লান ২০০৯

লেখক- পাৰ্থ প্ৰতিম বৰা

 

ককা-আইতা আৰু নাতি-নাতিনীৰ মাজৰ আত্মিক সম্পৰ্কৰ দৰে পৱিত্ৰ সম্পৰ্ক এটি কিমান গাঢ়; কিমান মৰমৰ হ’ব পাৰে এনে এক কাহিনীৰে নিৰ্মিত চীনা ছবি ‘লান (Lan 2009)’। ৭০ দশকৰ চীন দেশ; সেই সময়ৰ পৰিৱেশ পৰিস্থিতিক আধাৰ হিচাপে লৈ ছবি নিৰ্দেশক জিয়াং ৱেনলীয়ে যেন তেওঁৰেই লৰালিকালটোক ছবিৰ মাধ্যমেৰে দৰ্শকৰ মাজলৈ উলিয়াই আনিলে। ছবিখনৰ পটভূমিয়ে মোকো সৌ তাহানিৰ ককা-আইতাৰ মৰমৰে ভৰি থকা সোণসেৰীয়া দিনবোৰলৈ ওভতাই নিনিয়াকৈ নোৱাৰিলে। ককা-আইতাৰ মাজত থাকি ডাঙৰ হ’বলৈ পোৱাটোৱো এক সৌভাগ্য। এনেই অসমীয়াত কোৱা নাই ‘ল’ৰা আৰু বুঢ়া নহ’লে কিহৰ ঘৰ’! ইয়াৰ অৰ্থটো হৈছে— ঘৰ এখন ভৰি থাকিবলৈ হ’লে সৰু ল’ৰা-ছোৱালীৰ কোলোহলৰ লগতে বৃদ্ধ-বনিতাৰ উপদেশ-পৰামৰ্শ আদিৰ মাজেৰে ৰং-ধেমালিৰে সুন্দৰকৈ চলিব। অন্যথা নিমাওমাও পৰিৱেশ এটাত গতানুগতিক সংসাৰৰ দৰে হ’ব। লানৰ দৰে একেই কাহিনীৰে আন এখন বৰ ভাল ছবি আজিৰপৰা কিছু বছৰৰ আগতেই চাবলৈ পোৱাৰ আন এক সৌভাগ্য হৈছিল। সেইখন The way home নামেৰে (/ Jibeuro) অন্যখন কোৰিয়ান ছবি আছিল। তাতো এহাল নাতি-এনায়েকৰ আত্মীয়তাক বৰ সুন্দৰকৈ চিত্ৰায়িত কৰা হৈছে। বাৰু এই কাহিনীটো আন এদিনলৈ ৰাখি আজিৰ ছবি লানৰ কথালৈ আহোঁ।

 

ছবিখনৰ মুক্তি ২০০৯ চনত! চাউলান নামৰ এজনী ৩বছৰীয়া কিশোৰীয়ে নায়িকাৰ ভূমিকাত অৱতীৰ্ণ হৈছে। এই দুৰ্ভগীয়া কণমানিজনীৰ সংসাৰত কেৱল বৃদ্ধ ককা এজন। মাক-দেউতাক আছে যদিও সেই সময়ৰ চীনা সাংস্কৃতিক বিপ্লৱৰ হেতু দেশ গঢ়াৰ স্বাৰ্থত ঘৰৰপৰা বহু যোজন আঁতৰি দূৰৈত আছেগৈ। মাহেকে-পষেকে আদান-প্ৰদান হোৱা দুই-এখন চিঠিৰ সৈতে কেতিয়াবা গাঁঠি পঠোৱা ফটো এখনেহে পৰিয়ালটোৰ সম্পৰ্কটি জোৰা-টাপলি মাৰি যেন বৰ্তাই ৰাখিছে। ইফালে এজন কঠোৰ যদিও মৰমিয়াল ককাকৰ সৈতে চাউলানে চলোৱা জীৱন-সংগ্ৰামে তাইক বাৰুকৈয়ে অকলশৰীয়া কৰি তোলায়ে নহয় বিদ্ৰোহীও যেন কৰি তুলিছে। তায়ো মিছা মাতিবলৈ লয়; আন শিশুৰ দৰে কেতিয়াবা শ্ৰেণী খতি কৰি নৈখনৰ পাৰত থকা ৰে’ল দংলখনত বহি মাক-দেউতাকৰ কাষলৈ গুচি যোৱাৰ কথা ভাবে। আৰু এনেবোৰ কথাতেই প্ৰায়ে দুই-এচাট খায় ফেঁকুৰি-ফেঁকুৰি কান্দি আলমিৰাৰ ভিতৰত লুকাই থাকে। তেনেকৈয়ে সময় বাগৰে! ককাৰ মৰম-চেনেহ ওচৰ-চুবুৰীয়াৰ আদৰ-সাদৰত চাউলানো ডাঙৰ হ’বলৈ ধৰে। পঢ়াশালিত আনবোৰ ছাত্ৰ-ছাত্ৰীয়ে তাইক বাৰুকৈয়ে জোকাই আমনি কৰে বাবেই পঢ়াশালিত তাইৰ মন নবঢ়ে। তাইৰ জিমনাষ্টিকছ হোৱাৰ প্ৰতিহে ধাউতি। তেনেকৈয়ে এদিন কাককৰ সৈতে জিমনাষ্টিকছৰ প্ৰক্ষিশণ শিবিৰ এটা পাইগৈ। আৰু প্ৰথমদিনাই কষ্ট পাই কান্দি-কাতি নৈত জাঁপ দিবলৈ বুলি লৰ মাৰে। ককাকজনে বুজাই-বঢ়াই কোনোমতেহে চাউলানক শান্ত কৰে। এজন যদি বয়স-অভিজ্ঞতাৰে পুষ্ট; আনটি একেবাৰেই নিষ্পাপ; অবুজ শিশু। ককাকজনেই সকলোখিনি কৰিছে। পুৱাৰপৰা দুপৰ নিশালৈ আলপৈচান ধৰিছে।

