হলিউডৰ যুগান্তকাৰী বোলছবি— এ’চ ইন দ্য হ’ল [Ace in the Hole]
লেখক- মৃদুল কুমাৰ শৰ্মা
অৰ্থনীতি বিজ্ঞানৰ এক সূত্ৰমতে সাধাৰণতে চাহিদা বাঢ়িলে দাম বাঢ়ে, ফলস্বৰূপে যোগানো বাঢ়ি যায়। চাহিদা অনুযায়ী যোগান বঢ়া কথাটো কেৱল অৰ্থনীতি বিজ্ঞানেই নহয়, আন বহু ক্ষেত্ৰতো প্ৰযোজ্য হয়। উদাহৰণস্বৰূপে, বলিউডৰ কম বাজেটৰ ‘বি আৰু ‘চি গ্ৰেডৰ ছবিসমূহৰ দৰ্শক বেছি, টিকটৰ বিক্ৰী বেছি; গতিকে তেনেধৰণৰ ছবিৰ নিৰ্মাণো যথেষ্ট হয়।
সংবাদৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে ভাল খবৰতকৈ বেয়া খবৰবোৰৰ প্ৰচাৰ বহুগুণে বেছি হয়। ‘বেয়া বাতৰি’ৰ দৰে ‘ভাল বাতৰি’ একোৱেই নহয়; অৰ্থাৎ বেয়া বাতৰিবোৰে পঢ়ুৱৈক বেছিকৈ আকৰ্ষণ কৰে। চাঞ্চল্যৰ সৃষ্টি কৰিব পৰা বাতৰিৰ চাহিদা তথা কদৰ বেছি।
এনে এক বিষয়ক লৈ ১৯৫১ চনত হলিউডৰ বিখ্যাত পৰিচালক বিলি ৱাইল্ডাৰে পৰিচালনা তথা প্ৰযোজনা কৰা ‘এ’চ ইন দ্য হ’ল’ ছবিখনক যুগান্তকাৰী বুলি ক’ব পাৰি এই কাৰণেই যে সংবাদ মাধ্যমৰ ভিতৰছোৱাত ঘটা দুৰ্নীতি উদঙাই দিয়া এইখন ছবিয়ে এক খলকনিৰ সৃষ্টি কৰিছিল। প্ৰশাসন আৰু সংবাদ মাধ্যমৰ বিৰূপ প্ৰতিক্ৰিয়াৰ বাবে ছবিখনে যদিও পোনতে বাণিজ্যিকভাৱে মুখঠেকেচা খাইছিল, আৰু অইন এটা নামেৰে পুনৰ মুক্তি দিব লগা হৈছিল, পৰৱৰ্তী পৰ্য্যায়ত ছবিখনে সমাদৰ লাভ কৰে।
কিৰ্ক ডগলাছে মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখনৰ কাহিনীটো থোৰতে এনেকুৱা—
চাৰ্লছ টেটাম নামৰ বদমেজাজী, দুৰ্ঘোৰ মদপী সাংবাদিকজনে এঘাৰখন বাতৰিকাকতৰপৰা খেদা খাই অৱশেষত এক ভিতৰুৱা অঞ্চলত এখন সৰু কাকতত অতি কম দৰমহাতে কাম কৰিবলৈ যায়। কিছুদিন পাছত এদিন বাতৰি সংগ্ৰহ কৰিবলৈ কেমেৰামেনজনৰ লগত যাওঁতে হঠাতে খবৰ পায় যে লিও মিনোছা নামৰ ব্যৱসায়ী এজন গুহা এটাৰ ভিতৰত ভূমিস্খলন হৈ বন্দী হৈ পৰিছে। টেটামে স্থানীয় পুলিচ বিষয়াজনৰ অনুমতি লৈ গুহাটোৰ কিছু ভিতৰলৈ গৈ লিও মিনোছাক পানী আৰু কিছু খাদ্যবস্তু যোগান ধৰে, আৰু ফটো কেইখনমান তুলি প্ৰাৰম্ভিক প্ৰতিৱেদন এখন পঠায়। বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে সেই ঠাইলৈ বিভিন্ন মানুহৰ ধাৰ ধৰে।
এই ঘটনাটোক খীৰতী গাইৰ দৰে নিজৰ বাতৰিৰ উৎস কৰিবলৈ টেটাম উঠি-পৰি লাগে আৰু পুলিচ বিষয়াজনক নিৰ্বাচনত পুনৰ জয়যুক্ত কৰাত সহায় কৰাৰ প্ৰলোভন দি কেৱল তেওঁহে গুহাৰ ভিতৰলৈ যাব পাৰিব তথা বাতৰি পৰিৱেশন কৰিব পাৰিব বুলি এক চুক্তি কৰে। ন্যস্তস্বাৰ্থৰ বাবে দুয়ো ইমান তললৈ যায় যে উদ্ধাৰকাৰী দল এটাই গুহাৰ মুখেৰে খনন কৰিলে বাৰ ঘণ্টাত লিওক উদ্ধাৰ কৰিব পাৰিব বুলি কোৱা সত্ত্বেও, উদ্ধাৰ কাৰ্য্য দীঘলীয়া কৰাৰ খাতিৰত গুহাৰ ওপৰেৰে খনন কৰিবলৈ বাধ্য কৰায়। উদ্ধাৰ কাৰ্য্য চাবলৈ শ শ লোকৰ আগমন ঘটে আৰু এক মেলাৰ দৰে পৰিৱেশৰ সৃষ্টি হয়।
টেটামৰ বাতৰিয়ে খলকনি লগোৱাত তেওঁৰ লোভ তথা অহংকাৰ বাঢ়ি যায় আৰু তেওঁ পুনৰ মদ খোৱা আৰম্ভ কৰে। কম দৰমহাৰ কাকতখনৰ চাকৰি বাদ দি টেটামে তেওঁৰ আগৰ কাকতখনৰ সম্পাদকৰ লগত দিনে এহাজাৰ ডলাৰৰ বন্দবস্তিত এই ঘটনাটোৰ প্ৰতিৱেদন যোগান ধৰাৰ চুক্তি কৰে।
এনেদৰে সুদীৰ্ঘ পাঁচটা দিন অতিবাহিত হোৱাৰ পাছত লিওৰ নিউমোনিয়া হয় আৰু মাত্ৰ বাৰ ঘণ্টামানহে বাচি থাকিব বুলি সকলোৱে গম পায়। এই পৰিস্থিতিত টেটামে লিওক বাৰ ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰা হ’ব বুলি বাতৰি পৰিৱেশন কৰে। পিছে, এই সময়তে লিওৰ পত্নীৰ লগত লগা এক কাজিয়াত লিওৰ পত্নীয়ে টেটামক কেঁচী এখনেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাত কৰে।
অৱশেষত লিওৰ মৃত্যু হয়, পিছে টেটামে লিওৰ মৃত্যুৰ চাঞ্চল্যকৰ বাতৰি পঠোৱাৰ আগতে অইন সাংবাদিকসকলে বাতৰিটো পৰিৱেশন কৰে। এই কথাত টেটামৰ কাকতৰ সম্পাদক খড়্গহস্ত হয় আৰু টেটামক চাকৰিৰপৰা বৰ্খাস্ত কৰে। টেটাম যেন সেই সাধুকথাৰ মেকুৰীটোৰপৰা নিগনিলৈ ৰূপান্তৰিত হ’ল। উচ্চাকাংক্ষী, সহজে ওপৰলৈ উঠিব বিচৰা টেটাম হাৰ মানে আৰু কেঁচীৰ আঘাতৰ বাবে মৃত্যুমুখত পৰে।
বিলি ৱাইল্ডাৰৰ এই তীব্ৰ শ্লেষাত্মক ছবিত মানৱ চৰিত্ৰৰ বিভিন্ন জটিল দিশ উদঙাই দিয়া দেখিবলৈ পোৱা যায়। নেতিবাচক বাতৰিক ক্ষুৰধাৰ সমালোচনা কৰা এচামৰ মাজৰে বহুতে আকৌ মচলাযুক্ত, ৰহণধৰ্মী, চাঞ্চল্যকৰ বাতৰি গো-গ্ৰাসে গিলে। এই ভণ্ডামি তথা দুৰ্বলতাক সুযোগ হিচাপে লৈ এচাম নৈতিকতাহীন সংবাদকৰ্মীয়ে সংবাদ পৰিৱেশন কৰে— এয়া চক্ৰাকাৰে চলি থাকে। বেয়া বুলি জনা সত্ত্বেও নিষিদ্ধ বস্তুৰ প্ৰতি থকা মানুহৰ চিৰন্তন দুৰ্বলতাৰ বাবেই নৈতিকতাৰ এনে কিনা-বেচা চলি থাকে।
কিছুমান নাৰীয়ে বস্তুবাদী চৰিত্ৰৰ বাবে যে বহু তললৈ যাব পাৰে তাকো উদঙাই দেখুৱাইছে এই ছবিখনত। লিওৰ ব্যৱসায় বিফল হোৱাৰ বাবে তেওঁৰ ঘৈণীয়েকে এৰি থৈ যাব ওলাইছিল। কিন্তু, লিওৰ দুৰ্ঘটনাৰ পাছত যেতিয়া তালৈ মানুহৰ সোঁত ব’ব ধৰে, ব্যৱসায়ত ভাল লাভ হ’ব ধৰে। এই সুযোগ দেখি ঘৈণীয়েক থাকি যায় আৰু লিওৰ মৃত্যুৰ লগে লগে তাৰপৰা গুচি যায়।
বেয়া দিনত সহায় কৰাজনকে ভাল দিনত পৰিত্যাগ কৰা এচাম খাই পাত ফলা মানুহৰ চৰিত্ৰকো ফুটাই দেখুৱাইছে টেটামৰ চৰিত্ৰটোত। সকলো কাকতৰপৰা খেদা খোৱাৰ পাছত যিখন কাকতে তেওঁক তেওঁৰ দুৰ্দিনত চাকৰি দিলে, সেইখনকে এটা ভাল বাতৰিৰ সন্ধান পোৱাৰ লগে লগে লাথি মাৰি দিলে টেটামে আৰু ইয়াৰ ফলো হাতে হাতে ভুগিব লগা হ’ল।
সাম্প্ৰতিক সময়তো অতিকৈ প্ৰাসংগিক এই ছবিখন বিষয়-বস্তুৰ শ্লেষাত্মক উপস্থাপনত অত্যন্ত সফল বুলি ক’ব পাৰি।
অভিনয়ত:
কিৰ্ক ডগলাছ
জেন ষ্টাৰ্লিং
ৰিচাৰ্ড বেনেডিক্ট
ৰবাৰ্ট আৰ্থাৰ
IMDB ৰেটিং: ৮.১
মোৰ নিজা ৰেটিং: ৮.৫
* ছবিৰ উৎস: উইকিপিডিয়া *