আধুনিক অসমীয়া সাহিত্যত লোকসাহিত্যৰ প্ৰতিফলন

লেখক- শিখামণি গগৈ

সাহিত্যই জীৱনৰ সন্ধান কৰে,জগতৰ সন্ধান কৰে,
জগত আৰু জীৱনৰ লগত এক সম্পৰ্ক স্থাপন কৰে, মঙ্গলময়,কল্যাণময় এখন পৃথিৱীৰ কল্পনা কৰে।
সমাজৰ দাপোন স্বৰূপ সাহিত্য হৈছে মানৱ সমাজৰ পথ নিৰ্দেশক। মানৱ সমাজত সাহিত্যৰ অৱদান বৰ্ণনাতীত।
সমাজৰ ৰুচি-অভিৰুচি, দুখ-যন্ত্ৰণা, আশা-আকাংক্ষা, কল্পনা- বাস্তৱ, সামাজিক নীতি-নিয়ম, কু-সংস্কাৰ, অসহিষ্ণুতা আদি পৰিৱৰ্তনৰ কাৰকবোৰে সমাজখনক সাহিত্যৰ যোগেদিয়েই প্ৰতিফলিত কৰে। সাহিত্যই সত্যৰ সন্ধান কৰে, মানুহৰ মহা-মহত্বৰ সন্ধান কৰে আৰু যুগে যুগে সাহিত্যৰ সাধনাতে মানুহে ন ন সৃষ্টি কৰি আহিছে।
– ‘সাহিত্য’ বুলি ক’লে সাধাৰণতে কবিতা, নাটক, উপন্যাস, গল্প, প্ৰবন্ধ আদিয়েই মনলৈ আহে যদিও এনে সাহিত্য সৃষ্টিৰ বহুকালৰ পূৰ্বেই অৰ্থাৎ লিপি উদ্ভৱ হোৱাৰ বহু পূৰ্বৰে পৰাই জনসাধাৰণৰ মাজত এক প্ৰকাৰৰ সাহিত্য প্ৰচলিত হৈ আছিল। সেয়া হ’ল ‘লোকসাহিত্য’ যাৰ একমাত্ৰ বাহক হৈছে মানুহৰ স্মৃতি। লোকসাহিত্য মানুহৰ মুখে মুখে চলি অহা বাবে ইয়াক জনসাহিত্য বা মৌখিক সাহিত্য বুলিও কোৱা হয়। অসমীয়া লোকসাহিত্যক বিষয়-বস্তুৰ ওপৰত ভিত্তি কৰি তিনি ভাগত ভাগ কৰা হৈছেঃ
১/ লোকগীত
২/ ফকৰা-যোজনা, সাঁথৰ-পটন্তৰ
৩/ সাধুকথা
অসমীয়া ভাষাটোক শুৱনি কৰাৰ ক্ষেত্ৰত গাঁৱে-ভূঞে চহা লোকসকলৰ মুখত সততে চলি অহা লোকগীত, ফকৰা-যোজনা, সাঁথৰ-পটন্তৰ আৰু সাধুকথাসমূহৰ অৰিহণা লেখত ল’বলগীয়া।
* লোকগীত: অতীতৰ পৰাই মানুহৰ মুখে মুখে বাগৰি অহা গীতকেই আমি লোকগীত বুলি ক’ব পাৰোঁ। লোকগীতত অসমীয়া সাহিত্য অতিশয় চহকী। জনজীৱনৰ সুখ-দুখ, হৰ্ষ-বিষাদ আদিয়েই লোকগীতবোৰৰ প্ৰাণৰ কথা। সাহিত্যৰ দৃষ্টিভংগীৰে চালে এই লোকগীতসমূহ অধিক মূল্যবান। লোকগীতসমূহক আকৌ তিনিটা ভাগত ভগাব পাৰিঃ
(ক) অনুষ্ঠানমূলক
(খ) আখ্যানমূলক আৰু
(গ) বিবিধ বিষয়ক বা কৰ্মবিষয়ক গীত
অনুষ্ঠানমূলক: অসমীয়া সমাজত বিভিন্ন অনুষ্ঠান উদযাপন কৰোঁতে এই অনুষ্ঠানমূলক লোকগীতসমূহ পৰিবেশন কৰা হয়। যেনে:-বিয়ানাম, বিহুগীত, বনগীত, সুবচনীৰ গীত, লখিমী সবাহৰ গীত, অপেচৰী সবাহৰ গীত, মহোহো গীত ইত্যাদি।
আখ্যানমূলক: আখ্যানমূলক গীতসমূহৰ বিষয়বস্তু হৈছে কোনো একোটা কাহিনী বা কাল্পনিক আখ্যান। এই আখ্যানমূলক কাহিনীবোৰক ইংৰাজীত ‘বেলাড’ বোলে। এইসমূহ গীততো অসমীয়া ভাষা চহকী। এই আখ্যানমূলক গীতসমূহক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছেঃ
(ক) বুৰঞ্জীমূলক
(খ) কিম্বদন্তি বা জনশ্ৰুতিমূলক আৰু
(গ) কাল্পনিক

(ক) বুৰঞ্জীমূলক: মণিৰাম দেৱানৰ গীত, জয়মতীৰ গীত, গৌৰীনাথ সিংহৰ গীত, বৰফুকনৰ গীত, নাহৰৰ গীত ইত্যাদি।
(খ)কিম্বদন্তি বা জনশ্ৰুতিমূলক: মণি কোঁৱৰৰ গীত, ফুল কোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, ময়নামতীৰ গীত, কমলা কুঁৱৰীৰ গীত ইত্যাদি। এইগীতসমূহৰ পৰা মনোৰঞ্জনৰ কাহিনীৰ সৃষ্টি হৈ অসমীয়া সাহিত্য জগত চহকী কৰিছে।
(গ)কাল্পনিক: এই গীতসমূহ কৰুণ ৰস প্ৰধান আৰু প্ৰোষিতভতৃকা নায়িকাৰ প্ৰিয় বিৰহৰ বৰ্ণনা পোৱা যায়। কন্যা বাৰমাহী গীত, দুবলা শান্তিৰ গীত, মধুমতী গীত, জয়ধন বণিয়াৰ গীত আদি ।
(৩)বিবিধ বিষয়ক বা কৰ্মবিষয়ক গীত: নাওখেল, ধাইনাম, নিচুকনি গীত, কামৰূপৰ বৰশী বোৱা গীত, মহখেদা, নাঙেলী গীত, গৰখীয়া গীত, হাউখেলৰ গীত, গোৱালপাৰা অঞ্চলৰ চটকা গীত, জুনা গীত, বহুৰঙী গীত, মৈষাল গীত আদি বিভিন্ন ধৰণৰ গীত অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত হৈ আছে।
লোকগীতৰ দৰেই অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ হৈছে ফকৰা-যোজনা, সাঁথৰ-পটন্তৰ আৰু প্ৰবচনসমূহ। এইবোৰ ভিন্ন সময়ৰ ভিন্ন ৰুচি আৰু অভিজ্ঞতা সম্পন্ন লোকৰ সূক্ষ্মতম অভিব্যক্তি। অসমীয়া জাতীয় জীৱনৰ লগত ইয়াৰ সম্পৰ্ক নিবিড়। ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ উপৰিও কৃষি গৃহস্থালী, আচাৰ-ব্যৱহাৰ আদিৰ বিষয়ে এই সমূহৰ মাজেদি সাৰুৱা উপদেশো পোৱা যায়।
*ফকৰা-যোজনা: ফকৰা-যোজনাবোৰ অসমীয়া সাহিত্যৰ এক ডাঙৰ সম্পদ। ই এফালে ভাষাটো চহকী কৰে আৰু আনফালে ভাষাটোৰ সৌষ্ঠৱো বৃদ্ধি কৰে। ক্ৰমবৰ্দ্ধমান সমাজৰ বিচিত্ৰ অভিজ্ঞতাৰে পুষ্ট অলেখ চুটি, সহজ অথচ অৰ্থবহ ফকৰা-যোজনাই লোকসাহিত্যক অধিক সমৃদ্ধ কৰি ৰাখিছে। যোজনাবোৰ একোটা বিশেষ ভাবৰ নিৰ্দেশক আৰু বাহক। এটা কথা বুজাবলৈ আন এটা কথাৰ লগত তুলনা কৰি ফকৰা-যোজনা ব্যৱহাৰ কৰা হয়। ফকৰা-যোজনাৰ মাজেদি এটা জনগোষ্ঠীৰ সাংসাৰিক জীৱনৰ অভিজ্ঞতা, মননশীল চিন্তা-চৰ্চা আৰু আচাৰ-নীতি প্ৰকাশ পায়। তদুপৰি, ফকৰা-যোজনাৰ ব্যৱহাৰে নিজ যুক্তিক অধিক সজোৰে উপস্থাপন কৰাত সহায় কৰাৰ লগতে বক্তাজনৰ কৌশলী প্ৰকাশ ভংগীৰ বুদ্ধিদীপ্ততাও বহন কৰে। যোজনাক পটন্তৰ বুলিও কোৱা হয়। ফকৰা-যোজনাসমূহ এনেধৰণৰ– “নদীৰ বন নাই খান্দে আৰু পোতে, বিষয়াৰ বন নাই ভাঙে আৰু পাতে”, “তিনি গধূলি তৰিছে তাঁত, উজুটিত চিঙিছে পৈয়েকৰ দাঁত”, “বালিলৈ যিপাত শৰ, সুগ্ৰীৱলৈও সেইপাতেই শৰ।”
*সাঁথৰ: ফকৰা-যোজনাবোৰৰ দৰেই সাঁথৰসমূহো চুটি মৌখিক অভিব্যক্তি। সাঁথৰবোৰে বুদ্ধিমত্তাৰ পৰিচয় দিয়ে। সাঁথৰবোৰৰ বিষয়বস্তু সাধাৰণতে ঘৰুৱা জীৱনৰ লগত সংপৃক্ত হৈ থকা আহিলা। প্ৰতিটো সাঁথৰৰ অন্তৰালত একোটা উত্তৰ থাকেই।
যেনেঃ ঘৰৰ ওপৰত ঘৰ, তাতে পৰি মৰ।”(আঁঠুৱা)
“হাবিত কাহে ওলাই নাহে” (কুঠাৰ)
“গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ” (মাটি কঁঠাল)
*সাধুকথা: পৃথিৱীৰ সকলো জাতি-জনগোষ্ঠীসমূহৰ অন্যতম মূল্যবান সম্পদ হৈছে সাধুকথা। লোক জীৱনৰ মাজত সঞ্চিত হৈ থকা পৰম্পৰা, বিশ্বাস, কল্পনা, চিন্তা, আদৰ্শ আদি সাধুকথাৰ মাজেদি প্ৰতিফলন ঘটাব পাৰে। সাধুকথাৰ সম্পৰ্কত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই আগবঢ়োৱা মন্তব্য এটি এই প্ৰসংগত উল্লেখ কৰিব পাৰি। “এটা জাতিৰ পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰত এটা শব্দৰ ইতিহাস এখন ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূল্যবান কিয়নো মানৱ জীৱনৰ বাবে আৱশ্যকীয় নীতি-শিক্ষা সাধুকথাবিলাকে যোগান ধৰিব পাৰে।” সাধুকথাৰ কাহিনীত অলৌকিতাই প্ৰাধান্য লাভ কৰে। সাধুকথা কওঁতাৰ নিজা ভংগী থাকে সেই ভংগীৰে ক’লেহে তাৰ বৈশিষ্ট্যৰাজিৰ প্ৰকাশ হয়। সাধুকথাত মানুহৰ দৰে এই চৰিত্ৰসমূহৰ মাজতো স্নেহ, মৰম, অসূয়া ধূৰ্তালি আদি ভাব দেখিবলৈ পোৱা যায়। তেজীমলা, তুলা আৰু তেজা আদি কৰুণ ৰসাত্মক আৰু টেটোন তামুলী, কুকুৰীকণা জোঁৱাই আদি সাধুসমূহ ধেমেলীয়া বিধৰ। পৰ্বত, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদি প্ৰাকৃতিক সম্পদসমূহৰ উৎপত্তি সম্বন্ধেও অলেখ সাধু আছে। পঞ্চতন্ত্ৰ, হিতোপদেশ, ঈছপৰ সাধু, এণ্ডাছনৰ সাধু আদি গ্ৰন্থ অসংখ্য সাধুকথাৰে ভৰপূৰ। অসমত বিভিন্ন ৰূপত মানুহৰ মুখে মুখে অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত সাধুকথাসমূহক অসমীয়া লোকসাহিত্যত বৰ্তমান অন্তভুৰ্ক্ত কৰি লোৱা হৈছে।
*প্ৰবচন: পৃথিৱীৰ প্ৰায় সকলো ভাষাতে অতীতৰ পৰাই proverb অৰ্থাৎ প্ৰৱচন বা প্ৰবাদ বাক্য আদিৰ ব্যৱহাৰ হৈ আহিছে। গাঁৱলীয়া পৰিবেশত ককা, আইতা, পেহী, জেঠাই আদি আমাৰ জ্যেষ্ঠজনৰ মুখত এনে খণ্ডবাক্য-প্ৰৱচন নুশুনাকৈ কোনো লোকেই হয়তো ডাঙৰ হোৱা নাই। অসমীয়াত ডাকৰ-বচন, চৰ্যাপদ আদিৰ দিন বা তাৰো আগৰ পৰাই হয়তো প্ৰৱচনবোৰৰ প্ৰচলন আছিল। শংকৰ-মাধৱ গুৰু দুজনাৰ লেখাসমূহতো এনে দেধাৰ উদাহৰণ আছে। অসমীয়া গাঁৱলীয়া সমাজত আইতা, মাহী, পেহী আদিৰ মুখত কথোপকথনৰ এনে ধৰণৰ এটা ৰূপ বহুতেই শুনিছে—“কেলেহুৱা ঘৰৰ জীয়াৰী; মাকৰ ঘৰত এতিয়া খুদকণ এটাৰ বাবে হাহাকাৰ। ভায়েকটো আহি এতিয়া লগতে আছে; আহোঁতে তেনেই হৰি শংকৰ দিগম্বৰ। তাইৰ আক’ এতিয়া ভেম কি চাবি।”
“বোলে সাত পুৰুষত নাই গাই, কঁৰীয়া লৈ দুহিবলৈ যায়।”, “এতিয়া আৰু মোৰ লগত সেইবোৰ নেচেল।”, “আসৈ পোৱা কুকুৰে গললৈকে জঁপিয়ায়।”, “আও আজি দেখোন হাইঠা মাটিত পৰিল।”, “বাটৰ বগৰী জেং আজিনো কোনে আঁতৰালে?”আদিবোৰ হৈছে আমাৰ গাঁৱলীয়া সমাজখনৰ এক পৰিচিত ছবি।
এতিয়া আমি দেখিলোঁ যে অসংখ্য লোকগীত, ফকৰা-যোজনা, সাঁথৰ, পটন্তৰ, প্ৰবচন সাধুকথাৰে আমাৰ অসমীয়া ভাষাটো যথেষ্ট চহকী। যদিও কিছু কিছু নীতিকথা, ফকৰা-যোজনা যুগৰ লগত ফেৰ মাৰিব নোৱাৰি লুপ্তপ্ৰায় হ’ল, নগৰকেন্দ্ৰিক সভ্যতা, বাৰেমিহলি ভাষা-ভাষী মানুহৰ সংমিশ্ৰণৰ উৎপাতত তিষ্ঠিব নোৱাৰি কৃষিমুখী গ্ৰাম্য সমাজৰ একাত্ম এই মণি-মুকুতাবোৰ আজি আমাৰ মুখত সৰসৰকৈ নুফুটা হ’ল তথাপি সময়-চালনীত সৰি পৰা অথবা টিকি থকা এই উৰণীয়া বিতোপন মৌখিক কথাবোৰৰ একোটি অংশ গুণী-জ্ঞানীজনৰ দ্বাৰা সংগ্ৰহ-প্ৰচেষ্টা সময়ে সময়ে কৰা হৈছে।
চতুৰ্দশ শতিকাৰ মাধৱ কন্দলীৰ ৰামায়ণ প্ৰমুখ্যে বৈষ্ণৱ যুগৰ সাহিত্যত যোজনা, ফকৰা, দৃষ্টান্তৰ সংযোজনে ভাষাৰ সৌষ্ঠৱ বঢ়াইছিল। অষ্টাদশ শতিকাত ৰচিত কথাচৰিতত এইবোৰৰ ব্যৱহাৰে ভাষাৰ নিপুণতা সূচাইছিল।
১৮৪৯ চনৰ নৱেম্বৰ সংখ্যা ‘অৰুনোদই’ত প্ৰথমে প্ৰকাশিত সাঁথৰৰ এটি পংক্তিত কোৱা হৈছে—“কহে কবি কংকন হিয়েলিৰ চন্দ।” ১৮৫৪ চনৰ আগষ্ট সংখ্যালৈকে অৰুনোদইত ৫২ টা সাঁথৰ উত্তৰসহ প্ৰকাশ পায়। সাঁথৰবোৰ যেন অৰ্থৰ মকৰাজাল।
এসময়ত ভাৰত শাসন কৰিবলৈ অহা ব্ৰিটিছ প্ৰশাসনিক বিষয়াসকলৰ বেছিভাগেই স্থানীয় ভাষাবোৰ সুন্দৰকৈ আয়ত্ত কৰি লৈছিল। অসমলৈ অহা ব্ৰিটিছ বিষয়াসকলৰো অসমীয়া ভাষাত ভাল দখল আছিল। তেওঁলোকে অসমীয়া ভাষাটো কাম চলাব পৰাকৈ শিকিয়েই সামৰি থোৱা নাছিল, বৰঞ্চ জতুৱা-ঠাঁচ, ফকৰা-যোজনাবোৰো নিৰহ-নিপানিকৈ শিকি লৈছিল। পি আৰ টি গৰ্ডন নামৰ ব্ৰিটিছ বিষয়াজনে ১৮৯৬ চনতে ৩৬৩টা অসমীয়া ফকৰা-যোজনা সংগ্ৰহ কৰি Some Assamese Proverbs নামেৰে এখন পুথি প্ৰকাশ কৰিছিল। ব্ৰিটিছ বিষয়াসকলৰ অসমীয়া জতুৱা-ঠাঁচৰ জ্ঞানৰ পৰিচয় আমি ১৮৮৫ চনত প্ৰশাসনীয় পদৰ বাবে অনুষ্ঠিত এটা পৰীক্ষাৰ পৰা সঠিকভাৱে পাব পাৰোঁ। অসম চৰকাৰৰ ছাবৰ্ডিনেট একজিউটিভ ছাৰ্ভিছৰ সেই পৰীক্ষাটোত অৱতীৰ্ণ দুগৰাকী প্ৰাৰ্থী আছিল শিৱসাগৰ এসময়ৰ বিশিষ্ট নাগৰিক ৰায় বাহাদুৰ ফণীধৰ চলিহা আৰু কেম্পবেল নামৰ এজন ব্ৰিটিছ চাহাব। পৰীক্ষাটোত ইংৰাজীৰ লগতে অসমীয়াৰো এখন প্ৰশ্নকাকত আছিল। অসমীয়াৰ প্ৰশ্নকাকতখনত থকা একমাত্ৰ প্ৰশ্নটো