The Alchemist, এখন প্ৰভাৱশালী কিতাপ

লেখক- ভক্তি দেবী চহৰীয়া

 ল’ৰাটোৰ নাম আছিল চেণ্টিয়াগ’( Santiago)। তাৰ সপোন আছিল নিত্য নতুন ঠাইলৈ গৈ নতুন বস্তু চোৱা আৰু নতুন নতুন অভিজ্ঞতা গোটোৱা, পৃথিবীখন চোৱা। সেইবাবে অভিভাৱকে বিচৰাৰ দৰে তাৰ ধৰ্মযাজক হবলৈ মন নগ’ল, সি ভেড়াপালক হ’ল। ভেড়াৰ পালটোৰ বাবে খাদ্য আৰু পানীৰ সন্ধানত সি এন্দালুছিয়া (Andalusia) ৰ পথাৰ বিলাকত ঘূৰি ফুৰে। এইবাৰ সি গৈ আছিল এখন গাঁৱলৈ য’ত এজন ঊলৰ বেপাৰীক সি ঊল বেচিব খুজিছিল। কিন্তু ঊল বেচাতকৈ তাৰ মনত ৰাগী লাগি আছিল বেপাৰীৰ জীয়েকক লগ পোৱাৰ নিচাটোৰহে। তাইক সি আগৰ বছৰ লগ পাইছিল আৰু তাইৰ লগত কেবাঘণ্টাও কথা পাতিছিল। পিছে এটা কথাই তাৰ পৰিকল্পনা সলাই দিলে; ভেড়াৰ পালটোৰ লগত পৰিত্যক্ত, ভগা- ছিগা গীৰ্জা এটাত এজোপা আঁহতৰ (sycamore) তলত ৰাতি কটাওতে সি এটা সপোন দেখিলে আৰু একেটা সপোনকে সি একেৰাহে দুদিন দেখা পালে।
ঊল বেপাৰীৰ জীয়েকক লগ পোৱাৰ আগতে টেৰিফা(Tarifa)ত থকা সপোন ব্যাখ্যা কৰা তিৰোতাজনীৰ ওচৰলৈ গৈ তাৰ সপোনটোৰ কথা পাতিবলৈ সি মন কৰিলে। তিৰোতাজনীয়ে ল’ৰাটো দেখি অভিভূত হ’ল। ল’ৰাটোৱে ক’লে, এটা শিশুয়ে হাতত ধৰি তাক ইজিপ্তৰ পিৰামিদৰ কাষলৈ লৈ যায় আৰু কয় যে তাত তাৰ বাবে প্ৰচুৰ সম্পদ আছে। কিন্তু সঠিক ঠাইখিনি দেখুৱাই দিয়াৰ আগতে সি সাৰ পাই যায়।
মানুহজনীয়ে ক’লে যে সপোন ভগৱানৰ নিৰ্দেশ, সেই নিৰ্দেশ মানি সি ইজিপ্তলৈ যোৱা উচিত। অৱশ্যে সি লাভ কৰা সম্পদৰ দহ ভাগৰ এভাগ মানুহজনীক দিব লাগিব। সেইদিনাই বজাৰত ল’ৰাটোৱে এজন অদ্ভুত বৃদ্ধক লগ পালে। বৃদ্ধই ক’লে, “মই চালেমৰ ৰজা’’( I am the king of Salem)। লগতে জনালে যে তেওঁৰ নাম মেলচিজেদেক ( Melchizedek)। এই বৃদ্ধই বহুতো কথাৰে ল’ৰাটোক তাৰ সপোনটো সাৰ্থক কৰিবৰ বাবে সম্পদ বিচাৰি পিৰামিদৰ ওচৰলৈ যাবলৈ মান্তি কৰালে। বৃদ্ধৰ কথামতে নিজৰ ভেড়াবিলাকৰ দহ ভাগৰ এভাগ ভেড়া বৃদ্ধক দি আৰু বাকী ভেড়াবোৰ বিক্ৰী কৰি ল’ৰাটো আফ্ৰিকা মহাদেশৰ ইজিপ্তত থকা পিৰামিদৰ ওচৰলৈ যাবলৈ সাজু হ’ল। বৃদ্ধ ৰজাই তাক এটা ক’লা আৰু এটা বগা পাথৰ দিলে (Urim আৰু Thummin)। হাতত পৰ্যাপ্ত ধন আৰু পাথৰ দুটা লৈ ল’ৰাটো দুঘণ্টাৰ সাগৰ যাত্ৰা কৰি সম্পূৰ্ণ পৃথক ভাষা, ধৰ্ম, সংস্কৃতিৰ এখন বেলেগ মহাদেশ – আফ্ৰিকাৰ টেনজিয়াৰত ভৰি থ’লেগৈ, ইজিপ্তৰ পিৰামিদৰ কাষত থকা সপোনৰ সম্পদ বিচাৰিবলৈ।
আফ্ৰিকাত ভৰি থৈয়ে ল’ৰাটোৱে এটা ঠগৰ প্ৰৰোচনাত পৰি সৰ্বস্ব হেৰুৱালে। বিশাল চাহাৰা মৰুভূমি অতিক্ৰম কৰি পিৰামিদ পোৱা দূৰৰ কথা, তাৰ হাতত ফুটা কড়ি এটাও নৰ’ল। নিজৰ ঘৰলৈ উভতি যাবলৈও তাৰ কেৱল বৃদ্ধই দিয়া ক’লা আৰু বগা পাথৰ দুটাৰ বাহিৰে হাতত একো নাথাকিল।
ল’ৰাটোৱে এখন স্ফটিকৰ গিলাচৰ দোকানত কাম কৰিবলৈ ধৰিলে। তাৰ উদ্দেশ্য হ’ল কাম কৰা আৰু গোটখোৱা পইচাৰে নিজৰ দেশলৈ উভতি গৈ আকৌ ভেড়াপালক হোৱা। দোকানীজনে ল’ৰাটো ভাল পালে। ডাঙৰ কথাটো হ’ল, ল’ৰাটোৱে কাম কৰাৰপৰা মন্দা অৱস্থাত থকা স্ফটিকৰ গিলাচৰ ব্যৱসায় ভালৰ ফালে আহিল। দোকানীজনে তাক দোকানখনৰ বাবে মঙ্গলৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিলে। তেওঁ ল’ৰাটোৰ পিৰামিদৰ সপোনটোৰ কথা শুনিলে আৰু জনালে যে তাৰ সপোনটো সফল কৰিবলৈ বহুত অৰ্থৰ প্ৰয়োজন হ’ব। ল’ৰাটো দোকানখনতে থাকিল, সেই ঠাইৰ ভাষা- সংস্কৃতি শিকিলে, লগতে ব্যৱসায় বুদ্ধিও আয়ত্ব কৰিলে। তাৰ কথামতে দোকানীজনে গিলাচৰ লগতে চাহৰো ব্যৱসায় আৰম্ভ কৰিলে। ব্যৱসায়ত প্ৰচুৰ লাভ হ’ল। এঘাৰ মাহৰ মূৰত নিজৰ ভাগৰ পইচাখিনি লৈ সি ভেড়াপালক হ’বলৈ ঘূৰি যাবলৈ ওলাল। কিন্তু শেষ মূহূৰ্তত সি মন সলনি কৰিলে। আল ফেয়ুম ( Al-Fayoum) লৈ যাবলৈ ওলোৱা দল এটাৰ লগত ইজিপ্তৰ পিৰামিদৰ কাষত থকা সম্পদৰ সন্ধানত চাহাৰাৰ বুকুত যাত্ৰা আৰম্ভ কৰিলে। এই যাত্ৰাত ল’ৰাটো এজন ইংৰাজ ৰসায়নবিদ (Alchemist) ৰ সংগী হ’ল। ইংৰাজজন আহিছিল এনে এজন ৰসায়নবিদৰ সন্ধানত যি পৰশ পাথৰ (The philosopher’s stone) আৰু জীৱন সঞ্জীৱনী(The Elixir of Life) আবিষ্কাৰ কৰিছিল। মৰুভূমিৰ মাজেৰে তেওঁলোকৰ দীঘল যাত্ৰা আৰম্ভ হ’ল। ইতিমধ্যে খবৰ পোৱা গ’ল যে মৰুভূমিৰ জনগোষ্ঠীৰ মাজত যুদ্ধ আৰম্ভ হৈছে। সকলোৱে সাৱধানেৰে, দুশ্চিন্তাৰ মাজেৰে খৰখেদাকৈ আগুৱাবলৈ ধৰিলে। গৈ গৈ যাত্ৰীৰ দলটো এখন বিশাল মৰূদ্যানত ৰ’লগৈ। মৰুভূমিৰ নিয়মমতে মৰূদ্যান এক নিৰপেক্ষ স্থান, মৰূদ্যানে ভ্ৰমণকাৰীক আশ্ৰয় দিয়ে। গতিকে সেই ঠাইত যুদ্ধ হোৱাৰ সম্ভাৱনা নাই।
এতিয়া ইংৰাজজনৰ প্ৰথম কাম আছিল সেই মৰূদ্যানত বাস কৰা বুলি বিশ্বাস কৰা ৰসায়নবিদজনক বিচাৰি উলিয়াই তেওঁৰ আধৰুৱা জ্ঞান পূৰ্ণ কৰা। ল’ৰাটোৱে আৰৱী ভাষা ভালকৈ জনা বাবে ইংৰাজজনে তাকে মৰূদ্যানৰ খাদৰ পৰা পানী নিবলৈ অহা ছোৱালী এজনীক ৰসায়নবিদ জনৰ ঠিকনা সুধিবলৈ ক’লে। কিন্তু ল’ৰাটোৱে সপোনতো ভবা নাছিল যে মৰূদ্যানৰ বুকুৰ সেই খাদটোৰ পাৰতে তাৰ হৃদয় স্তব্ধ হৈ ৰ’ব। ফাতিমাৰ গভীৰ চকুত চকু থৈ সি প্ৰথম সেই ভাষা শুনিলে যি ভাষা ব্ৰহ্মাণ্ডৰ সকলো লোকে প্ৰেমৰ পৰশ পোৱা হৃদয়ত শুনা পায়, যি ভাষা মানুহৰ ইতিহাসতকৈও আদিম, সেই বিশাল মৰূভূমিতকৈও প্ৰাচীন। ফাতিমাৰ লগত তাৰ হৃদয়ৰ সম্পৰ্ক স্থাপিত হ’ল।
প্ৰকৃতিৰ লগত একাত্মবোধ, গভীৰ অন্তৰ্দৃষ্টি আৰু পৰ্যবেক্ষণ শক্তিৰ বাবে ল’ৰাটোৱে অলৌকিক কাৰ্য কৰিব পৰা হ’ল। ফলত মৰূদ্যানৰ এটা গোটৰ দলপতিৰ পৰা সি বহুতো সোণ লাভ কৰিলে। ইতিমধ্যে এজন প্ৰকৃত ৰসায়নবিদ ল’ৰাটোৰ বন্ধু হৈ পৰিল। তেওঁ ল’ৰাটোক যুদ্ধৰ মাজতো পিৰামিদৰ কাষলৈ লৈ যাবলৈ মান্তি হ’ল। বহু বিপদ নেওচি, মৃত্যুৰ দুৱাৰদলিৰ পৰা কোনোমতে উভতি আহি, হাতৰ সকলো ধন হেৰুৱাই ল’ৰাটো আৰু ৰসায়নবিদজন পিৰামিদৰ ওচৰ পালেগৈ। তাৰপৰা ৰসায়নবিদজনে বিদায় ল’লে। ৰসায়নবিদজন যোৱাৰ আগতে ল’ৰাটোক পৰশ পাথৰ আৰু সঞ্জীৱনী ৰসৰ সহায়ত প্ৰস্তুত কৰা সোণৰ বৃহৎ লডা এটা দি থৈ গ’ল। পিৰামিদ তেতিয়া ঢুকি পোৱা দূৰত্বত; কিন্তু সেই ৰাতিয়েই ল’ৰাটো আকৌ ডকাইতৰ হাতত পৰিল। ডকাইতে মাৰি-কিলাই তাৰ হাতৰ সকলো ধন-সোণ কাঢ়ি নিলে। সি জনালে যে সি পিৰামিদৰ কাষলৈ সম্পদ বিচাৰি আহিছে। তাৰ কথাত ডকাইতৰ মুৰব্বীজনে হাঁহিলে। মুৰব্বীজনে ক’লে, “ইমান মুৰ্খ মানুহ মই