সম্পাদকীয়: স্বাধীনতা ইত্যাদি

লেখক- মণ্টু কুমাৰ বৰঠাকুৰ

অতি শেহতীয়াভাৱে আমাৰ ৰাজ্যখনত সচেতন নাগৰিকসকলৰ মনোযোগ আকৰ্ষণ কৰা বিষয়কেইটাৰ প্ৰথমটো হৈছে আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পঞ্চসপ্ততিতম বৰ্ষ হিচাপে পালন কৰিবলৈ লোৱাস্বাধীনতাৰ অমৃত মহোৎসৱ’, দ্বিতীয়টো হৈছে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ্ ক্ৰীড়া মহোৎসৱ আৰু তৃতীয়টো হৈছে অসমৰ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰাই অংক আৰু বিজ্ঞান বিষয় দুটি ইংৰাজী মাধ্যমেৰে শিকোৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্ত।

এতিয়া, আমাৰ দেশৰ স্বাধীনতাৰ ৭৫তম বৰ্ষত পালন কৰিবলৈ লোৱাস্বাধীনতাৰ অমৃত মহোৎসৱসম্পৰ্কত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে দেশবাসীৰ প্ৰতি এক বিশেষ বাৰ্তা প্ৰেৰণ কৰি কৈছে যে এই মহোৎসৱ আমাৰ দেশৰ নাগৰিকসকলৰ মনত আমাৰ কষ্টোপাৰ্জিত স্বাধীনতাৰ অৰ্থ উপলব্ধি কৰাত বিশেষভাৱে সহায়ক হব আৰু আমাৰ দেশখন আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ প্ৰক্ৰিয়াটো অধিক ত্বৰাম্বিত কৰি তোলাৰ বাবে নতুন নতুন ধাৰণাৰো উন্মেষ ঘটিব। এই মহোৎসৱে আমাৰ জাতিটোৰ মনত এক নৱজাগৰণৰো সৃষ্টি কৰিব যি এটা সময়ত সমগ্ৰ বিশ্বৰ বাবেই এক শুভ বাৰ্তা কঢ়িয়াই আনিব।

তেওঁ লগতে এই বাৰ্তাও প্ৰেৰণ কৰিছে যে স্বাধীনতা লাভৰ পৰৱৰ্তী এই ৭৫টি বছৰত আমাৰ ভাৰতীয়সকলে নিজ দেশত থাকিয়েই হওক বা বিদেশৰ ভূমিত থাকিয়েই হওক যথেষ্ট অধ্যৱসায় কৰি অনেক ক্ষেত্ৰত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু জ্ঞানবিজ্ঞানৰ ক্ষেত্ৰখনত চন্দ্ৰৰ পৰা মঙ্গললৈকে নিজৰ পদচিহ্ন ৰাখি যাবলৈ যত্নপৰ হৈছে।

আমাৰ দেশৰ প্ৰতিজন লোকৰে মনত দেশপ্ৰেমৰ ভাব অধিক পৰিমাণে জাগ্ৰত কৰি তোলাৰ উদেশ্যেই এই বছৰৰ আগষ্ট মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈকে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবেও প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ এক আহ্বান জনাইছে।

স্বদেশ আৰু স্বজাতিৰ স্বাধীনতা আৰু গৌৰৱ অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচৰ প্ৰশ্নই নুঠে আৰু সেয়ে দল, মত নিৰ্বিশেষে প্ৰতিজন ভাৰতীয়ই আমাৰ দেশৰ স্বাধীনতাৰ এইঅমৃত মহোৎসৱত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ লগতে দেশখনৰ স্বাধীনতা আৰু অখণ্ডতা যিকোনো মূল্যৰ বিনিময়তে ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত।

চাবলৈ গলে, কথাখিনি ঠিকেই আছে। কিন্তু লগতে আমাৰ দেশখনে উন্নত দেশৰ মান্যতা লাভ কৰিবৰ বাবে আমাৰ দেশৰ পৰা হৈ থকামগজু নিষ্কাশনপ্ৰক্ৰিয়াটো যিমান পৰা যায় সোনকালে ৰোধ কৰাৰ বাবেও চৰকাৰে যথোচিত ব্যৱস্থা হাতত লোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে যাতে দেশখনৰউন্নত মগজুখিনিয়ে আমাৰ দেশতে তেওঁলোকৰ মনঃপুত কামখিনি কৰাৰ এটি পৰিৱেশ লাভ কৰে আৰু আমাৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰক্ৰিয়াটো অধিক ত্বৰাম্বিত হয়।

