প্ৰথম অসমীয়া পিএইচ ডি ৰাধিকাৰাম ঢেকিয়াল ফুকন

লেখক- ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

প্ৰথম অসমীয়া পিএইচ ডি ময়িদুল ইচলাম বৰা নে ৰাধিকাৰাম ঢেকিয়াল ফুকন— সেই বিষয়ে আজিৰ পৰা বেচ কিছু বছৰ আগতে অসমৰ বুদ্ধিজীৱীসকলৰ মাজত সৃষ্টি হোৱা প্ৰচণ্ড বিতৰ্কৰ কথা এতিয়াও আমাৰ মানসপটৰ পৰা মাৰ যোৱা নাই (আজিকালি এনে বৌদ্ধিক বিতৰ্ক প্ৰায় নোহোৱাই হ’ল)। সেই সময়ত কোনো কোনোৱে ৰাধিকাৰাম ঢেকিয়াল ফুকনক কোনো গৱেষণা কৰ্মৰ অবিহনে কেৱল মৌখিক পৰীক্ষাৰ জৰিয়তেই “পিএইচ ডি” উপাধি দিয়া হৈছিল বুলিও মত প্ৰকাশ কৰা হৈছিল।
ৰাধিকাৰাম ঢেকিয়াল ফুকন হ’ল আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰথম পুত্ৰ। ১৮৫৪ চনৰ ৯ ডিচেম্বৰত ৰাধিকাৰামৰ জন্ম হৈছিল। ১৮৭০ চনত “গুৱাহাটী স্কুল”ৰ পৰা ৰাধিকাৰামে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাত ২ বছৰ পঢ়ি ১৮৭৩ চনত ইংলণ্ডলৈ যায়। ৰাধিকাৰাম ইংলণ্ডলৈ আইন শাস্ত্ৰ পঢ়িবলৈ গৈছিল বুলি জ্ঞানদাভিৰাম বৰুৱাই উল্লেখ কৰি গৈছে। সেই যে ওলাই গ’ল, তাৰ সম্পূৰ্ণ ২২ বছৰ পাছতহে ৰাধিকাৰাম ভাৰতলৈ আহিছিল। ৰাধিকাৰামে ইংলণ্ডত মেইদা নামৰ ইংৰাজ মহিলা এগৰাকীক বিয়া কৰাইছিল। ৰাধিকাৰামৰ মৃত্যুৰ কেইবা বছৰো পিচত, ১৯০২ চনত ইংলণ্ডলৈ যোৱা জ্ঞানদাভিৰাম বৰুৱা আৰু তৰুণৰাম ফুকনে এই মহিলাগৰাকীক লগ পাইছিল। ইংলণ্ডত কিছু কাল থকাৰ পিচত ৰাধিকাৰামে কিছুকাল ইটালী আৰু চুইজাৰলেণ্ডত কটাইছিল৷ তাৰ পৰৱৰ্তী সময়ত, ১৮৮৬ চনৰ ২১ অক্টোবৰত জাৰ্মানীৰ হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ত উচ্চতৰ অধ্যয়নৰ বাবে নামভৰ্তি কৰে। ২২ বছৰ প্ৰৱাসী জীৱন কটোৱাৰ পিচত ভাৰত তথা অসমত থাকিম বুলিয়েই ৰাধিকাৰামে ১৮৯৫ চনৰ জানুৱাৰীত ভাৰতলৈ উভতি আহিছিল। তাৰ পিচত জীৱিকাৰ সন্ধানত তেওঁ তেতিয়াৰ বঙ্গদেশৰ “ডি পি আই” চাৰ আলেকজেণ্ডাৰ ক্ৰাফ্‌টক দেখা কৰিছিল। ক্ৰাফ্‌টে তেওঁক ২৫০ টকা দৰমহাৰ এটা চাকৰি যাচিছিল। এই টকাৰে তেওঁৰ ইংৰাজ পত্নীক ভাৰতলৈ অনাৰ পাচত জীৱন নিৰ্বাহ কৰিব নোৱাৰিব বুলি ভাবি ৰাধিকাৰামে তেওঁৰ বন্ধু এলাহাবাদৰ ৰাজা ৰামপাল সিংহৰ সহায়ত এখন বাতৰি কাকত উলিওৱাৰ বাবে চিন্তা-চৰ্চা কৰিছিল। কিন্তু সেই চিন্তা কাৰ্যত পৰিণত হোৱাৰ আগতেই ১৮৯৫ চনত ৰাধিকাৰাম ঢেকিয়াল ফুকনে প্ৰয়াগত ইহলীলা সম্বৰণ কৰে।
ৰাধিকাৰামে প্ৰকৃততে কি ডিগ্ৰী পাইছিল আৰু কেনেকৈ পাইছিল সেই বিষয়ে বহুখিনি চৰ্চা কৰা হ’ল যদিও প্ৰকৃততে ইমানদিনে ৰাধিকাৰামৰ প্ৰতি অবিচাৰ কৰিয়েই থকা হ’ল। জ্ঞানদাভিৰাম বৰুৱাই ৰাধিকাৰাম ঢেকিয়াল ফুকনে জাৰ্মানীৰ পৰা ডি. এচচি ডিগ্ৰী লোৱা বুলি উল্লেখ কৰাত ৰাধিকাৰামৰ গৱেষণাকৰ্ম আৰু পিএইচ ডি সম্পৰ্কে বিভ্ৰান্তিৰ সৃষ্টি হয়। অসমবাসীৰ বাবে এটা সুখবৰ হ’ল — এজন অসমীয়া গৱেষকে ইতিমধ্যে জাৰ্মানীৰ হাইদেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ৰাধিকাৰাম ঢেকিয়ালফুকনৰ পিএইচ ডিৰ প্ৰমাণপত্ৰখনৰ উপৰি ৰাধিকাৰামে প্ৰকাশ কৰা তিনিখনকৈ জাৰ্মান ভাষাত লিখা গৱেষণা পত্ৰ উদ্ধাৰ কৰিছে৷ ইয়াৰ পাচত প্ৰথমজন অসমীয়া পিএইচ ডি প্ৰাপক হিচাপে ৰাধিকাৰামক স্বীকৃতি দিয়াত কাৰো আপত্তি থাকিব নালাগে বুলিয়েই আমি ভাবো। এই তিনিখন গৱেষণা পত্ৰই কোনো গৱেষণা কৰ্ম অবিহনে ৰাধিকাৰামে ডক্টৰেট পাইছিল বুলি উঠা অভিযোগটোও খণ্ডন হয়। ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ পিএইচ ডিৰ প্ৰমাণপত্ৰ আৰু গৱেষণা পত্ৰ কেইখন উদ্ধাৰ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিভাগৰ ভূতপূৰ্ব মুৰব্বী অধ্যাপক আৰু বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰমেশ চন্দ্ৰ ডেকাই এক জাতীয় দায়িত্ব পালন কৰিলে।
২০১৬ চনতে ডঃ ৰমেশ চন্দ্ৰ ডেকাই হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ লগত নিৰন্তৰ যোগাযোগ কৰি ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ পিএইচ ডিৰ প্ৰমাণ পত্ৰৰ নকল এটা অনাৰ উপৰি জাৰ্মান ভাষাত ৰচিত গৱেষণা পত্ৰবোৰ উদ্ধাৰ কৰি সেইবোৰ অনুবাদ কৰি উলিয়াইছে। ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ ৰসায়ন বিজ্ঞানৰ প্ৰথমখন গৱেষণা পত্ৰই যিকোনো ভাৰতীয় লোকে লিখা প্ৰথমখন ৰাসায়নৰ গৱেষণা পত্ৰ বুলি ইতিমধ্যে “ভাৰতীয় জাতীয় বিজ্ঞান একাডেমী”য়েও স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে ডঃ ৰমেশ চন্দ্ৰ ডেকাই আলেকজেণ্ডাৰ ভন হামবল্ট বৃত্তি লাভ কৰি জাৰ্মানীত কেইবাবছৰো গৱেষণা কৰিছিল। সেইসূত্ৰে তেওঁ জাৰ্মান ভাষাটোত বুৎপত্তি লাভ কৰিছে। কিন্তু ৰাধিকাৰাম ঢেকিয়াল ফুকনে যিটো জাৰ্মান ভাষাত গৱেষণা পত্ৰবোৰ লিখিছিল সেই জাৰ্মান ভাষা আজিকালিৰ জাৰ্মানসকলেও বুজি নাপায়। সেই জাৰ্মান ভাষা আজিৰ জাৰ্মানীত প্ৰচলিত নহয়। গতিকে ডঃ ৰমেশ চন্দ্ৰ ডেকাই গৱেষণা পত্ৰ কেইখন অনুবাদ কৰিবলৈ পুৰণি জাৰ্মান ভাষা জনা এটা গোটৰ সহায়লৈ গৱেষণা পত্ৰসমূহ অনুবাদ কৰি উলিয়াইছে। ইতিমধ্যে ডঃ ৰমেশ চন্দ্ৰ ডেকাই ৰাধিকাৰাম সম্পৰ্কীয় অনেক নথিপত্ৰ হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিছিল। এই খিনি