বন্ধ কোঠা, সাগৰ সীমনা, জীৱন উদযাপন ইত্যাদি

লেখক- মধুমিতা শইকীয়া বৰুৱা

(ক)

দুটামান ফেনীৰ বটল, ৰঙাছাতি আৰু এটা দুৰ্দান্ত ধূলি ধুমুহাৰ আতিশয্যৰ মাজত জীৱন বন্দনা?

জীৱননো আৰু কি। কেইটামান অথিৰ আৰু ভৰষাবিহীন চৌব্বিছ ঘণ্টাৰ সমষ্টি।
চৌব্বিছ ঘণ্টাবোৰৰ বেছি ভাগ যায় আমাৰ সংগ্ৰাম আৰু সংঘাতত। জীৱনে আমাক দিয়ে যিমান তাৰ সূদ লয় তাৰ দুগুণ।
অনুপম কৰিবলৈকে অকল জীৱননে? নহয়। অলপ অনিয়ম কৰিবলৈও জীৱনৰ দুটা মান চৌব্বিছ ঘণ্টা লাগে।
এনে দুষ্ট ভাৱনা মোৰ আছে। সদায় ঠাণ্ডা বুলি কোৱা, জীয়ৰী লগতে তেওঁৰ মাজতো আছে।

মানে জীৱনৰ খেয়ালবোৰৰ খাতিৰত কেতিয়াবা আমাৰ জুঁইৰ সৈতে খেলিবলৈও হেঁপাহ জাগে। সহজ ভাষাত যাক আমি গাত তেল লগা বুলি কওঁ।

গোৱাৰ এটা দুপৰীয়া। বালি খচকি খচকি সাগৰৰ পাৰে। পাৰে আহি আছিলোঁ আমি তিনিটা। প্ৰকাণ্ড ছাতি এটা লৈ সদায়ৰ দৰে আগবাঢ়ি গৈছিল তেওঁ।
আমি দুজনী পাছত। সাগৰৰ প্ৰকৃতি আৰু মেজাজ হয়তো সেইদিনা আমাতকৈ অধিক বেগৱতী হৈ আছিল। দক্ষিণ গোৱাৰ আওহতীয়া ঠাইখনৰ এটা প্ৰায় পৰিত্যক্ত ৰিৰ্জট এটাৰ পাছফালে নিজকে দুৰন্ত পথিক সজাই কৰিবলৈ লৈছিলো দুপৰীয়াৰ ৰৌদ্ৰ স্নান। অতে ততে পৰি আছিল দুটামান ফেনীৰ বটল। ফপৰা কুকুৰ এটাই গাটো বালিত ঘঁহাই দি অদ্ভুত এটা মাত উলিয়ালে। আমি দুজনীয়ে যেন কিবা এটা বিপদৰ গোন্ধ পালোঁ। এই বিপদৰ উৎস কিন্তু কোনো মানুহ নাছিল। বিপদৰ আগজাননী হৈ মাত্ৰ দুই চেকেণ্ডত সলনি হৈ গৈছিল সাগৰৰ ৰূপ আৰু পৰিৱেশ। নিজকে ৰক্ষা কৰিব নোৱাৰাকৈ হু হু কৈ এনেকুৱা এচাটি বতাহ আহিল যে ধূলি আৰু বালিৰ এটা মণ্ডলৰ ভিতৰত আমি দুজনী সোমাই গ’লো।

তাৰপাছৰ কথাখিনি অৱশ্যে দিগভ্ৰান্ত হোৱা মানসিক অৱস্থাৰ আছিল যদিও, জীৱনত সদায় বিচাৰি থকা থ্ৰিল অকণো আছিল। ক্ষণিকতে বতাহে মুচৰি নিছিল মোৰ ছাতিটো। সেই বিপদৰ মাজতো আমি দুজনীয়ে হাঁহি হাঁহি পাগল হৈছিলো। ৰঙা ফুলাম ছাতিটো মোহাৰি পেলোৱাকৈ জোৰকৈ অহা বতাহখিনিয়ে যে আমাকো উৰুৱাই লৈ যাব পাৰে, তাৰো খেয়াল আমাৰ নাছিল।
ভঙা ছাতিটো বন্য আনন্দৰ ভৰপুৰ স্মাৰক হৈ আমাৰ সোঁৱৰণীৰ জোলোঙাত সোমাই থাকিল। বহুত দিন সাঁচি ৰাখিছিলো, অসংযত দুটামান পলৰ দুষ্ট সাক্ষীৰূপে।
মায়াৱিনী পলবোৰে জীৱনক উপচাই দিয়ে, জীৱনৰ সোমৰস। নহ’লে জীৱনবৃত্তৰ ভিতৰত আমি যে উশাহবোৰো কেনেকৈ সজীৱ কৰিম নহয়নে?

