লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত লোক-উপাদান- এটি বিশ্লেষণ

লেখক- ড০ অৰ্চনা দেৱী

সংক্ষিপ্তসাৰ—

       অসমীয়া জাতীয় জীৱনৰ স্থপতিবিদৰূপে পৰিচিত লক্ষ্মীনাথ বেজবৰুৱা [১৮৬৮-১৯৩৮] এজন ক্ষণজন্মা পুৰুষ। তেওঁ নিজেই এটা যুগ, যাৰ কাৰণে সমগ্ৰ জোনাকী যুগটোক ‘বেজবৰুৱাৰ যুগ’ বুলিও কোৱা হৈছে। অসমীয়া চুটিগল্পৰ জনক বেজবৰুৱাই সমান্তৰালভাৱে সাহিত্যৰ সকলো দিশতে হাত উজান দিছিল। বেজবৰুৱাৰ সমগ্ৰ সাহিত্যৰাজিৰ এটি মন কৰিবলগীয়া বিশেষত্ব হৈছে অসমীয়া গ্ৰাম্য সমাজৰ নিখুঁত চিত্ৰ অংকন।

       অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰলৈ লৈ যোৱা বেজবৰুৱাই তেওঁৰ সাহিত্যত সচেতনভাৱে অসমীয়া সমাজৰ নিখুঁত চিত্ৰ অংকন কৰিছিল। এই ক্ষেত্ৰত তেওঁক দুটা চেতনাই ক্ৰিয়া কৰিছিল- ১] জাতীয় চেতনা বা স্বদেশ প্ৰেম, আনটো ২] ঐতিহ্য চেতনা। যি চেতনা অবিহনে অসমীয়া সমাজৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। বেজবৰুৱাৰ সমসাময়িক অসমীয়া সমাজখন আছিল মূলতঃ গ্ৰাম্য সমাজ বা লোক সমাজ। অৱশ্যে ঊনবিংশ শতিকাৰ নৱজাগৰণে অসমীয়া সমাজ, সভ্যতাত প্ৰভাৱ পেলালেও নগৰকেন্দ্ৰিক সভ্যতাই তেতিয়াও গা কৰি উঠা নাছিল। আকৌ ইংৰাজী আৰু বঙলা সাহিত্যৰ প্ৰভাৱত আধুনিক অসমীয়া সাহিত্যৰ [প্ৰাচীন সাহিত্যৰ বিপৰীতে] সৃষ্টি হৈছিল যদিও অসমৰ মাটি, পানী, বায়ু তাৰ অবিচ্ছেদ্য অংগ আছিল। সেয়ে বেজবৰুৱাৰ সমগ্ৰ সাহিত্যৰ মাজত অসমীয়া সমাজৰ নিখুঁত চিত্ৰ বিদ্যমান। এই আলোচনাত বিশেষকৈ বেজবৰুৱাৰ কবিতাৰ মাজেৰে প্ৰতিফলিত গ্ৰাম্য সমাজৰ বিভিন্ন দিশক সামৰি ল’ব বিচৰা হৈছে। গ্ৰাম্য সমাজ বুলি কওঁতে কবিতাত লোক উপাদানৰ দিশটোক গুৰুত্ব দিয়া হৈছে।

বীজশব্দ- লোক উপাদান, অসমীয়া সমাজ, প্ৰকৃতি, বেজবৰুৱা।

 

১.০ প্ৰস্তাৱনা-

       লক্ষ্মীনাথ বেজবৰুৱা [১৮৬৪-১৯৩৮] একাধাৰে নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, কবি, সমালোচক, কাৰ্টুনিষ্ট, সাংবাদিক, সম্পাদক, জীৱনীকাৰ, প্ৰাৱন্ধিক গহীন [ধমীৰ্য় চেতনা সমৃদ্ধ] আৰু লঘু (ব্যংগ) প্ৰবন্ধ ৰচনাকাৰ আদি। সমূহলৈ লক্ষ্য নকৰি নিজেই সাহিত্যৰ প্ৰতিটো বিভাগত হাত দি অসমীয়া সাহিত্যক বিশ্বদ্বৰবাৰলৈ নিব বিচাৰিছিল। অহৰহ জাতীয় চেতনা, স্বদেশ প্ৰীতি, জন্মভূমিৰ প্ৰতি টানে তেওঁক অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী কৰি তুলিছিল। সেয়ে বেজবৰুৱা ‘সাহিত্যৰথী’। অসমীয়া ভাষা-সাহিত্যৰ ৰথখন নিজ কান্ধ পাতি লৈ যোৱাৰ দায়িত্ব তেওঁ সুচাৰুৰূপেই পালন কৰিছিল।

       মনকৰিবলগীয়া যে, কোনো এজন সাহিত্যিকৰ ৰচনাৰাজিৰ বৈশিষ্ট্য বা গুণাগুণ নিৰ্ণয় কৰিবলৈ হ’লে কেনেকুৱা পৰিৱেশ বা কেনেকুৱা পাৰিপশ্চিৰ্ক অৱস্থাৰ মাজত সেই অৱদান আগবঢ়াব পাৰিলে সেই বিষয়ে জানিব লাগিব। বেজবৰুৱাৰ সময়ৰ অসমীয়া ভাষা, ভাষাৰ দুৰ্গতি, ভাষাৰ উন্নতিত হেঙাৰ ইত্যাদিৰ সম্পৰ্কে সাহিত্যৰ বুৰঞ্জীত উল্লেখ আছে। সেই দুৰ্গতি মোচনৰ বাবে উচ্চশিক্ষা লাভ কৰিবলৈ কলিকতা মহানগৰীলৈ যোৱা বেজবৰুৱাই তেওঁৰ লগতে লৈ গ’ল শিৱসাগৰ অঞ্চলত প্ৰচলিত নিভাঁজ অসমীয়া ভাষাৰ ঠাঁচ, সেইকালৰ অসমীয়া সমাজৰ ভিন্‌ ভিন্‌ তৰপৰ ভিন্‌ ভিন্‌ মানুহৰ ভাৱ-গতি, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ভয়-ভ্ৰান্তি আৰু দোষ-ত্ৰুটিৰ মচ নোখোৱা শিলত কটা নক্সা। ১

       দৰাচলতে বেজবৰুৱাৰ সাহিত্য উদ্দেশ্যধৰ্মী আছিল। উদ্দেশ্য আছিল জাতীয় চেতনা আৰু সংস্কাৰ। ইয়াকে কৰিবলৈ তেওঁ অসমৰ লোক জীৱনক অহৰহ লগত লৈ ফুৰিছিল। সেয়ে তেওঁৰ ৰচনাত সাৰ পাই উঠিছে অসমৰ হাবি-বন, গছ-লতিকা, পাহাৰ-পৰ্বত, নদী-জুৰি, জীৱ-জন্তু, চৰাই-চিৰিকটি পখিলা; অসমীয়া খাদ্য, সাজপাৰ, মাত-কথা, গালি-গালাজ, লোকগীত, ফকৰা-যোজনা, আচাৰ-ৰীতিৰ জগতখন।

 

১.১ বিষয়ৰ লক্ষ্য উদ্দেশ্য-

       অসমীয়া কাব্য কাননত ৰমন্যাসিক আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা কবি লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ ৰচিত দুখন কবিতা পুথিৰ প্ৰথমখন ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি লিখা পাতনিৰে সমৃদ্ধ ৪৮টা কবিতাৰ সমষ্টি ‘কদমকলি’, প্ৰকাশ হয় ১৯১৩ খ্ৰীষ্টাব্দত। দ্বিতীয়খন ২৮টা কবিতাৰ সমষ্টি ‘পদুমকলি’। এইখন ১৯৬৮ চনত প্ৰকাশ হয়।

       ৰমন্যাসিক ভাবাদৰ্শই বেজবৰুৱাৰ মন মগজু আলোড়িত কৰিলেও অসমীয়া চহা কবিৰ কথা-সুৰে আৰু গুৰু দুজনাৰ বৈষ্ণৱ দৰ্শনেও তেওঁৰ কবিতাত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। অসমীয়া জাতীয় জীৱনৰ লৌকিক ৰূপটো বেজবৰুৱাৰ অৱচেতনত কিমান দূৰ সক্ৰিয় আছিল তাৰ উমান তেওঁৰ কবিতাসমূহত পোৱা যায়। তেওঁৰ কবিতাৰ ভাবশক্তি গঠনত অসমৰ লোকমনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অৰ্থাৎ বিষয়ৰ আলোচনাৰ মূল লক্ষ্য হৈছে লোক জীৱন, লোক উপাদান।