 

সময়ো ৰৈ নাথাকিল। ক্ৰমান্বয়ে চাউলান ডাঙৰ হ’বলৈ ধৰিলে; তাৰ সমান্তৰালকৈ ককাকজনো আলৰ হ’বলৈ ধৰাত দায়িত্বয়ো সুবিধা বুজি কান্ধ সলনি কৰিলে। কিছুদিনৰ আগলৈ ককাৰ লগত শোৱা চাউলানৰ এতিয়া বিছনা সলনি হয়। আগতে ককাকে যতনাই দিয়া কামবোৰ এতিয়া তাই নিজেই কৰিব লগাত পৰিল। বৃদ্ধ ককাক এতিয়া তাইহে খুৱাই দিব লাগে; আৰু যদিহে খাবলৈ মন নকৰে তেতিয়া ফুচুলাব লগাত পৰে। ছবিখনেও যেন চৰিত্ৰ সলাই চাউলনৰ শিশু চৰিত্ৰটো ককাজনলৈহে হস্তান্তৰহে কৰিলে! তেনেকৈও দিন বাগৰিছিল। ডাক্তৰৰ মতে ক্ৰমাৎ সকলো অংগই অৱশ হৈ পৰা ককাকজনৰ কেৱল মাত্ৰ হৃদয়খন সুস্থ হৈ আছে তাকো একমাত্ৰ চাউলানৰ কাৰণে যাতে মাক-দেউতাকৰ হাতত তাইক গতাই দি যাব পাৰে। ইফালে কি কৰা নাই চাউলানে বজাৰ-সমাৰৰপৰা আদি কৰি; ৰন্ধা-বঢ়াৰ লগতে ঘৰৰ সমস্ত কাম। সমান্তৰালকৈ জিমনাষ্টিকছ প্ৰশিক্ষণো চলাই নিছে! ককাক সুস্থ অৱস্থাত মাজতে এবাৰ তাই সুধিছিল; তেওঁ মৰিবলৈ ভয় কৰে নেকি? ককাকৰো পোনপটীয়া উত্তৰ নাই নকৰে। আজি তেওঁ তাইৰ সৈতে জীৱন উপভোগ কৰিছে মৰাৰ পাছত স্বৰ্গগত আত্মীয়সকলৰ সৈতে কৰিব! তাত ভয় খাবলগীয়া একোৱেই নাই!

 

পিছে মনে মানি ল’লেও সময়েহে মানি নলয়। চাউলানৰ ক্ষেত্ৰতো তাকেই হ’ল সময়ে মানি নল’লে। এইবাৰ তাইক বাৰুকৈয়ে নিঃসংগ কৰি একমাত্ৰ ককাকজনো সৰগলৈ বুলি গুচি গ’ল। তাই ককাকৰপৰা লুকুৱাই ৰখা ভুলবোৰক উদঙাই দি ৰখাব খুজিছিল যদিও বিফল হৈছিল তেওঁ আৰু কদাপি ঘূৰি নাহিব।

 

এনেকুৱাই গতানুগতিক কাহিনীৰে দৰ্শকক আমনি লাগিবলৈ নিদিয়া ছবিখনৰ যদিও ইমানতেই অন্ত পৰিল! পিছে মোৰ মনটো বাৰুকৈয়ে ব্যথিত হৈ ৰ’ল। ছবিখনৰ দৃশ্যপট; কাহিনী; চৰিত্ৰ আদিবোৰে সঁচায়ে বহুদিনলৈ আমনি কৰি থাকিব। ককা-আইতাৰ আদৰ-চেনেহবোৰে আজি বাৰুকৈয়ে কোনোৱাখিনিত খুন্দিয়াইছে। ভাৱবোৰ এনে হৈছে যেন আৰু কেইটামান দিন বেছিকৈ পালোহেঁতেন— এতিয়া হুমুনিয়াহ মাত্ৰ… ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments