Daayra চিনেমাখন

লেখক- লক্ষ্য জ্যোতি নাথ

কালি বহু দিনৰ মূৰত ‘Daayra’ বুলি চিনেমা এখন চালোঁ। কৰিনা কাপুৰ, পৃথিৰাজ সুকুমাৰন অভিনীত এখন বৰ্তমান সমাজত দৈনন্দিন বুলিয়ে ক’ব পাৰি ঘটি থকা ঘটনাৰ ওপৰত আধাৰিত চিনেমা। দিনটো বাতৰিত তেনে ঘটনাৰ নিউজে দেখি আছিলোঁ। কাহিনীটো মুখ্যতে এনে আছিল দেউতাক নথকা, ঘৰৰ দায়িত্ব লৈ সৰু কৰ্ম এটা কৰি দৈনন্দিন জীৱন কটোৱা এজনী ছোৱালী, ঘৰত মাক আৰু ভায়েক। এদিন সন্ধিয়া তাই কৰ্মৰ পৰা আহি ঘৰ পাই, ঘৰ পোৱাৰ পাছতেই ভায়েকৰ দৰকাৰী কথা এটাত তাই আকৌ দোকান এখনলৈ ওলাই যাব লগা হয়। তাই স্কুটি লৈ অহা অহা যোৱা কৰে, ৰাস্তাৰ মাজতেই টোল প্লাজা এটা থকাৰ বাবে তাই স্কুটিখন টোল প্লাজাৰ আগত থৈ অটোত বাকী দূৰ অহা যোৱা কৰে। সেইদিনা সন্ধিয়াও তাই সেই ঠাইতে স্কুটিখন থৈ অটোত বহি দোকানখনলৈ যায়। তাই স্কুটি থোৱা ঠাইকণৰ অলপ আগত তাত ট্ৰাক এখন ৰৈ আছিল আৰু তাতে ৪জন ট্ৰাকত কাম কৰা ড্ৰাইভাৰ, লেবাৰে বহি মদ খাই তাইক অহা লক্ষ্য কৰে। তেতিয়াই সিহঁতৰ মনত বেয়া ধান্দা আহে আৰু তাই যোৱাৰ পাছত স্কুটিখন জানি বুজি ট্ৰাকত উঠাই লুকুৱাই দিয়ে। তাই দোকানখনৰ পৰা আহি যেতিয়া স্কুটিখন নেদেখে বিচাৰ খোচাৰ কৰে তেতিয়া ট্ৰাকখনৰ পৰা এজন ল’ৰা আহি তাইক কয় যে তাইৰ স্কুটিখন কোনোবা দুজন ল’ৰায়ে লৈ যোৱা দেখিছে। তাইক সহায় লাগে যদি সিহঁতে কৰি অলপ আগতে নমাই দিব। তায়ো ফতকৈ বিচলিত হৈ ট্ৰাকখনত বহে আৰু তাৰ পাছতেই তাইক জোৰকৈ ধৰি ধৰি ট্ৰাকখন জোৰত নিজান ঠাই এডোখৰলৈ চলাই লৈ যায়। তাতে তাইক ট্ৰাকৰ পৰা নমাই সিহঁত ৪ টায়ে তাইক বাহিৰলৈ আনি দলবদ্ধ ধৰ্ষণ কৰে আৰু ধৰ্ষণ কৰি শেষত ডিঙি চেপি হত্যা কৰি তাইক তাতে জ্বলাই দিয়ে। 

  ইফালে তাইৰ ফোন বন্ধ হৈ যোৱা আৰু সময়ত ঘৰ আহি নোপোৱা বাবে মাক আৰু ভায়েকে ওচৰৰ পুলিচ থানা এখনত FIR দিবলৈ যায়, কিন্তু থানাৰ পুলিচে ব্যস্ততাৰ, গাভৰু ছোৱালী বয়ফ্ৰেণ্ড লগত আছে চাগৈ, ঘূৰি আহিব অলপ অপেক্ষা কৰক আদি বাহানা দেখাই FIR ৰেজিষ্টাৰ নকৰাই প্ৰায় ৩-৪ ঘণ্টা থানাত বহুৱাই থয়। তাৰ পাছত মাকে অলপ হুলস্থূল কৰাত FIR লবলৈ মান্তি হয় যদিও ঘটনাৰ ঠাই সুধি কয় যে এয়া আমাৰ থানাৰ ভিতৰত নপৰে, কাষৰ ঠাইৰ থানালৈ যাওক। ৪ ঘণ্টা মান সময় নষ্ট কৰাৰ পাছত মাক আৰু ভায়েক আকৌ সেই থানালৈ গৈ বহু কাকূটি মিনতি কৰাত FIR ৰেজিষ্টাৰ কৰে আৰু পুলিচ এজনক বিচাৰিব পঠাই। অৱশেষত ৰাতিপুৱা সময়ত সেই নিজান ঠাইডোখৰত ৰাতিপুৱা খোজ কাঢ়িব যোৱা মানুহে জ্বলা মৃতদেহ দেখি পুলিচক খবৰ দিয়ে আৰু পাছত মৃতদেহ চিনাক্ত হয় যে সন্ধিয়াৰ পৰা মাক আৰু ভায়েকে বিচাৰি থকা ছোৱালীজনী তাই আছিল। 

  ইয়াৰ পাছতেই এজন IPS পৰ্যায়ৰ ডেপুটি কমিছনাৰৰ নেতৃত্বত পুলিচে কেচটো অনুসন্ধান কৰে আৰু বিভিন্ন CCTV ফুটেজৰ সহায়ত চাৰিওজন ল’ৰাক চিনাক্ত কৰি বিচাৰি উলিয়ায়। ডেপুটি কমিছনাৰজনে যেতিয়া ছোৱালীজনীৰ মাকক এই খবৰ দিবলৈ যায় মাকে কয় আপোনালোকে ধৰিলে হয় কিন্তু এতিয়া কেচটো শেষ হৈ যোৱা নাই, আৰম্ভণিহে হৈছে। তাইতো মৰি গ’ল কষ্ট খাই, এতিয়া আমি পুলিচ, কছাৰী, উকীল আদিৰ পিছত দৌৰি কষ্ট খাব লাগিব। তাৰ পাছতো দোষী জীয়াই থাকিব, হয়তো সাৰিও যায় কেতিয়াবা। লগতে সেই সন্ধিয়া থানাখনৰ পুলিচ গৰাকীৰ কথা কয় যে তেওঁক শাস্তি কোনে দিব! তেওঁ যদি অলপ সোনকালে আমাৰ কথা গুৰুত্ব দিলেহৈ হয়তো আজি তাই জীয়াই থাকিল হয়। মাকৰ এইবোৰ কথায়ে ডেপুটি কমিছনাৰৰ গৰাকীৰ মন মগজুত খুন্দা মাৰে। 

   ইয়াৰ পাছত পুলিচে দোষী কেইগৰাকীৰ জেৰা কৰে, জেৰাত এজনে ফতকৈ কৈ দিয়ে সি হেনো লগৰকেইটাক কৈছিল ‘এইবাৰ বাদ দে ছোৱালীৰ ধান্দা কৰিবলৈ, সদায় ঠিক নহয় এইবোৰ। ’ এইবাৰ বাদ দে কথাটো শুনি ডেপুটি কমিছনাৰৰ গৰাকীৰ মগজু নষ্ট হৈ যায়, এইবাৰ বাদ দে মানে আগতেও কৰিছ তহঁতে এইবোৰ, মাজে মাজে মদ খাই এই কাম কৰি থাকে। বাকী কেইজনেও এই কথা প্ৰায় মানি লয় যে আগতে এনে কাম কৰিছে সিহঁতে। ইয়াৰ পাছত ওচৰৰ থানাবোৰত এনে ছোৱালী হেৰুৱা বা জ্বলা, এচিড ঢলা মৃতদেহ পোৱাৰ কেচ আছে নেকি ৰেকৰ্ড চাই আৰু গম পাই এনে বহু FIR আগতেও ৰেজিষ্টাৰ হৈছে যাৰ বেছিভাগৰ কোনো প্ৰমাণ আদি নাই বাবে তেনেকৈ এইবোৰ কেচ পৰি আছে। ইতিমধ্যে চাৰিওটা ল’ৰায়ে মানি লয় আৰু কয় যে ছোৱালীজনীৰ লগত কি কি কৰিছিল সিহঁতে। 

  ইয়াৰ পাছত এদিন ৰাতি ডেপুটি কমিছনাৰ গৰাকীয়ে এটা পুলিচৰ টিম লৈ চাৰিওটা ল’ৰাক সেই ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ হত্যা কৰা স্থানলৈ Scene recreate কৰিবলৈ লৈ যায় আৰু পৰিকল্পনা কৰিয়ে চাৰিওটাক সেই ছোৱালীজনী ধৰ্ষণ কৰি হত্যা কৰা ঠাইতে পেলাই গুলিয়াই মাৰি দিয়ে আৰু কেচ এটা বনাই যে সিহঁতে পুলিচৰ টিমৰ অস্ত্ৰ কাঢ়ি আন্ধাৰত পলাবলৈ আৰু আক্ৰমণ কৰিবলৈ ধৰোঁতে সিহঁতক নিজক ৰক্ষা কৰিবলৈ গুলিয়াব লগা হয় আৰু তেতিয়া সিহঁতৰ মৃত্যু হয়। 

  ইয়াৰ পাছত আহে কৰিনা কাপুৰৰ চৰিত্ৰটো, তেৱোঁ এগৰাকী IPS বিষয়া, তেওঁ এনে Extra judicial killing বা encounter killing আদি কেচ হ’লে আৰক্ষীৰ ওপৰত অনুসন্ধান কৰে যে এনে Extra judicial killing কিয় কৰিলে। এই অনুসন্ধানত সেই পুলিচ টিমৰ সকলোৱে ডেপুটি কমিছনাৰ গৰাকীয়ে কোৱাৰ দৰে নিজৰ ‘ষ্টেটমেণ্ট’ দিয়ে যে ঘটনায়ে এনে আছিল যে গুলিয়াব লগা হ’ল। কিন্তু কৰিনা অৰ্থাৎ এই গৰাকী IPS বিষয়ায়ে জানিছিল যে এইটো পুলিচে জানি-বুজি কৰা এনকাউণ্টাৰ। অৱশেষত কৰিনা অৰ্থাৎ IPS বিষয়া গৰাকীয়ে পৃথিৰাজ সুকুমাৰন অভিনীত ডেপুটি কমিছনাৰ গৰাকীৰ অফিচিয়েল ‘ষ্টেটমেণ্ট’ ল’ব লগা হয় যে কিয় এনে হ’ল। আওপকীয়াক ডেপুটি কমিছনাৰ গৰাকীয়ে সেই একেই কাহিনী শুনায়। কিন্তু কৰিনাই তথাপি আন অফিচিয়েলি সোধে যে চাৰিওটাক এনকাউণ্টাৰ কিয় কৰিলে, আদালত আছিল, আদালতে শাস্তি দিলেহৈ যদি দোষী সিহঁত। তেতিয়া পৃথিৰাজ সুকুমাৰন অৰ্থাৎ ডেপুটি কমিছনাৰজনে কয় আপুনি ছোৱালীজনীৰ মাকক লগ কৰিছিল নে, বুজিছিল নে মাকৰ মনৰ কথা। চাৰিওটায়ে মোক স্পষ্টকৈ সৈ কাঢ়ি কৈছিল যে তাইক কেনেকৈ দুটায়ে দুফালে ধৰি এটা এটাকৈ দলবদ্ধ ধৰ্ষণ কৰিছিল আৰু ধৰ্ষণ কৰি হোৱাৰ পাছত কেনেকৈ ডিঙি চেপি হত্যা কৰিছিল। ইহঁত ১১০% দোষী আৰু ইহঁতে আগতেও এনেকৈ ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছে সেইটোও কৈছে, সেইবাবে এতিয়া সিহঁতৰ হাত, মন নকঁপে এইবোৰ কৰিবলৈ। এতিয়া ইহঁতক চৰকাৰী ভাত খুৱাই আমি গাড়ীত বঢ়াই কোৰ্ট কাছাৰীত ঘূৰাই ফুৰাম, কোৰ্টে তাৰিখ দি থাকিব, সিহঁতৰ পৰিয়ালে শাস্তি কম হোৱাৰ আবেদন কৰিব। হয়তো কোৰ্টে বেইল দিব, শাস্তি কম কৰি দিব এইবোৰ মই চাই থাকিব নোৱাৰো ইমান জনা পাছত। ইহঁত ওলাই আহি আকৌ এজনী ছোৱালী এনেকৈ ধ্বংস কৰিব। কি ভুল কি শুদ্ধ নাজানো, মোৰ চাচপেঞ্চন হ’লেও হ’ব কিন্তু ইহঁত ইয়াৰে যোগ্য। আপুনি মানিব পাৰে দেশৰ লেহেমীয়া আইন মই তাত বেয়া নাপাওঁ, মোৰ আইন এনেকুৱায়ে। মই সিহঁতক এনকাউণ্টাৰ কৰি অলপো ভুল কৰা নাই। 

