গাখীৰৰ মূল্য

লেখক- মুনমুন সৰকাৰ

বাংলা মূল : দুধের দাম
গল্পকাৰ: বনফুল
অনুবাদ : মুনমুন সৰকাৰ

ট্ৰেন আহিল। কিছুসংখ্যক ধুনীয়া, সুগঢ়ী, পৰিপাটি গাভৰু ষ্টেচনলৈ আহিল। সিহঁতৰ আশে-পাশে কিছু সংখ্যক বঙালী ডেকা ল’ৰা কোনোবাই অন্যমনস্ক হৈ কোনোবাই সজ্ঞানে ঘূৰি ফুৰিছিল। ভিৰৰ মাজতে এগৰাকী বৃদ্ধাৰ ভৰি এখন কাৰোবাৰ হল্ড-অলৰ স্ট্ৰেপত লাগিলত তেওঁ হামখুৰি খাই পৰি গ’ল, কিন্তু সেয়া কোনেও লক্ষ্য নকৰিলে। নকৰাৰ কথাই, বিদেশী চিভিলেৰিখিনি কেৱল গাভৰুজাকক দেখুৱাবলৈহে আয়ত্ত কৰা হয়, তেওঁলোকক কেন্দ্ৰ কৰিয়েই বিকশিত হয়। সকলোৰে দশা কিন্তু তেনে নহয় যিজনৰ হোল্ড-অলত লাগি বৃদ্ধাগৰাকী পৰি গ’ল তেওঁ সজোৰে ধমক দি উঠি মানুহগৰাকীক উপদেশ দিবলৈ ল’লে,
“বাটে-ঘাটে অলপ চকু দিবা, চাই-চিতি খোজ কাঢ়িব নোৱাৰা নে? আৰু অলপ জোৰত লাগিলেও স্ট্ৰেপডাল ছিগি থাকিলে হয়!”
বৃদ্ধাগৰাকীৰ সোভৰি খন মোচোকা খাইছিল। তথাপিও লেঙেচিয়াই লেঙেচিয়াই প্লাটফৰ্মত লৰি ঢাপৰি থাকিল।
তেওঁ নিজৰ কাৰণে আসন এখন যেনেতেনে উলিয়াব লাগিবই ইফালে ট্ৰেইনখন বেছি দেৰি নৰয়। অৱশেষত লৰালৰিকৈ তেওঁ বহু পুৰণিকলীয়া ইণ্টাৰচিটি এক্সপ্ৰেছত উঠি ল’লে। যথাৰীতি সকলোৱে ইচ্ আস্ কৰি উঠিল। ইণ্টাৰ ক্লাছৰ নামটো আজিকালি আকৌ সলাই ছেকেণ্ড ক্লাছ কৰা হৈছে।
এজন বঙালী ভদ্ৰলোকে ইচ্ছা কৰিলেই অলপমান আঁতৰি বৃদ্ধাগৰাকীক বহিবলৈ অলপ ঠাই দিব পাৰিলে হয়। তেওঁ নিজৰ বস্তু বাহানিবোৰলৈ বেছিয়েই আহিল বহলকৈ বহি আছিল। কিন্তু তেওঁ আসন নিদিলে বৰঞ্চ জ্ঞান দিলে, ” উঠিলাই যেনিবা, বহিবা ক’ত?”
“মই, মই এইখিনিতে তলতেই তোমালোকৰ ভৰিৰ ওচৰতেই বহিম, দুটাহে মাত্ৰ ষ্টেচন তাৰ পিছত নামিমেই, বেছি দেৰি আমনি নকৰোঁ তোমালোকক!”
বুঢ়ীয়ে তেওঁৰ ভৰিৰ কাষতেই তেওঁৰ জোতাযোৰ অলপ আতৰাই থৈ বহিল, বিশেষ একো অসুবিধা নহ’ল, কাৰণ তেওঁ চুটি চাপৰ মানুহ, লেতুসেতু হৈ পৰি থাকিল। অলপ দেৰি পিছৰ পৰাই কিন্তু তেওঁ অস্বস্তিত পৰিল যিখন ভৰি স্ট্ৰেপত লাগি ধৰিছিল সেই ভৰিখন খুব বিষাব ল’লে লগতে উখহি গ’ল। তেওঁৰ চিন্তা হ’ল নামিব কেনেকৈ? আৰু দুটামান ষ্টেচন পাৰ হ’লেই তেওঁৰ ষ্টেচন আহি পাব এইখনৰ পৰা নামি আকৌ বেলেগ এখনলৈ কেনেকৈ উঠিব? ভৰিখন লৰচৰ কৰিব পৰা নাই, থিয় হ’ব ই নোৱাৰিব দেখোন? ট্ৰেইনৰ সেই বিশেষ ডবাত বহু বঙালী ডেকা আছিল। কোনোবা তেওঁৰ পুত্ৰৰ বয়সৰ কোনোবা নাতিৰ। কিন্তু এওঁলোকে মে তেওঁক সাহায্য নকৰে সেয়া পূৰ্বৰ অভিজ্ঞতাৰ পৰাই তেওঁ বুজি পাইছিল। তথাপিও হয়তো তেওঁলোকৰ পৰাই আকৌ সাহায্য ভিক্ষা কৰিব লাগিব। আৰুনো বেলেগ উপায় কি আছে!

মানুহগৰাকী যিটো ষ্টেচনত নামিবলগীয়া আছিল সেইটো আহি পালে। পেছেঞ্জাৰবোৰ ইতিমধ্যে লৰালৰিকৈ সবেই নামিব ল’লে, তেওঁৰ ফালে কোনেও ঘূৰিও নাচালে।

‘ মোক কোনোবাই নমাই দিয়া বোপাই, মই থিয় হ’ব পৰা নাই।’
বুঢ়ীৰ এই কৰুণ অনুৰোধ সবেই শুনিলে কিন্তু বেছিভাগেই এনেকুৱা এটা‌ কৰি দেখুৱালে যেন একো শুনিয়েই পোৱা নাই।
এজনে ক’লে, ‘মগনীয়া মাইকীজনীৰ স্পৰ্ধা দেখিছা? টিকট নোহোৱাকৈ ট্ৰেনত উঠিছে আকৌ এতিয়া গপচ চোৱা-‘
তেওঁ মানুহগৰাকীক মগনীয়া বুলিয়েই ভাবিছিল, মানুহ গৰাকী কিন্তু মগনীয়া নাছিল , তেওঁৰ টিকটো আছিল। ছেকেণ্ড ক্লাছৰেই টিকট আছিল।
আৰু এজনে মন্তব্য কৰিলে , ‘এনে হেল্পলেছ বুঢ়ী মানুহক এনেদৰে ৰাস্তাত যে এৰি দিছে, তাইৰ পুত্ৰ , স্বামী কোনো নাই নেকি? কেনে আচৰিত!’
চিগাৰেট হুপি হুপি তেওঁ ওলাই গ’ল। গাড়ীত যিসকল থাকিল তেওঁলোকে খোৱাত মনোনিবেশ কৰিলে। বুঢ়ীৰ কথা তেওঁলোকেও শুনিছিল কিন্তু তাত মন কাণ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে।।
তেওঁ তেতি‌য়া দুই হাতত ভৰ দি চুচঁৰি দুৱাৰ মুখত আহি উপস্থিত হৈছিল, কিন্তু নামিবলৈ সাহস কৰা নাছিল।
‘ ঐ বুঢ়ী আতঁৰ হ দুৱাৰ মুখৰ পৰা।’
এজন মাৰোৱাৰী যাত্ৰীয়ে মানুহজনীক প্ৰায় গচকি যোৱাদি ট্ৰেনৰ ভিতৰত প্ৰৱেশ কৰিলে মানুহজনৰ পিছফালে এজন বলিষ্ঠ দেহৰ কুলী। তেওঁৰ মূৰত চুটকেছ, হোল্ড-অল। কুলীৰ পাছফালে হাৱাই চেণ্ডেল আৰু নীলা চছমা পিন্ধা চেঙেলীয়া ল’ৰা এজন। সি নাটকীয় ভঙ্গীমাৰে ক’লে, ‘ হে দয়াময়ী,বাটটো এৰি দিয়া। দুৱাৰ মুখত কিয় বহি আছা?’

‘ভৰিখনত দুখ পাইছোঁ বোপাই, নামিব পৰা‌ নাই।’

‘ অহ্, ৰ’বা। স্ট্ৰেচাৰ এটা অনাব পাৰোঁ নেকি চাওঁ।’
ল’ৰাটো ভীৰৰ মাজত লুকাই পৰিল আৰু উভতি নাহিল।

যিজন কুলীয়ে মূৰত বস্তু বাহানিবোৰ লৈ আহিছিল সি সেইবোৰ নমাই থৈ ঘূৰি যাব লওঁতে দুৱাৰ মুখত আহি ৰ’ল।

‘আই অলপ বাটটো এৰি বহক। অহা-যোৱা কৰাৰ বাটটোত কিয় বহি আছে?

মানহগৰাকী হঠাৎ ফেকুঁৰি ফেকুঁৰি কান্দি উঠিল। ‘মই নামিব পৰা নাই বোপাই ভৰিত দুখ পাইছোঁ।’
‘আপুনি ক’লৈ যাব?’
‘গয়া’-
‘বলক মই আপোনাক নমাই থৈ আহো।’
বলিষ্ঠ ডেকা এজনে যিদৰে শিশুক দুই হাতেৰে বুকুৰ মাজত চপাই লয় তেনেদৰেই তেওঁ বৃদ্ধাগৰাকীক দাঙকোলাকৈ তুলি ল’লে। চিধাই ফাৰ্ষ্ট ক্লাছ ৱেটিং ৰুমলৈ লৈ গ’ল।
‘আপুনি ইয়াতেই বহক আই, গয়া পেছেঞ্জাৰ খন আহি পাওঁতে অলপ দেৰি লাগিব। মই ঠিক সময়ত আহি আপোনাক প্ৰদেশত উঠাই দি থৈ যামহি।’
ৱেটিং ৰূমৰ পকাতেই তেওঁ বহি পৰিল।
যি দুখন ইজি চেয়াৰ আছিল তাত চাহেবী পৌছাক পৰিহিত দুই বঙালী ভদ্ৰলোকে চকীদুখনৰ বাহুৰ ওপৰত ভৰি তুলি দীঘলকৈ পৰি আছিল। এজনে বাতৰি-কাকত আৰু আনজনে কিতাপ এখন পঢ়ি আছিল। কিতাপখনৰ কভাৰ পেইজত যিগৰাকী অৰ্ধনগ্ন হাঁহিমুখীয়া নাৰীৰ ফটো আছিল এনে লাগিছিল যেন সেই নাৰীয়ে তেওঁলৈ চাই ব্যাঙ্গাত্মক হাঁহি মাৰিছে।

সম্ভৱতঃ আগৰ পৰাই আলোচনা এভাগ চলি আছিল। আকৌ আৰম্ভ হ’ল।
চিভিলৰি আমাৰ দেশত আছিল, ‘ নাৰ্যযত্ৰ পূজ্যন্তে , ৰমন্তে তথ্য দেৱতা, এই কথা আমাৰ মনু সংহিতাত লিখা আছে।’
নাৰীৰ ছবি থকা ইংৰাজী আলোচনীখন যিজনে পঢ়ি আছিল তেওঁ হয়তো এই কথাটো গম পোৱা নাছিল।
উঠি বহিল
‘কি কয় হে! এই কথাটো আগতে গম পোৱা হ’লে তাক এৰি দিলোঁ হয় জানো? মনুৰ যুগৰ পৰাই যে আমাৰ দেশত চিভিলৰি আছিল , আমি মে বৰ্বৰ নাছিলোঁ সেই কথাটো তাক ভালকৈ বুজাই‌ দিলোঁ হয়।’
মানুহগৰাকীয়ে বুজি পালে যে ইতিপূৰ্বে চাগে কোনোবা চাহাবৰ সৈতে সেইজনৰ তৰ্ক হৈছে। শ্বেতাংগ চাহাবে চাগে এই দুজন কৃষ্ণাংগ মানুহক বৰ্বৰ বুলি ব্যঙ্গ কৰিছিল।
মানুহগৰাকীয়ে মনে মনে ক’লে , তোমালোক বৰ্বৰেই।
তোমালোকৰ চিভিলৰি কেৱলমাত্ৰ ষোড়শী গাভৰুৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
তেওঁৰ বাংলা, সংস্কৃত আৰু ইংৰাজী ভাষাত ভাল দখল আছিল। সেইসময়ৰ বেথুন স্কুলত পঢ়িছিল।

হঠাৎ দ্বিতীয়জনে বুঢ়ীক দেখিলে।

‘আৰে এইজনী আকৌ ক’ৰ পৰা আহি ওলালেহি ইয়াত?’
‘কোনোবা মগনীয়া হ’ব চাগে’
প্ৰথমজন ভদ্ৰলোকে কিবা এটা আন্দাজ কৰিলে।

‘সঁচাকৈয়ে মগনীয়া/ খোজনিয়াৰে ভৰি পৰিছে দেশখন। স্বাধীনতাৰ পিছত ইহঁতৰ সংখ্যা আৰু বাঢ়ি গৈছে। সকলোৱে আকৌ মুকলিকৈ বিচাৰিবলৈও লাজ কৰে।’

মানুহজনে পকেটৰ পৰা পইচা উলিয়াই মানুহগৰাকীৰ পিনে দলি মাৰি দিলে।

নিৰ্বাক হৈ বহি থাকিল বৃদ্ধাগৰাকী।

‘পইচা উঠাই লোৱা , তোমাকেই দিছোঁ।’

বৃদ্ধাগৰাকীয়ে তথাপিও একো মুখেৰে নামাতিলে।

দাতাৰ সন্দেহ হ’ল বোধকৰোঁ বুঢ়ী বঙালী নহয়। তেতিয়া ৰাষ্ট্ৰভাষা ব্যৱহাৰ কৰিলে, চাকৰিৰ বাবে কেইদিনমানৰ আগতেই ৰাষ্ট্ৰভাষাৰ পৰীক্ষা পাছ কৰি থৈছে।
‘ পইচা উঠা ল’। তুম্হীকো দিয়া।’
‘তেতিয়া বৃদ্ধাই পৰিষ্কাৰ বঙালী ভাষাত ক’লে, মই ভিক্ষাৰী নহয়, ময়ো আপোনালোকৰ দৰেই পেছেঞ্জাৰ।’
‘ইয়ালৈ কেলেই আহিলা, এইটো আপাৰ ক্লাছৰ ৱেটিং ৰূম।’
‘মোৰ ছেকেণ্ড ক্লাছৰ টিকট আছে।’
পিছ মূৰ্হুততে সেই বলিষ্ঠ কুলিজনক দুৱাৰ মুখত দেখা গ’ল।
‘চলিয়ে মাইজি, গয়া পেছেঞ্জাৰ আ গিয়া।’
তাৰ বলিষ্ঠ বাহুৰ জোৰত পুনৰ বুঢ়ীক শিশুৰ দৰে বুকুত সাৱটি বাহিৰলৈ উলিয়াই লৈ গ’ল।
গয়া পেছেঞ্জাৰত অলপ ভিৰ আছিল কিন্তু কুলিজনৰ বলিষ্ঠ শক্তিয়েই অৱশেষত জিকিল সদায় জিকাৰ দৰে। ডাবি ধমকি দি সি বৃদ্ধাগৰাকীক বেঞ্চ এখনৰ এটা চুকত বহিবৰ ব্যৱস্থা কৰি দিলে।

মানুহ গৰাকীয়ে তাক দুটকা উলিয়াই হাতত দিলে।
এই প্ৰসঙ্গত কুলিৰ সৈতে হিন্দীত যি কথা বতৰা হ’ল তাৰ সাৰমৰ্ম হ’ল-

‘মোৰ মজুৰি আঠ অনা, দুটকা কিয় দিছে?’

‘তুমি মোৰ কাৰণে ইমান কৰিলা , সেয়ে দুটকামান বেছিকৈ দিছোঁ।’

“নাই নাই আই, মোক ক্ষমা কৰিব। মই ধৰ্ম বিক্ৰী নকৰোঁ।”

‘তুমিয়েই মোৰ পুত্ৰ, বোপাই। মোৰ পুত্ৰৰ দৰেই কাম কৰিছা। মইতো তোমাক গাখীৰ খুওৱা নাছিলোঁ। সামান্য পৰিমাণে যি দিছোঁ সেয়া পিয়াহৰ মূল্য বুলিয়েই ধৰি লোৱা। দীৰ্ঘজীৱি হোৱা, ঈশ্বৰে তোমাৰ মঙ্গল কৰক।’

বৃদ্ধাৰ মাতটো কঁপিবলৈ ল’লে। চকুৰ কোণত পানীৰ টোপাল জিলিকি উঠিল।

কুলিজনে অলপ দেৰি হতভম্ব হৈ থিয় হৈ থাকিল, তাৰ পিছতেই সেৱা এটা কৰি নামি গ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!