বিমানবন্দৰেদি আহিব পৰা অৰ্থনৈতিক সম্ভাৱনা

লেখক- উৎপল বাদল বৰুৱা

বিমান সেৱাৰ যোগান ধৰা এয়াৰলাইনসমূহে বছৰটোত দুবাৰকৈ যাত্ৰা-সেৱাৰ পৰিকল্পনা কৰিব লগা হয়। ঋতুৰ পৰিৱৰ্তন, সূৰ্য উঠা-নমাৰ সময়, বতাহৰ গতি, বতৰৰ ৰূপ আৰু ঋতু-নিৰ্ভৰ প্ৰয়োজনীয়তা আদি নানান কাৰকৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুত কৰা এই পৰিকল্পনা দুটাৰ পোছাকী নাম – “ছামাৰ ছিদিউল” (Summer Schedule) আৰু “উইণ্টাৰ ছিদিউল” (Winter Schedule)। ইয়াৰ ম্যাদ ছমাহ। দেশীয় বিমান পৰিবহণৰ ক্ষেত্ৰত এই পৰিকল্পনা নিয়ন্ত্ৰণ কৰে দেশীয় নিয়ন্ত্ৰক “নাগৰ বিমান মহানিৰ্দেশক” বা ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনে। আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ ক্ষেত্ৰত এই ছমহীয়া পৰিকল্পনা নিয়ন্ত্ৰণ কৰে আয়াটাই (IATA – International Air Transport Association)। এই ছমহীয়া পৰিকল্পনাৰ সিন্ধান্ত লোৱা মিটিঙখন (Slot Conference) বৰ আমোদজনক। দিনটোৰ সুবিধাজনক সময়খিনিত বিমান সেৱাৰ সুযোগ সকলো এয়াৰলাইনকে লাগে! আগৰ ছমাহত তেওঁলোকৰ ভাগত পৰা সময়খিনি সঁচাকৈয়ে ব্যৱহাৰ কৰিব পাৰিছিলনে, কিমান সময় পলমকৈ বিমান চলিছিল, কেইবাৰ কেনচেল কৰিছিল, যাত্ৰীৰ সংখ্যা কিমান আছিল আদি অসংখ্য কাৰণ, জল্পনা-কল্পনা আৰু তৰ্ক-বিতৰ্কৰ অন্তত কোনোবা এয়াৰলাইনে আশা কৰি থকা সময়খিনি পায়, কোনোবাই নাপায়। বিমানকোঠসমূহে বিচাৰে, এটা নিৰ্দিষ্ট সময়তে বেছি বিমান আহি বিমানকোঠটোত ভীৰ কৰাৰ সলনি দিনটোৰ চৌৱিশ ঘণ্টাতেই বিমানৰ চাল-চলন চলি থাকক! তদুপৰি এটা ৰানৱে’ত এঘণ্টাত কেইখন বিমানৰ অৱতৰণ কৰাব পাৰি আৰু এটা টাৰ্মিনেল ভৱনত এঘণ্টাত কিমান যাত্ৰীয়ে অহা-যোৱা কৰিব পাৰে তাৰ এক সীমা আছে। বিমানকোঠে ভাবে, বিমান আৰু যাত্ৰীৰ সংখ্যা এই সীমাৰ ভিতৰত থাকক; যাতে সুচাৰুৰূপে দুয়োটাই নিয়ন্ত্ৰণ কৰিব পৰা যায়। এয়াৰলাইনে ভাবে এইটা বিমানকোঠৰ পৰা এই সময়তে আটাইতকৈ বেছি যাত্ৰীয়ে যাত্ৰা কৰাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ ভাগত এইখিনি সময়েই পৰা উচিত। ইত্যাদি, ইত্যাদি।
অহা মে’ মাহৰ পৰা এইবছৰৰ “ছামাৰ ছিদিউল” আৰম্ভ হ’ব। গুৱাহাটী বিমানকোঠৰ বাবে কিছু ভাল খবৰো আছে আৰু কিছু সীমাবদ্ধতাও আছে।
আমাৰ এয়াৰপৰ্টৰ পৰা ছিংগাপুৰলৈ পোনপটীয়া বিমান সেৱা যোৱা ছমাহ ধৰি চলি আছে। এই কথাটো বহু মানুহে নাজানে যেন লাগে। ফলত গুৱাহাটী-ছিংগাপুৰ পথটোত আমাৰ বিমানকোঠৰ পৰা যোৱা যাত্ৰীৰ সংখ্যা তেনেই নগণ্য। উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলে পূৱৰ দেশলৈ যাবৰ বাবে প্ৰথমে পশ্চিমলৈ উৰা মাৰি আকৌ পূৱলৈ যাত্ৰা কৰিব লগা হয়। তাৰবাবে পইচা আৰু সময় দুয়োটাই বেছি খৰচ হয়। আচলতে ভুৱনেশ্বৰ, কলকাতা, গয়া, বাৰাণসী, পাটনা আদিৰ পৰাও পূবৰ দেশলৈ যাব খোজা যাত্ৰীসকল গুৱাহাটীলৈ আহিহে বিদেশ যাত্ৰা আৰম্ভ কৰিব লাগিছিল। কিন্তু নানান কথাত কামটো এতিয়াও হোৱা নাই। ব্যৱহাৰিক দিশৰ পৰাই ভৱিষ্যতে এদিন এনে হ’বই বুলি আশা কৰিব পাৰি। যোৱা ছমাহে ভূটানৰ “দ্ৰুক এয়াৰ” নামৰ এয়াৰলাইনে গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ সপ্তাহত এদিন পোনপটীয়া বিমান সেৱা আগ বঢ়াই আহিছে। বেছি যাত্ৰী পাবলৈ সমৰ্থ হোৱা নাই যদিও অহা “ছামাৰ ছিদিউল”-ত তেওঁলোকে সপ্তাহত দুদিনকৈ ছিংগাপুৰলৈ আৰু দুদিন ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ বিমান সেৱাৰ পৰিকল্পনা কৰিছে। এই সেৱা গ্ৰহণ কৰিলে উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে কম সময় আৰু কম খৰচত ছিংগাপুৰলৈ অহা-যোৱা কৰিব পাৰিব। আমাৰ গুৱাহাটীৰ পৰা ভূটানৰ পাৰ’ বিমানকোঠলৈ মুঠতে সপ্তাহত চাৰিখনকৈ বিমান চলিব। দুখন দ্ৰুক এয়াৰ আৰু দুখন ভূটান এয়াৰলাইনৰ বিমান।
আগন্তুক ছমাহত গুৱাহাটী বিমানকোঠৰ পৰা ত্ৰিশখনতকৈয়ো অধিক ঠাইৰ লগত বিমান সেৱাৰ পৰিকল্পনা কৰা হৈছে। দেশীয় গন্তব্যস্থানসমূহ হৈছে – দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালোৰ. হায়দৰাবাদ, আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, ভুৱনেশ্বৰ, পাটনা, চণ্ডীগড়, কোচিন, গোৱা, কইম্বাটোৰ, বাগডোগ্ৰা, দেৰাদুণ, যোধপুৰ, পুণা, ৰাঁচী, ডিব্ৰুগড়, তেজপুৰ, আগৰতলা, ইম্ফল, শিলচৰ, ৰূপশ্ৰী, ডিমাপুৰ, আইজল, তেজু, যোৰহাট, বৰাপানী আৰু ইটানগৰ। আন্তঃৰাষ্ট্ৰীয় সেৱা – ভুটানৰ পাৰ’ আৰু ছিংগাপুৰ।
এতিয়া গড়ে দৈনিক ১৫০০০ যাত্ৰী গুৱাহাটী বিমানকোঠেদি যাত্ৰা কৰে। ই দেশৰ দশম ব্যস্ততম বিমানকোঠ। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক অৱস্থিতিৰ বাবেই বিমানকোঠটোৰ গুৰুত্ব অপৰিসীম আৰু বিকাশৰ সম্ভাৱনা অপাৰ। ১৯৯৮ চনতে নিৰ্মাণ কৰা টাৰ্মিনেল ভৱনটোৱে যিমান সংখ্যাৰ যাত্ৰীৰ ভাৰ বহন কৰিব পাৰে এতিয়া তাতকৈ প্ৰায় তিনিগুণ অধিক যাত্ৰীৰ ভাৰ ব’ব লগা হৈছে। নতুনকৈ নিৰ্মাণ হৈ থকা আটকধুনীয়া টাৰ্মিনেল ভৱনটো প্ৰস্তুত হৈ উঠিবলৈ আৰু অন্তত এবছৰ সময় লাগিব। সেয়ে, শ্লট কনফাৰেঞ্চ মিটিঙত গুৱাহাটী বিমানকোঠেও চিঞৰ-বাখৰ কৰিবলৈ বাধ্য হৈছে – এঘণ্টাত আঠখনতকৈ বেছি বিমানৰ প্ৰস্তাৱ নিদিয়ে যেন!
আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাৰ (International Civil Aviation Organization) মতে এটা বিমানকোঠ একোটা অঞ্চলৰ অৰ্থনৈতিক প্ৰগতিৰ বাটকটীয়া। তেওঁলোকে গৱেষণা কৰি পাইছে যে বিমান পৰিবহণ বিভাগত ১০০ ডলাৰ খৰচ কৰিলে সেই অঞ্চলত ৩২৫ ডলাৰৰ অৰ্থনৈতিক প্ৰগতিৰ সূচনা হয়। সেইদৰে বিমান পৰিবহণ বিভাগত ১০০-টা নতুন পদৰ প্ৰয়োজন হোৱা কথাটোৱে সেই অঞ্চলত ৬১০টা নতুন চাকৰিৰ সৃষ্টি হোৱাটো বুজায়।
আমাৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠটোৱে আনিব পৰা অৰ্থনৈতিক প্ৰগতিৰ সম্ভাৱনা প্ৰচুৰ। অনাগত সময়ত উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন উদ্যোগে থন ধৰি উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে। ইয়াৰ বাবেও আমাৰ উত্তৰ-পূৰ্বাঞ্চলত এটা নিৰ্ভৰযোগ্য বিমান পৰিবহণ সেৱা লাগে। গুৱাহাটী বিমানকোঠৰ চৌপাশে অন্ততঃ ১৫টা এৰোদ্ৰম বা এৰ’ষ্ট্ৰিপ আছে। এই অঞ্চলত সূৰ্যৰ পোহৰ দেশৰ আন ঠাইতকৈ আগতেই পৰে। জহকালি ৰাতিপুৱা ৪ বজাতেই এই অঞ্চলত বিমান পৰিবহণ (ভি-এফ্-আৰ ফ্লাইট) আৰম্ভ কৰিব পাৰি। দিনৰ দহ বজাৰ আগতেই যদি উত্তৰপূৰ্বাঞ্চলৰ এই ঠাইবোৰৰ পৰা যাত্ৰীক গুৱাহাটী বিমানকোঠলৈ আনিব পৰা যায় আৰু তাৰ পিছতেই যদি দেশৰ প্ৰধান প্ৰধান চহৰ কেইখন গুৱাহাটীৰ পৰা সংযোগ কৰিব পৰা বিমান সেৱা থাকে তেতিয়াহ’লে এই অঞ্চলৰ ভিতৰুৱা ঠাইৰ বাসিন্দা এজনেও ২৪ ঘণ্টাৰ ভিতৰতে দেশৰ যিকোনো এখন চহৰ স্পৰ্শ কৰি ঘূৰি আহিব পাৰিব। এনেকৈয়ে গুৱাহাটী বিমানকোঠে দেশীয় বিমান পৰিবহণৰ ক্ষেত্ৰত “ডমেষ্টিক হাব”-ৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ঠিক তেনেকৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে দেশৰ পূৱ প্ৰান্তত বাস কৰা বাসিন্দাই গুৱাহাটিলৈ আহি পূৱৰ দেশসমূহলৈ যাবলৈ বিমানত উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে। গুৱাহাটী যদি এটা “ইণ্টাৰনেচনেল হাব” হয়, খৰচ আৰু সময় – এই দুয়োটা দিশৰ পৰাই যাত্ৰীসকল উপকৃত হোৱাৰ সম্ভাৱনা আছে।
বিভিন্ন জাতৰ চাউল, চাহপাত, ফল, ফুল আদিৰে উত্তৰ পূৰ্বাঞ্চল সমৃদ্ধ। ইয়াত উৎপন্ন হোৱা ভোট জলকীয়া, আনাৰস, আদা আদিয়ে পৃথিৱীৰ অনেক ঠাইতে আদৰ পাবলৈ সক্ষম হৈছে। কৃষকে এটকা-দুটকা দৰত বেছিব নোৱৰা শাক পাচলি, নতুবা শিক্ষিত ডেকাচামে নতুনকৈ কৰিবলৈ লোৱা অৰ্গেনিক শাক-পাচলি যদি ইয়াৰ পৰা দেশৰ আন ঠাই আৰু বিদেশলৈ ৰপ্তানি কৰিব পৰা হয়, তেনেহলে তৃণমূল পৰ্যায়ত অৰ্থনৈতিক প্ৰগতি হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। এনেকৈয়ে বিমানকোঠ এটাই অৰ্থনৈতিক প্ৰগতিৰ সূচনা কৰিব পাৰে।
২০২৪ চনৰ মাজভাগত বিমানকোঠৰ নতুন টাৰ্মিনেল ভৱনটো আৰম্ভ হোৱাৰ লগে লগেই বিমানকোঠটোৰ বাবে প্ৰয়োজন হোৱা আন্তঃগাঁথনি উপলব্ধ হ’ব। বিমানকোঠ, ৰাজ্য চৰকাৰ আৰু ৰাইজে একেলগে মিলি কাম কৰিলে গুৱাহাটী বিমানকোঠে নিশ্চয় ৰাজ্যখন আৰু উত্তৰপূৰ্বাঞ্চললৈ অৰ্থনৈতিক প্ৰগতি কঢ়িয়াই আনিব পাৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!