  চিনেমাখনৰ মূল কাহিনীটো এনে আছিল। চিনেমাখন চাই বা এতিয়া মোৰ এইখিনি পঢ়ি আপোনাৰো মন আৰু মগজুৰ মাজত যে এটা দোধোৰ-মোধোৰ অৱস্থা হ’ব খাটাং। মনে ক’ব ডেপুটি কমিছনাৰজনে ঠিকে কৰিলে, মগজুৱে ক’ব দেশত আইন কানুন, আদালত আছে এয়া আদালতৰ কাম। কিন্তু সিহঁত যে খাটাং দোষী আছিল সেইটোও খাটাং আছিল, অভিযুক্ত নহয়। এতিয়া এনে ঘটনা চিনেমাত নহয় আমাৰ কাষতে, ওচৰতে হ’ব লৈছে। আগতে হিন্দী বাতৰিত শুনা ঘটনা এতিয়া অসমত মাহেকত দুটাকৈ হ’ব লৈছে। চিনেমাৰ ছোৱালীজনী দায়িত্বশীল আছিল, দায়িত্বত ওলাই গৈ এনে হ’ল। কিন্তু অসমৰ ঘটনাবোৰ এনে নহয় যেন লাগে। যিবোৰ ঘটনা হৈছে তেওঁলোক দায়িত্বত ওলাই গৈ বলি হোৱা নাই, বিপথে গৈ বলি হৈছে। মুঠতে এটা বিশৃংখল, অপৰাধমূলক সমাজ ব্যৱস্থালৈ আমি আগুৱাই গৈ আছোঁ। ইয়াৰ পৰিত্ৰাণ কি! 

  চিনেমাখন চাই থাকোঁতে শেষত মোৰ ডেপুটি কমিছনাৰজনৰ সিদ্ধান্ত দেখি মনলৈ ভাব এটা আহিছিল যে মহাভাৰতত শ্ৰীকৃষ্ণয়ে এটা কথা কৈছিল ন্যায় হ’ব লাগে কেনেকৈ ‘মেটাৰ’ নকৰে। ন্যায়ৰ বাবে কৰ্ণৰ ৰথক বোকাত ফচাই দি অৰ্জুনক কৈছিল কৰ্ণক মাৰা এতিয়া নহ’লে ইয়াক মাৰিব নোৱাৰা আৰু, গুৰু দ্ৰোণাচাৰ্যক মাৰিবলৈ ‘অশ্বত্থামা হত ইতি গজ’ বুলি মিছাতে যুদ্ধক্ষেত্ৰত অশ্বত্থামা মৰিল বুলি উলিয়াই দি পুত্ৰ শোকত দুৰ্বল হৈ থকা দ্ৰোণাচাৰ্যক হত্যা কৰাইছিল। নহ’লে কৰ্ণ, গুৰু দ্ৰোণাচাৰ্যক মাৰিব পাৰেনে! তেওঁলোকক মৰা আগত তেওঁলোকে কৰা ভুলবোৰো কৈছিল সময় স্তব্ধ কৰি। সঁচা-মিছা পৌৰাণিক শাস্ত্ৰৰ কাহিনী বিচাৰ কৰিবলৈ নাযাওঁ। কিন্তু মহাভাৰত ধৰ্মীয় শাস্ত্ৰ বুলি নহয় এখন ভাল জীৱনক বুজা গ্ৰন্থ। শেষত মনটো দুলিয়ে থাকিব যে মনৰ শুনিম নে মগজুৰ শুনিম! কি ভুল কি শুদ্ধ! 



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments