাচীর,

আপন প্রাঙ্গণতলে দিবসশর্বরী

বসুধারে রাখে নাই খণ্ড ক্ষুদ্র করি” – কবিগুৰু 

দূৰৈত শুনিছানে আলিবাটত

সিহঁতৰ জোতাৰ শব্দ? 

আজি সিহঁত তোমাৰ বাবেই আহিছে, 

তোমাৰ মৌনতাই সিহঁতক সাহস দিলে

আগবাঢ়ি যাবলৈ সিহঁতৰ 

বিভেদৰ কাৰ্যসূচীত; 

শক্তিশালী কণ্ঠবোৰ কৰি অৱৰুদ্ধ, 

আজি সিহঁত দাবীদাৰ 

তোমাৰ স্বৰ্ত্তবিহীন আনুগত্যৰ। 

ভুৱা নিৰাপত্তাৰ লেটাৰ ভিতৰত

সুখনিদ্ৰাত আমি

থাকিলোঁ শুই, 

দেখি সপোন শুভদিনৰ, 

পখিলা হৈ উৰাৰ আশাৰে

নীল গগনত। 

আমাৰ লেটাৰ সূতাৰে

বৈ আছে সিহঁতে

আমাৰেই মৰণফান্দ, 

আৰু আনন্দেৰে আগবাঢ়িছোঁ আমি

টাৰেণ্টুলাৰ জালৰ

মধ্যবিন্দুলৈ, 

ৰক্তবীজৰ সন্তানবোৰক 

কৰিবলৈ ৰক্তদান। 

আমাৰ দৃষ্টিহীন চকুত নপৰে

ভুৱা আহ্বানৰ চিকাৰ হোৱা

মৌনতাৰ ভাৱৰীয়াৰ

নৰকঙ্কালৰ পাহাৰ, 

সেই দুৰ্ভগীয়াৰবোৰৰ 

মৰণ যন্ত্ৰণাৰ

অন্তিম চিঞৰে

আমাৰ মৌনতাৰ 

কপট সুখনিদ্ৰা

নকৰে ব্যাঘাত। 

আজি শুনিব কোনে

আমাৰ শেষ চিঞৰ? 

নিৰাপত্তাৰ আশাত

পাহৰি প্ৰতিবাদৰ ভাষা, 

আজি আগবাঢ়োঁ আমি

বলিশাললৈ; 

শুনিছানে ৰাজপথত

সিহঁতৰ জোতাৰ শব্দ, 

আহি আছে সিহঁত

কৰিবলৈ তোমাৰ কণ্ঠৰুদ্ধ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!