এখন এবছাৰ্ডধৰ্মী উপন্যাস ‘The Outsider’

লেখক- ভক্তিদেৱী চহৰীয়া

Albert Kemus (এল্বেয়াৰ কামু)ৰ ‘The Outsider’ এখন এবছাৰ্ডধৰ্মী ধৰ্মী উপন্যাস।
সাহিত্যত এবছাৰ্ড ধৰ্মই কি বুজায়? এনে সৃষ্টিত কাহিনীয়ে পঢ়ুৱৈয়ে আশা কৰাতকৈ অন্য গতি লয়, হঠাতে কিছুমান ঘটনা ঘটি যায়, যি বিলাকে কাহিনীৰ চৰিত্ৰবিলাকৰ জীৱন আকস্মিকভাৱে সলনি কৰি দিয়ে। প্ৰচলিত বিশ্বাস, মানবীয় অনুভূতি, সামাজিক পৰম্পৰাৰ পৰা আঁতৰত ৰৈ চৰিত্ৰৰ বিকাশ হয় আৰু পৰিণতি লাভ কৰে।
‘The Outsider’খন কামুয়ে ফৰাচী ভাষাত ৰচনা কৰিছিল। ১৯৪২ চনত ফৰাছী ভাষাত ‘L’Estranger’ নামেৰে প্ৰকাশিত হৈছিল। ইংৰাজী ভাষাত কিতাপখন প্ৰকাশ কৰা হৈছিল ‘The Outsider’ নামেৰে।
এই উপন্যাসখন আৰম্ভ হৈছে কাহিনীৰ নায়ক (প্ৰতি নায়ক)ৰ মাতৃৰ মৃত্যুৰ বাতৰিৰে। Arthur Meursault এ বৃদ্ধ আৱাসত বাস কৰা তেওঁৰ মাতৃৰ মৃত্যুৰ খবৰ পাই তেওঁৰ নিয়োগকৰ্তাৰ ওচৰত ‌ছুটীৰ বাবে আবেদন জনাইছে আৰু অতি লৰালৰিকৈ আশী কিলোমিটাৰ দূৰত থকা মেৰেঙ্গ’ নামৰ ঠাইলৈ যাত্ৰা কৰিছে। অত্যন্ত গৰমত গোটেই যাত্ৰাটোত টোপনিত লালকাল দি তেওঁ বৃদ্ধাবাসটো পালেগৈ। আৱাসটোৰ তদাৰক কৰোঁতাজনৰ লগত তেওঁ চিগাৰেট হুপিলে আৰু কফি খালে। মাকৰ কফিনৰ ওচৰত আৱাসীসকলে ৰাতিটো বহি থাকি মৃতকৰ প্ৰতি সন্মান জনালে। মাকৰ এগৰাকী একেবাৰে অন্তৰঙ্গ সঙ্গীয়ে কন্দা-কটাও কৰিলে। মাছাল্টৰ ইমান ভাগৰ লাগিছিল যে বহি বহিয়েই তেওঁ টোপনি গ’ল। পিছদিনা শেষকৃত্য সম্পন্ন কৰি তেওঁ নিজৰ ঘৰলৈ উভতি গ’ল। পিছদিনা আছিল শনিবাৰ। তেওঁৰ ছুটীৰ দিন আছিল। মাছাল্টে সাগৰত সাঁতুৰিবলৈ গ’ল। তাতে বান্ধবী মেৰীক লগ পালে। দুয়ো একেলগে এখন কমেডি চিনেমা চালে আৰু নৈশ যাপন কৰিলে।
ঘটনাক্ৰমে মাছাল্ট তেওঁৰ এজন বন্ধু আৰু বন্ধুৰ বান্ধবীৰ লগত হোৱা সংঘাতৰ লগত সাঙোৰ খাই পৰিব লগা হ’ল। এই সংঘাতৰ ফলত কেইজনমান আৰব শত্ৰুৰ সৃষ্টি হ’ল। এদিন সেই বন্ধু(Raymond), মাছাল্ট আৰু মেৰী আন এজন বন্ধুৰ সাগৰ-পাৰৰ ঘৰলৈ ফুৰিবলৈ গ’ল। আৰব কেইজনেও তেওঁলোকক অনুসৰণ কৰি সেইখিনি পালেগৈ। হতাহতি কাজিয়া কৰি আৰব কেইজন আঁতৰি গ’লেও কিছু সময়ৰ পিছত দুটা আৰবৰ আকৌ মুখামুখি হ’ব লগা হ’ল। এইবাৰ ৰেমণ্ডৰ বন্দুকটো মাছাল্টৰ হাতত আছিল। আৰব দুটা আঁতৰি গ’ল। কিন্তু সাগৰ-পাৰৰ ঘৰটো পাওঁতে আকৌ এটা ওলালহি। ইতিমধ্যে ৰেমণ্ড চিৰি বগাই ঘৰৰ ওপৰলৈ উঠি গ’ল। অতিপাত গৰম আৰু সূৰ্যৰ পোহৰৰ বাবে মাছাল্ট হঠাতে অস্থিৰ হৈ পৰিল আৰু আৰবটোক গুলিয়াই দিলে। প্ৰথম গুলিটোতে মানুহটোৰ মৃত্যু হ’ল। মাছাল্টে অনুভৱ কৰিলে তেওঁ প্ৰকৃতিৰ ভাৰসাম্য নষ্ট কৰিলে; তথাপিও প্ৰাণহীন শৰীৰটোতে তেওঁ আৰু চাৰিবাৰ গুলি কৰিলে। এনেকৈয়ে মাছাল্টৰ সন্মুখত অদৃষ্টৰ ভয়ানক দুৱাৰখন খোল খাই গ’ল। ( And it was as if I had rapped sharply, four times, on the fatal door of destiny.)
এই হত্যাকাণ্ডৰ বিচাৰ-প্ৰক্ৰিয়া আৰম্ভ হ’ল। গোটেই ঘটনাটো একেবাৰে সৰল বুলি ভাবি মাছাল্টে নিজৰ হৈ উকীল নিয়োগ কৰিব নুখুজিলে; গতিকে তেওঁৰ বাবে চৰকাৰী উকীল নিয়োগ কৰা হ’ল। উকীলে জনালে যে গোচৰটো সাধাৰণ আৰু সহজে মীমাংসা হ’ব। কিন্তু ঘটনাক্ৰম এনেকুৱা হ’ল আৰু বিপক্ষৰ উকীলে মাছাল্টৰ ব্যক্তিত্বৰ বিষয়ে এনে কিছুমান তথ্য খুচৰি উলিয়ালে যে মাছাল্ট অতি ভয়ঙ্কৰ অপৰাধী হিচাপে প্ৰতিপন্ন হ’ল আৰু তেওঁক শিৰশ্ছেদ কৰি মৃত্যুদণ্ড দিবলৈ জুৰিয়ে ৰায় দিলে।
এটা সৰল গোচৰ বুলি ভাবি থকা কাণ্ডটোৱে মাছাল্টক যে গিলটিনৰ মুখলৈ ঠেলি দিব সেই কথা তেওঁ আৰু তেওঁৰ বন্ধু-বান্ধবী কোনেও আশা কৰা নাছিল। কিন্তু প্ৰচিকিউটৰে মাছাল্টৰ ব্যক্তিত্বৰ কিছুমান দিশ ন্যায়ালয়ত দাঙি ধৰিলে যিবোৰে তেওঁক মানুহৰ সলনি দানৱ বুলি প্ৰতিপন্ন কৰিলে। মাছাল্টৰ বিৰুদ্ধে মানুহ হত্যা কৰাতকৈ ডাঙৰ অপৰাধ আছিল মাকক তেওঁ নিজৰ লগত নেৰাখি বৃদ্ধ আৱাসত‌ ৰাখিছিল আৰু মাকৰ মৃত্যুত তেওঁ এবাৰো চকুপানী টোকা নাছিল। মাকৰ কফিনৰ কাষত বহি তেওঁ টোপনি গৈছিল, কফি আৰু চিগাৰেট খাইছিল। গতিকে, এনে এজন মানুহৰ মাজত আত্মা থকা অসম্ভৱ আৰু তেওঁ সমাজত জীয়াই থকাৰ যোগ্য নহয়। মাছাল্টৰ মতে মাক তেওঁৰ লগত থাকোঁতেও সুখেৰে থকা নাছিল। তেওঁলোকৰ মাজত কথা-বতৰা নহৈছিলেই আৰু মাকৰ যত্ন লবৰ বাবে মানুহ ৰাখিবলৈ তেওঁৰ পৰ্যাপ্ত ধন নাছিল। তদুপৰি মানুহৰ মৃত্যু এটা অৱধাৰিত ঘটনা, তাত কান্দিব লগা কিটো আছে? নকন্দা মানে এইটো নহয় যে তেওঁ মাকক ভাল নাপাইছিল। মাছাল্টৰ বিৰুদ্ধে আৰু অভিযোগ উঠিল যে মাকৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছতে তেওঁ সেই স্থান এৰিছিল আৰু পিছদিনাই বান্ধবীৰ লগত কমেডি চিনেমা চাই একেলগে নিশা কটাইছিল- হৃদয় থকা কোনো ব্যক্তিয়ে এনে কাম কৰিব নোৱাৰে। তেওঁৰ চৰম নিষ্ঠুৰতাৰ অন্য এক উদাহৰণ হ’ল তেওঁ প্ৰথম গুলিটোতে মৃত্যু হোৱা আৰবটোক দুই চেকেণ্ড ৰৈ আৰু চাৰিবাৰ গুলিয়াইছিল। আৰবটোক হত্যা কৰাটো পৰিকল্পিত আছিল আৰু সেইবাবেই বন্দুক হাতত লৈ সাগৰৰ পাৰলৈ গৈছিল। মাছাল্টে আচলতে ৰেমণ্ডৰ হাতখন আঘাতপ্ৰাপ্ত হোৱা বাবেহে বন্দুকটো নিজৰ হাতত লৈছিল, কাকো‌ গুলি কৰাৰ বাসনা নাছিল, বৰঞ্চ কিছু আগতে তেনে এটা দুৰ্ঘটনা যাতে নঘটে তাৰ বাবেহে চেষ্টা ‌কৰিছিল। সমস্যাটো হ’ল- ঘটি যোৱা ঘটনাটোৰ বাবে মাছাল্ট অনুতপ্ত হোৱা নাছিল, কাৰণ ঘটনাটো ঘটি গ’ল, তাত তেওঁৰ কোনো হাত নাছিল। মাছাল্টৰ এনে আচৰণৰ বাবে প্ৰচিকিউটৰে দঢ়াই দঢ়াই ক’লে যে এনে এজন হৃদয়হীন মানুহ জীয়াই থকাৰ কোনো অধিকাৰ নাই। তেওঁ মানব সমাজৰ বাবে বিপদজনক।
মাছাল্টৰ অন্য এক ব্যৱহাৰৰ বাবে তেওঁৰ আত্মা অধঃপতিত হোৱা বুলি কোৱা হ’ল। তেওঁ বাৰে বাৰে ঘোষণা কৰিলে যে তেওঁ ঈশ্বৰৰ অস্তিত্ব মানি নলয়। ন্যায়াধীশ গৰাকীয়ে ক্ৰচ এডালৰ সন্মুখত নিজৰ পাপ মোচনৰ বাবে তেওঁক প্ৰাৰ্থনা জনাবলৈ ক’লে। মাছাল্ট মান্তি নহ’ল। মৃত্যুদণ্ডৰে দণ্ডিত হৈ শেষ দিনলৈ বাট চাই থকা মাছাল্টে ধৰ্মৰ বাণীৰে তেওঁৰ আত্মাক পাপৰ বোজাৰ পৰা মুক্ত কৰিব খোজা ধৰ্ম-যাজকজনক তিনিবাৰ দেখা কৰিবলৈ অমান্তি হৈ ঘূৰাই পঠিয়াইছিল। তেওঁৰ মতে তেওঁ অপৰাধ কৰিছে, আইনে দণ্ড বিহিলে, গোটেই কথাটোৰ মীমাংসা হৈ গ’ল। ইয়াত পাপ, ঈশ্বৰ, প্ৰাৰ্থনা-এইবোৰ কথা কৰ পৰা আহিল? তদুপৰি তেওঁ পৰজন্মত বিশ্বাস নকৰে বুলি জনালে। মানুহৰ সকলো হিচাপ ইয়াতে হৈ যায়, এই জন্মৰ সিপাৰে আৰু জীৱন আছে, তাৰ বাবে আমি এই জনমতে পূণ্য আৰ্জিব লাগিব বুলি একো কথা নাই। ধৰ্ম-যাজকজন স্বাভাৱিকভাৱেই বিচলিত হ’ল, মাছাল্টক বেচিকৈ বুজাবলৈ চেষ্টা কৰোঁতে তেওঁ যাজকজনৰ ওপৰত চিঞৰিবলৈ ধৰিলে আৰু তেওঁৰ চোলাটোৰ কলাৰত ধৰি জোকাৰিবলৈ ধৰিলে। মাছাল্টৰ মতে তেওঁৰ জীৱনত যিবিলাক ঘটনা ঘটিছে সেইবোৰ নঘটিলেও হ’লহেঁতেন, বেলেগ ধৰণেও জীৱনে গতি কৰিব পাৰিলেহেঁতেন, কিন্তু নঘটিল বা গতি নকৰিলে, তাত তেওঁৰ কৰিব পৰা একো নাই; গতিকে ঘটনাবোৰ যেনেকৈ ঘটিছে তেনেকৈয়ে তেওঁ গ্ৰহণ কৰিব।
