পিতা
লেখক- - মনালিছা পাঠক নেওগ
এটা সময়ৰ পাছত
পিতাই গালি নিদিয়ে,
নিশব্দে কোঠালৈ জুমি চাই আৰু গুচি যায়।
ৰাতিপুৱা জোৰ কৰি
জগাই নিদিয়ে তেওঁ,
আধা দিন খবৰ কাকত পঢ়ি
সময় কটাই দিয়ে।
বহু সময় আবেলিৰ চাহৰ কাপটোও
অকলে শেষ কৰি দিয়ে।
এটা সময়ৰ পাছত
পিতাই আমাৰ ছুটিৰ দিনবোৰো
গণি নাথাকে।
মাজে-মাজে ফোন কৰে,
“সকলো ঠিক আছে” বুলি শুনি
সুখী হয়,
সন্তুষ্টি পায়।
যি পিতা এসময়ত
আমাৰ জীৱনলৈ চিন্তিত আছিল,
এতিয়া নিজৰ মৃত্যুক লৈও
ভয় নকৰে।
এটা সময়ত
যেনেকৈ পিতাই কৰিছিল,
ঠিক তেনেকৈ
আমি পিতালৈ চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ।।
(কবিতাটো ইষ্টাগ্ৰামত পাই হিন্দীৰ পৰা অনুবাদ কৰিলোঁ। কবিৰ নাম অজ্ঞাত।)
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
