অনাথবাবুৰ ভয়

লেখক- ৰঞ্জনা দত্ত

মূল: সত্যজিত ৰায়
অনুবাদ: ৰঞ্জনা দত্ত

অনাথবাবুৰ লগত মোৰ চিনাকি হৈছিল ট্ৰেইনৰ কুঠৰীত। মই কেইদিনমানৰ বাবে ৰঘূনাথপুৰলৈ গৈছিলোঁ। কলিকতাত বাতৰি কাকতৰ অফিচত চাকৰি কৰোঁ। যোৱা কেইমাহমান ধৰি কামৰ হেঁচাত উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। ইয়াৰোপৰি মোৰ লেখাৰ চখ, দুই এটা গল্পৰ প্লট মূৰৰ ভিতৰত অহা যোৱা কৰি আছিল। কিন্তু ইমান কামৰ মাজত নিজৰ লেখাৰ বাবে কি সময় ওলায়? সেইবাবে সাত পাঁচ একো চিন্তা নকৰাকৈ দহদিনৰ পাবলগীয়া ছুটি আৰু কেইদিস্তামান কাগজ লৈ ওলাই আহিলোঁ।
ইমানবোৰ ঠাই থাকোঁতে ৰঘূনাথপুৰলৈ কিয় আহিলোঁ, তাৰো অৱশ্যে এটা কাৰণ আছে। তাত বিনা খৰচত থকা খোৱাৰ এটা ভাল ব্যৱস্থা এটা ওলাইছে। মোৰ কলেজৰ সহপাঠী বীৰেন বিশ্বাসৰ ৰঘূনাথপুৰত পৈতৃক ঘৰবাৰী আছে। কফি হাউচত বহি ছুটীত ক’লৈ যাম আলোচনা কৰি থাকোঁতে বীৰেনে খুব আনন্দ মনেৰে তাৰ ঘৰটোত থাকিবলৈ অফাৰ দি ক’লে-
:ময়ো গ’লোঁহেঁতেন, কিন্তু বুজিছই নহয় মোৰ এইফালে কিমান লেঠা। কিন্তু মই নগলেও তোৰ একো অসুবিধা নহয়। ঘৰত আমাৰ পঞ্চাশ বছৰ পুৰণি কামকৰা লোক ভৰদ্বাজ আছে। তেঁৱেই তোৰ খা খবৰ ৰাখিব। তই যা।
কুঠৰীটোত যাত্ৰী আছিল বহুত। মই বহা বেঞ্চখনত মোৰ কাষতেই বহিছিল অনাথবন্ধু মিত্ৰ। চুটি-চাপৰ মানুহটো, আনুমানিক পঞ্চাশ বছৰমান হ’ব। মাজত সেওঁতাফলা কেঁচা পকা মিহলি চুলি, চকুৰ চাৱনি তীক্ষ্ণ আৰু ওঁঠৰ কোণত এনেকুৱা এটা ভাৱ যেন মনৰ ভিতৰৰ কোনোবা এটা কোণত কিবা এক মজাৰ চিন্তা ঘূৰিপকি খাইছে। মানুহজনৰ কাপোৰ-কানিৰ ক্ষেত্ৰতো কিবা এটা বিশেষত্ব লক্ষ্য কৰিলোঁ। মানুহজনক হঠাতে দেখিলে ভাৱ হয় যেন পঞ্চাশ বছৰৰ আগৰ কোনোবা এটা নাটকৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে সাজ-পাৰ কৰি তৈয়াৰ হৈ আছে। সেইধৰণৰ কোট, সেই ধৰণৰ চাৰ্টৰ কলাৰ, সেই ধৰণৰ চশমা আৰু বিশেষকৈ সেই সময়ত পিন্ধা বুট জোতা- এইবোৰ আজিকালিৰ দিনত কোনেও নিপিন্ধে।
অনাথবাবুৰ সতে কথা-বতৰা পাতি গম পালোঁ যে তেৱোঁ ৰঘূনাথপুৰলৈ যাব। কাৰণটো সোধাৰ লগে লগে যেন কিবা অন্যমনস্ক হৈ পৰিল। এনেকুৱাও হ’ব পাৰে যে ট্ৰেইনৰ শব্দৰ বাবে তেওঁ মোৰ প্ৰশ্নটো শুনা নাপালে।
বীৰেনৰ পৈতৃক ঘৰটো দেখি মনটো আনন্দত ভৰি উঠিল। সুন্দৰ ঘৰ। সমুখত বেচ আহল-বহল মুকলি ঠাই- তাত ফুলনি আৰু শাক পাচলিৰ খেতি দুয়োটাই কৰিছে। ওচৰে পাজৰে অন্য কোনো ঘৰো নাই বাবে ওচৰ চুবুৰীয়াৰ উৎপাতৰ পৰাও ৰক্ষা পাম।
ভৰদ্বাজৰ আপত্তি সত্ত্বেও মই ছাদৰ ওপৰত থকা কোঠালিটোত থাকিম বুলি ঠিক কৰিলোঁ। তাত পোহৰ, বতাহ আৰু নিৰ্জনতা তিনিওটা উপাদানেই অপৰ্যাপ্ত পৰিমাণে পোৱা যাব। কোঠাটো দখল কৰি বস্তু বাহনি সামৰিব লওঁতেই দেখিলোঁ যে মই দাঢ়ি খুৰুৱা ব্লেড আনিবলৈ পাহৰিলোঁ। ভৰদ্বাজে কথাটো শুনি ক’লে-
:সেইটোনো কি কথা বাবা। সৌখিনিতে কুণ্ডুবাবুৰ দোকানখন আছে, পাঁচ মিনিটৰ বাট। তালৈ গ’লেই বিলেড পাব।
আবেলি চাৰিটামান বজাত চাহ-তাহ খাই কুণ্ডুবাবুৰ দোকানলৈ ওলাই গ’লোঁ। দেখিলোঁ সেইখন এখন ভাল আড্ডাস্থলী। দোকানৰ ভিতৰৰ দুখন বেঞ্চত প্ৰায় পাঁচ সাতজনমান ভদ্ৰলোকে বেচ আড্ডা জমাইছে। তেওঁলোকৰ মাজৰ এজনে বেচ উত্তেজিতভাৱে কৈছে-
:আৰে বাপু এইবোৰতো কেৱল শুনা কথা নহয়! এইটো মোৰ নিজ চকুৰে দেখা কথা। আৰু ত্ৰিছ বছৰ হৈ গ’ল বুলিয়েই কি সকলো কথা মোৰ মনৰ পৰা মচ খাই যাব? এইবোৰ স্মৃতি সহজে পাহৰিব পৰা কথা নহয়, তাকো হলধৰ দত্ত আছিল মোৰ অন্তৰঙ্গ বন্ধু। তেওঁৰ মৃত্যুৰ বাবে যে ময়ো কিঞ্চিত পৰিমাণে দায়ী সেই বিশ্বাসটো আজিও মোৰ মনৰ পৰা যোৱা নাই।
মই এক পেকেট চেভেন ও ক্লক কিনি আৰু দুটামান অলাগতীয়াল বস্তু বিচাৰিবলৈ ধৰিলোঁ। মানুহজনে কৈ গৈছে-
:ভাবি চাওকচোন। মোৰেই বন্ধু আৰু মোৰ সতেই মাত্ৰ দহ টকাৰ বাজী ৰাখি ঘৰটোৰ সেই উত্তৰ পশ্চিম দিশৰ কোঠাটোত ৰাতি কটাবলৈ গ’ল। পিছদিনা ওলাই নাহেহে নাহে। শেষত মই, জিতেন বক্সি, হৰিচৰণ সা আৰু তিনিজনমান, নামবোৰ এতিয়া মনত নাই- হলধৰক বিচাৰি হালদাৰ বাড়ীলৈ গ’লোঁ। দেখিলোঁ মানুহজনে কোঠাৰ মজিয়াত হাত ভৰি মেলি মৰি কাঠ হৈ পৰি আছে, তেওঁৰ মেল খাই থকা চকুৰ দৃষ্টি চিলিঙৰ কাঠৰ ফালে। সেই দৃষ্টিত ভয়ৰ যি নমুনা দেখিলোঁ সেইটো ভূতৰ বাহিৰে আৰু কি হ’ব পাৰে ভাৱকচোন? গাত কোনো আঘাতৰ চিন নাই, বাঘৰ আঁচোৰ নাই, সাঁপৰ খোটৰ চিন নাই, একো নাই। আপোনালোকে এতিয়া কি কয় কওকচোন।
আৰু পাঁচ মিনিটমান দোকানখনত থাকি আলোচনাৰ বিষয়টোৰ সম্পৰ্কে মোটামুটি ধাৰণা এটা হ’ল। বিষয়টো এনেধৰণৰ-ৰঘূনাথপুৰৰ দক্ষিণ প্ৰান্তত হালদাৰবাড়ি নামৰ এটা প্ৰায় দুশ বছৰ পুৰণি ভগ্নপ্ৰায় জমিদাৰী প্ৰসাদ আছে। সেই প্ৰসাদত বিশেষকৈ তাৰ ওপৰ তলাৰ উত্তৰ পশ্চিম কোণৰ এটা কোঠাত হেনো বহুতদিন পুৰণি এটা ভূতৰ আহ-যাহ আছে। অৱশ্যে সেই ত্ৰিছ বছৰ আগতে ভৱতোষ মজুমদাৰৰ বন্ধু হলধৰ দত্তৰ মৃত্যুৰ পিছত আজিলৈকে হেনো সেইটো ঘৰত কোনেও ৰাতি কটোৱা নাই। কিন্তু তথাপিও ৰঘূনাথপুৰৰ বাসিন্দাসকলে ভূতৰ অস্তিত্ব মনেপ্ৰাণে বিশ্বাস কৰি বেছ ৰোমাঞ্চ অনুভৱ কৰে। বিশ্বাস কৰাৰ কাৰণো আছে যথেষ্ট। এটা হৈছে হলধৰ দত্তৰ ৰহস্যজনক মৃত্যু, তদুপৰি এনেয়েও হালদাৰ বংশৰ ইতিহাসত হেনো হত্যা, আত্মহত্যা ইত্যাদিৰ বহুত ঘটনা আছে।
হালদাৰবাড়িৰ বিষয়ে মনত বেছ কৌতূহল লৈ বাহিৰলৈ ওলাই আহি দেখিলোঁ মোৰ ট্ৰেইনৰ চিনাকি অনাথবন্ধু মিত্ৰ মহোদয় হাঁহিমুখেৰে ঠিয় হৈ আছে। মোক দেখি সুধিলে-
:তেওঁলোকৰ কথা বতৰা শুনিছিল?
:কি? ভূত?
:অ?
:কথাটো কি জানে- ভূতৰ ঘৰৰ কথাটো বহুত শুনিলোঁ, কিন্তু সেইবোৰ ঘৰত থাকি নিজ চকুৰে ভূত দেখিছে তেনেকুৱা মানুহতো আজিলৈকে এজনো লগ নাপালোঁ। সেইবাবে ঠিক-।
অনাথবাবুৱে হাঁহি এটা মাৰি সুধিলে –
:এবাৰ চাই আহিবগৈ নেকি?
:কি?
:ঘৰটো-।
:চাই আহিম মানে-।
:বাহিৰৰ পৰা আৰু কি! বেছিদূৰতো নহয়। খুব বেছি এক ডেৰ কিলোমিটাৰমান। এই ৰাস্তাটোৰে চিধাচিধি গৈ জোড়াশিৱৰ মন্দিৰটো পাৰ হৈ সোঁহাতৰ ৰাস্তাটোৰে ঘূৰি অকণমান বাট।
মানুহজন বেছ ইণ্টাৰেষ্টিঙ লাগিছিল। ইয়াৰোপৰি ইমান সোনকালে ঘৰলৈ গৈ কিনো কৰিম। সেইবাবে তেওঁৰ লগত আগবাঢ়িলোঁ।
হালদাৰবাড়ি দূৰৰ পৰা দেখা পোৱা নাযায়, কাৰণ ঘৰটোৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছৰ হাবি। ঘৰটোৰ গেটৰ ওপৰছোৱা দহ মিনিটমান আগৰ পৰাই চকুত পৰিল। প্ৰকাণ্ড গেট, তাৰ সমুখতেই ভগ্নপ্ৰায় নহবতখানা। মূল গেটখনৰ ভিতৰেদি কিছুদূৰ আগুৱাই গৈ মূল প্ৰসাদটো। দুই তিনিটা মূৰ্তি আৰু ফোৱাৰাৰ ভগ্নাৱশেষ দেখি বুজিলোঁ যে মূল প্ৰৱেশদ্বাৰ আৰু ঘৰটোৰ মাজৰ এই অংশটো আগতে বাগিছা আছিল। ঘৰটো অদ্ভুত। কোনোফালেই কাৰুকাৰ্য্যৰ কোনো চিন নাই। নিস্প্ৰাণ অদ্ভুত চাৰিকোণীয়া কিবা এটা যেন লাগিল। তাৰ শেলুৱৈৰে আৱৰা দেৱালবোৰত বিয়লিৰ কোমল ৰ’দটো আহি পৰিছেহি।
কেইমিনিটমান চাই থকাৰ পিছত অনাথবাবুৱে ক’লে-
:মই যিমানদূৰ জানো, ৰ’দ থাকিলে ভূত নোলায়।
তাৰপিছত মোৰফালে চাই চকু টিপিয়াই ক’লে-
:এবাৰ ফটকৈ কোঠাটো চাই আহিব পৰা নেযাবনে?
:সেই উত্তৰ পশ্চিম দিশৰ কোঠাতো? যিটো কোঠাত-।
:অ’। যিটো কোঠাত হলধৰ দত্তৰ মৃত্যু হৈছিল।”
মানুহজনে দেখিছোঁ এইটো বিষয় লৈ অলপ বেছিকৈ আগ্ৰহ দেখুৱাইছে!
অনাথবাবুৱে বোধহয় মোৰ মনৰ ভাৱটো অনুমান কৰিব পাৰিয়েই ক’লে-
:খুব আচৰিত লাগিছে নহয়? আচলতে কি জানে? আপোনাক ক’বলৈ একো সংকোচ নাই- মোৰ ৰঘূনাথপুৰলৈ অহাৰ একমাত্ৰ কাৰণ হৈছে এই ঘৰটো।
:মানে?
:হয়। এইটো যে ভূতৰ ঘৰ মই কলিকতাত থাকোঁতেই সেই খবৰটো পাই ভূতটোক চাম বুলি ইয়ালৈ আহিছোঁ। আপুনি সিদিনা মোক ট্ৰেইনত মই ইয়ালৈ অহাৰ কাৰণটো সুধিছিল। মই উত্তৰতো নিদি অভদ্ৰামি কৰিলোঁ হয়, কিন্তু মনে মনে ঠিক কৰিছিলোঁ যে উপযুক্ত সময় আহিলে- অৰ্থাৎ আপুনি কেনেকুৱা ধৰণৰ মানুহ সেইটো আৰু অলপমান জানি লৈ আচল কাৰণটো নিজেই কম।
:কিন্তু সেইবুলি ভূত খেদি খেদি একেবাৰে কলিকতা এৰি-।
:কৈছোঁ কৈছোঁ। ব্যস্ত নহ’ব। মোৰ কামটোৰ বিষয়েইতো আপোনাক এতিয়ালৈকে কোৱা হোৱা নাই। আচলতে মই ভূত সম্বন্ধীয় এজন বিশেষজ্ঞ। আজি পঁচিশ বছৰ ধৰি এই বিষয়ে বহুত ৰিচাৰ্ছ কৰিছোঁ। অকল ভূত নহয়- ভূত, প্ৰেত, পিশাচ, ডাইনী, যোগিনী, ভেম্পায়াৰ, ৱাৰউল্ফ, ভুডুইজম ইত্যাদি যিমান যি আছে সেইবোৰ বিষয়ে কিতাপত যি লিখা আছে সকলো পঢ়ি শেষ কৰিছোঁ। এইবোৰ কিতাপ পঢ়িবৰ বাবে সাতটা ভাষা শিকিব লগা হৈছে। পৰলোকতত্ত্বৰ বিষয়ে লণ্ডনৰ প্ৰফেচৰ নৰ্টনৰ সতে যোৱা তিনিবছৰ ধৰি চিঠিৰে যোগাযোগ কৰিছোঁ। মই লেখা প্ৰবন্ধ বিলাতৰ সকলো নামকৰা কাকতত প্ৰকাশ পাইছে। আপোনাৰ ওচৰত বেচি কৈ কি লাভ, তথাপি এইখিনি ক’ব পাৰোঁ যে আমাৰ দেশত এই বিষয়ত মোতকৈ বেচি জ্ঞানী মানুহ বোধহয় আৰু নাই।
মানুহজনৰ কথা শুনি তেওঁ যে মিছা কথা কৈছে বা কথা বঢ়াই কৈছে সেইটো মোৰ এবাৰো ভাৱ নহ’ল। বৰং তেওঁৰ প্ৰতি খুব সহজেই এটা শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ জাগি উঠিল।
অনাথবাবুৱে কিছুসময় মনে মনে থাকি ক’লে-
:ভাৰতবৰ্ষৰ অন্ততঃ তিনিশটা ভূতৰ ঘৰত মই ৰাতি কটাইছোঁ।
:কি কয়হে আপুনি?
:অ’ সঁচাই। আৰু সেইবোৰ কি ধৰণৰ ঠাইত জানে? এই ধৰক- জব্বলপুৰ, কাৰ্চিয়াং, চেৰাপুঞ্জী, কাঁথি, কাটোৱা, যোধপুৰ, আজিমগঞ্জ, হাজাৰিবাগ, সিউড়ি, বাৰাসাত আৰু কিমান লাগে? ছাপন্নটা ডাকবাংলো আৰু অতি কমেও ত্ৰিছটা পুৰণি ব্ৰিটিছ চাহাবৰ নীলকুঠীত মই ৰাতি কটাইছোঁ। ইয়াৰোপৰি কলিকতা আৰু তাৰ ওচৰে পাজৰে থকা অন্ততঃ পঞ্চাশটা ঘৰতো আছেই। কিন্তু-।
অনাথবাবু হঠাত ৰৈ গ’ল। তাৰপিছত লাহে লাহে মূৰটো জোকাৰি ক’লে-
:ভূতে মোক ফাঁকি দিছে। হয়তো ভূতক যিয়ে নিবিচাৰে, ভূত তেওঁৰ কাষলৈকে আহে। মই বাৰে বাৰে হতাশ হ’ব লগা হৈছো। মাদ্ৰাজৰ ত্ৰিচীনপল্লীত ডেৰশ বছৰৰ পুৰণা এটা চাহেবী আমোলৰ পৰিত্যক্ত ক্লাব ঘৰত ভূত এবাৰ কাষলৈ আহিছিল। কেনেকৈ জানে? আন্ধাৰ কোঠা, বতাহ অকণমানো নাই, যিমান বাৰেই মমদাল জ্বলাবলৈ দিয়াচলাই কাঠিটো জ্বলাবলৈ লৈছোঁ সিমানবাৰেই কোনোবাই যেন ফু মাৰি নুমুৱাই দিছে। শেষত তেৰটা কাঠি নষ্ট কৰাৰ পিছত মমডাল জ্বলিল, আৰু সেই পোহৰৰ লগে লগেই ভূতৰ উৎপাত সেই যে গ’ল আৰু নাহিল। এবাৰ কলিকতাৰ ঝামাপুকুৰৰ এটা ভূতৰ ঘৰতো খুব ইণ্টাৰেষ্টিঙ অভিজ্ঞতা এটা হৈছিল। মোৰ মূৰত তো এতিয়া ইমান চুলি দেখিছে। অথচ, সেই ঘৰটোৰ এটা আন্ধাৰ কোঠাত ভূতৰ অপেক্ষাত বহি থাকোঁতে প্ৰায় মাজৰাতি মোৰ ব্ৰহ্মতালুত হঠাতে এটা মহৰ কামোৰ খালোঁ। কি কথা? আন্ধাৰত মূৰত হাত দি চাওঁ যে মূৰত এডালো চুলি নাই। গোটেই মূৰটো নিমজকৈ তপা! এইটো কি মোৰেই মূৰ নে আন কাৰোবাৰ মূৰত হাত দি নিজৰ বুলি ভাৱিছো? কিন্তু মহৰ কামোৰটোতো ময়েই খাইছোঁ! টৰ্চটো জ্বলাই আইনাত চাওঁ যে মসৃণ তপা মূৰটোৰ চিনচাব নাই। মোৰ মূৰত নিজৰ যি চুলি সেই চুলিয়েই আছে। বাচ্, এই দুটা অভিজ্ঞতা বাদ দি ইমান চেষ্টা কৰাৰ পিছতো আৰু কোনো ভূতৰ অভিজ্ঞতা মোৰ এতিয়ালৈকে হোৱা নাই। সেইবাবে ভূত দেখা পোৱাৰ আশা প্ৰায় এৰিয়েই দিছিলোঁ, সেই সময়তে এখন পুৰণি বন্ধোৱা ‘প্ৰবাসী’ত ৰঘূনাথপুৰৰ এই ঘৰটোৰ কথাৰ উল্লেখ পালোঁ। সেইবাবে ঠিক কৰিলোঁ যে এবাৰ শেষ চেষ্টা এটা দি আহিম।
অনাথবাবুৰ কথা শুনি শুনি কেতিয়া যে আহি ঘৰটোৰ মূল দৰজাখনৰ ওচৰ পাইছিলোঁহি মনেই কৰা নাছিলোঁ। মানুহজনে তেওঁৰ পকেট ঘড়ীটো চাই ক’লে-
:আজি পাঁচটা একত্ৰিছত সূৰ্যাস্ত হ’ব। এতিয়া পাঁচটা বাজি পোন্ধৰ মিনিট। বলক পোহৰ থাকোঁতেই এবাৰ কোঠাটো চাই আহোঁগৈ।
ভূতৰ নিচাটো বোধহয় সংক্ৰামক, কাৰণ মই অনাথবাবুৰ প্ৰস্তাৱত কোনো আপত্তি নকৰিলোঁ। বৰং ঘৰটোৰ ভিতৰখন বিশেষকৈ ওপৰ মহলাৰ সেই কোঠাটো চাবৰ বাবে এটা বিশেষ আগ্ৰহ অনুভৱ কৰিলোঁ।
মূল দৰজাখনেৰে ভিতৰলৈ সোমাই দেখিলোঁ এটা ডাঙৰ হলঘৰ আৰু নাট্যমন্দিৰ। এশ ডেৰশ বছৰৰ আগৰ পৰা কিমান কত উৎসৱ, কিমান অনুষ্ঠান, কত পূজা-পাৰ্বণ, যাত্ৰা, কথা-বতৰা আদি ইয়াত হৈছে তাৰ কোনো চিন এতিয়া ইয়াত নাই!
এই হলঘৰৰ তিনিওফালে বাৰাণ্ডা। মোৰ সোঁফালৰ বাৰাণ্ডাখনৰ যিটো অংশ চকুত পৰিছে তাত দেখিলোঁ এখন ভঙা পাল্কি পৰি আছে, আৰু পাল্কিখন পাৰ হৈ দহ হাত মান আগুৱাই গ’লেই ওপৰ তলালৈ যোৱা চিৰি।
চিৰিকেইটা ইমানেই আন্ধাৰ যে উঠিবৰ সময়ত অনাথবাবুৱে তেওঁৰ কোটৰ পকেটৰ পৰা এটা টৰ্চ উলিয়াই জ্বলাই লবলগীয়া হ’ল। প্ৰায় অদৃশ্য মকৰা জালৰ ব্যুহ ভেদ কৰি কোনোমতে গৈ ওপৰতলা পালোঁগৈ। মনে মনে ভাৱিলোঁ এইটো ঘৰত ভূত থকা অস্বাভাৱিক নহয়।
ওপৰতলাৰ বাৰাণ্ডাত থিয় হৈ হিচাপ কৰি দেখিলোঁ বাওঁফালে চিধা গ’লে যিটো কোঠা পাম, সেইটোৱেই হ’ল উত্তৰ পশ্চিমৰ কোঠাটো। অনাথবাবুৱে ক’লে-
:সময় নষ্ট কৰি লাভ নাই। বলক আগবাঢ়ো।
এটা কথা এইখিনিতে কৈ থওঁ- বাৰাণ্ডাখনত কেৱল এটাই বস্তু আছিল- সেইটো এটা দেৱাল ঘড়ী। যিটোক কব পাৰি গ্ৰেণ্ডফাডাৰ ক্লক। কিন্তু তাৰ অৱস্থা একেবাৰেই শোচনীয়- ওপৰৰ কাঁচখন নাই, ডাঙৰ কাঁটাডালো অন্তৰ্ধান, পেণ্ডুলামটো ভাঙি কাতি হৈ পৰি আছে।
উত্তৰ পশ্চিমৰ কোঠাটোৰ দৰজাখন জপাই থোৱা আছিল। অনাথবাবুৱে যেতিয়া তেওঁৰ হাতৰ তৰ্জনী আঙুলিটোৰে দৰজাখন সাৱধানে খুলি দিছিল তেতিয়া বিনা কাৰণতে মোৰ গাটো চমচমাবলৈ ধৰিছিল।
কিন্তু কোঠাটোৰ ভিতৰলৈ সোমাই অস্বাভাৱিক একো চকুত নপৰিল। দেখি ভাৱ হ’ল এসময়ত এইটো বহাঘৰ আছিল। কোঠাটোৰ মাজভাগত এখন ডাঙৰ টেবুল, তাৰ কেৱল খুটা চাৰিটাহে আছে, ওপৰৰ কাঠখন নাই। টেবুলখনৰ কাষৰ খিৰিকিখনৰ ফালে এখন আৰামী চকী। অৱশ্যে সেইখন এতিয়া আৰামদায়ক হ’বনে নাই সন্দেহ, কাৰণ তাৰ এফালৰ হাতল ডাল আৰু বহা অংশৰ বেতৰ জালিৰ অকণমান ঠাই নাইকিয়া হৈ গৈছে।
ওপৰৰ ফালে চাই দেখিলোঁ ছাতৰ পৰা এখন হাতেৰে টনা ফেনৰ ভগ্নাংশ। মানে তাৰ ৰছীডাল নাই, কাঠৰ ডাণ্ডাডাল ভঙা আৰু কাৰুকাৰ্য্যময় কাপোৰখনৰ আধাতকৈ বেছি ফটা।
ইয়াৰ উপৰিও কোঠাটোত আছে এটা খাঁজকটা বন্দুক ৰখাৰ খলপ, এটা নলীবিহীন হোকা, আৰু দুখন হেণ্ডেল ভঙা সাধাৰণ চকী।
অনাথবাবুৱে একেথৰে স্তব্ধ হৈ চাই ৰ’ল। ভাৱ হ’ল খুব মনোযোগেৰে কিবা এটা অনুভৱ কৰিবলৈ চেষ্টা কৰিছে প্ৰায় তিনি মিনিটমানৰ মূৰত তেওঁ ক’লে-
:গোন্ধ এটা পাইছেনে?
:কি গোন্ধ?
:মাদ্ৰাজী ধুপ, মাছৰ তেল আৰু মানুহ পোৰাৰ দৰে গোন্ধ মিহলি হৈ থকা এটা গোন্ধ?
মই দুবাৰমান দীঘল দীঘলকৈ উশাহ ল’লোঁ। বহুতদিন বন্ধ হৈ থকা কোঠা এটা খুলিলে যেনেকুৱা বন্ধ সেমেকা ভেঁকুৰা গোন্ধ এটা ওলাই সেই গোন্ধৰ বাহিৰে আন একো গোন্ধ নাপালোঁ। সেইবাবে ক’লোঁ-
:ক’তা, একো ধৰিব পৰা নাই দেখোন।
অনাথবাবুৱে আৰু কিছু সময় মনে মনে থাকি হঠাত বাওঁ হাতৰ তলুৱাত সোঁ হাতেৰে ঘোচা এটা মাৰি ক’লে-
:বহুত আচ্ছা! এই গোন্ধটো মোৰ চিনাকি। এই ঘৰটোত ভূত থকাটো অৱশ্যম্ভাৱী। কিন্তু বাবাজীয়ে দেখা দিবনে নাই সেইটো কালি ৰাতিৰ আগতে গম পোৱা নেযাব। বলক যাওঁ।
অনাথবাবুৱে ঠিক কৰি পেলালে যে পিছদিনাই তেওঁ এই ঘৰটোত ৰাতি কটাবলৈ আহিব। ঘূৰি যোৱাৰ বাটত তেওঁ ক’লে-
:আজি নেথাকিলোঁ কাৰণ কাইলৈ অমাৱস্যা- ভূতৰ বাবে সকলোতকৈ ভাল তিথি। ইয়াৰোপৰি দুই এটা বস্তু লগত ৰখা দৰকাৰ। সেইবোৰ ঘৰতে থাকি আহিল, কাইলৈ লৈ আনিম। আজি চাৰ্ভে এটা কৰি গ’লোঁ আৰু।
মানুহজনে মোক ঘৰলৈকে আগুৱাই দি বিদায় লবৰ পৰত মাতটো কিছু সৰু কৰি ক’লে-
:মোৰ এই প্লেনটোৰ কথা আন কাকো নকয় যেন। এওঁলোকৰ কথা-বতৰাতো আজি শুনিলোঁৱেই- যি ভয় আৰু যি প্ৰেজুডিচ এওঁলোকৰ, গম পালে হয়তো বাধা-চাধা দি মোৰ প্লেনটোৱেই নষ্ট কৰি দিব। চাওক, আৰু এটা কথা, আপোনাক মোৰ লগত লগ নধৰিলোঁ বাবে একো বেয়া নাপাব। এইবোৰ কামত অকলে নাথাকিলে কামটো ভালদৰে নহয়।
পিছদিনা, দুপৰীয়া কাগজ কলম লৈ লিখিবলৈ বহিলেও লেখা খুব বেছি আগুৱাব নোৱাৰিলোঁ। মনটো হালদাৰবাড়িৰ উত্তৰ পশ্চিম কোণৰ ঘৰটোৱে অধিকাৰ কৰি থৈছে। ইয়াৰোপৰি আজি ৰাতি অনাথবাবুৰ কি অভিজ্ঞতা হ’ব সেইটোলৈ মনত এটা অশান্তি আৰু উদ্বেগে দেখা দিছে।
গধূলি অনাথবাবুক হালদাৰবাড়িৰ গেটৰ সমুখলৈকে আগুৱাই দিলোঁ। মানুহজনৰ গাত আজি এটা ক’লা ডিঙিবন্ধ কোট, কান্ধত পানীৰ ফ্লাস্ক আৰু হাতত সেই কালিৰ তিনি বেটাৰিৰ টৰ্চটো। গেটৰ ভিতৰলৈ সোমোৱাৰ আগে আগে কোটৰ দুই পকেটত হাত দুখন ভৰাই দুটা বটল উলিয়াই মোক ক’লে-
:এয়া চাওক- ইয়াত আছে মই নিজৰ ফৰমুলাত তৈয়াৰ কৰা এটা তেল। শৰীৰৰ ওলাই থকা অংশত এই তেলটো সানি ল’লে মহে আৰু কামুৰিব নোৱাৰে। আৰু এই দ্বিতীয় বটলটো হ’ল কাৰবলিক এচিড, কোঠাটোৰ চাৰিওফালে ছটিয়াই দিলে সাপৰ উৎপাতৰ পৰা নিশ্চিন্ত।
এইবুলি কৈ বটল দুটা কোটৰ পকেটত ভৰাই মোক নমস্কাৰ এটা কৰি মানুহজনে বুতজোতাৰে খটখটাই হালদাৰবাড়িৰ ফালে গুছি গ’ল।
ৰাতি মোৰ ভাল টোপনি নাহিল।
ৰাতিপুৱা ভালদৰে হ’বলৈ নেপাওঁতেই ভৰদ্বাজক মোৰ ফ্লাস্কটোত দুজনৰ বাবে চাহ ভৰাই দিবলৈ ক’লোঁ। চাহ দিয়াৰ পিছত ফ্লাস্কটো লৈ হালদাৰবাড়িৰ ফালে ওলাই গ’লোঁ।
হালদাৰবাড়িৰ গেটৰ ওচৰ পাই দেখিলোঁ চাৰিওফালে নিস্তব্ধ। অনাথবাবুৰ নাম ধৰি মাতিম নে চিধা ওপৰ তলালৈকে যাওঁ ভাৱি থাকোঁতেই হঠাতে শুনিলোঁ-
:আৰে মহাশয়, এইফালে।
এইবাৰ অনাথবাবুক দেখিলোঁ- প্ৰসাদটোৰ পূৱফালৰ জঙ্ঘলৰ মাজৰ পৰা ওলাই মোৰ ফালে খোজকাঢ়ি আহি আছে। তেওঁক দেখি অকণো ভাৱ নহ’ল যে ৰাতি তেওঁৰ কিবা ভয়াবহ বা অস্বাভাৱিক অভিজ্ঞতা হৈছে।
মোক দেখি হাঁহি হাঁহি নিমৰ ডাল এটা দেখুৱাই ক’লে-
:নকব আৰু বুইছেনে! আধাঘণ্টা ধৰি এই নিমডালৰ সন্ধানত জঙ্ঘলত ঘূৰিছোঁ। মোৰ আকৌ এইডালৰ অভ্যাস নহয়!
ফটককৈ চিধাই ৰাতিৰ কথাটো সুধিবলৈ কিবা এটা অসুবিধা লাগিল। ক’লোঁ-
:চাহ আনিছোঁ। ইয়াতেই খাবনে ঘৰলৈ যাব?
:বলক না, সৌ ফোঁৱাৰাটোৰ কাষতে বহি খাওঁগৈ।
গৰম চাহত চুমুক দি এটা তৃপ্তিৰে ‘আঃ’ বুলি শব্দ এটা কৰি মোৰ ফালে চাই মিচিকিয়াই হাঁহি ক’লে-
:খুব কৌতূহল হৈছে নহয়?
