শৈশৱতে ধেমালিতে...
লেখক- জ্যোতিস্মিতা দেৱী
হৰিণা পোৱালিটোৰ দৰেই আমাৰ শৈশৱ। পুৱাৰ ৰ’দালিত এবাৰ আগঠেং দুটা আনবাৰ পিছঠেং দুটা দাঙি, জঁপিয়াই জঁপিয়াই দেওদি ফুৰা সেই শৈশৱ আজি আমাৰ সোঁৱৰণিৰ এখিলা পাত।
এটা সুকোমল শৈশৱেৰে আমিবোৰ যথেষ্ট সৌভাগ্যশালী আছিলোঁ। তেতিয়া আমি ক’ৰবাত ধৰি আলি পাৰ হ’ব পৰাকৈ প্ৰতিটো পলতেই হাত একোখন কাষত আছিল, ঠেহ পাতিলেও ফুচুলাই লৈ ভাত এগৰাহ মুখত গুজি দিবলৈ এবুকু মমতা আছিল, শীতৰ ৰাতি চেঁচা দুভৰি উমাল কৰিবলৈকো কাৰোবাৰ মনৰ উম আছিল, প্ৰতিটো ক্ষণ নিৰাপত্তাৰে আৱৰি ৰাখিবলৈ দুবাহুৰ আৱেষ্টন আছিল।
যিদিনা প্ৰথম দহলৈকে গণনা কৰিবলৈ শিকিছিলোঁ, সেইদিনা ভাবিছিলোঁ সংখ্যাৰ গণনা চাগে দহলৈকেই হয়। লাহে লাহে পঞ্চাশলৈ আগবাঢ়িলোঁ, সেইদিনাও আকৌ ভাবিছিলোঁ, সংখ্যা গণনা পঞ্চাশলৈকেই হয়, আজি মই সকলোখিনিৰ হিচাপ শিকিলোঁ! হাতত থকা কেইটামান খুচুৰা পইছা আৰু আলহী আহিলে হাতৰ মুঠিত গুজি মৰ্টন খাবলৈ দি যোৱা পইছাৰ হিচাপতেই সীমিত আছিল আমাৰ পৃথিৱীখনৰ পৰিধি।
কিন্তু আমাৰ দৰে অজস্ৰ শিশুৰ শৈশৱ সোণোৱালী নাছিল বা এতিয়াও নহয়। পৃথিৱীৰ পোহৰ দেখাৰ দিনাৰ পৰাই জীয়াই থাকিবলৈ সংগ্ৰাম কৰা এমুঠি শিশু প্ৰয়েই আমাৰ চাৰিওফালে থাকে। জন্ম সিহঁতেও নিজৰ ইচ্ছাৰে হোৱা নাছিল। আমাৰ দৰেই আহিছে সিহঁত। সিহঁতবোৰকো কোনোবাই পৰিকল্পিত বা অপৰিকল্পিতভাৱে এইখন পৃথিৱীলৈকে আনিলে। সেই শিশুবোৰৰ পেটৰ ক্ষুধা মাৰিবলৈ পোৱাটোয়েই দিনটোৰ আশা আৰু উদৰ পূৰাই দুবেলা দুসাজ খাবলৈ পোৱাটো সিহঁতৰ ববে অলীক সপোন মাথোঁ, ঠেঁটুৱৈ লগা জাৰত সিহঁতৰ উদং হাত-ভৰি ঠৰহা মাৰে। পৰিস্থিতিয়ে সিহঁতক জীয়াই থাকিবলৈ শিকায় আৰু তেনেদৰেই জীয়াই থাকিবলৈ বাধ্য কৰায়৷ যাৰ লৈক্ষ্য মাথোঁ দিনটোৰ এসাঁজ। জন্মৰ পৰা ন্যূনতম পুষ্টিখিনিও নোপোৱাৰ বাবে আমাৰ দেশত আজিও, প্ৰতিদিনে ১৩, ৮০০ শিশুৰ মৃত্যু হয়। আজিও ১১ কৌটি ৫৫ লাখটি শিশুয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱনক লৈ জীয়াই থকাৰ সংগ্ৰাম চলাই গৈছে।
শৈশৱ কাল হৈছে আমাৰ জীৱনকালৰ লাইখুটাস্বৰূপ। সেই লাইখুটাৰ ভিত্তিতেই জীৱনটোক সজোৱাৰ পৰিকল্পনা কৰোঁ। তাতেই আমি আকাশ চাবলৈ শিকোঁ, মৰ্ত্যৰ জোনাকী পৰুৱাবোৰকো আকাশত বুটা বাচি ৰোৱা তৰা যেন দেখোঁ। জটিলতকৈও জটিল পৃথিৱীখনকো নিজৰ মনটোৰ দৰে সৰল যেনেই দেখোঁ। থুপুক-থাপাক খোজবোৰ পোন কৰিব শিকাৰে পৰা জীৱনটো নৈখনৰ দৰেই ব’বলৈ লয়, এটা মুহূৰ্তও পুনৰ উভতি নহাৰ প্ৰতিশ্ৰুতিৰে! য’তেই শিলত ঠেকা খায়, ত’তেই গতি আৰু ৰূপ সলাই আগ বাঢ়ে। হাড়ে-ছালে লগা শিশু এটাক শগুনে এটাই মৰিবলৈ ৰৈ থকা আফ্ৰিকাৰ সেই হৃদয় বিদাৰক ছবিখন আমাৰ পৰিচিত।
ভাৰতত দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱত সাতৰ পৰা সোতৰ বছৰ বয়সৰ প্ৰায় ১২.৯ মিলিয়ন শিশু শ্ৰমিক নিয়োজিত হৈ আছে। এয়া চৰকাৰী তথ্য, প্ৰকৃততে পাঁচ বছৰ বয়সৰ পৰাই বহু শিশু শ্ৰমিক ৰূপত নিয়োজিত হৈ আছে। তথ্য অনুসৰি সমগ্ৰ বিশ্বত ১৫২ মিলিয়ন শিশু শ্ৰমিকৰ ৰূপত কাম কৰি আছে। ইয়াৰে ৭.৩% অকল ভাৰতৰ; অৰ্থাৎ ভাৰতত শিশু শ্ৰমিকৰ সংখ্যা ৩৩ মিলিয়ন। গাঁও অঞ্চলৰ শিশুক অধিক পৰিমাণে শ্ৰমৰ লগত জড়িত কৰা হয়। উপাৰ্জনৰ বাবে বহু শিশুক চহৰলৈ পঠিওৱাটো এটা পৰম্পৰাগত নিয়ম যেনেই হৈছে। ভাৰতৰ আটাইতকৈ বেছি শিশু শ্ৰমিক থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ।
কোৱা বাহুল্য যে কিছুমান চৰ্ত সাপেক্ষে ব্যক্তিগত শিক্ষানুষ্ঠানতো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ল’ৰা-ছোৱালীৰ বাবে ২৫% সংৰক্ষিত আসনৰ ব্যৱস্থা আছে। ইয়াৰ জৰিয়তে সেই সকল শিশুক বিনামুলীয়াকৈ শিক্ষা গ্ৰহণ কৰিবলৈ অনুমতি দিয়া হয়। কেকোঁজেকোকৈ কণমানি দুহাতেৰে কামৰ বোজাৰে খেলাৰ পৰিবৰ্তে কাগজ-কলমেৰে খেলিবলৈ দিব পাৰোঁ সিহঁতকো।
আমাক সময়ে শিকায় আৰু অভিজ্ঞতাই পৰিপক্ব কৰি তোলে। শৈশৱ পাৰ কৰি আমি কৈশোৰ পাওঁগৈ আৰু কৈশোৰ পাৰ হৈ যৌৱন। সময়ৰ লগে লগে দায়িত্ববোধৰ বিকাশ হ’লে মানুহ বিপথে যোৱাৰ সম্ভাৱনা কম থাকে। অভাৱে মানুহক জীৱনৰ নিকৃষ্টতম ছৱিখনৰ সৈতেও পৰিচয় কৰায়। কিন্তু বেয়া সময়েহে আটাইতকৈ ভাল শিক্ষা দি যায়। এসাঁজ খাই আন এসাঁজ লঘোনে থাকিবলগীয়া তেনেই সাধাৰণ পৰিৱেশ এটাৰ পৰাও মানুহে নিজকে অসাধৰণ ৰূপত প্ৰতিষ্ঠা কৰাৰ সপোন দেখে। সমাজত তেনে প্ৰতিভা বিৰল নহয়। তেওঁলোক উঠি অহা প্ৰজন্মৰ আদৰ্শ হোৱা উচিত। “সূৰ্য উদয় যদি লক্ষ্য আমাৰ, সূৰ্যাস্তৰ পিনে ধাৱমান কিয়…”
এতিয়া এটা প্ৰশ্ন আমাৰ নিজলৈকো!
সামৰ্থ্য অনুযায়ী আমি বাৰু কোনোবা শিশুৰ শৈশৱক অকমান পোহৰাব নোৱাৰোনে? সাধ্য অনুসৰে কেতিয়াবা এবছৰ, কেতিয়াবা এমাহ, কাৰোবাক এসপ্তাহ, কাৰোবাৰ বাবে এদিন বা অতি কমেও কাৰোবাৰ বাবে এসাঁজ, আমাৰ ভাগৰ পৰা সিহঁতৰ সৈতে ভগাই ল’ব পাৰোঁতো! কেতিয়াবা আমি কৰা কিছুমান অপচয়, কিছুমান অনৰ্থক খৰচক এইসকলৰ বাবে উচৰ্গিত কৰিব নিশ্চয়কৈ পাৰোঁ। কয় নহয়, “কোনোবাই মৰে হাড়ে হাড়ে, কোনোবাই মৰে মঙহৰ ভাৰে’’। অলপ চিন্তা কৰি চালেই এই ভাৰসাম্য আমি বজাই ৰাখিব পাৰোঁ।
বিলাই দিয়াতহে সঁচা অনন্দ নিহিত থাকে। এদিন অন্তৰংগ বন্ধু এজনে কৈছিল, “বিলাই দিয়াটোতো নিজৰেই স্বাৰ্থ পূৰণ হয় অ’, সেইখিনিয়ে বহু দিনলৈ মনটোক ভালে ৰাখে।”
আমাৰ মাজৰে বহুতে অৱশ্যে কোনো বিনিময় নিবিচৰাকৈ অভাৱগ্ৰস্ত সকলৰ বাবে সাধ্যানুসৰি সহায় আগবঢ়াই আহিছে। সেই ভাললগাখিনিৰে নিজৰ মনটোক সমৃদ্ধ কৰাৰ বাহিৰে তাত আন কোনো স্বাৰ্থ নাথাকে। ইয়াৰ ববে লাগে মাথোঁ সদিচ্ছা! আমাৰ এধানিমান সহায়েৰে কোনোবাই এটা দিন অন্তত ভালদৰে জীয়াব, আমাৰ এষাৰ মাতেৰে কোনোবাই সপোন দেখিবলৈ শিকিব, আমি আগ বঢ়াই দিয়া হাতখনত ধৰি কোনোবাই নিজকে মানুহ বুলি ভাবিবলৈ ল’ব; এয়াও জানো আমাৰেই প্ৰাপ্তি নহয়!