আৰি মাছৰ তেল চুৰুহা
লেখক- মফিদা ৰহমান
উপকৰণ
১. আৰি মাছ – ৪ টুকুৰা
২. পিঁয়াজ – মজলীয়া দুটা
৩. নহৰু পিচা — ১ চাহ চামুচ
৪. মিঠাতেল — তিনি চামূচ
৫. নিমখ – নিজৰ আন্দাজ মতে
৬. জলকীয়া গুৰি – আধা চামুচ
৭.বিলাহী – ১টা ( পিহি লোৱা)
৮.কেঁচা জলকীয়া – ৩ টা
৯. ধনীয়া পাত – অলপ
প্ৰণালী :
১. মাছকেইটুকুৰা ধুই পানী টুকি ল’লোঁ।
২. পিঁয়াজ এটা মিহিকৈ কাটি ল’লোঁ৷
৩. লগতে এটা পিঁয়াজ আৰু জলকীয়া দুটা পিচি ললো।
৪. পিহি লোৱা পিঁয়াজ, জলকীয়া, নহৰু পিচাখিনিত নিমখ, হালধি, জলকীয়া গুৰি আৰু অলপ পানী দি মিলাই ল’লোঁ।
৫. কেৰাহীত তেল গৰম কৰি কাটি লোৱা পিঁয়াজখিনি দি, অলপ ৰঙচুৱা কৈ ভাজি লৈ, মচলাৰ মিশ্ৰণখিনি দি, ভালদৰে ভাজি, বিলাহী পিহাখিনি দি আৰু কিছু সময় ভাজিলোঁ।
৬.যেতিয়া মছলা ভাজ খাই তেল বিৰিঙি আহিব, তেতিয়া মাছ কেইটুকুৰা দি অলপ লৰাই, পানী দিলোঁ।
৭.মাজে মাজে অলপ লৰাই দিছোঁ। যেতিয়া মাছৰ জোলখন ঘন হৈ আহিব, তেতিয়া ধনীয় পাত, কেঁচা জলকীয়া দুটা কাটি দি, অলপ লৰাই নমাই থ’লো।