লিমাৰিক

লেখক- পৰশমনি শইকীয়া

১

অসমীয়াই আদৰিছে বলব’ম বাবাক,

কৰা নাই এলাগী ৰাখি ডালৰ ধাগাক।

নকৈ আদৰিছোঁ,

কুটুমক পাহৰিছোঁ।

কইনাক অৰ্পণ খাটিয়া দাঙি দৰাক।

 

 ২           

সেউজীয়া সাজোনেৰে নিমন্ত্ৰণ মেহেন্দী,

পীতবৰ্ণ বস্ত্ৰ পিন্ধি উদযাপন হালদি।

পাতে বোলে সংগীত, 

সীমিত তাত আমাৰ গীত।

জোঁৱাই আহি নাচি দিব কলৰ তলত দেওদি ।

 

৩

চুৰুনীৰ ভাও লোৱা খুলশালী ওলাল,

লাজ-দুঃখ ধাকি লোৱা ওৰণিও লুকাল।

ধনতেৰস কৰৱা চৌথ,

সকলোতে আমাৰ যুথ।

ছেলফিৰ ভীৰৰ মাজত বিয়া নামো হেৰাল।