জাহাজ নিৰ্মাণ আৰু বোম্বেঃ পাহৰণিৰ গৰ্ভত এটি কাহিনী

লেখক- পংকজ কুমাৰ নেওগ

যদি কেতিয়াবা আপুনি ‘গ’ এয়াৰ’ (Go Air) উৰাজাহাজেৰে ভ্ৰমণ কৰে, যানখনৰ বাহিৰত জাহাজ কোম্পানী এটাৰ ল’গ’ বা চিহ্ন এটা নিশ্চয় আপোনাৰ দৃষ্টিগোচৰ হ’ব। এখন্তেক ৰৈ আপুনি যদি কেতিয়াবা ভাবিছে যে ২১ শতিকাৰ বিমান এখনৰ ১৮ শতিকাৰ জাহাজ এখনৰ সৈতে কেনেধৰণৰ সম্পৰ্ক থাকিব পাৰে তেনেহলে এইখিনিতে এটা সুন্দৰ আৰু সৰু কাহিনী উনুকিয়াব পাৰি। সেই কাহিনী হ’ল যৌতুক আৰু জলদস্যুগিৰিৰ সৈতে জড়িত এটা সৰস কাহিনী। এই সকলোবোৰ ঘটনা আৰম্ভ হয় হেনৰী এভেৰী নামৰ এজন ব্ৰিটিছ জলদস্যু আৰু লুণ্ঠনকাৰীৰ পৰা। তেওঁৰ লুণ্ঠনকাৰ্য ইমানেই নৃশংস আছিল যে ইংৰাজসকলেও তেওঁক ভয় কৰি চলিছিল।
হেনৰী এভেৰী (জন্ম: ২০ আগষ্ট ১৬৫৯ – অন্তৰ্ধান: জুন ১৬৯৬) আছিল আটলাণ্টিক আৰু ভাৰতীয় মহাসাগৰৰ এজন কুখ্যাত ইংৰাজ জলদস্যু। ১৬৯০ চনৰ মাজভাগৰ পৰা এই জলদস্যুজন সমুদ্ৰত সক্ৰিয় হৈ উঠিছিল। জলদস্যুগিৰি কৰা সময়ছোৱাত তেওঁ সম্ভৱতঃ বেঞ্জামিন ব্ৰীজমেনকে ধৰি কেইবাটাও ছদ্মনাম ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ সহযোগীসকলে তেওঁক লং বেন বুলিহে জানিছিল। “দ্য আৰ্ক পাইৰেট” আৰু “দ্য কিং অৱ পাইৰেটছ”ৰূপে অভিহিত হেনৰী এভেৰী আছিল যুদ্ধত গ্ৰেপ্তাৰ বা নিহত নোহোৱাকৈ নিজৰ লুটপাতৰ সৈতে পলায়ন কৰা অতি কম সংখ্যক ডাঙৰ জলদস্যু সম্ৰাটবোৰৰ এজন। জলদস্যুগিৰিক এভেৰীয়ে এক লাভজনক ব্যৱসায় কৰি তোলাৰ লগতে ইতিহাসৰ আটাইতকৈ ডাঙৰ লুণ্ঠন কাৰ্যও সমাধা কৰিবলৈ সক্ষম হৈছিল। যদিও জলদস্যু হিচাপে এভেৰীয়ে মাত্ৰ দুবছৰমানহে প্ৰতিপত্তি চলায় তথাপি তেওঁৰ এই কাৰ্য্যই জনসাধাৰণক যথেষ্ট আকৰ্ষণ কৰাৰ লগতে লুণ্ঠন বা দস্যুগিৰিৰ কাম হাতত ল’বলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিছিল। তেওঁৰ কৰ্মৰাজি সেইসময়ৰ লেখকসকলৰ বাবেও সাহিত্য ৰচনাৰ উৎস হৈ পৰে।
স্পেনিছ জাহাজবোৰক লক্ষ্য কৰি এভেৰীয়ে জলদস্যুৰ পেছা আৰম্ভ কৰিছিল। তেওঁ ভাৰত মহাসাগৰত বিচৰণ কৰি উত্তৰ দিশে লোহিত সাগৰলৈকে যাত্ৰা কৰে আৰু ১৬৯৫ চনৰ ছেপ্টেম্বৰত ভাৰতৰ মোগল সাম্ৰাজ্যৰ মুৰব্বী সম্ৰাট ঔৰংজেবৰ (১৬৫৮-১৭০৭) মালিকানাধীন আৰু প্ৰাচুৰ্যৰে ভৰপূৰ জাহাজবোৰৰ মুখামুখি হয়। এভেৰীৰ চকু আছিল আলাউদ্দিনৰ ধন-সোণৰ গুহা সদৃশ ‘গঞ্জ-ই-ছাৱাই’ নামৰ জাহাজখনৰ ওপৰত। জাহাজখনত প্ৰচুৰ পৰিমাণে কামান আছিল আৰু ইয়াক এটা সৈনিকৰ দলে বিশেষ সুৰক্ষা প্ৰদান কৰিছিল। জাহাজখনে অতিৰিক্ত ধন-সোণৰ উপৰি গুৰুত্বপূৰ্ণ বিষয়াৰ পত্নী আৰু মক্কাৰ পৰা তীৰ্থযাত্ৰী সকলক লৈ উভতি আহিছিল। সুযোগ চাই এভেৰী আৰু তেওঁৰ জলদস্যুৰ দলে প্ৰথমে ‘ফটেহ মহম্মদ’ নামৰ প্ৰহৰী জাহাজখন অধিকাৰ কৰি গঞ্জ-ই-ছাৱাই আক্ৰমণ কৰে। ভাৰতীয় জাহাজখনত প্ৰায় ৪০টা কামান আৰু ৪০০ সৈনিক থকাৰ বাবে এই যুদ্ধ দুঘণ্টা সময় ধৰি চলে যদিও জলদস্যুসকলে অৱশেষত জয়লাভ কৰে। ব্যক্তিগত মূল্যৱান সামগ্ৰীসমূহৰ অৱস্থান প্ৰকাশ কৰাবলৈ অধিকাংশ যাত্ৰীকে নিৰ্যাতন চলোৱাৰ পিছত হত্যা কৰা হৈছিল বা পানীত পেলাই দিয়া হৈছিল। মহিলাসকলৰ বহুতকেই ধৰ্ষণ কৰা হৈছিল। এভেৰীৰ জলদস্যুসকলে জাহাজৰ পৰা অতি কমেও ৩ লাখ ২৫ হাজাৰ পাউণ্ড (আজিৰ দিনৰ প্ৰায় ৬৯ নিযুত পাউণ্ড বা ৯৫ নিযুত ডলাৰ) মূল্যৰ সামগ্ৰী লুটপাত কৰিছিল। ই আছিল এক অভাৱনীয় পৰিমাণৰ ধন আৰু জলদস্যুগিৰিৰ ইতিহাসত হোৱা বৃহত্তম লুণ্ঠন। জলদস্যু বা জাহাজৰ প্ৰতিজন কৰ্মচাৰীয়ে গোটেই জীৱনজোৰা মজুৰিৰ সমতুল্য ধন লাভ কৰিছিল। এই সম্পত্তি সোণ, ৰূপ, ৰত্ন, মুদ্ৰা, বহুমূলীয়া মছলা আৰু ৰেচমৰ ৰূপত সকলোৱে লাভ কৰিছিল। হীৰাখচিত ‘চেডেল’ৰ দৰে বিলাসীভাৱে নিৰ্মিত নানান সামগ্ৰীও ইয়াৰ ভিতৰত আছিল।
মোগল সম্ৰাটে নিজৰ এই ভয়ঙ্কৰ ক্ষতিৰ পাছত ভাৰতত ব্ৰিটিছৰ স্বাৰ্থক আঘাত কৰিব বুলি হুমকি দিয়ে। তেওঁ আৰম্ভণিতে চুৰাটৰ সকলো ব্ৰিটিছ ব্যৱসায়ীক কাৰাগাৰত ভৰাই থয় আৰু জলদস্যুসকলক অনতিপলমে কৰায়ত্ত নকৰিলে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি দিয়ে। এই ব্যৱসায়ীসকলৰ কিছুমানৰ সৈতে ইমানেই কঠোৰ ব্যৱহাৰ কৰা হৈছিল যে তেওঁলোকৰ কাৰাগাৰতে মৃত্যু হৈছিল। ঔৰংজেৱৰ ক্ৰোধে ইষ্ট ইণ্ডিয়া কোম্পানীলৈ প্ৰবল হেঁচা কঢ়িয়াই আনে। মোগল সম্ৰাটৰ সৈতে সম্পৰ্ক টেঙা হ’লে বাণিজ্যলৈ ভাবুকি অহাৰ চিন্তাত বৃটিছে এভেৰীৰ শিৰৰ ওপৰত মূল্য ৰাখিবলৈ বাধ্য হয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এভেৰীৰ দলৰ প্ৰতিজনৰ শিৰৰ বাবে ১০০০ পাউণ্ড পুৰস্কাৰ ঘোষণা কৰাৰ লগতে ব্ৰিটিছ চৰকাৰেও ৫০০ পাউণ্ড পুৰস্কাৰ দিয়াৰ প্ৰস্তাৱ দিছিল।
এই ঘটনাৰ পিছৰ পৰা ভাৰতত থকা ইংৰাজসকলে বুজি উঠে যে তেওঁলোকৰ ঘাটি চুৰাটত থকালৈকে যিকোনো সময়তে মোগল বা উদীয়মান মাৰাঠাসকলৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে। স্থলভিত্তিক শক্তিসমূহে যাতে সহজে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বৃটিছসকলে নিজৰ মূল ঘাটিটো আন এখন ঠাইলৈ উঠাই নিয়াৰ কথা ভাৱে। অৱশেষত তেওঁলোকে বোম্বে দ্বীপপুঞ্জলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৬৬১ চনত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছ পৰ্তুগালৰ ৰাজকন্যা কেথেৰিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহ চুক্তি হিচাপে ৰজাক পৰ্তুগীজসকলে এক বিশাল যৌতুক দিছিল। সেই যৌতুকৰ অংশ হিচাপে পৰ্তুগালে ১৬৬১ চনৰ ৩ জুলাইত বোম্বে আৰু টেঞ্জিয়াৰ চহৰ দ্বিতীয় চাৰ্লছৰ হাতত অৰ্পণ কৰে। বাচেইন সন্ধিৰ চুক্তি অনুসৰি ইয়াৰ আগতে ১৫৩৪ চনৰ ২৩ ডিচেম্বৰত পৰ্তুগীজসকলে গুজৰাটৰ চুলতান বাহাদুৰ ছাহৰ পৰা বোম্বেৰ সপ্ত দ্বীপপুঞ্জ লাভ কৰিছিল। যদিও বোম্বেত আগৰে পৰা ব্ৰিটিছৰ উপস্থিতি আছিল সেই সময়তে তেওঁলোকে ইয়াক নিজৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লয়।
চুৰাটৰ পৰা ঘাটি স্থানান্তৰিত কৰা সেই সময়ত আছিল অতি দুৰূহ কাম। হাজাৰ হাজাৰ বছৰ ধৰি চুৰাট আছিল সামুদ্ৰিক কেন্দ্ৰ য’ত যথাযথভাৱে জাহাজ নিৰ্মাণ উদ্যোগ, ডক আদি গঢ়ি উঠিছিল। বোম্বেত ইয়াক পুনৰ সৃষ্টি কৰাটো অতি কঠিন কাম হৈ উঠিল। দ্বিতীয়তে, চুৰাটৰ কোনো জাহাজ নিৰ্মাতা আৰব সাগৰৰ পাৰৰ অসাৰ প্ৰস্তৰ খণ্ড এডোখৰলৈ স্থানান্তৰিত হ’বলৈ সাজু নাছিল। ঠিক তেনে সময়তে ল’জী নুছেৰৱাঞ্জী নামৰ ভদ্ৰলোক এজনৰ প্ৰৱেশ ঘটে। জন্মসূত্ৰে তেওঁ জাহাজ নিৰ্মাতা নাছিল যদিও পূৰ্বতে আন এজন জাহাজ নিৰ্মাতাৰ ফ’ৰমেন হিচাপে কাম কৰিছিল। ‘কুইন’ নামৰ এখন জাহাজ নিৰ্মাণৰ সময়ত তেওঁ ব্ৰিটিছৰ লগত বন্ধুত্ব গঢ়ি তোলে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা তেওঁ আগতেও কেইটামান কামৰ চুক্তি লাভ কৰিছিল। ল’জী নুছেৰৱাঞ্জীয়ে ১৭৫০ চনত এছিয়াৰ প্ৰথমটো ‘শুকান ডক’ (Dry Dock) নিৰ্মাণ কৰে আৰু তাৰ পিছত ১৭৭৪ চনত মাজগাঁও ডকৰ ভেটি স্থাপন কৰে। কিন্তু ল’জী নুছেৰৱাঞ্জীৰ নামটো আছিল দীঘল আৰু জটিল। সেয়ে তেওঁ নিজৰ মাতৃভাষা গুজৰাটীৰে তেওঁৰ কোম্পানী আৰু পৰিয়ালৰ দুয়োটাৰে বাবে এটা ধুনীয়া নাম ৰাখিবলৈ সিদ্ধান্ত লয়। গুজৰাটী ভাষাত নাও নিৰ্মাতাক কোৱা হৈছিল ৱাদিয়া। গতিকে তেওঁ ১৭৩৬ চনত আৰম্ভ কৰা কোম্পানীটোক ‘ৱাডিয়া গোট’ আৰু পৰিয়ালটোক ‘ৱাডিয়া পৰিয়াল’ বুলি নামকৰণ কৰে। অতি সোনকালে ৱাডিয়া গোট কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে প্ৰধান জাহাজ নিৰ্মাতা হৈ পৰিল।
১৭৩৬ চনৰ পৰা ১৮৮৪ চনলৈকে ৱাদিয়া গোটে ৩৩৪ খনতকৈয়ো অধিক জাহাজ নিৰ্মাণ কৰে। এই জাহাজবোৰৰ গ্ৰাহক আছিল ব্ৰিটিছ নৌসেনা, ইষ্ট ইণ্ডিয়া কোম্পানী আৰু হায়দৰাবাদৰ নিজাম। তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত লিখা‘এইচ এম এছ মিণ্ডেন’ আৰু ‘এইচ এম এছ ট্ৰিনকোমালি’ নামৰ জাহাজ দুখন নিৰ্মাণ কৰিছিল। এইচ এম এছ ট্ৰিনকোমালি হৈছে নেপোলিয়নৰ যুদ্ধৰ অন্ত পৰাৰ কিছু সময়ৰ পিছতে নিৰ্মিত ৰয়েল নেভিৰ ‘লেডা শ্ৰেণী’ৰ পালতৰা যুদ্ধৰ জাহাজ। দুশ দহ বছৰৰ পিছতো জাহাজখন অক্ষত অৱস্থাত বৰ্তমান আৰু এতিয়া ইংলেণ্ডৰ হাৰ্টলিপুলৰ ৰয়েল নেভিৰ নেচনেল মিউজিয়ামত এখন ওপঙি থকা জাহাজ হিচাপে সংৰক্ষণ কৰা হৈছে। ভাপ ইঞ্জিনৰ যুগ অহাৰ লগে লগে ৱাডিয়াসকল এনে ভাপচালিত জাহাজ নিৰ্মাণৰ সৈতে ব্যস্ত হৈ পৰে। ৱাডিয়াৰ নাতি অৰ্দাসীৰ কুৰ্ছাটজী ভাৰতৰ ভাপ ইঞ্জিনৰ অন্যতম পথ প্ৰদৰ্শক আছিল। বহুদিনলৈকে পৃথিৱীৰ এই অংশত ষ্টীম ইঞ্জিন মেৰামতি কৰিব পৰা তেৱেঁই আছিল একমাত্ৰ বিশেষজ্ঞ। কিন্তু ৱাডিয়া গোটৰ ভাপ ইঞ্জিনৰ পাৰদৰ্শিতাই তেওঁলোকক অইন এক নতুন ব্যৱসায়ৰ দিশলৈ টানি নিয়ে।
১৮৭৯ চনত ডিনশ্ব পেটিট নামৰ এজন প্ৰভাৱশালী পাৰ্চী বস্ত্ৰ ব্যৱসায়ীয়ে কাপোৰৰ কল স্থাপন কৰিবলৈ যো জা কৰি ইংলেণ্ডৰ পৰা সঠিক যন্ত্ৰপাতি বাছনি কৰিবলৈ ৱাডিয়া পৰিয়ালৰ সহায় বিচাৰে। ৱাডিয়া পৰিয়ালৰ উত্তৰাধিকাৰীসকলৰ নৌৰ’ছজী ৱাডিয়া নামৰ এজনে বস্ত্ৰ ব্যৱসায়ীগৰাকীক এই কামত সহায় কৰিবলৈ আগবাঢ়ি আহিল। বস্ত্ৰশিল্পৰ বাবে আৱশ্যকীয় ভাপ চালিত মেচিনবোৰৰ অত্যাধুনিকতা দেখি নৌৰ’ছজী প্ৰভাৱিত হয় আৰু তেওঁ নিজেও বস্ত্ৰ উদ্যোগৰ ব্যৱসায় আৰম্ভ কৰিবলৈ থিৰাং কৰে। তেওঁ আৰম্ভ কৰা কোম্পানীটোৰ নাম আছিল ‘বোম্বে ডায়িঙ’৷ তেওঁ আনকি চেঞ্চুৰী মিলো আৰম্ভ কৰিছিল যদিও পিছত ইয়াক বিক্ৰী কৰা হয়। ভাপেৰে চলোৱা যন্ত্ৰ আৰু কলবোৰত তেওঁলোকে নিজৰ বিশেষ কাৰিকৰী জ্ঞান ব্যৱহাৰ কৰি বোম্বে ডায়িঙক দ্ৰুতগতিত ভাৰতৰ অন্যতম সমৃদ্ধিশালী আৰু বৃহৎ মিলত পৰিণত কৰে। এই ‘বোম্বে ডায়িঙে’ই হৈ পৰিল ৱাডিয়া সাম্ৰাজ্যৰ মূল ভেঁটি।
ৱাডিয়া সাম্ৰাজ্য আজি বস্ত্ৰ, নানা ধৰণৰ ব্যৱসায়, বিস্কুট আৰু আই পি এল ক্ৰিকেট দলৰ মাজেৰে সুবিস্তৃত হৈ পৰিছে। তেওঁলোকৰ এটা ষ্টুডিঅ’ও আছিল আৰু ইয়াত ভাৰতৰ প্ৰথম ‘একচন কুইন’ “ফিয়েৰলেছ নাদিয়া” নামৰ ডকুমেণ্টৰী চিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল। গতিকে যেতিয়া ৱাডিয়া গোটটোৰ বাবে এটা নতুন ‘ট্ৰেডমাৰ্ক’ৰ দৰকাৰ হ’ল তেতিয়া তেওঁলোকে নিজৰ মূল ব্যৱসায় ‘শ্বিপ বিল্ডিঙ’ক সন্মান জনোৱাৰ সিদ্ধান্ত লয়। সেইবাবেই তেওঁলোকৰ উৰাজাহাজ কোম্পানী ‘গ’ এয়াৰ’ৰ বিমানত জাহাজৰ ল’গ’ দেখা যায়। আজি ৱাদিয়া গোট ভাৰতৰ অন্যতম সমৃদ্ধিশালী ব্যৱসায়িক গোট আৰু ভাৰতৰ আটাইতকৈ পুৰণি বাণিজ্য প্ৰতিষ্ঠান। কিন্তু চাবলৈ গ’লে সকলোবোৰ একপ্ৰকাৰ আৰম্ভ হৈছিল জলদস্যুগিৰিৰ এটা কাৰ্য্যৰপৰা আৰু কিছু যৌতুকেৰে!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!