       আকৌ বেজবৰুৱাৰ সমূহ কবিতাৰ মাজত লোক উপাদানৰ দিশসমূহ কেনে ধৰণে উপস্থাপন কৰিছে বা কিমান বাস্তৱসন্মত হৈছে তাৰ প্ৰতি লক্ষ্য ৰখা বিষয়ৰ উদ্দেশ্যে।

 

১.২ বিষয়ৰ পৰিসৰ আৰু সমল –

বিষয়ৰ পৰিসৰ মূলতঃ বেজবৰুৱাৰ কবিতাসমূহ; বিশেষকৈ লোক উপাদানৰ সমল থকা কবিতাসমূহ।

       সমল হিচাপে বেজবৰুৱাৰ ৰচনাৱলীত [নগেন শইকীয়া সম্পাদিত] সন্নিৱিষ্ট কবিতাসমূহক মুখ্য সমল হিচাপে গ্ৰহণ কৰা হৈছে। আনহাতে গৌণ সমল হিচাপে বেজবৰুৱাৰ কবিতাৰ আলোচনা সমৃদ্ধ বিভিন্ন কিতাপক গ্ৰহণ কৰা হৈছে। অৱশ্যে নিজা দৃষ্টিভংগী আলোচনা পত্ৰৰ মূল সমল।

 

১.৩ বিষয়ৰ পদ্ধতিঃ

বিষয়বস্তুক যথাযথ ভাৱে আলোচনা কৰি নিবলৈ বিশ্লেষণাত্মক আৰু প্ৰয়োজন সাপেক্ষে বৰ্ণনাত্মক পদ্ধতি গ্ৰহণ কৰা হৈছে।

 

১.৪ মূল বিষয়ত প্ৰৱেশঃ

       বেজবৰুৱাৰ সমূহ কবিতাৰ মাজত বিভিন্ন সুৰ ধ্বনিত হৈছে যদিও; প্ৰধান সুৰ বা অনুৰণন হৈছে আশাবাদ। বেজবৰুৱা ইংৰাজী ৰোমাণ্টিক কাব্যাদৰ্শৰে অনুপ্ৰাণিত হোৱা কবি। এফালে জাতীয়তাবাদ, আনফালে আধ্যাত্মিক অনুভূতি; এফালে লোকগীতৰ কোমল কান্ত অনুভূতি আনফালে কৃপাবৰী বঙ্গৰ সুৰ এই আটাইবোৰে বেজবৰুৱাৰ কবিতাক কৰি তুলিছে ৰসস্নিগ্ধ। বেজবৰুৱাৰ কবিতাৰ প্ৰকৃতি অনুধাৱন কৰিবলৈ যাওঁতে, জোনাকী যুগৰ সৃষ্টিশীলতাৰ আঁৰত থকা সামাজিক-সাংস্কৃতিক প্ৰৱণতাসমূহ বিচাৰ-বিশ্লেষণ কৰি চাবও লাগিব। ৱৰ্ডছৱৰ্থে প্ৰাচীন বেলাডৰ মাজত আবেগৰ মুক্ত আৰু অকৃত্ৰিম প্ৰকাশৰ ভাষা বিচৰাৰ দৰে, বেজবৰুৱাইও সৰল লোকজীৱনৰ ভাৱ-ভাষা-চেতনাৰ মাজেদি বিচাৰিছিল, আৱেগৰ স্বচ্ছন্দ ভাষা। সেয়ে বিহুনাম, বনঘোষা, বিয়ানাম, মালিতা আদিৰ ভাষা আৰু প্ৰকাশভংগীকে তেওঁ আধুনিক ৰোমাণ্টিক ভাব আৰু ৰূপলৈ গঢ়িপিতি ল’লে। ২

       এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত লোক উপাদান সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে এটা কথা মনকৰিবলগীয়া। যে লোক-সাহিত্য আৰু লোক-সমাজৰ লগত তেওঁৰ নিবিড় পৰিচয় থকা বাবে সৃষ্টিশীল ৰচনাৰাজিৰ মাজত ইয়াৰ উপাদানে ভূমুকি মাৰিছে। কেতিয়াবা তেওঁ সচেতন ভাবেই লোক-উপাদানৰ আশ্ৰয় লৈছে আৰু কেতিয়াবা তেওঁ ক’ব নোৱাৰাকৈ লোক উপাদানসমূহে সাহিত্যৰ মাজত স্থান অধিকাৰ কৰিছে। লোক উপাদান বুলি কওঁতে লোক-সাহিত্য, সমাজৰ ৰীতি-নীতি, ধমীৰ্য় বিশ্বাস ইত্যাদি সকলো দিশ অন্তৰ্ভুক্ত হয়। বেজবৰুৱাৰ দুয়োখন কাব্যগ্ৰন্থতে এনে উপাদানৰ পয়োভৰ মনকৰিবলগীয়া। ৩

       ‘কদমকলি’ কাব্যগ্ৰন্থৰ অন্তভুৰ্ক্ত ‘সখীৰ প্ৰতি’ কবিতাটো প্ৰেম আৰু প্ৰকৃতি প্ৰেমৰ উজ্জ্বল নিদৰ্শন। কবিতাটোত লোক জীৱনৰ লগত সংপৃক্ত চৰাইৰ স্থান মনকৰিবলগীয়া। ম’ৰা, পানীপিয়া, ডাউক-ডাউকী, কপৌ আদি। লগতে উল্লেখনীয় যে ‘চুম’ কবিতাটো চৰাই, জীৱ-জন্তুৰ চিত্ৰ সজীৱ। তেনেদৰে কবিয়ে সখীৰ লগত পাৰ কৰা শৈশৱৰ স্মৃতিত দৌল সজা, নাদ খন্দ, শিলগুটি গোটোৱা, বালিঘোঁৰা, বালিমাহী খেদি ফুৰা, গালিৰ প্ৰতিধ্বনিৰ লগত চিঞৰা, পানীত বুৰ মৰা, চিলনি সাঁতোৰ, কুলিৰ মাতৰ লগত মাত মিলাই চিঞৰা, বকুলৰ গুটি খোৱা আদি কথাৰ বৰ্ণনাই আমাক গ্ৰাম সমাজৰ শৈশৱৰ ধেমালিবোৰলৈ মনত পেলাই দিয়ে। অসমৰ গ্ৰাম্য ক্ৰীড়াবোৰ যে প্ৰকৃতিৰ লগতে জড়িত আছিল আৰু নৈ এখন গ্ৰাম্য সমাজৰ অবিচ্ছেদ্য অংগ আছিল তালৈও মনত পেলাই দিয়ে।

       তেনেদৰে কবিতাটোৰ অষ্টম স্তৱকত ফুলনিত সোমাই বিয়া-বিয়া খেলা, জাত-জাত বিয়ানাম গোৱা, গন্ধ বিৰিণাৰ পাতেৰে গাঁঠিয়ন খুন্দা আদিৰ বৰ্ণনা অসমীয়া লোক-জীৱনৰ অবিচ্ছেদ্য অংগ।

       ‘বায়েক উষা, ভনীয়েক প্ৰতিমা’ কবিতাত প্ৰয়োগ হোৱা খণ্ডবাক্য মন কৰিবলগীয়া। যেনে কপটীয়া, কাণসাৰি মাৰি, গাতে ঘাটি লোৱা আদি।

       কদমকলি কাব্য গ্ৰন্থত কবিৰ ১৫টা গীত আছে। এই গীতকেইটাৰ প্ৰতিটোতে অসমীয়া গ্ৰাম্য সমাজৰ নিখুঁত চিত্ৰ বিদ্যমান। ইয়াৰ ভিতৰত ‘আমাৰ জন্মভূমি’ গীতত লোক সমাজৰ খাদ্যাভ্যাসৰ মন লোভনীয় চিত্ৰ অংকিত হৈছে-

                     ক’ত আছে এনে চাউল পানীত দিলে ভাত!

                     ক’ত এনে কুঁজীথেকেৰা টেঙাই যায় দাঁত!

                     ক’ত পাবা পকা-খৰিচা, ক’ত ঢেঁকীয়া শাক!

                     এঠা দৈ ক’ত এনে নেৰায় ধুলে যাক। ৪

তেনেদৰে তামোল-পাণৰ বাৰী-বাঁহনি আদিৰ চিত্ৰও সজীৱ-

                     ক’ত এনে ধানৰ পথাৰ, তামোল-পাণৰ বাৰী?                 

                     ভলুকা মকাল আদি আছে বাঁহৰ ধাৰি?

                     লুইতৰ দৰে বৰ নৈ ক’ত আছে কোৱা?

                     ঘূৰি অহা বসুমতী তথাপি নোপোৱা। [পৃঃ – ১১]

আকৌ এই গীততেই লোক নৃত্য, ফেহু আদিৰ উল্লেখ পোৱা যায়-

                     ক’ত এনে মিৰি নাচ, ক’ত এনে বিহু?

                     ক’ত পাবা জগা গাইৰ এনেকুৱা ফেহু? [পৃঃ -১১]

এনেদৰে, গোটেই গীতটোৰ মাজেৰে অসমীয়া লোকজীৱনৰ সজীৱ চিত্ৰ বিৰাজমান।

       আকৌ ‘ছয় ঋতুৰ ডাক’ গীতৰ মাজেৰে ছয় ঋতুৰ লগত অসমীয়া লোক জীৱনৰ সম্পৰ্ক কিমান মধুৰ তাৰ চিত্ৰ বিৰাজমান।

       ‘বিহু’ নামৰ গীতত বিহুগীত, লোকবাদ্য, লোকাচাৰ, লোক সাজ-পাৰৰ সমাহাৰ ঘটিছে। গীতটোৰ প্ৰথম শাৰী-

                     ‘দেউতাৰ পদূলিত, গোন্ধাইছে মাধুৰী,

কেতেকী মলেমলায়, ঐ গোবিন্দাই ৰাম। [পৃঃ- ১৬] [বিহুগীত]

তেনেদৰে-

টকা, পেঁপা, ঢোল গীতৰ উঠে ৰোল,

নাচে ডাঙৰীয়া বিহু

[ঐ বিহুৱা কাই] [পৃঃ- ১৬] [লোকবাদ্য]

       এই গীততে বিহুৰ সময়ত পালন কৰা বিভিন্ন লোকাচাৰৰ উল্লেখ পোৱা যায়-

              ল’ৰাই জুনুকা       লুৰীয়ে ভুৰুকা,

                     বোৱাৰী খুন্দিছে চিৰা।

              গামোচা, কাপোৰ,    পিঠাৰ নাই ওৰ,

                     ঘৈণীয়ে পাৰিছে পীৰা। ।

              মাহ-হালধিৰে        গৰু-গাই ধুৱালে,

                     তৰাৰ ন পঘাৰে বান্ধে।

              আম-কঁঠালত        ন-ফল আশাৰে     

                     ধানখেৰৰ জৰীৰে ছান্দে। । [পৃঃ ১৬]

       তেনেদৰে বিহুৰ সময়ৰ খেল-ধেমালি-কণী যুঁজ, ম’হ-যুঁজ, কড়ি খেলৰ উল্লেখ; গৰুৰ লগত জড়িত লোকাচাৰ; আদিৰ চিত্ৰও বৰ সজীৱ।

       বেজবৰুৱাৰ সমগ্ৰ কবিতাৰাজিৰ ভিতৰত শ্ৰেষ্ঠ কবিতা ‘বীণ-বৰাগী’। ‘বৰাগী’ অসমীয়া লোক সমাজৰ এটি পৰিচিত চৰিত্ৰ। বৰাগীৰ অবিচ্ছেদ্য অংগ বীণখন। এই বীণখন বাই, বাই বৰাগীয়ে আধ্যাত্মিক চেতনা সমৃদ্ধ গীত গাই ফুৰে। বেজবৰুৱাই এই বৰাগীৰ বীণৰ সুৰত জাতীয় জীৱনৰ কিছুমান সজীৱ চৰিত্ৰক দাঙি ধৰি আশাবাদৰ মাজেৰে কবিতাৰ সামৰণি মাৰিছে। সীতা, দময়ন্তী, চিন্তা-শ্ৰীবৎস, দ্ৰৌপদী, সতী জয়মতী, বদন ফুকন, মণিৰাম, পিয়লি ফুকন, বেউলা, চান্দোৰ দুখৰ কাহিনীৰ মাজেৰে অসমীয়া জীৱনত এই কাহিনীবোৰৰ কিমান প্ৰভাৱ তাকে সোৱৰাইছে। ৰামায়ণ, মহাভাৰত, পুৰাণ, ইতিহাসৰ পৰা বুটলি অনা এই চৰিত্ৰসমূহৰ লোক জীৱনত প্ৰভাৱ কিমান তাৰেই প্ৰমাণ দিয়ে।

       কবিয়ে বৰাগীক দুখৰ কাহিনী নুশুনাই যশ-কীৰ্তিৰ কাহিনী শুনাবলৈ অনুৰোধ কৰি তাৰ মাজেৰে অসমৰ জাতীয় জীৱনৰ প্ৰাণ স্বৰূপ বাণ, ভগদত্ত, ভীষ্মক, ভাস্কৰ বৰ্মা, শংকৰ-মাধৱ কন্দলিৰ কীৰ্তিৰ কথা গাবলৈ কৈ জাতীয় জীৱনৰ লগতে যে এইবোৰ চৰিত্ৰৰ সম্পৰ্ক এৰাব নোৱাৰা তাকেই প্ৰতিফলিত কৰিছে।

       তেনেকৈ ‘ধনবৰ আৰু ৰতনী’ বেজবৰুৱা ৰচিত এটি কৃত্ৰিম মালিতা। কবিতাটো কৰুণ ৰস প্ৰধান আৰু এহাল মিৰি ডেকা-গাভৰুৰ প্ৰেমৰ সুন্দৰ চিত্ৰ বিদ্যমান। সহজ-সৰল আৰু অকৃত্ৰিম চহা জীৱনৰ মধুৰ চিত্ৰ কবিতাটোৰ মূল সম্পদ। কবিতাটোত ধনবৰ ৰতনীক উদ্দেশ্য কৰি কোৱা কথাবোৰ বনগীত, বিহুগীত, বিয়াগীতৰ মধুৰ চানেকি-

       যেনে-

              পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই

              লতা বগাবলৈ টান,

              ৰতনী সোণাইকো বলাব পাৰোঁ মই

              মাকক বুজাবলৈ টান। [বিহুগীত] [পৃঃ – ২৮]

             

              বগাকৈ বগলী উৰে কেনে কৰি

              পাখিতে পাখি লগাই,

              কাৰেনো উৰিব ধনবৰ দুখীয়া,

              ৰতনী লগতে নাই। [বনগীত] [পৃঃ ২৯]

      

              চৰায়ে তুলিলে ঐ ছ’ৰা পোৱালি,

              গছৰ ডাল শুৱনি কৰি।

              ৰতনীক তুলিলে মাকে-বাপেকে,

              ধনাইৰ কাল শতৰু কৰি। [বিয়াগীত] পৃঃ ২৯।

       কবিতাটোত অতি প্ৰাকৃতিক উপাদান ‘ফুটুকাৰ তলতে যখিনী ছোৱালী’; লোক সমাজত প্ৰচলিত গালি-শপনি- ‘শাখিনী’, ‘কুটেশাল’ ইত্যাদিৰ প্ৰয়োগ মন কৰিবলগীয়া।

       ‘ৰতনীৰ বেজাৰ’ত ‘নিও নিও কৰে, হে নিও নিও কৰে’ৰ মাজেৰে মৃত্যু সম্পৰ্কীয় লোক বিশ্বাসৰ কথা উল্লেখ পোৱা যায়।

       ‘থূপিতৰা’ৰ অন্তৰ্গত সৰু সৰু কবিতাসমূহৰ ভিতৰত ‘সৰু আৰু বৰ’ কবিতাত ‘পাচি সজা, কামি চঁচা, টঙাল তুলুৱা…’ আদি ভৌতিক সংস্কৃতিৰ উল্লেখ পোৱা যায়।

