দুখ

লেখক- ছাবিনা আলিয়া

মোৰ দুখ এটাই ..
থাপনাত বহিও সদায় হাঁহি থকা
শিলৰ সেই দেৱী হ’ব নোৱাৰিলোঁ
সেয়ে বুকুত অবিৰত জীৱন-মৰণৰ যুঁজ।

চিৰিবোৰ বগাই উঠি অহা
আধামৰা বেদনাবোৰৰ উচুপনিত
জী উঠে মোৰ মৃত হৃদয়খন
আৰু মৰি থাকোঁ মই
শিলৰ হাতদুখন লৰাব নোৱাৰাৰ যন্ত্ৰণাত।

ছিঙি অনা ফুলবোৰ
চিঞৰে মোৰ বুকুৰ নিৰ্বিকাৰতাত
দুচকুত জিজ্ঞাসা,
কাৰোবাৰ জীৱনৰ পৰিসমাপ্তি
কাৰোবাৰ প্ৰসন্নতাৰ কাৰণ কিয় হয়?

মোৰ ওঁঠযোৰ নকঁপে
কোনেও হয়তো নাজানে
শিলৰ ওঁঠৰ পিছফালে যে যন্ত্ৰণাৰ উপত্যকা
প্ৰাৰ্থনা কৰোঁ মোৰ বাবেই
শিলৰ হাতদুখন আৰু শিলৰ ওঁঠযোৰ
জীয়া মানুহ হওক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!