মেই হুঁ না

লেখক- দেৱিকা বৰপুজাৰি

মুম্বাইত মানুহে মানুহৰ বাবে ভাবে আৰু কৰে। সেয়েহে মুম্বাইক মুম্বাই মেৰি জান বুলি ক’ব বিনা দ্বিধাই পাৰি।
এই বিশাল চহৰখনত অকলে জীৱন-যাপন কৰা উজু কথা নহয়। কান্দিভলিৰ ঠাকুৰ ভিলেজৰ নাগৰিকসকলে এই অকলশৰীয়া লোকৰ সহায়ৰ বাবে এক পদক্ষেপ ল’লে, যাৰ নাম হ’ল, ‘মেই হুঁ না’। এই গ্রুপটোৱে যিসকলৰ সন্তান ভাৰতৰ বিভিন্ন ঠাই বা বিদেশত থাকে, সেই সকলৰ সহায়ৰ বাবে অহৰহ জাগ্ৰত হৈ থাকে।
কান্দিভলিৰ আন এটা গ্রুপৰ হৰ্ষ কুমাৰ উদুপিয়ে কয় “মেই হুঁ না হৈছে আমাৰ এক প্ৰয়াস য’ত বয়সীয়া লোকৰ বাবে কিছু সময় দিব পাৰি আৰু নিঃসংগ লোকক সংগ দিব পাৰি”।
চাকৰি বা উচ্চ শিক্ষাৰ বাবে আজি বহুজনৰ সন্তান পিতৃ-মাতৃৰ পৰা দূৰত; তেওঁবিলাকৰ লগত কথা পাতি, কিছু পৰিমাণে হ’লেও দুখ লাঘৱ কৰিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে নানা সহায় যেনে, সময় মতে ডাক্তৰৰ ওচৰলৈ নিয়া, দৰব কিনি দিয়া, এমাৰজেঞ্চিত এম্বুলেন্স মাতি দিয়া আদি সকলো এই স্বেচ্ছাসেৱক সকলে কৰি দিয়ে।
কান্দিভলিৰ ঠাকুৰ ভিলেজৰ এই সংস্থাৰ গুৰি ধৰোঁতা ৰবি কালৰাই কয় -“বেছিভাগ আমি জ্যেষ্ঠ নাগৰিকসকলক চোৱাচিতা কৰোঁ, যিসকলৰ সন্তান মুম্বাইৰ বাহিৰত বেলেগ ৰাজ্য বা বিদেশত থাকে। আমাৰ এই অঞ্চলতে প্ৰায় এহেজাৰৰ ওপৰত জ্যেষ্ঠ নাগৰিক আছে। আমি জানিব পাৰিলোঁ যে, নিশা এই ধৰণৰ অকলশৰীয়া নাগৰিকৰ কোনোবাই যদি ক’ৰবাত আঘাত পায় বা হঠাৎ গা বেয়া হয়- তেন্তে তেওঁলোকক চাওতা কোনো নাই। সেইবাবেই আমি কিছুমান গ্ৰুপ বনাই ললোঁ, ভাগে ভাগে এওঁলোকক যাক কি সহায় লাগে কৰি দিবলৈ আৰু কথা-বতৰা পাতি আন কিছু লোকক মানসিক শান্তি প্ৰদান কৰিবলৈ”।
এই গ্ৰুপসমূহত দহজনকৈ লোক থাকে আৰু যাৰ যি প্ৰয়োজন হয়, সেই মতেই সহায়ৰ হাত আগবঢ়াবলৈ যায়। এই সংস্থাত উকীল আছে, যিয়ে জ্যেষ্ঠ নাগৰিকৰ সকলো লিগেল কামৰ তদাৰক কৰে আৰু আছে মেডিকেল টিম, যিয়ে এখেতসকলৰ স্বাস্থ্য পাতি চোৱাৰ পৰা চাইক’লজিকেল সমস্যাৰ সমাধান কৰাতো সহায় কৰে।
এই গ্ৰুপবোৰ বেছ সক্ৰিয়; আমেৰিকাত এই ধৰণৰ সংকল্পনা বা concept ক কোৱা হয় টাইম বেংক। ‘স্বেচ্ছাৰে মই যদি কাৰোবাক এইদৰে সেৱা কৰো তেতিয়া হ’লে ময়ো যেতিয়া বুঢ়া বা বুঢ়ী হ’ম, মোকো সেইদৰে কোনোবাই স্বেচ্ছাৰে সহায় কৰিবই লাগিব’। ইয়াত বাৰু সেই ধৰণৰ বাধ্যতামূলক কোনো কথা এতিয়ালৈকে হোৱা নাই।
বিশ্ব অৰ্পণ ফাউণ্ডেচন নামৰ সংস্থা এটাৰ সহযোগত গ্রুপটোৱে প্ৰয়োজনীয় বস্তুবোৰ যেনে হুইল চেয়াৰ, টয়লেট চিট, বেকৰেষ্ট, ৱাকাৰ, ৱকিং ষ্টিক আদি আঠ মাহৰ বাবে বিনামূলীয়াকৈ যোগান ধৰে আৰু ইয়াৰ পাছত প্ৰতি মাহে মাত্ৰ এশ টকাকৈ দিলগীয়া হয়।
বিশ্ব অৰ্পণ ফাউণ্ডেচনৰ স্থাপন কৰা হেমেন চৌহানে কয় যে, “যেতিয়াই কোনো দূৰ্ভগীয়া লোকে যি কোনো মেডিকেল সৰঞ্জাম কিনিবলৈ আৰ্থিক অনাটনৰ বাবে কিনিবলৈ অপাৰগ হয়, তাকো অলপ দিনৰ বাবে – তেতিয়াই বৰ বেয়া লাগে। সেয়েহে, আমাৰ ফাউণ্ডেচনে সাময়িকভাৱে, কিছুদিনৰ বাবে বিনামূলীয়াকৈ মেডিকেল সৰঞ্জামৰ যোগান দিয়ে আৰু আঠ মাহৰ বেছি হ’লেহে সামান্য কিবা এটা লওঁ”।
সঁচায়ে এই ধৰণৰ মানৱ সেৱা সকলো ঠাইতে হ’লে বহুতে সকাহ পালেহেঁতেন।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!