পাংখা পুলাৰ

লেখক- মিতালী গগৈ কোঁৱৰ

মোৰ ল’ৰালি আৰম্ভ হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাত। তাহানি নাজিৰাখন মহকুমা নাছিল, আছিল এটা ৰাজহচক্ৰ। প্ৰতিষ্ঠাৰ দিনৰেপৰা মোৰ পিতৃ যোৰহাটৰ সমীপৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ স’তে ওতঃপ্ৰোতভাৱে জড়িত আছিল। উক্ত শিক্ষা প্ৰতিষ্ঠানটো গঢ় দিবলৈ পিতৃৰ লগতে তেখেতৰ সহকৰ্মীসকলে কম অহোপুৰুষাৰ্থ কৰা নাছিল। অৰ্থনীতিৰ অধ্যাপক হিচাপে উক্ত মহাবিদ্যালয়ত জন্মলগ্নৰ পৰাই তেখেতে কৰ্মজীৱন আৰম্ভ কৰিছিল। নিজৰ মাহিলী দৰমহা ৫০ টকাৰ ২০টকা মহাবিদ্যালয়ৰ উন্নয়নৰ হকে আগবঢ়াইছিল। ঠন ধৰি উঠালৈকৈ তেখেতে মহাবিদ্যালয়খনৰ হকে দেহেকেহে খাটিছিল(সেইটো অধ্যায় পিছত কেতিয়াবা আলোচনা কৰিম)।

টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰি থাকোঁতেই অসম লোকসেৱা আয়োগৰ পৰীক্ষা দি তেখেত প্ৰশাসনিক বিষয়া হৈছিল। অসম প্ৰশাসনিক সেৱাত নিযুক্তি লাভ কৰাৰ পিছত সীমান্তৱৰ্তী মিজোৰামৰপৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই অহা আমাৰ পিতৃ সত্তৰৰ দশকৰ শেষৰ ফালে শিৱসাগৰ জিলাৰ নাজিৰাত উপপ্ৰতি সমাহৰ্তা হিচাপে স্থলাভিষিক্ত হৈছিল। একেবাৰে সৰল ভাষাত মাটিৰ হাকিম। আমি তেতিয়া পঢ়াশলীয়া শিক্ষা আৰম্ভ কৰিবলৈ লৈছিলোঁহে মাথোন। পিতৃৰ কাৰ্য্যালয় আৰু আমাৰ চৰকাৰী বাসগৃহটো এটা ৰজাদিনীয়া পুখুৰীৰ পাৰত আছিল। ওচৰতে বৃটিছ যুগৰে এটা ডাকবাংলো আৰু পুখুৰীৰ এটা পাৰত মই বিদ্যাৰম্ভ কৰা প্ৰাথমিক বিদ্যালয়খন। আন দুটা পাৰত গড়কাপ্তানি বিভাগৰ কাৰ্যালয় আৰু চৰকাৰী বাসভৱন কিছুমান। বিদ্যালয়খনত পৰ্যাপ্ত সুবিধাসমূহৰ অভাৱ আছিল, কিন্তু অভাৱ নাছিল শিক্ষাগুৰুসকলৰ জ্ঞানৰ, তেখেতসকলৰ অৱদানৰ। গোটেই জীৱন মই তেখেতৰ সকলৰ ওচৰত ঋণী হৈ থাকিম।

নাজিৰাখন তেতিয়া অকমানি এখন ঠাই। মোৰ বৰ প্ৰিয় ঠাই। কাৰণ মোৰ ল’ৰালি নাজিৰাতেই আৰম্ভ, মোৰ প্ৰিয় শিক্ষাগুৰুক নাজিৰাতেই লাভ কৰিছিলোঁ, মোৰ সংগীতৰ শিক্ষা নাজিৰাতেই আৰম্ভ হৈছিল। তক্তাপোচত বহি আখৰ লিখিবলৈও শিকিছিলোঁ নাজিৰাতেই। গছৰ তলত ঘূৰণীয়াকৈ ঠিয় হৈ নেওঁতা মুখস্থ কৰিছিলোঁ নাজিৰাৰ এই পঢ়াশালিতেই। বিদ্যালয়ত কেন্দ্ৰ মিটিং হ’লে গানো গাবলৈ পাইছিলোঁ। পকা সোণাৰুৰ সোৱাদ লৈছিলোঁ ইয়াতেই, দুপৰীয়া পানী খোৱা ছুটিত পিয়াহ লাগিলে ভয়-ভ্ৰান্তি নোহোৱাকৈ সমুখৰ পুখুৰীৰ পানীকেই খাইছিলোঁ। এক কথাত নাজিৰাই মোক মোহাচ্ছন্ন কৰি ৰাখিছিল। বিদ্যালয়খনত সকলো শ্ৰেণীৰ ল’ৰা-ছোৱালী বিদ্যালাভৰ বাবে আহিছিল। কাৰোবাৰ ভৰিত এযোৰ চেণ্ডেল নাছিল, কোনোবাই কুঁহিপাঠখন, অকণিৰ ধাৰাপাতখন, চিলঠখন, বাঁহৰ চুঙাত ভৰাই দীঘল কৰি লোৱা মাটি পেঞ্চিলডাল, এচটা বাঁহ চাঁচি তৈয়াৰ কৰি দিয়া স্কেলপাত হাততেই আনিছিল। সিবিলাকক দেখি মোৰো চেণ্ডেল নিপিন্ধাকৈ বিদ্যালয়লৈ যাবলৈহে ভাল লাগিছিল (যদিও দে’তাই মানা কৰিছিল)। প্ৰায়েই স্কুল বেগ অবিহনেই কিতাপ চিলঠ হাতত লৈ গৈছিলোঁ। বিদ্যালয়ৰ প্ৰাংগনত থকা এজোপা গছৰ তলত যোগ, বিয়োগ,পূৰণৰ সৰু-মাজু নেওতা মুখস্থ কৰিছিলোঁ। কোনোবাই পেনৰ খুচনিত অনা আমলখি, শিলিখা, অমৰা, জলফাই ভগাই খাইছিলোঁ। মাহৰ কোনোবা এটা শনিবাৰে আমি ঘৰৰপৰা এটা গিলাচ অথবা এটা পিয়লা লৈ বিদ্যালয়ত যোগান ধৰা আমূলস্প্ৰে’ গাখীৰ খাবলৈ গৈছিলোঁ আৰু গাখীৰৰ লগত আছিল ‘পাৰ্লে বিস্কুট’। সেই মৰমলগা মুখৰ কণমানি এজনীৰ ছবি থকা বিস্কুটটোৱেই আছিল ‘পাৰ্লে বিস্কুট’। কি যে সোৱাদ ভৰা আছিল পাৰ্লে বিস্কুটখন। সম্ভৱতঃ আজিৰ মধ্যাহ্ন ভোজনৰ দৰেই সেই সময়ত চৰকাৰৰ ফালৰপৰা বিদ্যালয়সমূহত গাখীৰ আৰু বিস্কুট খুওৱা হৈছিল। যি কি নহওক, আমি গাখীৰ পিয়লা এনেকৈ খাইছিলোঁ যে ওঁঠৰ কোঁৱাৰিত গাখীৰৰ দাগ ৰৈ গৈছিল। সেয়াই আছিল নিৰ্মল নিৰ্দোষ আনন্দ।

পিতৃদেৱৰ কাৰ্যালয়টো ইংৰাজৰ দিনৰে আছিল, কাঠৰ বাটাম লগোৱা, ওখ ওখ চিলিং, এটা ডাঙৰ হলঘৰত আটাইবোৰ কৰ্মচাৰীয়ে বহি কাম কৰিছিল, কেৱল পিতৃ বেলেগ এটা কোঠালিত বহিছিল। বিজুলী সংযোগ আছিল যদিও বৈদ্যুতিক পাংখাৰ ব্যৱস্থা নাছিল। তেনেহ’লে গৰমৰ দিনত মানুহবোৰে কেনেকৈ কাম কৰিছিল? যদিও পুখুৰীৰ পৰা অহা শীতল বতাহজাকে গা মন জুৰ পেলাইছিল, তথাপিও বতাহজাকতো অনবৰতে নবৈছিল!

বৈদ্যুতিক পাংখা নথকা দিনবিলাকত ইংৰাজৰ দিনৰ কাৰ্যালয়বোৰত এজন অভিনৱ কৰ্মচাৰী নিয়োজিত হৈছিল অস্থায়ী ভিত্তিত। আনকি আঢ্যৱন্ত মানুহৰ ঘৰতো এনে এজন কৰ্মচাৰী নিযুক্ত হৈছিল। তেওঁৰ কাৰ্যকাল ছমাহ আছিল আৰু জহকাল শেষ হোৱাৰ লগে লগে তেওঁৰ চাকৰিও নোহোৱা হৈছিল। কিন্তু কথা হ’ল, কি অসাধাৰণ কাম সম্পাদন কৰিছিল এই কৰ্মচাৰীজনে?

গোটেই হলঘৰটোৰ চিলিঙত এটা মূৰৰপৰা আনটোলৈ কাৰ্পেটৰ দৰে এখন প্ৰকাণ্ড বিচনী ওলমি আছিল। এই বিচনীখন আছিল আয়তাকাৰ। খুব কাৰুকাৰ্য্য খচিত সেই কাৰ্পেট সদৃশ বিচনী বা পাংখাখন যথেষ্ট ওজন থকা আছিল আৰু তাৰ মাজভাগত এডাল গধুৰ পঘাৰ দৰে শকত ৰচী বন্ধা হোৱা আছিল। অস্থায়ী ভিত্তিত নিযুক্ত কৰ্মচাৰীজনে এখন আসনত দীঘলীয়া হলঘৰটোৰ এটা মূৰত বহি উক্ত জৰীডাল টানি থাকিছিল । ফলাফল হিচাপে সেই কাৰ্পেট সদৃশ বিচনীখনেৰে গোটেই কোঠালিত থকা মানুহখিনিক গৰমত বতাহ বিলাইছিল । এক লয়লাস ভংগীৰে উক্ত বিচনীখন টানি টানি কোঠালিটোৰ মানুহবোৰক বতাহৰ বা’ বিলোৱা কৰ্মচাৰীজনক কোৱা হৈছিল ‘পাংখা পুলাৰ’ (Pungkha Puller) অৰ্থাৎ ‘বিচনী টনা মানুহ’। এই বিষয়বাবটো সম্পূৰ্ণৰূপে ইংৰাজ চাহাবৰ সৃষ্ট আছিল। এই ‘পাংখা পুলাৰ’জনৰ চাকৰিটো ঠাণ্ডাদিন অহাৰ লগে লগে শেষ হৈছিল আৰু তেওঁ পুনৰ গৰম দিন অহালৈ বাট চাবলগীয়া হৈছিল। তথাপিও বিজুলী বিচনী সংযোগ নোহোৱালৈকে অন্ততঃ ‘পাংখা পুলাৰ’জনৰ সেৱা অব্যাহত আছিল। দুখজনক কথাটো আছিল এয়ে যে বিজুলী বিচনীৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ লগে লগে ‘পাংখা পুলাৰ’ৰ পদটিও বিলুপ্ত হ’ল। তাহানিৰ দেউতাৰ কাৰ্যালয়ত থকা প্ৰকাণ্ড হাতে টনা পাংখা অৰ্থাৎ বিচনীখন মোৰ বাবে সাংঘাটিক আকৰ্ষণৰ বস্তু আছিল। বিদ্যালয়ৰপৰা উভতি আহোঁতে দেউতাৰ কাৰ্যালয়ত এপাক সোমাই পাংখাখন টানি অহাটো মোৰ নিয়মৰ দৰেই আছিল। অসমৰ দুই এক উল্লেখযোগ্য ঠাইৰ ডাকবাংলো আৰু ‘চাৰ্কিট হাউচ’ বা আবৰ্ত ভৱনত এই কাৰ্পেট সদৃশ পাংখাখন দেখা মোৰ মনত আছে। গহীন গম্ভীৰ লয়লাস ভংগীৰে শীতল বতাহৰ যোগান ধৰা এনেধৰণৰ পাংখা কোনো সংগ্ৰহালয়ত সাঁচি ৰাখিব পৰা সামগ্ৰী। নাজানো ইয়াক সংৰক্ষণ কৰি ৰখা হৈছে নে নাই।

মই যেতিয়াই অতীত ৰোমন্হন কৰোঁ, পাংখা পুলাৰে টনা এই অভিনৱ সঁজুলিপদ মোৰ মনলৈ আহে। আধুনিকতাৰ ধামখুমীয়াত আৰু কিমান যে কি কি আমি হেৰুৱাবলগীয়া হৈছে। নতুন প্ৰজন্মৰ বাবে এয়া যেন এক সাধুকথা। আজি মোৰ পিতৃ এই পৃথিৱীত নাই, কিন্তু যেতিয়াই মই মোৰ ল’ৰালিলৈ উভতি যাওঁ, এটা ৰজাদিনীয়া পুখুৰীৰ পাৰৰ সেই কাৰ্যালয় গৃহত মই মোৰ কৰ্মৰত পিতৃক দেখোঁ; তাত থকা সেই সুদৃশ্য পাংখাখন দেখোঁ। মই যেন দৌৰ মাৰি যাম দেউতাৰ উপপ্ৰতি সমাহৰ্তা (Sub Deputy Collector)ৰ কাৰ্যালয়টোলৈ আৰু গৰমত বহি ফাইলৰ কাম কৰি থকা মানুহবোৰক পাংখা টানি টানি শীতল বা’ দি যাম। সেই স্মৃতি যুগমীয়া। আজি চাৰিটা দশকৰ মূৰতো নাজিৰাৰ সেই মাটিৰ হাকিমৰ কাৰ্যালয়ত সেই পাংখাখন ওলমি থকা মোৰ মনৰ চকুৰে দেখা পাওঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!