সূৰ্যাস্ত
লেখক- তৃষ্ণা নেওগ বৰুৱা
ৰিং এটা শুনি তেওঁ গুচি গ’ল
শামুকৰ খোলাত শংখৰ মাত বিচাৰি আমি
কালাতিপাত কৰাৰ পৰত
পোহৰ পৰি জিলিকি আছিল ঢেকীয়াৰ আঙুলিবোৰ
আগলি কলপাতত কল্যাণ খৰমান
বালিত বিষাদ ছটিয়াই শিলনিত মূৰ আফালি
কান্দি আছিল নদী এখনে
কোনেও নজনা কথাটো নদীখনে কেনেবাকৈ আগতীয়াকৈ জানিছিল
সেয়ে আতোলতোলকৈ সাজু কৰি ৰাখিছিল
তেওঁৰ বাবে বন্ধোৱা ঘাট
তেওঁ আহিল
আৰু দীঘল দীঘল খোজ দি হেলাৰঙে পাৰ হৈ গ’ল নদীখন
যি নদীয়েদি নিতৌ নামি আহে সূৰ্য
অবাক চকুত অপাৰ বিস্ময় সানি অস্তাচলত ৰৈ থাকিল
দেওহাঁহ এহালি
অন্যান্য শিতান
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments