ৰিক্ত হৃদয়ৰ আলাপ

লেখক- নিলাক্ষী বৰা

: ঠিক এইখিনিতেই বুজিছা কাত্যায়নী, ঠিক এইখিনিতেই। খবৰটো শুনি আমি যেতিয়া তৰা-নৰা চিঙি দৌৰি আহি তেওঁৰ ওচৰত ৰৈছিলোঁহি, তেওঁৰ ক্ষত-বিক্ষত অবশ শৰীৰটোৱে শেষ উশাহকণ টানিছিল। তেওঁ বজাৰৰ পৰা অনা বস্তুবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰি আছিল। মা আৰু মই তেওঁৰ নিঠৰ শৰীৰটো জোকাৰি জোকাৰি কান্দিছিলোঁ, কেৱল কান্দিছিলোঁ।

একো নুবুজাৰ দৰে কাত্যায়নীয়ে সৌম্যদ্বীপ বৰুৱাৰ মুখলৈ ভেবা লাগি চাই থাকিল।

: এচাম স্বাৰ্থান্বেষী মানুহৰ প্ৰৰোচনাত এদল উদণ্ড বিবেকহীন যুৱকে কোবাই কোবাই মোৰ দেউতাক হত্যা কৰিছিল। শেষ উশাহটো টনাৰ আগে আগে তেওঁৰ দুচকুত অলেখ কথাই থূপ খাইছিল। খঙত ক্ষোভত ট টকৈ মেলি থকা দুচকু পকা আঙঠাৰ দৰে ৰঙা পৰিছিল। তেতিয়া কথাবোৰ বুজিবলৈ মোৰ কষ্ট হৈছিল। এতিয়া সৰল ৰেখাৰ দৰেই বুজিবলৈ সহজ আৰু স্পষ্ট হৈ পৰিছে।

: : উস্ কি মৰ্মান্তিক! মানুহ ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰে?

: সিহঁতবোৰে কি কৈছিল জানা, ”গ’ল চাল্লা বেইমানটো।” কিন্তু বিশ্বাস কৰা কাত্যায়নী মোৰ দেউতা কেতিয়াও বেইমান নাছিল।

কাত্যায়নীয়ে কি অভিব্যক্তি প্ৰকাশ কৰিব ভাবি উলিয়াব নোৱাৰিলে। মাথোঁ সুধিলে—
: পুলিচ অহা নাছিল? কেচ ফাইল হোৱা নাছিল?

: আহিছিল। ঘটনাৰ তদন্ত কৰিবলৈ পুলিচ আহিছিল। পুলিচে বহুতকে আটক কৰিছিল। কিছুমানক এৰাতিৰ বাবে লক্আপত ৰাখি পঠাই দিছিল। যি কেইজনে ঘটনাটোত আগভাগ লৈছিল সিহঁতে তিনিমাহ জেইলত থাকি মোৰ দেউতাক মানসিক বিকাৰগ্ৰস্ত সজাই জামিন লৈ ওলাই আহিছিল। মোৰ বয়স তেতিয়া মাত্ৰ আঠ বছৰ। আমি একো কৰিব পৰা নাছিলোঁ।

: তাৰ পাছত?

: তাৰ পাছত হ’বলৈ আৰু একো বাকী নাছিল। মোৰ হেৰাই যোৱা দেউতাক সুঁৱৰি আমি হিচাপ বিহীন বিনিন্দ্ৰ ৰজনী পাৰ কৰাৰ পাছত সত্যক মানি লোৱাৰ বাদে আমাৰ অন্য উপায় নাছিল। পেটৰ জুইৰ তাড়নাত মনৰ দুখবোৰ পাতলিবলৈ বাধ্য হৈছিল। ঘৰত মজুত থকা খাদ্য সামগ্ৰী শেষ হৈছিল আৰু সাঁচতীয়া বুলিবলৈ ঘৰত ফুটা কড়ি এটাও নাছিল। ঘৰৰ অমতত বিয়া পতাৰ বাবে দুয়োখন ঘৰে মা দেউতাক বৰ্জন কৰিছিল। উপায়ন্তৰ হৈ মায়ে বাগানত পাত পাতচিঙা কামত সোমাইছিল। কিন্তু ৰ’দত কাম কৰাৰ অভ্যাস নোহোৱাৰ বাবে মা কেবাদিনো মূৰ ঘূৰাই পৰি গৈছিল। আমি প্ৰায়ে ৰাতি লঘোণে থাকিছিলো।

