ৰঙালী বিহুৰ জনবিশ্বাসঃ প্ৰয়োজন যথাৰ্থ সংৰক্ষণৰ
লেখক- ড: নন্দিতা দত্ত
ৰঙালী বিহুৰ জনবিশ্বাসঃ
প্ৰয়োজন যথাৰ্থ সংৰক্ষণৰ
“চ’তে গৈ গৈ ব’হাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈনো কৈ থাকিলে ওৰকে নপৰে
ব’হাগৰ বিহুটিৰ কথা।”
প্ৰকৃতিৰ নিয়ম অনুসৰি শীতৰ শেষত বসন্তৰ আগমন হয়। বসন্তৰ আগমনৰ লগে লগে বৰষুণৰ পৰশ পাই লঠঙা গছবোৰ নতুন পাতেৰে ঠন ধৰি উঠে। এই বসন্ত কালতে চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনাৰ পৰা ব’হাগ বিহু উদ্যাপন কৰা হয়। গৰু বিহুৰ পৰা আৰম্ভ হোৱা এই বিহু সাতদিন ধৰি পালন কৰা হয়।
ব’হাগ বিহুৰ লগত বহুতো লোকবিশ্বাস জড়িত হৈ আছে। গৰু বিহুৰ দিনা গৰুক মাহ হালধি সানি গা ধুওৱা হয়। আন দিনাৰ দৰে সেইদিনাও গধূলি হোৱাৰ লগে লগে গোধন ঘৰলৈ উভতি আহে। সেইদিনা গৰু উভতি অহাৰ পাছত “মাখিয়তী মাখি পাত, মাখি মাৰো জাক জাক” বুলি মাখিয়তী পাতেৰে কোবাই গোহালিলৈ আনিলে বছৰটোৰ বাবে মহ, ডাঁহ অদিয়ে বৰকৈ আক্ৰমণ কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। গৰু বিহুৰ দিনা গৰুক বিচনিৰে বা দি, মানুহেও বিচনিৰে বা লয়। লোকবিশ্বাস যে বিহুৰ দিনা বিচনীৰ বা ল’লে গোটেই বছৰটো শাত পৰি থাকে।
অসমৰ অঞ্চল বিশেষত গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা এতিয়াও বৰ্তি আছে। এই এশ এবিধ শাকেৰে ৰন্ধা আঞ্জা যিকোনো ৰোগৰ মহৌষধ বুলি বিশ্বাস কৰা হয়। গৰু বিহুৰ দিনা ধুমুহা বৰষুণৰ পৰা ৰক্ষা পাবলৈ নাহৰ পাতত “দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ, বাত বৃষ্টি হৰং দেৱ, মহাদেৱ নমস্তুতে” বুলি লিখি ঘৰৰ পানীপতাৰ অংশৰ চালত খুঁচি থোৱা হয়।
তদুপৰি, গৰু বিহুৰ দিনা গৰুক গা ধুওৱা মাহ হালধিৰ লগত নহৰু পানী মিহলাই ঘৰৰ চাৰিওফালে ছটিয়াই দিলে বছৰটোলৈ ঘৰৰ ভিতৰত সাপ প্ৰৱেশ কৰিব নোৱাৰে বুলি জনবিশ্বাস আছে।
নামনি অসমত, বিশেষকৈ বৰপেটাৰ ফালে মানুহ বিহুৰ দিনা কিছুমান শাকেৰে জাল(জালুকযুক্ত আঞ্জাবিশেষ) ৰন্ধাৰ পৰম্পৰা আছে। পঠাৰ মাংস আৰু হাঁহৰ কণীৰে ৰন্ধা এই জালবিশেষৰ সোৱাদেই বেলেগ! বৰপেটাৰ ফালে বিহুৰ দিনা খালী পেটত তিতা খালে বিভিন্ন ৰোগ দূৰ হয় বুলিও বিশ্বাস আছে। বৰপেটাত বিহুৰ দিনা ৰাতিপুৱা বিছনাত থকাৰ অৱস্থাতে হাতীশুৰা নামৰ দেখিবলৈ হাতীৰ শুৰৰ দৰে বন এবিধেৰে সৰুৱে ডাঙৰক আৰু ডাঙৰৱে সৰুক ভৰিত কোবোৱাৰ নিয়ম এটাও আছে। লোকবিশ্বাস আছে যে এনে কৰিলে লোককেইজনে হেনো হাতীৰ দৰে বল পায়।
ৰঙালী বিহুৰ সৈতে জড়িত এনে বহু বিশ্বাস বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত এতিয়াও পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আছে। এই সকলো লোকবিশ্বাসক অৰ্থহীন বুলি একে আষাৰে নিশ্চয় উলাই কৰিবও পৰা নাযায়। সামাজিকভাৱেই হওক বা যুক্তিনিষ্ঠভাৱেই হওক, এইসমূহৰ বহুখিনিৰেই গুৰুত্ব আছে বুলি ভাবিব পাৰি। এইসমূহৰ বৈজ্ঞানিক দৃষ্টিভংগীযুক্ত অধ্যয়নে ৰঙালী বিহুৰ সৈতে বহু নতুন কথাৰ উন্মোচন কৰাৰ লগতে এনে অধ্যয়নে সামগ্ৰিকভাৱে আমাৰ জাতিটোকো সমৃদ্ধ কৰিব বুলি ভাবোঁ।
সময়ৰ ধামখুমীয়াত আমাৰ বিহুৰ স্বকীয়তাত ক্ৰমশঃ নতুনৰ ৰং লগাটো পৰিলক্ষিত হৈছে। বাস্তৱক স্বীকাৰ কৰি, বিশ্বায়নক মানি লৈ কিছু পৰিমাণে হয়তোবা আমি এনে পৰিৱৰ্তন মানি লোৱাৰ বিকল্পও নাই। সেয়ে হ’লেও, অসমীয়াৰ প্ৰাণৰ বিহুটিক যাতে অপসংস্কৃতিয়ে ম্লান কৰিব নোৱাৰে; তাৰ কাৰণেও প্ৰতিজন অসমীয়া সজাগ হ’ব লাগিব। আমাৰ বাপতিসাহোন ৰঙালী বিহুটিৰ সৈতে সংপৃক্ত হৈ থকা জনবিশ্বাসসমূহ যুক্তিনিষ্ঠ দৃষ্টিভংগীৰে চালি-জাৰি চাই সেইসমূহৰ সংৰক্ষণ তথা প্ৰতিপালন কৰাটোও আমাৰ সকলোৰে হেঁপাহৰ জাতীয় উৎসৱটিক চিৰকাললৈ জীয়াই ৰখাৰ ক্ষেত্ৰত হ’ব এক সময়সাপেক্ষ পদক্ষেপ।