মমতা
লেখক- মানবেন্দ্ৰ কুমাৰ শৰ্মা
থুপুক–থাপাককৈ খোজ দি কেঁচুৱাটো মমতাৰ কাষলৈ আগ বাঢ়ি আহিল; তাইৰ কোঁচত উঠিল আৰু পিছমুহূৰ্ততে সি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। তায়ো পাৰ্যমানে তাক বুকুৰ মাজত সোমাই ভুৰুকিয়াত লাগিল। তথাপিও সি কান্দিয়েই থাকিল। এপাকত তাই পিয়াহটো তাৰ মুখত গুজি দিলে।
তাৰ কান্দোন বাঢ়িলহে।
তাই অস্থিৰ হৈ পৰিল। কি হ’ল ইয়াৰ! ইমানকৈ কিয় কান্দিছে?
কপালত হাত দি চাই তাৰ গাটো অলপ গৰম গৰম পালে।
কি কৰা যায় এতিয়া? “ৰ’ ৰ’ মোৰ সোণামুৱা, দেউতাৰাই বজাৰলৈ গৈছে, এই আহি পাবহিয়ে আৰু। তোৰ বাবে ঔষধো লৈ আহিবদেই। অলপ ধৈৰ্য ধৰচোন। “
তাক শাঁত পেলাবলৈ কৰা তাইৰ সকলো প্ৰচেষ্টা বিফল হ’ল। তাৰ মুখৰ ফালে চাই চাই তাই ক’লে, “ দেউতাৰাই আনি দিয়া ভাল ঔষধটোহে তোক খুৱাম বুলি ভাবিছিলোঁ। পিছে তয়ো দেউতাৰৰ দৰে ধৈৰ্যহীন স্বভাৱটোৱে ল’লি নহয়। ৰ’বি আগতে আনি থোৱা ঔষধটোৱে খুৱাই দিওঁ। অলপ আৰাম পাবি।”
এচুকত থকা বটলটো আনিবলৈ তাই উঠিব খুজিলে। পিছে ভৰিখনৰ বিষত তাই কেঁকাই উঠিল, থিয় হ’বই নোৱাৰিলে।
“হে সেইটোও আনিব নোৱাৰা হ’লোঁ নহয়, এতিয়া এইটোৱে খা “ বুলি তাই কাষত থকা বটলটোৰ পৰা এসোপা তাক খুৱাই দিলে। সিয়ো কান্দি কান্দি লবেজান হৈছিল, এপাকত টোপনিত পৰিল।
বাহিৰৰ ঠাণ্ডাই ঘৰৰ ভিতৰতো একেই পৰিৱেশৰ সৃষ্টি কৰিছিল। তাই গাত লৈ থকা চাদৰখন তাক উৰাই দিলে আৰু নিজে কুঁচি–মুচি বহি তাৰ মুখলৈ চাই থাকিল। ঠাণ্ডাত নিজে কঁপি থাকিলেও স্বৰ্গীয় হাঁহিৰ আভা এটাই তাইৰ মুখমণ্ডল উজলাই তুলিলে।
******
”হেৰা ঘৰ এটাৰ খবৰ পাইছোঁহে।”
বৰুৱাৰ কথাত বৰুৱানীৰো মুখখন উজলি উঠে।
”তেনেহ’লে আমি কেতিয়ালৈ যাম?”
”ৰ’বাচোন খবৰহে পাইছোঁ; কথা–বতৰা হোৱাই নাই নহয়। অফিচৰ মনেশ্বৰেহে আজি খবৰটো আনিছে। “
বৰুৱানীৰ সেই আগ্ৰহ কিছু স্তিমিত হৈ পৰে। তাৰ লগতে হোৱা মুখৰ ৰঙৰ পৰিৱৰ্তন বৰুৱাৰ চকুত স্পষ্ট হৈ পৰে। শাহুৱেকৰে সৈতে বোৱাৰীয়েকে সততে চলাই থকা কুকুৰ–মেকুৰীৰ ৰণখনৰ কথা বৰুৱাই ভাল দৰেই বুজে।
মফচলীয় চহৰখনলৈ মিষ্টাৰ বৰুৱাৰ বদলি হোৱা বেছিদিন হোৱা নাই। কেইদিনমান ঘৰৰ পৰাই অহা–যোৱা কৰি কোনোমতে অফিচ চম্ভালিলে। পিছে তিনিখনমান গাড়ী বদলাই অফিচ পাওঁতে সদায়েই দুটামান বাজে। ঘৰ পাওঁতেও শীতৰ এই ৰাতি কেঁচুৱাটো শুই পৰে। মুঠতে গধূলিৰ সময়ত বৰুৱাৰ কেঁচুৱাটোৰ স’তে খেলা নহয়। আৰু তেনেকৈ খেলিব নাপালে বোলে ৰাতি তেখেতৰ ভাল টোপনি নহয়।
নতুন ঠাই ডোখৰত কোৱাৰ্টাৰৰ সুবিধা নাই। সুবিধাজনক ভাড়াঘৰ এটাও লগে লগে পোৱা মস্কিল। তথাপিও যেনে–তেনে বৰুৱাক ভাড়াঘৰ এটা লাগে। বৰুৱানীৰ সুখ–শান্তিৰ কথা আছে।
**********
অফিচ পাইয়ে বৰুৱাই ক’লে, “ব’ল মনেশ্বৰ ঘৰটো চাই আহোঁ। “
”আজিও কিন্তু বাহিৰে বাহিৰেহে চাব লাগিব।”
”কিয়? ঘৰৰ মালিক আহি পোৱাই নাই নেকি?”
