ভ্ৰমীভূত

লেখক- মনস্ৱিনী মহন্ত

“কিউ ডিজৰ কথকতা-১”
-সকলো মায়াকে সামৰি ৰাখো। সৰুতে পিন্ধা কাপোৰ। টান হৈছে তথাপিও ৰাখো । মায়ে কিমান গালি দিয়ে। লোভী নহ’বি। লোভ নহয়। মোহো নহয়। মায়া । আৰু কোনোবা এদিন আচম্বিতে আলমিৰা চাফা কৰোঁতে এগাল কাপোৰ দান কৰোঁ । দান কৰা কাপোৰৰ দমটোতো পিছে নতুন কাপোৰবোৰ বেছি থাকে। অস্পৰ্শিত । স্পৰ্শলৈ মোৰ কি যে মায়া !
স্পৰ্শ আদৰৰ । স্পৰ্শ কাতৰতাৰ । স্পৰ্শ বাংময় । স্পৰ্শ নৈব্যৰ্ক্তিক। আৰু মই অনিৰ্বাণৰ বাদামী চকুৰ মৰ্মথলীলৈ চুই যোৱা স্পৰ্শত নগলিম !
-বুজিলোঁ বাৰু ; কিন্তু তুমি বৰুণৰ কথাহেচোন কৈ আছিলা !
-অ’, বৰুণৰ কথা কৈ আছিলোঁ ! কথাবোৰ ক’ৰ পৰা কৈছিলোঁ, কওঁ, ক’ত এৰোঁ মাজে মাজে গণ্ডগোল লাগে । ৰাগ-বিৰাগ, মান-অভিমান, বাস্তৱ-অধিবাস্তৱ সকলো ইমান পাক খাই ধৰে, জোঁট লগা ঊলৰ নেচা এটাৰ দৰেই । আপুনি জানেইচোন ।
ডাঃ শ্ৰাবন্তীৰ কথাষাৰৰ উত্তৰত চৈতালীয়ে একো নক’লে। ক’বলৈ একো নাছিল । সন্মুখৰ কফীৰ কাপৰ ৰিম’টোত সোঁ-হাতৰ তৰ্জনী আঙুলিটো এপাক ঘূৰালে। তন্দুৰী চ’চত লেটি লোৱা ম’ম’ এটা শ্ৰাবন্তীৰ ওঁঠৰ ওচৰত এখন্তেক ৰ’ল আৰু পিছপাকতে মুখগহ্বৰত সোমাই অপৰিদৃশ্যমান হ’ল । বেৰত লাগি থকা বীটলচৰ ফটোখনত লেননে মেককাৰ্টনিলৈ চাই হাঁহি এটা মাৰিলে । বীটলচৰে ছবি আছিল নে সেয়া কোৱাৰিমেনৰ ! চৈতালীৰ দৃষ্টি সেই ছবি ভেদি, দেৱাল পাৰ হৈ হাডচন লেনৰ অলি-গলি অতিক্ৰমি পেটেল চেষ্টৰ কপিয়াৰৰ দোকানখন পালেগৈ । সেই দৃষ্টিৰ সৈতে মোৰ যাত্ৰা সিদ্ধ নহয় । মায়াৰ সেই ছবি চাবলৈ মই যোৱাৰ কথা নাই । ৰৈ থাকিলোঁ তাতেই । একে ঠাইতে । লেননৰ দৃষ্টি পোনোৱা মুখখনলৈ মুখ কৰি ।
“ঘৰৰ ভ্ৰম-ভ্ৰমৰ ঘৰ”
বৰুণে পুহি ৰখা বুলি দাবী কৰা ভ্ৰমকল্পতকৈ বহুত বেছি ব্যাপ্ত আছিল মোৰ ভ্ৰমৰ দুনীয়া । সেই ভ্ৰমতে মই তাক খামুচি ধৰিছিলোঁ। ভ্ৰমতে ঘৰ বুলিছিলোঁ । টম আংকলৰ মেগী পইণ্টত, সোণাৰুজোপাৰ তলত এদিন আমাৰ আড্ডা চলি আছিল । পেটেল চেষ্টত এণ্ডাৰচনৰ সীমাৰ সিপাৰৰ দেশৰ কাহিনীৰ প্ৰতিলিপি তৈয়াৰ কৰিবলৈ দি মেগীৰ বাতিটো ঘূৰ্মুটিয়াই থাকোঁতেই বৰুণে হঠাতেই তাৰ ভ্ৰমকল্পৰ বিষয়ে ঘোষণা কৰিছিল।
বেথা!
মোমায়েক আৰু জেঠায়েকৰ জীয়েকৰ নিৰন্তৰ যৌন উৎপীড়ণৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিদ্বন্দ হিচাপে, চাৰিশ বছৰীয়া পুৰণি চৰিত্ৰ এটা মনত আঁকি লোৱা বৰুণলৈ মোৰ সুতীব্র বেথা উপজিছিল ।
এদিনতে ? পাগল ! ধীৰে ধীৰে ।
এদিন যদি গা-ধোৱা ঘৰৰ দুৱাৰৰ ফাঁকেৰে, চাৰিবছৰ বয়সতে, নিষিদ্ধ জগত এখনলৈ ঠেলা মাৰি সুমুৱাই দিয়া মোমায়েকৰ কাহিনী নিগৰিছিল, আন এদিন জেঠায়েকৰ জীয়েক বায়েকে তাৰ ন বছৰ বয়সত জবৰদস্তিকৈ আৰম্ভ কৰা এক ৰমণ বিলাসৰ বিৱৰণে মোক ভিতৰলৈকে খান্দিছিল । এই গোটেইবোৰতে মাকৰ প্ৰতিৰোধহীনতাৰ কথাও কৈছিল সি ।
টম আংকলৰ পইণ্টত । তাৰ হোষ্টেলৰ কোঠাত অথবা আৰ্টচ ফেকৰ সন্মুখত । কেৰ্কেটুৱাৰ সাম্ৰাজ্যত – আচম্বিতে সি কাহিনী আৰম্ভ কৰিছিল । সামৰিছিল । আৰু উদ্দ্যেশ্যহীনভাবে আঁতৰি গৈছিল ।
মই বেথাত পমি গৈছিলোঁ । বৰুণৰ সৈতে ঘৰ এখনৰ নে বৰুণকে ঘৰ বুলি লোৱাৰ হেঁপাহে মোক কাতৰ কৰিছিল । বিজয় নগৰৰ তাৰ কোঠাটো ঘৰ হিচাপে ভাবি লোৱাৰ সময়লৈ তাৰ কাহিনী শেষ হ’ল । কাহিনীৰ প্ৰয়োজনো । নিজৰ কাহিনীবোৰ ইচ্ছা অনুসৰি বাকি দিলেও মোৰ কাহিনী শুনিবলৈ সি কেতিয়াও আগ্ৰহ প্ৰকাশ কৰা নাছিল । কেৱল শৰীৰৰ অভিব্যক্তি বাকী থকা সেই সময়ত সি মোক এদিনো ভাল পাওঁ বুলি কোৱা নাছিল । চৰমতম সময়ত মোৰ মুখৰ পৰা অতৰ্কিতে সৰি পৰা ভাল পাওঁ বোলা কথাষাৰত সি হাঁহিছিল ।
সেই হাঁহিৰ গলা সীহ যেন উষ্ণতা কাণেৰে সোমাই কলিজাত খোপনিত লোৱাৰ পাছতো মই ভালপাই ভাত ৰান্ধিলোঁ । অমিতাৰে ছাগলী মাংস । আৰু তাৰ আঙুলিবোৰে মোৰ শৰীৰী ভূগোল খেপিয়াই ফুৰিলে । কি চূড়ান্ত মূঢ়তাৰে মই সেই স্পৰ্শক প্ৰেমৰ উম বুলি ভ্ৰমত থাকিলোঁ ।
সেই উম মোৰ কাংক্ষিত আছিল ।
খামুচি ধৰা মোৰ প্ৰবৃত্তি আছিল । মই ভালপাওঁ বোলাতে অভ্যস্ত আছিলোঁ । ডিজাৰ্টেচনৰ ক্ষেত্ৰ অধ্যয়নৰ অজুহাতত উত্তৰবংগৰ জলদাপাড়া অভয়াৰণ্যত কটোৱা উদ্দাম ৰাতিটোতো, পুৰণি হোলাটোত ডুবিবলৈ ধৰোঁতে পাৰৰ ঘাঁহনিডৰা খামুচি, মই প্ৰেমপ্ৰকাশৰ প্ৰাচীন অথচ অবাৰ্চীন শব্দ দুটাই উচ্চাৰিব খুজিছিলোঁ আৰু বৰুণে অতৰ্কিতে প্ৰেৰণাৰ নাম লৈছিল ।
তাৰ পাছৰ কাহিনীত মই প্ৰেৰণাৰ কান্ধত মূৰ থৈয়েই কান্দিছিলোঁ। বৰুণক তাইতো আৰু মোৰ পৰা লৈ যাব খোজা নাছিল । আৰু এদিন তাইৰ কোঠালৈকে, আমি গোলাপী নিচুকণিত বুৰ গৈ থাকোঁতে, অচেতন-অসচেতন সময়ত, নীহাৰিকা সোমাই আহিছিল।
“কিউ ডিজৰ কথকতা-২”
– নীহাৰিকাৰ কথা কিয় মনত পেলাইছা ?
– পেলাও বুলি আৰু কিয়েইবা মনলৈ আনো বা কিয়েইবা ঠেলি দিওঁ !