নথিপত্ৰৰ পৰা ৰাধিকাৰামৰ বিষয়ে এখন সম্পূৰ্ণ গ্ৰন্থ লিখি উলিয়াব পাৰিব বুলি মোৰ বিশ্বাস। এই দিশত আগবাঢ়িবলৈ আমি ডঃ ডেকাক অনুৰোধ জনালোঁ। হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰি আমিও ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ বিশ্ববিদ্যালয় জীৱনৰ ঠিকনা বহীখনৰ এটি প্ৰতিলিপি পাবলৈও সক্ষম হৈছিলোঁ। স্থানান্তৰত প্ৰতিলিপিটো সন্নিৱিষ্ট কৰা হৈছে।

১৮৮৬ চনৰ ২১ অক্টোবৰত গৱেষক ছাত্ৰ হিচাপে যোগদানৰ পাচত ৰাধিকাৰাম ঢেকিয়া ফুকনে হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ ৰাসায়ণ বিভাগত প্ৰফেচৰ ফ্ৰেডেৰিক চোৱেলৰ (Friedrich Schoel)তত্ত্বাৱধানত গৱেষণা কাৰ্য সমাপন কৰিছিল। ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ পিএইচ ডিৰ প্ৰমাণপত্ৰ মতে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে ১৮৯০ চনৰ ২৬ জুলাইত। অৰ্থাৎ চাৰি বছৰৰ গৱেষণাৰ পাচতহে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰমাণপত্ৰ খনত ক’তো ডি.এচচি ডিগ্ৰীৰ কথা উল্লেখ নাই। তাত স্পষ্টকৈ পিএইচ ডি (Doctoris Philosophiae) বুলিহে উল্লেখ আছে।
ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ প্ৰথমখন গৱেষণা পত্ৰ প্ৰফেচাৰ ফ্ৰেডৰিক ক্ৰাফ্‌ট্‌ৰ লগত যুটিয়াভাৱে “ব্ৰিসতে ডাৰ ডইটচেন কেমিসেন গেচেলচাত” (Berichte der Deutschen chemischen) নামৰ জাৰ্মান গৱেষণা পত্ৰিকাখনৰ ২৫ তম সংখ্যাৰ ২২৫২-২২৫৫ পৃষ্ঠাত প্ৰকাশ পাইছিল। এই পত্ৰিকাত ৰাধিকাৰাম ঢেকিয়াল ফুকনে চেবেচিক এচিড (C10 H18O4)ৰ বিভিন্ন উপজাত দ্ৰব্যৰ বিষয়ে মূল্যৱান তথ্য আগবঢ়াইছে। ফুকনে সংশ্লেষণ কৰা যৌগবোৰৰ গুৰুত্ব ইমানেই বেছি যে সেইসমূহৰ বিষয়ে আজিও উচ্চতৰ গৱেষণা চলি আছে। ভাৰতৰ বিজ্ঞানৰ বুৰঞ্জীত ফুকনৰ এই গৱেষণা পত্ৰখনৰ বিশেষ গুৰুত্ব আছে। ইয়াৰ আগলৈকে আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ে ১৮৯৬ চনত Journal of the Royal Asiatic Society-ত প্ৰকাশ কৰা এটি সৰু “গৱেষণা যোগাযোগ”কে (Research Communication) ইমান দিনে কোনো ভাৰতীয়াই কৰা প্ৰথম ৰাসায়ন বিজ্ঞানৰ প্ৰকাশিত গৱেষণা পত্ৰ বুলি ধৰা হৈছিল। ডঃ ৰমেশ চন্দ্ৰ ডেকাই ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ এই গৱেষণা পত্ৰখন উদ্ধাৰ কৰাৰ পাচত কোনো ভাৰতীয়ই প্ৰকাশ কৰা এইখনেই ৰসায়ন বিজ্ঞানৰ প্ৰথম গৱেষণা পত্ৰ বুলি নতুনকৈ জানিব পৰা গৈছে। অসম আৰু অসমীয়াৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ এই কথাতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰিবৰ বাবে যোৱা ২০১৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ৩, ৮ আৰু ৫ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ২০ তম “ভাৰতীয়া ৰাসায়ন গৱেষণা সমিতি” (Chemical Research Society of India)ৰ আন্তঃৰাষ্ট্ৰীয় আলোচনা সত্ৰত ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ গৱেষণাপত্ৰ আৰু পিএইচ ডিৰ বিষয়ে এখন কাকত ডঃ ৰমেশ চন্দ্ৰ ডেকাই পাঠ কৰে। ৰাধিকাৰাম ঢেকিয়াল ফুকন সেইদিনা প্ৰকৃততেই আলোচনাৰ মধ্যমণি হৈছিল।
আমি ইতিমধ্যে উল্লেখ কৰা গৱেষণা পত্ৰখনৰ উপৰি ৰাধিকাৰাম ঢেকিয়াল ফুকনে আৰু দুখন গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। এই কেউখন গৱেষণা পত্ৰ ভৌতিক ৰাসায়ন (Physical Chemistry) বিষয়ক আছিল। ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ আগতে কোনো ভাৰতীয়ই ভৌতিক ৰাসায়নৰ গৱেষণা কৰাৰ তথ্য নাই। ভৌতিক ৰসায়নৰ এই গৱেষণা পত্ৰ দুখন অন্য এখন জাৰ্মান গৱেষণা আলোচনী Zeitschrift fur Anorganische Chemie-ৰ ১৮৯২ চনত প্ৰকাশিত দ্বিতীয় সংখ্যাৰ ৭-১৭ পৃষ্ঠালৈ আৰু ১৮৯৪ চনত প্ৰকাশিত পঞ্চম সংখ্যাৰ ৬৯-৭৪ পৃষ্ঠালৈ প্ৰকাশ পাইছিল।

এইখিনিতে প্ৰশ্ন হয় আজিৰ পৰা শতাধিক বছৰৰ আগতে সম্পন্ন কৰা ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ গৱেষণাৰ মান কেনে আছিল? এই প্ৰশ্নৰ উত্তৰ আমি আওপকীয়াকৈ দিবলৈ যত্ন কৰোঁ। ৰাসায়ন বিজ্ঞানৰ ইতিহাসত প্ৰফেচাৰ ভিক্টৰ মেয়াৰ (Viktor Meyer) এক স্বনামধন্য ব্যক্তিত্ব। “ভিক্টৰ মেয়াৰৰ সঁজুলি” (Viktor Meyer apparatus) ব্যৱহাৰ নকৰাকৈ কোনো ছাত্ৰই ৰাসায়ন বিজ্ঞানৰ স্নাতক হ’ব নোৱাৰে। এইজনা প্ৰফেচাৰ ভিক্টৰ মেয়াৰে ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ গৱেষণাৰ বিষয়ে অতি উচ্চ প্ৰসংসা কৰি গৈছে বুলি জনা গৈছে। ১৮৯৬ চনত প্ৰকাশিত Original Scientific Research in Bengal নামৰ বিজ্ঞান আলোচনীখনৰ ১০৩ নং সংখ্যাৰ ৩৬৬ পৃষ্ঠাত প্ৰফেচাৰ শৰৎ চন্দ্ৰ মিত্ৰই ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ গৱেষণাৰ বিষয়ে ভিক্টৰ মেয়াৰে কৰা উচ্চ প্ৰসংসাৰ বিষয়ে বিস্তাৰিতভাৱে লিখিছে। প্ৰফেচাৰ শৰৎ চন্দ্ৰ মিত্ৰৰ প্ৰবন্ধটোত ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ গৱেষণাৰ বিষয়ে আলোচনা কৰাৰ উপৰি তেওঁ ডক্টৰেট উপাধি লাভ কৰা সম্পৰ্কেও স্পষ্টকৈ লিখিছে। হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা আমাক জনোৱা মতে ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ মৌখিক পৰীক্ষা ৰসায়ন বিজ্ঞানৰ প্ৰফেচাৰ ভিক্টৰ মেয়াৰ, পদাৰ্থ বিজ্ঞানৰ প্ৰফেচৰ জৰ্জ কুইংকে (Prof. Georg Quincke) আৰু উদ্ভিদবিদ্যাৰ প্ৰফেচাৰ আৰ্নেষ্ট পফিৎজাৰ (Ernst Pfitzer)-এ গ্ৰহণ কৰিছিল।
ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ পিএইচ ডি ডিগ্ৰীৰ গ্ৰহণযোগ্যতা সম্পৰ্কে আঙুলিওৱা অসমীয়াসকলৰ এটা মুখ্য অভিযোগ আছিল যে— তেওঁ কোনো গৱেষণা গ্ৰন্থ অবিহনে কেৱল মৌখিক পৰীক্ষা দিয়েই পিএইচ ডি ডিগ্ৰী পাইছিল আৰু সেই বাবে তেওঁৰ পিএইচ ডি ডিগ্ৰী বৈধ নহয়। কিন্তু আমি জনা উচিত যে পৃথিৱীৰ বিভিন্ন বিশ্ববিদ্যালয়ে দিয়া বিদ্যায়তনিক ডিগ্ৰীবোৰে এটা সৰ্বজনসন্মত পৰ্যায় পাবলৈ দীঘলীয়া ক্ৰমবিকাশৰ মাজেদি যাবলগীয়া হৈছিল। এই ক্ৰমবিকাশৰ ইতিহাস নজনাকৈ ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ পিএইচ ডি ডিগ্ৰীৰ বৈধতালৈ আঙুলি টোৱাই থকা কথাটোৱে এই দিশত তৰল চিন্তাকহে প্ৰতিফলিত কৰে। পিএইচ ডি ডিগ্ৰী দিয়াৰ ধৰণ সমগ্ৰ পৃথিৱীতে সময়ে সময়ে সলনি হৈ আহিছে। পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন বিদ্যায়তনিক ডিগ্ৰীবোৰৰ ক্ৰমবিকাশৰ বিষয়ে এখনি অতি সুন্দৰ কিতাপ ২০১৪ চনত প্ৰকাশ পাইছিল। কিতাপখনৰ নাম The Humboldtian Tradition: Origins and Legacies। পিটাৰ যোচেফচন (Peter Josephson), থমাচ কাৰ্লচন (Thomas Karlsohn) আৰু জোহান অষ্টলিং (John Ostling) নামৰ তিনিজন বিজ্ঞানীয়ে সম্পাদনা কৰা এই গ্ৰন্থখনৰ ১০৩ নং পৃষ্ঠাত আমাৰ দৰকাৰী কথাখিনি পাওঁ। জাৰ্মান বিশ্ববিদ্যালয়সমূহে ১৬৫০ চনৰ পৰাই পিএইচ ডি ডিগ্ৰী দিয়া আৰম্ভ কৰে যদিও ১৮৬০ চন মানৰ পৰাহে কিছুমান বিশ্ববিদ্যালয়ে পিএইচ ডি ডিগ্ৰীৰ কাৰণে গৱেষণা গ্ৰন্থ দাখিল কৰাতো বাধ্যতামূলক কৰে। ৰাধিকাৰাম ঢেকিয়াল ফুকনে গৱেষণা কৰ্ম আৰম্ভ কৰাৰ সময়ত হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ত পিএইচ ডি ডিগ্ৰীৰ বাবে প্ৰণালীবদ্ধ গৱেষণা কৰ্ম গৱেষণা পত্ৰ প্ৰকাশ আৰু মৌখিক পৰীক্ষাই যথেষ্ট আছিল। গৱেষণাৰ ফলাফলসমূহ পৃথকে গৱেষণা গ্ৰন্থ ৰূপে দাখিল কৰা পৰম্পৰাই নাছিল।
উল্লেখযোগ্য যে ইংলণ্ডৰ বিশ্ববিদ্যালয়সমূহতো পিএইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা গ্ৰন্থ দাখিল কৰাৰ প্ৰথা প্ৰচলন হয় ১৯১৯ চনৰ পৰাহে। অসমৰ ময়িদুল ইচলাম বড়াই পিএইচ ডি পাইছিল ১৯৩১ চনত। তেখেতে যদি ১৯১৮ চনত পিএইচ ডি ডিগ্ৰী পালেহেতেন, তেন্তে সেই পিএইচ ডি-ও গৱেষণা গ্ৰন্থ অবিহনেই হ’লহেতেন। আমি চাগে তেতিয়া ময়িদুল ইচলাম বড়াৰো পিএইচ ডি ডিগ্ৰীৰ ওপৰটো প্ৰশ্ন উত্থাপন কৰিলোহেতেন। এদিন অসমীয়া পণ্ডিতৰ পণ্ডিতালীৰ জোৱাৰত ১৯১৯ চনৰ আগতে ইংলণ্ডৰ বিশ্ববিদ্যালয়সমূহে প্ৰদান কৰা সকলো ডক্টৰেট ডিগ্ৰী অবৈধ হ’বলৈ ওলাইছিল। কাৰণ তেতিয়ালৈকে ইংলণ্ডতো পিএইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা গ্ৰন্থ দাখিল কৰাৰ কোনো প্ৰথা নাছিল। আমাৰ অসমৰ বিশ্ববিদ্যালয়সমূহত আজিৰ তাৰিখত ডক্টৰেট পাবলৈ গৱেষণা গ্ৰন্থৰ উপৰি কমেও দুখন গৱেষণা পত্ৰ প্ৰকাশ কৰাতো বাধ্যতামূলক। কিন্তু বহুদিনলৈকে কোনো প্ৰকাশিত গৱেষণা পত্ৰ অবিহনে কেৱল গৱেষণা গ্ৰন্থ দাখিল কৰিয়েই ডক্টৰেট পাব পৰা গৈছিল। এতিয়া পুৰণি নিয়ম সলনি হৈ নতুন নিয়ম হোৱাৰ পাছত পুৰণি নিয়মৰ মাজেৰে ডিগ্ৰী পোৱাসকলৰ ডক্টৰেট বাতিল কৰা নাই বা কৰিব নোৱাৰে। আজিৰ তাৰিখত ডক্টৰেট পাবলৈ পাঠ্যকৰ্ম (Course work) কৰাতো বাধ্যতামূলক। কিন্তু এই নিয়ম প্ৰৱৰ্তনৰ আগতেই ডক্টৰেট পোৱা সকলৰো ডিগ্ৰী বাতিল কৰা হোৱা নাই। বিভিন্ন বিদ্যায়তনিক ডিগ্ৰীবোৰৰ প্ৰাপ্তিৰ নিয়ম সলনি হৈয়েই আছে আৰু সলনি হৈ থাকিবও। নতুন নিয়ম অহাৰ কাৰণেই আমি এদিন ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ দৰে এজন সুযোগ্য অসম সন্তানক স্বীকৃতি দিব নোখোজাৰ মানসিকাতই কি প্ৰতিফলিত কৰিছিল তাক আমি আজিও নুবুজিলো।

তথ্যসূত্ৰ:
১. ফুকন, ডঃ প্ৰদীপ আৰু ডেকা, ডঃ ৰেমশ চন্দ্ৰ (২৭ অক্টোবৰ, ২০১৬): ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ ডক্টৰেট ডিগ্ৰী আৰু গৱেষণা, আমাৰ অসম।
২. ভূঞা, শ্ৰী যোগেন্দ্ৰনাথ (সম্পা)(১৯৮১): ৰাধিকাৰাম ঢেকিয়াল ফুকন, জ্ঞানদাভিৰাম বৰুৱা ৰচনাৱলী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট
৩. Bose, M; Sen, S N; and Subbarayappa B V (1989) (Editors): A Concise History of Science in India, Indian National Science Academy, New Delhi-110002
৪. Deka, Ramesh Chandra and Maitra, Gaurangi (9th December, 2016): 19thCentury Assamese Chemist from Heidelberg, Assam Tribune.
৫. Josephson, Peter; Karlsohn, Thomas; and Ostling, Johan (28 May 2014): The Humboldtian Tradition: Origins and Legacies (Scientific and Learned Cultures and Their Institutions), Brill Academic Pub, Germany.

 

ডঃ ৰক্তিম ৰঞ্জন শইকীয়া
ভূতত্ত্ব বিভাগ,
জগন্নাথ বৰুৱা মহাবিদ্যালয়

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!