মই সেমেনা সেমেনিকৈ ক’লোঁ-:অ। মানে সেইটো অলপ-।
:বঢ়িয়া। তেন্তে কৈছোঁ শুনক। প্ৰথমতেই কৈ থৈছোঁ- এক্সপিডিছন হাইলি চাকচেচফুল। মোৰ ইয়ালৈ অহা সাৰ্থক হৈছে।
অনাথবাবুৱে এমগ চাহ শেষ কৰি দ্বিতীয় মগ চাহ ঢালি তেওঁৰ কথা আৰম্ভ কৰিলে-
:আপুনি যেতিয়া মোক আগবঢ়াই থৈ গ’লহি তেতিয়া আবেলি পাঁচটা। মই ঘৰটোৰ ভিতৰলৈ সোমোৱাৰ আগতে এই ওচৰ পাজৰৰ ঠাইবোৰ অলপ চাৰ্ভে কৰি ল’লোঁ। বহুত সময়ত ভূততকৈ জীৱিত মানুহ বা জন্তু জানোৱাৰৰ উপদ্ৰৱৰ আশঙ্কা বেচি থাকে। যি নহওক দেখিলোঁ ওচৰে-পাজৰে সন্দেহজনক একো নাই।
:ঘৰটোত সোমাই ওপৰ মহলাৰ কোঠাকেইটাৰ যি কেইটা কোঠা খোলা আছে সেইবোৰো এবাৰ চাই ল’লোঁ। বস্তুবাহনিবোৰতো ইমানদিন ধৰি এনেয়ে পৰি নেথাকে। এটা কোঠাত কিছু আবৰ্জনা আৰু আন এটা কোঠাৰ চিলিঙৰ কাঠবোৰত চাৰি পাঁচটামান ওলমি থকা বাদুলিৰ বাহিৰে একো চকুত নপৰিল। বাদুলিকেইটাই মোক দেখিও লৰচৰ নকৰিলে। ময়ো সিহঁতক একো ডিচটাৰ্ব নকৰিলোঁ।
চাৰে ছটামান বজাত সেই আচল কোঠাটোত সোমাই ৰাতি থাকিবৰ বাবে আয়োজন আৰম্ভ কৰাত লাগিলোঁ। এডাল ঝাড়ু লগত লৈ আনিছিলোঁ, সেইডালেৰে প্ৰথমে আৰামী চকীখন সাৰি মচি চাফা কৰিলোঁ। কিমান দিনৰ ধূলি জমা হৈ আছিল কোনে জানে?
কোঠাটোৰ ভিতৰত এটা গুপ গুপীয়া ভাৱ আছিল, সেইবাবে খিৰিকিখন খুলি দিলোঁ। ভূত বাবাজী যদি সশৰীৰে আহে তাৰবাবে বাৰাণ্ডাৰ দৰজাখনো খুলি থ’লোঁ। তাৰপিছত ফ্লাস্ক আৰু টৰ্চটো মাটিত থৈ সেই বেত এৰোৱা আৰামী চকীখনতেই শুই পৰিলোঁ। যথেষ্ট অসুবিধা হৈছিল, কিন্তু ইয়াতকৈও বেয়া অৱস্থাত বহুত ৰাতি কটাইছোঁ বাবে একো মাইণ্ড নকৰিলোঁ।
:আহিন মাহ। চাৰে পাঁচটা বজাতে সূৰ্য্য ডুবিছে। চাওঁতে চাওঁতে আন্ধাৰ বেচ ঘন হৈ পৰিল আৰু লগে লগে গোন্ধটোও বেচ স্পষ্ট হৈ পৰিল। মই এনেই খুবেই ঠাণ্ডা প্ৰকৃতিৰ মানুহ, সহজে খুব এটা একচাইটেড নহওঁ, কিন্তু কালি যেন ভিতৰে ভিতৰে খুব এটা উত্তেজনা অনুভৱ কৰিছিলোঁ।
:সময়টো ঠিক কব নোৱাৰিম, কিন্তু আন্দাজ নটা চাৰেনটা মান বজাত খিৰিকিখনেৰে জোনাকী পৰুৱা এটা সোমাই আহিছিল। বেছ কিছু সময় কোঠাটোৰ ভিতৰত ঘূৰিপকি আকৌ খিৰিকি খনেৰেই বাহিৰলৈ ওলাই গ’ল।
তাৰপিছত কেতিয়া যে শিয়াল, জিলিৰ মাত বন্ধ হৈ গ’ল আৰু কেতিয়া যে মই টোপনিত পৰিলোঁ সেইটো কব নোৱাৰো।
টোপনিটো ভাঙিল এটা শব্দত। ঘড়ীৰ শব্দ। ঢং ঢং কৈ বাৰটা বাজিল। মিঠা কিন্তু বেচ ডাঙৰ শব্দ। দেৱাল ঘড়ীৰ শব্দ আৰু শব্দটো আহিছে বাহিৰৰ বাৰাণ্ডাখনৰ পৰাই।
কেইটামান মুহূৰ্তৰ ভিতৰতে টোপনিটো ভাঙি একেবাৰে সজাগ হৈ আৰু দুটা বস্তু লক্ষ্য কৰিলোঁ। এক-মই আৰামী চকীখনত খুব আৰামকৈ শুই আছোঁ। চকীৰ ফটা ডোখৰটো নায়েই বৰং কোনোবাই মোৰ মূৰৰ তলত এটা গাৰু ভৰাই থৈ গৈছে। আৰু দুই- মোৰ মূৰৰ ওপৰত এখন সুন্দৰ কাৰুকাৰ্য্য কৰা কাপোৰৰ সতে এখন নতুন হাতে টনা চিলিঙ ফেন। তাৰপৰা এডাল নতুন ৰছি দেৱালৰ ফুটাৰে বাৰাণ্ডালৈ গৈছে আৰু কোনে জানো সেই ৰছীডাল টানি টানি পাংখাখন ঘূৰাই মোক সুন্দৰভাৱে বিচি আছে।
মই অবাক হৈ এইবোৰ চাইছোঁ আৰু উপভোগ কৰিছোঁ, এনেকুৱা সময়তে এই অমাৱস্যাৰ ৰাতি কেনেকৈ জানো কোঠাতো চন্দ্ৰৰ পোহৰেৰে আলোকিত হৈ উঠিল। তাৰপিছত নাকলৈ আহিল এটা ধুনীয়া গোন্ধ। কাষলৈ চাই দেখিলোঁ কোনে জানো এটা হোকা ৰাখি থৈ গৈছে আৰু তাৰপৰা ভুৰভুৰকৈ ওলাইছে একেবাৰে খাটি অম্বুৰী ধপাতৰ গোন্ধ।
অনাথবাবু অকণমান সময় ৰ’ল। তাৰপিছত মোৰ ফালে ঘূৰি চাই হাঁহি এটা মাৰি ক’লে-
:বেছ মনোৰম পৰিবেশ নহয়নে?
মই ক’লোঁ-:শুনি তো খুব ভাল লাগিছে। আপোনাৰ ৰাতিটো তেনেহলে মোটামুটি আৰামতেই কাটিলে?
মোৰ প্ৰশ্নটো শুনি অনাথবাবু হঠাতে গহীন হৈ পৰিল। কিছুসময় অপেক্ষা কৰি মই আৰু ধৈৰ্য্য ধৰি ৰাখিব নোৱাৰি তেওঁক ক’লোঁ-
:আপোনাৰ লগত তেতিয়াহ’লে কি কোনো ভয়ৰ ঘটনা নঘটিল নেকি? আপুনি ভূত নেদেখিলে?
অনাথবাবুৱে মোৰ ফালে চালে। এইবাৰ কিন্তু তেওঁৰ ওঁঠৰ কোণত থকা হাঁহিটো নাই। ভঙা মাতেৰে মানুহজনে প্ৰশ্ন কৰিলে-
:পৰহি যেতিয়া আপুনি কোঠাটোলৈ গৈছিল তেতিয়া চিলিঙৰ কাঠডালৰ ফালে ভালদৰে লক্ষ্য কৰিছিলনে?
মই ক’লোঁ-:খুব ভালদৰে চোৱা নাছিলোঁ বোধকৰো। কিয় সুধিলে কওকচোন?
:তাত এটা বিশেষ বস্তু আছে, সেইটো নেদেখিলে বাকী ঘটনাতো আপোনাক বুজাব নোৱাৰিম। বলক।
আন্ধাৰ চিৰিবোৰৰ ওপৰেদি উঠি যাওঁতে অনাথবাবুৱে কেৱল এটা কথাই ক’লে-
:মোৰ আৰু ভূতৰ পিছত দৌৰি ফুৰিব লগা নহ’ব সীতেশবাবু। কেতিয়াও নহ’ব। সেই চখ পুৰা হৈ গৈছে।
বাৰাণ্ডাখনেৰে যোৱাৰ সময়ত ঘড়ীটোৰ ফালে চাই দেখিলোঁ আগৰ দৰেই ভঙা অৱস্থা।
কোঠাটোৰ দৰজা মুখ পাই অনাথবাবুৱে ক’লে,
:বলক।
দৰজাখন জপাই থোৱা আছিল। মই হাতেৰে ঠেলি কোঠাটোৰ ভিতৰত সোমালোঁ। তাৰপিছত দুখোজ আগুৱাই গৈ মজিয়াখনলৈ চকু পৰোঁতেই মোৰ গোটেই শৰীৰত এটা বিস্ময় আৰু আতঙ্কৰ শিহৰণ বিয়পি পৰিল।
বুতজোতা পিন্ধি মজিয়াত সেয়া কোন পৰি আছে?
আৰু বাৰাণ্ডাৰ ফালৰ পৰা কাৰ অট্টহাস্য হালদাৰবাড়িৰ কোণে কোণে প্ৰতিধ্বনিত হৈ মোৰ তেজ পানী কৰি মোৰ জ্ঞান, বুদ্ধি, চিন্তা সকলো নাইকিয়া কৰি দিছে? তেন্তে কি-?
আৰু একো মনত নাই মোৰ।
যেতিয়া মোৰ জ্ঞান ঘূৰি আহিল দেখিলোঁ ভৰদ্বাজে মোৰ বিছনাৰ ভৰিৰ শিতানত ঠিয়হৈ আছে, আৰু ভবতোষ মজুমদাৰে হাতত বিচনি এখন লৈ মোক বিচি আছে। মই চকু মেলা দেখি ভবতোষবাবুৱে ক’লে-
:ভাগ্যে সিধুচৰণে আপোনাক ঘৰটোত সোমোৱা দেখিছিল নহ’লে আপোনাৰ যে কি দশা হ’লহেঁতেন নাজানো। তালৈ গৈছিল কি সাহসত?
মই ক’লোঁ-:অনাথবাবুৱে যে ৰাতি-।
ভবতোষবাবুৱে বাধা দি কৈ উঠিল-
:আৰু অনাথবাবু! কালি যে ইমানবোৰ কথা ক’লোঁ সেইবোৰ চাগৈ অকণো বিশ্বাস নকৰিলে মানুহজনে। ভাগ্যে আপুনিও সেইটো ঘৰত তেওঁৰ সতে ৰাতি কটাবলৈ নগ’ল। তেওঁৰ অৱস্থা দেখিলেতো? হলধৰৰ যি হৈছিল এওঁৰ অৱস্থাও সেই একেই। মৰি একেবাৰে কাঠ, আৰু চকুৰ চাৱনি সেই একে ধৰণৰ। সেই দৃষ্টি, দৃষ্টি সেই চিলিঙৰ কাঠডালৰ ফালে-।
মই মনে মনে ভাৱিলোঁ, নাই মৰি কাঠ হোৱা নাই। অনাথবাবু মৰি কি হৈছে সেইটো মই জানো। কালিও ৰাতিপুৱা গ’লে তেওঁক দেখা পাম- গাত ক’লা কোট, ভৰিত বুট জোতা- হালদাৰবাড়িৰ পূব দিশৰ জঙ্ঘলৰ পৰা হাতত নিমৰ ঠাৰি লৈ হাঁহি হাঁহি ওলাই আহিছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!