কিছু বিক্ষিপ্ত চিন্তা: অৱসৰৰ পাছৰ জীৱন
লেখক- প্ৰণবেন্দ্ৰ শৰ্মা
অসমীয়া ভাষাত সততে ব্যৱহাৰ কৰি থকা খণ্ডবাক্য বা ফকৰা-যোজনা কিছুমানৰ আৱশ্যকতা নোহোৱা হোৱা যেন বোধ হয়। এইবোৰে অনাহকতে অসমীয়া সমাজখনক মানসিকভাৱে কোঙা কৰি পেলোৱা যেন ভাব হয়। মই দুটামান উদাহৰণহে উল্লেখ কৰিছোঁ, এনে আৰু বহুতো আছে নিশ্চয়।
উদাহৰণস্বৰূপে “কুৰিতে বুঢ়ী হোৱা,লাও যিমানে ডাঙৰ নহওক পাতৰ তল, বুঢ়া শালিকাই মাত নলয়, কানিয়াৰ জাত, পিপুসিশু, স্ত্ৰীয়া চৰিত্ৰম্ পুৰুষস্য ভাগ্যম দেৱো ন জানন্তি কুতো মনুষ্যম্, বয়স ভাটি দিলে” আদিৰ কথা উল্লেখ কৰিব পাৰি।
এসপ্তাহ আগতে গণিতজ্ঞ আৰু পৰিসংখ্যা বিজ্ঞানী, আজীৱন ( অবৈতনিক? Emeritus) অধ্যাপক চি আৰ ৰাৱে পৰিসংখ্যা বিজ্ঞানত নবেল পুৰস্কাৰৰ সমকক্ষ আন্তঃৰাষ্ট্ৰীয় বঁটাৰে পুৰস্কৃত হোৱাৰ পাছত কিয় জানো বাৰে বাৰে এই কথাবোৰ মনলৈ আহিছে। অসমত অৱসৰ লোৱাৰ পাছতেই জীৱনৰ পৰাও অৱসৰ লোৱাৰ মনোভাৱ এটা যেন মানুহৰ মনত সোমাই পৰে। অৱশ্যে আজিকালি এই ধাৰণাৰ সলনি হৈছে বহুলাংশে। তথাপিও সামাজিকভাবে এই ধাৰণাটোৱে আমাৰ মানুহক অকালতে বুঢ়া কৰি পেলাই হয়তো।
আজিকালি ইয়াত কোৱা শুনো যে জীৱন হেনো আৰম্ভ হয় ষাঠি বছৰত। আজিৰ পৰা বিশ পচিশ বছৰ আগতে শুনিছিলোঁ চল্লিশ বছৰত জীৱন আৰম্ভ হয় বুলি। কোনে জানে হয়তো আৰু কিছুদিনৰ পাছত জীৱনৰ আৰম্ভণি হব প্লেটিনাম জুবিলি উদযাপনৰ সৈতে। আমি অমৰত্বৰ পৰা বহু দূৰৈত কিন্তু দীৰ্ঘ জীৱন হয়তো আমাৰ হাতৰ মুঠিত। অৱসৰৰ পাছৰছোৱা জীৱন সামাজিক দায়বদ্ধতাৰে সমাজৰ কল্যাণৰ বাবে কেনেদৰে আমি নিজকে কৰ্মক্ষম কৰি ৰাখিবলৈ পাৰোঁ তাৰ বাবে আমি সকলোৱে ব্যক্তিগতভাবে চেষ্টা কৰা উচিত।
অধ্যাপক ৰাৱে ষাঠি বছৰ বয়সত ভাৰতত চাকৰিৰ পৰা বাধ্যতামূলক অৱসৰ লৈ নিজৰ সন্তানৰ লগত থাকিবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ আহে। সেয়া বিয়াল্লিশ বছৰ আগৰ কথা। তাৰ দুবছৰ পাছত তেখেত পিটচ্বাৰ্গ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্ত হয় আৰু পাছত পেনচিলভেনিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান দৰে। এতিয়াও তেখেত একেখন বিশ্ববিদ্যালয়ৰ “এমেৰিটাছ” অধ্যাপক। বঁটা পোৱাৰ সময়ত তেখেতৰ বয়স এশ দুবছৰ। দুহেজাৰ তেইশ চনৰ জুলাই মাহত তেখেতক কানাডাৰ টৰণ্টো চহৰত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখনীয় যে দুহেজাৰ দুই চনত তেখেতক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৰ্ব্বোচ্চ বিজ্ঞান বঁটাৰে সন্মানিত কৰা হৈছিল।
চাকৰিৰ পৰা অৱসৰ ল’লেই জীৱনৰ শেষ নহয়।