চতুৰালিৰ তিনিটা স্নেপশ্বট আৰু কিছু বিক্ষিপ্ত চিন্তা

লেখক- জিতেন কলিতা

মানুহে মানু্হক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহʼব
কোৱা — সমনীয়া?
আমাৰ সকলোৰে হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাদেৱৰ উপৰ্য্যুক্ত পংক্তি সন্নিবিষ্ট সেই অসাধাৰণ গীতটি শৈশৱৰ পৰা এতিয়ালৈকে কিমানবাৰ আওৰাইছোঁ তাৰ ঠিকনা নাই। পাঠকসকলেও নিশ্চয় জীৱনত এবাৰৰ বাবে হ’লেও এই গীতটো গুণগুনাইছে। মোৰ শেহতীয়া লেখাকেইটি দেখি আপোনালোকে হয়তো ভাবিছে যে লেখকে অংক এৰি গীতমাততে ধৰিলে নেকি? পিছে কথাটো তেনেকুৱা নহয়। দৰাচলতে ১৯৬০ চনতে ৰচনা কৰা এই গীতটিৰ প্ৰসংগিকতা আজিৰ দিনতো অম্লান। মানুহে মানুহক বেচিব আৰু কিনিব খোজা ইতিহাসৰ এতিয়াও পুনৰাবৃত্তি ঘটিয়ে আছে। মাথোঁ লেখকৰ চকুত ই অন্যৰূপত ধৰা দিছে। শুনক তেনেহ’লে।
কামাল, গৌতম আৰু মোৰ বন্ধুত্ব প্ৰায় দুকুৰি বছৰীয়া। কামালৰ বাবে ইয়াৰ সৈতে আৰু ছবছৰ যোগ কৰিব লাগিব কাৰণ আমি হাইস্কুলতো একেলগে পঢ়া। আমাৰ শৈশৱ আৰু কৈশোৰ গুৱাহাটীৰ উজানবজাৰত অতিবাহিত হৈছিল। গৌতম এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ নিবাসী। তৎসত্ত্বেও আমি তিনিওটাৰ বন্ধুত্বত কোনো হীন-ডেঢ়ি ঘটা নাই। আজিও গৌতম আমেৰিকাৰ পৰা অসমলৈ আহিলে আমি তিনিও নলে-গলে লগা বন্ধু দুই তিনিবাৰমান লগ হৱেই। কামালৰ সৈতে সপ্তাহে পষেকে এনেও ফোনত যোগাযোগ হৈয়ে থাকে। সি প্ৰাক-বিশ্ববিদ্যালয় পৰ্যায়তে পঢ়া-শুনাৰ সমাপ্তি ঘটাই তেনেকৈয়ে থাকি গ’ল। বহু বুজনি দিয়াৰ পাছতো সেই সময়ত তাক কোনো পধ্যেই চূড়ান্ত পৰীক্ষাত বহিবলৈ সৈমান কৰাব নোৱাৰিলোঁ। প্ৰথমতে কিছু সৰু-সুৰা ব্যৱসায় আৰম্ভ কৰি পাছলৈ সি অটোৰিক্সা চলাবলৈ লয়। অতি সৎ স্বভাৱৰ আৰু কোনো বেয়া অভ্যাস নথকা বাবেই আজিৰ দিনতো সি অটোখনকে সম্বল কৰি আনৰ ওচৰত হাত নপতাকৈ চাৰিজনীয়া সংসাৰখন নিয়াৰিকৈ চলাই যাবলৈ সক্ষম হৈছে। মাজে মাজে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’লেও সি হাৰ মনা নাই, কোনো অভিযোগ নকৰাকৈ হাঁহিমুখে জীৱন সংগ্ৰাম চলাই গৈছে। এতিয়াও মই সুৰুঙা পালেই উজানবজাৰলৈ ঢাপলি মেলোঁ। মোৰ নিচিনাকৈ সিয়ো আজিলৈকে উজান বজাৰৰ মোহ এৰিব পৰা নাই। সেয়েহে বৰ্তমান হাতীগাওঁ এলেকাৰ স্থায়ী বাসিন্দা হোৱা সত্ত্বেও এতিয়াও সি উজানবজাৰৰ সমীপৰ বাৰোৱাৰী অটোৰিক্সা আস্থানৰ পৰাই তাৰ জীৱিকা অব্যাহত ৰাখিছে। কেম্পাছৰ পৰা আহি গুৱাহাটীত ইফাল সিফাল কৰিবলগীয়া হ’লে মই তাৰ অটোৰিক্সাখনৰে যাত্ৰী হওঁহি। তেনেকৈয়ে যোৱা কুৰি বছৰে আমাৰ মাজত যোগাযোগ চলি আহিছে।