(খ)

পগলা প্ৰাণ এটা বুকুত বহি থাকিলে সজায় ল’ব পাৰি নিজৰ মাজতে এটা আটোমটোকাৰী পঁজা। তাত কাৰো উমঘাম নাথাকে নিজৰ আত্মাৰ কথনৰ বাহিৰে। কথাবোৰ কিমান প্ৰাসংগিক নাজানো। প্ৰেক্টিকেলতো মুঠেই নহয়। তাৰমাজতে কিন্তু এনে ভাববোৰে বিলাই দিয়ে এক আত্মকেন্দ্ৰিক আত্মমুগ্ধ কেইটামান অনুপল। নিজৰ সৈতে কথোপকথন হয়তো আটাইতকৈ স্বত্বিকৰ অম্লজান…

ওৰেটো নিশা কিছু দুৰ্ভাৱনা আৰু অস্বত্বিয়ে খেদি ফুৰিছিল। এনেকৈ কিমান দিন?
কোনো সমাধান নোহোৱা সমস্যাৰ লগত সহাৱস্থান কম কথা নহয়। আনুসংগিক বহুতো কথা আহে। আৱেগিক মানসিক সমস্যাবোৰো ইয়াৰ আওঁতাত পৰিবগৈ লাহে লাহে।
ইফালে নেকনেকীয়া বৰষুণৰ আত্মাভিমানী হুংকাৰত তিতা কাপোৰবোৰে সৃষ্টি কৰিছে, প্ৰহসন।
ৰাতিপুৱা সোনকালে মেলি নিদিলে ইফালে চাঁদত ঠাই নাপামগৈ। বাইছটা পৰিয়ালৰ আধুনিক গাঁও এইখন পকী পৃথিৱী।

নাই পুৱাতেই ওন্দোলোৱা মেঘে বিদ্ৰূপৰ হাঁহি মাৰি যেন ক’বলৈ ল’লে, এসেকা পাইছানে?

জেদী মই অনন্তকালৰ।
একেকোবে মোবাইল লৈ বেলকনিলৈ আহিলো। কাপোৰবোৰ কিবাকৈ মেলিলো। সেমেকা গোন্ধটোৱে বিৰক্ত কৰাতকৈ কিয় জানো মোক বৰ্ষা বন্দীতা কৰি তুলিলে।

আকাশত মেঘদূত…..
নিমাত নিতাল চৌপাশ। অকল মাত্ৰ চৰাইৰ চুবুৰীটোহে যেন।
পাঁচটা ভাটৌ পাখি কোবাই সেউজীয়া পাতৰ মাজলৈ মোৰ চকুৰ আগতে সোমাই যেন। ক’বলৈ ধৰিলে মোক…কুক ভা…
কপৌৰ কুৰুলিয়ে এবাৰ ভাবিবলৈ বাধ্য কৰিলে, এইখন বামুণীমৈদাম নে জিম কৰবেট?
কোনো মানুহ নাই অশৰীৰি যেন লগা মোহাচ্ছন্ন মোৰ বাহিৰে। অদূৰত কিশোৰ এটাই মোৰ দৰে ভাবুক হৈ চায় আছে তামস আকাশলৈ।

আদিম অৰণ্য এখন আমি কঢ়িয়াই ফুৰো অজানিতে।
লকডাউনৰ প্ৰথম পুৱাতেই মহানগৰীৰ উপকণ্ঠত সোমাই গ’লো মায়াবৃত্তৰ ভিতৰলৈ। এখন্তেকৰ বাবে আঁজুৰি আঁতৰাই দিলো জীৱনবৃত্তৰ কৰ্ষণ।
ছে: ৰ’দ কেতিয়া ওলাব?
ৰাতিৰ গ্ৰীনমটৰখিনি তিয়োৱাই নহ’ল। ৰুটিৰ লগত তেনে আকৌ আলুভাজি?
তাকো এশটকীয়া কেজিৰ আলু কেইটা কাটিম কোন সতে? ?

প্ৰহসন নে জীৱন বন্দনা?
নিশ্চিত ভাবেই এয়া জীৱন বন্দনা। মাটিৰ মানুহ আমি। আমাৰ পাখি নাই। আমি উৰিব নোৱাৰো।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!