লক্‌ড (locked)

লেখক- ডাঃ সুৰজিত গিৰি

 “নাই, ই মৰিব নোৱাৰে। ই বাচিবই লাগিব।”

মৃত লৰাটোৰ বুকুত হেঁচি হেঁচি (CPR) নিজকে মনে মনে মিছা সান্ত্বনা দিব চেষ্টা কৰিলোঁ। ICU টেকনিচিয়ান ন’ব’ক বুকুত হেঁচা প্ৰয়োগ কৰিবলৈ কৈ কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থাৰ বাবে জা-যোগাৰ কৰোঁ।

: আমি এঘড়ী যুঁজিহে চাম বুলি কৈ আত্মীয়ৰ সন্মুখতে শ্বাসনলীত এডাল পাইপ (endotracheal intubation) ভৰাই কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা কৰা হয়।

ফলাফল কি হ’ব আমি জনা নাছিলোঁ। আমি মাত্ৰ আমাৰ কৰণীয়খিনিহে কৰি গৈছিলোঁ।

১২ এপ্ৰিল, বৃহস্পতিবাৰৰ কথা। ৰাতিপুৱা ৬ বজাত বিছনাৰ পৰা উঠাৰ লগে লগে ফোনটো বাজি উঠে। ব্ৰহ্মপুৱাতে অচিনাকি ফোন নম্বৰ দেখি মনে মনে ভাবিলোঁ, কাৰোবাৰ নিশ্চয় কিবা বিপদ হৈছে।

“ছাৰ, ল’ৰা এটাক ৰাতি সাপে দংশন কৰিছিল নেকি, এতিয়া আমি শিৱসাগৰ চিভিল হস্পিটেলত আছোঁ। ল’ৰাটোৰ বৰ্তমান একো মাত-বোল নাইI আমি আপোনাৰ ডিমৌ হস্পিটেললৈ লৈ যাব বিচাৰিছোঁ।”

: ৰ’ব প্ৰথমে লৰাটোৰ স্বাস্থ্যৰ অৱস্থাটো জানি লওঁ। কৰ্তব্যত থকা নাৰ্চ বা ডাক্তৰক সংযোগ লগাই দিবলৈ কলোঁ।

“ছাৰ মই নাৰ্চ মিনাক্ষী। ১০টা এণ্টিভেনম বেজী আৰু নিঅস্তিগ্মীন বেজী দিয়া হ’ল। অক্সিজেন আদি ঠিকেই আছে, কিন্তু ৰাতিপুৱা প্ৰায় ৫:৩০ মান বজাৰ পৰা লৰাটোৰ সাৰ-সুৰ নাই। কিন্তু তাৰ কিছু আগলৈকে ল’ৰাটো বিছনাত ইচাট-বিচাট কৰি আছিল।”

“কিমান বয়স?”

“২৪ বছৰ”

মীনাক্ষীৰ পৰা গোটেই কথাবোৰ গম পোৱাৰ পাছত আমি নিশ্চিত হৈছিলো যে ল’ৰাটোক এই মুহূৰ্তত ভেণ্টিলেচন (কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা) প্ৰয়োগ কৰিব লাগিব। কিছু সময়ৰ পাছত ডাক্তৰ ফণীধৰ গগৈয়ো ল’ৰাটোৰ কাৰণে ফোন কৰে।

হোৱাটছ-এপত সাপৰ ফটো চাই বিষাক্ত ক’লা ৰঙৰ শঙ্খচূড় সাপ বুলি আমি আশ্বস্ত হৈ ডা° ফণী গগৈৰ লগত কথা পাতি আৰু ২০টা এণ্টিভেনম বেজী ২০ মিনিটৰ ভিতৰতে দি কেলচিয়াম বেজী দিবলৈ মীনাক্ষীক বিধান দিওঁ।

এনেকুৱা অৱস্থাত আমি ৰোগীক স্থানান্তৰিত কৰিবলৈ মানা কৰোঁ। কিন্তু আত্মীয়ই জোৰ কৰি আমাৰ তত্ত্বাৱধানত চিকিৎসা গ্ৰহণৰ পোষকতা কৰে। কৰ্ত্যব্যৰত চিকিৎসক ডাঃ দ্বিজেন কোঁচৰ মতে লৰাটোক তৎক্ষণাত ভেণ্টিলেচনৰ প্ৰয়োজন হৈছে। কিন্তু কৰ্তব্যত ডাক্তৰ তেওঁহে মাত্ৰ আছে।

