শহজাদা
অনুবাদ: নিভা দাস
মূল: কৃষন চন্দৰ
বঙালী অনুবাদ: অৰ্ঘ দাশ
সুধা দেখিবলৈ বৰ এটা ধুনীয়া নহয় যদিও কুৎসিত বুলিও ক’ব নোৱাৰি।
তাই এগৰাকী সাধাৰণভাৱে ভাল লগা ছোৱালী।
শ্যাম বৰণীয়া গাৰ বৰণ, নিটোল হাত–ভৰিৰে নিৰ্জু স্বভাৱৰ এগৰাকী ঘৰধৰা ছোৱালী সুধা।
ৰন্ধা–বঢ়া, চিলাই কৰা, বোৱা–কটা সকলো কামতে তাই পাৰ্গত আৰু পঢ়া শুনাৰ প্ৰতিও তাই আগ্ৰহী।
কিন্তু, তাইৰ সমস্যাটো হ’ল– তাই সুন্দৰী অথবা ধনী ঘৰৰ জীয়ৰী নহয়। নহয় তাই চঞ্চল চপলা আৰু লচপচি ছোৱালী।
লোকক আকৃষ্ট কৰিব পৰাকৈ নাই তাইৰ জীৱনৰ কোনো মুখৰোচক কাহিনীও।
অত্যন্ত লাজুক আৰু শান্ত প্ৰকৃতিৰ ছোৱালী সুধা।
সৰু কালৰ পৰাই অকলশৰীয়া তাই।
মাটিৰে পুতলা বনাই সেইবোৰৰ লগত তাই খেলে, তাইৰ লগত বিছনাতে শুৱায়ো লয়।
নিজ হাতেৰে সিহঁতক খুৱায়। লগৰীয়া কোনো ছোৱালী আহিলে পুতলাবোৰৰ লগতে কথা পাতি পাতি সিহঁতৰ মুখ তাই বন্ধ কৰিয়েই থয়।
কেতিয়াবা কোনোবা দুষ্ট প্ৰকৃতিৰ ছোৱালী আহি তাইৰ মাটিৰ পুতলাবোৰ ভাঙি দিয়েহি।
একো ক’ব নোৱাৰে তাই। মাথোঁ নীৰৱে কান্দে। কান্দি কান্দিয়েই তাই এটা সময়ত চুপ হৈ যায় আৰু আকৌ নতুনকৈ পুতলা বনোৱাত লাগে।
সুধা কলেজ পালেগৈ। কিন্তু, তাইৰ সেই শৈশৱৰ নিমাখিত স্বভাৱৰ একো সলনি নহ’ল।
কলেজত গৈয়ো তাই তেনেকৈ বন্ধু–বান্ধবী গোটাব নোৱাৰিলে।
সুধাৰ দেউতাক জীৱনৰামে নাথুমল বজাৰৰ ঘড়ীৰ দোকান এখনত ত্ৰিশ বছৰ ধৰি ‘চেলচ মেন’ হিচাপে কাম কৰি আহিছে।
জীয়েকক কলেজত পঢ়াবলৈ তেওঁৰ আচলতে সামৰ্থ নাই।
তথাপিও, এটি আশাৰেই তেওঁ জীয়েকক কলেজলৈ পঠিয়াইছেঃ কিজানিবা কিবাকৈ তাইৰ বাবে ভাল সম্বন্ধ এটা যোগাৰ হয়েই!
কলেজৰ কোনোবা এটা ভাল ল’ৰা সুধাৰ প্ৰতি আকৰ্ষিত হওক, প্ৰেমত পৰক, মাজে মাজে তেওঁৰ মনলৈ এনেবোৰ ভাব আহে।
কিন্তু, সুধাৰ অধোমুখী মুখমণ্ডল, নিৰুৎসাহী চকুযুৰি আৰু মৌনতা দেখি জীৱনৰাম হতাশ হৈ পৰে।
মনৰ দুখতে ঘক ঘক কৈ হোকা টানি টানি বাৰান্ধাৰ এচুকতে তেওঁ বহি থাকে।
জীৱনৰামে ভাবে, নিজেই ল’ৰাৰ বিচাৰ খোচৰ কৰি সুধাক বিয়া দিয়াৰ ব্যৱস্থা এটাকে কৰিব লাগিব।
কিন্তু, তেনেকৈ বিয়া পতাও সমস্যা।
ল’ৰা বিচাৰি বিয়া পাতিলে যৌতুক যথেষ্ট দিব লাগে
তেনেকৈ বিয়া দিয়াতো দূৰৰে কথা, সামান্যতম যৌতুক দি বিয়া দিয়াৰ সামৰ্থও তেওঁৰ নাই।
ভাব–চিন্তাৰ গভীৰ সাগৰত ডুব গৈ গৈ তেওঁৰ ভাব হ’ল– আজিকালি প্ৰেম বিবাহেই ভাল। অন্ততঃ সস্তাত হয়।
মালিকৰামৰ জীয়েক গোপীকে চোৱাঃ তাইৰ বাপেক স্বাস্থ্য বিভাগৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীহে। কিন্তু, ছোৱালীৰ বিয়া হ’ল এজন লাখপতি ঠিকাদাৰৰ ল’ৰাৰ লগত। দুয়ো হেনো কলেজত একেলগে পঢ়িছিল।
গোপীৰ বাপেক চৰকাৰী কোৱাৰ্টাৰত থাকে আৰু গোপীয়ে এতিয়া এয়াৰ কণ্ডিচণ্ড গাড়ীত উঠি বাপেকৰ ঘৰলৈ ফুৰিবলৈ আহে।
অৱশ্যে, গোপী দেখিবলৈ বৰ ধুনীয়া আৰু আমাৰ সুধা যে মাকৰ দৰেই……
সুধাৰ কাৰণে যেনেতেনে হ’লেও ল’ৰা এজন বিচাৰি উলিয়াবই লাগিব।
সুধাৰ মাকে ইতিমধ্যে দুই–তিনি ঘৰত কথা চলালে। কিন্তু, কথা বিশেষ আগ নাবাঢ়িল।
এবাৰ সুধাৰ মাকে কেনেকৈ জানো, এঠাইত কথা আগ বঢ়ালে।
ল’ৰাই সুধাক চাবলৈ একেবাৰে ঘৰেই ওলালহি।
পিছে, সুধাক তাৰ পচন্দ নহ’ল।
সিনো কি এনে ভাল ল’ৰা! গোটেই মুখতে বসন্তৰ দাগ। তাতে, তপামুৰীয়া।
নিজৰ গাৰ ছালেই ক’লা। তাক পিছে ছোৱালী লাগে আক’ গাখীৰৰ দৰে বগা।
তাতে আকৌ যৌতুকত লাগে স্কুটাৰ এখনো।
সুধাৰ বাপেকৰ যে চাইকেল এখন দিবৰো সামৰ্থ নাই।
গতিকে, কথা আৰু আগেই নাবাঢ়িল।
টপামুৰীয়া, বসন্তৰ দাগেৰে ভৰা মুখৰ ল’ৰাজনে সুধাক পচন্দ নকৰাত তাই যে কিমান সুখী হৈছিল, বাপেকে কিন্তু সেই কথা গমেই নাপালে।
তাৰ পিছৰ দুবছৰতো দুজন ল’ৰাই চাব আহি সুধাক অপচন্দ কৰি গুচি যায়।
তিনিওগৰাকী অভাগাৰ প্ৰতি সুধা পিছে চিৰকৃতজ্ঞ।
দেখাত সুধা যিমানেই শান্ত–সৰল, ভিতৰি ভিতৰি তাই কিন্তু সিমানেই জ্বলাময়ী।
তাইৰ মনোজগতৰ বিশালতাৰ ভূ আচলতে কোনেও নাপায়।
বাহ্যিক জগতৰ বিৰক্তিকৰ অমানিশাৰ অন্ধকাৰে আৱৰা অৱস্থা এটাৰ বিপৰীতে তাই কেনে এখন মনোৰম জগতত বিচৰণ কৰি ফুৰে, কোনেও নাজানে।
বাপেক–মাকেও নাজানে সিহঁতৰ ছোৱালী কেনে অদ্ভূত প্ৰকাৰৰ!
শাৰীৰিক অৱয়বত সুধা এজনী তেনেই সাধৰণ ছোৱালী। কিন্তু, তাইৰ গহীন, গোপন কোণত বাহ সাজি আছিলহি এক উজ্জ্বল জীৱন দৰ্শনে।
মাকৰ কোলাত যেনেকৈ কেঁচুৱা এটাক চাদৰৰ আঁচলেৰে লোকচক্ষুৰ পৰা আঁৰ কৰি ৰখা হয়, বাহিৰৰ পৰা চালে আঁচলৰ তলত কি আছে জনা নাযায়, আকৌ লেতেৰা, জধলা সাজেৰে থকা মহাজনজনক দেখি যেনেকৈ বুজা নাযায় প্ৰকৃততে তেওঁ কিমান টকা – পইচাৰ মালিক, ঠিক তেনেকৈয়ে বুজা নগৈছিল সুধাৰ লাজুকী, সৰলমতী চেহেৰাৰ আঁৰত কি লুকাই আছিল।
নিজৰ মনোজগত সম্পৰ্কে তাই আনক জানিবলৈ দিবলৈ মুঠেই ইচ্ছুক নহয়।
বিচিত্ৰ তাইৰ চিন্তাৰ জগতখন। তাইক লৈ আনে হাঁহক, আপত্তি নাই।
ধুনীয়া ধুনীয়া সাজোন–কাচোনেৰে দিপলিপজনী হৈ থকা কলেজৰ লগৰীহতে তাইৰ অন্তৰৰ মোহনীয় ৰূপৰ পৰিচয় পালে যে জ্বলি পুৰি মৰিব, খাটাং।
চুট–টাই পিন্ধি দামী দামী বাইক–মটৰ লৈ ঘূৰি ফুৰা দেৱদুত সদৃশ ডেকাহঁতে সিহঁততকৈ তাইৰ উচ্চ মানসিকতাৰ পৰিচয় পালে বাৰু বিস্ময়ত হতবাক হৈ নপৰিবনে!
সুধাই ভাবে, সিহঁতে তাইৰ ফালে নাচায়। ধূলি ময়লাৰ আৱৰণ পৰা সাধাৰণ চেলোৱাৰ কামিজ পিন্ধা তাইৰ পিনে সিহঁতৰ নজৰেই নপৰে।
তায়েই বা সিহঁতক তাইৰ পৰিচয় দিব কিয়?
“তুমি এইজনী কি ছোৱালী জন্ম দিলা অ’ মদ্ঘী?” মাজে মাজে জীৱনৰামে খঙতে ঘৈনিয়েকক কথা শুনায়।
“সকলো সময়তে মূৰ তল কৰি, ভূতৰ দৰেই তাই নিমাতে থাকে। কামৰ বাদে আৰু অন্য একো তাই নাজানে। আজিলৈকে এটা হাঁহি দেখা নাপালোঁ তাইৰ মুখত।
কাপুৰ চাহাবৰ ছোৱালীক নোচোৱা কিয়? যেন এপাহি পদুম ফুলহে। গোটেই ঘৰখনকে তাই ফুলৰ দৰে কৰি তুলিছে।
আৰু, এইফালে তোমাৰ ছোৱালী!”
খঙতে জীৱনৰামে হাতত থকা কাগজখনকে উল্টাই পাল্টাই চাব ধৰে।
দহ টকীয়া চাউলৰ ভাত আৰু পনীয়া মচুৰ দাইলৰ বাটিটো জীৱনৰামলৈ আগবঢ়াই দি মগ্ধীয়ে ক’লে, “সেইবোৰ ছোৱালীৰ লগত তাইক তুলনা নকৰিব! সিহঁতৰ বাপেকহঁত একোজন চুপাৰিনটেনডেণ্ট। মাহৰ শেষত সিহঁতৰ ঘৰলৈ চাৰিশ টকা আহে। কাপুৰ চাহাবৰ ছোৱালীয়ে দিনটোত দুই তিনি যোৰা কাপোৰ সলায়। আৰু আমাৰ সুধাৰ মাত্ৰ দুটা চোলা। কেতিয়াবা ভাবি চাইছেনে এইবোৰ কথা?”
জীৱনৰামে দাঁত কৰচি চুপ হৈ গ’ল। লগে লগে তাৰ মনত নানানটা প্ৰশ্নই দোলা দি যাবলৈ ধৰিলে।
আমাৰ এই ভাতকেইটানো ইমান মোটা কিয়? দাইলখন ইমান পনীয়া কিয়? সুধাই কিয় মনে মনে থাকে? ল’ৰাই যৌতুকত স্কুটাৰ বিচাৰে কিয়?– ইত্যাদি হেজাৰটা প্ৰশ্নই তেওঁৰ মনত পাকঘূৰণি খাবলৈ ধৰিলেহি।
তেওঁৰ ওচৰত এইবোৰ প্ৰশ্নৰ পিছে কোনো উত্তৰ নাই।
গতিকে, পনীয়া দাইল গিলাৰ দৰে এইবোৰ প্ৰশ্নও গিলি থোৱাই ভাল বুলি তেওঁ ভাবিলে।
পি ইউ পাছ কৰাৰ পিছত জীৱনৰামে সুধাক কলেজৰ পঢ়া এৰুৱাই দিয়ালে। বোলে, “তোক আৰু কলেজত পঢ়াবৰ সামৰ্থ নাই। ।”
তেওঁৰ বন্ধু তোতাৰামে “সেৰামল ক্লথ মাৰ্চেণ্ট” ত কাম কৰে।
“তোমাৰ ছোৱালীয়ে কলেজত পঢ়িয়েই আছে, নহয় জানো?”- জীৱনৰামে তোতাৰামক সোধে।
“উম”, তোতাৰামে হাঁহিমুখে উত্তৰ দিলে, “অহা শীতত তাইৰ বিয়া।”
“ল’ৰা ঠিক হৈছে?”
“হৈছে।” তোতাৰামে মিহি মাত উলিয়াই ক’লে, “তাই কলেজত নিজেই ঠিক কৰি লৈছে ল’ৰা। ধনী ঘৰৰ ল’ৰা।”
তোতাৰাম যোৱাৰ পিছত জীৱনৰামে মনৰ দুখত তোতাৰামৰ কণ্ঠ নকল কৰি কৈ উঠিল, ‘তাই কলেজত নিজেই ল’ৰা ঠিক কৰি লৈছে।’ হুহ!
মজিয়াত জোৰকৈ থুৱাই তেওঁ চিঞৰিয়েই উঠিল, “চালা হাৰামজাদা!”
আৰু দুটা বছৰ পাৰ হ’ল। সুধাই এতিয়া আছফ আলি ৰোডৰ এখন ফাৰ্মত টাইপিষ্টৰ কাম কৰে।
আগতকৈ তাই এতিয়া অধিক শান্ত, আত্মমৰ্যাদাসম্পন্ন আৰু পৰিশ্ৰমী হৈ উঠিছে।
ঘৰখনৰ আৰ্থিক অৱস্থাও ভাললৈ আহিছে।
এতিয়া প্ৰতিমাহে তাই ঘৰত এশ টকাকৈ দিয়ে।
অফিচ ছুটিৰ পাছত তাই আকৌ ষ্টেনোগ্ৰাফি শিকিবলৈয়ো যায়।
আনফালে বি. এ.টো পঢ়াৰো তাই ইচ্ছা কৰিছে।
ঘৰখনৰ আৰ্থিক অৱস্থা কিছু ভাললৈ অহাত জীৱনৰাম আৰু মগ্ধীয়ে সুধাৰ কাৰণে উপযুক্ত ল’ৰা বিচাৰিবলৈ সাহস পালে।
সুধাৰ উপাৰ্জনৰ এশ টকাটোৰ পৰা অতি নগণ্য টকাহে খৰচ কৰি বাকী টকাখিনি স্কুটাৰ এখনৰ বাবে তেওঁলোকে জমা কৰিবলৈ ধৰিলে।
ভালেমান দিনৰ পাছত, জীৱনৰামে স্কুটাৰৰ লোভ দেখুৱাই এজন পাত্ৰৰ মাক দেউতাকক আকৃষ্টও কৰিলে।
সুধাৰ মাহিলী দৰমহা, বিয়াৰ পণ, নগদ টকাৰ পণ ইত্যাদি সমস্ত কথা ঠিক–ঠাক হৈ গ’ল।
পাত্ৰৰ নাম মোতি আৰু দেখিবলৈয়ো সি সুন্দৰ সুঠাম চেহেৰাৰ।
মোতিয়ে এদিন তাৰ হ’ব লগা জীৱন সঙ্গীক চাবলৈ আহিল।
ডাঠ বাদামী ৰঙৰ ঊলৰ চোৱেটাৰ পিন্ধি আহিছিল মোতি।
ফেঁহু বৰণীয়া গাৰ ছাল আৰু ঘন ক’লা, কেঁকোৰা চুলিখিনিৰ সৈতে সি অতুলনীয় সৌন্দৰ্য তুলি ধৰিছিল।
তাৰ হাতদুখনো বেছ সুগঢ়িত আৰু শক্তিশালী।
এনেহেন সুঠাম সুন্দৰ যুৱকটিয়ে যেতিয়া সুসজ্জিত সুধাৰ পিনে চাই মিচিকিয়াই হাঁহি দিলে, সৰলমনা সুধাৰ হৃদয়ৰ গভীৰতম কোণত জমা হৈ থকা বৰফখিনি গলিবলৈকে আৰম্ভ কৰিলে।
তাইৰ হাতত থকা চাহৰ কাপটো কঁপিবলৈয়ো ধৰিলে। অতি কষ্টৰেহে চাহৰ কাপটো তাই মোতিৰ হাতত তুলি দিব পাৰিলে। ।
চাহ–পানী খাই উঠি অতি বিনয়েৰে ধন্যবাদ জনাই ভনীয়েকহঁতৰ লগত মোতি ঘূৰি গ’ল।
পিছদিনাখন ভনীয়েকৰ আগত সি পিছে খবৰ দি পঠিয়ালে, “ছোৱালীজনী পচন্দ হোৱা নাই।”
সেইদিনা ৰাতি সুধাৰ টোপনি নাহিল। গোটেই ৰাতি তাইৰ চকুৰ আগত ভাহি থাকিল, মোতিৰ সুশ্ৰী মুখমণ্ডল আৰু বলিষ্ঠ চেহেৰাটো।
মোতিৰ আঙুলিৰ মৃদুস্পৰ্শই তাইৰ দেহ–মন আছন্ন কৰিয়েই ৰাখিলে।
ছোৱালী পছন্দ হোৱা নাই। হুঃ.. মগ্ধীয়ে ঢেঁকীয়া শাক ভাজি ভাজি খঙেৰে বকি উঠিল।
“নিজে যেন একেবাৰে ৰাজকুমাৰহে! গাৰ ছালখনক লৈয়ে ইমান গৰ্ব! নাকটো যিহে ফুলকবিতো হেন! নিগ্ৰোৰ দৰে কুৰ্কুৰীয়া চুলিখিনিৰ ফালে নিজে এবাৰ চাইছে নে নাই বা?
আৰু, ভনীয়েক তিনিজনীকনো কি চাবা!ডাঙৰজনী কেঁৰা চকুৱা, মাজুজনী এছতা কাঠহে যেনিবা! আৰু, সৰুজনীতো একেবাৰে অপদাৰ্থ।
সিহঁতে কয়ঃ ছোৱালী পচন্দ হোৱা নাই!
খঙৰ ভমকত সুধাৰ মাকে খৰকৈ কেৰাহীত খন্তি চলাব ধৰিলে।
এনে এটা ভাব প্ৰকাশ পাইছে যেন তেওঁ শাক ভজা নাই, ছোৱালী তিনিজনীকহে ভাজিছে।
ঘৰৰ মানুহ, গাঁৱৰ মানুহ অথবা অফিচৰ সহকৰ্মী কোনেও পিছে সুধাৰ মনৰ ভিতৰখনৰ ভূ পাব নোৱাৰিলে।
অফিচৰ কামকাজত সুধা একেবাৰেই উপযুক্ত ছোৱালী। অফিচৰ কোনো সহকৰ্মীৰে লগত নাই তাইৰ কোনো প্ৰেমালাপ। তাই কাকোকেই প্ৰৰোচিত নকৰে তাইৰ সৈতে প্ৰেম কৰিবলৈ।
লাহে লাহে তাইৰ চকুযুৰি অনুজ্জ্বল হৈ আহিব ধৰিলে, ওঁঠ দুখনি শুকাবলৈ ল’লে আৰু মুখমণ্ডলত ক’লা ক’লা চামনি পৰিবলৈয়ো ধৰিলে।
তাইৰ সৰ্বশৰীৰ এনেকৈ শীতল হৈ আহিব ধৰিলে যে তাইক দেখিলে এটুকুৰা বৰফ যেনহে ভ্ৰম হয়।
অফিচৰ সহকৰ্মীসকলৰ মাজত আলোচনাৰ বিষয় হৈ পৰিল সুধা। বোলে, সুধাক যিয়ে বিয়া কৰাব, তেওঁ আৰু পাহাৰীয়া অঞ্চললৈ নগ’লেও হ’ব…..”
মোতিৰ সুধাক পচন্দ নোহোৱাত তাইৰ মনৰ প্ৰতিক্ৰিয়া কোনেও গম নাপালে।
জীৱনত প্ৰথমবাৰৰ বাবে তাই এয়া কাৰোবাৰ ওচৰত মন প্ৰাণ সমৰ্পিত কৰিছিল আৰু সেয়াও কোনেও নজনাকৈ।
তাইনো আনক কয় কেনেকৈ যে যিজনক তাই মন প্ৰাণ সমৰ্পিত কৰিছে, তেৱেই তাইক চাবলৈ আহি অপচন্দ কৰি গুচি গ’ল।
ফুল ফুলিলে সুগন্ধি বিয়পি পৰাৰ দৰে, প্ৰেম কৰিলেও তাৰ প্ৰকাশ পায়। বেচেৰী সুধাই কিন্তু কাকো একোকে ক’ব নোৱাৰিলে।
অভাৰটাইম কাম কৰি কৰি যেতিয়া তাই অফিচৰ পৰা ওলাল, তেতিয়া সন্ধিয়া লাগিছিল।
অফিচৰ পৰা ওলাই ছাঁই ৰঙৰ ভেনিটি বেগটো ডুলাই ডুলাই আছফ আলি পাৰ্কৰ বেঞ্চ এখনতে তাই বহিলগৈ।
দিল্লী গেইটৰ সমুখৰ এই পাৰ্কখনৰ পৰিৱেশ নিৰিবিলি। কেইজোপামান গছ, বহিবলৈ কেইখনমান বেঞ্চ, ঠায়ে ঠায়ে গজি উঠা ঘাঁহনি আৰু এই সকলোবোৰক যেন ঘেৰি ধৰিছেহি চৌপাশৰ কোলাহলেখিনিয়ে।
কিন্তু, আজিৰ পৰিৱেশটো অন্য ধৰণৰ। যথেষ্ট শান্ত পৰিৱেশ।
সুধা সদায় আহে ইয়ালৈ। আধা ঘণ্টা, এঘণ্টা অকলে অকলে বহি তাই যায়গৈ।
নিজস্ব ভাব–সাগৰত ডুব গৈ গৈ তাই বহুদুৰ পায়গৈ। একাকিত্বলৈ তাইৰ কোনো ভয় নাই। যেন এই একাকিত্বই তাইৰ একমাত্ৰ ভৰসা, বিশ্বাসৰ একমাত্ৰ থলি!
এন্ধাৰো তাইৰ একান্ত বন্ধুহে। কোনো যেন ভয় নাই। গুণ্ডা, বদমাচলৈয়ো ভয় নাই।
সুধাৰ ব্যক্তিত্বৰ এনে এক সন্মোহনি শক্তি আছে, যাৰ প্ৰভাৱত দুষ্টলোকো তাইক দেখিলে বৰফৰ লেখীয়াই শীতল হৈ পৰে।
আজি পিছে বেছি আন্ধাৰ। গছৰ তলত গভীৰ নীৰৱতা। শিলৰ বেঞ্চকেইখনো হিমশীতল।
গছৰ তলত কিছু সময় তাই নীৰৱে বহি থাকিল।
নাই, তাতো তাইৰ ক্লান্তি যেন দূৰ হোৱা নাই।
এইবাৰ উঠি গৈ গছ এজোপাৰ গুৰিত হেলান দি চকু বন্ধ কৰি তাই বহি পৰিলহি।
কিমান সময় তাই তাত তেনেকৈ বহি আছিল, গমেই নাপালে।
কোনোবাই তাইক সুধিছেহি, “তুমি অকলে অকলে ইয়াত এনেকৈ বহি আছা কিয়?”
সুধাই চকু মেলি চালে।
সমুখত এয়া দেখোন মোতি। পিন্ধনত সেই একেই সুন্দৰ ব্ৰাউন ছুট, ধকধকীয়া বগা দাঁত উলিয়াই মৰা মোলায়েম হাঁহি!
একেই সুন্দৰ সুঠাম হাত দুখন!
ডিঙি ফাটি আৰ্তনাদ এটা ওলাই আহিব খুজিও স্তব্ধ হৈ পৰিল সুধাৰ কণ্ঠ। একোৱেই ক’ব পৰা নাই তাই।
মোতি তাইৰ একেবাৰে ওচৰ চাপি আহি বহিল। তাৰ ছুট পেণ্টে সুধাৰ গা স্পৰ্শ কৰিলে।
কোমল সুৰত মোতিয়ে সুধিলে, “পচন্দ নোহোৱা বুলি কোৱা কাৰণে তোমাৰ খং উঠিছে নহয়?”
ধীৰে ধীৰে তাই মূৰ দুপিয়ালে। দুধাৰি চকুপানী বৈ আহিল।
“বহুত বেয়া লাগিছে নহয়?”
বহু কষ্টৰে তাই হয় বুলি মূৰ জোকাৰি ফেকুৰি, ফেকুৰি কান্দিবলৈ ধৰিলে …..
পকেটৰ পৰা ৰুমালখন উলিয়াই সুধাৰ চকুপানীখিনি মচি দি মোতিয়ে ক’বলৈ ধৰিলে, “ইয়াত কান্দিবলগীয়া কি আছে? প্ৰতিজন মানুহৰে নিজস্ব পচন্দ–অপচন্দ বুলি কথা এটা আছে। তুমিয়েই কোৱাচোন, আছে নে নাই?”
“কিন্তু, তুমি মোৰ বাবে কি, সেয়া নজনাকৈয়ে তুমি মোক অপচন্দ কৰিলা? তুমি মই বনোৱা লুচি খাইছা, মই বনোৱা মটৰ পোলাও খাইছা। কিন্তু, মোৰ মনৰ মাজত চলি থকা দুখ বেদনাৰ খবৰ নাপালা?
তোমাক দেখাৰ লগে লগেই যে মোৰ ভিতৰৰ শিশুটিৰ হাত–ভৰি নাচি উঠিছিল, সেয়া জানো দেখিছিলা?
তুমি কি কেৱল মোৰ ভাৱলেশহীন বাহ্যিক ৰূপটোহে দেখিলা? মোৰ মনৰ মাজৰ শিশুসুলভ ৰূপটো নেদেখিলা কিয়?
মোৰ যি দুখন হাতে জীৱনজুৰি তোমাৰ চৰণ ধুৱাব খুজিছিল, সেইদুখন হাত তুমি নেদেখিলা কিয়?
তুমি মোৰ গাৰ বৰণ দেখি ভয় খালা। অথচ, তোমাৰ বাবে মই নিজ হাতেৰে যি ছুৱেটাৰ গুঠিব খুজিছিলোঁ, সেই চুৱেটাৰৰ উজ্জ্বল ৰংটো তোমাৰ দৃষ্টিত ধৰা নপৰিল?
মোতি, তুমি মোৰ হাঁহিৰ খিলখিলনি নুশুনিলা। মোৰ চকুলোও নেদেখিলা। তোমাৰ মিহি ৰেচমী চুলিত মোৰ আঙুলিৰ স্পৰ্শ অনুভৱ কৰিব নোৱাৰিলা।
তোমাৰ হাতৰ স্পৰ্শত কেনেকৈ মোৰ কুমাৰী দেহা কঁপি উঠিছিল, সেয়া তুমি দেখা নাপালা।
ইমানৰ পিছতো কেনেকৈ তুমি মোক অপচন্দ কৰিব পাৰা?”
ইমানবোৰ কথা তাই মোতিক কেনেকৈ ক’ব পাৰিলে, তাই নিজেই বুজি নাপালে।
তাইৰ কেৱল মনত পৰে…তাই খুব কান্দিছিল আৰু কান্দি কান্দিয়েই মোতিক এই সমস্ত কথাখিনি তাই কৈছিল।
কৈ কৈ ভাগৰুৱা হৈ পৰি তাই মোতিৰ কান্ধত মূৰ থৈ শুই পৰিছিল।
নিজৰ ভুলৰ বাবে অনুতপ্ত মোতিয়ে লাহে লাহে তাইৰ মূৰত হাত বুলাই দিছিল।
সেইদিনাখন ঘৰলৈ উভতি আহোঁতে তাইৰ যথেষ্ট দেৰি হৈছিল।
মাকে তাইক দেৰি হোৱাৰ কাৰণ সোধোঁতে তাই চিধাচিধিকৈ উত্তৰ দিছিল, “অফিচতে দেৰি হৈছে।”
কাপোৰ–কানি সলাই মুখ–হাত ধুই আহি মাকৰ ওচৰতেই বহি সুধা খাবলৈ বহিল।
মাক দেউতাক দুয়োজন চমকি উঠিল। অনবৰতে দুখ–শোকত ভিজি থকা সুধাৰ চকুত আজি দেখোন এধানি আনন্দৰ ৰেঙনি!
যেন, বাৰিষাৰ ঘনক’লা মেঘৰ মাজে মাজে বিজুলীৰ চমকণি!
মগ্ধীয়ে ওঁঠ কামুৰি চকুৰ ঠাঁৰেৰেই জীৱনৰামৰ পিনে চাই বুজাই দিবৰ যত্ন কৰিলে যে তাই জীয়েকৰ ৰহস্য বুজিব পাৰিছে।
জীৱনৰামেও এক মুহূৰ্তৰ বাবে আনন্দমনে জীয়েকৰ পিনে চাই খোৱাত মন দিলে।
দুয়ো পতি–পত্নীয়ে ভাবিব ধৰিলে, ইয়াৰ মাজত নিশ্চয় কিবা এটা ৰহস্য লুকাই আছে!
সুধা ‘ছোৱালীৰ দৰেই’ হৈ পৰাৰ আঁৰত নিশ্চয় কোনোবা পুৰুষেই ইন্ধন যোগাব!
আঠ–দহ দিন পিছত এই সন্দেহ আৰু অধিক ঘনীভূত হৈ পৰিল।
এদিনাখন এজন ডেকা ল’ৰাই মাকক লগত লৈ সুধাক দেখা কৰিবলৈ আহিল।
ল’ৰাটোৰ মাক সুধাৰ মাকৰ সৰুকালৰ বান্ধৱী।
সুধাৰ মাকে বিভিন্ন কথা প্ৰসঙ্গৰ অচিলা লৈ সুধাৰ গুণানুকীৰ্তন কৰাত লাগি গ’ল যাতে কিবা এটা হেস্তনেস্ত হৈ যায়।
ল’ৰাৰ ছোৱালী পচন্দ নহ’লেতো কথা নচলেই। কিন্তু, এইবাৰ কথা বিপৰীত।
সুধাই নিজেই জনাই দিলে যে তাইৰ ল’ৰাজন পচন্দ হোৱা নাই।
হতবাক হৈ পৰিল মগ্ধী– জীৱনৰাম।
সিহঁত নিশ্চিত হ’ল যে কোনোবা ল’ৰাৰ লগত সুধাৰ নিশ্চয় সম্পৰ্ক ঘটিছে।
মাক মগ্ধীয়ে মনে মনে বিয়াৰ যোগাৰ কৰাত লাগি গ’ল আৰু জীৱনৰামে হোকা টানি টানি সেই শুভ দিনটোলৈ অপেক্ষা কৰি থাকিল।
কোনদিনা যে সুধাই উচপিচকৈ মাকৰ ওচৰলৈ আহি সকলো কথা খুলি ক’বহি, কথাটো শুনি বৃদ্ধ বাপেকে প্ৰথমতে চকু পকাই ধৰি সুধাক ধমক দিব… বোলে, তোৰ ইমান সাহ হ’ল যে আমাক নজনোৱাকৈ নিজেই ল’ৰা ঠিক কৰি পেলালি? তোক ঘৰৰ পৰা উলিয়াই দিম, চুলি খুৰাই দিম, জানিছ? আমাৰ বংশৰ মান ইজ্জত খেদালি তই……
পিছে, দুই–চাৰিটা কথা বুজাই ক’লেই যেন বাপেক ঠাণ্ডা হৈ যাব।
তাৰ পিছত হোকাট টান মাৰি মাৰি সুধিব, “ল’ৰাটো কোন হয়? ক’ত থাকে? কি কৰে?”
ল’ৰাটো যিয়েই নহওক, সুধাই ক’লেই তাৰাতাৰিকৈ তাইক বিয়া দি দিব। পঁচিশ বছৰীয়া ছোৱালীজনীক আৰু ঘৰবুঢ়ী কৰি ৰাখিব নোৱাৰি।
দিনৰ পিছত মাহ, মাহৰ পিছত বছৰ পাৰ হৈ নতুন বছৰ আহিল। কিন্তু, সুধাই একো কোৱা নাই। মাকে অপেক্ষাৰ পিছত অপেক্ষা কৰি ৰৈ আছে।
পোৰাকপলীয়া জীয়েকে দেখো একোৱেই নকয়!
দুখ, হতাশাই আগুৰি ধৰা মাক বাপেকে পুনৰ দুই–এটা খবৰ আনে যদিও সুধাই চিধাই নাকচ কৰি ঘূৰাই পঠায়।
শেষবাৰৰ বাবে বাপেকে যিজন ল’ৰা বিচাৰি আনিছিল, সেইজন আছিল চল্লিশ বছৰৰ উৰ্ধৰ এজন ব্যৱসায়ী।
সেইদিনাখন গধূলি অস্তগামী ৰঙা সূৰুযৰ আলোকৰ পিনে মুখ কৰি সুধাই মোতিক কৈছিল, “বাবাই আজি মোৰ কাৰণে এটা বুঢ়া বেপাৰী লৈ আহিছিল।”
“তাৰ পিছত কি হ’ল?” হাঁহি হাঁহি মোতিয়ে সুধিলে।
“মই চিধাই না কৰি দিছোঁ।”
“তুমি এটা মহা পাগল। না কৰিলা কিয়? তাৰ লগত বিয়া হ’লে গোটেই জীৱন তুমি আৰামত বহি বহি মিঠাই খাই থাকিব পাৰিলাহেঁতেন।”
“তাৰমানে…. তাৰমানে তুমি মোক এৰি দিবা?” অভিমানী সুৰত সুধাই মোতিৰ পিনে চাই ক’লে।
“মই কিবা তোমাক বিয়া কৰাইছোঁ নেকি?” মোতিয়ে তাইৰ কঁকালত হাত থৈ ক’লে।
“তাতে কি হ’ল?” সুধাই তাইৰ গালখন তাৰ গালত ঘঁহাই ঘঁহাই ক’লে, “তুমিতো মোৰ কাষত আছা। মোৰ কাষত থকাটো বিয়া কৰোৱাতকৈয়ো বেছি। সকলো সময়তে তুমি মোৰ বাহুৰ মাজত…..”
হাঁহি হাঁহি মোতিয়ে ক’বলৈ ধৰিলে, “হয় হয়। সেইটোৱেইতো আচল কথা। মইতো তোমাৰ একেবাৰে হাতৰ মুঠিত। এবাৰ মাতিলেই হাজিৰ…”
“প্ৰথামাৱস্থাত তুমি এনেকুৱা নাছিলা।” চঞ্চল হৈ উঠা চকুযুৰিৰে মোতিৰ ফালে চাই তাই ক’লে, “প্ৰথমাৱস্থাত তুমি মোৰ কাষলৈ বিশেষ অহা নাছিলা।”
“প্ৰথমাৱস্থাত এনেকুৱা ভালপোৱাও নাছিল যে! কাৰোবাৰ মনটো বুজিবলৈ সময়ৰ দৰকাৰ হয়।”
মোতিৰ অনুৰাগভৰা কথাখিনি শুনি সুধাৰ চকু জাপ খাই গ’ল।
মুখৰ ওপৰত তাই এইবাৰ অনুভৱ কৰিবলৈ ধৰিলে মোতিৰ ঘন ঘন নিশ্বাসৰ স্পৰ্শ।
মুখ, গাল, কপালত এটাৰ পিছত এটাকৈ তাই অনুভৱ কৰি থাকিল মোতিৰ উষ্ম ওঁঠৰ স্পৰ্শ……
“কাইলৈ আমি ক’ত লগ হ’ম?”
“তুমি যলৈকে যাব খোজা — লভাৰ্চ লেন?
“উ হু….’
“কোটলাত ঘোঁৰা প্ৰদৰ্শনী চলি আছে।”
“আমি কি ঘোঁৰা কিনি আনি পুহিম?” – সুধাই হাঁহি উঠিল।
“পুৰণি হলত সাহিত্যিকৰ সভা এখন আছে।”
“না বাবা, না….” – সুধাই দুহাতেৰে কাণ দুখন বন্ধ কৰি ক’লে।
মোতি এইবাৰ মনে মনে থাকিল।
এইবাৰ সুধাই নিজেই ক’লে, “কাইলৈ আমি ‘বসন্ত’ চিনেমা হলত চিনেমা চাম।
মই টিকট কাটি থ’ম, তুমি ঠিক ছয় বজাত আহি পাবাহি!”
“টিকট মই কাটিম।”
“নহয়, নহয়। কাইলৈ মই দেখুৱাম চিনেমা। তুমি অন্য এদিন দেখুৱাবা। তোমাক দেখুৱাবলৈ মনা কৰা নাই নহয়!
কাইলৈ ঠিক ছয় বজাত ‘বসন্ত’ চিনেমা হলৰ সমুখত লগ পাম। নাপাহৰিবা কিন্তু!”
‘বসন্ত’ চিনেমা হলৰ সমুখত দৰ্শকৰ যথেষ্ট ভীৰ।
সুধাই দুটা টিকট কাটি আনি মোতিলৈ ৰৈ আছে। চিনেমা চাই থকাৰ মাজত বাদাম, চানাচুৰ খোৱাৰ এক বিশেষ আমেজ আছে। সুধাই সেইবোৰো কিনি ল’লে।
ছয় বাজিল। চলি থকা দৰ্শনীতো শেষ হোৱাত দৰ্শকসকল হলৰ বাহিৰলৈ ওলাই আহিল।
পৰৱৰ্তী দৰ্শনীৰ বাবে বাহিৰত ৰৈ থকাসকল ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিলে। মোতি কিন্তু তেতিয়াও আহি পোৱাহি নাই।
চাৰিওফালে বিজুলী বাতিৰ পোহৰে জিকমিকাই তুলিছে। দৰ্শকৰ ভীৰ, ফেৰিৱলাৰ চিঞৰ বাখৰ, গাড়ী মটৰৰ শব্দই ঠাইখিনি মুখৰ কৰি তুলিছে।
এতিয়াও পিছে মোতিৰ দেখা–দেখি নাই।
সুধা হলৰ ভিতৰলৈ সোমাই গ’ল। তাইৰ কাষৰ চিটটোত ৰুমলখন থৈ দিলে। বাদাম, চিপচৰ পেকেতকেইটাও থ’লে চিটটোত।
লাহে লাহে দৰ্শকেৰে হলটো ভৰি পৰিল। কিন্তু মোতিৰ কোনো খা–খবৰেই নাই।
অলপ পিছতে হলঘৰৰ লাইট নুমাই গ’ল। পৰ্দাত নামবোৰ জিলিকি উঠিল।
এনেতে সুধাই কাৰোবাৰ হাতৰ স্পৰ্শ অনুভৱ কৰিলে। মানে, অন্ধকাৰত খুপি খুপি আহি মোতিয়ে তাইৰ কাষৰ চিটটোত বহি পৰিলহি।
সুধাই তাৰ হাতত চিকুটি দি ক’লে, “বৰ দেখিছোঁ সময় জ্ঞান!”
“Sorry” মোতিৰ মাতত লজ্জাৰ ভাব।
“তোমাৰ বাবে বাদাম, চানাচুৰ আনিছিলোঁ। এয়া, খোৱা….”
মোতিয়ে বাদাম কেইটামান মুখত ভৰালে আৰু সুধাই স্বস্তিৰ নিশ্বাস পেলাই চিনেমা চোৱাত লাগিল।
তাই অনুভৱ কৰিছে, মোতিয়ে তাইৰ হাত স্পৰ্শ কৰিছে। মাজে মাজে সুধাই তাৰ কান্ধৰ ওপৰত মূৰটো পেলাই দিছে।
মাজতে এবাৰ মোতিয়ে লাহেকৈ ক’লে, “মোৰ কান্ধত মূৰ থৈ জানো তুমি চিনেমাখন দেখা পাইছা?”
“এই হলটোৰ ভিতৰত বহি কোনেও যিখন চিনেমা দেখা পোৱা নাই, মই সেইখন চিনেমা উপভোগ কৰি আছোঁ।” – গভীৰ আনন্দমনে সুধাই ক’লে।
লাহে লাহে পৰিৱৰ্তনবিলাক সকলোৰে চকুত ধৰা পৰিব ধৰিলে।
গভীৰ বেথাভৰা সুধাৰ চকুযুৰি দিনে দিনে উজ্জ্বল হৈ তিৰবিৰাব ধৰিছে।
কোনোদিনে কোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰা ছোৱালীজনীয়ে আজিকালি চকুত কাজল সানিবলৈ লৈছে।
এতিয়া তাইৰ চকুযুৰি চোকা তৰোৱালৰ দৰে তিৰবিৰাই থাকে।
স্ফীত বুকুখনি আৰু স্ফীততৰ হৈ উঠিছে। খোজত কঁকাল নাচে।
মুঠতে, সুধা অতিকে ৰূপহী, লাস্যময়ী হৈ উঠিছে।
আজিকালি তাই ধুনীয়া ধুনীয়া কাপোৰ–কানিবোৰ পৰিপাটিকৈ পিন্ধে।
যদিও কমদামী কাপোৰ, তাইক মিলা ৰং আৰু ফিটফাট চিলাই আদিয়ে তাইক তুলি ধৰিছে।
আগতে টকা খৰচ কৰি দৰ্জীক চিলাব দিয়াৰ সামৰ্থ নাছিল বাবে কাপোৰবোৰ নিজেই চিলাই লৈছিল।
অৱশ্যে, খুব কম ছোৱালীয়েহে তাইৰ দৰে নিখুঁত চিলাই কাম কৰিব পাৰে।
কিন্তু, তাই কেতিয়াও কাৰো আগত নকয় যে তাইৰ নিজৰ কাপোৰ নিজেই চিলাই লয়।
অফিচৰ কোনো মহিলা সহকৰ্মীয়ে তাইৰ কাপোৰৰ প্ৰশংসা কৰিলে তাই লগে লগে কোনোবা এখন দামী দৰ্জীৰ দোকানৰ নাম কৈ দিয়ে যিখনত কেৱল ধনী ঘৰৰ ফেশ্বনেবল মহিলাৰহে কাপোৰ চিলোৱা হয়।
তাইৰ কথাত সহকৰ্মীসকল জ্বলি পুৰি মৰে। হিংসাত, জেদত সিহঁতে তাইক সোধে, “তোমাৰ তেওঁ কেনেকুৱা, ওঁ?”
“উজ্জ্বল, স্বচ্ছ গাৰ বৰণ, কেঁকোৰা চুলি, হাঁহিলে মুকুতা সৰা যেন লাগে।” – সুধাই উত্তৰ দিয়ে।
“তেওঁ কিমান টকা দৰমহা পায়নো?”
“বাৰশ টকা মাহে।”
“বাৰশ…!” সহকৰ্মীসকলে চিৎকাৰ কৰি উঠে।
“বাৰশ টকা দৰমহা দেখোঁ আমাৰ কোম্পানীৰ মেনেজাৰেই পায়, ওঁ!”
“তেৱোঁ এখন ফাৰ্মৰ মেনেজাৰ।”
“বাপৰে, আমাকো দেখুৱাবা না! আমাৰ লগতো চিনাকি কৰাই দিবা! আমিও চাম তোমাৰ ‘তেওঁ’ কেনেকুৱা….”
“দেখুৱাম বাৰু। কৈছা যেতিয়া অফিচলৈকে লৈ আহিম এদিন।”
সুধাই আচলতে কোৱাৰ খাতিৰতহে কৈছিল। নহ’লে, তাইৰ অলপমানো ইচ্ছা নাছিল অফিচৰ সহকৰ্মীৰ লগত মোতিক চিনাকি কৰাই দিয়াৰ।
মৰি যাব তাই, তথাপি মোতিক নেদেখুৱায়।
এইবোৰ মানুহৰ বিশ্বাস নাই। আফিচলৈকে লৈ আহি সকলোৰে লগত চিনাকি কৰাই দিম বুলি এইকাৰণেই কৈছিল অন্তত এইটো আশ্বাসতে সিহঁত মনে মনে থাকিব।
সুধাক লৈ ওচৰ চুবুৰীয়া সকলোৱে বু বু বা বা কৰিবলৈ আৰম্ভ কৰিলে।
দুই–চাৰিজনী লগ লাগিলেই সৰব আলোচনাৰ বিষয় হৈ পৰে সুধা।
কিন্তু, তাইৰ মাক–দেউতাকৰ আগত কোনেও একো কোৱাৰ সাহস কৰিব নোৱাৰে কাৰণ সুধা আত্মনিৰ্ভৰশীল ছোৱালী।
জীয়েকৰ এইবোৰ ভাবনা–চিন্তাত পৰিয়েই বাপেক জীৱনৰাম পিছে এদিন মৰিয়েই থাকিল।
সুধাৰ বাপেক মৰাৰ কেইবছৰমানৰ ভিতৰতে সুধাৰ ভায়েকহঁতেও বিয়া–বাৰু কৰাই কইনা লগত লৈ নিজৰ নিজৰ কৰ্মস্থলীলৈ গ’ল।
সৰু ভনীয়েক বিজয়াৰো বিয়া হৈ গ’ল। আৰু, এদিন ডাঙৰ জীয়েকৰ কুমাৰী দেহাটো শুচি কৰাব নোৱাৰাৰ দুখ–শোক বুকুত লৈয়ে মাকেও ইহ সংসাৰৰ পৰা বিদায় ল’লে।
ঘৰখনত সুধা অকলশৰীয়া হৈ পৰিল।
কেইমাহমান পিছত সুধায়ো নিজৰ ঘৰ–বাৰী এৰি থৈ চিভিল লাইঞ্চৰ এটা ধুনীয়া ঘৰত পেয়িং গেষ্ট হিচাপে থাকিবলৈ ল’লেহি।
তাই থকা কোঠাটোৰ দুৱাৰখন খোলা–মেলাৰ ব্যৱস্থাটো পিছে সুকীয়া।
এতিয়া তাইৰ বয়স ৩৫ যদিও ত্ৰিশতকৈ অলপো বেছি যেন নালাগে।
তাইৰ চকু–মুখত অনবৰতে এক সন্তুষ্টিৰ ভাব লাগি থাকে আৰু আগতকৈ তাই যথেষ্ট আত্মমৰ্যাদাসম্পন্নও হৈ উঠিছে।
অফিচত এতিয়া তাই ষ্টেনোগ্ৰাফাৰ। তাই বি. এ. ও পাছ কৰিলে আৰু তাইৰ মাহিলী দৰমহাও বাঢ়িছে।
অৱশ্যে, তাইৰ কিতাপ পঢ়াৰ নিচাটো কমিছে।
এতিয়া তাই খুব হাঁহি–স্ফূৰ্তি কৰি আৰামতে জীৱন কটায়, কপালত ডাঙৰকৈ ৰঙা ফোঁট আৰু শিৰতো সেন্দূৰ লয়।
কিন্তু, কোনেও নাজানে তাইৰ বিয়া কাৰ লগত হৈছে।
মাথোঁ এইটোৱেই জানে যে ৰাতিটো তাইৰ লগত কটাবলৈ কোনোবা এজন আহে।
মানুহবিলাকে এনেধৰণৰ কথাও আলোচনা কৰে যে সুধাৰ জীৱনত নিশ্চয় এনে কিছু ঘটনা আছে যাৰ বাবে তাইৰ বিয়া নহ’ল।
কিন্তু, সন্ধিয়াপৰত সিহঁত দুয়ো লগা–লগি হয়।
সমগ্ৰ পৃথিৱী যেতিয়া নিশাৰ কোলাত ঘুমতি যায়, কোনেও কাৰো ছাঁটোকে দেখা নোপোৱাকৈ আন্ধাৰ হয়, তেনে এক স্বপ্নীল মুহূৰ্তত কোনোবা এজন আহে সুধাৰ ওচৰলৈ আৰু দুৱাৰত মৃদু টোকৰ মাৰি সংগোপনে কোঠাৰ ভিতৰলৈ সোমাই যায়।
সেইজন মানুহক আজিলৈকে পিছে কোনেও দেখা পোৱা নাই।
তথাপিও, এইবোৰ কথা সত্য বুলি মানুহৰ মনত এক ধাৰণা হৈছে।
পিছে, কোনেও এই প্ৰসঙ্গত সুধাৰ লগত কথা পতা নাই কাৰণ আগতকৈ তাই বহুত ভাবুক আৰু অভিমানী হৈ পৰিছে।
তদুপৰি, যাৰ কপালত ৰঙা ফোঁট আৰু শিৰত সেন্দূৰ জিলিকি আছে, তাক জানো কোনোৱে এনেধৰণৰ কথা সোধাৰ সাহস কৰিব পাৰে!
সেইদিনা সুধাৰ চল্লিশতম জন্মদিন।
কেবাটাও কাৰণত সুধাই সেইদিনটো কাহানিও পাহৰিব নোৱাৰে কাৰণ সেইদিনা সুধাই মোতিক লৈ মথুৰা ৰোডৰ জাপানী গাৰ্ডেনলৈ গৈছিল।
আঘাতপ্ৰাপ্ত মহিলা এগৰাকীৰ দৰেই দিনৰ পোহৰত মুখখন তাই ঢাকি লৈছিল আৰু ৰাতিৰ অন্ধকাৰত খোলা চুলিৰে সৈতে উন্মুক্ত হৈ পৰিছিল।
লাহে লাহে আকাশত তৰাই জিলমিলাইছিল। সুধা অতিকে শান্ত। মোতিও নীৰৱ….
সি যেন চিৰযৌৱনাহে! এতিয়াও তাৰ সেই একেই সুঠাম চেহেৰা। সুধাক লগ পাবলৈ এতিয়াও পিন্ধি আহে সেই একেই ব্ৰাউন ছুটযোৰ।
এয়া সুধাৰেই নিৰ্দেশ। জীৱন প্ৰবাহ আৰু সময়ে যেন তাৰ ওপৰত বিশেষ একো প্ৰভাৱ পেলাবই পৰা নাই, মোতিক দেখিলে তেনে যেনেই লাগে।
তাৰ কেৱল কাণৰ দুইকাষেহে চুলি কেইডালমান পকিবলৈ আৰম্ভ কৰিছে।
পকা চুলিকেইডালে তাৰ গাম্ভীৰ্য্য আৰু বঢ়াইহে তুলিছে।
অৱশ্যে, সি এডাল লাখুটিৰ সহায়ত অহা–যোৱা কৰে।
তাৰ পঞ্চাশতম জন্মদিনত তাক সেইডাল সুধায়েই উপহাৰ দিছিল।
ইয়াৰ বাদে, দেহ মন, আচাৰ–আচৰণ একোতে তাৰ একো পৰিবৰ্তন হোৱা নাই।
আগৰ দৰেই তাক দেখিলে সুধাৰ বুকুত ঢেঁকীয়ে ধান বনা দিয়ে।
ইমান দিনৰ পিছত, ও, ঠিক প্ৰথম দিনা লগ পোৱাৰ দৰে আজিও তাক দেখাৰ লগে লগে তাইৰ বুকুখন ঢপধপাবলৈ ধৰিলে।
মোতিয়ে লাহেকৈ তাইক সুধিলে, “তুমি মোৰ লগত বিয়া নহ’লা কিয়?”
“এবাৰ অস্বীকাৰ কৰাৰ পিছত”- সুধাই গহীনাই কব’লৈ ধৰিলে, “তোমাৰ লগত বিয়া হ’ব নোৱাৰি। কিন্তু, প্ৰেম কৰিব পাৰি। এতিয়া, তুমি কি বুজিবা, যিদিনাই তুমি মোক অপচন্দ কৰিছিল, সেইদিনাৰ পৰাই তুমি মোৰ হৈ গৈছা। এই কথা বুজিবলৈ তুমি নাৰীৰ মন বুজিব লাগিব।”
মোতি মনে মনে থাকিল। বহুদেৰিৰ পিছত সি মাত লগালে, “এতিয়া তোমাৰ বয়স চল্লিশ। মোৰ লগত তোমাৰ বিয়া নোহোৱাত এতিয়া তোমাৰ মনত দুখ নালাগেনে?”
সুধা নীৰৱ হৈ ৰ’ল। বহুদেৰিলৈকে তাই নীৰৱে থকা দেখি মোতিৰ সন্দেহ হ’ল— তাই কন্দা নাইতো?
“সুধা!” সি লাহেকৈ তাইৰ কান্ধত হাত থৈ মাত লগালে।
“হু, ভাবিছোঁ ৰবা! তোমাৰ লগত বিয়া নহৈ মই কি কি হেৰুৱাইছোঁ!
মনত পেলোৱাচোন, আজিলৈকে এনে এটা গধূলি পাৰ হৈছেনে, যিটো গধূলি আমি দুয়ো একেলগে কটোৱা নাই? মনত পেলোৱা— আমি ক’ত, ক’ত যোৱা নাই। মই য’লৈকে মাতিছোঁ, তুমি তালৈকে গৈছা। যেতিয়াই তোমাক বিচাৰিছোঁ, তেতিয়াই দহোবন কাটি কৰি তুমি দৌৰি আহিছা। বিয়া মানেই যদি এক সম্পৰ্কৰ বান্ধোন হয়, তেন্তে আমিটো সেয়া পাইছোঁ….”
“তদুপৰি, মই আকৌ ভাবি–চিন্তি চাইছোঁ, তুমি আৰু মইটো আজিলৈকে এদিনো কাজিয়া কৰা নাই। তোমাৰ সহৃদয়, মধুৰ হাঁহিভৰা মুখখনি সকলো সময়তে মই দেখা পাই আছোঁ। যেতিয়াই বিচাৰিছোঁ তেতিয়াই তোমাৰ উমাল হাতৰ স্পৰ্শ মোৰ শৰীৰৰ ৰন্ধ্ৰে, ৰন্ধ্ৰে অনুভৱ কৰিছোঁ। তুমি দিয়া ফুলপাহ এতিয়াও মোৰ খোপাত গোজা আছে। তোমাৰ ওঁঠৰ চুম্বন মোৰ গালত, কপালত এতিয়াও লাগি আছে। তোমাৰ প্ৰেমৰ বীণ মোৰ হৃদয়ত। কোন নাৰীয়ে প্ৰেম কৰি ইয়াতকৈ বেছি কিবা পাব পাৰে?
এক গভীৰ সুখানুভূতিত সুধাই নিজকে মোতীৰ দুবাহুৰ মাজত বিলাই দিলে।
মোতিৰ দুখন, চাৰিখন হাত নহয়, আঠখন হাতে যেন তাইৰ শৰীৰৰ ভাঁজে ভাঁজে বগুৱা বাই ফুৰিছে!
মোতিৰ বুকুৰ মাজত নিজক বিলীন কৰি দি যেন সূৰ্যৰ পোহৰ পাই প্ৰস্ফুটিত হোৱা ফুলপাহৰ দৰেই তায়ো প্ৰস্ফুটিত হৈ উঠিছে।
গছৰ পাতৰ আঁৰ ভেদ কৰি জোনৰ পোহৰে সুধাৰ চকু, চুলি, ওঁঠ আৰু হৃদয়ত যেন চুমা যাচিলে।
কিছুসময় প্ৰেমৰ সুখানুভূতিৰ আৱেশত ডুবি থাকি বাস্তৱলৈ ঘূৰি আহিল সুধা।
কেনেকৈ পাহৰিব সেই সন্ধিয়াটি, সেই নিশাটি, সেই মুহূৰ্তখিনি!
সেই নিশাটো আছিল এক পৰিপূৰ্ণ নিশা। সিহঁতৰ জীৱনেও লাভ কৰিছিল পৰিপূৰ্ণতা।
যেন, সময় আৰু বয়স, জোনাক আৰু আশা সকলো মিলি একেলগে, একে সময়তে পৰিপূৰ্ণ হৈ উঠিছিল।
এনে মুহূৰ্ত হয়তো কেতিয়াবা কেতিয়াবা কাৰোবাৰ জীৱনলৈ আহে।
আৰু যেতিয়া আহে, তেতিয়া গভীৰভাৱে জীৱনত ৰেখাপাত কৰি যায়।
মানুহৰ মনত চাগে ভাব আহেঃ জীৱনত এনে মুহূৰ্তৰ সোৱাদ ল’বৰ বাবেই যেন ইমান দিন জীয়াই আছে।
সেই সময়ত সুধাৰ মনলৈয়ো এনে ভাবেই আহিছিল।
কিন্তু, কিছু সময় পিছত সুধাৰ এই ভাৱনাৰ পৰিবৰ্তন হৈছিল। পৰিবৰ্তন হোৱাৰ কাৰণ আছে।
এই ঘটনাৰ কিছুদিন পিছতে সুধাৰ অফিচৰ মেনেজাৰজন বদলি হৈ যায়।
তেওঁৰ ঠাইত যিজন মেনেজাৰ আহিল, সুধাৰ মুঠেই ভাল নালাগিল। দেখিবলৈ মানুহজন ইমান কুৎসিত!
আগতে হয়তো তেওঁৰ গাৰ বৰণ পৰিষ্কাৰেই আছিল। কিন্তু, এতিয়া দেখিবলৈ ঠিক পুৰণি হৈ যোৱা তামৰঙৰ লেখীয়া হৈ পৰিছে।
অনবৰতে মদৰ ৰাগীত ডুব গৈ থকাৰ ফলত তেওঁৰ ভোটা নাকটো গুটি গুটি নীলা ফোঁহাৰে পূৰ্ণ হৈ পৰিছে।
হে ভগৱান! নাক নহয় যেনিবা কদম ফুলহে! কথা পাতি থাকোঁতেই ফাটি যাব যেন লাগে।
গালদুখনো বেছ সোতোৰা পৰিছে। চকুৰ গুৰি ক’লা পৰিছে। মূৰৰ চুলি সৰি সৰি তপামুৰীয়া হৈ পৰিছে।
তেওঁ কথা ক’লে এনে লাগে যেন বুঢ়া ভেকুলী এটাইহে পুখুৰীৰ পৰা মাতি আছে।
মানুহজনক সুধাৰ একেবাৰেই সহ্য নহয়।
কিন্তু, সমস্যাটো হৈছে, তাই এতিয়া প্ৰমোচন হৈ হৈ প্ৰধান ষ্টেনোগ্ৰাফাৰলৈ উন্নীত হৈছে।
সেয়ে, তাই দিনৰ দিনটো মেনেজাৰৰ কোঠাতে বহি বহি কাম কৰিব লাগে।
সেয়ে, তাইৰ অশান্তি আৰু বাঢ়িছে।
এই মানুহজনক যেন তাই আগতেও ক’ৰবাত দেখিছে।
কিন্ত, ক’ত, কেতিয়া দেখিছে, তাই মনত পেলাব পৰা নাই!
ক’ৰবাত দেখিছোঁ মই এই মানুহজনক। ক’ত দেখিছোঁ বাৰু?
‘কনাৰ্টত ঘূৰি ফুৰোঁতে দেখিছোঁ নেকি!’- নিজকে প্ৰশ্ন কৰে সুধাই।
কেতিয়াবা কেতিয়াবা মেনেজাৰ নিজেই উঠি আহি তাইৰ টেবুলৰ পৰা ফাইল আদি লৈ যায়।
তাই অস্বস্তি অনুভৱ কৰে তেওঁৰ ধৰণ–কৰণত।
ভাবি ভাবি তাই তত নাপায় — কোন হ’ব পাৰে তেওঁ?
কাৰ লগত মিল আছে তেওঁৰ?
মোৰ স্বৰ্গগামী দেউতাৰ লগত? মোৰ কোনোবা এজন ভাইৰ লগত?
উঃ মা!