ক্ৰমবৰ্ধমান অপৰাধ প্ৰৱণতা, সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত আমি

লেখক- প্ৰণীতা ৰাণী বৰা

বৰ্তমান সময়ৰ এক জটিল সমস্যা হ’ল অপৰাধ প্ৰৱণতা। কোনো এজন মানুহ অসামাজিক, আইন বিৰোধী কাৰ্য-কলাপৰ বাবে যেতিয়া দোষী হিচাপে গণ্য হয় তেনে ব্যক্তিয়েই অপৰাধী আৰু এই ধৰণৰ ক্ৰিয়া-কলাপৰ প্ৰতি আকৃষ্ট হোৱাৰ যি প্ৰৱণতা সিয়েই অপৰাধ প্ৰৱণতা। শিশুৰ পৰা বৃদ্ধলৈকে এই অপৰাধ প্ৰৱণতাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে। এইখিনিতে দুটামান উদাহৰণ দিয়া যাওক—
১)ক’ৰণা মহামাৰীৰ সময়ত কলিয়াবৰত অশ্লীল ভিডিঅ’ নোচোৱাৰ বাবে এজনী কণমানি ছোৱালীক তাইতকৈ কেইবছৰমান ডাঙৰ দুটামান ল’ৰাই শিলেৰে মাৰি হত্যা কৰি শৌচাগাৰত পেলাই থৈছিল।
২) যোৱা ২৭ নৱেম্বৰ ২০২২-ত জৱাহৰ নৱোদয় বিদ্যালয়ৰ কেইজনমান ছাত্ৰই দলবদ্ধভাৱে এগৰাকী শিক্ষয়িত্ৰীৰ ওপৰত আক্ৰমণ চলালে। তেওঁ ছাত্ৰ কেইজনে পৰীক্ষাত কম নম্বৰ পোৱা বাবে অভিভাৱকক অভিযোগ দিছিল। এয়া আছিল সিহঁতৰ দৃষ্টিত তেওঁৰ দোষ।
৩)অলপতে বিহুৰ অনুষ্ঠান চাবলৈ গৈ মাকে টোপনি অহা ১২ বছৰীয়া কণমানি এজনীক বান্ধৱীৰ ঘৰত থৈ বিহু চাই থাকোঁতেই কণমানিজনীক ধৰ্ষণ কৰি হত্যা কৰিলে।
৪) মানুহ হত্যা কৰি টুকুৰা- টুকুৰ কৰি ফ্ৰিজত ভৰাই থোৱাৰ দৰে একাধিক ঘটনা সংঘটিত হৈছে আমাৰ দেশতে।

ওপৰৰ উদাহৰণ কেইটাৰ পৰা দেখা যায় ফুলকুমলীয়া শিশুৰো জঘন্য অপৰাধ প্ৰৱণ মানসিকতাৰ থাকে। কণমানি শিশুবোৰে এইবোৰ কথা শিকে ক’ৰ পৰা? হয়তো ম’বাইলৰ পৰা। তেন্তে ইয়াৰ বাবে কেৱল সিহঁতেই দায়ীনে? মানুহ জন্ম হয় নিষ্পাপ হৈ, অজ্ঞ হৈ। সুস্থ প্ৰতিপালনে মানুহক সভ্য, অন্যথা অসভ্য কৰি গঢ়ি তোলে। প্ৰতিপালন বোলোতে খোৱা-বোৱা, আচৰণ, মাত-কথা তথা শাৰীৰিক- মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় কাৰ্য-কলাপৰ অভ্যাস কৰোৱা ইত্যাদিখিনিকে বুজোৱা হয়। বহুক্ষেত্ৰত দেখা যায় পিতৃ-মাতৃয়ে সকলো দিয়ো পৰ্যাপ্ত সময় দিব নোৱৰাৰ বাবে অবুজ শিশুসকলৰ সুস্থ মানসিক বিকাশত বাধা আহি পৰে। ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে বহু অভিভাৱকে সন্তানৰ লগত সময় দিব নোৱাৰে। ফলশ্ৰুতিত সন্তানৰ মানসিকতাত অপৰাধ প্ৰৱণতাই পোখা মেলে। বহু ক্ষেত্ৰত দেখা যায় সৰু মানুহ বুলি যিসকলক বুজোৱা যায়; অৰ্থাৎ জীৱনশৈলী যাৰ সাধাৰণ আৰু সৰল তেওঁলোকতকৈ ডাঙৰ মানুহ অৰ্থাৎ “হাই প্ৰফাইল লাইফ ষ্টাইল”ৰ ব্যক্তিসকলৰ সন্তান এনে অপৰাধ প্ৰৱণতাৰ স্বীকাৰ হয়। (অৱশ্যে সকলোৰে কথা ইয়াত কোৱা হোৱা নাই)

ক’ভিদ সৃষ্ট পৰিৱেশে আমাৰ শিশুৰ পৰা ডাঙৰলৈকে সকলোৰে ওপৰত অভিশাপ হৈ প্ৰভাৱ বিস্তাৰ কৰিলে। শাৰীৰিক-মানসিকভাৱে বিকাৰগ্ৰস্ত কৰি তুলিলে আমাক। হাতৰ মুঠিতে ইণ্টাৰনেটৰ জগতখন লাভ কৰি শিশু-কিশোৰসকলো অকালপক্ব হৈ উঠিল। যাৰ ফলত সমাজ শিহৰিত কৰি তোলা অপৰাধ কৰিব পৰা হ’ল তেওঁলোকে। বহুক্ষেত্ৰত দেখা যায় শিশুৰ মনোজগতত অপৰাধ প্ৰৱণতাৰ বীজ ৰোপণ কৰে জ্যেষ্ঠসকলেই। এয়া পোনপটীয়া কৈয়ে হওক বা আওপকীয়াকৈয়ে হওক। বৰ্তমানকালত শিশুৰ ওপৰত অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। অলপতে সমাজ কঁপাই যোৱা চিকিৎসক দম্পত্তীৰ কণমানি শিশুকেইটাৰ ওপৰত কৰা কু-কাৰ্যৰ কথা সকলোৰে জ্ঞাত। মানসিক বিকাৰগ্ৰস্ত লোকৰ দৰে আচৰণ কৰি চতুৰ চিকিৎসক দম্পত্তীয়ে আইনৰ আওতাৰ পৰা বাচি গ’লেও (হয়তো! ) ক’ব লাগিব তেওঁলোকৰ মানসিকতা অপৰাধীৰ মানসিকতা। বন্দনা কাণ্ড, ইন্দ্ৰানী মুখাৰ্জীৰ কাণ্ড, দিল্লীৰ হত্যাকাণ্ড, এইবোৰে দেশ কঁপাই গৈছে। কিন্তু পৰিতাপৰ বিষয় ঘটনাবোৰ ঘটাৰ কেইদিনমান লৈকে বহুল চৰ্চা হ’লেও পিছলৈ কি শাস্তি হ’ল তাৰ প্ৰচাৰ যিমান হ’ব লাগে সিমান নহয়। এক কথাত তাপ মাৰে। ইয়ে নতুন এটা অপৰাধ কৰিবলৈ অপৰাধীক সাহহে প্ৰদান কৰা দেখা যায়। মিডিয়াত অপৰাধীৰ কু-কাৰ্যৰ পুংখানুপুংখ যিমান প্ৰচাৰ হয় আৰু তাৰ পাছত শাস্তিৰ বেলিকা প্ৰায় শূন্য; ই আওপকীয়াকৈয়ে হ’লেও নতুন এটা অপৰাধ কৰিবলৈ অপৰাধীক কৌশল শিকোৱাৰ দৰেহে হয় । বহুদিনৰ আগতে হোমেন বৰগোহাঞি চাৰে কৈছিল — ‘‘বেয়া কথাবোৰৰ যিমানে প্ৰচাৰ চলে সিমানে বেয়া কামবোৰৰ প্ৰাদুৰ্ভাৱ হয়।”
বৰ্তমান WhatsApp, Facebook, Instragram আদি সামাজিক মাধ্যমৰ যুগ। এইবোৰৰ আগমনে মানুহৰ জীৱনশৈলী সলনি কৰি পেলালে। সকলোৱেই এইবোৰৰ কবলত। অৱশ্যে প্ৰথমেই বেয়া দিশটো নাচাই ভালখিনিৰ প্ৰতি এবাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।

বৌদ্ধিক দিশত সামাজিক মাধ্যমে প্ৰভাৱ পেলাইছে। বিভিন্ন ধৰণৰ তথ্য, বিশ্লেষণ, আলোচনা, মতামত আদি Facebook, WhatsApp, YouTube আদিৰ জৰিয়তে আমি লাভ কৰোঁ। ক্ষিপ্ৰতাৰে আৰু সঠিককৈ এনেবোৰ খবৰ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত হয়। এইবোৰে আমাৰ বৌদ্ধিক উত্তৰণত সহায় কৰে, সামাজিক সজাগতাৰ সৃষ্টি কৰে, জনমত গঠনত সহায় কৰে। সামাজিক মাধ্যমে আমাক মনোৰঞ্জন দিয়াত সহায় কৰে। ভাল লগা চিনেমা, গীত, কবিতা, গল্প আদি এইবোৰৰ জৰিয়তে আমি উপভোগ কৰিব পাৰোঁ। নিজেও কিবা এটা গোৱা, লিখাৰ উৎসাহ পাও। নতুন এচাম লিখকৰ সৃষ্টি হৈছে সামাজিক মাধ্যমৰ পৰাই। যিটো আমাৰ সমাজৰ বাবে শুভ সংকেত। এতিয়া আহো সামাজিক মাধ্যমে আমাক সঠিকভাৱে আগবাঢ়ি যোৱাত বাধা দিয়াৰ কিছু দিশলৈ। এটা বাক্যত ক’ব বিচাৰো, ‘‘সামাজিক মাধ্যমে আমাক সামাজিক হোৱাত বাধাৰ প্ৰাচীৰ হৈ দেখা দিছে। ’’ প্ৰথমতে ইমানবোৰ ভাল দিশ দাঙি ধৰিও এই বাক্যটো কিয় কৈছোঁ তাৰ ব্যাখ্যা কিছু আগবঢ়াইছোঁ। আজিকালি দেখা যায় মানুহ নিজৰ স্মাৰ্টফোনটো লৈ ব্যস্ত হৈ থাকে সেয়া লাগিলে ঘৰতেই হওক বা সামাজিক স্থানতেই হওক। মূৰ তুলিবলৈ মানুহৰ সময় নাথাকে। মাতি থাকিলেও কেতিয়াবা বহুত দেৰিৰ মূৰতহে উত্তৰ আহে। অনবৰতে ফোনটোত ব্যস্ত থকা নৱ প্ৰজন্মৰ সামাজিক হ’বলৈ নিবিচৰাৰ প্ৰৱণতা আহিল। ঘৰলৈ অহা আলহী এজনক মাত এষাৰ দিবলৈও নাহে। ডাঙৰে কথা এষাৰ সুধিলে ভালকৈ উত্তৰ দিবলৈ অপাৰগ হোৱা দেখা যায়। কিবা এটা প্ৰশ্নৰ উত্তৰ মনত ৰখাতকৈ Googleত search কৰি উত্তৰটো চোৱাৰ প্ৰৱণতা এটাৰ সৃষ্টি হৈছে। অনবৰতে কাণত হেডফোন লগাই ম’বাইলত ব্যস্ত থকা ল’ৰা-ছোৱালীবোৰৰ বিভিন্ন অসুখ-অশান্তি হোৱা দেখা যায়। তেওঁলোকৰ মেধাৰ বিকাশত বাধা জন্মে, মানসিক ৰোগৰ স্বীকাৰ হয়, অপৰাধ প্ৰৱণতা বৃদ্ধি পায়, নিদ্ৰাহীনতাত ভোগে, চকু-কাণৰ বিস্তৰ ক্ষতি সাধন হয়। বহুলোকে উৰাবাতৰি প্ৰচাৰ কৰে সামাজিক মাধ্যমৰ জৰিয়তে। ফলস্বৰূপে বহুত সংঘৰ্ষ, হত্যা আদি অপৰাধ সংঘটিত হোৱা দেখা যায়। অযথা সময় নষ্ট হয়।

