চন্দ্ৰযান - ৩

লেখক- নৱদীপ শইকীয়া

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (Indian Space Research Organisation – ISRO)-ৰ দ্বাৰা চন্দ্ৰলৈ বুলি সম্পাদিত “চন্দ্ৰযান” অভিযানৰ বিষয়ে আমি সকলোৱে জানো। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰ (SDSC SHAR)-ৰ পৰা ২০০৮ চনৰ ২২ অক্টোৱৰত “চন্দ্ৰযান – ১” উৎক্ষেপিত হৈছিল। প্ৰথমে চন্দ্ৰপৃষ্ঠৰ পৰা ১০০ কি. মি. উচ্চতাৰ কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰি ৰাসায়নিক, খনিজ আৰু আলোক-ভৌগোলিক অনুসন্ধানসমূহ শেষ কৰা পিছত ২০০৯ চনৰ মে’ মাহত ২০০ কি. মি. উচ্চতাৰ কক্ষপথত স্থাপিত কৰা হৈছিল। চন্দ্ৰক প্ৰায় ৩২০০ বাৰ প্ৰদক্ষিণ কৰাৰ পিছত চন্দ্ৰযান – ১ ৰ সৈতে ২৯ আগষ্ট, ২০০৯ তাৰিখে যোগাযোগ বিচ্ছিন্ন হয় আৰু এই অভিযানৰ পৰিসমাপ্তি ঘটে। এই অভিযানৰ উল্লেখযোগ্য ফলাফলসমূহৰ ভিতৰত চন্দ্ৰপৃষ্ঠত হাইড্ৰ’ক্সিল (–OH) আৰু পানীৰ অনুৰ উপস্থিতিৰ সম্ভেদ আছিল অন্যতম।
চন্দ্ৰযান – ২ আছিল এক জটিল অভিযান। প্ৰায় ১০ বছৰৰ পিছত ২০১৯ চনৰ ২২ জুলাই তাৰিখে সেই একে স্থানৰে দ্বিতীয়টো উৎক্ষেপন ক্ষেত্ৰ (2nd Launch Pad, SDSC SHAR)-ৰ পৰা চন্দ্ৰযান – ২ মহাকাশলৈ পঠিওৱা হয় আৰু ২০ আগষ্টত চন্দ্ৰৰ কক্ষপথত উপস্থিত হয়। চন্দ্ৰযান –২ ৰ তিনিটা মূল অংশ আছিল, সেইকেইটা হ’ল – Lunar Orbiter (চন্দ্ৰক এক নিৰ্দিষ্ট কক্ষপথত থাকি প্ৰদক্ষিণ কৰা কক্ষীয় পৰিভ্ৰামক যান), এখন Lander (Orbiter-ৰ পৰা পৃথক হৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব লগীয়া এখন অৱতৰণ যান) আৰু এখন Rover (Landerখনৰ পৰা ওলাই চন্দ্ৰপৃষ্ঠত ইফালৰ পৰা সিফাললৈ যাব পৰা এখন ৰ’ব’টিক যান )। চন্দ্ৰপৃষ্ঠৰ ওপৰত মহাকাশত Orbiter-ৰ পৰা সফল পৃথক্কৰণৰ পিছত Vikram Lander আৰু তাৰ ভিতৰত সোমাই থকা Pragyan Roverখনে ২০১৯ চনৰে ৬ ছেপ্তেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ চেষ্টা চলাওঁতে Software-ৰ বিজুতিৰ ফলত দুৰ্ঘটনাত পতিত হয় বা Hard Landing হয়, যাৰ ফলত চন্দ্ৰযান – ২ অভিযানৰ এই অংশ দুটাৰ কাম অসম্পূৰ্ণ হৈ ৰয়। সেই দুৰ্ঘটনা ভাৰতবাসীৰ বাবে হতাশাজনক আছিল। ISRO-ৰ মুখ্য বিজ্ঞানী Dr. K Sivan-ক প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে সান্ত্বনা দিবলৈ আকোঁৱালি লোৱা দৃশ্য অতি আৱেগিক আছিল। অৱশ্যে Orbiterখন আৰু ইয়াত থকা সঁজুলিসমূহে এতিয়া সুন্দৰ ভাৱেই কাম কৰি আছে।
চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰাৰ সেই আংশিক বিফলতাৰ প্ৰত্যাহ্বানক নেওচিবলৈ ISRO ই অহা ১৪ জুলাই তাৰিখে চন্দ্ৰৰ বুকুলৈ পঠিয়াবলৈ সাজু কৰিছে “চন্দ্ৰযান –৩।” যিহেতু আগৰ Orbiter খনে সুন্দৰকৈ কাম কৰিয়েই আছে, সেয়েহে এই অভিযানত পঠিওৱা হ’ব এখন Lander, এটা Propulsion Module আৰু এখন Rover। SDSC SHAR-ৰ পৰাই LVM3 (Launch Vehicle Mark – III)-ৰ দ্বাৰা চন্দ্ৰযান – ৩ উৎক্ষেপন কৰা হ’ব। ইয়াৰ Propulsion Module টোৱে Rover আৰু Landerখনক চন্দ্ৰপৃষ্ঠৰ পৰা ১০০ কি মি উচ্চতাৰ কক্ষপথলৈ লৈ যাব। Propulsion Module টোত Spectro-polarimetry of Habitable Planet Earth (SHAPE) নামৰ এটা সঁজুলি সংযোগ কৰা আছে, যি চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ Spectral আৰু Polari metric জোখমাখ বোৰ কৰিব।
Lander খনত থকা সঁজুলি (Payload)সমূহ হ’ল: –
• Chandra’s Surface Thermophysical Experiment (ChaSTE) যি চন্দ্ৰপৃষ্ঠৰ উষ্ণতা আৰু তাপ-পৰিবাহিতা সম্পৰ্কীয় জোখমাখ কৰিব
• Instrument for Lunar Seismic Activity (ILSA) যি অৱতৰণ ক্ষেত্ৰৰ চৌপাশৰ ঠাই সমূহৰ Seismicity বা ভূকম্পনৰ প্ৰভাৱ অধ্যয়ণ কৰিব
• Langmuir Probe (LP) যি প্লাজমাৰ ঘনত্ব আৰু ইয়াৰ সাল সলনিৰ পৰিমাপন কৰিব।
• NASA-ৰ এটা Passive Laser Retro reflector Array সংযোগ কৰা আছে, যি চন্দ্ৰৰ Laser Ranging অধ্যয়ণ কৰিব।
• Radio Anatomy of Moon Bound Hypersensitive ionosphere and Atmosphere (RAMBHA)
Roverখনত থকা সঁজুলি সমূহ হ’ল:
• Alpha Particle X-ray Spectrometer (APXS)
• Laser Induced Breakdown Spectroscope (LIBS)
এই দুইটা সঁজুলি অৱতৰণ ক্ষেত্ৰৰ ওচৰৰ পাজৰৰ ঠাই বোৰৰ পৰা চন্দ্ৰৰ মাটিবোৰ সংগ্ৰহ কৰিব আৰু সেইবোৰ মৌলিক সংযুতি বা তাৰ মৌলিক উপাদান বোৰৰ বিশ্লেষণ কৰিব।
এই অভিযানৰ দ্বাৰা মূলত আন্তঃগ্ৰহীয় অভিযানবোৰৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তিৰ উদ্ভাৱনৰ আৰু পৰীক্ষণৰ চেষ্টা চলোৱা হ’ব। GSLV – Mk3 যান খনেৰে অভিযানটোৰ তিনিওটা মূল সঁজুলিক এটা উপবৃত্তাকাৰ কক্ষপথ (EPO বা Elliptic Parking Orbit)-ত স্থাপন কৰা হ’ব। তাৰ পিছতেই Propulsion Module টোৱে Lander আৰু Rover খনক চন্দ্ৰৰ ১০০ কি. মি. ওচৰৰ কক্ষপথলৈ লৈ যাব। অভিযানটোৰ মূল লক্ষ্য তিনিটা হ’ল:
• চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ
• Rover খনৰ দ্বাৰা চন্দ্ৰপৃষ্ঠত চলাচল
• Rover আৰু Lander-ত সংযোগ কৰা বৈজ্ঞানিক সঁজুলিসমূহৰ দ্বাৰা বিভিন্ন পৰীক্ষা-নিৰিক্ষাৰ সমাপন
কেইবা লানি পৰীক্ষাৰ মাজেৰে এইবাৰৰ অৱতৰণ সফল কৰাৰ চেষ্টা চলোৱা হৈছে। যিহেতু চন্দ্ৰত এদিন মানে পৃথিৱীৰ একেৰাহে ১৪ দিন আৰু চন্দ্ৰত ৰাতিৰ তাপমাত্ৰা – ১৩০° ছেলছিয়াছ পৰ্যন্ত হয়, সেয়েহে সঁজুলিসমূহ কাৰ্যক্ষম হৈ থকা সময় হ’ব মাত্ৰ এটা চান্দ্ৰদিন বা পৃথিৱীৰ একেৰাহে ১৪ দিন। সেয়েহে অহা ১৪ জুলাইৰ দিনৰ ২ বাজি ৩৫ মিনিটত উৎক্ষেপনৰ পৰিকল্পনা কৰা হৈছে আৰু আনুমানিক ৪৫-৪৮ দিনৰ যাত্ৰাৰ অন্তত আগষ্ট মাহৰ ২৩ বা ২৪ তাৰিখে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। আগষ্টৰ ২৩ বা ২৪ তাৰিখে পৃথিৱীৰ পৰা অৰ্ধচন্দ্ৰ দেখা যাব, অৰ্থাৎ মেৰু অঞ্চল সূৰ্যৰ পোহৰেৰে আলোকিত হৈ থাকিব বা দক্ষিণ মেৰুত ৰাতি পুৱাব। লাহে লাহে জোনটো বাঢ়ি গৈ ৩০-৩১ আগষ্টত পূৰ্ণিমা হ’ব বা চন্দ্ৰপৃষ্ঠত ভৰ দূপৰীয়া হ’ব। এইবাৰ জোনটো কমি আহিব আৰু ছেপ্তেম্বৰ ৬-৭ তাৰিখে আকৌ অৰ্ধচন্দ্ৰ হ’ব বা দক্ষিণ মেৰুত সন্ধিয়া নামিব। লগে লগে চন্দ্ৰযান –৩-ৰ সঁজুলিসমূহৰো জীৱনকাল সমাপ্ত হ’ব। ২৬ কে জি ভৰৰ Rover খনৰ সৈতে গোটেই সঁজুলিখিনিৰ মুঠ ভৰ ৩৯০০ কে জি আৰু এইখিনিকে পৃথিৱীৰ পৰা GSLV – Mk3 য়ে কঢ়িয়াই নিব ।
ISRO-ৰ Youtube চেনেল, দূৰদৰ্শন আদিৰ দ্বাৰা উৎক্ষেপনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। তাৰ পিছত যথা সময়ত চন্দ্ৰত অৱতৰণৰো সম্প্ৰচাৰ কৰিব। দেশবাসীয়ে এই ঐতিহাসিক মুহূৰ্তসমূহ চোৱা উচিত আৰু শিশুসকলক দেখুওৱা উচিত। বিভিন্ন শৈক্ষিক অনুষ্ঠানসমূহে এই অনুষ্ঠান শিক্ষাৰ্থীসকলক বিদ্যালয় চৌহদত দেখুওৱাৰ পদক্ষেপ ল’ব পাৰে। গণিত-বিজ্ঞানৰ শিক্ষকসকলে এই ক্ষেত্ৰত আগ-ভাগ লৈ শিক্ষাৰ্থীক আগ্ৰহী কৰি তুলিব পাৰে। আমি মনে প্ৰাণে আশা কৰিব পাৰোঁ যে, এইবাৰ চন্দ্ৰত অৱতৰণ কৰাৰ এই অভিযান সফল হ’ব, ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়গান সমগ্ৰ বিশ্ব আৰু চন্দ্ৰপৃষ্ঠত প্ৰতিফলিত হ’ব।

তথ্য আৰু চিত্ৰ উৎস: ISRO ৰ Website

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!