চাকৰিৰ সন্ধানত বেংগালুৰুত

লেখক- দিগন্ত কুমাৰ ভট্টাচাৰ্য

২০০৩ চনৰ ছেপ্টেম্বৰ মাহৰ এদিন। ইঞ্জিনিয়েৰিং ডিগ্ৰীটো ফাইলত সোমোৱাই লোৱাৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো অসম নোহোৱাত, চাকৰিৰ সন্ধানত এদিন ‘গুৱাহাটী বাঙ্গালোৰ’ এক্সপ্ৰেছত উঠিলো এটি সৰু বেগ কান্ধত ওলোমাই। নলবাৰী, পাঠশালা -ট্ৰেইন আগুৱাই গৈ থাকিল। ৰঙাচাহ বিক্ৰী কৰিবলৈ অহা হকাৰজনৰ ভাষা ‘দাদা, আজি নেমু নাই দিয়ক’ৰ পৰা ‘নিম্বু নেহি হে, চাহাব’লৈ সলনি হ’ল। অচিনাকি ঠাইবোৰ ইখনৰ পিছত লিখনকৈ আহি আহি দুচকু সিক্ত কৰিলে। কাণ দুখনত ওলোমাই ল’লো শিলিগুড়িত কিনা সস্তীয়া ৱাকমেনটো। কাণত জুবিন গাৰ্গৰ বিহু গান, মনত অসম এৰি অহাৰ দুখ, মগজুত চাকৰিৰ চিন্তা- এই সকলোৱে মিলি ৰাতিপুৱাই বাইদেউৰপৰা অহা ‘ফেয়াৰ এণ্ড লাভলী’ ক্রীমখিনি টিয়াই দুগাল তেলেতীয়া কৰি পেলোৱাত সফল হ’ল।

বেংগালুৰু পালো। কলেজৰে ছিনিয়’ৰ এজনৰ লগত প্ৰথম থকাৰ ব্যৱস্থা কৰি ল’লোঁ। তেওঁ কেইদিনমান আগতে সৰু কোম্পেনী এটাত চাকৰি পাইছে। ৰাতিপুৱাই ওলাই যায়। সৰু দুটি কোঠাৰ ভাৰাঘৰ। দিনটো অকলে বহি মই হামিয়াই হিকটিয়াই  c, c++ চেষ্টা কৰো। প্রথমতে ঠিকেই চলিছিল সকলো। লাহে লাহে অশান্তি, বিৰক্তি, দুখ সকলোবোৰ আহি লগ দিলে।

 

তেতিয়া নিজৰ লেপটপ নাছিল। ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ দুপৰীয়া সদায় ওচৰৰে নেট কাফে এখনলৈ যোৱাটো নিয়ম হ’ল। চাকৰি সম্পৰ্কীয় ৱেবছাইটবোৰ চাওঁ। কাফে’ৰ কান্নাড়া ল’ৰাজন চিনাকি হ’ল। গম পালে অসমৰ পৰা চাকৰি বিচাৰি যোৱা বুলি। অসম ‘কি, ক’ত, কিয় বিখ্যাত’ বুজাওতে দুঘন্টা লাগিছিল তাক। লাহে লাহে সিও সোধা হ’ল, চাকৰি পোৱা নাই কিয় ইমানদিন? ‘আভি তক নেহি মিলা ক্যা জৱ?’। পিচলৈ ‘নাই পোৱা চাকৰি’ বুলি সদায় সদায় ক’বলৈ বেয়া লগা হ’ল। তাৰ সেই প্রশ্নটোৰ পৰা হাত সাৰিবলৈকেই বেলেগ কাফে’ বিচাৰি উলিয়ালোঁ, অলপ দূৰত।

 

সদায় ঘৰলৈ ফোন কৰো এবাৰকৈ। প্রতিবাৰ মাৰ এটাই প্রশ্ন: খোৱা-লোৱা ভালকৈ কৰিছোনে নাই? ইফালে চাকৰিৰ টেনছন, আনফালে আকৌ মাৰ খোৱাৰ চিন্তা। টিঙিচকে উঠা খঙটো ৰখাব নোৱাৰি মাক বকি কওঁ কিবাকিনি। পাছত বেয়া লাগি আকৌ ফোন কৰো হাঁহি, লুকুৱাই ৰাখো দুখবোৰ টেলিফোনৰ ইটো মূৰত।

আমি থকা ৰুমটোৰ কাষতে এখন বেকাৰী আছিল। তাত চাহ-স্নাকচ্’ৰ পৰা আৰম্ভ কৰি চাউল দালিলৈ সকলো পায়। ৰাতিপুৱা তাতেই ব্ৰেকফাষ্ট কৰোঁ, মানে চাহ আৰু ক্ৰীম ৰ’ল এটা। দিন যোৱাৰ লগে লগে ঘৰৰ পৰা নিয়া পইটা শেষ হৈ আহিল। মাই সদাই সোধে, টকা-পইচা লাগিব নেকি। মোৰ মনত অভিমান- চাকৰি নোপোৱালৈ ঘৰত নোখোজো একো এটা। মাহৰ শেষ, ধাৰ কৰিবলৈ ৰুমমেটৰো পকেট খালী।

পুৱা বেকাৰীখনত খাই মিছাতে পকেটত হাত ভৰাই দোকানীজনক সোধো পাচশ টকাৰ খুচুৰা আছে নেকি। সি আমাক চিনি পায়, পাছত দিবলৈ কয়। মই সকাহ পাওঁ। এনেকৈ চলি থাকিল কেইদিনমান। এদিন দুপৰীয়া চাউল নাই। গৈ আকৌ সুধিলো পকেটত হাত ভৰাই

‘পাছচ’ কা চুট্টাতো নেহি হোগা না?’ সি কৈ দিলে সিদিনা ‘মিলেগা না, ভায়া।’ উপায় নাপাই ৰুমত দালি আছে নে নাই চাই আহো বুলি কৈ পলালোঁ তাৰ পৰা। ৰুমলৈ আহি দেখিলো তিনি চামুচ মান চাউল আছে, এক মুঠি ভাত হ’ব কিবাকৈ। উপায়হীন হৈ তিনি চামুচকে উঠালোঁ ‘কুকাৰ’ত। সৰু বাটি এটাত লৈ ‘চেৰেল্যাক’ খোৱাদি খালো পনীয়া ভাত। চকুপানীখিনিও ঠাণ্ডা হোৱা চেৰেল্যাকাৰ দৰেই গোট মাৰিলে। জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলো, বুজি পালো এমুঠি ভাতৰ মূল্য!

 

সেইদিনা সন্ধিয়া অঞ্জন আহিল আমাৰ ৰুমলৈ। সিও আমাৰ কলেজৰে। সি তিনিমাহমান আগতেই চাকৰি পালে। খুউব ভাল চাকৰি ।চেহেৰা পোছাক দেখিয়েই ধৰিব পাৰিলোঁ যে তাৰ দৰমহা পাতিও যথেষ্ট ভাল। সিদিনা সি মোৰ পৰা আগতে নিয়া টকা পাঁচশ ওভোতাই দিলে। আস, কি যে এক সকাহ। সি লগ ধৰিলে শু’পিং মল এখনলৈ। কিবা কিনিব। বাংগালুৰুত তেতিয়া নৱেম্বৰ মাহ। ঠাণ্ডা পৰিছে অলপ। মই ছুয়েটাৰ-জেকেট অসমৰপৰা আহোতে আনিবলৈ পাহৰি থাকিলোঁ। ভাবিলো শ্বপিংমললৈ যাম মেতিয়া জেকেট এটাকে কিনি লওঁ। হিচাপ এটা মনতে কৰিলোঁ। জেকেটৰ কাৰণে চাৰিশ খৰচ কৰিলে অসুবিধা নহৰ।

 

‘উইলছ লাইফ ষ্টাইল’ – জীৱনত প্ৰথম ইমান ডাঙৰ শ্বপিং মল দেখিছিলো সেইদিনা। চকু দুটা ডাঙৰ হৈ গ’ল। অলপ ভয় খলো যদিও বহিৰত লিখা আছিল ‘ফিফটি পার্চেন্ট অফ’। বৰ সকাহ পালো। এটা জেকেট দেখি খুব পছন্দ হ’ল। দাম এহেজাৰ টকা। ডিছকাউন্ট পোৱাৰ পিছত পাঁচশ টকাত পাই যাম। চাৰিশৰ বাজেটৰ ভিতৰত নহ’লেও চলি যাব! খুব ভাল লাগিল। পইচা দিবলৈ যাওঁতে ‘কেছ কাউন্টাৰ’ত বহি থকাজনে ক’লে কিছুমান কাপোৰতহে হেনো ডিছকাউন্ট আছে, সেই জেকেটটোত নাই, দাম-পুৰা এহেজাৰ।। মই ক’লো – নাই, নালাগে জেকেট, মোৰ পছন্দ হোৱা নাই।

: আকৌ, ভাল লাগিছিল বোলে তোৰ – অঞ্জনে ক’লে।

: নাই নাই, ফিটিং হোৱা নাই ভালকৈ। টাইট হৈছে কাকালত, নহয় নহয় কান্ধত..না: হাত দুখন টাইট

সিও কিবাকিবি কৈ থাকিল। মই জেকেটটো তাতে এৰি দৌৰ দিলোঁ বাহিৰলৈ। পিছে পিছে অঞ্জন। লাইনত ৰৈ থকা মানুহবোৰে ঘূৰি ঘূৰি

চলে আমাক। অঞ্জনে ক’লে- কি মানুহ ৰে তই? তোৰ লগত লাজত পৰিব লাগে দেই কেতিয়াবা।

: ছ’ৰি ভাই!- মই ক’লোঁ।

তাক তাতে এৰি মই নিজৰ ৰুম অভিমুখে বাছত উঠিলোঁ। খিৰিকীৰে সোমাই অহা শীতল বতাহছাটিয়ে কঁপাই গ’ল শৰীৰ। মনত পৰিল জেকেটটোলৈ। কোনোবা এজনে কান্ধত হাত এখন থলে। বোধকৰো বাছখনৰ কনডাক্টৰ। ভাড়া বিচাৰিছে। মই স্পষ্টকৈ নেদেখিলোঁ, চকুপানীৰে ভৰি উঠিছিল মোৰ দুচকু।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments