অসমীয়া মন্ত্ৰ সাহিত্যত লোকভাষাৰ প্ৰয়োগ

লেখক- ড° সীমা ভূঞা

ড° সীমা ভূঞা
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁও, দৰং

 

মন্ত্ৰ সাহিত্য অসমীয়া সমাজ-সংস্কৃতি আৰু ইতিহাসৰ এক গুৰুত্বপূৰ্ণ উপাদান৷ মন্ত্ৰৰ উৎপত্তিৰ সঠিক সময়সীমা নিৰ্ধাৰণ কৰিব পৰা নাযায় যদিও, সভ্যতাৰ আদি স্তৰতে মেজিক বা যাদুধৰ্মী কাৰ্যকলাপৰ মূল বিন্দুটো লক্ষ্য কৰা যায়৷ কিয়নো, আদিম মানৱে প্ৰকৃতি আৰু নাৰীক একাত্ম কৰি মনোকামনা সিদ্ধিৰ অৰ্থে বিভিন্ন যাদুধৰ্মী ক্ৰিয়া-কলাপ সম্পাদন কৰিছিল৷ অৱশ্যে, পৰৱৰ্তী সময়ত বৈদিক যুগৰপৰাহে ‘মন্ত্ৰ সাহিত্য’ৰ ধাৰণাই লোকসমাজত সুদৃঢ় স্থান লাভ কৰে৷ সি যি নহওক, অতি প্ৰাচীন কালৰপৰাই অসমৰ লোকজীৱনৰ বিভিন্ন উদ্দেশ্যত সিদ্ধি লাভৰ বাবে মন্ত্ৰৰ প্ৰয়োগ হৈ আহিছে৷ অসমীয়া মন্ত্ৰ সাহিত্য প্ৰায়োগিক আৰু সাহিত্যিক –দুয়ো দিশৰপৰাই গুৰুত্বপূৰ্ণ৷ প্ৰায়োগিক দিশৰপৰা মন্ত্ৰৰ এখন বিশাল ক্ষেত্ৰ আছে৷ লোকচিকিৎসাৰ বিভিন্ন দিশৰ উপৰি ব্যৱহাৰিক জীৱনৰ সৰু-বৰ অলেখ ক্ষেত্ৰত মন্ত্ৰৰ প্ৰয়োগ কৰা হয়৷ সেইদৰে সাহিত্যিক দিশৰপৰা অৰ্থাৎ, বিষয়বস্তু আৰু আংগিকৰ দিশৰপৰাও মন্ত্ৰবোৰ বৈচিত্ৰ্যপূৰ্ণ৷ তাৰ মাজতে অসমীয়া মন্ত্ৰ সাহিত্যত লোকজীৱনৰ বিভিন্ন সমলৰ সন্ধান পোৱাটো মন কৰিবলগীয়া দিশ৷ অসমীয়া মন্ত্ৰ সাহিত্য লোকজীৱনত প্ৰচলিত ভাব-ভাষাৰে পৰিপূৰ্ণ৷ লোকভাষা হৈছে লোকজীৱনৰ স্বতঃস্ফূৰ্ত ভাব প্ৰকাশৰ ভাষা৷ নবীনচন্দ্ৰ শৰ্মাৰ মতে–‘‘লোকভাষা স্থানীয় আৰু আঞ্চলিক জতুৱা ঠাঁচলৈ ৰূপান্তৰিত হয় আৰু মান্যভাষাৰপৰা ই আঁতৰি আহে৷’’ [শৰ্মা৷পৃঃ ৫১] অসমীয়া সমাজত প্ৰচলিত গালি, শাও-শপনি, প্ৰবাদ-প্ৰবচন আদিৰ লগতে বিভিন্ন ৰোগ-ব্যাধিৰ নাম তথা আন কিছুমান ক্ষেত্ৰত কেতবোৰ থলুৱা আৰু কথিত ৰূপৰ প্ৰয়োগে লোকজীৱনৰ সৈতে থকা মন্ত্ৰৰ সম্পৰ্ককে প্ৰতীয়মান কৰে৷ অসমীয়া মন্ত্ৰ সাহিত্যত সমাজৰ নিম্ন শ্ৰেণীৰ মুখৰ ভাব-ভাষাৰ প্ৰয়োগলৈ চাই মন্ত্ৰসমূহ তেনে লোকৰ হাততে সৃষ্টি হোৱা বুলি ঠাৱৰ কৰিব পাৰি৷ সমাজৰ উচ্চ বৰ্ণৰ ব্ৰাহ্মণ-পুৰোহিত আদিৰ প্ৰসংগ মন্ত্ৰত অনুপস্থিত৷ মন্ত্ৰসমূহ প্ৰয়োগ কৰোঁতেও পুৰোহিতৰ প্ৰয়োজন নহয়৷ উপযুক্ত নিয়ম মানি যিকোনো লোকে অসমীয়া মন্ত্ৰসমূহ প্ৰয়োগ কৰিব পাৰে৷ মুঠতে, অসমীয়া মন্ত্ৰ সাহিত্যত লোকভাষাৰ বিভিন্ন দিশ জড়িত হৈ আছে আৰু ই লোকজীৱনৰ সৈতে থকা মন্ত্ৰৰ সম্পৰ্ককে প্ৰতীয়মান কৰে৷ সেয়ে, এই আলোচনাত অসমীয়া মন্ত্ৰ সাহিত্যত লোকভাষাৰ প্ৰয়োগ সম্পৰ্কে চমু আলোকপাত কৰিবলৈ লোৱা হৈছে৷

অসমীয়া মন্ত্ৰ সাহিত্যত গালি, শাও-শপনি, পাপ-প্ৰায়শ্চিত্ত আদিৰ প্ৰসংগ :
গালি, শাও-শপনি আদিবোৰ অসমৰ লোকজীৱনৰ লগত জড়িত এটা অপৰিহাৰ্য অংগ৷ খং-ক্ষোভ আদি আৱেগৰ বৰ্হিঃপ্ৰকাশ গালি বা শাও-শপনিৰ জৰিয়তে কৰা হয়৷ এইবোৰে লোকজীৱনৰ আচাৰ-আচৰণ, ভাব- ভাষা আদিৰ সম্ভেদ দিব পাৰে৷ অসমীয়া মন্ত্ৰ সাহিত্যৰ মাজত লোকজীৱনত প্ৰচলিত এনে কেতবোৰ দিশৰ সন্ধান পাব পৰা যায়৷ উদাহৰণস্বৰূপে
তেজখাতি গুলৈয়নীক বান্ধো, তেজখাতি পিশাচক বান্ধো [মন্ত্ৰ সংগ্ৰহ পুথি৷]
আলষণী, বিলষণী, শাখিনী, কুলক্ষণী, গজমুৰী… ৰথত খেদিলে ৰাথোৱালী অকাঙ্গি,
খেদিলো অকাঙ্গি৷ [বৃহৎ বৈদ্যসাৰ৷]
লাঠি, চৰ, মাৰি খেদি পেলাইলা৷ [বৃহৎ বৈদ্যসাৰ৷]
হোঁচোকাত বগৰাই মাৰো৷ পিঠিয়ে পিঠিয়ে সি সি মাৰোঁ৷
একেবাৰে যিমান লাঠ, চৰ, ভুকু, কিল তাৰ পিঠিত হৈবি মিল৷ [বৃহৎ বৈদ্যসাৰ৷]
আহে আগবাঢ়ি আন, নাহে চুলিত ধৰি আন৷ [বৃহৎ বৈদ্যসাৰ]

