এ মছকীট’ ইন দ্য ঈয়াৰ! (A Mosquito in the Ear)

লেখক- পাৰ্থ প্ৰতিম বৰা

কাণৰ কাষত পেনপেননি ধৰি উৰি ফুৰা মহ এজনী সঁচায়ে আমনিদায়ক নহয়নে! কণমানি ছাৰভাৰীৰও তেনে অনুভৱেই হৈছিল যেতিয়া এহাল আমেৰিকান দম্পতী এণ্ড্ৰিউ আৰু ডেনিয়েলাই তাইক তুলি লোৱাৰ (দত্তক গ্ৰহণ কৰাৰ) মানসেৰে গোৱালৈ আহিছিল। এণ্ড্ৰিউ সমানেই উৎসাহিত; উৎফুল্ল! যাত্ৰপথৰ গোটেই স্মৃতি নিজৰ কেমেৰাত ধৰি কণমানি ছাৰভাৰীক এদিনতেই নিজৰ কৰি তুলি লোৱাৰ। ভাৱিছিল আনবোৰ দত্তক গ্ৰহণ কৰাৰ দৰেই তেওঁলোকেও কম সময়তেই সকলোখিনি পৰ্ব সামৰি নিজ দেশলৈ বুলি উভতিব পাৰিব। পিছে সৃ্ষ্টিক সময়ৰ প্ৰয়োজন! লাগিলেবা সেয়া এটি সপোনক সাকাৰ ৰূপ দিয়াৰে হওক নতুৱা এটি অচিন শিশুক নিজৰ কৰি লোৱা। 

চাৰি বছৰীয়া ছাৰভাৰীয়ে সেয়ে চাগে দম্পতীহালক লৈ অশান্তি পাইছিল। এখন অনাথ আশ্ৰমত এজাক পিতৃ-মাতৃহীন শিশুৰ সৈতে হুলস্থূলীয়া পৰিৱেশত কেৱল মাত্ৰ সন্যাসিনী (ছিষ্টাৰ) কেইগৰাকীৰ বাদে আন পুৰুষ চৰিত্ৰ সৈতে ছাৰভাৰীৰ দেখা-সাক্ষাৎ নাই বুলি ক’লেও ভুল কোৱা নহ’ব। তেনেকৈয়ে তাই ডাঙৰ-দীঘল হৈছিল। এতিয়া পিছে এদিনতেই নিজ ভাষা, একমাত্ৰ ঘৰ, সম্প্ৰদায় আদিবোৰ এৰি এহাল বিদেশী দম্পতীক নিজৰ বুলি আঁকোৱালি লয় কেনেকৈ। তাই ভয় খাইছিল, বিশেষকৈ এণ্ড্ৰিউৰ সন্মুখত বেছিকৈ সংকোচবোধ কৰিছিল। 

কাহিনীটো ‘উনা জাঞ্জাৰা নেল’অৰেচিঅ’ৰ’ নামৰ উপন্যাস এখনৰ ওপৰত আধাৰিত ছবি ‘এ মছকীট’ ইন দ্য ঈয়াৰ’ নামৰ সদ্য মুক্তি লাভ কৰা ছবিখনৰ। পৰিচালক নিক’লা ৰিনচিয়াৰী। থুলমূলকৈ ক’বলৈ গ’লে কাহিনীটো এহাল উৰ্বৰতাৰ সমস্যাত ভুগা আমেৰিকান দম্পতীৰ। তেওঁলোক ক্ৰমে এণ্ড্ৰিউ আৰু ডেনিয়েলা যি আন্তৰ্জাতিক দত্তক গ্ৰহণৰ সিদ্ধান্তৰে গোৱাৰ এখন অনাথ আশ্ৰমলৈ আহে। এই আশ্ৰমতে তেওঁলোকক ছাৰভাৰী নামৰ এজনী ৪ বছৰীয়া কিশোৰীৰ সৈতে পৰিচয় কৰোৱা হয়। আৰু তিনিওৰে পৰিচয়ৰ পৰা হ’ব পৰা সম্পৰ্ক তথা সম্বন্ধৰ তিতা-মিঠা কাহিনীৰে সুন্দৰ উপস্থাপন হৈছে ছবিখনত। ছবিখনত দৰ্শোৱা হৈছে দত্তক গ্ৰহণ বা-বাতৰিত দেখোৱাৰ দৰে ইমান সহজ নহয়। তাৰ মাজত লুকাই থাকে বিশ্বাস কৰিব পৰা মুখবোৰ, মৰম কৰিব পৰা হৃদয়বোৰ আৰু বিশেষকৈ বুজিব পৰা একো একোখন অন্তৰ সেয়া লাগিলে ভাষাৰ ব্যাহিক প্ৰকাশৰ ক্ষেত্ৰতেই হওক বা আন্তৰিক! 

উৰাজাহাজৰ পৰা অৱতৰণ কৰা এণ্ড্ৰিউ আৰু ডেনিয়েলাক সন্যাসিনী অৰুণায়ে আশ্ৰমলৈ বুলি নিজেই আগবঢ়াই নিয়েহি। কোলাহলপূৰ্ণ গোৱাৰ ৰাস্তাৰে থেকেচনি খাই খাই তেওঁলোক আটায়ে হোটেল পালেগৈ। ভাগৰত পৰা আলহীক হোটেলতেই এৰি অৰুণা অশ্ৰম পাইগৈ পিছদিনা দুয়োকে ভাৰতীয় সাজ-পাৰত সজাই আশ্ৰমৰ শিশুবোৰলৈ কিছু বজাৰ কৰোৱায় লগতে ছাৰভাৰীলৈ এটা ধুনীয়া পুতলাও। এইবাৰহে এণ্ড্ৰিউ আৰু ডেনিয়েলা দুয়ো আশ্ৰম পাইগৈ ইমানপৰে ছাৰভাৰীও দুয়োগৰাকী অচিনাকি সৈতে প্ৰথমবাৰলৈ পৰিচিত হয়। সংকোচবোধ থকা সত্ত্বেও আন এগৰাকী সন্যাসিনীৰ কথাত ছাৰভাৰীয়ে ডেনিয়েলাক সাবটি ধৰে। এতিয়ালৈ ছাৰভাৰীয়ে একোৱেই বুজি পোৱা নাছিল। এনেতে সন্যাসিনী অৰুণাৰ কথামতে ছাৰভাৰীয়ে বিনা-দ্বিধাই এণ্ড্ৰিউ আৰু ডেনিয়েলাক আশ্ৰমখন দেখাবলৈ লৈ যায়। পিছত আশ্ৰমৰ শেষৰ সাঁজ আহাৰ সকলোৱে একেলগেই গ্ৰহণ কৰে। আশ্ৰমৰ আবাসীয়ে বিদায় দিয়াৰ বেলাহে ছাৰভাৰীয়ে যেন বুজি উঠিছিল। বাকীখিনি সময় দুটা ভিন্ন সম্প্ৰদায়, দুটা ভিন্ন ভাষা এক হোৱাৰ চেষ্টা। পিছে এণ্ড্ৰিউ আৰু ডেনিয়েলাই যেন অলপ বেছিয়েই খৰখেদা কৰিছিল। কিছু ঘণ্টাৰ ভিতৰতেই এটি অচিন শিশুৰ পিতৃ-মাতৃ হোৱাৰ। আৰু ছাৰভাৰীয়ে অসহজবোধত অলপ বেছিয়েই অলসুৱাৰ দৰে আমনি কৰিবলৈ ধৰিছিল। 

তেনেকৈয়ে হোটেলৰ কোঠাত প্ৰথম নিশাটো বাগৰিলে। এণ্ড্ৰিউ আৰু ডেনিয়েলাই যিমান পাৰে নিজকে ছাৰভাৰীৰ সৈতে সহজ কৰিবলৈ অলপো চেষ্টাৰ ত্ৰুটি ৰখা নাই। এণ্ড্ৰিউয়ে তালিকা প্ৰস্তুত কৰিয়েই ৰাখিছিল সোনকালেই ছাৰভাৰীৰ দেউতাক হৈ নিজ দেশলৈ উভতিব। পিছে ভৱাৰ দৰে কথাবোৰ ইমান সহজ নাছিল। 

ছাৰভাৰীৰ কণমানি অন্তৰখনে হয়তো বুজিছিল যে এহাল বিদেশীয়ে তাইক অপহৰণ কৰিছে। অপহৰণ কৰিছে তাইক তাইৰ ভাষাৰ পৰা তাইক তাইৰ একমাত্ৰ ঘৰখনৰ পৰা তাইক তাইৰ সমাজখনৰ পৰা। সেয়ে তাই সাজু নহয়। নিজ চিনাকি পৃথিৱীখন এৰি আন এখন একেবাৰেই অচিনাকি পৃথিৱীৰ বাসিন্দা হ’বলৈ। তাই নিবিচাৰে ছিষ্টাৰ টেৰেচিনাক এৰি যোৱাটো, কেনেকৈ পাহৰে লগৰ শ্ৰুতি, আলিছা, জামাল, জীয়া ক্ৰিশাহঁতক। সেয়ে কথাই প্ৰতি তাইৰ আব্দাৰবোৰ বাঢ়িবলৈ ধৰে ইটো নাখাওঁ, সিটো নকৰোঁ ইত্যাদি ইত্যাদি। এইবোৰৰ মাজত প্ৰকাণ্ড বাধা হিচাপে থিয় দিছিল ভাষাই। হিন্দীত অভ্যস্ত ছাৰভাৰীৰ আব্দাৰবোৰ বুজিবলৈ চেষ্টা কৰিও এণ্ড্ৰিউ আৰু ডেনিয়েলা দুয়ো বিফলৰ দৰে। মাজে মাজে অৰুণাই অলপ সহায় নকৰাও নহয় হ’লেও এণ্ড্ৰিউ বেছিয়েই অধৈৰ্যৰ দৰে। পিছে ছাৰভাৰীৰ অকণমানি অন্তৰখনেও বুজিছিল যিকি নহ’লেও যে তাই তেওঁলোকৰ লগতে যাবই লাগিব সিহঁতৰ সমাজখনৰ নিয়মেই এয়া। আগতেও কিমানে তাইক এৰি গৈছে বহুতৰে নামবোৰো তাই পাহৰিছে। সেয়ে অলপ অলপকৈ তায়ো সহজ হ’বলৈ ধৰিছিল। পিছে সেইদিনাহে খেলিমেলিখন লাগিল যিদিনা যাবলৈ অমান্তি হৈ ছাৰভাৰীয়ে এণ্ড্ৰিউৰ কেমেৰাটোকে দলিয়াই পেলালে। এইবাৰ এণ্ড্ৰিউৰো অধৈৰ্য হোৱাৰ পাল। খঙৰ ভমকত গালি-শপনি পাৰি এণ্ড্ৰিউ বাহিৰলৈ ওলাই অহাত ডেনিয়েলাও বুজোৱাৰ মানসেৰে পিছে পিছে আহিল। এইচেগতেই ছাৰভাৰী হোটেলৰ কোঠাটোৰ পৰা পলাই যায়। ইফালে কোঠাটোত ছাৰভাৰীক নাপায় গোটেইখনতে হুৱাদুৱা লাগে শেষত যেনিবা বহু বিচাৰ-খোচাৰ ও কষ্টৰ বিনিময়ত ছাৰভাৰীক বিচাৰি পোৱা যায়। তায়ো ইমানপৰে বুজি উঠিছিল যে বাহিৰৰ পৃথিৱীখন ইমান সহজ নহয়। য’ত পদে পদে উজুতি খাবলগীয়া হয়। সকলোকে আপোন বুলিবও নোৱাৰি। এণ্ড্ৰিউ আৰু ডেনিয়েলাও বুজি উঠিছিল যে এদিনতেই একোটা সম্বন্ধ গঢ়িব নোৱাৰি তাৰ কাৰণে প্ৰয়োজন হয় সময়ৰ। 

তেনেকৈয়ে ছবিখনৰো সমাপ্তি ঘটিছিল আৰু শেষত আপোন পৃথিৱীখনৰ চৰিত্ৰবোৰক একাষৰীয়া কৰি ছাৰভাৰী নিজেই যাবলৈ ওলাইছিল। এটা প্ৰকৃত কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ছবিখনৰ ইয়াতেই সমাপ্তি। 

ছবিখনৰ পৰা ইয়াকেই বুজা যায় যে দায়িত্ব ল’ব বিচৰাটো একেবাৰেই সহজ! পিছে দায়িত্বটোক বুজি প্ৰতিপালন কৰিব পৰাটোহে কিছু কঠিন। আৰু এনেবোৰ কথাতেই সময় প্ৰদান কৰিবলগীয়া হয়। 

শেষত ক’ব পাৰি যে এখন অতি সুন্দৰ ছবি YouTubeতেই উপলব্ধ সেই একে নামেৰে বিচাৰিলে আপুনিও চাব পাৰিব। ধন্যবাদ। । 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments