পোহৰৰ চহৰখন (City of Light )

লেখক- দেৱীকা বৰপূজাৰী

ফুৰিবলৈ ভালপাওঁ কিন্তু ভবা নাছিলো কেতিয়াবা পেৰিচলৈ যাম বুলি। ল’ৰাটো, মানৱ পেৰিচত MS কৰি আছিল; কলেজৰ পৰা সিহঁতৰ দলটো আমেৰিকাৰ হিউজষ্টনলৈ যাব লগীয়া হৈছিল শিক্ষামূলক ভ্ৰমণ এটাৰ বাবে। তাৰ পৰা ঘূৰি অহাৰ দুদিনৰ আগতে হোটেলত সিহঁতৰ কলেজৰ ডাইৰেক্টৰে পাৰ্টি দিছিল। খাই বৈ উঠাৰ পাছত লগৰ দুটামানৰ মন গ’ল- পাঞ্জা খেলিবলৈ। মানৱৰ এটা বেয়া অভ্যাস, যিয়েই মাতে কিবা খেলিবলৈ, লাগিলে ভালকৈ নাজানেই- চিধাই খেলিম বুলি আগবাঢ়ি যাবই। গতিকে লেবাননৰ ল’ৰা এটাৰ লগত সি পাঞ্জাত যোগ দিলে। জিকিবলৈ বুলিয়েই হয়তো সি হাতখন ভুলকৈ বেঁকাকৈ দিছিল; লগে লগেই ‘মতক ‘কৈ শব্দ হৈ হেনো তাৰ সোঁহাতখন ওলমি পৰিল, হাড় ওলাই আহিল। সি নিজেও ধৰিব পৰা নাই হেনো, সকলোৰে বৰ ভয় লাগিল। লেবানিজ লৰাটোৱে ক্ষমা খুজি তত্ পোৱা নাই। ভাগ্য ভাল, সিহঁতৰ ডাইৰেক্টৰ লগত আছিল। ততালিকে এম্বুলেন্স মাতি তাক হস্পিতাললৈ নিয়া হ’ল। তাত ডাক্তৰে চাই মেলি ক’লে যে, ততালিকে অপাৰেশ্যন কৰিব লাগিব। কিন্তু আমেৰিকাত ইঞ্চুৰেন্স নোহোৱাকৈ চিকিৎসা মানেই কমেও আমাৰ বিশ লাখ টকা।

সেয়েহে, তাৰ ডাক্তৰ আৰু ডাইৰেক্টৰে মানৱক পৰামৰ্শ দিলে যে, ভাৰতলৈকে গৈ অপাৰেশ্যন কৰা ভাল। এৰাতি হস্পিতালত থাকি পাছদিনা সেই ডাইৰেক্টৰজনে মুম্বাই লৈ টিকট কাটি মানৱক পঠিয়াই দিলে। মই ইতিমধ্যে ইয়াৰ নানাৱতী হস্পিতালত চাৰ্জনৰ লগত কথা পাতি কেবিন বুক কৰি থৈছিলো। আমেৰিকাৰ পৰা পেৰিচ হৈ বাইশ ঘণ্টাৰ মূৰত মুম্বাই পোৱা ল’ৰাটোক এয়াৰপৰ্টত হুইলচেয়াৰত, তাতে প্ৰকাণ্ড বেণ্ডেজৰ হাতখন দেখি মোক শোকে খুন্দা মাৰি ধৰিছিল।

যাহওক, অপাৰেশ্যন সুকলমে সমাধা হ’ল। হস্পিতালত পোন্ধৰ দিন থকাৰ পাছত, ঘৰতো এমাহ থাকি পেৰিচলৈ ঘূৰি যোৱাৰ সময় আহিল, আগত পৰীক্ষা আছে। কিন্তু ডাক্তৰে মানৱক অকলে যাবলৈ কোনোমতেই নিদিয়ে, কিয়নো, সোঁহাতখনেৰে সি একোকে কৰিব নোৱাৰা হ’ল। কোন যাব লগত? দেউতাক ঢুকাল, বায়েক আমেৰিকাত। গতিকে, মই যাব লগীয়া হ’ল আৰু ২০১৮চনৰ আগষ্টত গৈ তিনিমাহ থাকিলো।

 পেৰিচ বিমান বন্দৰত নামি কিছু উত্তেজনা অনুভৱ কৰিছিলো। বিমানবন্দৰৰ পৰা চহৰলৈ যথেষ্ট দূৰ, দীঘলীয়া লিমোজিন টেক্সিৰ ভাড়া আমাৰ হিচাপত তিনি হাজাৰ টকা। মনটো কোচ খাই আহিলেই, জানিছিলো পেৰিচ অতি ব্যয়বহুল চহৰ বুলি।

 মানৱে Le Kremlin Bicetre নামৰ ঠাইত এটা মাল্টিষ্টৰিজ বিল্ডিঙত সৰু ৰুম এটা ভাড়া লৈ আছিল, এটাই ৰুম যদিও সকলো সুবিধা থকা ফুল ফাৰ্নিচদ বাবে ময়ো অসুবিধা একোকে পোৱা নাছিলো, কেৱল ছাত্ৰ হিচাপে সেইটোৰ ভাড়া মাহে পঞ্চাশ হাজাৰ বাবেহে গা বেজবেজাই যায়।

 টেক্সিৰ পৰা নামি আহল বহল লবীলৈ আহোঁতেই লগ পালো ভিয়েটনামি মহিলা এগৰাকীক, যি আমাক বৰ আন্তৰিকতাৰে সম্ভাষণ জনালে Bonjor বুলি, যাৰ অৰ্থ, ইংৰাজীৰ ‘হেল্ল’। সেই ঠাইত অচিনাকিলোককো Bonjor বুলি কোৱা হয়। মানুহগৰাকীয়ে নিজৰ পৰিচয় দি ক’লে যে তেওঁ মানৱৰ পাছৰ মহলাতে থাকে, তেওঁ ফ্ৰেঞ্চ বিয়া কৰাইছে। তেওঁৰ নাম লুনা মিউলি। লুনাই যেতিয়াই গম পালে আমি ভাৰতীয় বুলি, তেওঁ এনে আচৰণ কৰিলে যেন বহু দিনৰ পৰা তেওঁ আমাক জানে! ঘোৰ ভ্ৰমণকাৰী এই মহিলাগৰাকী কেইবাবাৰো ভাৰতলৈ আহিছে, সেয়েহে তেওঁৰ মতে, ‘যিমান ঠাই ফুৰিছো, ভাৰত মোৰ আটাইতকৈ ভাললগা দেশ’। শুনি কি যে আনন্দ পাইছিলোঁ, বুজাব নোৱাৰোঁ। তেওঁ মানৱৰ ফোন নম্বৰ ল’লে, আমাক হেনো ডিনাৰলৈ নিমন্ত্ৰণ কৰিব।

 ঘৰত বয়বস্তু থৈ, চিধাই ওচৰতে থকা মেডিটেৰীয়ান ৰেস্তোৰা এখনত দুপৰীয়াৰ আহাৰ খাবলৈ গলোঁ। মই তেতিয়া কুকুৰাৰ মাংস খাবলৈ এৰিছিলো, সেয়েহে সি মোৰ বাবে ভেঁড়াৰ মাংস অৰ্ডাৰ দিলে, তাত ছাগলীৰ মাংস পোৱা নাযায়। ভোকত আছিলো বাবে খাই ভালেই লাগিছিল কিন্তু মাংসৰ টুকুৰাটো ৰবৰৰ দৰে আছিল বাবে মোৰ ডিঙিত লাগি ধৰাৰ দৰে হ’ল। উশাহ যেন বন্ধ হৈ যাব মোৰ! ৱাছ বেচিনলৈ গৈ জোৰকৈ কাহ মাৰিলত টুকুৰাটো ওলাই আহিল। পাছত বাংলাদেশী ৱেইটাৰজনে কলত হে জানিলোঁ যে, অৰ্ডাৰ দিওঁতেই ‘মিডিয়াম কুকড’ বা ‘ফুল কুকড’ বুলি হেনো ক’ব লাগিছিল। যাহওক, প্ৰথম দিনাই বেয়া অভিজ্ঞতা এটা হ’ল। খাই আহিহে কাপোৰ কানি সলাই যি শুলো, নিশা চাৰে তিনি বজাত সাৰ পালো – জেট লেগ ভালকৈয়েই হ’ল। ভোক অলপ লাগিছিল কিন্তু মানবো টোপনিত বাবে খোৱাৰ কথা নাভাবি আকৌ শুই থাকিলো।

 আবেলি প্ৰথম ওলাই গ’লো মোৰ প্ৰিয় চিয়েন নদীৰ পাৰলৈ। গুৱাহাটীৰ পৰা উৰুলি নামৰ এখন আলোচনী ওলাইছিল, উমা বৰুৱাৰ সম্পাদনাত। তেখেতে এখন উপন্যাস লিখিছিল, নাম ‘চিয়েন নদীৰ ঢৌ’, যিখন পঢ়ি মই চিয়েনৰ প্ৰেমত পৰিছিলো।

চিয়েনৰ পাৰত ৰৈ মনত এক বুজাব নোৱাৰা অনুভূতি হ’ল।

পাছদিনা আবেলি চাবলৈ গ’লো — মহিমামণ্ডিত Notre Dame, ভাৰ্জিন মেৰী থকা এই কেথলিক গীৰ্জাটো ইউৰোপৰ ভিতৰতে এক ভাস্কৰ্যমণ্ডিত পৱিত্ৰ স্থান।

ইয়াৰ ওপৰলৈ ৪২২টা চিৰিৰে গৈ গোটেই পেৰিচখন চাব পাৰি। আঁঠুৰ বিষৰ বাবে মই ওপৰলৈ যাবলৈ সাহ নকৰিলো।

যীশুখ্ৰীষ্টক ক্ৰছবৃদ্ধ কৰা মূল ক্ৰছৰ প্ৰতিৰূপ ইয়াত থোৱা হৈছে। সেয়াও চিয়েন নদীৰ পাৰতে। কেফে এখনত কিবা অলপ খাই লৈ আমি বেলেগ এখন ট্ৰেইনত উঠি পৃথিৱী বিখ্যাত আইফেল টাৱাৰ চাবলৈ গ’লো। তেতিয়া ন বাজি ত্ৰিশমিনিট হৈছে কিন্তু এন্ধাৰ হোৱাই নাই। পালোহি; উঃ ভগৱান, ইম্মান মানুহ, সমগ্ৰ বিশ্বৰ ট্যুৰিষ্ট যেন ইয়াতেই থূপ খাইছেহি! স্কুলৰ পৰাই নাম শুনি অহা এই ঐতিহ্যমণ্ডিত ইফেল টাৱাৰ ইমান ওচৰতে দেখি মই আৱেগত কান্দি দিলোঁ। যেতিয়া অলপ এন্ধাৰ হ’ল, দহবজাত আইফেল টাৱাৰ বিশ হাজাৰ বাল্বৰে জিকমিকাই উঠিল, লগতে শ শ ট্যুৰিষ্টৰ উল্লসিত চিঞৰ! এঘণ্টাৰ অন্তৰে অন্তৰে এইদৰে লাইট জ্বলি উঠে। হৃদয় ভৰি গ’ল। পেৰিচৰ সৰহভাগ চহকীলোক এই অঞ্চলৰ বাসিন্দা। সেইখিনি ঠাইৰ পৰা আহিবলৈকে মন যোৱা নাছিল; এখন পঞ্জাৱী ৰেস্তোঁৰা পাই নিশাৰ আহাৰ কৰি ঘৰ পালোহি। তেতিয়া নিশা দুই বাজিছিল।

 ১৮৬০তে ইউৰোপৰ প্ৰথম ষ্ট্ৰীটলাইট জ্বলিছিল পেৰিচ চহৰত; তদুপৰি বিশ্ববিখ্যাত আইফেল টাৱাৰত সন্ধিয়াৰ পৰা ২০,০০০ বাল্ব জ্বলি থাকে। এইবোৰ কাৰণতে পেৰিচক কয় The City of Light.

 পেৰিচত পাঁচটা ‘ষ্টেচু অব লিবাৰটি’ আছে।

ইয়াতেই আছে পৃথিৱীৰ এখন বিখ্যাত পেইটিং, ইয়াত আছে বিশটা প্ৰশাসনীয় বিভাগ, যাক কোৱা হয়, arrondissement.

পেৰিচত ভূমিৰ তলত আছে এখন চহৰ, চিয়েন নদীখনে আংশিক ভাবে দুটা দ্বীপৰ মাজেৰে ঘূৰি গৈছে। বিশ্বৰ প্ৰথম Bloody Mary পেৰিচতে তৈয়াৰ হৈছিল।

 পেৰিচ চহৰ অতিকৈ সৰু কিন্তু ইয়াৰ বুৰঞ্জী, সংস্কৃতি আৰু ৰোমান্সৰ বাবে ই বিখ্যাত। ইয়াৰ ৰোমাণ্টিক বায়ুমণ্ডলৰ বাবে পৃথিৱীৰ সকলো ঠাইৰ লোক ইয়ালৈ ফুৰিবলৈ আহিবলৈ আগ্ৰহী। পেৰিচবাসী নিজৰ দেশৰ ৰোমাঞ্চ, ফেশ্যন, সংস্কৃতি, খাদ্য সম্ভাৰ আৰু ৱাইনক লৈ গৰ্বিত।

 পেৰিচৰ জাতীয় খেল ফুটবল। তেওঁলোকৰ জাতীয় আহাৰৰ নাম –Pot- au-Feu – সিজোৱা মাংস আৰু পাছলিৰে ৰন্ধা এবিধ জনপ্ৰিয় আহাৰ, ধনী দুখীয়া সকলোৱে খাব পৰা এবিধ পুষ্টিকৰ খাদ্য।

কোৱা হয় যে, ফ্ৰেঞ্চ সকলে ব্ৰেকফাষ্টত খায় পেষ্ট্ৰিজ, লাঞ্চত খায় আলু আৰু ডিনাৰত খায় চুপ। Croissant আৰু baguett ইয়াৰ জনপ্ৰিয় খাদ্য। কিন্তু ফ্ৰেঞ্চসকল মেদবহুল নহয় কাৰণ তেওঁলোকে খুউব খোজকাঢ়ে আৰু হিচাপতকৈ খাদ্য গ্ৰহণ কৰে।

ইয়াৰ পাছত চাবলৈ গ’লোঁ অতি প্ৰখ্যাত Louvre মিউজিয়াম, বিশালকায় এই মিউজিয়াম দেখি অভিভূত হ’লোঁ। ইয়াৰ পিৰামিডৰ দৰে গম্বুজ নিশা লাইটৰ পোহৰত অপূৰ্ব লাগে। ইয়াতো ট্যুৰিষ্টৰ ভীৰ। মিউজিয়ামৰ ভিতৰখন চাই ফুৰিবলৈ কমেও ৭/৮ ঘণ্টা লাগে। ইমান খোজ কাঢ়িব নোৱাৰো বাবে মনালিছা আৰু আন বিখ্যাত ‘অৰিজিনেল মাষ্টাৰপিচ’ কিছু চাই মই ওলাই আহিব খোজাত মানৱেও আৰু জোৰ নকৰিলে। তাতে সেইদিনা Louvreৰ এটা হলত পেৰিচ ফেশ্যন শ্ব চলি আছিল বাবেই হয়তো ভীৰ বেছি পালো। তাৰ পৰা ওলাই আমি Bastille নামৰ ঠাইত পাব, কেফে ভৰি থকা ঠাইত পিজ্জাকে খাই নিশা এক বজাত ঘৰ সোমালোহি।

পেৰিচৰ প্ৰধান আৰু বিশ্বত নাম থকা অঞ্চল বা ষ্ট্ৰীট- Champs -Elysees লৈ গৈ থিয় হ’লো Arc de Triampheৰ ওচৰত, ইয়াক সজা হৈছিল ফৰাচী আন্দোলত ফ্ৰান্সৰ হৈ যুঁজ কৰি মৃত্যুবৰণ কৰা শ্বহীদসকলৰ সন্মানাৰ্থে।

 পাছদিনা সেই লুনা মিউলিয়ে ডিনাৰৰ বাবে নিমন্ত্ৰণ কৰিলেই। তেওঁৰ ঘৰলৈ গৈ, আটকধুনীয়া ড্ৰয়িং ৰুমত ৰাজস্থানী আৰু গুজৰাটি হস্তকলাৰ সজোৱা বস্তু দেখি তবধ মানিলোঁ। খোৱাৰ টেবুলত তেওঁৰ ফ্ৰেঞ্চ স্বামীৰ বাহিৰেও তেওঁৰ ভনীয়েক, ভনী জোঁৱাই আৰু পুত্ৰও আছিল। ফ্ৰেঞ্চ ৱাইন দিয়াৰ পাছত আমাক সুস্বাদু ভিয়েটনামিজ আহাৰ আৰু ফ্ৰেঞ্চ dessert খুৱালে। তেওঁলোকৰ আন্তৰিকতা ভৰা আতিথ্যই আমাক মোহিত কৰিলে।

 আবেলি মাজে মাজে ওলাই যাওঁ, তাত খোজ কাঢ়িবলৈতো অলপো ভাবিব নালাগে কাৰণ আহল বহল, মসৃণ বাটপথ। ওচৰতে ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট’ৰৰ পৰা সকলো আছে। এখন ঠাইলৈ গৈছিলোঁ, নাম – Gare de Nord;  ই ভাৰতীয় দোকানেৰে ভৰা, ফুল, ফল, গেলামালৰ বস্তু, মেহেন্দি পাৰ্লাৰ, ভাৰতীয় সাজপাৰ, শাৰী চেণ্টাৰ আৰু নকলি গহনা – কি নাই ইয়াত! কেইবাখনো ভাৰতীয় ৰেস্তোঁৰা আৰু বাটে-পথে ভাৰতীয় লোককো দেখা পালো; অৱশ্যে তাৰে কিছু পাকিস্তানী আৰু বাংলাদেশী। ৰেষ্টুৰেণ্টত দাম বহুত বেছি যদিও মানুহৰ ভীৰ। মই আৰু মানৱেও দক্ষিণৰ ৰেষ্টুৰেণ্ট এখনত সোমাই দোছা খালো। দুখনত আমাৰ হিচাপত প্ৰায় নশ টকা।

 মানৱৰ কলেজ থাকে বাবে সি মোক অকলেই ফুৰিব পৰাকৈ মেট্ৰৰ মাহেকীয়া পাছ এখন উলিয়াই দিলে, বাছতো সেইখন ব্যৱহাৰ কৰিব পাৰি। ময়ো সাহ কৰি ওলাই যাওঁ, ইংৰাজী বেছি ভাগেই নকয় বাবে বেছ অসুবিধা কিন্তু সি মোক গুগুল ট্ৰেন্সলেটৰ সহায়ত কাম চলাবলৈ শিকাই দিলে। মই এজোৰ মেখেলা চাদৰ লৈ গৈছিলো, ইফেল টাৱাৰৰ ওচৰত এখন ফটো তুলিম বুলি। কিন্তু মেট্ৰত উঠোঁতে নামোতে জোতপোত খাই পৰিম বুলি মানৱে হেনো মেখেলা চাদৰ পিন্ধিলে মোক কলৈকো নিনিয়ে বুলি কৈ দিলে। এদিন সি কলেজত থাকোঁতে মই মৰসাহ কৰি কাপোৰ জোৰ পিন্ধি ইফেল টাৱাৰ পালোগৈ আৰু তাত থকা অসংখ্য ট্যুৰিষ্টৰ মাজৰ  পৰা এগৰাকীৰ হতুৱাই ফটো এখন উঠাইহে শান্তি পালো। যোৰ পাতি যোৱাবোৰে মোকো অনুৰোধ কৰিলে – সিহঁতৰ ফটো তুলিবলৈ। ভাৰতীয় কিছু মহিলা ট্যুৰিষ্টক দেখিলো মোৰ মেখেলা-চাদৰযোৰ চাই চাই নিজৰ ভিতৰতে কথা পাতিছে। মানৱৰ জন্মদিনৰ দিনা সি মোক লৈ গ’ল – নিশা ইফেল টাৱাৰৰ একেবাৰে ওপৰ মহলালৈ। টিকটৰ বহুত দাম বাবে সিয়ো যোৱা নাছিল আৰু মই কেতিয়াবা গ’লে একেলগে যাব বুলি হেনো ভাবি থৈছিল। ইমান ওপৰৰ পৰা নিশাৰ পেৰিচ, পৃথিৱীৰ বিভিন্ন দেশৰ ট্যুৰিষ্ট আৰু তাৰ এটা কোঠাত ইফেল টাৱাৰৰ জন্মদাতা Gustave Eiffel আৰু Thomas Edison য়ে যেন কথা পাতি হে আছে, ঠিক তেনেদৰেই সজাই থোৱা মূৰ্তি দেখি অভিভূত হৈছিলো। আন এটাত কোঠাত আছে Effelৰ জীয়ৰী Claireৰ আটক ধুনীয়া প্ৰতিমূৰ্তি। টাৱাৰৰ প্ৰথমমহলাত আছে গ্লাছৰ মজিয়া, তাত আছে মিউজিয়াম আৰু ৰেষ্টুৰেণ্ট; দ্বিতীয় মহলাত আছে কিতাপৰ দোকান, ‘হাই এণ্ড’ অৰ্থাৎ অতি ব্যয়বহুল ৰেস্তোঁৰা আৰু ওপৰ মহলা কেৱলৰ তলৰ পেৰিচ চহৰখন চাবৰ বাবে।

 মই পঢ়ি বৰ ভালপাওঁ কিন্তু ওজনৰ বাবেই এখনো কিতাপ লৈ যোৱা নহল। মানৱে তাৰ কলেজৰ লাইব্ৰেৰীৰ পৰা দুখন আনি দিলে কিয়নো তাত সৰহ ভাগেই ফৰাচী ভাষাৰ কিতাপ। পাছত সি গুগুলত চাই এটা মাত্ৰ ইংৰাজী কিতাপ থকা লাইব্ৰেৰী/ বুক ষ্টৰ পালে আৰু মোক এদিন লৈ গ’ল, নাম

Shakespeare Company. দেখিয়েই ভাল লাগিল। বহুত মানুহ, বহুত কিতাপ কিন্তু কিতাপ ঘৰলৈ আনিবলৈ নিদিয়ে, মেম্বাৰ হ’বলৈকো সুবিধা নাই। পুৱা দহবজাৰ পৰা নিশা দহ বজালৈকে কিন্তু তাতে বহি ইচ্ছা কৰিলে কিতাপ পঢ়িব পাৰি। সেয়েহে মই এদিন অকলেই গৈ দিনটো থাকি সৰু কিতাপ এখন পঢ়ি শেষ কৰি আহিলো। শেষ নহ’লে আকৌ গৈয়ো পঢ়িব পাৰি কিন্তু আকৌ ইমান দূৰলৈ যাবলৈ মন নগল।

 তাত থকা মন্দিৰলৈকো যাবলৈ ভাগ্যত লিখা আছিল। দাক্ষিণাত্যৰলোকে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল, বালাজীৰ লগতে তাত গণপতি আৰু শিৱও আছিল।

 এদিন মানৱৰ লগতে পেৰিচৰ এখন বৰ ডাঙৰ শ্বপিং চেণ্টাৰলৈ গ’লো, নাম The Gallery of Lafayette, প্ৰকাণ্ড বিল্ডিঙৰ ছয় মহলা জুৰি থকা এই শ্বপিং চেণ্টাৰৰ ভিতৰলৈ সোমাই মই স্তম্ভিত হ’লোঁ কিয়নো ই যেন হলিউডৰ ফিল্ম আৰু চিকচিকিয়া ইংৰাজী আলোচনীত দেখা ব্ৰেণ্ডবোৰেৰে ভৰি আছিল! কি যে এক পৰিবেশ মই লিখিও বুজাব নোৱাৰোঁ। কেৱল অনুভৱ কৰিলোঁ, পেৰিচ সঁচায়ে আভিজাত্যৰে মহিমামণ্ডিত।

 অকলেই গৈছিলোঁ পেৰিচৰ বিখ্যাত The Tuilleris আৰু Luxembourge গাৰ্ডেনলৈ। এদিন গ’লোঁ মানৱৰ লগতে Montmartre নামৰ ঠাইৰ, পৰ্বত এটাৰ ওপৰত থকা Sacrecour লৈ, এই গীৰ্জাটো যদিও অতি বেছি ডাঙৰ নহয়, তথাপি ই কৌশলগত অৱস্থান, অতীৱ সুন্দৰ ভাস্কৰ্য আৰু তিনিশ চিৰিৰে উঠি গৈ দৃশ্যমান হোৱা অপূৰ্ব দৃশ্যৰ বাবে ট্যুৰিষ্টৰ বাবে আন এক আকৰ্ষণৰ বিন্দু। ইয়াৰ ওপৰলৈ যাবলৈ এলিভেটৰ নাই কিন্তু Funicular নামৰ এবিধ ট্ৰেন্সপোৰ্ট আছে। বহুতে বিশ্বাস কৰে যে, ওপৰলৈ গৈ যেন স্বৰ্গৰ ওচৰ হে পাবগৈ, ইমানেই সুন্দৰ। বহুত দাম যদিও টিকট কাটি আমিও এই Funicular তে ওপৰলৈ গৈছিলো।

 তিনিমাহ থাকিলো বাবে পেৰিচখন যথেষ্ট চোৱা হ’ল। Catacomb ৰ কথা নিলিখিলে আধৰুৱা হৈ ৰব। পেৰিচৰ মাজ মজিয়াতে আছে ৰাস্তাৰ তলত এখন বেলেগ ঠাই, মৃত লোকৰ জঁকা, হাড়, মূৰৰ মিউজিয়াম এই Catacomb..

এই বিষয়ে বেলেগে লিখিম।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!