আছিল—Translate into idiomatic Assamese — Look before you leap. এশ নম্বৰৰ এই প্ৰশ্নটোত অসমীয়া ফণীধৰ চলিহাই মাত্ৰ ৩০ নম্বৰহে পালে, অথচ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা কেম্পবেলে পালে ৭০ নম্বৰ। কথাটো বিশ্বাস কৰিব নোৱাৰি ফণীধৰ চলিহাই উত্তৰ বহী দুখন চাব খুজি আবেদন কৰিলে। বহী দুখন চাই তেখেতে দেখিলে, ব্ৰিটিছ চাহাবজনে Look before you leapৰ অসমীয়া ভাঙনিত লিখিছে—“নেচাই ডেলে গালৈকে ঘাটি।” অথচ তেখেতে লিখিলে–“জাঁপ মাৰিলে চাই জাঁপ মাৰিবা।” নিজৰ ভুল স্বীকাৰ কৰি চলিহাদেৱে নিজে পোৱা ৩০ নম্বৰটোও আচলতে চাহাবজনেহে পোৱা উচিত বুলি মন্তব্য কৰিছিল।
১৮৭৭ চনত শিৱসাগৰৰ পৰা প্ৰকাশ পোৱা শ্ৰীমতী এইচ বি এল কট্টাৰৰ Phrases in English and Assamese পুথিখনেই বোধহয় অসমীয়া ভাষাৰ ফকৰা-যোজনাৰ প্ৰথম পুথি। তাৰ পাছতো বিভিন্নজনে বিভিন্ন সময়ত ফকৰা-যোজনা, পটন্তৰবোৰ সংগ্ৰহ কৰি পুথি আকাৰে প্ৰকাশ কৰি আহিছে। সেইসকলৰ ভিতৰত বেনুধৰ ৰাজখোৱাৰ ‘অসমীয়া খণ্ডবাক্য কোষ’, প্ৰসন্ন চন্দ্ৰ বৰুৱাৰ ‘পটন্তৰমালা’, ডিম্বেশ্বৰ নেওগৰ ‘ৰহৰহী’, ‘পানীমিঠৈ’, ইন্দ্ৰ নাৰায়ণ বৰাৰ ‘আসামৰ নীতি সাহিত্য’, মহানন্দ বৰুৱা, গোলাপ চন্দ্ৰ বৰুৱা, লঘুৰাম চৌধুৰী, হৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ দ্বাৰা সংগৃহীত ‘ফকৰা-যোজনা’, ৰামকৃষ্ণ দাস, ইন্দ্ৰ নাৰায়ণ বৰা, ভীমশেখৰ বৰুৱা, চৈয়দ আব্দুল মালিক, জীৱন চন্দ্ৰ কোচ আদি।
সাম্প্ৰতিক সময়ত লিখিত ৰূপ পোৱা মৌখিক গীত-মাত, ফকৰা-যোজনা, পটন্তৰ, সাধুকথা আদি লোকসাহিত্যক সাহিত্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ শ্ৰেষ্ঠ আৰু বাচকবনীয়া শব্দৰে এক শ্ৰেষ্ঠশৈলীত ৰচনা কৰা যিকোনো কলাত্মক সৃষ্টিয়ে সাহিত্য ।লোকসাহিত্যত অনেক কলাত্মক ৰচনা বিঢৌত হৈ আছে। লোকসাহিত্যসমূহ সৃষ্টিৰ এক বিশাল ভাণ্ডাৰ য’ত কিছু নজহা-নপমা উপাদান আছে। এই উপাদানসমূহেৰে সাম্প্ৰতিক সময়ত আধুনিক মনন, কল্পনা, অভিব্যঞ্জনাৰে নতুন মূল্যবোধ প্ৰদান কৰিব বিচৰা শৈলী বৰ্তমান সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত সততে পৰিলক্ষিত হৈছে। বিশেষকৈ গল্প, উপন্যাস, নাটক আৰু কবিতাত এই শৈলীৰ প্ৰয়োগ হোৱা পৰিলক্ষিত হৈছে। আধুনিক অসমীয়া সাহিত্যত এই শৈলীয়ে সম্প্ৰতি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ পোৱা দেখিবলৈ পোৱা গৈছে।
লোকসাহিত্যসমূহক সমল হিচাপে লৈ সাম্প্ৰতিক সময়ত সৃষ্টি হোৱা কিছু সাহিত্য উত্থাপন কৰা হৈছে–
‘বুঢ়ীআইৰ সাধু’ৰ প্ৰত্যেকটো সাধুৰ পৰা একো একোখন নাটক মঞ্চস্থ হোৱা আমি দেখিবলৈ পাইছোঁ। “তেজীমলা” সাধুটিৰ পৰা ৰত্না দত্তই প্ৰণয়ন কৰিছে “দ্বিতীয়া” নামৰ এখন উপন্যাস। পদ্মনাথ গোহাঞি বৰুৱাৰ “টেটোন তামুলী” লক্ষ্মীনাথ বেজবৰুৱাৰ “নিমাতী কইনা” কবিতা আৰু তাৰ আধাৰত জ্যোতি আগৰৱালাই প্ৰণয়ন কৰিছে “নিমাতী কইনা” নাটক। কমলা কুঁৱৰীৰ গীতৰ আধাৰতো পৰমানন্দ ৰাজবংশীয়ে “কমলা কুঁৱৰীৰ সাধু” নাটক ৰচনা কৰিছে। ৰজনীকান্ত বৰদলৈয়ে মনিপুৰত প্ৰচলিত এটি লোককথাৰ আলমত ৰচনা কৰিছিল ‘”খাম্বা-থুইবীৰ সাধু” নামৰ এখন উপন্যাস।
উপন্যাসখনৰ নায়িকা থুইবীক ঔপন্যাসিকে সতীৰূপে প্ৰক্ষেপ কৰিছে। উপন্যাসৰ শেষত থুইবীয়ে খাম্বাৰ চিতাত আত্মাহুতি দিছে। উপন্যাসখনিত হাংজিং দেৱতাৰ পূজাৰ বিষয়ে বৰ্ণনা কৰাৰ লগে লগে খাম্বা আৰু থুইবীৰ প্ৰেম কাহিনীও বৰ্ণনা কৰিছে। দৰাচলতে খাম্বা আৰু থুইবীক ক্ৰমে শিৱ আৰু উমাৰ অংগৰূপে দেখুওৱা হৈছে। খাম্বাই অনেক বিপদ অতিক্ৰম কৰি নিজৰ স্থিতি বাহাল ৰখাৰ দৰে থুইবীয়েও নিজৰ ‘সতীত্ব’ ৰক্ষা কৰিছে।
শেহতীয়াকৈ সামাজিক মাধ্যমসমূহত প্ৰকাশ পোৱা কেইটামান গল্পত সাধুকথাসমূহৰ প্ৰভাৱ স্বতঃস্ফূৰ্তভাৱে পৰা দেখিবলৈ পোৱা গৈছে, যেনে—‘চম্পাৱতী’ সাধুৰ নামৰ আধাৰত ‘চম্পাৱতীৰ ভনীয়েকৰ সাধু’, ‘তেজীমলা’ সাধুৰ পৰা “তেজীমলাৰ মাহীমাকে চুলি কাটিবলৈ ঠাই এটুকুৰা পালে” নামৰ গল্প পঢ়িবলৈ পাইছোঁ।
নিচুকনি গীতৰ আধাৰতো দুই একে কবিতা লিখা দেখিবলৈ পাইছোঁ, যেনেঃ
“শিয়ালী এ নাহিবি ৰাতি”
“শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণে কাটি
লগামে বাতি”
নিচুকনি গীত গাই গাই
যেতিয়া আইতাই থৈছিল শুৱাই
ডাৱৰ ভাঙি ভাঙি নামি আহিছিল ৰূপোৱালী জোনবাই।”
এনেধৰণৰ অজস্ৰ উদাহৰণেৰে লোক সাহিত্য ছপাআখৰতো প্ৰকাশ হৈছে বুলি দেখুৱাব পৰা যায়। কিন্তু এটা সময়ত মানুহে ৰচনা কৰা সৃষ্টিসমূহ কেৱল মনৰ মণিকোঠাতে সঞ্চিত কৰি ৰাখিব লাগিছিল। নিজে সৃষ্টি কৰা ৰচনাও কেতিয়াবা নিজেই পাহৰি গৈছিল। কিন্তু সেইসৃষ্টিসমূহ কেতিয়াবা আন মানুহে মনত ৰাখিছিল আৰু সেইদৰেই এজনৰ পৰা আন এজনলৈ গৈছিল। তেনেকৈয়ে কণ্ঠে কণ্ঠে গৈ গৈ সহস্ৰ কণ্ঠৰে প্ৰবাহিত হৈছিল ।ইজনৰ কণ্ঠৰ পৰা সিজনলৈ যাওঁতে প্ৰত্যেক বাৰতে হয়তো পৰিশোধন হৈ হৈ এক নতুন ৰূপেই পৰিগ্ৰহ কৰিছিল। সেইবোৰ কোনে ক’ত কেনেকৈ ৰচিছিল সেই কথা কালক্ৰমত মানুহে পাহৰি গৈছিল কিন্তু হৈ পৰিছিল মানুহৰ বুকুৰ সম্পদ, বুকুৰ সংবাদ, জাতিটোৰ উমৈহতীয়া সম্পদ। সেইবোৰ মানুহে আওৰাইছিল। সেইদৰেই সৃষ্টিৰ পথাৰখন বিশাল হৈছিল। সৃষ্টি হৈছিল অলেখ কাহিনী, অলেখ লোকগাঠা, অনেক গীত। সেইদৰে, অলেখ বাদ্য, বাদ্যৰ ছন্দ, অলেখ নাচ, নাচোন ভঙ্গিমা, নীতিকথা, অলৌকিক কথা। লাহে লাহে সৃষ্টিৰ পথাৰখন আৰু বিশাল হ’ল, এটা কথাৰ লগত দুটা কথা যোগ হ’ল। জাৰকালি জুহালৰ গুৰিত, গৰম কালি মুকলি আকাশৰ তলত নিজৰ নিজৰ কাহিনীসমৃহ, নিজৰ কল্প কাহিনীসমূহ ইজনে সিজনক শুনাইছিল, গীত গাই শুনাইছিল। সেইখিনি মুখে মুখে বাগৰি বাগৰি এটা
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈছিল। সেইখিনিয়ে এটা প্ৰজন্মক অতীতৰ লগত বৰ্তমানৰ সংযোগ ঘটালে। সেইখিনিয়ে অতীতক জুমি চাবলৈ এটি সেউজীয়া পথ নিৰ্মাণ কৰিলে। সেইখিনি ক্ৰম্বান্বয়ে পুনৰ শোধন হ’ল। কালক্ৰমত সিবোৰৰ কিছুমান হেৰাই গ’ল আৰু কিছুমানে এক বিশিষ্ট ৰূপ পৰিগ্ৰহ কৰিলে। অৱশেষত মৌখিক সাহিত্যৰ সেই পৰিশোধিত ৰূপটো হৈ পৰিল আধুনিক অসমীয়া সাহিত্যৰ এক ঐতিহ্য য’ত আছে বিচিত্ৰ আৰু বৈচিত্ৰ্যময় কাহিনী আৰু হৃদয় আলোকিত কৰা সুৰ।
সাম্প্ৰতিক সময়ত পৰম্পৰাগত লোকসাহিত্যসমূহ “সৃষ্টিশীল গদ্য” ৰচনা কৰাৰ অদ্বিতীয় সমল হিচাপে লোৱাটো অসমীয়া ভাষাটোৰ বাবে এক শুভলক্ষণ কাৰণ লোকসাহিত্যৰ কাহিনীসমূহ ইমানেই মনোৰঞ্জক আৰু কেতিয়াবা ইমানেই শক্তিশালী ৰূপত দেখা পোৱা যায় যে সেইসমূহৰ আধাৰত যুগে যুগে যদি সাহিত্য চৰ্চা হয় অসমীয়া ভাষাটো আৰু চহকী হৈ উঠিব। সেইবোৰৰ পৰা সৃষ্টি হ’ব অনেক উপন্যাস, গল্প, কবিতা, নাটক।
লোকসাহিত্যসমূহৰ উপৰিও মহাকাব্য, ইতিহাসৰ কাহিনীসমূহক সমল হিচাপে লৈ কাহিনীসমূহ আৰু চৰিত্ৰসমূহক সাম্প্ৰতিক কালত বেলেগ বেলেগ ব্যাখ্যা আৰু বিশ্লেষণেৰে আগবঢ়াই আধুনিক অসমীয়া সাহিত্যত ন ৰূপেৰে প্ৰতিফলিত কৰোৱা হৈছে। এয়াও এক শুভলক্ষণ অসমীয়া ভাষাটোৰ বাবে কিয়নো লোকসাহিত্যৰ সমলবোৰৰ দৰেই ৰামায়ণ, মহাভাৰত, ভাগৱত, পুৰাণসমূহতো অলেখ কাহিনী আছে, আছে অলেখ চৰিত্ৰ, দৰ্শন, মীমাংসা, সংঘাত, বিৰোধ, চক্ৰান্ত, কূট কৌশল, চল-চাতুৰী, কূটনীতি, ৰাজনীতি, প্ৰেম, সন্দেহ, ঈৰ্ষা আৰু হৃদয়ৰ বিৰহ-বেদনা য’ত ন্যায় আৰু সত্য প্ৰতিষ্ঠাৰ বাবে বিভিন্ন কাহিনীৰ অৱতাৰণা কৰা হৈছে। মহাকাব্যসমূহ আৰু পুৰাণৰ কাহিনীৰ পৰা যিমানখিনি নাটক, উপন্যাস, কাব্য ৰচনা কৰা হৈছে, উদাহৰণ দি শেষ কৰিব নোৱাৰি। চন্দ্ৰপ্ৰসাদ শইকীয়াই কৰ্ণ চৰিত্ৰৰ আধাৰত ৰচনা কৰা ‘মহাৰথী’ উপন্যাসে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাই চৈধ্য বছৰৰ পৰা সোতৰ বছৰ বয়সতে লিখা ‘শোণিত কুঁৱৰী’ অন্য এক অপূৰ্ব সৃষ্টি। একে কাহিনীৰ আধাৰতে ৰচনা কৰা পদ্মনাভ গোহাঞিবৰুৱাৰ ‘বাণৰজা’ নাটকখনিও উল্লেখযোগ্য। ৰামায়ণ, মহাভাৰতৰ নাৰীৰ চৰিত্ৰসমূহক লৈ ৰচিত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ(দ্ৰৌপদী, সীতা, গান্ধাৰী), ড° কৰবী