আজি কেইবছৰমানৰ পৰা প্ৰায়েই তাৰ পৰা এটা অনুযোগ শুনিবলৈ পাওঁ। শৈশৱত একেলগে ডাঙৰ হোৱা আমাৰ বহুতো বন্ধুৱে হেনো তাৰ অটোষ্টেণ্ডৰ আগেৰেই পাৰ হৈ যায়। কিন্তু তাৰ চকুৱে চকুৱে পৰিলে সিহঁতে দেখিও নেদেখা ভাও জুৰে। সি অত্যন্ত ক্ষোভ আৰু দুখেৰে আক্ষেপ কৰে যে অটোচালক হোৱা বাবেই সিহঁতে তাক মানুহ বুলি গণ্য নকৰে। এইসকলৰ ভিতৰত সঘনাই উচ্চৰিত হোৱা নামটো হৈছে আমাৰ সৈতে উজানবজাৰতে একেলগে ডাঙৰ-দীঘল হোৱা বাল্যবন্ধু সঞ্জু, যিয়ে মোলৈও কেতিয়াবাহে কাচিৎ ফোন কৰে। তাৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত মই কামালৰ কথা উলিয়ালেও সি উস-আহ কৰি সেই প্ৰসঙ্গটো এৰাই চলে। পিছে কেইদিনমান আগতে কামালৰ অটোৰিক্সাত উঠি সুন্দৰপুৰলৈ যাওঁতে সি মোক যি কাহিনী শুনালে, তাকে শুনি মোৰ চকু কপালত উঠিল। “কালি সঞ্জু আহিছিল নহয়, লগতে তাৰ পুতেকো।” “সি বোলে আকৌ তোক দেখিলে মুখখন ঘূৰাই দিয়ে?” , মই তাক ওলোটাই সুধিলোঁ। “নহয় অ’, এইবাৰ কথা বেলেগ।” প্ৰায় এবছৰ মান হ’ল, গড়কাপ্তানী বিভাগৰ বিয়াগোম বিষয়া সঞ্জু নিজ চহৰ গুৱাহাটীলৈ বদলি হৈ আহিছে। এই এবছৰত কামালৰ অটোষ্টেণ্ডৰ সন্মুখেৰে সি বহু বাৰ অহা-যোৱা কৰিছে। দুখন এছ্ ইউ ভি গাড়ীৰ মালিক সি। তাৰ উপৰিও অফিচৰ চৰকাৰী বাহন আছেই। সেইকেইখনত উঠি, কেতিয়াবা অফিচৰ ড্ৰাইভাৰ লৈ আৰু কেতিয়াবা সি নিজে গাড়ীচালকৰ আসনত বহি কামালৰ নাকৰ আগেদিয়েই ভোঁ ভোঁৱাই পাৰ হৈ যায়। কিন্তু কোনোদিনেই বাল্যবন্ধুক “কেনে আছ” বা “ভালনে” বুলি এবাৰো মাত এষাৰ লগোৱা নাই। দুসপ্তাহমান আগতে হেনো সি সান্ধ্য ভ্ৰমণত খোজকাঢ়িবলৈ আহোঁতে নিজেই উপযাচি অটোষ্টেণ্ডলৈ আহি কামালৰ খা-খবৰ ল’লে। তাৰ পাছৰেপৰা বাল্যবন্ধুক দেখা পালে গাড়ীৰ চালকৰ আসনৰ পৰা হাত জোঁকাৰি জোঁকাৰি সম্ভাষণো জনায়। তিনিদিন আগতে সি আহি কামালৰ সৈতে আড্ডাত এনেভাবে মছগুল হ’ল যেন সিহঁত আকৌ কলেজীয়া জীৱনলৈহে উভতি গৈছে। আড্ডাৰ শেষত তাৰ ফোননম্বৰটোৱো কামালক দি গ’ল। পিছে উৰহী গছৰ ওৰ ওলাল কালিহে। পুতেকৰ সৈতে আহি সঞ্জুৱে তাক সিহঁতৰ ঘৰলৈ অটোৰিক্সাখন লৈ আহিবলৈ অনুৰোধ কৰিলে, ভেটেৰিনেৰী হাস্পতাললৈ যাব হেনো। সিহঁতৰ এঘাৰ বছৰীয়া পোহনীয়া কুকুৰ ড’ড্জ্ দুসপ্তাহমানৰ পৰা অসুখত ভুগি আছে। কুকুৰটোৰ ছালৰ নোমবোৰ সৰি সৰি শৰীৰৰ মঙহবোৰো উখহি উঠিছে। সেয়েহে পশু চিকিৎসকৰ ওচৰলৈ নিব লাগে। মিচিকিয়া হাঁহিৰে কামালে তপৰাই উত্তৰ দিলে, “হয় নেকি? মই পিছে কুকুৰৰ ভাড়া নামাৰোঁ নহয়।”
ছমাহমান আগৰ কথা। মই আমাৰ প্ৰতিষ্ঠানত বি-টেক্ প্ৰথম বাৰ্ষিকৰ দ্বিতীয় ষাণ্মাষিকৰ চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ ভূমিকা পালন কৰি আছোঁ। পৰীক্ষাৰ কোঠাটো আছিল এটা গেলেৰীৰ সাঁচত, য’ত প্ৰায় ষাঠিজনমান ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে। সেয়েহে নিৰীক্ষণৰ সময়ত বহুবাৰ তল ওপৰ কৰি থাকিব লাগে। তিনিঘণ্টীয়া পৰীক্ষা শেষ হ’বলৈ আধা ঘণ্টা বাকী থাকোঁতেই পৰীক্ষাৰ্থী সকলক সময়ে সময়ে সকীয়াই থকা হৈছে যাতে তেওঁলোকে অতিৰিক্ত পৃষ্ঠাবোৰ মূল উত্তৰবহীৰ লগত গাঁঠিবলৈ আৰম্ভ কৰে। ইতিমধ্যেই তেওঁলোকক তাৰ বাবে নিৰ্দিষ্ট দৈৰ্ঘ্যৰ পাতল জৰীও যোগান ধৰা হৈছে। পৰীক্ষাৰ সময় সমাপ্ত হোৱাৰ লগে লগে মই তেওঁলোকক লিখা বন্ধ কৰিবলৈ আদেশ দি এফালৰ পৰা উত্তৰবহী সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছোঁ। দুখনমান বহী সংগ্ৰহ কৰি উঠি আন এজন ছাত্ৰৰ ওচৰলৈ আহি দেখিলোঁ যে তেওঁ তেতিয়াও অতিৰিক্ত পৃষ্ঠাত উত্তৰ লিখিয়েই আছে। মোক দেখাৰ লগে লগে তেওঁ ইঙ্গিতেৰে জনালে যে তেতিয়ালৈকে তেওঁক বহী গঁঠা জৰীডাল দিয়া হোৱা নাই। ইতিমধ্যে বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোৰ কাষলৈ আহি তেওঁলোকৰ উত্তৰবহী বিলাক জমা দিবলৈ হেতা-ওপৰা লগাইছে। মই তেওঁৰ হাতত জৰী এডাল তুলি দিবলৈ লওঁতেই তেওঁৰ মূল উত্তৰবহীৰ ওপৰতে জৰী এডাল পৰি থকা দেখিবলৈ পালোঁ। মৃদু সতৰ্কবাণী শুনাই শীঘ্ৰেই অতিৰিক্ত পৃষ্ঠাবোৰ গাঁঠিবলৈ তেওঁক নিৰ্দেশ দি বাকী বহীবোৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যে খটখটি বগাবলৈ আৰম্ভ কৰিলোঁ। আটাইবোৰ বহী সংগ্ৰহ হোৱাৰ পাছত পুনৰ তললৈ নামি আহি সেই ছাত্ৰজনৰ ওচৰ পাই দেখিলোঁ যে তেতিয়াও তেওঁ লিখিয়েই আছে আৰু বহী গাঁঠিবলৈ দিয়া জৰীডাল আগৰ স্থানতে পৰি আছে। মোৰ উপস্থিতিক তেওঁ কেৰেপেই কৰা নাই। এইবাৰ মই তেওঁৰ পৰা বহীখন টাঁনমাৰি আনি নিজেই অতিৰিক্ত পৃষ্ঠাকেইটা গাঁঠি দিলোঁ। মই তেওঁক ক’লোঁ, “এই কাম কৰি যদি তুমি নিজকে অতি বুদ্ধিমান বুলি ভাবিছা, তেনেহ’লে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মুৰ্খজন তুমিয়েই।” যেন একো হোৱাই নাই, তেনে এটা ভাৱ দেখুৱাই তেওঁ বীৰদৰ্পে পৰীক্ষাগৃহৰ বাহিৰ ওলাল।
এইবাৰ আমি উভতি যাওঁ যোৱা শতিকাৰ নব্বৈ দশকৰ মাজভাগৰ কোনো এটা বছৰৰ আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ শনিবাৰটোলৈ। সেই দিনটো আজিও মোৰ স্পষ্টকৈ মনত আছে। তেতিয়া মই মফছল চহৰ এখনৰ কলেজত প্ৰৱক্তা ৰূপে কৰ্মৰত। সপ্তাহান্তত লাইন বাছ এখন ধৰি গুৱাহাটীৰ ঘৰলৈ প্ৰফুল্ল মনেৰে উভতিছোঁ। কাৰণ নিজেই যিখন শিক্ষানুষ্ঠানখনত প্ৰাক-বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ শিক্ষাগ্ৰহণ কৰিছিলোঁ আৰু ইমান দিনে তাত অধ্যাপনা কৰাৰ সপোন এটা মনত পুহি ৰাখিছিলোঁ, সি সাকাৰ হোৱাৰ দিশলৈ আগবাঢ়িছিল। সেই আশাৰ সঞ্চাৰ কৰিছিল অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত বাছনি পৰীক্ষাত কৃতকাৰ্য প্ৰাৰ্থীৰ মূল তালিকাখনে, য’ত মোৰ নামো অন্তৰ্ভুক্ত আছিল। গুৱাহাটীৰ আমাৰ ঘৰৰ চৌহদৰে ভাড়াঘৰত থকা, সচিবালয়ৰ শিক্ষা বিভাগৰ কৰ্মচাৰী জনৈক বৰা উপাধিৰ ভদ্ৰলোকজনে মোক জানিবলৈ দিছিল যে সপোনৰ কলেজখনত মই নিযুক্তি পোৱাটো একপ্ৰকাৰ নিশ্চিত আৰু পোন্ধৰ আগষ্টৰ পিছতেই নিযুক্তিপত্ৰ পোৱাৰ সম্ভাৱনা আছে। সচিবালয়ৰ সেই কাৰ্যালয়টোলৈ গৈ খবৰ কৰোঁতেও একে ইংগিতেই পাইছিলোঁ। ইতিমধ্যেই মই শ্ৰেণীত পঢ়ুৱাবলগীয়া পাঠ্যক্ৰমৰ সম্ভাব্য বিষয়বস্তুবোৰ আৰু বেছি গভীৰভাবে অধ্যয়ন কৰি নতুন কৰ্মস্থলীত যোগদান কৰাৰ বাবে মানসিকভাবে নিজকে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁৱেই। আদাবাৰীত লাইন বাছৰ পৰা নামি চিটিবাছত উঠি দেখোঁ যে কলেজীয়া জীৱনৰ মোৰ একে বিভাগৰে জুনিয়ৰ “মিষ্টাৰ এক্স’ একেখন বাছতে। মোক দেখা পায়ে তেওঁ মোৰ কাষতে থকা খালি ছিটটোত আহি সাউৎকৈ বহি পৰিল। সেইসময়ত তেৱোঁ গুৱাহাটীৰ দাঁতি-কাষৰীয়া আন এখন মফছল চহৰৰ কলেজ এখনৰ প্ৰৱক্তা আছিল। ওপৰত উল্লিখিত এ পি এছ্ চিৰ বাছনি তালিকাত তেওঁৰ নামটো অপেক্ষাৰ তালিকাত আছিল। বাছ চলিবলৈ আৰম্ভ কৰাৰ লগে লগেই তেওঁ অদূৰ ভৱিষ্যতে সপোনৰ কলেজখনত মোৰ সম্ভাৱ্য নিযুক্তি সম্পৰ্কে কথাৰ বকলা মেলিবলৈ আৰম্ভ কৰিলে। “জিতেন দা, আপোনাৰতো ….কলেজত গ্যেৰাণ্ঢিড, মই যোৱা সপ্তাহত ছেক্ৰেটেৰীয়েটত গৈছিলোঁ নহয়। কেৰাণী কেইজনৰ মুখতো আপোনাৰেই নাম। আমি আৰু ৱেইটিং লিষ্টত থকাবিলাকে ক’ত কলেজত চান্স পাম, খুব বেছি প’লিটেকনিক কেইখনত কিবা এটা হ’ব পাৰে, ….ইত্যাদি ইত্যাদি।” তাৰ পিছৰ সপ্তাহত গুৱাহাটীলৈ আহি জানিব পাৰিলোঁ যে ৱেইটিং লিষ্টৰ একেবাৰে শেষৰ স্থানত থকা জনৰ লগতে “মিষ্টাৰ এক্স“এ মোৰ সপোনৰ কলেজখনত নিযুক্তি পত্ৰ লাভ কৰাৰ বিপৰীতে মূল তালিকাৰ শীৰ্ষত থকা কেইজনৰ নিযুক্তি পত্ৰ জাৰী হৈছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আৰু বঙাইগাঁও প’লিটেকনিকত যোগদানৰ বাবে। পিছে আজিকোপতি সেই নিযুক্তি পত্ৰ মোৰ হাতত পৰাহি নাই।
ওপৰৰ ঘটনাকেইটা হৈছে তথাকথিত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ অনাহক প্ৰতিযোগিতাত তিষ্ঠি থকাৰ দৌৰত হোৱা মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয়ৰ কৰুণ উদাহৰণ। সঞ্জুৰ দৰে লোকসকলৰ বাবে সমমৰ্মিতা আৰু সহানুভূতি শব্দকেইটা অভিধানত থকা শব্দহে। এওঁলোকে অতি সহজভাবে কোনো অনুশোচনা নোহোৱাকৈ ব্যক্তিগত আৰু পেছাগত, দুয়ো জীৱনতে সঘনাই ছল-চাতুৰীৰ আশ্ৰয় লোৱাৰ ক্ষমতা ৰাখে। জীৱন যুদ্ধই কামালৰ দৰে ব্যক্তিসকলক তেওঁলোকতকৈও যে অধিক পৰিপক্ব আৰু সষ্টম কৰি তুলিব পাৰে সেয়া তেওঁলোকৰ সপোনৰো অগোচৰ। যিকোনো উপায়েৰে স্বাৰ্থ/কাৰ্য্য সিদ্ধি কৰিবলৈ এওঁলোক বদ্ধপৰিকৰ। তাৰ ফলত কাৰোবাৰ দলনিত পোনা মেলা অৱস্থা হ’লেও তালৈ এওঁলোকৰ ভ্ৰূক্ষেপ নাই! কাৰ্য্য সিদ্ধিৰ লক্ষ্যত বলীয়ান হৈ এওঁলোক হৈ পৰে চূড়ান্ত স্বাৰ্থপৰ, ঠিক দ্বিতীয় ঘটনাটোৰ ছাত্ৰজনৰ নিচিনাকৈ। মোৰ মতে সেই ছাত্ৰজন আচলতে ক’চিং সংস্কৃতি (coaching culture) আৰু লকডাউনৰ মিশ্ৰিত প্ৰভাৱৰ চিকাৰ। ক’চিং চেণ্টাৰবিলাকত এওঁলোকক পৰীক্ষাত সৰ্বাধিক নম্বৰ পোৱাৰ সকলোবোৰ কৌশল আহৰণ কৰিবলৈ বিশেষভাবে প্ৰশিক্ষণ দিয়া হয়। সেয়েহে তেনেধৰণৰ চতুৰালিত তেওঁলোক সিদ্ধহস্ত হৈ পৰে। আনহাতে নিজৰ সন্তানকলৈ অভিভাৱকসকলৰ চৰম প্ৰত্যাশা আৰু লকডাউনৰ সময়ত গঢ় লৈ উঠা “সৰ্বনিম্ন প্ৰচেষ্টাৰে সৰ্বাধিক মুনাফা আদায়“ৰ অভ্যাসে সমান্তৰালভাবে ছাত্ৰ-ছাত্ৰীৰ মাজত এনে বেপৰোৱা মনোভাৱ বৃদ্ধি কৰিছে।
