নীলমণি ফুকন : তৰা এটি সৰি পৰিল 

লেখক- জিতু আলি

গোলাপী জামুৰ লগ্নৰ বিশিষ্ট কবি, জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক , শিল্পী , সমালোচক, অধ্যাপক, পদ্মশ্ৰী , কাব্যঋষি নীলমণি ফুকন দেৱে অসমীয়া সাহিত্যলৈ অলেখ অৱদান আগবঢ়াইছে । তেওঁ অসমীয়া কবিতাৰ ৰাষ্ট্ৰীয় পৰ্যায়তেই নহয়, আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়তো অসমীয়া কবিতাক স্থান দখল কৰিব পৰাকৈ গঢ়ি তুলিলে । এই গৰাকী কবিয়ে সমগ্ৰ জীৱন কবিতাৰ চৰ্চা , শিল্প – সাহিত্যৰ চৰ্চা বিশেষকৈ চিত্ৰ আৰু ভাস্কৰ্য চৰ্চা, লোক শিল্পৰ চৰ্চা , এই কেইটা বিষয়ত তেওঁ সমগ্ৰ জীৱন পাৰ কৰিলে । নীলমণি ফুকন দেৱৰ কবিতাৰ মাজত মানৱ প্ৰেম , প্ৰকৃতি প্ৰেম, ঐতিহ্যৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা অপৰিসীম । সেইবাবে তেওঁৰ কবিতাই , শিল্প আৰু ভাস্কৰ্যৰ সম্পৰ্কে লিখা ৰচনাই সকলো স্তৰতে নিজস্ব চৰিত্ৰ, নিজস্ব মাত্ৰা দান কৰিছে । ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট  জিলাৰ দেৰগাঁৱত জন্ম গ্ৰহণ কৰে । তেওঁৰ পিতৃৰ নাম আছিল কীৰ্তিনাথ ফুকন আৰু মাতৃৰ নাম আছিল বৰদাবালা ফুকন । তেওঁ শিশু অৱস্থাতেই মাতৃক হেৰুৱাইছিল । দেৰগাঁও হাইস্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত ১৯৫৩ চনত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে গুৱাহাটীৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৫৭ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে । তেওঁ ১৯৬০ চনত ইতিহাস বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । শিক্ষা সমাপ্ত কৰাৰ পাছতে তেওঁ ১৯৬১ চনত আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে । ১৯৬৮ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰে । ১৯৯২ চনত মহাবিদ্যালয় খনৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ।


 কাব্যক্ষেত্ৰত নীলমণি ফুকন দেৱৰ অপৰিসীম অৰিহণাৰ বাবে তেওঁক সদৌ অসম কবি সন্মিলনে কাব্যঋষি উপাধি প্ৰদান কৰে । অসমীয়া কাব্য সাহিত্যত তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত ” সূৰ্য হেনো নামি আহে এই নদীয়েদি “, “কবিতা”,আৰু ” গোলাপী জামুৰ লগ্ন ” আদি উল্লেখ যোগ্য। অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰয়াত কাব্যঋষিলৈ বহু সন্মান আগবঢ়োৱা হয় । ১৯৭১ চনত তেওঁলৈ ৰঘুনাথ চৌধাৰী বঁটা আগবঢ়োৱা হয় । ‘ কবিতা ‘ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থ খনৰ বাবে তেওঁক ১৯৪১ চনত সাহিত্য অকাদেমি বঁটা প্ৰদান কৰা হয় । ১৯৪৪ চনত জগদ্বাত্ৰী হৰমোহন বঁটা, ১৯৯০ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান, ১৯৯১ চনত ছগনলাল জৈন বঁটা আৰু কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা , ১৯৯৮ চনত ভাৰত চৰকাৰৰ এমিৰেটাছ ফেল, ২০০০ চনত ভাৰতীয় ভাষা পৰিষদৰ বঁটা , ২০০২ চনত সাহিত্য অকাদেমি ৰ শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাদেমি ফেল , ২০১৪ চনত অসম প্ৰকাশন পৰিষদৰ সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা, ২০১৫ চনত সদৌ অসম কবি সন্মিলনৰ কাব্যঋষি উপাধি, ২০১৭ চনত অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান জাতীয় কবি উপাধি আৰু ২০২১ চনত ভাৰতৰ সাহিত্য ক্ষেত্ৰত সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে তেওঁক সন্মানিত কৰা হয় । ইয়াৰ উপৰিও তেওঁক বিভিন্ন সময়ত অন্য সন্মানেৰে সন্মানিত কৰা হয় ।


                      নীলমণি ফুকন দেৱে ৰচনা কৰা কবিতাৰ কিছু আভাস তলত উল্লেখ কৰা হল । 


“সীতাৰ মাহাত্ম্য অগ্নিতো প্ৰখৰ 

   জাহ যোৱা ভয় নাই

 সেইহে অগনি পৰীক্ষাত ভয়

      নকৰিলে সীতা আই।

বলিৰ ছলন দাতা কৰ্ণৰ

     নোহে কথা উপাখ্যান 

বিশ্বাসৰ সেয়ে জ্বলন্ত প্ৰমাণ

    তাতে জীয়ে সত্যৱান।

জীৱন পৰীক্ষা মূহূৰ্তে মূহূৰ্তে হয়

বিশ্বাসীয়ে বিচলিত কদাপি নহয় ।”


“পুণ্যতোৱা গঙ্গাজল সাঁচি থলে

    হয় শান্তিময়ী পবিত্ৰ জল

সোণৰ পাত্রতো মহৰ ঘূলিৰ

জল সাঁচি থলে নহয় নিৰ্মল ।

সাঁচি থোৱাকেই সঞ্চয় নকয়।

যদি তাৰে হিত সাধন নহয়।।”


“চকুটোহে লক্ষ্য              মাছটো নহয়।

            চকুবিনে নেদেখেলে  —

সেয়েহে অৰ্জুন               লক্যভেদ কৰি

              সয়ম্বৰ সমাধিলে ।

মনতে – বৰিলে              সত্যৱান   

            সাৱিত্ৰীৰ হ’ল  ধ্যান,

 মৰা শ জীয়ালে            যম আঁতৰিলে     

             সপোন দিঠক হ’ল,

 বেউলা উটিল।             মৰা শ উঠিল

              সপোন সপোনে ৰ’ল।

              লক্ষ্য, ধ্যান, ইচ্ছা একাগ্ৰ হ’লেই,

              অসাধ্য সাধন হয় তাৰেই ।।”

 কাব্যঋষি নীলমণি ফুকন দেৱৰ ৰচনাৰ গীতেৰে, কবিতাৰে , নাটকেৰে, সমালোচনাৰে ন – কৈ সজাই তুলিছিল মুমূৰ্ষ অসমীয়া সংস্কৃতিক। এইজনা মহান শিল্পীৰ বাবে সুন্দৰ অভিধা । এইজনা কবিৰ হাতৰ মুঠিতেই আছিল জগত ধুনীয়া কৰিব পৰা ৰূপান্তৰৰ মন্ত্ৰ।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!