ডেকা হাজৰিকাৰ ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, তোষপ্ৰভা কলিতাৰ ‘সীতা, উৰ্মিলা সংবাদ আৰু ‘দৌপদ্ৰী’ আদি উল্লেখযোগ্য কবিতা।
অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱা (গদাধৰ ৰজা, চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ)পদ্মনাথ গোহাঞি বৰুৱা(সাধনি, জয়মতী, গদাধৰ, লাচিত বৰফুকন)অতুল চন্দ্ৰ হাজৰিকা(টিকেন্দ্ৰজিত),মুনীন ভূঞা (জৰৌৰোৱা পৰজা)আদিয়ে ইতিহাসক লৈ বহুতো বিখ্যাত বুৰজ্ঞীমূলক নাটক ৰচনা কৰিছে । ৰজনীকান্ত বৰদলৈয়ে কেৱল ইতিহাসৰ সমলেৰেই ‘মনোমতী’, ‘ৰঙ্গিলী’, ‘দন্দুৱাদ্ৰোহ’, ‘নিৰ্মল ভকত’, ‘তাম্ৰেশ্বৰীৰ মন্দিৰ’, ‘ৰাধা ৰুক্মিণীৰ ৰণ’, ‘ৰহদৈ লিগিৰি’, প্ৰভৃতি উপন্যাস লিখি ‘উপন্যাস সম্ৰাট’ খ্যাতি লভি আছে।
সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমতো এনে বহু সাহিত্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই সাহিত্য ছপা মাধ্যমৰ যোগেদি বিক্ৰীৰ শীৰ্ষলৈ আহি অভিলেখো সৃষ্টি কৰিছে। মহাভাৰতৰ দৌপ্ৰদীৰ চৰিত্ৰৰ আধাৰত লিখা নিজৰা সন্দিকৈৰ ‘অগ্নিসম্ভূতা’ আৰু শকুনিৰ চৰিত্ৰটিক লৈ ধ্ৰুৱজ্যোতি অৰ্জুনাৰ কলমেৰে সৃষ্ট ‘সৌবলপুত্ৰ’ । আনহাতে,তিহাসক সমল হিচাপে লৈ লিখা শিৱানী বৰাৰ বুৰজ্ঞীমূলক উপন্যাস ‘বৰৰজা প্ৰমথেশ্বৰী’ আৰু ‘তাই হেনো পাটমাদৈ’ উল্লেখযোগ্য।
আধুনিক অসমীয়া সাহিত্যত লোকসাহিত্যৰ পুনৰ নিৰ্মাণ হৈছে যদিও বহুত বেছি হোৱা বুলি ক’ব নোৱাৰি যিহেতু লোকসাহিত্য হৈছে অসমীয়া জাতিটোৰ সামগ্ৰিক দিশৰ বাৰ্তাবাহক। লোকসাহিত্যৰ অধ্যয়নেহে জাতিটোৰ চিন্তা-চেতনাক নৱ প্ৰজন্মই উদ্ধাৰ কৰিব পাৰিব। গতিকে, অসমীয়া ভাষাটোক শুদ্ধ ৰূপত ধৰি ৰখাৰ স্বাৰ্থত এই অমূল্য সম্পদসমূহ সঠিক ৰূপত লিপিবদ্ধ হৈ থকাটো অতি প্ৰয়োজনীয় কথা।

বিঃদ্ৰঃ প্ৰবন্ধটি যুগুত কৰোঁতে সহায় লোৱা প্ৰসংগ সূত্ৰ- ড° অনিল শইকীয়া ডাঙৰীয়াৰ ‘সৃষ্টিশীল সাহিত্যৰ সমল’ প্ৰবন্ধ (‘মাতৃ’ আলোচনীত প্ৰকাশিত)
ইমৰান হুছেইন ডাঙৰীয়াৰ ‘অসমীয়া ভাষাৰ ফকৰা-যোজনাবোৰ’ (প্ৰান্তিকত প্ৰকাশিত)
ড° সুখ বৰুৱা বাইদেউৰ ‘প্ৰবন্ধ বিচিত্ৰা’ পুথিখনৰ উপৰিও ইণ্টাৰনেট মাধ্যমৰো সহায় লোৱা হৈছে।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dhruba Jyoti Arjuna
11 months ago

বহু ধন্যবাদ। 🙏

Don`t copy text!