তাঁতশাল

লেখক- থগেন্দ্ৰ চুতীয়া

থগেন্দ্ৰ চুতীয়া
বৰদলনি, ধেমাজি
ফোন নংঃ ৯৬৭৮৬৬৬৭৮৮
ইমেইল : [email protected]

চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলী (ঐ) লতা …

অসমীয়া জন-জীৱনৰ প্ৰাণস্পন্দন, বাপতিসাহোন ৰঙালী বিহুটি সকলোৰে বাবে অতি আদৰৰ সাদৰৰ। বিহু অসমীয়া কৃষিজীৱী মানুহৰ জীৱনগাঁথা। এই বসন্তোৎসৱ অসমৰ মাটি-পানী-বায়ুৰ লগত সংপৃক্ত হৈ আছে। অসমীয়া চহা জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে শিপিনীসকলৰ চেনেহৰ তাঁতশলখন। কৃষিজীৱী লোকসকলে এই তাঁতশালখনৰপৰা কিছু পৰিমাণে আর্থিকভাৱে স্বাৱলম্বী হ’ব পাৰিছে। ব’হাগ বিহুৰ লগত তাঁতশালৰ সম্পৰ্ক অতিকে গভীৰ। বিহুনামৰ কোঁহে-কোঁহে শিপাই আছে অসমীয়া শিপিনীৰ বুকুৰ কুটুম তাঁতশালখন। টোলোঠা, মাকো, নাচনি, পুতল, চেৰেকী, যঁতৰ, ফুলকাঠি, কাণবাতি, চালিমাৰি, গৰকা, পেটাই, উঘা, টোলোঠাজৰী, ব’শালি, কঁকিলামাৰি, চিপকাঠি, দোৰপতিজৰী, ব’চুঙা, টাকুৰি, মহুৰা, তাঁতবাতি, নাঙল, জখলা, তলধৰাজৰী, ভিৰিজৰী, ককৰা, গেৰেলি গাঠি আদি সঁজুলিৰে পৰিপূৰ্ণ তাঁতশালখন ।

তাঁতশালৰ ইতিহাস
অসমীয়া লোক-সংস্কৃতি ভঁৰাল চহকী কৰা তাঁতশালখনৰ ইতিহাস অতি পুৰণি। অষ্ট্ৰিকসকল কপাহ খেতি আৰু বোৱা কটাৰ লগত জড়িত আৰু এইফালৰপৰা তাঁতশালৰ পৰম্পৰাও অতি প্রাচীন বুলি পণ্ডিতসকলে ক’ব খোজে। অসমৰ লোক-সংস্কৃতিৰ আপুৰুগীয়া সম্পদ তাঁতশালখনৰ সম্পৰ্কে বিভিন্ন পণ্ডিত-গৱেষকে অভিমত পোষণ কৰি থৈ গৈছে। “অসমীয়া ভাষা আৰু সংস্কৃতি” নামৰ গ্ৰন্থখনত ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই তাঁতশালখনৰ বিষয়ে এনেদৰে অভিমত ব্যক্ত কৰিছে— “অসমৰ জনজাতিৰ মাজত তাঁতশালৰ যি বহুল প্ৰচাৰ তাৰ মূলতে অষ্ট্ৰিক প্ৰভাৱ। সম্ভৱতঃ চীন দেশৰপৰাই তাঁত বোৱা প্ৰথা অসমলৈ আহে …।” তেনেদৰে বুৰঞ্জীবিদ ৰাজমোহন নাথে তেখেতৰ The Background of Assamese Culture নামৰ গ্ৰন্থখনৰ এঠাইত এনেদৰে লিখিছে “Silk was originally produced in China and it was catared by merchents of Turkestan through Tibetan intermediaries to India and Assam.” নাথদেৱৰ একেখন গ্ৰন্থৰ অন্য এঠাইত এনেদৰে উল্লেখ আছে- “All the hill tribes of Assam are expert weavers of Silk of some form or other and Muga and Patsilk are an indigenous household art in Assam.”.

ডেকা-গাভৰুৰ প্রেম-পীৰিতিৰ লগত তাঁতশালৰ সম্পৰ্ক
বিহুনাম অসমীয়া লোকজীৱনৰ দাপোনস্বৰূপ। বিহুনামবোৰৰ মাজেদি অসমীয়া লোকজীৱনৰ লগত সংপৃক্ত হৈ থকা আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, খাদ্য-সম্ভাৰ, সাজ-পোছাক, ধৰ্মীয় ধ্যান-ধাৰণাৰ এখন ছবি স্পষ্টভাৱে প্রতিফলিত হয়। লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ প্রফুল্ল দত্ত গোস্বামীৰ মতে বিহুনামসমূহ – “Exquisite love poems” (অপৰূপ সুন্দৰ প্ৰেমৰ কবিতা)।

বিহুনামবোৰত ডেকা-গাভৰুৰ মাজত থকা প্ৰণয়ৰ কথা স্পষ্ট হৈ থাকে। গাভৰু শিপিনীয়ে তাঁতশালত বহিয়েই চেনাইধনক লৈ ৰচে অলেখ সপোন। কিন্তু হৃদয়ত অংকুৰিত হৈ থকা মৰম-ভালপোৱাবোৰৰ বৰ্হি প্ৰকাশ কৰিবলৈ ওচৰত চেনাইধন নাই। সেয়ে গাভৰু শিপিনীয়ে তাঁতশালত মন বহাব নোৱাৰি এনেদৰে বিহুনাম গায়—

বহো তাঁতৰ পাটত চকু আলিবাটত
মাকো সৰি সৰি পৰে,

তামোল হোৱা হ’লে ফালি চালোঁহেঁতেন
কিহে মোক আমনি কৰে।

ব’হাগ বিহুৰ সময়ত তাঁতশালখন শিপিনীৰ হিয়াৰ আমঠু যেন হৈ পৰে। কাৰণ বিহু সুমুৱাৰ আগতে চেনাইধনক বিহুৱান যাচিব লাগিব। সেয়ে দিন-ৰাতি একাকাৰ কৰি শিপিনীয়ে উৰাই ঘূৰাই মাকো মাৰিছে। কিন্তু ব’হাগৰ বিহুতকৈ জানো তাঁতশালখন ডাঙৰ হ’ব পাৰে। ঢোলৰ মাত শুনি গাভৰু শিপিনীয়ে বোৱা-কটা বাদ দি বিহু মাৰিবলৈ যায়।

বিহুনামত উল্লেখ আছে এনেদৰে-

ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে
নাচনীলৈ পঠালে খবৰ,
ঢোলৰ মাত শুনি ৰ’বকে নোৱাৰি
গচকত ভাঙি যায় যঁতৰ ।

তেনেদৰে—

অতি মৰমৰে মুগাৰে মহুৰা
তাতোকৈ মৰমৰ মাকো,

তাতোকৈ মৰমৰ চেনাইৰে বাতৰি
নলৈনো কেনেকৈ থাকোঁ।

গাভৰু শিপিনীয়ে তাঁতশালত ঘনে ঘনে মাকো মাৰি চেনাইধনৰ কথাকে ভাবি আছে। চেনাইধনক অকলশৰে নদীৰ কাণৰ ঝাৰণিখিনিৰ ওচৰত লগ কৰিবলৈ গাভৰু শিপিনীৰ মনত দুৰ্বাৰ হেঁপাহ এটা জাগি উঠিছে। চেনাইধনৰ বতৰা বহুদিন নোপোৱাত চিৰিপাতি মঙ্গলখন চাওঁতে হঠাতে চেনাইধনে আহি গাভৰুগৰাকীক মাত লগালেহি। চেনাইধনক দেখা পাই গাভৰুৰ তত্‌ নাইকীয়া হৈ পৰিল। মনৰ অনন্দতে চেনেহীয়ে বিহুনাম জুৰে—

আঠিয়া কলৰে দুডালি ঠাৰি ঐ
ছাঁ পাই তৰিলো তাঁত,

গামখাৰু বাজনি মাকো খিটখিটনি
লগায় কোন ঈশ্বৰে মাত।

কেতিয়াবা গাভৰু শিপিনীয়ে তাঁতশালত বহিবলৈকে সময় অকন উলিয়াব নোৱাৰে। ঘৰলৈ অহা আলহী-অতিথিক সেৱা- শুশ্রূষা কৰোঁতেই এবেলা যায়। ইফালে চ’ত যাবৰে হ’ল। এনে সময়তে যদি চেনাইধনে গাভৰু শিপিনীগৰাকী ওচৰত প্রেমালাপ কৰিবলৈ আহে তেন্তে শিপিনীগৰাকীৰ অৱস্থা কেনে হ’ব? তাতে চেনাইধনে ঘৰৰ কাম-কাজ এৰি তাঁতশালত কথাৰ মহলা দিবলৈ অহাতো সহজভাৱে ল’ব পৰা নাই গাভৰু শিপিনীয়ে।

কেলেই আহিলা এনোৱা সময়ত
লগাব নোৱাৰো মাত,

তোমাৰ খতি হ’ল হাত কাঠি-কামি
আমাৰ খতি হ’ল তাঁত।

তাঁতশালত চেনাইধনক টান কথা কৈ ৰাতি শিপিনীৰ চকুত টোপনি নাই। গাৰুটো বুকুত সাৱতি ইচাট্‌ বিচাট্‌ কৰি কোনোমতে ৰাতিটো পাৰ কৰিলে। পুৱা তাঁতশালত অশেষ যত্ন কৰিও মন বহাব নোৱাৰি চেনাইধনক মাত এষাৰ দি অহাৰ কথাকে ভাবিলে—