মাছাল্ট সাধাৰণ মানুহতকৈ ব্যতিক্ৰমী ব্যক্তি। তেওঁৰ জীৱন সম্পৰ্কে ধাৰণা সুস্পষ্ট। জন্মৰ লগতে মৃত্যু এটা সত্য কথা, যিকোনো পথৰে, যিকোনো সময়ত মৃত্যু আহিব পাৰে। গতিকে মৃত্যুক সহজভাৱে গ্ৰহণ কৰিবলৈ তেওঁৰ কোনো সংকোচ নাই। আনহাতে জীৱনত যিকোনো ঘটনা ঘটিব পাৰে। আশা কৰা মতে জীৱন নচলিবও পাৰে, তাৰবাবে দুখী বা নিৰাশ হোৱাৰ কোনো কাৰণ নাই। যেনেকৈ ঘটনাবোৰ ঘটে তেনেকৈয়ে গ্ৰহণ কৰাৰ তেওঁ পক্ষপাতী। জেলত থকা প্ৰথম কিছু দিনত তেওঁৰ দুটা বস্তুৰ বাবে আকাঙ্ক্ষা জাগিছিল-এগৰাকী নাৰীৰ প্ৰতি আৰু চিগাৰেটৰ প্ৰতি। গাৰ্ডজনে জনালে যে তেনে সুবিধা তেওঁ নাপায়।
-কিয়?
-এনে বিলাস যদি লাভেই কৰে তেওঁৰ শাস্তি
-কেনেকৈ হ’ব?
-ঠিকেইতো।
মাছাল্টে কথাটো মানি ল’লে। জেলৰ জীৱন, দণ্ডিত জীৱন তেনেকুৱাই, গতিকে গ্ৰহণ কৰিব লাগিব। তেওঁৰ ইয়াৰ পিছত চিগাৰেট হোপাৰ হেঁপাহ একেবাৰে নোহোৱা হ’ল।
মাছল্টৰ জীৱন-দৰ্শন একেবাৰে পৰিষ্কাৰ। তেওঁৰ বান্ধবীয়ে তেওঁক সুধিছিল বিয়া পাতিবানে নাই। মাছাল্টে ক’লে যে বিয়া পাতিবলৈ তেওঁ সাজু, কাৰণ তেওঁৰ বাবে এগৰাকী নাৰীৰ প্ৰয়োজন আছিল। বান্ধবীয়ে সুধিলে, বিয়া পাতিব বাৰু, কিন্তু তেওঁক ভাল পাইনে নাপায়? মাছাল্টে জনালে যে বিয়াৰ লগত ভালপোৱাৰ একো সম্পৰ্ক নাই। বিয়াৰ বান্ধোনত থকা কিমান মানুহ প্ৰেমৰ বান্ধোনত থাকে? সেইগৰাকী বান্ধবী অথবা অন্য কোনো নাৰী, কোনো কথা নাই, তেওঁক এগৰাকী নাৰীৰ প্ৰয়োজন, হ’লেই হ’ল।
মাছাল্টৰ এই ব্যতিক্ৰমী স্বভাৱটোৰ বাবেই বান্ধবীয়ে তেওঁক ভাল পাই থাকিল।
নিজক বচাবলৈ মাছাল্টে আপিল নকৰিলে। তেওঁৰ এটা দীঘল জীৱন বা ক্ষমা দান পোৱাৰ কল্পনাই তেওঁক আনন্দিত কৰিছিল; কিন্তু সেয়া ক্ষন্তেকীয়া মাত্ৰ। পিছ মূৰ্হূততে তেওঁ ভাবি লৈছিল-মৃত্যু, মৃত্যুৱেই, সত্তৰ বছৰতে হওক বা ত্ৰিশ বছৰতে হওক, একে কথা।
বিচাৰ প্ৰক্ৰিয়াত মাছাল্টে বাৰে বাৰে কৈছিল যে তেওঁৰ কোনো দোষ নাই। ঘটনাটো ঘটি গ’ল মাত্ৰ। তেনেহ’লে কিয় তেওঁ হত্যা কৰিলে আৰবজনক?
মাছাল্টে প্ৰথমতে ক’বলৈ টান পালে যে উৎকত ৰ’দ আৰু গৰমত তেওঁৰ মূৰটো যেন জ্বলিবলৈ ধৰিছিল আৰু হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল। শেষ মুহূৰ্তত এই কথাটো যেতিয়া তেওঁ প্ৰকাশ কৰিলে সকলোৱে হাঁহি উৰুৱাই দিলে।
উপন্যাসখনৰ আৰম্ভণিৰ পৰা শেষলৈকে সূৰ্যৰ তাপ আৰু পোহৰে বিশেষ প্ৰভাৱ পেলাইছে। গোটেই ঘটনাবিলাক গৰমৰ মাজতে ঘটিছে। মৃত্যু, অন্তেষ্টিক্ৰিয়া, বিচাৰ-সকলো বিলাকতে সূৰ্যৰ প্ৰচণ্ড তাপ। সূৰ্যৰ তাপৰ বাবেই মাছাল্ট হত্যাকাৰীত পৰিণত হৈছে। সূৰ্যৰ উদয়ৰ পৰা অস্তলৈকে সকলো অৱস্থাৰ বৰ্ণনা, ৰাতিৰ আকাশৰ ৰূপ আৰু তাৰ লগে লগে মাছাল্টৰ মানসিক প্ৰতিক্ৰিয়া মন কৰিবলগীয়া। ডাঙৰ কথা এইটোৱেই যে প্ৰকৃতিৰ প্ৰতি ইমান সংবেদনশীল মানুহ এজনে সকলো কথা নিৰুদ্বেগভাৱে কেনেকৈ গ্ৰহণ কৰিছিল? অৱশ্যে তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ মৃত্যুদণ্ড হাঁহি উঠাকৈ অসংগতভাৱে ঘোষণা কৰা হৈছিল। কিন্তু সেয়াও সাময়িকভাৱেহে, পিচত তেওঁ ধৰি লৈছিল, “I had no choice but to admit that from the moment sentence was passed it’s impact became as certain, as real, as the solid wall of my cell against which I pressed my body.”
মাছাল্ট, যিজন উপন্যাসখনৰ নায়ক হৈও খলনায়ক, সঁচাকৈয়ে এই পৃথিৱীৰ বাবে এজন আউটচাইদাৰ। তেওঁৰ বাস্তৱ ধাৰণাক আত্মাৰ অধঃপতন বুলি গণ্য কৰা হয়। এই সমাজৰ পৰম্পৰাগত বিশ্বাসৰ মাজত তেওঁৰ নিজস্ব বিশ্বাস খাপ নাখায়। তদুপৰি আলজেয়াৰ্চত বাস কৰা তেওঁ মূলতঃ এজন ফৰাচী লোক; গতিকে সেই সমাজতো তেওঁ বহিৰাগত।
কামু এবচাৰ্ডিজিমৰ বাটকটীয়া আছিল। কামুৰ মতে এবছাৰ্ডিজিম হৈছে, “A philosophical idea that life is meaningless and humans are forced to recognise this truth. At the heart of his philosophy is the idea that life is absurd.”
জীৱন অৰ্থহীন, মানুহে জীৱন ধাৰণৰ বাবেই অহৰহ বিফল কষ্ট কৰিছে-এই কথাটো প্ৰতিপন্ন কৰিবলৈ কামুয়ে গ্ৰীচৰ প্ৰাচীন চৰিত্ৰ ছিছিফাচৰ কাহিনীও গ্ৰহণ কৰিছে।
কামুৰ জীৱন-সংজ্ঞামতেই ‘The Outsider’ ৰ কাহিনী আগ বাঢ়িছে আৰু নায়কে (খল নায়ক) অনাকাঙ্ক্ষিত পৰিস্থিতিৰ মাজেৰে কৰুণ পৰিণতি সাৱটি লৈছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!