যোৱা দুটা বছৰ সমগ্ৰ বিশ্ব ক’ৰণা মহামাৰীত আক্ৰান্ত হৈছিল। সেই সময়ত সকলোৰে সুবিধাৰ্থে “work from home” ব্যৱস্থাৰ জৰিয়তে কৰ্মৰাজি চলোৱা হৈছিল। ছাত্ৰ-ছাত্ৰী সকলো অনলাইন ব্যৱস্থাৰ লগত অভ্যস্ত হৈছিল। এই ব্যৱস্থাৰ সু-দিশটো বহু ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰাৰ বিপৰীতে বহুসংখ্যক কু-দিশটোৰ প্ৰতি আগ্ৰহী হৈ পৰিল। PUBGৰ দৰে মাৰাত্মক গেম, Facebook, WhatsAppৰ like, comments-ৰ মাজত বেছিভাগ সময় অতিবাহিত কৰা হ’ল। এইদৰে দেখা যায় সামাজিক মাধ্যমৰ বেয়া দিশটোৰ প্ৰতি আমাৰ সমাজ আকৃষ্ট হৈছে। বিশেষকৈ নৱপ্ৰজন্ম। সেয়ে তেওঁলোকৰ মাৰ্গ দৰ্শন কৰিব লাগিব অভিভাৱকে। অভিভাৱক বুলি কেৱল পিতৃ-মাতৃকে বুজুৱা নাই। সমাজৰ শিক্ষিত, জ্যেষ্ঠসকলৰ এইক্ষেত্ৰত দায়িত্ব আছে। ম’বাইল নৱপ্ৰজন্মৰ হাতত দিব নালাগে বুলি ক’ব বিচৰা নাই। দিব লাগিব। আধুনিক প্ৰযুক্তিৰ লগত তেওঁলোকো চিনাকি হ’ব লাগিব। কিন্তু ম’বাইলত তেওঁলোকে কি চাইছে, কিমান সময় চাইছে, আসক্ত হৈ পৰিছে নেকি— এইবোৰ দিশৰ প্ৰতি চকু দিব লাগিব। Facebook, WhatsApp আদিত বেছি ব্যস্ত থকা দেখিলে তেওঁলোকক সকীয়াই দিবলৈ সমাজৰ প্ৰত্যেকজন দায়িত্বশীল ব্যক্তি সাজু থাকিব লাগিব। প্ৰত্যেক বস্তুৰে ভাল দিশটোৱে আমাৰ উপকাৰ সাধে, বেয়া দিশটোৱে অপকাৰ কৰে এই কথাৰ সৰ্বক্ষণতে প্ৰচাৰ চলিব লাগে। সেয়ে হ’লেহে সমাজে সামাজিক মাধ্যমৰ জৰিয়তে সঁচা অৰ্থত সু-ফল লাভ কৰিব।
বৰ্তমান সময় বৰ সহজ নহয়। নিতৌ ন ন অপৰাধ সংঘটিত হ’বলৈ ধৰিছে। মানুহ যিদৰে উন্নতিৰ জখলাৰে বগাই গৈ শিখৰ পাইছেগৈ একেদৰে অপৰাধ প্ৰৱণতায়ো পশ্চাদমুখী ক্ৰিয়াৰে হেঁচা দি আছে। সেয়ে আমি সচেতন হ’বৰ হ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!