হাতো কুটেকুটায় ভৰি কুটেকুটায়
নবওঁ সৰু সূতাৰ তাঁত

ফুৰি থৈ আহোঁগৈ ধনৰ ঐ চুবুৰী
লগাই থৈ আহোঁগৈ মাত।

এনেদৰে ডেকা-গাভৰুৰ প্ৰেম-পীৰিতিৰ লগত তাঁতশালখনৰ সম্পৰ্ক থকা দেখা যায় ৷

কাজী আৰু অকাজী
তাঁতশালখনৰ শিপিনীসকলৰ নিপুণতাৰ মান নিৰ্ণয়ৰ বাবে অসমীয়া সমাজত কাজী আৰু অকাজী এই শব্দ দুটা ব্যৱহাৰ কৰা হয়। কিছুমান শিপিনী বোৱা কটাত পাকৈত। তেনেবোৰ শিপিনীক কাজী বোলা হয়। বোৱা-কটাত পাৰ্গতালি দেখুৱাব নোৱাৰা মহিলাসকলে সমাজৰপৰা অপযশ শুনিবলগীয়া হয়। অৱশ্যে গ্রামাঞ্চলতকৈ নগৰীয়া সমাজত অকাজী মহিলা বেছি। বর্তমান আধুনিক প্রযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিয়ে গ্রামাঞ্চলকো প্ৰভাৱান্বিত কৰাৰ ফলত গাঁওসমূহত বোৱা-কটাৰ পৰিৱেশ প্ৰায় নাইকীয়া হৈ পৰিছে। সম্প্ৰতি ঘৰৰ আগচোতালৰ বাৰন্দা শুৱনি কৰা তাঁতশালখনৰ উপস্থিতি গ্রামাঞ্চলবোৰতো ক্ৰমান্বয়ে কমি অহা পৰিলক্ষিত হৈছে। যি কি নহওক আগৰ দিনত অসমীয়া সমাজত কাজী তিৰোতাৰ সমাদৰ অধিক আছিল। বিহুৱা ডেকাই সময়মতে গাভৰু চেনেহীৰপৰা বিহুৱান নাপাই এনেদৰে বিহুনাম জুৰে—

আৰু বেলি বিহুতে হাঁচতি খুজিলোঁ
এইবেলি কাটিছা পাঁজি,

সেইখিনি হাঁচতি আমাকো নালাগে
ছোৱালী আনি ল’ম কাজী।

বোৱা-কটাত পাকৈত গাভৰু শিপিনীক মাক-দেউতাকে এঘৰলৈ উলিয়াই দিবলৈ টান পায়। ইফালে বিহুৱা ডেকাই কথাবোৰ
সহজে ল’ব নোখোজে। কাৰণ যৌৱন কাৰোলৈ ৰৈ নাথাকে। সেয়ে বিহুৱা ডেকাই বিহু মাৰি থাকোঁতে চেনেহীক সোঁৱৰায় এনেদৰে—

মাৰে নিদিয়ে বাপেৰে নিদিয়ে
বোৱা-কটা গুণলৈ চাই,

তুমি প্রাণেশ্বৰী চোৱা ভাবি গুনি
যৌৱন কাল ভটিয়াই যায়।

ইফালে বোৱা-কটা নজনা গাভৰুৱে সমাজৰপৰা, বিহুৱা ডেকাৰ পৰা ঠাট্টা-মস্কৰা শুনিবলগীয়া হয়। বোৱা-কটা কৰিব নজনা গাভৰুৱে ঘৰত অকলশৰে থাকি থাকি আমনি লগাত ওচৰতে তাঁত বৈ থকা শিপিনী গাভৰুগৰাকীৰ লগত কথাৰ মহলা দি থকা দেখি বিহুৱা ডেকাই বিহুনামৰ মাজেৰে এনেদৰে গায়-

ববও নাজানে কাটিবও নাজানে
লোকৰ শালে শালে ফুৰে,

ৰান্ধিব নাজানে বাঢ়িব নাজানে
খৰি মুঠা মুঠা পুৰে ।

বিহুৱা ডেকাৰ মুখৰপৰা নিগৰি অহা বিহুগীতটি শুনি গাভৰুৱে বেজাৰ মনেৰে পিছফালৰ বাৰান্দাত বহি এনেদৰে মনৰ দুখ পাতল কৰে—

ল’বৰ মনে গ’লে চিটিকি চেলেং ঐ
তাঁতৰে নহ’লোঁ কাজী,

খাবৰ মনে গ’লে বগী হাঁহ এজনী
ভাগ্যত নাহিলো সাধি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!