দ্বিতীয়তে, ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত ২৮ জুলাইৰ পৰা ৮ আগষ্ট, ২০২২ লৈকে অনুষ্ঠিত হৈ যোৱা কমনৱেলথ্ ক্ৰীড়া মহোৎসৱত আমাৰ দেশৰ লগতে আমাৰ ৰাজ্যখনৰো প্ৰদৰ্শন মোটামুটি সন্তোষজনকেই হৈছে বুলিব পৰা হৈছে।

এইবাৰৰ কমনৱেলথ গেমছত মুঠ ১৬টি ইভেণ্টত প্ৰতিনিধিত্ব কৰিবলৈ ভাৰতীয় অলিম্পিক সংস্থাই ২১০ গৰাকী খেলুৱৈ আৰু ১০৭ গৰাকী বিষয়াসহায়ক কৰ্মচাৰীৰ এটি দল প্ৰেৰণ কৰিছিল আৰু ভাৰতীয় দলটোৱে ২২ টা সোণ, ১৬ টা ৰূপ আৰু ২৩টা ব্ৰঞ্জকে ধৰি মুঠ ৬১ টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থান দখল কৰে। ভাৰতে জয় কৰা ২২ টা সোণৰ পদকৰ ভিতৰত ৬ টা মল্লযুঁজত, ৪ টা টেবুল টেনিছত, ৩ টাকৈ ভাৰোত্তোলন, বক্সিং, আৰু বেডমিণ্টনত আৰু এটাকৈ এথলেটিকছ, লন বল আৰু পেৰা পাৱাৰলিফটিঙত লাভ কৰিবলৈ সক্ষম হয়। লগতে, বেডমিণ্টন, টেবুল টেনিছ, মল্লযুঁজ আৰু ভাৰোত্তোলনত ভাৰতেই সৰ্বশ্ৰেষ্ঠ দল ৰূপে বিবেচিত হয়। বক্সিঙত নৰ্ডান আয়াৰলেণ্ডৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে ভাৰতে অভিযান সামৰে।  

‌‌সামগ্ৰিকভাৱে ভাৰতে বক্সিঙত তিনিটা সোণৰ পদকৰ সৈতে মুঠ ৭টা পদক জয় কৰিলেও আমাৰ নিজা ৰাজ্য অসমৰ পৰা যোৱা একমাত্ৰ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে মহিলাৰ ৭০ কেঃজিঃ আৰু দুবাৰৰ অলিম্পিয়ান শিৱ থাপা পুৰুষৰ ৬৩.৫ কেঃজিঃ শাখাত পদক একোটিৰ প্ৰবল দাবীদাৰ হিচাপে দেখা গৈছিল যদিও শেষত তেওঁলোকৰ অনুৰাগীসকল বাৰুকৈয়ে নিৰাশ হবলগীয়া হয় কাৰণ শিৱ থাপাই প্ৰিকোৱাৰ্টাৰ আৰু লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰয়। 

হিমা দাসে ২০০ মি আৰু ৪*১০০ মি দৌৰত ভাগ লৈ পদক অৰ্জন কৰিব নোৱাৰিলেও অৱশ্যে আশাপ্ৰদ প্ৰদৰ্শনেই কৰিছিল। ৪*১০০ মি ৰীলেত হিমাৰ দলে জামাইকা, গ্ৰেট ব্ৰিটেইন, কানাডা, নাইজেৰিয়া আদি বিশ্বৰ আগশাৰীৰ দলৰ লগত প্ৰতিদ্বন্দ্বিতাত নামি অৱশেষত পঞ্চম স্থানতে থমকি ৰবলগীয়া হয়। 