তাতোকৈও ডাঙৰ সমস্যাটো তেতিয়া আহিছিল যেতিয়া আমি থকা ঘৰটোৰপৰা আমাক উলিয়াই দিয়া হৈছিল। দেউতাৰ চাকৰিটোত অন্য এজন মানুহ নিযুক্ত হৈছিল আৰু পৰিয়ালৰ সৈতে তেওঁ আমাৰ ঘৰটোত থাকিবলৈ লৈছিল। তেতিয়াই সেই ষড়যন্ত্ৰৰ মূল নায়কজনে নিজকে মহান সজাবলৈ আমালৈ সহানুভূতিৰ হাত আগবঢ়াইছিল।

: উস্। মই আপোনাক কি বুলি সান্ত্বনা দিম?

: মোক এতিয়া কোনো সান্ত্বনাৰ প্ৰয়োজন নাই। জীৱনৰ অভিজ্ঞতই মোৰ মনটো শিলহেন কঠিন কৰি তুলিলে। মোৰ দেউতাৰ লগতে মোৰ শৈশৱো কাঢ়ি নিলে। মই হাঁহিবলৈ নিশিকিলোঁ। মোৰ চকুত শৈশৱৰ চঞ্চলতাৰ পৰিৱৰ্তে মানুহৰ প্ৰতি ঘৃণাই বাহ ল’লে। সকলো সময়তেই মই মনৰ ভিতৰত এটা ভয় লৈ ফুৰিছিলোঁ। মানুহলৈ ভয়। দেউতাৰ দৰে যদি মাকো মোৰ পৰা কাঢ়ি লৈ যায়।

: ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত তোমালোক ক’ত থাকিলা ?

: সেই মহান নায়কজনৰ অনুগ্ৰহত তেওঁৰ কোৱাৰ্টাৰৰ পিছফালৰ এটা পৰিত্যক্ত কোঠাত আমাৰ জীৱন সংগ্ৰাম চলিছিল। মায়ে তেওঁলোকৰ ঘৰৰ সকলো কাম কৰি দিয়াৰ বিনিময়ত দুবেলা দুসাঁজ ভাত আৰু মই স্কুলত পঢ়িবলৈ পাইছিলোঁ। মায়ে এটা কথাই কৈছিল— ভালকৈ পঢ়িলে ভালকৈ খাবলৈ পাবি। মই খুব পঢ়িছিলোঁ। ইমান বেছি পঢ়িছিলোঁ যে মহান নায়কজনৰ পুতেকজনতকৈ মই সদায়েই আগত আছিলোঁ। স্বাভাৱিকতেই তেওঁ মোৰ প্ৰতি ৰুষ্ট হৈছিল। মই যি ভয় খাইছিলোঁ সেয়াই হৈছিল। মোৰ পৰা মোৰ মাক আঁতৰোৱাৰ চিন্তাই তেওঁৰ টোপনি হৰিছিল। আৰু এদিন হঠাত কন্দলি বাগানৰ এজন কৰ্মচাৰীৰ সৈতে মাৰ বিয়া পাতি দি নিজকে মহান সজাই মোক একেবাৰেই অকলশৰীয়়া কৰি পেলাইছিল। বিয়াৰ কিছুদিনৰ পাছতেই মোকো মাৰ ওচৰলৈ লৈ যোৱাৰ কথা আছিল যদিও মোক নিবলৈ মা কেতিয়াও নাহিল।
আৰু এদিন পানীত উপঙি থকা মাৰ নিথৰ দেহটো চাবলৈ মোক লৈ যোৱা হৈছিল।

: ব’লা তোমাক আমাৰ ঘৰটো থকা ঠাইখন দেখুৱাওঁ।

ব্লক ইটা দিয়া ৰাস্তাৰে ধীৰ গতিত দুয়ো আগবাঢ়িল।
দুয়োকাষে চকুৰে নমনালৈকে শাৰী শাৰী সেউজীয়া চাহ গছ। চাহগছৰ সেউজীয়াই কাত্যায়নীক উন্মনা কৰিব পৰা নাই। এটি কলি দুটি পাতৰ সৌন্দৰ্য্যত কাত্যায়নী মতলীয়া হ’ব পৰা নাই। সৌন্দৰ্য্য সুধা পান কৰিবলৈ যেন কাত্যায়নী আজি অপাৰগ। বেগৰ পৰা মোবাইলটো উলিয়াই ফটো এখন তুলিবলৈও তাইৰ সংকোচ জাগিল। কাত্যায়নীৰ মনত আজি মাথোঁ প্ৰশ্নৰ সোঁত। বহুত কথাই সুধিবলগীয়া আছে সৌম্যক। অথচ সুধিব পৰা নাই। তেওঁ আজি কজলা ডাৱৰে আৱৰি ৰখা আকাশখনৰ দৰেই গম্ভীৰ। তেওঁ সদায়ে গহীন যদিও আজিৰ গাম্ভীৰ্য্যলৈ কাত্যায়নীৰ ভয় লাগিল।

: চোৱা চোৱা কাত্যায়নী। এই সৌৰা গছজোপালৈ চোৱা। এইজোপা এতিয়াও আছে বুলি মই ভাবিবই পৰা নাছিলোঁ।

সৌম্যৰ চকুযুৰি তিৰবিৰাই উঠিছে। কাত্যায়নীয়ে বিস্ময়াবিভূত হৈ তেওঁলৈ চাইছে। সৌম্য যেন ছয় বছৰীয়া শিশু এটিৰ দৰেই চঞ্চল হৈ পৰিছে। গছজোপাৰ ওচৰলৈ গৈ সি কিবা জুমি জুমি চাইছে।

: কি বিচাৰিছে আপুনি?

: ইয়াত এটা কপৌ চৰাইৰ বাহ আছিল। মৃত্যুৰ আগদিনা দেউতাই মোক দাঙি বাহটো দেখুৱাইছিল। মাকৰ সৈতে পোৱালি দুটা শুই আছিল। মই দেউতাক সুধিছিলো, “চৰাইৰ পোৱালি দুটাৰ দেউতাক ক’ত?” দেউতাই কি উত্তৰ দিছিল মোৰ মনত নাই। কিন্তু দেউতাৰ উত্তৰত যে মই সন্তুষ্ট হোৱা নাছিলোঁ সেই কথা মোৰ ভালকৈয়ে মনত আছে। আৰু পিছদিনা মই মোৰ দেউতাক হেৰুৱাই পেলালোঁ কাত্যায়নী।

সৌম্যই যেন এতিয়াই হুকহুকাই কান্দি পেলাব এনে লাগিল কাত্যায়নীৰ। কিন্তু হুকহুকাই কান্দিব পৰাকৈ সৌম্য যে ইমান দুৰ্বল নহয় সেই কথাও জানে কাত্যায়নীয়ে।

: জানা কাত্যায়নী, মোৰ দেউতা বৰ সহজ সৰল মানুহ আছিল। সকলোকে ভাল পাব পৰা তেওঁৰ এখন বহল অন্তৰ আছিল। অন্যায় অনিয়ম বোৰ সহ্য কৰিব নোৱৰাটোৱেই এদিন তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিছিল।

কথাখিনি কৈ কৈয়েই সৌম্য মূল পথটো এৰি বাঁওফালৰ সৰু বাট এটাৰে আগবাঢ়িল। পিছে পিছে কাত্যায়নী। আকাশখনে হেঙুল বৰণ ধৰিছে। আকাশেদি নীৰমুখী চৰাইবোৰ পাৰ হৈ গৈছে। দেওবাৰ কাৰণে আজি বাগানত কাম কৰা শ্ৰমিকসকল নাই।