“ আজিহে আহি পোৱাৰ কথা।” , মনেশ্বৰে ক’লে।
বৰুৱাৰ ঘৰ চাই সিমান বেয়া নালাগিল। হয়, মেৰামতিৰ কাম বহুত আছে; বিশেষকৈ চৌহদৰ বেৰ বুলিবলৈ আগতে দিয়া তৰ্জাৰ বেৰৰ অৱশিষ্ট চিনটোহে আছে। তথাপিও মালিক নথকা ঘৰত ভাড়া কৰি থকাৰ যে এক সুকীয় আমেজ আছে সেইয়া বৰুৱাই বুজে। ঘৰৰ মালিকৰ লগত কথা পাতিও বৰুৱাৰ ভালেই লাগিল।
ঘৰৰ মালিকে মেৰামতি সম্পূৰ্ণ হোৱাৰ পিছত ঘৰটোত সোমোৱাৰ কথা ক’লে। পিছে বৰুৱাৰ অভিমত, “সেইয়া পিছে–পৰেও হৈ থাকিবহে। “ মুঠতে বৰুৱাক সোনকালে ঘৰটো লাগে। ইতেমধ্যে বৰুৱানীয়ে মাকৰ ঘৰলৈ যোৱাৰ ভাবুকি দুদিনমান দিলেই।
******
বৰুৱা আৰু বৰুৱানী দুয়ো নতুন ঘৰখন থান–থিত লগোৱাত ব্যস্ত।
মাজতে বৰুৱাৰ মনেশ্বৰৰ কথা মনত পৰি খং উঠিল–ইয়াৰো অতপালি বাঢ়িছে, ইয়াক ঠিক কৰিব লাগিব। সিয়ো জানে, আজি ইয়াত কিমান কাম! অথচ কেতিয়াবাই আহি পাম বুলি কৈও এতিয়ালৈ দেখা–দেখি নাই!” কামৰ ভয়ত পলাইছ’-ৰ’বি সময়ত মজা পাবি।” – বৰুৱাই মুখৰ ভিতৰতে ভোৰভোৰালে।
মনেশ্বৰে এইবোৰ থান–থিত লগাবলৈ বেলেগ মানুহো অনা কথা আছিল। পিছে অকস্মাতে কোনোবা সংগঠন এটাই স্থানীয় ভাবে দিয়া বন্ধৰ বাবে কাম কৰা মানুহকেইজনো নাহিল। বৰুৱা উচ্চ পদস্থ বিষয়া বুলিহে এই বন্ধৰ মাজেৰে কিবাকৈ আহি ইয়াত সোমাইছেহি।
বৰুৱাই মনেশ্বৰক লৈ ভোৰভোৰাই থাকোঁতে অকস্মাৎ বৰুৱানীয়ে আৱিষ্কাৰ কৰিলে যে ঘৰত দেখো পোনাকণ নাই!
পোনাকণ নাই! ক’লৈ গ’ল?
দুয়োৰে হুৱা–দুৱা লাগিল। ৰাস্তাৰ দুয়োফালে দুয়োজনে দৌৰ দিলে। বন্ধৰ এই দিনৰ জনশূন্য ৰাস্তাৰ চকুৰে মনিব পৰা দিগন্তলৈ একোৰে অস্তিত্ব নাই।
তেনেহ’লে কি হ’ল? ক’লৈ গ’ল?
নিশ্চয় সোপাধৰাই নিলে। এইকেইদিন এনে কথা বাতৰিতো বৰকৈ ওলাই আছে।
বৰুৱানীয়ে ৰাউচি জুৰি কান্দিবই ধৰিলে। বৰুৱাই কোনোমতে স্থানীয় থানালৈ ফোনটো লগালে।
**********
তেনে পৰিৱেশৰ মাজতে অকস্মাৎ কাণত আহি পৰা এটা কান্দোনে বৰুৱানীৰ ষষ্টেন্দ্ৰিয় সজাগ কৰি তুলিলে। মাতটো যেন চিনাকি। কাৰ কান্দোন?
”হেৰা শুনাছোন শুনা! পোণাকনৰ কান্দোন যেন লগা নাইনে?”
বৰুৱাৰো কাণ থিয় হ’ল।
মাতটো উনাই দুয়ো নিশ্চিত হ’ল ৰাস্তাৰ সিপাৰৰ কোনোবা একোণেই এই কান্দোনৰ উৎস।
দুয়ো সন্তৰ্পণে আগবাঢ়িল আৰু এপাকত আৱিষ্কাৰ কৰিলে পোনাকণক নিচুকাবলৈ মমতাই কৰি থকা সেই নিষ্ফল প্ৰচেষ্টা।
সোপাধৰা! সোপাধৰাই হ’ব!
টিভিতো দেখুৱাই আছে, সিহঁতৰ ন ন ৰূপৰ ন ন ফন্দি। ভাগ্য ভাল আছিল বুলিহে কিবাকৈ পোণাকনক পালে।
বৰুৱাৰ হাত–ভৰি সমানে চলিল। এনেয়ো এই ক্ষেত্ৰত তেওৰ আগৰে সুনাম আছে। বৰুৱানীৰ শান্তিৰ স্বাৰ্থত মাজে মাজে নিজ ঘৰতো এই প্ৰয়োগ হৈ থাকে। পিছে ইমানৰ পিছতো মমতাৰহে কাতি–কুতা নাই। মাকৰ কোঁচৰ পৰা এই দৃশ্য দেখি পোনাকণে পুনৰ চিঞৰি উঠিল।
তেনেতে থানাৰ ওচি আহি ওলাল। “ হে কি কৰে, কি কৰে বৰুৱা। এই দেখোঁ একেবাৰে নিৰীহ মমতা পাগলীহে। “
বৰুৱাৰ হাত–ভৰিৰ সঞ্চালন বন্ধ হ’ল।
মনেশ্বৰো আহি পাইছিল। লাজে–অপমানে বৰুৱাই উৰহৰ খং ভগা ঢাৰিতে মাৰ নিয়াব খুজিলে।
মনেশ্বৰে ক’লে, “চাৰ মই কি কৰিম? আপোনাৰ ঘৰলৈ আহি থাকোঁতে এই ভাঁজটো ঘূৰিছোঁহে, তেনেতে দেখিলোঁ জনশূন্য পথ দেখি চেঙেলিয়া এজনে তীব্ৰ গতিত চলাই অহা বাইকৰ সমুখত এটা কেঁচুৱা। মইতো কোনো উপায়েই নেদেখিলোঁ, ভাবিলোঁ সৱ শেষ! তেনেতে এই পাগলীয়ে কেনেকৈ যে আহি চিলাই চোঁ মাৰাদি কেঁচুৱাটোক উঠালে! পিছে ল’ৰাটোৰ একো নহ’ল ঠিকেই, কিন্তু তাইৰ ভৰিত ভালেখিনি জখম হ’ল। বাইকৰ চকাটোও তাইৰ ভৰিপতাৰ ওপৰেৰে উঠি গ’ল।
চকুৰ আগৰ তেজেৰে তুমুৰলি তেনে দৃশ্য দেখি মই এইৰ বাবে ঔষধ আনিবলৈ গ’লোঁ। মই আপোনাৰ ল’ৰা বুলিও নাজানো ছাৰ, আজিহে প্ৰথম দেখিলোঁ।”
ওচিয়ে ক’লে, “ বৰুৱা মমতা পাগলী হ’লেও বৰ মমতাময়ীদেই। আজিৰ পৰা কেইবছৰমান আগতে ঠিক এইখিনিত, ঠিক এইখিনিতেই বজাৰৰ পৰা উভতি যাওঁতে গিৰিয়েক আৰু কোঁচত থকা কেঁচুৱাটোক গাড়ীয়ে খুন্দিয়াই মাৰিলে। তাৰ পিছৰ পৰা তাইৰ বিকাৰ আৰম্ভ হ’ল আৰু এদিন এই ফুটপাথেই তাইৰ ঠিকনা হৈ পৰিল। কোনোবাই এই ত্ৰিপালখন আঁৰি কিবাকৈ তাইক জুপুৰী যেন কৰি দিছে।”
মনেশ্বৰে এহাতত ঔষধ লৈ আনখন হাতেৰে ত্ৰিপালখন দাঙি দিলে।
মমতাই দুই আঁঠুৰ মাজত মুখ গুজি থক্থককৈ কঁপি আছিল। শীতৰ পৰা পোনাকণক বচাবলৈ উৰাই দিয়া একমাত্ৰ চাদৰখন হয়তো পুনৰ গাত ল’বলৈ তাইৰ হুচ নাছিল। বৰুৱাৰ হাত–ভৰিৰ নিৰ্মোহ সঞ্চালনত তাইৰ কাপোৰ অ’ত–ত’ত ফিচিকি উখহা অঞ্চলবোৰ জিলিকি উঠিছিল।
মনেশ্বৰে তাইৰ কাপোৰখন ভৰিৰ অলপ ওপৰলৈ উজাই দিলে।
বাইকৰ জখমত বেয়াকৈ থেতেলা খোৱা ভৰিৰ তেজ তেতিয়াও ভালকৈ বন্ধ হোৱা নাছিল। “হয়তো হাড় ভাঙিছে।” , মনেশ্বৰে চাই ক’লে।
পাগলীজনীৰ ফালে চাওঁতে হঠাৎ বৰুৱাৰ চকুৰ সমুখত ঘৰত অকলে এৰি অহা মাকৰ মুখখন ভাহি উঠা যেন লাগিল।