ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰু ইয়াৰ উদযাপনৰ প্ৰাসংগিকতা

লেখক- চন্দামিতা শৰ্মা

শিশু , ঈশ্বৰৰ এক সুন্দৰ উপহাৰ। প্ৰতিটো শিশু একো একোটা অমূল্য সম্পদ , এক অমূল্য ৰত্ন।লোভ, স্বাৰ্থপৰতা, ষড়যন্ত্ৰ, চক্ৰান্ত একো বুজি নোপোৱা প্ৰতিটো শিশুৱেই দৰাচলতে ঈশ্বৰৰ এক ৰূপ  বা  ক’ব পাৰো যে  ভগৱানৰ   এক উপহাৰ। তেনেস্থলত ল’ৰাই হওঁক বা ছোৱালীয়ে হওঁক সকলো শিশুৱে পাব লাগে সমান অধিকাৰ। কিন্তু বহুসময়ত কন্যা শিশুৰ প্ৰতি বিভিন্ন সময়ত বিভিন্ন ৰাজ্যত অৱহেলিত মনোভাৱ পৰিলক্ষিত হয়৷ যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে সেই সময়তে কিন্তু সেই একেখন সমাজতেই আন একাংশই কন্যা শিশু জন্ম হোৱাটো এক অভিশাপ ৰূপে গণ্য কৰি আহিছে। যুগ যুগ ধৰি আমাৰ সমাজৰ সকলো ক্ষেত্ৰতে মহিলাৰ পৰিৱৰ্তে পুৰুষক প্ৰাধান্য তথা অগ্ৰাধিকাৰ দিয়াৰ মানসিকতাই মহিলাসকলক বিভিন্ন ক্ষেত্ৰত অৱহেলিত হিচাবে গণ্য কৰা দেখা যায়। ভ্ৰূণ হত্যা, শাৰীৰিক আৰু মানসিক নিৰ্যাতন, লিংগ বৈষম্য আদি সমাজৰ ব্যাধিসমূহৰ বাবে এতিয়াও আমাৰ সমাজখন বিভিন্ন ক্ষেত্ৰত পিছপৰি ৰৈছে। এনে পৰিপ্ৰেক্ষিতত এক সুস্থ বাতাবৰণ সৃষ্টিৰে কন্যা শিশুসকলৰ উপযুক্ত সুৰক্ষা প্ৰদান কৰাটো এগৰাকী সচেতন নাগৰিক হিচাবে আমাৰ প্ৰত্যেকৰে প্ৰধান দায়িত্ব হোৱা উচিত।


কন্যা শিশুৰ প্ৰতি মানুহৰ মাজত থকা বিভিন্ন ধৰণৰ লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ উদ্দেশ্যৰে ভাৰতত পালন কৰা হয় ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস।২৪ জানুৱাৰী দিনটো কন্যা শিশুৰ বাবে উচৰ্গিত এটা দিন। প্ৰত্যেক বছৰৰ ২৪ জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয় ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।’ ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা অসমতাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্য ‘ভাৰত চৰকাৰৰ নাৰী আৰু শিশু বিকাশ মন্ত্ৰালয়ে’ ২০০৮ চনৰ পৰা এই ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ৰ আয়োজন কৰি আহিছে। ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা বাধা-বিঘিনি আৰু লিংগ বৈষম্যতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই পালন কৰা হয় এই দিৱস।


ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপনৰ আঁৰৰ উদ্দেশ্য হৈছে কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু কন্যা শিশু শিক্ষাৰ গুৰুত্ব আৰু তেওঁলোকৰ স্বাস্থ্য আৰু পুষ্টিৰ বিষয়ে সজাগতা বিয়পোৱা ।কন্যা শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সামাজিক দায়বদ্ধতা,কন্যা শিশুৰ অধিকাৰ, আশা-আকাংক্ষা পূৰণ আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি, কন্যা শিশুৰ নিৰাপত্তা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত সমাজৰ স্থিতি আদিয়ে প্ৰধানত: এই দিৱস পালন কৰাৰ প্ৰধান উদ্দেশ্য। 


আমাৰ সমাজত আজিও ক’ৰবাত নহয় ক’ৰবাত কন্যা শিশুতকৈ ল’ৰা সন্তানক বেছি প্ৰাধান্য দিয়া দেখা যায় । কিন্তু পুৰুষ মহিলা বুলি কেৱল শাৰীৰিক গঠনৰ পাৰ্থক্যৰ বাদে ক’তোৱে কম  বুলি ক’ব নোৱাৰি। শিক্ষাই হওক  বা সমাজ গঢ় দিয়াই হওক বা কৰ্ম ক্ষেত্ৰতেই হওক ,মহিলা কোনোতেই পিছপৰা নহয় বৰঞ্চ পুৰুষতকৈ আগবঢ়া বুলি ক’লেও   কিছু কিছু ক্ষেত্ৰত ভুল কোৱা নহব । সেয়েহে পুৰুষৰ দৰে মহিলাকো সমমৰ্যদা,সমঅধিকাৰ,সমস্বাধীনতা দিয়া উচিত । অভিভাৱকৰ লগতে সমাজেও এই ক্ষেত্ৰত সহযোগিতা, গুৰুত্ব দিয়া উচিত। পুৰুষ মহিলা সকলোকে  সমান মৰ্যদা দিয়াটো অতি প্ৰয়োজনীয় আৰু উচিত ।যিসময়ত পুৰুষ আৰু মহিলা সমান বুলি জয়ঢোল বজোৱা হৈছে, সেই একেটা সময়তে লিংগ বৈষম্যৰ কবলত পৰি এতিয়াও বহু কন্যা শিশুৰ ভ্ৰূণ হত্যা, Honour Killing আদিৰ সন্মুখীন হ’ব লগা হয় আছে । মহিলাৰ স্থিতি এচাম মানুহৰ ঠেক গণ্ডীৰ পৰা বাহিৰ ওলাই আহিব পৰা নাই । যাৰ বাবে এতিয়াও বহু মহিলাৰ বাবে ঘৰৰ চাৰি বেৰৰ মাজৰ জীৱনটোৱেই সমগ্ৰ পৃথিৱী হৈ ৰৈছে । সততে কন্যা শিশুৰ লগত ধৰ্ষণ আদিৰ দৰে অমানুষিক জঘন্য কাণ্ড সংঘটিত হৈ থাকে।বিভিন্ন সামাজিক কাৰণত এনে বহু ঘটনা আঁৰ কাপোৰৰ আৰতে লুকাই থাকে। কন্যা সন্তানৰ প্ৰতি কোনো ধৰণৰ বৈষম্য হ’ব নালাগে। উপযুক্ত শিক্ষাই কন্যা সন্তানক সকলো দিশতে সফল হ’বলৈ নেতৃত্ব দিব। ইয়াৰ উপৰিও ছোৱালী এজনী সকলো দিশতে, যেনে মানসিক, শাৰীৰিক আৰু আৱেগিকভাৱে নিখুঁতভাৱে উপযুক্ত হোৱাটোও গুৰুত্বপূৰ্ণ। এই সকলোবোৰ লাভ কৰিবলৈ সঠিক শাৰীৰিক ফিটনেছৰ প্ৰয়োজন আৰু তাৰ বাবে যোগ প্ৰাণায়াম আনকি যুদ্ধ কলাও অতি সহায়ক। গতিকে,বিদ্যালয় পৰ্যায়ৰ পৰা এই সকলোবোৰ বাধ্যতামূলক কাৰ্যসূচী হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত।


শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱাই। সেয়েহে শিক্ষা ব্যৱস্থাৰ লগতে বিশেষ ভাৱে গুৰুত্বপূৰ্ণ হৈছে কন্যা শিক্ষা। কন্যা সকলৰ শিক্ষাৰ ওপৰত দেশখনৰ আভ্যন্তৰীণ বিকাশ নিৰ্ভৰ কৰে, সেয়েহে কন্যা শিক্ষাৰ  সাৰ্বংগীণ উন্নতি অতীব প্ৰয়োজন। কন্যা  সন্তান সকলক পূৰ্ণ মানৱ সত্বা ৰূপে প্ৰতিষ্ঠিত কৰিবলৈ হ’লে এনেধৰণৰ সজাগতামূলক দিৱসৰ লগতে বৰ্তমানৰ প্ৰজন্মই কন্যা সন্তানৰ অধিকাৰ, সুৰক্ষা, গুৰুত্ব আৰু দায়িত্ব সম্পৰ্কে সজাগ হোৱাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে। প্ৰতিগৰাকী নাৰীক পুৰুষৰ সমানে আগবঢ়াই নিব পাৰিলেহে এখন সুন্দৰ গণতান্ত্ৰিক সমাজৰ আশা কৰিব পাৰি।কন্যা সন্তান সুশিক্ষিত  হ’লেহে এজন ঘৰ, এখন ,এখন ৰাজ্য তথা এখন দেশ   দোপতদোপে উন্নতিৰ পথত ধাৱমান হ’ব আৰু  ভৱিষ্যতৰ ভাৰতবৰ্ষক আগুৱাই লৈ যাব। উপযুক্ত শিক্ষা প্ৰদানেৰে প্ৰতিগৰাকী কন্যা শিশুক একো একোগৰাকী সু- নাগৰিক ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই দায়ৱদ্ধ হোৱাতো সময়ৰ এক আহ্বান।’ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ত কন্যা শিশুসকলৰ সবলীকৰণ আৰু তেওঁলোকক সুশিক্ষাৰে উজ্জীৱিত কৰাৰ বাবে পণ লৈ তেওঁলোকৰ সপোনবোৰক বাস্তৱায়িত কৰোঁ আহক ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!