বহু ভাবি গুণী আৰু ডাঃ দ্বিজেনৰ লগত কথা পাতি প্ৰগতি হস্পিটেলৰ (ব্যক্তিগত) ICU লৈ ল’ৰাটোক স্থানান্তৰিত কৰাৰ কথা ভবা হয়। কাৰণ আমাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কোনো ICU নাই। মীনাক্ষীক আনুষংগিক বিধান দি প্ৰগতিৰ ICUত ৰাতিপুৱা প্ৰায় ৭-১৫মিনিট মান বজাত ল’ৰাটোলৈ ৰৈ থাকিলোঁ। কেনেকুৱা অৱস্থাত ল’ৰাটো আহি পাব তাৰ কোনো ঠিকনা নাই। সেইবাবে আগতীয়াকৈ সকলো জা-যোগাৰ কৰি ল’ৰাটোলৈ অধীৰ আগ্ৰহেৰে বাট চালোঁ। ল’ৰাটোৰ সম্ভাব্য মৃত্যু চকুৰ আগত ভাহি উঠিল। শিৱসাগৰ চিভিল হস্পিটেল আৰু ব্যক্তিগত প্ৰগতি হস্পিটেলৰ দূৰত্ব সম্ভৱ মাত্ৰ ৫-৭ কিলোমিটাৰ মানহে হ’ব। কিন্তু আমি জানিছিলোঁ, এই অৱস্থাত সাপৰ বিহে তড়িৎ গতিত কাম কৰে। ৭ কিলোমিটাৰ সুকলমে বাটকুৰি বাই প্ৰগতি হস্পিটেল আহি পাব নে নাই, সেয়া সন্দেহজনক আছিল।

ICUৰ চকীখনত ৰাতিপুৱাতে বহি মনে মনে বহু কথা ফঁহিয়াই থাকিলোঁ। কিয় এই অৱস্থা হ’ল? প্ৰথমে ১০ টা, ৰাতিপুৱা আৰু ২০টা একেলগে, সৰ্বমুঠ ৩০টা এণ্টিভেনম বেজী দিয়া হৈছে, তথাপি ল’ৰাটো মৃতপ্ৰায়।

কিয়? কিয়? ক’ত ভুল হ’ল?

যদি সৰ্প দংশনৰ ৰোগীক এনেদৰে ভেণ্টিলেচন দিব লগাত পৰে, তেনেহলে আমি আমাৰ গ্ৰাম্য চিকিৎসালয়বোৰত সৰ্প দংশনৰ ৰোগী কেনেদৰে চিকিৎসা কৰিম? আমাৰ গ্ৰাম্য চিকিৎসালয়বোৰত ICU যে নাই। পৰ্য্যাপ্ত ডাক্তৰ যে নাই। আমাৰ ৰাইজে অযথা কথাত চিঞৰ-বাখৰ কৰি থাকে, কিন্তু স্বাস্থ্য যে পৰম ধৰ্ম পাহৰি যায়। ওচৰৰ হস্পিটেলখনৰ সামগ্ৰিক উন্নতিৰ বাবে বা এখন সৰু ICU লাগে বুলি চিঞৰ-বাখৰ নকৰে আৰু কেতিয়াবা আকস্মিক স্বাস্থ্যজনিত সমস্যা হলে মাত্ৰ হা-হুমুনিয়াহহে কাঢ়ে বা কেতিয়াবা স্বাস্থ্যকৰ্মীসকলক মাৰ-ধৰ কৰে।

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত, নেকীবোৰ অঞ্চলৰ ২৪ বছৰীয়া বিশাল গোস্বামী। এজন সুস্থ উঠি অহা চফল ডেকা।

ৰূমটোৰ লাইট বন্ধ কৰি আঁঠুৱাৰ ভিতৰত বিছনাতে শুই শুই মবাইলটো হাতত লৈ আই পি এল চাই আছিল। ৰাতি প্ৰায় ১০ মান বজাত বাঁওহাতৰ তৰ্জনী আঙুলিত কিবা ঠাণ্ডা লগা অনুভৱ কৰে আৰু যেন কিবা এটা পাৰ হৈ যোৱা অনুভৱ কৰে। মোবাইলৰ টৰ্চৰ পোহৰত বিছনাৰ একোণত থকা বস্তু এটালৈ পোহৰ দি বিশাল ভয়তে একে জাপে বিছনাৰ পৰা নামি মাক-দেউতাকৰ ওচৰ পায়।

এদাল কিছ-কিছিয়া ক’লা উজ্জ্বল ৰঙৰ ডাঙৰ সাপ এডাল বিশালৰ বিছনাত। সম্ভৱ আঁঠুৱা তৰাৰ আগতেই সাপডাল বিছনাত উঠিছিল।

তৎক্ষণাত ঘমঘণ্ট লাগি যায়। ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ সকলোৱে মিলিজুলি সাপডাল বিছনাৰপৰা বাহিৰলৈ খেদিবলৈ বিভিন্ন জা-যোগাৰ কৰে। কোনোবা এজনে কোনোবা পাকত সাপডালৰ ফটো মোবাইলেৰে তুলি থয়।

সাপডাল ঘৰৰ বাহিৰলৈ খেদি প্ৰায় ১১মান বজাত সকলো শুবলৈ বুলি নিজ নিজ কোঠালৈ যায়। যদিও সাপডাল বিছনাত আঁঠুৱাৰ ভিতৰত আছিল আৰু যিহেতু বিশালক সাপডালে দংশন কৰা নাছিল বুলি ভাবিছিল আৰু শৰীৰৰ ক’তো বিষ, ফুলা বা দাঁতৰ চিন নাছিল আৰু বিশালেও সাপডালে দংশন কৰা নাছিল বুলি কৈছিল, ওচৰ-চুবুৰীয়া আৰু ঘৰৰ মানুহেও বিশালক সাপডালে দংশন কৰা নাছিল বুলি ভাবি সকলো আশ্বস্ত হৈছিল।

যি কি নহওক, সকলো ঠিকেই আছিল, কিন্তু ৰাতি প্ৰায় ১২: ৩০ মান বজাত বিশালৰ গাটো অলপ বেয়া লগা যেন অনুভৱ কৰে, কিন্তু কোনেও বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু ক্ৰমান্বয়ে বিশালৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হ’ব ধৰে। কথা ভীষণ দেখি পৰিয়ালৰ লোকে লৰা-ঢপৰা কৰিব আৰম্ভ কৰে। হস্পিতাললৈ স্থানান্তৰ কৰাৰ কথা ভাবে। গাড়ী আদিৰ বন্দবস্ত কৰে মানে আৰু আধা ঘণ্টা সময় নষ্ট হয়।

গাড়ীত উঠাৰ পাছত বিশালে আটাহ পাৰিব আৰম্ভ কৰে।

: সোনকাল কৰা। মোক হস্পিটেললৈ লৈ ব’লা। নহলে মই মৰিম এতিয়া। লাহে লাহে বিশালে থু গিলিব নোৱাৰা হয়। চকুৰ বাদুকেইটা নামি আহিছিল, খোজকাঢ়োঁতে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা হৈছিল, কথাবোৰ লেবা-লেব হৈছিল। জিভাখন পাক খুৱাব নোৱাৰিছিল। ৰাতি ১:৩০ মান বজাত প্ৰায় ২৫ কিলোমিটাৰ দূৰৈত থকা শিৱসাগৰ চিভিল হস্পিটেললৈ বুলি তেওঁলোক ৰাওনা হয়।

ৰাতি প্ৰায় দুই মান বজাত কৰ্তব্যৰত চিকিৎসক ডাঃ দ্বিজেন কোঁচে কথা ভীষণ দেখি ডাঃ ফণীধৰ গগৈৰ লগত কথা পাতি এণ্টিভেনম বেজী প্ৰয়োগ কৰে। এণ্টিভেনম বেজীকেইটা প্ৰয়োগ কৰাৰ পাছতো বিশালৰ স্বাস্থ্যৰ কোনো উন্নতি দেখা পোৱা নগৈছিল। বৰঞ্চ ৰাতিপুৱা প্ৰায় ৫: ৩০ মান বজাত বিশাল যেন শূন্যলৈ গতি কৰিবলৈ আৰম্ভ কৰিছিল। এক বিৰাট শূন্যলৈ। তাৰ পৰা ঘূৰি অহা যেন অসম্ভৱ আছিল।

খটং কৈ প্ৰগতি হস্পিটেলৰ ICU ৰ দুৱাৰ খনত শব্দ হওঁতে মোৰ চিন্তা ভাৱনাবোৰক একাষৰীয়া কৰি চকীত বহি থকাৰ পৰা উঠি বিশালক পৰীক্ষা কৰিবলৈ আগবাঢ়োঁ।

ৰাতিপুৱা প্ৰায় ৭:৩০ মান বজাত আমি যেতিয়া বিশালক পৰীক্ষা কৰো, বিশাল সম্পূৰ্ণৰূপে মৃত অৱস্থাতহে প্ৰগতি হস্পিটেলৰ ICU আহি পাইছিল। উশাহ-নিশাহ বন্ধ আছিল আৰু চকুৰ মণিকেইটা মৃত ব্যক্তিৰ দৰে একেবাৰে মস্ত হৈ আছিল। জীয়াই থকা ব্যক্তিৰ চকুৰ মণিত বাহিৰৰ পৰা টৰ্চৰ পোহৰ পেলালে, মণিডালৰ সংকোচন আৰু প্ৰসাৰণ হয়। কিন্তু বিশালৰ ক্ষেত্ৰত সেয়া দেখা নগ’ল। মৃত ব্যক্তিৰ দৰে চকুৰ মণিকেইটাও স্থিৰ। হৃদপিন্ধও বন্ধ হৈ আছিল। মনিটৰত ECG ৰ উঠা-নমাবোৰৰ সলনি এডাল মাত্ৰ আঁচ আছিল। এডাল দীঘল আঁচ। এনেকুৱা ৰোগীক আমি ব্ৰট ডেড (brought dead) বুলি ঘোষণা কৰোঁ। কিন্তু যিহেতু সাপডাল ক’লা ৰঙৰ শংখচূড় সাপ আছিল আৰু এই সাপডালে ৰোগীৰ শৰীৰত এনে পৰিৱৰ্তন কৰিব পাৰে বুলি আমি জানিছিলোঁ, সেয়েহে আমি এঘড়ী যুঁজি চোৱাৰ কথা ভাবোঁ। সৰ্প দংশন নহৈ যদি বেলেগ ৰোগী হ’লহেঁতেন আৰু আমি যদি ৰোগীক এনেকুৱা পৰ্য্যায়ত পাওঁ, তেনেহ’লে আমি তেওঁক মৃত বুলি ঘোষণা কৰোঁ। কিন্তু ক’লা ৰঙৰ শঙ্খচূড় সাপৰ দংশনত, তেনে ৰোগীক পুনৰ জীৱন দান দিবলৈ আমি সকলোৰে কিছু চেষ্টা কৰাৰ থল থাকে।

আপোনালোক সকলোৱে ভাবিব পৰ্য্যাপ্ত এণ্টিভেনম বেজী দিয়া হৈছিল, কিন্তু বিশালৰ স্বাস্থ্যৰ উন্নতি নহল কিয়? তাৰ উত্তৰ এটাই, এণ্টিভেনম বেজী বহুত দেৰিকৈ প্ৰয়োগ কৰা হৈছিল। প্ৰায় ৫ ঘণ্টা মানৰ বিলম্ব হৈছিল।

প্ৰায় তিনি ঘণ্টামানৰ পাছতহে বিশালৰ বিষাক্ত সাপৰ প্ৰথম লক্ষণ যেনে থু গিলিব নোৱাৰা আদি হৈছিল। এই সময়তে এণ্টিভেনম বেজী প্ৰয়োগ কৰিব লাগিব। এই সময়টোৱেই আমাৰ সোণালী সুযোগ। এই সময়তে আমি যদি এণ্টিভেনম বেজী আদি প্ৰয়োগ কৰোঁ, তেনেহলে উশাহ টানিবলৈ ব্যৱহাৰ হোৱা মাংসপেশীবোৰ বিহে অকামিলা কৰিব নোৱাৰে বাবে ৰোগীক ICU বা ভেণ্টিলেচনৰ প্ৰয়োজন নহয় আৰু ৰোগী সম্পূৰ্ণৰূপে ভাল হোৱাৰ অৱকাশ থাকে। কিন্তু বিশালৰ ক্ষেত্ৰত প্ৰায় ৫ ঘণ্টা মানৰ পাছতহে এণ্টিভেনম বেজী প্ৰয়োগ কৰা হৈছিল।

ইয়াত কাৰো ভুল নাই। যিহেতু দংশনৰ কোনো দাঁতৰ চিহ্ন নাছিল বা বিশালেও দংশন কৰিছিল বুলি গম পোৱা নাছিল বাবে পৰিয়ালৰ লোকেও বিশালক দংশন কৰা নাছিল বুলি ভাবি হস্পিটেললৈ অহা নাছিল।

আমাৰ ৰাইজ আৰু সমাজে নাজানে যে অসমৰ বিষাক্ত ক’লা ৰঙৰ শঙ্খচূড় সাপে দংশন কৰিলে ভুক্তভোগীজনে গমেই নাপায়। ইয়াৰ বিহ দাঁত দুটা আমি ব্যৱহাৰ কৰা ছিৰিঞ্জৰ বেজীতকৈও একেবাৰে সূক্ষ্ম দাঁত। এই বিহ দাঁত কেইটাই আমাক দংশন কৰিলে বিশেষ বিষ নহয় বা কেতিয়াবা মানুহজনে দংশন কৰিলে বুলি গমেই নাপায়। যিটো বিশালৰ ক্ষেত্ৰত হ’ল।

ক’লা ৰঙৰ শঙ্খচূড় সাপৰ বিহে আমাৰ হাত বা ভৰিৰ মাংসপেশীৰ সংস্পৰ্শত থকা স্নায়ুত আক্ৰমণ কৰে। আমাৰ ভৰি হাত লৰচৰ কৰিবলৈ হ’লে প্ৰথমে আমাৰ মগজুৰ পৰা স্নায়ুৰ জৰিয়তে এটা সংকেত আমাৰ মাংসপেশীলৈ আহে। মংগজুৰ পৰা পোৱা সংকেতে মাংসপেশীৰ ওচৰত থকা স্নায়ুৰপৰা ‘এছিটাইল কলিন’ নামৰ ৰাসায়নিক দ্ৰব্য নিঃসৰণ কৰাত সহায় কৰে। এই ‘এছিটাইল কলিন’ নামৰ ৰাসায়নিক দ্ৰব্যই আমাৰ মাংসপেশীৰ লৰচৰ কৰাত সহায় কৰে। যদি এই ‘এছিটাইল কলিন’ নামৰ দ্ৰব্যটো নাথাকে তেনেহলে মাংসপেশীবোৰ অৱশ হৈ পৰে। মগজুয়ে হাত ভৰি লৰচৰ কৰিবলৈ আদেশ দিলেও বা ৰোগীজনে লৰচৰ কৰিব বিচাৰিলেও হাত ভৰি লৰচৰ কৰিব নোৱাৰে। কেনে মাৰাত্মক বিহ!

মগজুৰপৰা মাংসপেশীলৈ সংকেত ঠিকেই আহে, কিন্তু শঙ্খচূড় সাপৰ বিহে এই দ্ৰব্য নিঃসৰণ হব নিদিয়ে। অৰ্থাৎ আমাৰ মগজু সম্পূৰ্ণ সুস্থ হৈ থাকে। ভুক্তভোগীজনে মানুহে ওচৰত কথা পতা আদি শুনি থাকে। কিন্তু জিভা লৰচৰ কৰিব নোৱাৰে, হাত-ভৰি লৰচৰ কৰিব নোৱাৰে। অৰ্থাৎ ৰোগীজন লক্‌ড (locked) হৈ যায়।

ক্ৰমান্বয়ে উশাহ টানিবলৈ ব্যৱহাৰ কৰা মাংসপেশীবোৰ অৱশ হ’ব আৰম্ভ কৰে। লাহে লাহে বহুত সময়ৰ মূৰে মূৰেহে ভুক্তভুগীজনে উশাহ টানে। উশাহ-নিশাহৰ মাংসপেশীবোৰ সম্পূৰ্ণ অৱশ হোৱা বাবে ভুক্তভোগীজনে নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰিব নোৱাৰা হয় আৰু শৰীৰত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যায় আৰু ৰোগী অজ্ঞান হৈ যায়। এই অৱস্থাত ৰোগীক ভেণ্টিলেচন প্ৰয়োগ নকৰিলে কিছু সময়ৰ পাছত ৰোগীৰ মৃত্যু হয়। অৰ্থাৎ ক’লা ৰঙৰ শঙ্খচুড সাপৰ বিহে ভুক্তভোগীজনক তিল-তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। কিন্তু এইটোও জানি ল’ব এই সাপডালৰ বিহে ভুক্তভোগীজনক প্ৰায় ৩-৪ ঘণ্টা সময়ো দিয়ে। বিশালৰ ক্ষেত্ৰতো প্ৰায় তিনি ঘণ্টা মানৰ পিছতহে প্ৰথম লক্ষণ দেখা দিছিল। সাপডালে যেন ভুক্তভোগীজনক বাৰে বাৰে কয়, তৎক্ষণাত হস্পিটেলত গৈ ভৰ্তি হৈ থাকা। মোৰ বিহে তোমাক ৬-১০ ঘণ্টাৰ ভিতৰতহে মৃত্যু ঘটাব। কিন্তু আমি জানো গুৰুত্ব দিছোঁ?

বিশালৰ ক্ষেত্ৰতো একেই হ’ল।

কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ (ভেণ্টিলেচন) ব্যৱস্থা কৰাৰ পাছতো প্ৰথম ১০ ঘণ্টা বিশালৰ একো সাৰ-সুৰ নাছিল। এটা যেন মৃতদেহ। মাত্ৰ হৃদস্পন্দনহে আছিল। দেউতাকৰ লগত গোটেই কথাখিনি বুজাই কথা পাতি থাকোঁতে, মৰমৰ ল’ৰাটোৰ অৱস্থা দেখি দেউতাকও মূৰ্ছা যায়। ২৪ বছৰীয়া মৰমৰ পুত্ৰৰ মৃতদেহৰ নিচিনা শৰীৰ প্ৰত্যক্ষ কৰি এনে হোৱাটো স্বাভাৱিক।

সৰ্প দংশনৰ চিকিৎসা কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চিকিৎসক আৰু গৱেষকসকলৰ আমাৰ এটা হোৱাটছ এপ গ্ৰুপ আছে। তাত বিশালৰ লক্‌ড (locked) অৱস্থাৰ কথা ফটো আৰু ভিডিঅ আদিৰে উপস্থাপন কৰোঁ। এজনে ক’লে এনে কৰ। সিজনে ক’লে তেনে কৰ। এইটো নিদিবি। সেইটো নিদিবি ইত্যাদি। কিন্তু আমি আমাৰ নিজস্ব প্ৰটক’লমতে আগবাঢ়িলোঁ। আমাৰ অসমৰ সাপ। অসমৰ ক’লা শংখচূড় সাপৰ বিহৰ মোকাবিলা আমাৰ ডিমৌ চিকিৎসালয়ৰ সকলো স্বাস্থ্যকৰ্মীয়ে কৃতকাৰ্য্যতাৰে কৰি আছে। শংখচূড় সাপৰ বিশেষ বেজীৰ প্ৰয়োগে আমি পূৰ্বতে সম্পূৰ্ণ সফলতা পাই আহিছিলোঁ। এইবাৰো পাম। বিশালো নিশ্চয় সুস্থ হ’ব। কিন্তু কেতিয়া সুস্থ হ’ব আমাৰ ওচৰত উত্তৰ নাছিল।

: আমাক ৭২ ঘণ্টা সময় দিয়ক। আমি অলপ চেষ্টা কৰি চাওঁ। ৭২ ঘণ্টা লৈকে বিশালৰ স্বাস্থ্যৰ উন্নতি নহ’লে, দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে। যদি চিকিৎসা দীঘলীয়া হোৱাৰ অৱকাশ থাকে, তেনেহলে আমি বিশালক ডিব্ৰুগড় মেডিকেল কলেজলৈ স্থানান্তৰিত কৰিম। কাৰণ প্ৰগতি হস্পিটেল এখন ব্যক্তিগত চিকিৎসালয়, আপোনালোকৰ বাবে দীঘলীয়া চিকিৎসাৰ খৰচ বহন কৰিবলৈ অসুবিধা হ’ব পাৰে। মুঠৰ ওপৰত আমি শেষ বিন্দুলৈকে যুঁজিম। আমাক মাত্ৰ ৭২ ঘণ্টা সময় দিয়ক। পৰিয়ালৰ লোকক একে উশাহতে কথাখিনি কৈ ভাল সময়লৈ বাট চালোঁ।

আমি এচিটাইল কলিন নামৰ ৰাসায়নিক দ্ৰব্যটো স্নায়ুৰপৰা নিঃসৰণ কৰিব পাৰিম নে? যদি নোৱাৰোঁ, তেনেহলে কিমান দিন বিশাল “লক্‌ড” অৱস্থাত থাকিব। এক সপ্তাহ। দুই সপ্তাহ। এমাহ? কিছুমান বিশেষজ্ঞই কেতিয়াবা দুই-তিনি মাহ তেনেদৰে থাকিব পাৰে বুলিও ক’লে। বিশালৰ পৰিয়াল আৰ্থিকভাৱে বৰ সচ্ছল নাছিল। এটা সময়লৈ তেওঁ খৰচ কৰিব পাৰিব। কিন্তু বিশালৰ এই অৱস্থাত লাখ লাখ টকা খৰচ কৰিলেও পৰিয়ালবৰ্গই এজন সুস্থ বিশাল নাপাবও পাৰে। সৰ্প দংশনত অত্যধিক খৰচ আৰু এটা ঋণাত্মক চিন্তা ধাৰাই সৰ্প দংশনৰ মেডিকেল চিকিৎসাৰ ক্ষেত্ৰত সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। আকৌ বেজ-বেজালিয়ে সমাজখন গ্ৰাস কৰিব পাৰে। পৌৰাণিক অন্ধবিশ্বাসবোৰ আকৌ ঠন ধৰি উঠিব। আসন্ন পৰাজয়ৰ কথা ভাবি আমি হতাশাত ভুগিছিলোঁ।

এইবোৰ চিন্তাধাৰাই আমাক সেইকেইদিন প্ৰতিটো মুহূৰ্তত বিচলিত কৰিছিল। মনে মনে পণ ল’লোঁ, নাই বিশাল ভাল হ’বই লাগিব। শীঘ্ৰে ভাল হ’ব লাগিব। কিন্তু কেনেকৈ?

কিতাপৰ মতে শংখচূড় সাপৰ বাবে ব্যৱহৃত বিশেষ বেজী(কেলচিয়াম) ৬ ঘণ্টা বা ৮ ঘণ্টাৰ মূৰে মূৰে দিব লাগে। সেই মতে আগবাঢ়োঁতে প্ৰথম দিনা বিশালৰ স্বাস্থ্যৰ আমি বিশেষ উন্নতি প্ৰত্যক্ষ নকৰিলোঁ। মনে মনে ভাবিলোঁ বিশেষ বেজী কেলচিয়ামৰ পৰিমাণ বঢ়োৱা যাওক নেকি? পাৰ্শ্বক্ৰিয়া হোৱাৰ অৱকাশ আছে। কিন্তু সেইটো আমি মোকাবিলা কৰিব পাৰিম। দৰৱৰ পাৰ্শ্বক্ৰিয়াতকৈ বিশালৰ ‘লক্‌ড’ অৱস্থাটোৰ উন্নতিক অগ্ৰাধিকাৰ দিয়াৰ কথা ভবা হয়। ৰোগীৰ জীৱনৰ স্বাৰ্থত প্ৰট’ক’লবোৰ আকৌ জলাঞ্জলি দিব লগাত পৰিল। বিশেষ বেজী ৪ ঘণ্টাৰ মূৰে মূৰে দিয়াৰ সিদ্ধান্ত লোৱা লোৱা হয়। এতিয়া মাথোঁ ভাল সময়ৰ অপেক্ষাত।

: বিশাল, বাঁওহাতখন দাঙি দিয়াচোন?
বিশালে চেষ্টা কৰিছিল, কিন্তু হাতৰ আঙুলিও লৰচৰ কৰিব নোৱাৰিছিল।

শ্বাসনলীত পাইপ আৰু নাকত খাদ্যৰ পাইপটো লৈ বিশালে চাৰিওফালে কি হৈছে বা তাৰ কি হৈছে একো বুজি পোৱা নাছিল।

: মানুহজনে মোক বাঁওহাতখন দাঙিব কৈছে, কিন্তু মই পৰা নাই কিয়? সৰ্বনাশ, মই দেখোন একো কৰিব পৰা নাই। মোৰ মুখত কি এইদাল? মই ক’ত আছোঁ? মোৰ কি হৈছে, ইত্যাদি বিভিন্ন প্ৰশ্নই বিশালক ব্যতিব্যস্ত কৰিছিল চাগৈ। মণিটৰত বিশালৰ হৃদপিণ্ডৰ হাৰ এক মিনিটত ১৫০ হওঁতেই মই বিশালৰ মনৰ কথা বুজিব চেষ্টা কৰিছিলোঁ।

: বিশাল, তুমি চিন্তা নকৰিবা! মই ডাঃ সুৰজিত গিৰি। তোমাক বিষাক্ত ক’লা শঙ্খচূড় সাপে দংশন কৰিছিল। তুমি প্ৰগতি হস্পিটেলৰ ICUত আছা। দুই-তিনিদিনৰ ভিতৰত তোমাৰ ভাল হৈ যাব। দেউতাকেও বিশালক এষাৰ মাত দিয়ে। বিশাল কিছু আশ্বস্ত হোৱা যেন দেখা গল। কাৰণ মণিটৰত হৃদপিণ্ডৰ হাৰ এক মিনিটত ১৫০ ৰপৰা ৯০ লৈকে কমি আহে।