মায়াময় আবেলিটো অলেখ নাম নজনা পক্ষীৰ কাকলিত মুখৰিত হৈ পৰিছে। নামনি অসমৰ এখন সৰু চহৰত ডাঙৰ হোৱা কাত্যায়নীৰ বাবে এই পৰিৱেশ একেবাৰেই অচিনাকি। ডাঙৰ হৈ গুৱাহাটীত পঢ়িবলৈ অহাৰ পাছত গুৱাহাটীৰ পৰিবেশকেই আপোন কৰি লৈছিল।

তাইৰ দেউতাকেও হেনো কিছুদিন বাগানত চাকৰি কৰিছিল। মাকক বিয়া কৰাই দেউতাকে বাগানতে ৰাখিছিল। সেই কথা মাকে কেতিয়াবা কয়। কিন্তু সেই কথা দেউতাকৰ মুখত তাই কেতিয়াও শুনা নাই। তায়ো অৱশ্যে কথাটো কেতিয়াও গুৰুত্ব সহকাৰে লোৱা নাই। কিন্তু এই মুহূৰ্ত্তত তাইৰ এনে লাগিছে দেউতাকে বাগানৰ চাকৰিটো এৰি নোযোৱা হ’লেই ভাল আছিল। ইমান সুন্দৰ পৰিবেশত তাই ডাঙৰ হ’বলৈ পালেহেঁতেন।

: মোৰ বিষয়ে জানিবলৈ তোমাৰ বহুত আগ্ৰহ নহয়? ব’লা তোমাক কাইলৈ এঠাইত ফুৰাই আনিম আৰু মোৰ জীৱন বৃত্তান্ত শুনাম।

ফোনত সৌম্যই কোৱা কথাকেইষাৰ শুনি কিছুসময়ৰ বাবে স্তব্ধ হৈ ৰৈছিল কাত্যায়নী। নিজৰ কাণখনকে যেন বিশ্বাস কৰিব পৰা নাছিল। এয়া সৌম্যই কৈছেনে? এঘণ্টাৰ আগলৈকেতো তেওঁ কাত্যায়নীৰ ফ্লেটতেই আছিল। মাক দেউতাকৰ সৈতে চিনাকি কৰাই দিবলৈ জোৰ কৰি লৈ আহিছিল তাই। কিন্তু তেওঁক লৈ আহি তাইৰ মনটো বেয়াহে লাগিছিল। কাৰণ তাইৰ মাক দেউতাকৰ সৈতে তেওঁ অলপো সহজ হ’ব পৰা নাছিল। আৰু এতিয়া হঠাতেই—৷

: একো উত্তৰ নিদিলা যে? যাবানে?
: নোযোৱাৰ প্ৰশ্নই নুঠে। আপুনি মোক ফুৰাবলৈ নিয়াৰ কথা কৈছে আৰু মই না কৰিম! হ’বই নোৱাৰে। মনৰ সমস্ত উৎসাহেৰে কাত্যায়নীয়ে কৈছিল।
: তেন্তে পুৱা দহ বজাত সাজু হৈ থাকিবা।

কাত্যায়নীৰ উত্তৰলৈ বাট নোচোৱাকৈয়ে সৌম্যই ফোনৰ সংযোগ বিছিন্ন কৰি দিছিল।

কাত্যায়নীৰ অলপ লাজ লাগিছিল, যাবলৈ ইমান উৎসাহ দেখুওৱাৰ বাবে। সৌম্যই কাত্যায়নীক সহকৰ্মীৰ বাহিৰে আন একো বুলিয়েই নাভাবে। অথচ তাই তাৰ পিছে পিছে লাগি থাকি ভাল পায়। কলেজত যোগ দিয়েই তাই লক্ষ্য কৰিছিল সৌম্য যেন আনতকৈ কিছু পৃথক। ইমান নীৰৱ, নিস্তব্ধ। নিজৰ কামত বিভোৰ। দুচকুত এয়া সৰলতা নে অন্তহীন বিষণ্ণতাৰ ডাৱৰ। খেলিমেলি লাগে কাত্যায়নীৰ। একে বিভাগৰ হোৱাৰবাবে তাই সৌম্যক ওচৰৰ পৰা লক্ষ্য কৰাৰ সুযোগ পাইছিল। কি আছে এই অনন্ত নীৰৱতাৰ সিপাৰে? সৌম্যৰ প্ৰতি কাত্যায়নীৰ কৌতূহল দিনে দিনে বাঢ়ি গৈছিল। লাহে লাহে তাইৰ মনৰ ভিতৰত তেওঁৰ প্ৰতি এক নামহীন অনুভৱে বাহ লৈছিল। সুবিধা পালেই তেওঁৰ বিষয়ে ইটো সিটো সুধি ব্যতিব্যস্ত কৰিছিল। অথচ তেওঁৰ পৰা তাই যোৱা দুটা বছৰত মাত্ৰ জানিব পাৰিছিল যে তেওঁ অকলশৰীয়া। নিসংগতাই সংগী তেওঁৰ।

ৰাতিপুৱাই মাক দেউতাকক ঘৰলৈ পঠিয়াই কাত্যায়নী ওলাই আহিছিল সৌম্যৰ সৈতে। এক অনামী অনুভৱে চুই গৈছিল কাত্যায়নীৰ দেহ মন। চঞ্চল হৈ উঠিছে নেকি সৌম্যৰ দুচকু। আঁৰ চকুৰে লক্ষ্য কৰিছিল কাত্যায়নীয়ে। নাই, একান্ত মনে গাড়ী চলাইছিল সৌম্যদ্বীপ বৰুৱাই। আগৰ দৰেই গহীন। “আমি ক’লৈ গৈ আছো”— এই কথাষাৰ সুধিবলৈও সংকোচ হৈছিল কাত্যায়নীৰ। অহেতুক গাম্ভীৰ্য্যই মেৰিয়াই ধৰিছিল কাত্যায়নীকো আজি। নিজৰ ওচৰতে নিজকে অচিনাকি যেন লাগিছিল কাত্যায়নীৰ। প্ৰায় তিনিঘণ্টামান পথ অতিক্ৰম কৰাৰ পিছত নগাঁও কাৰ্বিআংলঙৰ সীমামূৰীয়া অঞ্চলৰ এখন ৰিজৰ্টত উপস্থিত হৈছিল সিহঁত।

সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত ৰিজৰ্টটোলৈ সৌম্যৰ পিছে পিছে সংকোচ ভাবেৰে সোমাই গৈছিল কাত্যায়নী।

: সোনকালে ফ্ৰেছ হৈ লোৱা। তুমি সদায় মনৰ মাজত লৈ ফুৰা প্ৰশ্নটোৰ উত্তৰ বিচাৰি যাব লাগিব।

কাত্যায়নীৰ বাবে বুক কৰা কোঠাটো দেখুৱাই সৌম্যই কৈছিল।

দুয়ো ফ্ৰেছ হৈ ওলাই গৈছিল। এখন ডাঙৰ চাহবাগানৰ পুৰনি গেটৰ সন্মুখত গাড়ীখন ৰৈছিলগৈ। গাড়ীখন তাতেই থৈ খোজেৰে বাগানখনলৈ সোমাই গৈছিল সৌম্য। পিছে পিছে কাত্যায়নী। এইবাৰ মনত কোনো সংকোচ নাছিল। কিন্তু সৌম্যৰ কথাবোৰে কাত্যায়নীক এক ৰহস্যৰ আৱৰ্তলৈ লৈ গৈছিল।

লাহে লাহে সন্ধ্যা নামি আহিছে। বন্ধ কলঘৰটোৰ সন্মুখত ছাঁয়ামূৰ্ত্তিৰ দৰে ৰৈ আছে সৌম্য। তেওঁৰ ঠিক দুখোজ পিছতেই কাত্যায়নী। এই যেন সৌম্যই কিবা এষাৰ ক’ব আৰু সকলো ৰহস্যৰ ওৰ পৰিব। কিন্তু সৌম্যই একো নক’লে। তেওঁ উলটি বাট ল’লে।
বাটেৰে অহাযোৱা কৰা মানুহবোৰে অচিনাকি মানুহ এহাল দেখি ঘূৰি ঘূৰি চালে।

সৌম্য আহি এটা ডাকবাংলোৰ সন্মুখত ৰ’ল। কাষত কাত্যায়নী।

: এই বাংলোৰ পৰাই আৰম্ভণি হৈছিল মোৰ দেউতাৰ বিৰুদ্ধে সকলো ষড়যন্ত্ৰৰ । সকলোৰে প্ৰিয় মানুহজনক অপৰাধী সজোৱাৰ ষড়যন্ত্ৰ।

: সৌ কোৱাৰ্টাৰটো দেখিছা। সেইটো নতুনকৈ সজাইছে। তাতেই আছিল আমাৰ কোৱাৰ্টাৰটো। য’ত আছিল মোৰ শৈশৱৰ অলেখ স্মৃতি। যিবোৰ এদিন ভৰিৰে গচকি মোহাৰি পেলোৱা হৈছিল।

পাতলীয়া ঠাণ্ডা পৰিছে। মাজে মাজে বলি থকা ফিৰফিৰিয়া বতাহজাকত কাত্যায়নী কঁপি উঠিছে। লগত শ্বল এখন লৈ আহিছিল যদিও সেইখন গাড়ীতে থাকিল।
: আমি ওভতো নেকি?
: উম। ব’লা।
সৌম্যৰ মুখত এক দেখ নেদেখ হাঁহি বিৰিঙি উঠিল। কাত্যায়নীয়ে কথাটো মন নকৰিলে।

বাহিৰত ফৰিংফুটা জোনাক। ৰিজৰ্টৰ বেলকনিত সৌম্য আৰু কাত্যায়নী।

: আপোনাৰ দেউতাৰ কথাখিনি শুনি বৰ দুখ পালোঁ। কিন্তু তেখেতক হত্যা কৰোৱা হ’ল কিয়? লগতে এই কথাও নুবুজিলোঁ আজি হঠাতেই আপোনাৰ মোক কথাবোৰ ক’বলৈ মন গ’ল যে, কিয়? তাকো গুৱাহাটীৰ পৰা আঢ়ৈশ কিলোমিটাৰ আঁতৰত।

সৌম্যই একো নামাতিলে। দূৰৈৰ আকাশত তেওঁৰ চকু নিবদ্ধ। যেন আকাশৰ তৰাবোৰ গণি আছে। কাত্যায়নী অলপ বিৰক্ত হ’ল।

: একো নক’লে যে?

: কথাবোৰ ক’ৰপৰা আৰম্ভ কৰিম তাকেই ভাবি আছোঁ। আচলতে কালি তোমাৰ ঘৰৰপৰা অহাৰ পিছত হঠাতেই বাগানলৈ আহিবলৈ মনৰ ভিতৰত তীব্ৰ তাগিদা অনুভৱ কৰিছিলো। শৈশৱৰ সেই দুঃসময়লৈ মনটো বাৰে বাৰে উৰা মাৰিছিল। মোৰ অকলে আহিবলৈ ভয় লাগিল। সেয়ে তোমাক লৈ আহিলোঁ। তুমি কিবা অসুবিধা পাইছা নেকি?

: নাই নাই। মই ঠিকেই আছো। মাত্ৰ গোটেই কথাবোৰ শুনিবলৈ অধীৰ আগ্ৰহৰে বাট চাই আছোঁ।

কাত্যায়নীয়ে প্ৰয়োজনতকৈ বেছি জোৰকৈয়েই ক’লে।

: মোৰ বয়স তেতিয়া মাত্ৰ আঠ বছৰ। মোৰ দেউতাক কিয় হত্যা কৰা হ’ল মই একেবাৰেই বুজিপোৱা নাছিলো। মই নিজে দেখা ঘটনাবোৰ আৰু আনৰ মুখৰ পৰা শুনা কথাবোৰৰ পৰা লাহে লাহে ডাঙৰ হোৱাৰ পিছত অনুভৱ কৰিছিলো মোৰ দেউতাই অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতিছিল। শ্ৰমিক সকলৰ প্ৰতি কৰা শোষণ আৰু বঞ্চনাৰ ঘোৰ প্ৰতিবাদ কৰিছিল। হাড় ভঙা শ্ৰমৰ বিনিময়তো শ্ৰমিক সকলক উপযুক্ত মজুৰি দিবলৈ অনীহা দেখুওৱা কথাটো দেউতাই সহ্য কৰিব পৰা নাছিল। এই লৈ ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে দেউতাৰ মতবিৰোধ হৈছিল। বাগানৰ ভিতৰত চলি থকা অন্যায় আৰু দুৰ্নীতিবোৰ দেউতাই ফাদিল কৰি দিয়াৰ ভয়ত তেওঁলোকে দেউতাক কামৰ পৰা বৰ্খাস্ত কৰাৰ অজুহাত বিচাৰি আছিল। কিন্তু ঘটনাই ওলোটা ৰূপ লয় যাৰ বাবে দেউতাই মাত মাতিছিল সিহঁতেই দেউতাক হত্যা কৰিছিল।

: মই কথাটো ঠিক বুজা নাই।

: তেতিয়া ময়ো বুজা নাছিলোঁ। বহু পিছতহে খোকোজা নলগাকৈ কথাবোৰ বুজিছিলোঁ। তুমি বুজিপোৱাকৈ গোটেই ঘটনাটো ক’বলৈ হ’লে মই তোমাক বাসন্তী দিদিৰ ওচৰলৈ লৈ যাবই লাগিব।

: বাসন্তী দিদি কোন ?

: বাসন্তী দিদি বাগানৰ দুই নং লাইনৰ জীৱন মাহাতোৰ জীয়েক আছিল। বাগানৰ কামত তাইৰ একেবাৰেই মন নাছিল। চৰাই-চিৰিকতি, গৰু-ছাগলী, কুকুৰ-মেকুৰী, শহা এইবোৰৰ লগতহে তাইৰ সম্পৰ্ক আছিল। তাই প্ৰায়েই আমাৰ ঘৰলৈ আহিছিল। কেতিয়াবা মাক ঘৰুৱা কামত সহায় কৰিবলৈ, কেতিয়াবা পথাৰত ধৰি অনা মাছ কেইটামান দিবলৈ, কেতিয়াবা ঘৰৰ মুৰ্গীৰ কণী বেচিবলৈ। মোৰ স্কুল বন্ধৰ দিনবোৰত প্ৰায়ে বাসন্তী দিদিৰ হাতত ধৰি বাগানৰ মাজে মাজে ঘূৰি ফুৰিছিলোঁ। সেই বাসন্তী দিদি এদিন হঠাত নিৰুদ্দেশ হৈছিল। বহুত বিচাৰ-খোচাৰ কৰাৰ পাছতো কোনো সম্ভেদ পোৱা নগৈছিল। যিদিনা নিৰুদ্দেশ হৈছিল সেইদিনা ৰাতিপুৱা হেনো মোৰ দেউতাৰ সৈতে বাসন্তী দিদিক কথাপাতি থকা বহুতেই দেখিছিল। সেই কথাৰ আলম লৈয়েই ষড়যন্ত্ৰকাৰীহঁতে দিদিৰ ককায়েক মাংৰা আৰু দিদিৰ একপক্ষীয় প্ৰেমিক বুধুৱাৰ মনত সুমুৱাই দিছিল যে বাসন্তী দিদিক দেউতাই ফুচুলাই বহিঃৰাজ্যৰ কোনোবা নাৰী সৰবৰাহকাৰী দালালৰ হাতত বিক্ৰী কৰিলে। সিহঁতে সহজতেই কথাটো বিশ্বাস কৰিলে আৰু খঙত একো নাই হৈ দেউতাক আক্ৰমণৰ সুযোগৰ অপেক্ষাত থাকিল। আৰু সেইদিনা দেওবৰীয়া বজাৰৰ পৰা ওভতাৰ পথত সিহঁতে মৰিয়াই মৰিয়াই মোৰ দেউতাক হত্যা কৰিলে।

কথাখিনি শেষ কৰি সৌম্য কাষৰ চকীখনত বহি পৰিল। সান্ত্বনাৰ ভাষা বিচাৰি কাত্যায়নী হাবাথুৰি খালে। সৌম্যক বুকুৰ মাজত লৈ চুলিত আঙুলি বুলাই দিবলৈ মন গ’ল কাত্যায়নীৰ। কিন্তু নিজকে সংযত কৰি গভীৰ মৌনতাৰ মাজত ডুবি থাকিল।

সৌম্যৰ বিষয়ে সকলো শুনিও কিবা এটা যেন বাকী ৰৈ গ’ল। এনে লাগিল কাত্যায়নীৰ। কি থাকি গ’ল বাৰু?

