এজন দৰ্শকৰ দৃষ্টিৰে ‘শ্ৰী ৰঘুপতি’

লেখক- পল্লব বৰুৱা

চিনেমা, থিয়েটাৰ, নাটক আদি এই সকলোবোৰ দৰ্শক ৰাইজৰ বাবে এক মনোৰঞ্জনৰ মাধ্যম। এনে ধৰণৰ মনোৰঞ্জনৰ বিষয়বোৰ কলা-কুশলীৰ বাবে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এখনি সুন্দৰ মঞ্চ হোৱাৰ লগতে তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ উৎস আৰু প্ৰযোজকপক্ষৰ বাবে এক কলাসন্মত ব্যৱসায়। এইখিনি কথা এখন ব্যৱসায়িক ছবি বা নাটকৰ লগত জড়িত সংশ্লিষ্টসকলৰ বাবে মূল কথা আৰু এয়া একেবাৰেই প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিষয়। কিন্তু নাটক বা চিনেমা এখনে যেতিয়া উপৰ্যুক্ত বিষয়সমূহৰ লগত সহযাত্ৰা কৰিও মানুহৰ মনত নতুন নতুন চিন্তা, চেতনা উদ্ৰেককাৰী বিষয়ৰ অৱতাৰণা কৰে, মানুহৰ মনত সঁচা অৰ্থত প্ৰভাৱ ৰাখি যাবলৈ সক্ষম হয়; তেতিয়া তেনে চিনেমা বা নাটকৰ বিষয়ে আলোচনা, চৰ্চা হোৱাটো প্ৰয়োজনীয় বুলি গণ্য কৰা ‘শ্ৰী ৰঘুপতি’ সদ্য মুক্তিপ্ৰাপ্ত এখন অসমীয়া চিনেমা। বিগত প্ৰায় কেইবা বছৰ ধৰি নিৰ্মাণ কৰি থকা বুলি প্ৰচাৰ হৈ থকা আৰু বিভিন্ন প্ৰচাৰ মাধ্যমত ছবিখনৰ বিষয়ে কিছু চৰ্চা হৈ থকাৰ সুবাদতে ছবিখন চোৱাৰ প্ৰতি আমাৰো এক আগ্ৰহ জন্মিছিল আৰু সেই আগ্ৰহেই আজি ছবিখনৰ দৰ্শক হোৱাৰ ক্ষেত্ৰত সহায় কৰিলে। চিনেমা এখন চিনেমাহলত চলি থকাৰ সময়তেই সেইখনৰ কাহিনী বা তাৰ দুৰ্বল দিশসমূহ (যদি থাকেও) ৰাজহুৱাকৈ কোৱাটো উচিত নহয়! আমিও নকওঁ; কিন্তু ‘শ্ৰী ৰঘুপতি’ চিনেমাখন চাই এজন সাধাৰণ অসমীয়া দৰ্শক হিচাপে আমাৰ মনক চুই যোৱা দুটামান কথাহে আজি ক’ব খুজিছোঁ।
প্ৰথম কথা, চিনেমা কেৱল যে একমাত্ৰ মনোৰঞ্জনৰেই উপাদান নহয়; সেইকথা শ্ৰী ৰঘুপতি চিনেমাখনে সঁচা অৰ্থত উপলব্ধি কৰালে। এখন চিনেমাৰ কাহিনী বা তাৰ গতিয়ে যে সঁচা অৰ্থত মানুহৰ মনৰ ভিতৰৰ হাজাৰ ধুমুহা, আশা আকাংক্ষা, বিভিন্ন পৰিস্থিতিগত কাৰক, মনৰ পুঞ্জীভূত ক্ষোভ আৰু মানৱীয় অনুভূতিৰ প্ৰায় হুবহু (চিনেমাত চিনেমেটিক কথা থাকিবই) প্ৰকাশ কৰিব পাৰে; তাৰেই সুন্দৰ উদাহৰণ ‘শ্ৰী ৰঘুপতি।’
দ্বিতীয়তে, চিনেমাখনৰ নায়ক অভিনেতা ৰবি শৰ্মাই আজি অতদিনে ৰাইজৰ সমুখত কৈ থকা জীৱনমুখী কথাবোৰ, চিন্তাবোৰ যে তেওঁৰ মানুহজনৰ সত্তাৰ লগত অভিন্ন (বাস্তৱত এনে মিল প্ৰায় দুৰ্লভ বুলিবই পাৰি) তাৰ চাপ চিনেমাখনৰ প্ৰতিটো দিশতেই স্পষ্ট; যিটো দৰ্শক ৰাইজৰ বাবে অত্যন্ত ভাললগা বিষয়।
তৃতীয়তে, কমবেছি পৰিমাণে সকলো মানুহেই জাতীয়তাবাদী মনোভাৱেৰে সিক্ত (যিটো অত্যন্ত প্ৰয়োজনীয়)। এই চিনেমাখনৰ চৰিত্ৰৰ মুখত থকা সংলাপ, কাৰ্য, আচৰণ, চিন্তা আৰু সৰ্বোপৰি সমগ্ৰ চিনেমাখনৰে প্ৰাণত নীৰৱধিভাৱে এটি আপোন আপোন লগা সুৰ বৈ আছে। এগৰাকী অসমীয়া হিচাপে এই কথাটি দেখি খুবেই সুখ অনুভৱ কৰিছোঁ।
চতুৰ্থতে, “অসমীয়া চিনেমাৰ ভাল দিন আহিছে”, “আকৌ অসমীয়া ছবিলৈ ভাল দিন আহিছে” বুলি আজি বহু বছৰৰ পৰা সেইষাৰ কথা আমি সকলোৱেই শুনি আহিছোঁ। কিন্তু প্ৰতিবাৰেই প্ৰচাৰৰ তুংগেৰে জনপ্ৰিয়(!) হোৱা নতুন অসমীয়া চিনেমাৰ দৰ্শক হৈ উপলব্ধি কৰিছিলোঁ যে অৰ্থনৈতিক দিশত লাভালাভ হলেও অসমীয়া চিনেমা বিভিন্ন দিশত আসোঁৱাহেৰে পৰিপূৰ্ণ আছিল। কিন্তু শ্ৰী ৰঘুপতি চিনেমাখনে সঁচা অৰ্থত মনত প্ৰত্যয় জন্মাইছে যে অসমীয়া চিনেমাৰ নিৰ্মাণশৈলী, অভিনয়শৈলী, কাহিনী বিন্যাস, চৰিত্ৰ সৃষ্টি, ঘটনা প্ৰৱাহৰ সংমিশ্ৰণ সৰ্বোপৰি নিটোল উপস্থাপনৰ ক্ষেত্ৰলৈ চাই ন দি ক’ব পাৰি যে অসমীয়া চিনেমালৈ ভাল দিন আহিছে। এখন চিনেমা দৰ্শকে নিজৰ পকেটৰ পইচা খৰচ কৰি চাবলৈ গৈ চিনেমাখনৰ কোনবোৰ বস্তুৰ সোৱাদত নিজৰ আৰ্জিত পইচাৰ খৰচৰ চিন্তাটো মনলৈ ননাকৈ থাকিব পাৰে; তাৰেই স্বাক্ষৰ বহন কৰিব পাৰিছে ‘শ্ৰীৰঘুপতি’ চিনেমাখনে।
পঞ্চমতে, এখন ছবিৰ শৰীৰ আৰু আত্মাক সুন্দৰ, একক আৰু অনন্য ৰূপত দৰ্শকৰ সমুখত দাঙি ধৰাৰ ক্ষেত্ৰত বাকী সকলোখিনি উপাদানৰ লগতে ছবিখনৰ অভিনয় শিল্পীসকলৰ অভিনয় দিশটোৰ স্বাভাৱিকতা, দক্ষতা আৰু পৰিপক্বতাই অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰী ৰঘুপতি এইক্ষেত্ৰত পূৰামাত্ৰাই সফল বুলিব পাৰি। ছবিখনৰ অভিনয়শিল্পীসকলৰ প্ৰতিজনৰে অভিনয় জড়তাবিহীন, কাৰোৰেই অভিনয় আৰু সংলাপ প্ৰক্ষেপণত অতিৰঞ্জিত ভাৱাবেগৰ নাটকীয় প্ৰকাশভংগী নাই। সকলোতকৈ ডাঙৰ কথা, ছবিখন চাই থাকোঁতে তেওঁলোকে যে অভিনয় কৰিছে সেইকথাই বহু সময়ত দৰ্শকে পাহৰি যায়। ছবিখনৰ নায়ক অভিনেতা ৰবি শৰ্মাৰ জীৱনৰ সকলোতকৈ পৈণত, পৰিশীলিত আৰু সংযমী অভিনয় ৰঘুপতিৰ ৰূপত দৰ্শকে লাভ কৰাটোও এক ডাঙৰ প্ৰাপ্তি। অগ্ৰজ শিল্পী অৰুণ নাথ, অৰুণ হাজৰিকা, বৰ্ণালী পূজাৰী, ৰাজ শৰ্মা আদিয়ে ছবিখনৰ অভিনয় দিশটোক আটিল কৈ বান্ধি ৰাখিছে। সিদ্ধাৰ্থ শৰ্মাক দৰ্শকে এক নতুন আৰু অনন্য ৰূপত লাভ কৰিছে শ্ৰী ৰঘুপতিত। ছবি জগতত নৱাগত শিল্পী হোৱা সত্ত্বেও প্ৰায়খিনি নতুন অভিনয় শিল্পীৰে অভিনয় অত্যন্ত স্বাভাৱিক, পৰিশীলিত আৰু নিখুঁত; ছবিখনৰ নায়িকা প্ৰীতি কংকণা আৰু নায়কৰ ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰা প্ৰিয়ম পল্লৱীৰ অভিনয় ৰাইজে মনত ৰাখিব।

আজিৰ পৰা প্ৰায় এশবছৰ আগতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যি আশা বুকুত বান্ধি অসমীয়া চিনেমাৰ জন্ম দিছিল; আজি এই মুহূৰ্তত শ্ৰী ৰঘুপতি চাই কোনোবা নহয় কোনোবাখিনিত আমি আশ্বস্ত হ’ব পাৰিছোঁ যে ৰূপকোঁৱৰৰ অসমীয়া চিনেমাকলৈ দেখা সেই সপোনে পূৰ্ণতাৰ দিশেৰে আগবাঢ়িছে। চিনেমাখনৰ দৰ্শক হৈ থাকোঁতে মনলৈ অহা এটি অনুভৱেৰে লিখনিটোৰ সামৰণি মাৰিব খুজিছোঁ। শ্ৰী ৰঘুপতি চিনেমাখন সম্ভৱ হ’লে ভাৰতীয় আন ভাষাতো ডাব কৰি ভাৰতৰ বিভিন্ন ঠাইত যদি মুক্তি দিয়াৰ ব্যৱস্থা কৰা হয়; তেতিয়া হয়তো অসমৰ সমাজ জীৱন, ভাতৃভগ্নীৰ আত্মিক টান, সম্প্ৰীতিৰ নিদৰ্শন আৰু সৰ্বোপৰি মানৱীয়তাৰ সঁচা ছবি এখনৰ চাপ বৃহত্তৰ ভাৰতীয় দৰ্শকৰ সমুখলৈকে লৈ যাব পৰা গ’লহেঁতেন। ‘শ্ৰী ৰঘুপতি’ৰ পৰাই অসমীয়া চিনেমাৰ উত্তৰণৰ এক বলিষ্ঠ খোজৰ শুভাৰম্ভণি হওক; সেই আশাৰে—৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!