       থূপিতৰা’ৰ অন্তৰ্গত সৰু, সৰু কবিতাবোৰ; ‘ৰেণুকাৰ’ অন্তৰ্গত দু-শাৰীৰ পক্তিবোৰ বেজবৰুৱাৰ অসমীয়া জাতিলৈ উপদেশ বাণী। ইয়াত অসমীয়া ডাকৰ বচনৰ প্ৰভাৱ বিদ্যমান। যেনে-

       ক]    পুৰিলে উজ্জ্বল হয় সোণৰ বৰণ,

              বিপদত পোৱা যায় বন্ধুৰ চিনন। [ৰেণুকা](পৃ.৩৭)

       খ]    গৌৰৱ কিৰীটি থাকে সদায় উজ্জ্বল,

              বৃথা গৰ্ব দুদিনীয়া, তাত ধৰে মল [ৰেণুকা] (পৃ. ৩৮) ইত্যাদি।

       তেনেদৰে ‘নিমাতী কন্যা’, ‘ঈশ্বৰ আৰু ভকত’ আদি কবিতাত লোক সমাজৰ বিভিন্ন দৰ্শন আৰু বৈষ্ণৱ পৰম্পৰাৰ প্ৰভাৱ বিদ্যমান।

       বেজবৰুৱাৰ ‘পদুমকলি’ কবিতাপুথিৰ অন্তৰ্গত ‘অসম সংগীত’ এটি উল্লেখযোগ্য কবিতা। স্বদেশানুৰাগ আৰু ইতিহাস চেতনা সমৃদ্ধ এই কবিতাটোত অসমৰ বাদ্যযন্ত্ৰৰ উল্লেখ পোৱা যায়। –

              বাজক দবা          বাজক শংখ 

                     বাজক মৃদং খোল,

              অসম আকৌ        উন্নতি-পথত

                     জয় আই অসম বোল। [পৃঃ ৪১]

দবা, শংখ, মৃদং, খোল মংগল বাদ্যৰূপে জনসমাজত চিৰ পৰিচিত।

       কীৰ্তনৰ সুৰ আধাৰিত ব্ৰহ্মপুত্ৰ সংগীত কবিতাটোত ব্ৰহ্মপুত্ৰৰ অতীত কাহিনী আৰু বিভিন্ন পুৰাণ, ৰামায়ণ, মহাভাৰতৰ চৰিত্ৰৰ লগত ব্ৰহ্মপুত্ৰৰ সম্পৰ্ক দাঙি ধৰিছে। তেওঁলোকৰ ভিতৰত বশিষ্ঠ, লক্ষ্মীকান্ত, অশ্বক্লান্ত, নৰক, ভগদত্ত, উৰ্বশী, ৰম্ভা, শিৱ-পাৰ্বতী, উষা-অনিৰুদ্ধ, চিত্ৰলেখা আদি অন্যতম। ৫ লোক জীৱনত এনেবোৰ চৰিত্ৰ আৰু চৰিত্ৰসমূহৰ লগত জড়িত কাহিনীৰ প্ৰভাৱ অপৰিসীম।

       ‘সন্ধ্যা’ কবিতাত অংকন কৰা সন্ধিয়াৰ ছবিখন নিভাঁজ অসমীয়া সমজৰ সন্ধ্যাৰ ছবি। ইয়াত থলুৱা ফুল কদম, কেতেকী কৰবীৰ, ৰূপহী মালতী, জাই ধীৰ আদি; আকাশৰ ধ্ৰুৱ মণ্ডল, সপ্তঋষি মণ্ডল, সন্ধিয়াৰ জোনাকী পৰুৱাৰ শাৰী, ফেঁচাৰ উৰুলি, গৰুৰ হাম্বা শব্দ, সন্ধিয়াৰ মংগল বাদ্য-দবা, ঘণ্টা, তাল, কৰতাল, মৃদংগ, গোমুখ আদিৰ উল্লেখে অসমীয়া গ্ৰাম্য সমাজৰ ছবিখন চকুৰ আগত দাঙি ধৰে।

       অসমীয়া বনঘোষাৰ সুৰ সমৃদ্ধ ‘বৰদৈচিলা’ কবিতাটো লোকসমাজৰ লোক-বিশ্বাস আধাৰিত বৰদৈচিলাৰ’ নিখুঁত অংকন। তেনেদৰে ‘কৃষ্ণৰ নিদ্ৰাভংগ’ কবিতাত কৃষ্ণ-যশোদাৰ যি চিত্ৰ সেয়া অসমীয়া গ্ৰাম্য সমাজ সম্ভূত চিত্ৰ।

       এনেদৰে দুয়োখন কাব্যগ্ৰন্থৰ ভিতৰুৱা কবিতাসমূহৰ প্ৰায়বোৰতে লোক উপাদানসমূহে বিস্তৃত স্থান অধিকাৰ কৰি আছে।

 

 

 

১.৫ সামৰণি-

       অসমীয়া লোকজীৱনৰ লগত জড়িত প্ৰতিটো দিশেই লোক উপাদান। লোকজীৱন বেজবৰুৱাৰ প্ৰাণৰ স্পন্দন আছিল। সুদীৰ্ঘ সময় অসমৰ বাহিৰত অতিবাহিত কৰিলেও পাৰিবাৰিক, সামাজিক আৰু সাংস্কৃতিকভাৱে নানা প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ’লেও বেজবৰুৱাই চিৰ দিনেই কঢ়িয়াই ফুৰিছিল এটি নিভাঁজ অসমীয়া মন, অসমীয়া প্ৰাণ। ‘বেজবৰুৱা সমিতিত সমিধান’ শীৰ্ষক লেখাত তেওঁ নিজেই কৈছে- ‘মোৰ মাতৃভূমিয়েই মোৰ গংগা, গয়া, কাশী প্ৰয়াগ। মোৰ মাতৃভূমিয়েই আৰু মাতৃভাষাকে মহা সত্যৰূপে মই উপাসা কৰি আছো। মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য। বেজবৰুৱাৰ সাহিত্যৰ সৰ্বজনীনতাও এইখিনিতে।

 

অন্ত্যটীকা-

       ১] মহন্ত, স্বাধীনতা; জোনাকীৰ পোহৰত অসমীয়া কবিতা; পৃঃ ৪৬

       ২] গগৈ, তৰালী, অঞ্জনা গোস্বামী, অজন্তা ৰাজখোৱা, তৰুণ শইকীয়া (সম্পা.) অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি আৰু লক্ষ্মীনাথ বেজবৰুৱা; পৃ: 32

       ৩] ভৰালী, অজিত; অসমীয়া কবিতাত লোক উপাদান; পৃঃ ৫৮

       ৪] শইকীয়া নগেন [সম্পা.] বেজবৰুৱা ৰচনাৱলী [তৃতীয় খণ্ড] পৃঃ ১১

       ৫] ভৰালী, অজিত; অসমীয়া কবিতাত লোক উপাদান; পৃঃ ৬৩।

 

 

গ্ৰন্থপঞ্জী-

       ক]    মুখ্য সমল-

শইকীয়া, নগেন-বেজবৰুৱা ৰচনাৱলী [তৃতীয় খণ্ড], বনলতা, ২০১২

       খ]    গৌণ সমল-

              গগৈ, তৰালি

গোস্বামী, অঞ্জনা  [সম্পা.]- অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি আৰু লক্ষ্মীনাথ বেজবৰুৱা

ৰাজখোৱা, অজন্তা

শইকীয়া, তৰুণ

পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী, প্ৰথম প্ৰকাশঃ ২০১৩

       ভৰালী, অজিত- অসমীয়া কবিতাত লোক-উপাদান – ক্ৰান্তিকাল প্ৰকাশন, নগাঁও- প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১২

       মহন্ত, স্বাধীনতা- জেনাকীৰ পোহৰত অসমীয়া কবিতা- অসম সাহিত্য সভা, যোৰহাট- প্ৰথম প্ৰকাশ; জানুৱাৰী, ২০১২

 

       ড০ অৰ্চনা দেৱী

       অতিথি অধ্যাপক

       অসমীয়া বিভাগ,

       কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন

       অধ্যয়ন বিশ্ববিদ্যালয়, নমাটি, নলবাৰী।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!