অব্যক্ত অনুভৱৰ আখৰা...𝐂𝐎𝐃𝐀

লেখক- বিকাশ দত্ত

 ছবিখনৰ কেইবাটাও শক্তিশালী দিশৰ ভিতৰত এটা হ’ল ছবিখনৰ প্ৰতিটো চৰিত্ৰৰ মাজৰ সম্পৰ্ক। পৰিচালক ছিয়ান হেডেৰে এটা চৰিত্ৰ গঠনত মনোনিৱেশ নকৰি চিত্ৰনাট্য আৰু সংলাপত কিছুসংখ্যক সূক্ষ্ম হাস্যমধুৰ দৃশ্যৰ উপাদান সন্নিৱিষ্ট ছবিখনক এখন সুস্থ ব্যঙ্গাত্মক আভাস দিয়াৰ উপৰিও এখন সবল coming-of-age ড্ৰামা হিচাপেও দৰ্শকৰ সন্মুখত উপস্থাপন কৰাত সফল হৈছে। আৱেগিক মুহূৰ্তসমূহক সামান্য ভাবাৰ্থক দৃষ্টিভংগীৰে দৰ্শকৰ মাজত তুলি ধৰাৰ প্ৰচেষ্টাৰ বাবে পৰিচালক হেডেৰ তথা প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ কৰ্ম শলাগ ল’বলগীয়া। মূখ্য চৰিত্ৰ ৰুবিক ৰূপায়ণ কৰা এমিলিয়া জোনছৰ মিতভাষী অভিনয় আৰু তেওঁ‌ৰ সংগীত গুৰু বাৰ্ণাড’ৰ মাজৰ গুৰু-শিষ্যৰ সম্পৰ্কটোক “দ্য কাৰাটে কিড”ৰ কাহিনীলৈ অকণমান মনত পেলাই দিব। অৱশ্যে বাৰ্ণাডৰ চৰিত্ৰটোৰ সামান্য আঁ‌ৰৰ কাহিনী এটা পৰিচালকে সন্নিৱিষ্ট কৰিব পাৰিলেহেঁতেন বুলি অনুভৱ হয়। তথাপিও প্ৰায় দুঘণ্টাযোৰা সময় ছবিখনে আপোনাক বান্ধি ৰাখিবলৈ সক্ষম বুলি বিনাদ্বিধাই ক’ব পাৰি। ছবিখনৰ শেষৰফালে সংগীত বিদ্যালয়লৈ প্ৰস্থান কৰাৰ মুহূৰ্তখিনি, অডিশনৰ সময়ত ছাইন লেংগুৱেজৰ জৰিয়তে এমিলিয়াই বিচাৰকৰ সন্মুখত গীত পৰিৱেশন কৰাৰ দৃশ্যটো, বিদ্যালয়ত ৰুবিয়ে সংগীত পৰিৱেশন কৰাৰ দৃশ্যটোত সম্পূৰ্ণ অশ্ৰাব্য কৰি মৌনভাৱে নিৰ্মাণ কৰি ৰুবিৰ বধিৰ পিতৃ-মাতৃ আৰু ভ্ৰাতৃয়ে সেই সময়খিনিক হৃদয়ংগম কৰাৰ প্ৰয়াস, আৰু অৱশেষত ৰুবি আৰু তেওঁ‌ৰ পিতৃৰ মাজৰ সেই আৱেগিক মুহূৰ্তখিনিক কেৱল এটা গীতৰ কলিৰ মাজেৰেই দৰ্শকৰ মনত সাঁচ পেলাই যোৱাত সফল হোৱা “কোডা” নিশ্চয়কৈ আজিৰ সময়ৰ এখন অন্যতম ধুনীয়া ছবি বুলি আমি ক’ব পাৰোঁ। সামঞ্জস্যশীলতা আৰু দৃশ্যসমূহৰ সূক্ষ্ম আলোকপাত কৰিলে “কোডা”ত আন এক দিশ হঠাতে চকুত পৰিছিল। ছবিখনৰ আৰম্ভণিতে নিজৰ প্ৰেমাস্পদ মাইলছৰ বাবে বিদ্যালয়ৰ সংগীত দলত যোগদান কৰা ৰুবিৰ প্ৰথমটো কালাংশত শিক্ষক মিষ্টাৰ ভি (বাৰ্ণাড’)য়ে ৰুবিৰ মাজত গায়কীৰ প্ৰতি থকা আত্মবিশ্বাসৰ অভাৱ য’ত ৰুবিয়ে নিজকে কয়,
”I am scared or maybe finding out that I’m bad.”
তেতিয়া বাৰ্ণাড’ই কয়,
”Do you know what Bowie said about Bob Dylan? A voice like sand and glue. There are plenty of pretty voices with nothing to say. Do you have something to say?”
তেতিয়া ৰুবিয়ে উত্তৰ দিয়ে,
”I think so.”
তেতিয়া বাৰ্ণাড’ই কয়,
”Good, then I’ll see you in class. Bob!”
আৰু তাৰ পৰৱৰ্তী কালাংশত যেতিয়া ৰুবিয়ে সকলোৰে সন্মুখত সুন্দৰ কণ্ঠেৰে গীত পৰিৱেশন কৰে, তেতিয়া বাৰ্ণাড’ই কয়,
”Well its not sand and glue.”
বাৰ্ণাড’ই এগৰাকী কিংবদন্তি শিল্পী ডেভিড বৌৱিয়ে আন এগৰাকী কিংবদন্তি শিল্পী বব ডিলান সম্পৰ্কে কোৱা এই উক্তিটোৱেই অৱশেষত ৰুবিৰ মাজত সোমাই থকা সুপ্ত প্ৰতিভাক জাগ্ৰত কৰা সহায় কৰে। সেইবাবেই হয়তো ছবিখনৰ শেষৰফালে অনুষ্ঠিত সংগীতানুষ্ঠানত ডেভিড বৌৱিৰ “ষ্টাৰমেন” গীতটি ৰুবিৰ লগতে তেওঁ‌ৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে।
এনেধৰণ বিভিন্ন সূক্ষ্ম দৃশ্যৰ সংযোজনে “কোডা”ক প্ৰদান কৰিছে অনন্য মাত্ৰা। ছবিখনে অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ বাবেই যে ছবিখন ভাল সেয়া নহয়, কিন্তু অশ্ৰাব্যক শ্ৰুতিমধুৰ কৰাত যি এক মাইলৰ খুঁটি “কোডা”ই স্থাপন কৰিছে, সেইটোত বহু কম সংখ্যক ছবিয়েহে সফলতা অৰ্জন কৰে। চিত্ৰনাট্যৰ এই সমান্তৰাল সামঞ্জস্যশীলতাক লক্ষ্য কৰিলে কিছু বছৰ পূৰ্বে কেনেথ লোনাৰ্গানৰ “মানচেষ্টাৰ বাই দ্য ছি” (২০১৬) ছবিখনৰ সৈতেও “কোডা”ক এক তুলনাত্মক অধ্যয়ন কৰিব পাৰি। উক্ত ছবিখনৰ বানে অভিনেতা কেছি এফ্লেকে শ্ৰেষ্ঠ অভিনেতাৰ লগতে পৰিচালক তথা চিত্ৰনাট্যকাৰ কেনেথ লোনাৰ্গানে শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ অস্কাৰ বঁ‌টা লাভ কৰিছিল।
২০১৪ চনৰ এৰিক লেৰ্টগৌৰ “লা ফামিয়া বেলিয়াই” (La Famille Belier) ছবিখনৰ ইংৰাজী ভাষাৰ ৰিমেক হ’ল “কোডা।” এটা মুক-বধিৰ পৰিয়ালত জন্মগ্ৰহণ একমাত্ৰ নৰ্মেল অৰ্থাৎ কথা ক’ব আৰু শুনিব পৰা কিশোৰী ৰুবিৰ জীৱনত সংঘটিত বিভিন্ন ঘটনাৰ এক হাস্যমধুৰ অথচ গভীৰ কাহিনীৰ সাৱলীল উপস্থাপন “কোডা।”
২০২১ বৰ্ষৰ “দ্য পাৱাৰ অৱ দ্য ডগ”, “ডুন”, “বেষ্ট ছাইড ষ্টোৰী” আদিৰ দৰে সফল আৰু প্ৰশংসনীয় চিনেকৰ্মৰ মাজতে এখন ইন্দিপেনডেণ্ট তথা অতি কম বাজেটত নিৰ্মিত ছবি “কোডা”ই তিনিটাকৈ অস্কাৰ বঁ‌টা লাভ কৰে ৯৪ তম অস্কাৰত, য’ত আছিল শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ অনুকূলিত চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সহ অভিনেতা (ট্ৰয় কটছাৰ)ৰ বঁ‌টা। ট্ৰয় কটছাৰ হ’ল অস্কাৰ জয় কৰা ইতিহাসৰ প্ৰথমগৰাকী মুক-বধিৰ অভিনেতা। সাৱলীল কাহিনী, গভীৰ চিত্ৰনাট্য, কৈশোৰকালৰ উত্থান-পতন, এটা মুক-বধিৰ পৰিয়ালৰ মাজৰ টনা-আঁজোৰা, আৱেগ আৰু গতিশীল কাহিনীৰ জৰিয়তে দৰ্শকৰ মনত সাঁচ পেলাই যোৱা এখন সুন্দৰ ছবি “কোডা।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!