উদাহৰণৰপৰা দেখা গ’ল অসমীয়া মন্ত্ৰ সাহিত্যত লোকজীৱনত প্ৰচলিত কেতবোৰ গালি-শপনি, যেনে–তেজখাতি, শাখিনী, কুলক্ষণী, চৰ, লাঠ, ভুকু মৰা, বগৰাই মৰা, চুলিত ধৰি চোঁচৰাই অনা আদিৰ উল্লেখ আছে৷ গালি-গালাজৰ দৰে শাও-শপনি, পাপ- প্ৰায়শ্চিত্ত আদিৰ প্ৰসংগও অসমীয়া মন্ত্ৰ সাহিত্যৰপৰা বাদ পৰি যোৱা নাই৷ মন্ত্ৰ সাহিত্যৰ বিষয়বস্তুৰ মাজত এইবোৰ ৰক্ষিত হোৱাটো মন কৰিবলগীয়া৷ চূৰ দিয়া মন্ত্ৰত আছে–
এই বাক্য লৰচৰ, ব্ৰহ্মাৰ চক্ৰত পৰি মৰ৷
দেৱী গোঁসানীৰ স্তনত ধৰ৷ [বৃহৎ বৈদ্যসাৰ]
এই মন্ত্ৰটোত সকলো ব্যাধিৰ বিষ-কোপ যদি পানী হৈ নপৰে, তেন্তে ব্ৰহ্মাৰ চক্ৰত পৰি মৰাৰ শাও আৰু দেৱী গোঁসানীৰ স্তনত ধৰাৰ দৰে পাপ কাৰ্যত লিপ্ত হোৱাৰ অভিশাপ দিয়া হৈছে৷ উশাহ-শূল আদিৰ সৰ্বঢাক মন্ত্ৰত গংগাৰ পাৰত গাই বধৰ দৰে পাপকৰ্ম কৰাৰ প্ৰসংগ উল্লেখ আছে৷
ৰামৰ আজ্ঞা শিৱৰ দ্ৰোহ
জাৰিলোঁ আমুকাৰ সমস্ত ব্যাধি
পানীকৃত্য দুই পৰ৷
মোৰ এই বচন লৰস,
তেবে গংগা পাৰত সাতজনী কপিলা বধ কৰস৷ [বৃহৎ বৈদ্যসাৰ৷]
শৰীৰৰ সমস্ত ব্যাধি পানী হৈ পৰিবলৈ কোৱা বাক্যৰ যদি লৰচৰ হয়, তেন্তে গংগাৰ দৰে এখন পবিত্ৰ স্থানত সাতজনীকৈ কপিলী গাই বধৰ দৰে মহাপাপত লিপ্ত হ’ব লাগিব বুলি মন্ত্ৰটোত শাও দিয়া হৈছে৷ মোৰৰ মন্ত্ৰ–
যেবে মোৰ বচন লৰচৰ দেৱীৰ স্তনত ধৰ৷
মহাদেৱৰ জঁটাত ধৰ, নাৰায়ণ চক্ৰত পৰি মৰ৷
গো-বধ স্ত্ৰীবধ পাপতে পৰ৷ [বৃহৎ বৈদ্যসাৰ৷]
এই মন্ত্ৰটোতো মন্ত্ৰই কাম নিদিলে দেৱীৰ শৰীৰৰ অংগ স্পৰ্শ কৰা, মহাদেৱৰ জঁটাত ধৰা, নাৰায়ণৰ চক্ৰৰ আগত পৰি মৰা বা গো-বধ, স্ত্ৰীবধ আদিৰ দৰে পাপকৰ্মত লিপ্ত হোৱাৰ অভিশাপ দিয়া হৈছে৷ চোৰধৰা মন্ত্ৰৰ উদাহৰণ–
যদি চোৰক এৰি নিচোৰক ধৰ,
ধৰ্মৰ সাত পুৰুষ নৰকত পৰ৷ [বড় বেজালী৷ পৃঃ ১৭]
অসমীয়া লোকসমাজত প্ৰচলিত হৈ অহা শাও-শপনিৰ ভিতৰত ‘সাত পুৰুষ নৰকত পৰা’টোও উল্লেখযোগ্য৷ অন্তৰত গভীৰভাৱে কিবা কথা বা কাৰ্যত আঘাত পালেহে এনেধৰণৰ অভিশাপ প্ৰতিপক্ষক দিয়া হয়৷ গতিকে, ‘চোৰধৰা মন্ত্ৰ’টোৰ মতে, যদিহে মন্ত্ৰই নিজৰ কাম নকৰি অৰ্থাৎ চোৰক নধৰি অন্য নিৰ্দোষী লোকক চোৰ বুলি দেখুৱায়, তেন্তে ধৰ্মদেৱতাৰ সাত পুৰুষ নৰকত পৰাৰ দৰে অসম্ভৱ কাণ্ড সংঘটিত হ’ব৷ কিয়নো, লোকসমাজত ধৰ্মদেৱতাৰ স্থান যথেষ্ট উচ্চ আৰু সেই দেৱতাই বিশ্বকৰ্মাৰ সৈতে লগ হৈ ধান বানি উলিওৱা বুলি কোৱা চাউল জাৰিহে এই মন্ত্ৰ প্ৰয়োগ কৰা হয়৷
এনেধৰণেই অসমীয়া মন্ত্ৰ সাহিত্যত লোকসমাজত প্ৰচলিত গালি, শাও-শপনি, পাপ-প্ৰায়শ্চিত্ত আদিৰ প্ৰসংগ নিহিত আছে৷ লোকসমাজৰ আচাৰ-আচৰণ, ধ্যান-ধাৰণা আদিৰ আভাস দিব পৰা এই দিশবোৰ অসমীয়া লোকসংস্কৃতি আৰু লোকসাহিত্যৰো উপাদান৷

প্ৰবাদ-প্ৰবচন :
লোকজীৱনৰ অভিজ্ঞতা আৰু ধ্যান-ধাৰণাই সৃষ্টি কৰা প্ৰদান-প্ৰবচনবোৰ অসমীয়া লোকসংস্কৃতি তথা লোকসাহিত্যৰ ক্ষেত্ৰখনৰ বাবে গুৰুত্বপূৰ্ণ উপাদান৷ মৌখিক ৰূপৰেপৰা প্ৰবাহিত হৈ অহা এনে প্ৰবাদ-প্ৰবচনৰ কিছু দিশৰ সন্ধান অসমীয়া মন্ত্ৰ সাহিত্যত লাভ কৰিব পৰাটো এটা গুৰুত্বপূৰ্ণ দিশ৷ ইয়াৰ পৰা অসমীয়া মন্ত্ৰ সাহিত্য যে লোকসমাজ আৰু লোকজীৱনৰ ওচৰ চপা তাৰে ধাৰণা পাব পৰা যায়৷
জ্বৰৰ মন্ত্ৰটোত প্ৰবাদ-প্ৰবচনৰ প্ৰসংগ পোৱা গৈছে এনেদৰে–
যৈতে শুনে চক্ৰৰ নাও,
ফাট দিয়া বসুমতী পাতালে লুকাওঁ৷ [বৃহৎ বৈদ্যসাৰ৷]
যি কোনো লজ্জাজনক পৰিস্থিতিত ক’লৈ যাওঁ, কি কৰোঁ লাগি এক অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হোৱাৰ প্ৰসংগত প্ৰয়োগ হোৱা এই প্ৰবচন ফাঁকি জ্বৰৰ মন্ত্ৰটোত তেনে এক প্ৰসংগতে প্ৰয়োগ হৈছে৷
সৰ্পৰ ধৰণী ধৰা মন্ত্ৰত এই প্ৰবচনফাঁকিৰ প্ৰয়োগ ঘটিছে এনেদৰে–
চেংগেলি চেংগেলীয়া নাও,
ফাট দিয়া বসুমতী পাতালে লুকাওঁ৷ [বৃহৎ বৈদ্যসাৰ৷ পৃঃ ১৪]
চূৰ দিয়া মন্ত্ৰটোত আছে –
নেকাটিলোঁ ফুটি নাই ফুটি
চুৰ নিও যাবি চন্দ্ৰ ওপৰত উঠি৷
সাগৰো শুকাই
পৰ্বতো শুকাই, মাণিকো লুকাই৷ [বৃহৎ বৈদ্যসাৰ৷]
কোনো বিশেষ পৰিস্থিতিত ইটোৰ পিছত সিটোকৈ সকলো বস্তু একে সময়তে নোহোৱা হোৱাৰ প্ৰসংগত এই প্ৰবচনৰ প্ৰয়োগ হয়৷ এই মন্ত্ৰটোত গলবেৰা, হেংগেৰা, ফোঁহোৰা আদিকে ধৰি সকলো ব্যাধি নোহোৱা হোৱাৰ প্ৰসংগত প্ৰবচনটোৰ প্ৰয়োগ হৈছে৷ প্ৰবচনফাঁকিয়ে বহন কৰা অৰ্থ মন্ত্ৰটোত কিছু ব্যতিক্ৰম ধৰণে প্ৰয়োগ হৈছে যদিও লোকসমাজৰ প্ৰবাদৰূপী এই বাক্য মন্ত্ৰৰ মাজত প্ৰয়োগ হোৱাটোৱেই গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি৷ সি যি নহওক, অসমীয়া মন্ত্ৰ সাহিত্যৰ সাহিত্যিক দিশৰ মাজত প্ৰতিফলিত এনে দিশৰপৰা লোকভাষা সম্পৰ্কীয় কিছু দিশৰ সন্ধান পাব পৰা যায়৷

কথিত আৰু থলুৱা ৰূপৰ প্ৰয়োগ :
অসমীয়া মন্ত্ৰ সাহিত্যত লোকজীৱনত প্ৰচলিত কথিত আৰু থলুৱা ৰূপৰ প্ৰয়োগ এটা মন কৰিবলগীয়া দিশ৷ বিশেষকৈ বিভিন্ন ৰোগ-ব্যাধিৰ নামৰ ক্ষেত্ৰত কেতবোৰ কথিত তথা থলুৱা ৰূপ পোৱা যায়৷ আলষণীয়ে পোৱা, মোৰ, মুখলগা, মৰকুচিয়া, নাৰেংগা, দাঁত যিগিনী, গলবোৰ, গলঘটিকা আদি এনে কেতবোৰ ৰোগৰ উদাহৰণ৷ উশাহ-শূল আদিৰ সৰ্বঢাক মন্ত্ৰত প্ৰাপ্ত আন কেইবিধমান ৰোগৰ নাম হৈছে –
মামৰীয়া, ৰাজপীড়া, কণিকা ৰাজপীড়া, চকোৱা ৰাজপীড়া, গলবেৰা, গলহেঙেৰা, গলঘটিকা, শিয়ালগলা, এন্দুৰীয়া, পদৰুৱা, কচোৱা সমস্ত ৰোগ জাৰো৷ [কামৰূপীয়া তন্ত্ৰ মন্ত্ৰ৷ পৃঃ ৬ ]

ওভোটা মন্ত্ৰ :
তেল জাৰো কটাঘাৰ, তেল জাৰো পকাধাৰ, মামৰি, খুদ খহু, তোপা খহু, ওফোৰা পিংগলীয়া, শুকনি খালে শুকাই যায়, পকনি খালে পকাই যায়৷ [কামৰূপীয়া তন্ত্ৰ মন্ত্ৰ৷ পৃঃ ৬ ]
জুয়ে পোৰা মন্ত্ৰত সমাজৰ নিম্নশ্ৰেণীৰ লোকৰ উল্লেখৰ জৰিয়তে সামাজিক দিশৰ চিত্ৰণ ঘটিছে বুলি ক’ব পাৰি৷
ডুমুনী গ’ল হাটলৈ,
পয়েকে বুলিলে বাটত,
আহিল ডুমুনী হকহকাই,
অগ্নি নুমাল ভকভকাই৷ [বড় বেজালী৷ পৃ ঃ ২০]

মুখভঙা মন্ত্ৰ :
ডোম হাৰী গৰীয়া মৰীয়া
পাহাৰী সমাৰী কুকুৰ বিড়াল
যি দেখিছে শুনিছে ভাল বোলা বেয়া বোলা৷ [ কামৰূপীয়া তন্ত্ৰ মন্ত্ৰ৷ পৃঃ ৩]

জ্বৰৰ মন্ত্ৰ :
ওৰে ওৰে জ্বৰ মই জানো
তোৰ জনম জাতি বাহুৰ পো,
শোত কোঁৱৰৰ নাতি,
বাপেৰ পৰয়া, মাৰ ফৈৰ নাতি৷’ [কামৰূপীয়া তন্ত্ৰ মন্ত্ৰ৷ পৃঃ ৩]
এনেদৰে চালে দেখা যায় যে মন্ত্ৰত সমাজৰ নিম্ন শ্ৰেণীৰ লোকৰ মুখৰ ভাষাৰ প্ৰয়োগ ঘটাৰ লগতে কেতবোৰ ৰোগৰ নামো থলুৱা ৰূপত ব্যৱহৃত হৈছে৷ এইখিনিতে মন্ত্ৰ আৰু চৰ্যাপদৰ সাদৃশ্য বিচাৰ কৰিব পাৰি৷ কাৰণ, চৰ্যাতো এনে উল্লেখেৰে নিম্নশ্ৰেণীৰ লোকৰ কথা কোৱা হৈছিল৷ উদাহৰণ হিচাপে, কাহ্নপাদৰ চৰ্যাৰ দুশাৰীমান উল্লেখ কৰিব পাৰি৷
নগৰ’ বাহিৰে হেৰ’ ডুমুনী, তোৰ ঘৰ৷
চুই চুই যাৱ শাস্ত্ৰাভিমানী বামুণ নৰ৷৷
হেৰ’ ডুমুনী, তোৰ সমে মই কৰিম সংগ৷
নিৰ্ঘিণ কাণু কাপালীক যোগী উলংগ৷৷
এক সি পদুম চৌষষ্ঠি পাপৰি৷
তাত চড়ি নাচ অ’ ডুমুনী বাপুৰী৷৷ [ নেওগ৷ পৃঃ ৫১-৫২]
কাহ্নপাদৰ এই চৰ্যাৰ গূঢ়াৰ্থ বিচাৰিলে সমাজৰ জাতিগত শ্ৰেণীবিভাজনৰ প্ৰসংগ ওলাই পৰে৷ চৰ্যাৰ দৰে মন্ত্ৰ সাহিত্যত গূঢ়াৰ্থ নাই৷ উপৰুৱা অৰ্থটোৱেই মন্ত্ৰৰ প্ৰকৃত অৰ্থ৷ গতিকে, সেই দিশৰপৰা চৰ্যাৰ লগত মন্ত্ৰৰ সম্পূৰ্ণ পাৰ্থক্য থাকিলেও কথিত ভাষাৰ এনে প্ৰয়োগৰ ক্ষেত্ৰত সাদৃশ্য আছে৷ চৰ্যাটোৰ শেষাংশ এনেধৰণৰ–
কায়া সৰোবৰ ভাঙি অ’ ডুমুনী খাৱ মোলান৷
মাৰিম ডুমুনী তোক ল’ম পৰাণ৷৷ [ নেওগ৷ পৃঃ ৫২]
সেইদৰে, প্ৰায়বোৰ মন্ত্ৰতে ডোম, ডুমুনী, মাৰ, বাপেৰ, পৈয়েৰ আদিৰ উল্লেখ থকাটো মন কৰিবলগীয়া৷
এনেদৰেই অসমীয়া মন্ত্ৰ সাহিত্যই লোকভাষাৰ প্ৰয়োগৰ জৰিয়তে এক স্বকীয় বৈশিষ্ট্য লাভ কৰিবলৈ সক্ষম হৈছে৷ লোকজীৱনত প্ৰচলিত গালি, শাও-শপনি, প্ৰবাদ-প্ৰবচন আদিৰ উপৰি কেতবোৰ কথিত আৰু থলুৱা ৰূপৰ প্ৰয়োগৰ দিশলৈ লক্ষ্য কৰি অসমীয়া লোকজীৱনৰ সৈতে মন্ত্ৰ সাহিত্য কিদৰে সম্পৃক্ত আছিল, তাৰ উমান পাব পাৰি৷ এই আলোচনাত সীমিত পৰিসৰত মাথোঁ ইয়াৰ চমু আভাসহে দাঙি ধৰা হৈছে৷ বিস্তৃত পৰিসৰত বিষয়টোৰ অধিক অধ্যয়নৰ অৱকাশ আছে৷

 

প্ৰসংগটীকা
শৰ্মা, নবীনচন্দ্ৰ৷ অসমীয়া লোক-সংস্কৃতিৰ আভাস৷ গুৱাহাটীঃ বাণী প্ৰকাশ, ২০১১৷ মুদ্ৰিত৷ পৃঃ ৫১৷
নেওগ, ডিম্বেশ্বৰ৷ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ৷ গোলাঘাট ঃ শুৱনী প্ৰকাশ, ১৯৯৭৷ মুদ্ৰিত৷ পৃঃ ৪০৷

মুখ্য উৎস :
তন্ত্ৰ মন্ত্ৰ আৰু ৰোগ নিৰাময়৷ গুৱাহাটী : জ্যোতিষ গৱেষণা কেন্দ্ৰ, ২০১৩৷ মুদ্ৰিত৷
বৰকৰতী পুথি৷ গুৱাহাটী : সবিতা প্ৰকাশ, ২০১৪৷ মুদ্ৰিত৷
বড়বেজালী৷ ডিব্ৰুগড় : ভট্টাচাৰ্য এজেন্সী৷ মুদ্ৰিত৷
বৃহৎ বৈদ্যসাৰ৷ যোৰহাট : ললিত এজেন্সী৷ মুদ্ৰিত৷
মন্ত্ৰসংগ্ৰহ পুথি৷ ডিব্ৰুগড়৷ ভট্টাচাৰ্য এজেন্সী৷ মুদ্ৰিত৷

গৌণ উৎস :
গগৈ, লীলা ৷ অসমৰ লোকসাহিত্যৰ ৰূপৰেখা ৷ ডিব্ৰুগড : বনলতা, ২০০৭৷ মুদ্ৰিত ৷
গোস্বামী, হেমচন্দ্ৰ৷ অসমীয়া সাহিত্যৰ চানেকি :প্ৰথম খণ্ড৷ ডিব্ৰুগড়, গুৱাহাটী : বাণী মন্দিৰ, ২০০২৷ মুদ্ৰিত৷
চহৰীয়া, কনক চন্দ্ৰ৷ দৰঙী লোক-সাহিত্যৰ ৰূপৰেখা৷ গুৱাহাটী : অসম প্ৰকাশন পৰিষদ, ২০০৭৷ মুদ্ৰিত৷
নেওগ, ডিম্বেশ্বৰ৷ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ৷ গোলাঘাট: শুৱনী প্ৰকাশ, ১৯৯৭৷ মুদ্ৰিত৷
নেওগ, মহেশ্বৰ৷ অসমীয়া সাহিত্যৰ ৰূপৰেখা৷ গুৱাহাটী : চন্দ্ৰ প্ৰকাশ, ১৯৮৯৷ মুদ্ৰিত৷
বৰুৱা, বিৰিঞ্চি কুমাৰ৷ অসমৰ লোকসংস্কৃতি ৷ গুৱাহাটী : বীণা লাইব্ৰেৰী, ১৯৯৬৷ মুদ্ৰিত৷
বৰুৱা, বিৰিঞ্চি কুমাৰ৷ অসমীয়া কথা সাহিত্য৷ গুৱাহাটী : জাণাৰ্ল এম্পৰিয়াম, ১৯৯৭৷ মুদ্ৰিত৷
বৰুৱা, বিৰিঞ্চি কুমাৰ৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ গুৱাহাটী : জাৰ্ণাল এম্পৰিয়াম, ১৯৮৫৷ মুদ্ৰিত৷ শুৱনী প্ৰকাশ, ১৯৯৭৷ মুদ্ৰিত৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!