NCERT পাঠ্যক্ৰমত ঠাই পোৱা অৰুণাচল প্ৰদেশৰ চিলুক গাঁওখন
লেখক- প্ৰদীপ বৈশ্য
অলপতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ মেবো চক্ৰৰ অন্তৰ্গত চিলুক নামৰ গাঁওখনে ঠাই পাইছে। ইয়াৰ কাৰণ হৈছে উক্ত গাঁওখনে জাৱৰ নিস্কাশনৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অৰ্জন কৰি ৰাজ্যখনৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে একেৰাহে তিনিবাৰ চিহ্নিত হৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত এই সাফল্য আৰু এই দিশত সামাজিক সচেতনতাৰ দিশটো প্ৰতিফলিত কৰিবলৈ বিষয়টো NCERTৰ তৃতীয় শ্ৰেণীৰ পৰিৱেশ বিজ্ঞান বিষয়ৰ কিতাপত “Taking Charge of Waste” নামৰ এটা অধ্যায় হিচাপে নতুনকৈ সংযোজিত কৰা হৈছে।
চিলুক গাঁওখনৰ প্ৰতিজন অধিবাসী, গাঁও পঞ্চায়ত কৰ্মী, মহিলা এই সকলোৱে মিলি জাৱৰ নিস্কাশনৰ প্ৰতি দেখুওৱা অকুণ্ঠ সহযোগিতাই এই স্বীকৃতি পোৱাটো সম্ভৱপৰ কৰি তুলিছে। জাৱৰ নিস্কাষণৰ বাবে কোনো আধুনিক কাৰিকৰী পদ্ধতি নতুবা প্ৰকল্পৰ সহায় লৈ এই কাম সম্ভৱ কৰি তোলা হোৱা নাই। ২০১৯ চনতেই এনে প্ৰচেষ্টা আৰম্ভ হৈছিল। উল্লেখ্য যে, এই গাঁওখন এটা সময়ত গৰু, গাহৰিৰ মলমূত্ৰৰে ভৰি থকা বাবে “গোবৰ গাঁও” ৰূপে সকলোৱে আখ্যা দিছিল। প্ৰথম পদক্ষেপ হিচাপে, মুক্ত বিচৰণ কৰা জন্তুবোৰক ৰাখিবলৈ বৃহৎ আৱদ্ধ এলেকা(Fenced Area) গঢ়ি তোলা হৈছিল। গাই বা গাহৰি পালকসকলে নিয়ম অৱমাননা কৰিলে জৰিমনা বিহা হৈছিল। এনে নিয়মবোৰ সকলোৱে মানি ল’বলৈ বাধ্য হৈছিল। এতিয়া গাঁওখনৰ প্ৰতিটো পুৱাতেই পৰিয়ালৰ একোজন সদস্যই সামুহিক চাফ-চিকুণ কাৰ্যত অংশ লোৱাৰ উপৰিও মাহৰ দ্বিতীয়টো দিনত ব্যাপক সামুহিক চাফ-চিকুণ অভিযানত অংশ ল’ব লাগে। অৱশ্যে, জিলাখন খেতি-বাতিৰ ক্ষেত্ৰত চহকী বাবে কৃষিকৰ্মৰ দিনবোৰত এনে নিয়মবোৰত অলপ শিথিলতা নথকা নহয়। গাঁওবাসীয়ে আনকি গাত খান্দি জৈৱিক সাৰ প্ৰস্তুত কৰা, পচি নোযোৱা সামগ্ৰীৰ পৰা (যেনে, প্লাষ্টিক আদি) ইটা প্ৰস্তুত কৰাৰ উদ্যোগ লোৱাৰ বিষয়েও জনা গৈছে।
এই গাঁওখনে ২০২৩ চনত জিলাখনৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে Naturenomics Award লাভ কৰিছিল। আজিৰ দিনত গাঁওখনৰ মাজেদি এপাক ঘূৰি আহিলে আপোনাৰ মনপ্ৰাণ উৎফুল্ল নোহোৱাৰ প্ৰশ্নই নাহে। চৌপাশে সেউজ পৰিৱেশ, পথৰ দুকাষে এজাৰ ফুলগছৰ সমাহাৰ, প্ৰায় ১০০ মিটাৰ দূৰত্বৰ মূৰে মূৰে জাৱৰ পেলোৱাৰ বাবে বাঁহেৰে তৈয়াৰ কৰা সঁজুলি, চকচকীয়া পথ, যিবোৰ দৃশ্যই আপোনাৰ মন ভৰাই তুলিব। ৰাজ্যখনৰ যুৱ মুখ্যমন্ত্ৰীগৰাকীয়ে ওপৰত উল্লিখিত স্বীকৃতিৰ পাছতেই নিজে গাঁওখনলৈ গৈ মহিলাসকলৰ যোগদান আৰু ‘স্বচ্ছ ভাৰত মিচন’ অভিযানৰ সাৰ্থক ৰূপায়ণ হৈছে বুলি উল্লেখ কৰি সকলোকে অধিক উৎসাহেৰে কাম কৰিবলৈ অনুৰোধ জনায়। আনকি প্ৰখ্যাত প্ৰকৃতিপ্ৰেমী যাদৱ পায়েং ডাঙৰীয়ায়ো এনে উত্তৰণক ভূয়সী প্ৰশংসা কৰিছে।
চিলুক গাঁৱখনৰ এনে উত্তৰণ দেখি মনলৈ ভাব আহিছে–“ৰাইজে নখ জোকাৰিলে নৈ বয়” কথাষাৰ আখৰে আখৰে সত্য। এনে স্বীকৃতিৰ পাছতেই আনকি দেশৰ কোনো কোনো সংবাদ গোষ্ঠীয়ে চিলুকলৈ গৈ ভিডিঅ’ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিও অৰুণাচলৰ প্ৰদেশ ৰাজ্যখনৰ নাম নজনা লোকসকলে চিলুক নামৰ আদৰ্শ গাঁওখনৰ জহতেই নিশ্চয় ভবিষ্যতলৈ ঠাইখনৰ বিষয়ে বহুতো আভাস পাব।