: কাত্যায়নী।

গভীৰ নিদ্ৰাৰ পৰা সাৰ পোৱা মানুহৰ দৰে চক্‌ খাই উঠিল কাত্যায়নী।
: উম?
: আৰু একো নোসোধা?

সুধিব পাৰিনে আৰু কিবা এই মানুহজনক? কিমান দুখৰ বোকাত লেটি লৈ জীৱনৰ বাকী সময়চোৱা কটাইছে সুধিব পাৰিনে? নোৱাৰি।

: ৰঙা টিকটিকীয়া শাৰী, দুহাত ভৰ্তি চিচাৰ খাৰু আৰু কপালত দগমগীয়া সেন্দূৰৰে এদিন বাসন্তী দিদি আহি ওলাইছিলহি। লগত তাইৰ জীৱনসংগী। বাসন্তী দিদিক সোঁশৰীৰে দেখা পাই মানুহবোৰে নিজৰ ভুল বুজি আকৌ এবাৰ জকি উঠিছিল, সিহঁতক বিপথে পৰিচালিত কৰা মানুহবোৰৰ বিপক্ষে। সিহঁতক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছিল। আকৌ এবাৰ অঘটন হোৱাৰ আগতেই মানুহবোৰ বাগান এৰি পলাইছিল। মই আকৌ এবাৰ আশ্ৰয়হীন হৈছিলোঁ। নিঃস্ব আৰু অসহায়বোধ কৰিছিলোঁ। সিহঁতৰ দুবছৰীয়া ছোৱালীজনীয়ে মোলৈ বাৰে বাৰে উভতি চাইছিল। কিজানি তাই মোকো লগত লৈ যাব বিচাৰিছিল। ঠিক তেতিয়াই বাসন্তী দিদিয়ে মোৰ হাতত ধৰি কৈছিল, “চল। হামাৰ সাথে চল। মোৰ কাৰণেইতো তই মা বাবাক হেৰুৱালি।” বিশ্বনাথ চাৰিআলিৰ এখন বাগানত তেওঁৰ সৈতে থাকিয়েই হাইস্কুলৰ দেওনা পাৰ হোৱাৰ পিছত ৰাতিপুৱা হকাৰৰ কাম, আবেলি টিউচন আৰু বন্ধৰ দিনত আনৰ ঘৰত হাজিৰা কৰি কলেজৰ খৰচ উলিয়াইছিলো। মোৰ দুৰ্দশাৰ কথা গম পাই ইউনিভাৰ্চিটিৰ খৰচ কলেজৰ এজন ছাৰে বহন কৰিছিল।

কাত্যায়নী আজি নিমাত। আখৈ ফুটাদি ফুটি থকা মুখৰ কথাবোৰ আজি অনন্ত নীৰৱতাত বুৰ গৈছে। শব্দ বিচাৰি যেন বাৰে বাৰে উজুটি খাইছে।
সৌম্যদ্বীপ বৰুৱায়ো লাহে লাহে সেই নীৰৱতাত সহযোগ কৰিছে। তেওঁ কওঁ কওঁ বুলিও কৈ দিব পৰা নাই “মাংৰা, বুধুৱাহঁতৰ ভয়ত মানুহবোৰ পলাই যাবৰ দিনা মোকো লগত লৈ যাব বিচৰা দুবছৰীয়া ছোৱালীজনী তুমি আছিলা। মোৰ সৈতেই উমলি মোৰ কোলাতেই কিমান দিন যে তুমি টোপনি গৈছিলা।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!