আহিছিল, চহৰৰ বিভিন্ন পথ-অনুপথ, মেট্ৰ’,কিতাপৰ বজাৰ, পাচলিৰ বেহা একেলগে টহিলং কৰি ঘূৰাৰ দৰেই এদিন নীহাৰিকাক লৈ চৈতালী ইয়ালৈয়ো আহিছিল । লেননৰ সন্মুখৰ এইযোৰ চকী-মেজতে বহিছিল । চকলেট ভৰপূৰ চান ডে অৰ্ডাৰ কৰিছিল । আৰু নীহাৰিকাক সকলো পুৰণি কথা পাহৰি যাবলৈ উপদেশ দিছিল ।
মোৰ চকুৰ পলক পৰা নাছিল । পাছত এদিন যেতিয়া শ্ৰাবন্তীৰ সৈতে তাই আকৌ ইয়ালৈ আহিছিল, সেইদিনালৈ নীহাৰিকাই তাইৰ জীৱনৰ পৰা বিদায় লৈছিল। লেননৰ সন্মুখৰ চকীখনত কেৱল তাই আছিল আৰু শ্ৰাবন্তী । আগৰ দিনা নীহাৰিকাক চৈতালীয়ে পাহৰি যাবলৈ কোৱা সকলো কথা এইবাৰ ডাঃ শ্ৰাবন্তীয়ে চৈতালীক বতাহত উৰুৱাই দিবলৈ কৈছিল । সেই কাহিনীত সৰু খুৰাকে কৰা অনাকাংক্ষিত স্পৰ্শৰ কথা আছিল । আৰু আছিল কণমানি ছোৱালী এজনীয়ে কু-স্পৰ্শ পাহৰিবলৈ সাজি লোৱা উপকাহিনী কিছুমানো । নীহাৰিকা তেনে উপকাহিনী বুলি সেইদিনা মই নিশ্চিত হৈছিলোঁ ।
সেইদিনাও মোৰ চকুৰ পিৰিকতি লৰা নাছিল । মোৰ অক্ষিকেন্দ্ৰ গোল আৰু মুখাৱয়ব চাই ডাঙৰ । ডাঙৰ ডাঙৰ চকুৰ মণি নুঘূৰোৱাকৈ মই নিৰন্তৰ চৈতালী আৰু ডাঃ শ্ৰাবন্তীৰ যুটিটোলৈকে চাই আছিলোঁ ।
ঠিক আজিৰ দৰেই ।
তন্দুৰী ম’ম’ শেষ হৈছিল । মই কিবা এষাৰ ক’বলৈ আগ্ৰহ প্ৰকাশ কৰোঁতেই ডাঃ শ্ৰাবন্তীয়ে মোৰ উপস্থিতিক সম্পূৰ্ণ আওকাণ কৰি ৱেইটাৰজনক হাত বাউল দি মাতিলে ।
“দুকাপ কফী । ষ্ট্ৰং । এমেৰিকানো ।”
ৱেইটাৰজনে কিবা এটা ক’ব খুজিছিল চাগৈ । মোৰ দৰেই । কিন্তু আমাৰ দুয়োৰে উপস্থিতিক সম্পূৰ্ণ অৱজ্ঞা কৰি শ্ৰাবন্তী চৈতালীত মগ্ন হ’ল ।
-অনিৰ্বাণৰ কথা কি কৈ আছিলা?
“চৈতালীৰ অনিৰ্বাণ”
অনিৰ্বাণ মোৰ শেহতীয়া মোহ । মোহেই নে ? নে ভ্ৰম ? না জানে; কিন্তু প্ৰেম যে নহয় সেয়া আজিৰ পৰা কেইদিনমান আগত তেওঁ নিজেইতো বুজাই দিছিল ।
সেইদিনা তেওঁ মোৰ ভ্ৰমৰ দুনীয়াখন আচম্বিতে দেখিছিল । দেখাৰ কথা নাছিল । ডাঃ শ্ৰাবন্তীৰ চেম্বাৰত পাঁচ-ছয় বছৰ আগতেই মই সেই ভ্ৰমৰ দুনীয়াখন এৰি আহিছিলোঁ । গানৰ কথা, কিতাপৰ কথা, চিঠিৰ কথা, ছবিৰ কথাই আমি পাতি আছিলোঁ । ঘূৰা-পকা, ভ্ৰমণৰ কথাৰ পৰা কেতিয়ানো কৈ জলদাপাড়াৰ ৰাতি এটাৰ কু-স্পৰ্শৰ স্মৃতিত, কাহিনীয়ে গৈ পাক লৈছিল মোৰ মনত নাই ।
কিছু সময়ৰ ৰিক্ত, উৰুঙা, খণ্ড-বিখণ্ড স্মৃতিহীন মূহুৰ্তই অনিৰ্বাণক মোৰ বিষয়ে বহুতো কথা কৈ দিলে । কৈ দিলে যে মোৰ মনটো ভঙা । ভঙা মন কাঁচৰ দৰে । সম্পৰ্কৰ সমীকৰণ অনিৰ্বাণে মোৰ সৈতে গঢ়াৰ কথা নাছিল । মোৰো তেনে মন নাছিল। কথা পতাৰ কথাৰেই আমি মাত্ৰ ইজনে সিজনৰ হাতখন চুই চোৱাৰ কথা আছিল । ভঙা কাঁচৰ টুকুৰা সাবটি হাত চুব পাৰি জানো ! কথাওনো কোনে কেনেকৈ পাতে ? প্ৰতিবিম্ববোৰ খণ্ডিত ছিগা ছবি হৈ থাকিলে সম্পূৰ্ণ কথা কোনে ক’ব পাৰে ! পাতিব পাৰে?
নোৱাৰে, অন্ততঃ অনিৰ্বাণে নোৱাৰে বুলি বুজিলোঁ কাৰণেই মই তেওঁলৈ শেষৰটো মেছেজ লিখিলোঁ ।
“শৰীৰতকৈ মন বেছি ক্ৰোচিয়েল, বুজিছোঁৱেই তো । আজি যদি কেঁকোৰাই মোৰ শৰীৰ কুটি খালেহেঁতেন, তোমাৰ কাষত থিয় হ’বলৈ অসুবিধা নহ’লহেঁতেন; কিন্তু তোমাৰ অসুবিধা হৈছে, ভয় হৈছে কাৰণ মোৰ মনটো ভঙা । যেতিয়াই তেতিয়াই মোক খুচি থকাকৈ ভঙা । কেতিয়া বা আচ্ছন্ন সময়ত তোমাকো কি কৰি দিওঁ, ন ?
অথচ মোৰ মনটো ভঙা বুলি প্ৰথম দিনাৰ পৰাইচোন কৈছিলোঁ।”
অনিৰ্বাণৰ পৰা কোনো উত্তৰ অহা নাছিল । তথাপি মোৰ বুকুৱে বহন কৰি থকা সমস্ত ভাৰ মই আয়ন’স্ফীয়েৰেৰে পঠিয়াই দিছিলোঁ ।
“মনে মনে থাকিবা?
কেতিয়াৰ পৰা আমাৰ মাজত কথা কমি গ’ল ? কথা শেষ হ’ল ?
অথচ আমি কথা পতাৰেই কথা আছিল । দেৱালত ভেঁজা দি, কান্ধত মূৰ থৈ, শেতেলীত, একাপ চাহ ভগাই খোৱাৰ পাছত । সকলোতে আমি কথা পতাৰেই কথা আছিল ।
কথা শেষ হ’ল, তোমাৰ সেই গান শেষ হ’ল- কিচ্ছু চাইনি আমি ভালবাসা ছাড়া ।
কি মূৰ্খামি ! মানুহে আচলতে ভালপোৱাৰ বাদে সকলো বিচাৰে । আমিও চাগৈ সম্পৰ্ক, শাৰীৰিক নৈকট্য, প্লামফেট মাছ এটা গোটা কৈ সেকা এখন খোৱা মেজ, সকলোবোৰ বিচাৰিলোঁ আৰু সেয়া ভালপোৱা বুলি ভ্ৰম কৰিলোঁ ।
তুমি ভ্ৰম দেখি ভয় খালা আৰু নিচিনিলা যে ভালপোৱা নিজেইচোন ভ্ৰম ।
যোৱাগৈ অনিৰ্বাণ, আজিৰ পৰা তুমি ভ্ৰম মুক্ত !
তোমাৰ জীৱনৰ একমাত্ৰ ভ্ৰমটো মই উৰুৱাই দিলো আৰু মোৰতো ভ্ৰমৰেই দুনীয়া!
-আকৌ উঠি যাবলৈ এলাহ, তোমাৰ কাপৰ পৰাই অকণমান দিয়াচোন, বুলি চাহৰ দোকানত আৰম্ভ হোৱা ভ্ৰমটোহে শেষ হ’ল, আৰু কিমান চাগৈ ভ্ৰম ঘূৰি ফুৰিছে, মই থপিয়াই ল’বলৈ । ”
মেছেজটো পঠিওৱাৰ পাছত মই গোটেই ৰাতি শোৱা কোঠাৰ এমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়িছিলোঁ । প্ৰায় তিনিৰাতি তেনেকৈ কটোৱাৰ পাছত এদিন ৰাতিটো পুৱাওতেই মই ডাঃ শ্ৰাবন্তীৰ অকণমান সময় নিজলৈ বুলি আচুতীয়া কৰিছিলোঁ ।
কিচ্ছু চাইনি আমি আজীবন ভালবাসা ছাড়া- একদম ফ্ৰীডাৰ স্ব-ছবিৰ দৰেই ভুৱা এই গান । ভ্ৰমৰ যি দুনীয়াত ফ্ৰীডা ঘূৰি ফুৰিছিল, তাত স্ব-ছবিৰ আত্মমগ্নতাৰ স্থান ক’ত? যি কৰিছিল, প্ৰেম প্ৰাপ্তিৰ কাৰণে চৰম কাতৰতাৰেই যেন কৰিছিল । প্ৰতিখন স্ব-ছবিয়েই যেন পাথৰেৰে গাঁথি পেলোৱা দেৱালৰ পুৰণি ৰীতি । ভালপোৱাৰ মানুহক ঘূৰাই অনাৰ নিস্ফল পুৰাতন কূটকৌশল।
তথাপি ডাঃ শ্ৰাবন্তীৰ চেম্বাৰত ফ্ৰীডা বহি আছিল আৰু আছিল ভেন গঘৰ বেলিফুল । ছবি দুখনেও কৈ আছিল, মেন আৰ ফ্ৰম মাৰ্চ, ৱ’মেন আৰ ফ্ৰম ভেনাচ । দুটা বেলেগ গ্ৰহৰ পৰা দুয়ো আহি শ্ৰাবন্তীৰ চেম্বাৰতে বহিছিলহি। মোৰ লগত।
ভ্ৰমৰ এক দুনীয়াক অজুহাত হিচাপে লৈ অনিৰ্বাণ দূৰলৈ গুচি যোৱাৰ তিনিদিন পাছত । অথচ অনিৰ্বাণে জানিছিল, দূৰত্ব আৰু হেৰোৱাৰ ভয়েই মোৰ ভ্ৰমৰ পৃথিৱীৰ কাৰণ আছিল । ঠিক ফ্ৰীডাৰ দৰে । ভালপোৱাৰ বাদে একো নিবিচৰাৰ শংকৰী সাধুটো কৈ থাকিও তেওঁ অৱশেষত দূৰত্বৰ কথাই ক’লে । মোৰ মনৰ অস্থিৰতাৰ অজুহাতত আৰু ওচৰ চাপিবলৈ ভীতিৰ কথা ক’লে।
আৰু কিমান বা ওচৰ চপাৰ কথা আছিল ! কলিজাটো হাতত লৈ ভলীবল খেলিবলৈহে বাকী ।