তৃতীয় ঘটনাটো মনতে আকৌ এবাৰ জুকিয়াই লওঁতেই দেখোন চাটকৈ সঞ্জুহঁতৰ কুকুৰ ড’ড্জলৈ মনত পৰি গ’ল। কিয় জানো ভাব হ’ল তাৰ নামটো নিশ্চয় চাৰ্লচ ডিকেঞ্চৰ বিশ্ববিশ্ৰুত উপন্যাস অ’লিভাৰ টুইষ্টৰ অন্যতম চৰিত্ৰ Artful Dodger-অৰেই চুটি সংস্কৰণ হ’ব লাগিব। কাৰণ সেই চৰিত্ৰটোৱো জেপ লুৰুকিবলৈ বাটৰুৱাৰ মনোযোগ আনফালে ঢাল খুওৱাত পাৰ্গত আছিল। কিশোৰ অৱস্থাতে সিহঁত তেনে ঠগবাজীৰ অংশীদাৰ হ’বলৈ বাধ্য হৈছিল পেটৰ দায়তহে। আজিৰ কাহিনীৰ Artful Dodger সকলৰ কিন্তু তেনে কোনো বাধ্যবাধকতা নাই। হাস্যকৰভাবে এওঁলোকৰেই আনৰ আগত নৈতিকতাৰ ভাষণ দিয়াৰ তৎপৰতা বেছি। অকল চাকৰিতেই নহয়, আন বহুত ক্ষেত্ৰতে আজিও অনেকেই নিজৰ অজ্ঞাতেই “মিষ্টাৰ এক্স“ জাতীয় চাতুৰ্য্যৰ বলি হৈয়েই আছে। তাৰ পৰ্যাপ্ত প্ৰমাণ আমাৰ বাতৰিকাকত আৰু আৰু টেলিভিছন চেনেলবোৰৰ দৈনিক খবৰবোৰত এবাৰ চকুফুৰালেই পোৱা যাব। ক্ষমতাশালী ৰাজনীতিবিদ আৰু প্ৰভাৱশালী আমোলাৰ সহযোগ অবিহনে যে এনে ধৰণৰ কেলেংকাৰী সম্ভৱ নহয় সেয়া আৰু নতুনকৈ দোহাৰাৰ প্ৰয়োজন নাই। বিজ্ঞজনৰ পৰা শুনিবলৈ পোৱা মতে অসম মুলুকত এই ধাৰাটো এসময়ত আন্দোলনৰ সুবাদত পৰীক্ষাগৃহতকৈ জেলৰ ভিতৰত থাকিহে বিশ্ববিদ্যালয়ৰ পৰীক্ষাত বহিবলৈ পছন্দ কৰা সকলে পাছৰ সময়ত শাসনলৈ অহাৰ পৰাই চলি আছে। তেতিয়াৰে পৰা অসমৰ চৰকাৰী কলেজসমূহত শিক্ষাৰ মানদণ্ড আগৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। এই শৃংখল বিক্ৰিয়াৰ চিকাৰ হৈছে আজিৰ প্ৰজন্মৰ শিক্ষাৰ্থী সকল। অসমৰ শৈক্ষিকজগতখন ওপৰলৈ উধাব নোৱাৰাৰ ইও এক অন্যতম কাৰণ। মোৰ বহুতো শুভাকাংক্ষীয়ে এতিয়াও মোক মাজে মাজে সমবেদনা জ্ঞাপন কৰি কয়, “আচলতে তুমি “মিষ্টাৰ এক্স“ক ধন্যবাদহে জনোৱা উচিত। তেওঁ তোমাক গোৰ মাৰি গংগাতহে পেলালে। “ পিছে তেনে প্ৰহাৰে যিসকল ভুক্তভোগীক চিৰদিনৰ বাবে ঘূণীয়া কৰি পেলাই থ’লে, তেওঁলোকৰ খবৰ বাৰু কোনোবাই ৰাখিছেনে?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!