লন বলত লাভলি চৌবে, পিংকি সিং, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীৰ দ্বাৰা গঠিত দলেউইমেন ফশাখাত স্বৰ্ণ জয় কৰি ইতিহাস ৰচনা কৰে। চাবলৈ গলে, আৰ্চাৰ জয়ন্ত তালুকদাৰৰ পিছত কমনৱেলথ গেমছত পদক জয় কৰা নয়নমণি শইকীয়া হৈছে দ্বিতীয়গৰাকী অসমীয়া খেলুৱৈ আৰু আন ফালৰ পৰা চাবলৈ গলে এই ইভেণ্টত পদক লাভ কৰা তেৱেঁই হৈছে অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ। তদুপৰি কমনৱেলথত সোণৰ পদক জয় কৰা নয়নমণিয়েই একমাত্ৰ অসমীয়া খেলুৱৈ। পুৰুষৰ দলটোৱেও অৱশ্যেমেন ফশাখাত প্ৰথমবাৰলৈ ৰূপৰ পদক জয় কৰে।

এই প্ৰসঙ্গতে উল্লেখ কৰিব পৰা যায় যে ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বাংগীণ বিকাশৰ বাবে আমাৰ দেশৰ চৰকাৰে ইতিমধ্যে খেলো ইণ্ডিয়া গেমছ, ফিট ইণ্ডিয়া মভমেণ্ট আদি অনেকটি পদক্ষেপ লৈছে যি সঠিক নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে সম্ভাৱনাপূৰ্ণ খেলুৱৈসকলক উপযুক্ত প্লেটফৰ্ম একোখনলৈ উলিয়াই অনাত বিশেষ উদ্যোগ লৈছে। এই খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শনৰ বাবে অৱশ্যে প্ৰয়োজন হব এক উন্নত আন্তঃগাঁথনি আৰু শ্ৰেষ্ঠতম প্ৰশিক্ষণৰো সুবিধা।

এতিয়া, হাজাৰটা বাধাবিঘিনি সত্বেও আমি আশা কৰিছোঁ, ক্ৰীড়াক্ষেত্ৰত আমাৰ দেশৰ লগতে আমাৰ ৰাজ্যখনেও সাফল্যৰ শিখৰত উপনীত হবগৈ পাৰিব আৰু আগন্তুক পেৰিচ অলিম্পিকত আমাৰ ৰাজ্যৰ খেলুৱৈসকলে অধিক ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হব।

এইবাৰ আহিছোঁ অতি শেহতীয়াকৈ আমাৰ ৰাজ্যখনক বিশেষভাৱে আন্দোলিত কৰি ৰখা বিষয়টিলৈ যি আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ জীৱনত ব্যাপকৰূপে প্ৰভাৱ পেলাবলৈ গৈ আছে। ই হৈছে অসমৰ চৰকাৰী বিদ্যালয়সমূহত নতুনকৈ প্ৰৱৰ্তন কৰিবলৈ লোৱা ইংৰাজী মাধ্যম যাৰ জৰিয়তে প্ৰথম পৰ্য্যায়ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অংক আৰু বিজ্ঞান বিষয় দুটিৰ শিক্ষা ইয়াৰ ছাত্ৰছাত্ৰীসকলৰ মাতৃভাষা অসমীয়া, বড়ো, মিচিং আদিৰ পৰিৱৰ্তে ইংৰাজী ভাষাৰ মাধ্যমেৰেই দিবলৈ যোৱা ২৮ জুলাই তাৰিখে এককেবিনেট সিদ্ধান্তৰ জৰিয়তে অসম চৰকাৰে এক স্পষ্ট নিৰ্দেশ জাৰি কৰিছে।

এই সিদ্ধান্তৰ বিপক্ষে বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে ৰাজ্যখনৰ আন আন দলসংগঠনৰ উপৰিও ব্যক্তিগতভাৱেও অনেকে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ পৰিৱেশটো উত্তাল কৰি ৰখা দেখা গৈছে। 

এই বিষয়টোৰ সন্দৰ্ভত দুটা বিশেষ পক্ষ, মানে ছাত্ৰছাত্ৰীসকল আৰু গণিত / বিজ্ঞানৰ শিক্ষকসকলৰ মতামতক লৈ চৰকাৰী পক্ষ বা প্ৰতিবাদকাৰী কোনো কিন্তু বিশেষ চিন্তিত হোৱা দেখা পোৱা নাই।

অৱশ্যে, সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ পোৱা গৈছে যে যোৱাটো শিক্ষাবৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ মাজৰে কেইজনমানে এই সিদ্ধান্তক আদৰণিয়েই জনাইছে। তেওঁলোকৰ ভাষ্য হৈছে, উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান শাখাত পঢ়িবলৈ যাওঁতে অসমীয়া মাধ্যমৰ পৰা গৈ ইংৰাজী মাধ্যমত খাপ খাবলৈ তেওঁলোকে যথেষ্টই অসুবিধা পাইছিল যি ধৰণৰ অসুবিধাৰ সন্মুখীন ইংৰাজী মাধ্যমত পঢ়ি অহা ছাত্ৰছাত্ৰীসকল হোৱা নাছিল। 

পৰীক্ষাত উচ্চস্থান প্ৰাপ্ত ছাত্ৰছাত্ৰীসকলৰে যদি এনে অভিজ্ঞতা হয়, তেতিয়া সাধাৰণভাৱে প্ৰথম বা দ্বিতীয় বিভাগ লাভ কৰা ছাত্ৰসকলৰ ক্ষেত্ৰত অসুবিধাৰ মাত্ৰা কেনেকুৱা হব পাৰে, সেইটো সহজেই অনুমেয়। 

আমাৰ দেশত এই কথা প্ৰায় অনস্বীকাৰ্য্য যে বিজ্ঞান আৰু গণিত বিষয় দুটি ইংৰাজী মাধ্যমত পঢ়িলে আমাৰ দেশৰ লগতে বিদেশৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহতো শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত ছাত্ৰছাত্ৰীসলকৰ বাবে যথেষ্ট সহায়ক হব। 

এই প্ৰসঙ্গতে উল্লেখ কৰিব পৰি যে উনেশ শতিকাৰ আদি ভাগত ভাৰতত শিক্ষাৰ মাধ্যম ইংৰাজী হব নে সংস্কৃত হব লাগে, এই বিষয়ক লৈ দেশজোৰা বিতৰ্কৰ সূত্ৰপাত হৈছিল যদিও ১৮১৬ চনত ৰাজা ৰাম মোহন ৰায়ে এক বলিষ্ঠ পদক্ষেপ লৈ কলিকতাতএংগ্লো হিন্দু স্কুলনামেৰে ইংৰাজী মাধ্যমৰ এখনি বিদ্যালয় স্থাপন কৰি আমাৰ দেশত ইংৰাজী শিক্ষাৰ পাতনি মেলিছিল। তেওঁৰ সেই পদক্ষেপেই গভৰ্নৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকৰ শাসনকালত ১৮৩৫ চনত লৰ্ড মেকলেৰ উদ্যোগত ভাৰতত ইংৰাজী ভাষা শিক্ষাৰ উপৰিও পশ্চিমীয়া বিজ্ঞান, পশ্চিমীয়া চিকিৎসা বিদ্যা আৰু পশ্চিমীয়া কাৰিকৰী শিক্ষাৰ বাবেও বাট মুকলি কৰিছিল আৰু তেওঁৰ সেই সাহসী পদক্ষেপৰ সুফল হিচাপেই আজি এই বিশ্বায়নৰ যুগত আমাৰ দেশে আধুনিক পৃথিৱীখনৰ লগত খোজত খোজ মিলাই আগবাঢ়ি যাব পাৰিছে।

সেয়ে, আমাৰ ছাত্ৰছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত এনে এটি প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আমাৰ ছাত্ৰছাত্ৰী আৰু অভিভাৱকসকলৰ লগতে এতিয়ালৈকে অসমীয়া মাধ্যমতে শিক্ষা দান কৰি থকা শিক্ষকসকলকো বিশেষ প্ৰশিক্ষণৰ জৰিয়তে হলেও সাজু কৰি তোলাটো চৰকাৰী পক্ষৰ বাবে অতিকৈ জৰুৰী হৈ পৰিছে।

জীৱনত বিশেষ সফলতা অৰ্জন কৰিবৰ বাবে ইতিমধ্যেই অভ্যস্ত হৈ পৰা ক্ষেত্ৰসমূহতে নিজকে সীমাবদ্ধ কৰি নাৰাখি বিভিন্ন দিশত নতুন নতুন পৰীক্ষানিৰীক্ষাৰ মাধ্যমেৰে আগুৱাই যোৱা উচিত। এনে পৰীক্ষানিৰীক্ষাবোৰ যিহেতু স্বাভাৱিকতেই প্ৰত্যাহ্বানমূলক হয়, গতিকে এনে প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ সাহসী হোৱাৰ বাহিৰে আন বিকল্প আমাৰ সমুখত নাই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!