তেওঁ গুচি গ’লে সেই সৰুতে হেৰাই যোৱা খুৰাৰ কাহিনীৰ পৰা উত্তৰবংগৰ শালবনত মোক নিঃস্ব কৰি পেলোৱা বৰুণলৈকে, বিভিন্নজনে আগবঢ়াই যোৱা ভ্ৰমৰ ছায়াছবিখন আৰু শক্তিশালী হ’ব বুলি জানিও অনিৰ্বাণ যাবলৈ ওলাল ।
তথাপিও মই ফ্ৰীডা হ’লো । চৰম অপমানৰ পাছতো । অনিৰ্বাণে কাহানিও ভালপোৱাৰ বাদে আন একো নাই বিচৰা বুলি কোৱা কথাটো চৰম মিথ্যা বুলি জনাৰ পাছতো মই বাট চালোঁ ।
এৰা, কোনেনো ভ্ৰমৰ পৃথিৱী এখনৰ নাগৰিকৰ সৈতে সহজ হ’ব পাৰিব ! পাৰে । মই তেওঁৰ সীমাবদ্ধতাক বুজিলোঁ ।
সকলোকে বুজোঁ । আৰু কাকো পাহৰিব নোৱাৰোঁ।
আনকি তিনিবছৰ বয়সত চৰম বিস্বাদ ‘ললীপপ’ এটা মুখত ভৰাই দিব খুজি, মোৰ কাৰণে ভ্ৰমৰ পৃথিৱীৰ সকলো বাট মুকলি কৰি দিয়া সৰু খুৰাকো।
আঃ! পাহৰি যোৱা বুলি ভ্ৰম হোৱা কিমান কথা চাউথ এক্সৰ ডাঃ শ্ৰাবন্তীৰ চেম্বাৰত মোৰ মনত পৰিছিল । আজিৰ পৰা পাঁচ বছৰ আগতে। সেয়া মোৰ চৰম ভ্ৰমৰ সময় আছিল । অনিৰ্বাণে যি সময়ৰ কথা হয়তো ভাবিবও নোৱাৰে ।
কেৱল শৰীৰী বুলি জানিও মই বৰুণৰে সম্পর্কটো টানি আছিলোঁ । উদ্দাম শৰীৰী খেলাৰ বাদে সময়চোৱাত একো নাছিল । কথাৰ অৱসৰতো একেবাৰেই নাছিল । মই চখত বিশেষ কিবা এপদ ৰান্ধিবলৈ বিচাৰিলে, ঔ টেঙাৰ অম্বল এখন, ইলিশ সৰিয়হ অথবা তিল দিয়া কাৱৈ, বৰুণে হা না একোৱেই নকৈছিল। গাঁৱৰ ঘৰৰ পুখুৰী পাৰৰ ঔ টেঙাজোপাৰ কাহিনী সি নাজানিছিল। অথবা সেই কাহিনীৰ খোপে খোপে গৈ চি আৰ পাৰ্কৰ বেংগলী মাৰ্কেটৰ পৰা বিচাৰি অনা আটকীয়া সোৱাদবোৰৰ কথাও ।
তথাপি মই তাক ঘৰ বুলিয়েই আঁকোৱালি ল’ব খুজিছিলোঁ। তেতিয়ালৈকে, ২৭বছৰীয়া জীৱনটোত, বিভিন্ন কাৰণত ১৫বাৰ ঘৰ সলোৱা মোৰ বাবে, ঘৰ কেৱল মূহুৰ্ত আৰু মানুহ আছিল। আৰু এদিন, বৰুণক ঘৰ বুলি ধৰি লৈ খামুচি ধৰা মূহুর্ত এটাত, মোৰ উৰুসন্ধিস্থলত অৱস্থান কৰি অসতৰ্ক মূহুৰ্তত সি প্ৰেৰণাৰ নাম ওঁঠত লয়।
দাঁতত ভাত এটা লাগিলেও ভগাই লোৱা মোৰ প্ৰিয় বান্ধৱী প্ৰেৰণাৰ সপোন দেখি বৰুণে মোৰ হাড়-মাংসৰ পিঞ্জৰটো খেপিয়াই থাকিল আৰু অৱশেষত Bi polarৰ অজুহাত এটা দি সি পলাল!
মই শ্ৰাবন্তীৰ চেম্বাৰত গৈ উপস্থিত হ’লো।
কাঁইটৰ দেৱালৰ সিফালে ফ্ৰীডাই এটা চেলাউৰি তুলি মোলৈ চালে। মোৰ এটা চকুৰ পৰা চকুপানী ওলাল। ইটো চকু তেতিয়ালৈ শুকান। সিক্ত চকুটোৰে মই তেতিয়াও বিশ্বাস কৰিছিলোঁ, পাহৰি যায়, মানুহ সি ক্ষণিকৰ বাবে পাহৰি যায়। বাৰাণসীৰ বান্ধৱী এগৰাকীক পাহৰাৰ পুৰাকথা এটা এদিন সিয়েইতো শুনাইছিল । ক্ষীৰগংগাৰ ট্ৰেকত গৈ যাৰ সৈতে সি সাঙোৰ খাই পৰিছিল আৰু ঘূৰি আহি দিল্লীত পাহৰি পেলাইছিল । অপমানিত সিন্ধি বান্ধৱীয়ে তাক বিদায় দিছিল।
মইহে দিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ চেতনা ঘূৰিলেই বৰুণ মোৰ ওচৰলৈকে ঘূৰি আহিব।
নিৰ্বোধ !
যোৱা মানুহ কেতিয়ানো ঘূৰে? বাৰাণসীৰ বান্ধৱীৰ কাহিনীটো মোক শুনোৱাৰ দৰে আৰু ক’ত বা সি মোৰ কাহিনী শুনাই কাৰ পিঞ্জৰত দাগ বহুৱাইছে ! আৰু অসতৰ্ক মূহুর্তত মোৰ নাম মুখত ওলাওতে কৈছে, ভয় খালি তই? মোৰ মনটোত নিজৰেই নিয়ন্ত্রণ নাই, জানই দেখোন । ভঙা মন ! তাৰ পাছত সি মোমায়েকৰ উৎপীড়ণৰ সাধুটো ন-কৈ সজাইছে আৰু কোনোবা অন্য এক চৈতালী গলি গলি মম হৈছে।
খুড়াৰ পুৰণি কাহিনীটোত বৰুণকো সামৰি মই শ্ৰাবন্তীৰ চেম্বাৰত বহিছিলোঁগৈ আজিৰ পৰা পাঁচবছৰৰ আগতে ।
মই? নে নীহাৰিকা? একেটা শৰীৰত বাস কৰা দুটা আত্মা।
“কিউ ডিজৰ কথকতা-৩ “
-নীহাৰিকাৰ কথা এৰাচোন । তুমি আজিও যে নীহাৰিকাৰ কথা ভাবা, সেই কথাটো মোৰ বাবে চিন্তনীয় ।
-নাভাবো ডক্তৰ । মই অন্য এটা কথাহে ভাবিছোঁ, অৱসাদৰ সময়তো পুৰুষ বৰ্হিঃমুখী । ভেন গঘৰ বেলিফুলৰ খেতি অথবা কেফেৰ চাদ । মহিলাৰ সেই ঘূৰি ঘূৰি অন্তঃপুৰ । আনে যদি কেনেবাকৈ দেৱাল গাঁঠিও দিয়া নাই । নিজেই গাঁঠিছে । কাঁইটৰ বেৰা সাজি নিজৰ চৌকাষে মেৰিয়াই লৈছে । আৰু খান্দি খান্দি নিজলৈয়ে সোমাইছে । ঘূৰি আহিছে আকৌ আগৰ ঠাইলৈকে ।
ভালপোৱাই যাক বান্ধিব নোৱাৰে, তাক কোনো অনুনয়-বিনয়, পাথৰেৰে বন্ধা দেৱালৰ পুৰাতন কৌশলেৰে ধৰি ৰাখিব নোৱাৰি । জনাৰ পাছতো পুৰণি কাপোৰৰ দমটোকেইতো আকৌ ৰাখি দিও । স্পৰ্শৰ স্মৃতি । সম্পৰ্ক বুলি ভবা এই কাৰবাৰবোৰত কিমান স্পৰ্শৰ স্মৃতি, কেনেকৈ এৰি দিওঁ কওক ডক্তৰ ?
এৰা, স্পৰ্শৰ যে অতি মোহলগা স্মৃতি । মোৰো হঠাৎ কাতৰভাবে সাবটি ধৰা শৰীৰ এটালৈ মনত পৰিল । পলক নেপেলোৱা এযোৰ চকু । ডাঙৰ মণিকেইটাৰ মোক চাবলৈ চেষ্টা কৰিছে । বেছিদিনৰ জীৱন মোৰ নহয় । তথাপি তাতো কি স্পৰ্শ স্মৃতি নাই ? আছে ! স্পৰ্শৰেইতো আটাইতকৈ বেছি স্মৃতি । দীঘল, অতি দীঘল, বোধহয় পৃথিৱীখন একেবাৰতে সামৰি উদৰস্থ কৰিব পৰা জিভা এখনে মোক স্পৰ্শ কৰাৰ স্মৃতি ময়োতো পাহৰা নাই !
নীহাৰিকা তেনে এক স্পৰ্শ স্মৃতিয়েইতো আছিল । সৰু খুৰাকৰ অনাকাংক্ষিত স্পৰ্শৰ কু-স্মৃতি হাঁহে পানী জোকৰাদি মনৰ পৰা জোকাৰি দিবলৈকে নীহাৰিকাৰ জন্ম হৈছিল । ডাঃ শ্ৰাবন্তীয়ে কুশলী হাতেৰে সেই চৰিত্ৰক মচি পেলোৱাৰ দিনা মই নিৰ্মিশেষ নয়নেৰে তেওঁলৈ চাইছিলোঁ । সেইদিনা চৈতালী তেওঁৰ লগতে আছিল । উচুপিছিল । উচ-পিচ কৰিছিল, ভ্ৰমমুক্তিৰ যন্ত্ৰণাত কেঁকাইছিল আৰু শেষত নীহাৰিকাক হত্যা কৰিছিল । ডাঃ শ্ৰাবন্তীয়ে সেইদিনা হাঁহিছিল ।
তীৰ্যক সেই হাঁহি । যেন পৃথিৱীৰ সমস্ত ৰহস্যৰ উঁহ তেওঁৰ হাঁহিত !
আজিও তেওঁ একেটা হাঁহি মাৰিছে । চৈতালীৰ পৰা যে তেওঁ আজি অনিৰ্বাণক মুক্ত কৰিছে । লেননৰ ছবিখনলৈ চাই ৰহস্যময় হাঁহিটো মাৰি তেওঁ চিঞৰিলে, দুটা চিকেন কাটলেট ।
মই কিবা ক’ব খুজিছিলোঁ, কিন্তু মোৰ কথা শ্ৰাবন্তীৰ বোধৰ বাহিৰত বুলি জানো কাৰণেই মই নীৰৱতাকে সাবটিলোঁ ।
শ্ৰাবন্তীৰ সন্মুখত দুকাপ কফী । একাপ শ্ৰাবন্তীয়ে ওঁঠত লগায়। ইকাপ তেনেকৈয়ে ঠাণ্ডা হয়। সদায়ৰ দৰেই । কাটলেটৰ প্লেটখন থ’বলৈ অহা পৰিচাৰকজনৰ বিমূঢ় দুচকুৰ সন্মুখত শ্ৰাবন্তীয়ে কাহিনী চলাই থাকে । একোবাৰ লেননৰ সৈতে । একোবাৰ ফ্ৰীডাৰ লগত । এবাৰ নীহাৰিকা, এবাৰ চৈতালী আৰু একোবাৰহঁত কোনে জানে কাৰ ! বিভ্ৰান্ত অনিৰ্বাণে কিউ ডিজৰ দুৱাৰ ঠেলি সোমোৱালৈকে শ্ৰাবন্তীয়ে চৈতালীক উদ্দ্যেশ্যি লেননৰ চকুত চকু থৈ কৈ থাকিল
-প্ৰেমৰ আৰম্ভণিহে একে, চৈতালী । এই কথা মই তোমাক কিমান বাৰ বুজাম ? পাছৰখিনি এক দৌৰ প্ৰতিযোগিতাৰ দৰে । হাতত হাত ধৰি দৌৰা নাযায় । অগা-পিছা হয়েই।
আৰু ঠিক সেইখিনি সময়তে ভেন গঘৰ বেলিফুল এখিনি কলিজাত থাপি অনিৰ্বাণ সোমাই আহিল । সেমেকা হাঁহি এটাৰে চিনাকি মেনেজাৰজনক ধন্যবাদ এটি দি ফ্ৰীডাৰ স্ব-ছবিৰ ৰংবোৰ সামৰিলে । ভ্ৰমৰ দুনীয়াখনত মই প্ৰথম দিনা দেখাৰ পৰাই তাৰ ভূমিকাটো সিমানৰেই । ডিয়েগো ৰিভেৰাৰ দৰে এবাৰ সোমায়, ওলায়, সোমায়, ওলায় ।
এটা এটাকৈ চৈতালীৰ বৰুণ, নীহাৰিকাৰ খুৰাক আৰু শেষত শ্ৰাবন্তীকো সামৰি অনিৰ্বাণে ফ্ৰীডাৰ ডিঙিত পিন্ধা লকেটটো পিছলৈ ঠেলি ভেন গঘৰ তৰাভৰা কেফেৰ আকাশখনৰ পৰা বিদায় ল’লে।
নেগুৰডাল লৰাই জাঁপ এটা মাৰি মই সাউৎকৈ অনিৰ্বাণে সামৰি লোৱা শ্ৰাবন্তীৰ বেগটোত সোমালোঁ । অনিৰ্বাণৰ দৃষ্টিভংগীৰ পৰা কথাবোৰ নাজানিলে, নুশুনিলে, নুবুজিলে মই কেনেকৈ জানিম কোনটো কথাত সইৎ সইৎ সইৎ বুলি তিনি সত্য কাঢ়িব লাগে ।
“ছবিৰ ঘৰ”
শ্ৰাবন্তীৰ বেগটো থ’বলৈ বুলি হাতত লৈয়েই বিকৎ চিঞৰ এটা মাৰি ঘৰুৱা সহায়কাৰী ৰুকচানাই মোক মাটিলৈ দলিয়াই দিলে । শ্ৰাবন্তী কাষ চাপি আহি মোৰ ওপৰত উবুৰি খাই পৰিল । চিৎভোলেঙা খাই পৰি থকা মোৰ অৱয়বটোলৈ চাই তাই বীভৎস হাঁহি এটা মাৰিলে । কোনো ধৰণৰ হাই-উৰুমি নকৰাকৈ অনিৰ্বাণে লাহেকৈ বাতৰি কাগজ এখনত তুলি মোক বেলকনিৰ বাহিৰত থৈ আহিল । প্ৰায় ভাগি পৰা পিঠিখন পোনাই মই এইবাৰ বেলকনিৰ গ্ৰীলখনত ভেঁজা দি বহিলোঁ ।
তেতিয়াও খিটখিটাই বিকৃত হাঁহি এটাত বুৰ গৈ থকা শ্ৰাবন্তীলৈ বিৰক্তিভৰা দৃষ্টি নিক্ষেপ কৰি ৰুকচানাই কৈ উঠিল, “পাগলচব । দাদাবাবুৰ জীবনটা নৰক বানিয়ে ফেলেছে ।”
ৰুকচানাই নাজানে, প্ৰেম মানেইতো হয় স্বৰ্গ নহয় নৰক ! একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি !
(আঃ, ছমাহৰ আগত, মেৰিয়াই ধৰি ৰোৱা ক’লা চানেকীয়া শৰীৰ এটা মূহুর্তৰ ব্যৱধানত চঞ্চল গতিত দুৱাৰৰ চেপত শেষ হৈ যোৱাৰ কথা কিয়ইবা এইখিনি সময়তে মোৰ মনলৈ আহিছে ! )
ৰুকচানাই নেজানে, কেনেকৈনো জানিব, কেলকুলেটিভ, স্থিৰ, ধীৰ আৰু ধীমান অনিৰ্বাণৰ বন্ধা ধৰা জীৱনৰ একমাত্র অকষ্টকৃত, স্বাভাৱিক, স্বতঃস্ফূর্ত অৱস্থিতিটোৱেইতো শ্ৰাবন্তী । প্ৰতিদিনে হাজাৰ কষ্টৰ ভ্ৰমীভূত বাট হোৱা সত্বেও এই ঠাই এৰিনো ঘৰ বুলিবলৈ অনিৰ্বাণ যায় ক’লৈ ?
নিঃস্ব, বিদীৰ্ণ সকলো সম্পর্ক এৰি দিব পৰাহেঁতেন । শ্ৰাবন্তীয়ে কোৱাৰ দৰে প্ৰেমৰ আৰম্ভণি একে হ’লেও ই দৌৰৰ দৰে। একেলগে দৌৰা নাযায় । অগা-পিছা হয়েই।
ফ্ৰীডাই অন্ততঃ মাজতে ছুটি লৈছিল । নদীয়ে এৰা ঘোঁৰাৰ খুৰাৰ দৰে ভাঁজ এটা পকাই আকৌ ঘৰ বোলা ঠাইটুকুৰালৈ ওভটনিৰ বাট লোৱালৈ ফ্ৰীডাই কি নিজলৈয়ো অকণমান সকাহ বিচাৰি লোৱা নাছিল ? বা হয়তো এই অনুভূতিকেই আকৌ খামচি ধৰিছিল যে সেইখন ঘৰতকৈ বেছি আসক্তি, অনুৰক্তি অন্য ক’তো নাই । ক’তোৱেই নাই !
অনিৰ্বাণে কেতিয়া ল’ব ছুটি? ল’ব পাৰিবও নে?
“আবেগত একো সিদ্ধান্ত নল’বি, অনিৰ্বাণ। বন্ধুত্বত শেষ কৰ।”
সেইদিনাও অনিৰ্বাণৰ সিদ্ধান্ত কষ্টসাধ্য নাছিল। বাল্যবন্ধু বৰুণে ঘোষণা কৰাৰ আগতেই সি শ্ৰাবন্তীৰ কল্পনাৰ জগতখনৰ আৰম্ভণিৰ আভাস পাইছিল। নীহাৰিকাক ছঁয়া-ময়াকৈ দেখিছিল। দেখা কথাবোৰত বৰুণে তাৰ বিশেষজ্ঞৰ চীল মোহৰ কেৱল মাৰিছিল।
সকলো জানিয়েই জানো অনিৰ্বাণে সেই বাটেৰে আগবঢ়া নাছিল? চৈতালীৰ ছবিখনৰ সৃষ্টিতো তাৰ নিৰুপায় চকুৰ সন্মুখতে ।
ৰাতিলৈ মই দেখিলোঁ সি বেলি ফুল এপাহ আঁকিবলৈ বহিল । বেলিফুলৰ বুকুভৰা হাজাৰ বীজ। উজ্জ্বল হালধীয়াৰ মাজত ছটিয়াই দিয়ে পুৰি নিকা কৰা নাৰিকলৰ কোৰোকাৰ ৰঙৰ বীজবোৰ!
বীজে বীজে জিলিকি থকা এখনেই মাত্ৰ মুখ।
ঠিক যেন শান্তি নিকেতনৰ বসন্ত উৎসৱত অনিৰ্বাণে প্ৰথম দেখোঁতে গান গাবলৈ সাজু হোৱা শ্ৰাবন্তী। আকস্মিক চিনাকিতে নিজৰ জীৱনৰ সাতকাহন অনিৰ্বাণৰ আগত উদঙাই দিয়া শ্ৰাবন্তীক সেইদিনা সঁচাকৈয়ে এপাহ সূৰ্যমুখী ফুলৰ দৰেই লাগিছিল ।
এৰা, অৱসাদে হেঁচি ধৰিলেও পুৰুষ বৰ্হিমুখী! আৰু বৰ্হি জগতলৈ অনিৰ্বাণে কাটি লোৱা বাটো যে সেই এটাই । শ্ৰাবন্তী!
ভ্ৰমৰ শ্ৰাবন্তী নে শ্ৰাবন্তীৰ ভ্ৰম!
অনিৰ্বাণৰ হাতখন চলি থাকিল। ভ্ৰমীভূত পৃথিৱীত অনিৰ্বাণক তেনেকৈয়ে এৰি মই ৰেইন পাইপডালেৰে লাহেকৈ তললৈ নামি আহিলোঁ ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!