পান্থশালা

লেখক- যাদৱ হাজৰিকা

পান্থশালা
কোনোৱে কয় মুছাফিৰখানা
পান্থশালাত মুছাফিৰৰ ভীৰ
বাঢ়ি গৈ আছে
সকলোকে থাকিবলৈ ঠাই লাগে
কোনেও কাৰো বাবে স্থান এৰিব নিবিচাৰে
এজনে এৰি যোৱা স্থান
আনে পূৰ কৰিবও নোৱাৰে
কোন কেইদিন, কেইৰাতি থাকিব!
পান্থশালাৰ এচুকত বহি
সকলোৰে আলেখলেখ
নিৰীক্ষণ কৰি আছোঁ
দূৰৈৰ শ্মশানখন
এতিয়াও ধোঁৱাই আছে
পান্থশালাত ঠাই নোপোৱাসকলে
এজন এজনকৈ বিদায় মাগিছে
শ্মশানখন আৰু শ দাহ কৰা মানুহবোৰৰ ব্যস্ততা বাঢ়িছে। ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!