দ্বিতীয় দিনাখনো বিশালে হাত ভৰি লৰচৰ কৰিব বিচাৰিছিল। কিন্তু নোৱাৰিলে।

: পিয়াহ লাগিছে। কিন্তু পানী বিচাৰিব পৰা নাই। কোনে পানী দিব মোক? মই কেতিয়া ভাল হম? এয়া সপোন নে দিঠক? নাকে-মুখে পাইপ লৈ এনে বিভিন্ন প্ৰশ্নই বিশালক ব্যতিব্যস্ত কৰি ৰাখিছিল।

কিন্তু লাহে লাহে আমি জয়ৰ দিশলৈ আগবাঢ়িছিলোঁ। দ্বিতীয় দিনাৰ ৰাতিলৈ বিশাল লাহে লাহে সুস্থ হ’বলৈ আৰম্ভ কৰে। প্ৰায় ৩৯ ঘণ্টাৰ পাছত বিশালে আমাৰ আদেশবোৰৰ প্ৰত্যুত্তৰ দিব আৰম্ভ কৰে। হাত দাঙিবলৈ কলে দাঙে, জিভা মুখৰ পৰা বাহিৰলৈ উলিয়াবলৈ ক’লে উলিয়ায়। মোৰ আঙুলিকেইটা জোৰকৈ খামোছ মাৰি ধৰিব দিলে, জোৰকৈ খামোছ মাৰিব পৰা হৈছিল, অৰ্থাৎ আমি স্নায়ুৰপৰা ‘এচিটাইল কলিন’ নামৰ ৰাসায়নিক দ্ৰব্যটো নিঃসৰণ কৰাবলৈ সক্ষম হৈছিলোঁ আৰু প্ৰায় ৪০ ঘণ্টাৰ পাছত ভেণ্টিলেচন খুলি দিয়া হৈছিল।

লাহে লাহে বিশালে খাদ্য নিজে খাব পৰা হৈছিল, পেচাব কৰিব পৰা হৈছিল, খোজ কাঢ়িছিল আৰু ১৯ এপ্ৰিল তাৰিখে হস্পিটেলৰ পৰা চুটি দিয়া হয়।

কেনেবাকৈ বিশালে সাপডাল নেদেখা হলে, বিশাল শুই গ’লহেঁতেন আৰু প্ৰায় ১২মান বজাত বিছনাত ধৰ-ফৰাই থাকিলহেঁতেন। কাৰোবাক মাতোঁ বুলি ক’লেও মাতিব নোৱাৰিলেহেঁতেন, উঠোঁ বুলি ক’লেও উঠিব নোৱাৰিলেহেঁতেন আৰু ৰাতিপুৱালৈ বিশাল ‘লক্‌ড’ হৈ গ’লহেঁতেন। অলপ অলপ উশাহ লৈ থাকিলহেঁতেন। হাত ভৰি দাঙিব নোৱাৰিলেহেঁতেন, চকু জপাবও নোৱাৰিলেহেঁতেন, চকু মেলিবও নোৱাৰিলেহেঁতেন, মানুহে কথা পতা সকলো শুনি থাকিলহেঁতেন, কিন্তু বিশালে একো উত্তৰ দিব নোৱাৰিলেহেঁতেন। এই অৱস্থাটোক আমি ‘লক্‌ড ইন চিন্দ্ৰম’ বুলি কওঁ।

ৰাতিপুৱা তেনে অৱস্থাত পৰিয়ালৰ লোকে বিশালক ডাক্তৰ ওচৰলৈ নিলেহেঁতেন। প্ৰট’ক’ল মতে ডাক্টৰেও মূৰৰ CT স্কেন, MRI, তেজৰ পৰীক্ষা কৰিলেহেঁতেন আৰু বেমাৰটো ধৰিব নোৱাৰাকৈ একো ডায়গনচিছ নোহোৱাকৈ ৰাতিপুৱা প্ৰায় ৭ মান বজাত বিশালৰ মৃত্যু হ’লহেঁতেন। দুৰ্ভাগ্য পৰিয়ালৰ লোকে হিয়া ঢাকুৰি কান্দিলেহেঁতেন। একো বেমাৰ ধৰা নপৰাকৈ বিশাল এই পৃথিৱীৰ পৰা গুচি গ’লহেঁতেন আৰু পৰিয়ালৰ লোকক এটা প্ৰশ্ন এৰি থৈ গ’লহেঁতেন? আগতে একো বেমাৰ-আজাৰ নথকা বিশালৰ কি বেমাৰ হৈ মৃত্যু হ’ল? বছৰে বছৰে তেওঁলোকক এই কথাটোৱে খুলি খুলি খালেহেঁতেন। কিন্তু উত্তৰ কেতিয়াও বিচাৰি নাপালেহেঁতেন।

সেইবাবে আমি ক’লা ৰঙৰ শঙ্খচূড় সাপডালক অসমৰ নীৰৱ ঘাতক বুলি অভিহিত কৰিছোঁ।

এই সাপডালে মানুহৰ সান্নিধ্য খুউব ভাল পায়। ই নিশাচৰী সাপ। মানুহৰ উত্তাপ বিচাৰি ই মানুহৰ ঘৰত প্ৰৱেশ কৰে। গৰমৰ ৰাতি কেতিয়াবা আমি পাটী পাৰি আঁঠুৱা নতৰাকৈ মাটিত শুলে, ই আমাৰ গাৰ ওচৰে-পাজৰে বহি আমাৰ শৰীৰ পৰা নিৰ্গত হোৱা উত্তাপ লৈ জিৰণি লৈ থাকে আৰু আমি গমকে নাপাওঁ। টোপনিৰ জালত আমাৰ হাত বা ভৰি বা গাটো তাৰ গাত লাগিলে ই আত্মৰক্ষাত আমাক দংশন কৰে। আমি গমকে নাপাওঁ আৰু টোপনিতে ব্যক্তিজনৰ মৃত্যু হয়। ৰাতিপুৱা আমি যেতিয়া তেখেতক জগাম তেওঁৰ ইতিমধ্যে মৃত্যু হয়। তেতিয়া আমি ষ্ট্ৰোক বা হাৰ্ট এটেক হৈ ঢুকাল বুলি ভাবোঁ। কোনো ধৰণৰ বেমাৰ নথকা এজন মানুহৰ ৰাতিপুৱা মৃত্যু! ভাবিবলৈ টান লাগে নহয় জানো?

কোনে জানে, যদি আমি সেই বিছনাতে আকস্মিকভাবে মৃত্যু হোৱা ব্যক্তিসকলৰ পোষ্ট মৰ্টেম কৰাহেঁতেন, জানোচা শৰীৰৰ কৰবাত দুটা বিন্দু ফোঁট দেখা পাবও পাৰিলোঁহেঁতেন‌। অৰ্থাৎ ই সাপৰ দংশনো হোৱাৰ অৱকাশ আছিল। এনেকুৱা অনেক উদাহৰণ আমাৰ আছে।

বিশালৰ সংকটজনক অৱস্থা বাধা দিব পাৰিলোঁহেঁতেন নেকি?

নিশ্চয় পাৰিলোঁহেঁতেন-
যদিহে-

যদিও সাপডাল দংশন কৰাৰ কোনো দাগ বা বিষ বা ফুলা নাছিল, তথাপি তেওঁলোক আহি ৰাতি প্ৰায় ১০-৩০ মান বজাত শিৱসাগৰ চিভিল হস্পিটেলত ভৰ্তি হৈ থাকিলহেঁতেন আৰু যেতিয়া বিশালৰ, বিষাক্ত সাপৰ বিহৰ প্ৰথম লক্ষণ প্ৰায় একমান বজাত দেখা দিলেহেঁতেন, তেতিয়াই এণ্টিভেনম বেজীৰে সজোৰে প্ৰহাৰ কৰাহেঁতেন, সাপৰ বিহটোৱে আমাৰ শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজন হোৱা মাংসপেশীবোৰ অৱশ কৰিবলৈ সময় নেপালেহেঁতেন আৰু বিশাল কমা লৈ নগলহেঁতেন আৰু ICU বা ভেণ্টিলেচনৰ প্ৰয়োজন নহলহেঁতেন।

সেইবাবে আমি আমাৰ ৰাইজক সদায় এটাই অনুৰোধ কৰোঁ, যদি সৰ্প দংশন হৈছে বা ৰাতি ক’লা ৰঙৰ সৰ্পৰ সংস্পৰ্শলৈ আহিছে, কিন্তু দংশন কৰাৰ কোনো লক্ষণ নাই, তথাপি তৎক্ষণাত হস্পিতালত আহি ভৰ্তি হওক। লক্ষণ আহিলে দেখা যাব, তেতিয়া হস্পিতাল যাম বুলি ভাবি থাকিলে, বহুত দেৰি হ’ব পাৰে আৰু ৰোগীক তেতিয়া এক লাখটা এণ্টিভেনম বেজী দিলেও একো লাভ নহ’ব, কাৰণ প্ৰথম লক্ষণ দেখা দিয়াৰ পাছত সময় পাৰ হোৱাৰ লগে লগে সাপৰ বিহে আমাৰ স্নায়ুত থিতাপি লয়। স্নায়ুত থিতাপি লোৱা সাপৰ বিহক এণ্টিভেনম বেজীয়ে অকামিলা কৰিব নোৱাৰে। তেজত মিহলি হৈ থকা বিহকহে এণ্টিভেনম বেজীয়ে অকামিলা কৰিব পাৰে। বিহ স্নায়ুত থিতাপি লোৱাৰ আগতে তেজত মিহলি হৈ থকা বিহক অকামিলা কৰিবই লাগিব, অন্যথা ICU বা ভেণ্টিলেচনৰ প্ৰয়োজন হ’ব।

আমি যেন হাৰি হাৰি জিকিলোঁ। কিন্তু সদায়ে যে আমি জিকিম সেয়া কোনোপধ্যেই হ’ব নোৱাৰে। সেইকাৰণে ৰাইজ আৰু সমাজক আমাৰ এটাই অনুৰোধ সৰ্প দংশন হৈছে বা সংস্পৰ্শলৈ আহিছে, তৎক্ষণাত হস্পিতালত ভৰ্তি হওক।

ধন্যবাদেৰে

ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
সৰ্প দংশনৰ সামাজিক কৰ্মকৰ্তা
শিৱসাগৰ

ফোন: ৯৪৩৫০৫৬৬২৭

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!