দেখা নাই যি সপোনত দেখা ধনৰ সন্ধানত ইমান দূৰ আহে। এইঠাইতে, ঠিক এই ঠাইতে ময়ো দুবছৰৰ আগতে এনে এটা সপোনেই বাৰে বাৰে দেখিছিলোঁ। মই সপোনত দেখিছিলোঁ স্পেইনৰ পথাৰৰ মাজৰ এটা ধ্বংসপ্ৰাপ্ত গীৰ্জাঘৰলৈ যাব লাগে য’ত ভেড়াৰখীয়া বিলাকে ভেড়াৰ পালৰে সৈতে ৰাতি আশ্ৰয় লয়। সপোনত মই দেখিছিলোঁ – গীৰ্জাৰ পূজাৰ সামগ্ৰী থোৱা কোঠাটোত (sacristy) এজোপা আঁহত (sycamore)গছ গজি উঠিছে। মোক কোৱা হৈছিল মই যদি গছডালৰ গুৰিটোত খান্দো তাত লুকাই থকা ঐশ্বৰ্য লাভ কৰিব পাৰিম। কিন্তু মই ইমান মুৰ্খ নহয় যে বাৰেপতি দেখা এটা সপোনৰ পম খেদি মই এই বিশাল মৰুভূমি পাৰ হৈ যাম৷
মুমূৰ্ষ অবস্থাত থকা ল’ৰাটো থিয় হ’ল। সি গম পালে সি বিচাৰি অহা ঐশ্বৰ্য আচলতে ক’ত লুকাই আছে। তাৰ পিছৰ কাহিনীয়ে স্বাভাৱিক গতি গ্ৰহণ কৰিলে।
The Alchemist উপন্যাসখনৰ মূল কাহিনীটো এয়াই। এই উপন্যাসখন লিখিছে বিশ্ব বিখ্যাত উপন্যাসিক পাওল’ কোৱেলহ’ (Paulo Coelho)ৱে। এক বৰ্ণিল জীৱন অভিজ্ঞতাৰে পুষ্ট কোৱেলহ’ৰ জন্ম হৈছিল ৰিয়’ত ১৯৪৭ চনত। তেওঁৰ বহুপঠিত অন্যান্য উপন্যাস হ’ল-The Pilgrimage, Brida, By the river Piedra I sat down and wept, Eleven Minutes, The Zahir আৰু অন্যান্য। এই উপন্যাসখন পৰ্তুগীজ ভাষাত লিখা হৈছিল আৰু ১৯৮৮ চনত প্ৰথম প্ৰকাশ হৈছিল। পৰ্তুগীজ ভাষাৰ পৰা গ্ৰন্থখন বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। কোৱেলহোৰ লিখনি মানেই যেন এক প্ৰকাৰ বৈপ্লৱিক বিচিত্ৰতা। The Alchemist ও এনে এখন কিতাপ যিখন পঢ়িলে এক মানসিকভাৱে উদ্বেলিত হয়৷ চেণ্টিয়েগ’ নামৰ ল’ৰাটোৱে সপোনত দেখা সম্পদৰ পিছে পিছে যাওতে যিখিনি অভিজ্ঞতা লাভ কৰিলে সেয়া অতিশয় উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ। এটা অতি সাধাৰণ ল’ৰা চেণ্টিয়াগ’, কিন্তু সি যেন সদায় অসাধাৰণ। সি বাপেকে বাচি দিয়া সুস্থিৰ জীৱন পথ এৰি হ’ব খুজিছে ভেড়াপালক, যাতে বিভিন্ন ঠাই ঘূৰি-পকি ফুৰিব পাৰে, নতুন ঠাইৰ নতুন মানুহ লগ পাব পাৰে। সঁচাকৈ ল’ৰাটোৱে ভেড়াৰ পালটোৰ পৰা, মুকলি পথাৰ, জোন-বেলি-মানুহ-চৰাই, সকলোৰে পৰা অন্তহীন জ্ঞান লাভ কৰিছে। সি বাৰে বাৰে উজুটি খাইছে, চোৰ-ডকাইতৰ হাতত বাৰে বাৰে পোৱা টকা-পইচা হেৰুৱাইছে, জীৱন হেৰুওৱাৰো উপক্ৰম হৈছে; তথাপি সি নিজৰ লক্ষ্য ত্যাগ কৰা নাই। পাৰিপাৰ্শ্বিকতাৰ পৰা যিখিনি পাইছে সেই সকলোখিনি একোটা শুভ লক্ষণ (omen) হিচাপে গ্ৰহণ কৰি সি আগুৱাই গৈ আছে। সঁচাকৈয়ে তাক সহায় কৰিবলৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডই যেন চক্ৰান্ত কৰিছে (When you want something, all the univrse conspires in helping you to achieve it)। কাৰণ লৰাটোৱে তাৰ সপোনটো বিশ্বাস কৰিছে। The Alchemist ৰ কাহিনীটোৰ বৈশিষ্ট্য এইটোৱেই যে যদি কোনোবাই নিজৰ উদ্দেশ্য আৰু লক্ষ্য সুনিৰ্দিষ্ট কৰি লয় তেওঁ সফল হোৱাটো নিশ্চিত। এই বিশ্বৰ প্ৰতিটো সত্তাতে এক মহান সত্য আৰু শক্তি নিহিত হৈ আছে। এটা শামুকৰ খোলাত এখন সাগৰৰ অস্তিত্ব লুকাই থাকে। তেনেকৈ প্ৰতিটো বালিৰ কণা সৃষ্টিৰ মাজতো ঈশ্বৰৰ কৰ্ম জড়িত হৈ থাকে। চৌদিশৰ প্ৰাণীবিলাকৰ আচৰণৰ প্ৰতি সূক্ষ্ম দৃষ্টি ৰাখিব পাৰিলেও মহাবিশ্বৰ পৰিবৰ্তনবিলাক সহজেই বোধগম্য হয় আৰু তেতিয়াই লোকচক্ষুত অলৌকিক শক্তিৰ অধিকাৰী হব পাৰি। The Alchemist ত এই কথাটো অতি সুন্দৰকৈ প্ৰতিষ্ঠা কৰিবলৈ লেখকে চেষ্টা কৰিছে। চেণ্টয়েগ’ই তাৰ ভেড়াৰ জাকটো, উটবিলাক আৰু প্ৰকৃতিৰপৰা, লগতে সি মুখামুখি হোৱা প্ৰতিটো ঘটনাৰ অধ্যয়নৰ পৰা গভীৰ অন্তৰ্দৃষ্টি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলতে ভবিষ্যতৰ ঘটনাবিলাকৰ ইঙ্গিত আগতীয়াকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। শুনিব জানিলে প্ৰকৃতিৰ সত্তাই মানুহৰ লগত কথা পাতে আৰু মানুহক শিকনি দিয়ে। বিশ্ব প্ৰকৃতিৰ এটা ভাষা আছে, এই ভাষা হৃদয়ঙ্গম কৰিব পাৰিলে মানুহেই নহয়, সকলো জীৱৰ লগত, আনকি জড় পদাৰ্থৰ লগতো সম্পৰ্ক স্থাপন কৰিব পাৰি। তদুপৰি এই বিশ্বৰ নিজৰ আত্মা আছে; প্ৰতিটো পাৰ্থিৱ বস্তুৰ মাজেৰে সেই আত্মাক উপলব্ধি কৰিব পাৰি। ইয়াৰ বাবে লাগে গভীৰ অনুভৱ শক্তি মাথোন।

কিতাপখনে প্ৰেম সম্পৰ্কেও অতি সুন্দৰ অনুভব এটা দিয়ে। পিৰামিদৰ সপোনটোত গুৰুত্ব দিয়াৰ লগে লগে ঊলৰ বেপাৰীৰ ছোৱালীজনীৰ চিন্তাটো চেণ্টিয়াগ’ৰ মনত ম্লান হবলৈ ধৰিলে। সি ভাবিলে, তাই হয়তো ইতিমধ্যে অন্য ভেড়াপালকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। কিন্তু মৰূদ্যানৰ মাজত পানী নিবলৈ অহা ফাতিমাক দেখাৰ লগে লগে সকলো যেন সলনি হৈ গ’ল। ….it seemed to him that time stood still, and the Soul of the World surged within him. When he looked into her eyes……he learned the most important part of the language that the world spoke- the language that everyone on earth was capable of understanding in their heart. It was love. ফাতিমা চিৰদিনৰ বাবে চেণ্টিয়াগ’ৰ সপোনৰ অংশ হৈ পৰিল। এই প্ৰেমে তাক পিৰামিদৰ ওচৰলৈ যোৱা বাসনাটোও শেষ কৰিব খুজিছিল। কিন্তু সি জ্ঞান লাভ কৰিলে যে মানুহে যদি স্বপ্ন আধৰুৱা কৰি প্ৰেমত আবদ্ধ হৈ পৰে সেই প্ৰেমো সোনকালে মৰহি যাব পাৰে। কাৰণ প্ৰেমৰ নিচাৰ মাজতো সপোনটোৱে মানুহজনক খেদি থাকিব আৰু তেতিয়া হয়তো প্ৰেমলৈ অৱসাদ আহি পৰিব।
চেণ্টিয়াগ’ই ঐশ্বৰ্যৰ সন্ধানত অপৰিসীম কষ্ট সহি, আসন্ন মৃত্যুৰ মুখৰ পৰা বাচি পিৰামিদৰ সমীপত উপনীত হ’লগৈ। তেতিয়াহে সি গম পালে যে সি বিচাৰি থকা সম্পদৰ কাষৰ পৰাই সি ইমান দূৰ গ’লগৈ। কোনো মানুহৰ বাবেই সপোন সাৰ্থক কৰা সহজ কথা নহয়; অসীম মনোবল লৈ অনেক কষ্ট স্বীকাৰ কৰি হতাশ নোহোৱাকৈ লাগি থাকিব পাৰিলেহে মানুহে ভাগ্যক হাতৰ মুঠিত ল’ব পাৰে- এই কিতাপখনৰ কাহিনীয়ে তাকে বুজায়।
The Alchemist এনে এখন কিতাপ যাৰ প্ৰতিটো পৃষ্ঠাত আছে মানুহক উৎসাহ দিব পৰা বাৰ্তা, জগতক বুজি পোৱাৰ এক দাৰ্শনিক ব্যাখ্যা। এইখন সমগ্ৰ বিশ্বতে পঠিত এখন সঁচাকৈ সুখপাঠ্য কিতাপ।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 months ago

বৰ ভাল লাগিল কিতাপ খনৰ বিষয়ে জানিব পাৰি।

Don`t copy text!